ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৬২
  • যৌন উৎপীড়নৰপৰা মই নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যৌন উৎপীড়নৰপৰা মই নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • সতীত্ব নষ্ট হোৱাৰ বিষয়ে মই কি জানোঁ?
    কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৬২

যৌন উৎপীড়নৰপৰা মই নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলৰ প্ৰজ্ঞাৰ ওপৰত আধাৰিত কিছুমান ব্যৱহাৰিক পৰামৰ্শলৈ ধ্যান দিয়ক:

  1. ১. নিজৰ কাম ভালকৈ কৰক। সন্মানসহকাৰে আপোনাৰ সহকৰ্মীৰ লগত ভাল ব্যৱহাৰ কৰক। কিন্তু ইমানেই ঘনিষ্ঠ সম্বন্ধ গঢ়ি নুতুলিব যে তেওঁলোকে যৌন কাৰ্য্যৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক আপুনি গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি বুজাব পাৰে।​—মথি ১০:১৬; কলচীয়া ৪:৬.

  2. ২. পৰিপাটিকৈ সাজ-পাৰ পৰিধান কৰক। উত্তেজনা কৰিব পৰা সাজ-পোচাক পৰিধান কৰিলে আনে ভুল বুজিব পাৰে। “পৰিপাটি পোচাকেৰে নিজক ভূষিত” কৰিবলৈ পবিত্ৰ শাস্ত্ৰ বাইবেলে উপদেশ দিছে।​—১ তীমথিয় ২:৯.

  3. ৩. বুদ্ধিমানেৰে বন্ধু নিৰ্ব্বাচন কৰক। যদি আপুনি প্ৰেমাভিনয় বা যৌন কাৰ্য্যৰ বাবে সুযোগ লোৱা বা এনে কাৰ্য্যবোৰ সহন কৰা লোকসকলৰ লগত বন্ধুত্ব কৰে, তেনেহʼলে আপোনাৰ লগতো তেওঁলোকে একে ব্যৱহাৰ কৰিব পাৰে।​—হিতোপদেশ ১৩:২০.

  4. ৪. অপ্ৰীতিকৰ কথা-বতৰাৰপৰা আঁতৰি থাকক। যদি কথা-বতৰা “অশ্লিলতা, উন্মত্ত বলকনি, খেঁজেলিওৱা” আদিলৈ ঢাল খায়, তেনেহʼলে তাৰপৰা আঁতৰি যাওক।​—ইফিচীয়া ৫:৪.

  5. ৫. আপোচ কৰা পৰিস্থিতিৰপৰা আঁতৰি থাকক। উদাহৰণস্বৰূপে, কোনো কাৰণ নথকাকৈ কামৰ পাছত অফিচত দেৰিকৈ থাকিবলৈ আগবঢ়োৱা প্ৰস্তাৱৰপৰা সাৱধান হওক।​—হিতোপদেশ ২২:৩.

  6. ৬. দৃঢ়তাৰে আৰু স্পষ্টভাৱে কওক। যদি আপোনাক যৌন উৎপীড়ন কৰা হৈছে, তেনেহʼলে উৎপীড়নকাৰীজনক স্পষ্ট কৰি দিয়ক যে তেওঁ বা তাইৰ এনে ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। (১ কৰিন্থীয়া ১৪:৯) উদাহৰণস্বৰূপে, আপুনি এইদৰে কʼব পাৰে: “আপুনি মোক স্পৰ্শ কৰি আছে আৰু মই এইটো ভাল পোৱা নাই। আপুনি এতিয়াই এইবোৰ বন্ধ কৰক।” হৈ যোৱা ঘটনাটোৰ বাবে আপুনি কেনে অনুভৱ কৰিছে আৰু ইয়াৰ পাছত আপুনি কি কৰিব তাৰ বিষয়ে বিতংভাৱে উৎপীড়ন কৰা ব্যক্তিজনলৈ চিঠিৰে জনাব পাৰে। আপোনাৰ নৈতিক মানদণ্ড আৰু ধৰ্ম্মীয় বিশ্বাসৰ বাবে যে আপুনি এই পদক্ষেপ লৈছে, তাৰ বিষয়ে স্পষ্ট কৰক।​—১ থিচলনীকীয়া ৪:​৩-৫.

  7. ৭. আনৰপৰা সহায় গ্ৰহণ কৰক। যদি আপোনাক ব্যক্তিজনে উৎপীড়ন কৰিয়েই থাকে, তেনেহʼলে আপুনি বিশ্বাস কৰিব পৰা কোনো এজন বন্ধু, পৰিয়ালৰ সদস্য, সহকৰ্মী অথবা পীড়িতসকলক সহায় কৰা কোনো এজন অভিজ্ঞ ব্যক্তিৰপৰা সহায় লওক। (হিতোপদেশ ২৭:৯) যৌন উৎপীড়নত পীড়িত হোৱা বহুতোলোকে প্ৰাৰ্থনা কৰাৰ যোগেদি সহায় লাভ কৰিছে। আপুনি আগতে যদিও প্ৰাৰ্থনা কৰা নাই, তথাপিও “সকলো শান্ত্বনাৰ ঈশ্বৰ” যিহোৱাই আপোনাক সহায় কৰিব নোৱাৰিব বুলি কেতিয়াও নাভাবিব।​—২ কৰিন্থীয়া ১:৩.

যৌন উৎপীড়নে লাখ লাখ লোকৰ বাবে কাম কৰা ঠাইত এক অশান্তিকৰ পৰিৱেশ গঢ়ি তুলিছে। কিন্তু এনে পৰিস্থিতিটো বাইবেলে আমাক সহায় কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক