ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ১৮
  • যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • কিছুমান ভুল ধাৰণা
  • যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?
  • বৰদিন পালন কৰাৰ বিষয়ে ইমান চিন্তা কৰাৰ কিয় প্ৰয়োজন?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ১৮
এজন লʼৰাই এটা উপহাৰ খোলাৰ সময়ত, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ লগত কথা পাতিছে

যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?

কিছুমান ভুল ধাৰণা

ভুল ধাৰণা: যিহোৱাৰ সাক্ষীসকলে যীচুক বিশ্বাস নকৰাৰ বাবে তেওঁলোকে বৰদিন পালন নকৰে।

সত্যতা: আমি খ্ৰীষ্টান হিচাপে পৰিচিত। যীচু খ্ৰীষ্টৰ যোগেদি কেৱল পৰিত্ৰাণ পোৱা সম্ভৱ বুলি আমি বিশ্বাস কৰোঁ।​—পাঁচনিৰ কৰ্ম্ম ৪:১২.

ভুল ধাৰণা: আপোনালোকে বৰদিন পালন নকৰিবলৈ শিক্ষা দিয়াৰ বাবে পৰিয়ালৰ মাজত বিভেদৰ সৃষ্টি হয়।

সত্যতা: আমি পৰিয়ালৰ সদস্যসকলৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ আৰু পৰিয়ালৰ সম্বন্ধ দৃঢ় কৰিবলৈ আমি বাইবেলৰ সহায় লওঁ।

ভুল ধাৰণা: আপুনিটো বৰদিন পালন নকৰে, তেনেহʼলে বৰদিনত উপভোগ কৰা আনন্দৰ বিষয়ে আপুনি কি জানিব?

সত্যতা: আমি প্ৰতিদিনে উদাৰ মনৰ হʼবলৈ আৰু সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। (হিতোপদেশ ১১:২৫; ৰোমীয়া ১২:১৮) উদাহৰণস্বৰূপে, যীচুৱে আমাক এইদৰে আজ্ঞা দিছে: “বিনামূল্যে তোমালোকে পালা, বিনামূল্যেই দান কৰিবা।” (মথি ১০:৮) সেইবাবে, আমাৰ সভাবোৰত উপস্থিত হʼবলৈ কোনোধৰণৰ টকা-পইচা লোৱা নহয় আৰু আমাৰ ঘোষণা কৰা কাৰ্য্যও বিনামূলীয়া হয়। কেৱল ঈশ্বৰৰ ৰাজ্যই যে এই পৃথিৱীত প্ৰকৃত শান্তি কঢ়িয়াই আনিব, তাৰ বিষয়েও আমি লোকসকলক জনাওঁ।​—মথি ১০:৭.

যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?

  • যীচুৱে তেওঁৰ মৃত্যুৰ দিনটো পালন কৰিবলৈ আজ্ঞা দিছিল, জন্ম দিনটো নহয়।​—লূক ২২:​১৯, ২০.

  • যীচুৰ পাঁচনিসকল আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে বৰদিন পালন কৰা নাছিল। নিউ কেথʼলিক এনচাইক্লোপিডিয়াৰ অনুসৰি: “২৪৩ খ্ৰীষ্টাব্দৰ পাছতহে যীচু খ্ৰীষ্টৰ জন্মৰ দিন পালন কৰিবলৈ আৰম্ভ কৰা হয়।” এই সময়লৈকে যীচুৰ অন্তিম পাঁচনিৰ মৃত্যু হোৱা প্ৰায় এশ বছৰ হৈছিল।

  • যীচু খ্ৰীষ্টৰ জন্ম ২৫ ডিচেম্বৰত হৈছিল বুলি কোনো প্ৰমাণ নাই। তেওঁ কোন তাৰিখত জন্ম হৈছিল, তাৰ বিষয়ে বাইবেলত উল্লেখ নাই।

  • আমি বিশ্বাস কৰোঁ যে বৰদিন পালন কৰাটো ঈশ্বৰৰ অনুমোদন নাই। কিয়নো বৰদিনৰ আৰম্ভণি মিছা ধৰ্ম্ম আৰু প্ৰথাৰপৰা হৈছে।​—২ কৰিন্থীয়া ৬:১৭.

বৰদিন পালন কৰাৰ বিষয়ে ইমান চিন্তা কৰাৰ কিয় প্ৰয়োজন?

বহুতোলোকে জানে যে বৰদিন মিছা ধৰ্ম্মৰপৰা আহিছে আৰু ইয়াক পালন কৰিবলৈ বাইবেলেও সমৰ্থন নকৰে, কিন্তু তেতিয়াও লোকসকলে বৰদিন পালন কৰে। তেনে লোকসকলে হয়তো এইদৰে কʼব: যদি গোটেই জগতে বৰদিন পালন কৰে, তেনেহʼলে আমি তেওঁলোকৰপৰা পৃথকে থকাৰ কিয় প্ৰয়োজন?

আমাৰ ‘যুক্তি’ কৰিব পৰা ক্ষমতা ব্যৱহাৰ কৰিবলৈ, পবিত্ৰ শাস্ত্ৰ বাইবেলে আমাক উৎসাহিত কৰে। (ৰোমীয়া ১২:​১, ২) ইয়ে আমাক সত্যক গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ শিক্ষা দিয়ে। (যোহন ৪:​২৩, ২৪) লোকসকলে আমাৰ বিষয়ে কি ভাৱিছে, তাৰ প্ৰতি আমি গুৰুত্ব দিওঁ। কিন্তু আনে আমাক বেলেগ বুলি গণ্য কৰিলেও, আমি বাইবেলৰ সিদ্ধান্ত পালন কৰা উচিত।

এইটো সঁচা যে আমি বৰদিন পালন নকৰোঁ। কিন্তু প্ৰতিজন ব্যক্তিৰ এই বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ আছে আৰু আমি তেওঁলোকৰ নিৰ্ণয়ক সন্মান কৰা উচিত। আনে বৰদিন পালন কৰাৰ বাবে আমি কোনোধৰণৰ হস্তক্ষেপ নকৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক