আমি প্ৰতিমা উপাসনা কৰা উচিতনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
আমি প্ৰতিমা উপাসনা কৰা উচিত নহয়। ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া আজ্ঞাৰ বিষয়ে দ্য নিউ কেথʼলিক এনচাইক্লোপিডিয়াই এইদৰে উল্লেখ কৰিছে: “বাইবেলৰ বিভিন্ন বিৱৰণে প্ৰমাণ কৰে যে সত্য খ্ৰীষ্টানসকলে ঈশ্বৰক উপাসনা কৰিবলৈ প্ৰতিমা ব্যৱহাৰ কৰা নাছিল।” নিম্নলিখিত বাইবেলৰ পদবোৰ বিবেচনা কৰক:
“তুমি নিজলৈ কোনো কটা-প্ৰতিমা, বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মূৰ্ত্তি নেসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা মই মোৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।” (যাত্ৰাপুস্তক ২০:৪, ৫) ঈশ্বৰে আমাৰপৰা “মৰ্য্যদা” অৰ্থাৎ একান্ত আৰাধনা বিচাৰে। সেইবাবে আমি কোনো প্ৰতিমা, ছবি, প্ৰতীক, কোনো মানুহ বা জীৱ-জন্তুৰ প্ৰতিমূৰ্ত্তি আৰু চিহ্নক স্তুতি বা উপাসনা কৰিলে ঈশ্বৰে আনন্দিত নহʼব।
“মই যিহোৱা, এয়েই মোৰ নাম; মই মোৰ গৌৰৱ অন্যক, বা মোৰ প্ৰশংসা কটা-মূৰ্ত্তিবোৰক নিদিওঁ।” (যিচয়া ৪২:৮) কোনো প্ৰতিমাৰ যোগেদি ঈশ্বৰক উপাসনা কৰিলে, সেই উপাসনা ঈশ্বৰে গ্ৰহণ নকৰে। যেতিয়া কিছুমান ইস্ৰায়েলীয়ে দামুৰিৰ মূৰ্ত্তি ব্যৱহাৰ কৰি ঈশ্বৰক উপাসনা কৰিব বিচাৰিছিল, তেতিয়া ঈশ্বৰে কৈছিল যে তেওঁলোকে গভীৰ পাপ কৰি “ভ্ৰষ্ট হʼল।”—যাত্ৰাপুস্তক ৩২:৭-৯.
“ঈশ্বৰত্বক মানুহৰ কল্পনা আৰু বুদ্ধিৰে কটা সোণ, ৰূপ, আৰু শিলৰ মূৰ্ত্তিৰ নিচিনা বুলি আমি ভবা উচিত নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৯) জগতৰ লোকসকলে প্ৰায়ে “মানুহৰ কল্পনা আৰু বুদ্ধিৰে কটা” প্ৰতিমাবিলাকক উপাসনা কৰে। কিন্তু সত্য খ্ৰীষ্টানসকলে বাইবেলে বৰ্ণনা কৰা অনুসৰি “দেখাৰ দ্বাৰাই নচলি, বিশ্বাসৰ দ্বাৰাই” চলে।—২ কৰিন্থীয়া ৫:৭.
“দেৱমূৰ্ত্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।” (১ যোহন ৫:২১) বহুতোলোকে বিশ্বাস কৰে যে উপাসনাত মূৰ্ত্তি ব্যৱহাৰ কৰাটো ঈশ্বৰে গ্ৰহণ কৰে। কিন্তু ইস্ৰায়েলী আৰু সত্য খ্ৰীষ্টানসকলক দিয়া আজ্ঞাই স্পষ্ট কৰিছে যে উপাসনাত মূৰ্ত্তি ব্যৱহাৰ কৰাটো ঈশ্বৰে কেতিয়াও গ্ৰহণ নকৰে।