ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwyp প্ৰৱন্ধ ৬৯
  • মই কিয় প্ৰাৰ্থনা কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মই কিয় প্ৰাৰ্থনা কৰা উচিত?
  • যুৱক-যুৱতীসকলে সোধে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰাৰ্থনা কৰাৰ অৰ্থ কি?
  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনেনে?
  • মই কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
আৰু চাওক
যুৱক-যুৱতীসকলে সোধে
ijwyp প্ৰৱন্ধ ৬৯
এজনী যুৱতীয়ে বিলৰ কাষত বহি আছে

যুৱক-যুৱতীসকলে সোধে

মই কিয় প্ৰাৰ্থনা কৰা উচিত?

এটা অনুসন্ধানৰ মতে আমেৰিকাৰ ৮০ শতাংশ যুৱক-যুৱতীয়ে প্ৰাৰ্থনা কৰে, কিন্তু কেৱল ৪০ শতাংশ যুৱক-যুৱতীয়ে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰে। তেওঁলোকৰ ভিতৰত কিছুমান লোকে এইদৰে ভাবে, ‘প্ৰাৰ্থনা কৰিলে কেৱল মনৰ শান্তি পোৱা যায়নে অথবা ইয়াৰ আৰু কিবা লাভ আছে?’

  • প্ৰাৰ্থনা কৰাৰ অৰ্থ কি?

  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনেনে?

  • মই কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

  • যুৱক-যুৱতীসকলে কি কয়

প্ৰাৰ্থনা কৰাৰ অৰ্থ কি?

প্ৰাৰ্থনা কৰাৰ অৰ্থ হৈছে এই গোটেই পৃথিৱীৰ সৃষ্টিকৰ্তাৰ লগত হৃদয়ৰপৰা কথা পতা। কল্পনা কৰক, এয়া আমাৰ বাবে কিমান যে এক ডাঙৰ সন্মানৰ বিষয়! যিহোৱা সকলো কথাত মানুহতকৈ মহান, “তথাপি তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) ইয়াৰ উপৰিও, বাইবেলে আমাক এইদৰে উৎসাহিত কৰিছে, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে?

  • এটা উপায় হৈছে প্ৰাৰ্থনা। ইয়াৰ যোগেদি আপুনি ঈশ্বৰৰ লগত কথা পাতে।

  • আন এটা উপায় হৈছে বাইবেল পঢ়া। ইয়াৰ যোগেদি ঈশ্বৰে আপোনাৰ লগত “কথা” পাতে।

যেতিয়া আপুনি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ লগত কথা পাতে আৰু বাইবেলৰ যোগেদি ঈশ্বৰে আপোনাৰ লগত কথা পাতে, তেতিয়া তেওঁৰ লগত আপোনাৰ বন্ধুত্ব ঘনিষ্ঠ হয়।

“যিহোৱাৰ লগত অৰ্থাৎ এই পৃথিৱীৰ মালিকৰ লগত কথা পতা, মানৱজাতিৰ বাবে এটা ডাঙৰ সন্মানৰ বিষয়।”—জেৰমী।

“প্ৰাৰ্থনা কৰি যিহোৱাক মনৰ কথা কʼলে মই তেওঁৰ কাষত থকা যেন অনুভৱ কৰোঁ।”—মাৰাণ্ডা।

ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনেনে?

কোনোবাই হয়তো ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁলৈ প্ৰাৰ্থনা কৰে, তথাপিও তেওঁৰ বাবে এয়া বিশ্বাস কৰিবলৈ কঠিন হʼব পাৰে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। কিন্তু বাইবেলত যিহোৱাক “প্ৰাৰ্থনা শুনোতা জনা” বুলি কোৱা হৈছে। (গীতমালা ৬৫:২) বাইবেলত এয়াও কোৱা হৈছে যে “তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া।” কিয় বাৰু? “কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭

চিন্তা কৰক: আপুনি প্ৰতিদিনে নিজৰ বন্ধুৰ লগত কথা পাতেনে? যদি পাতে, তেনেহʼলে আপুনি ঈশ্বৰৰ লগতো প্ৰতিদিনে কথা পাতিব পাৰে। যিহোৱাৰ নাম লৈ প্ৰতিদিনে তেওঁলৈ প্ৰাৰ্থনা কৰক। (গীতমালা ৮৬:৫-৭; ৮৮:৯) বাইবেলত এইদৰে উল্লেখ আছে, “নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা।”—১ থিচলনীকীয়া ৫:১৭

“প্ৰাৰ্থনাৰ যোগেদি মই স্বৰ্গত থকা মোৰ পিতৃৰ লগত কথা পাতোঁ আৰু তেওঁক মোৰ মনৰ সকলো কথা জনাওঁ।”—ময়জিচ।

“মই যিহোৱাৰ লগত হৃদয় খুলি কথা পাতোঁ, যিদৰে মই নিজৰ মা বা আন কোনো ঘনিষ্ঠ বন্ধুৰ লগত কথা পাতোঁ।”—কেৰন।

মই কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

বাইবেলত এইদৰে উল্লেখ আছে, “সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক।”—ফিলিপীয়া ৪:৬.

ইয়াৰ অৰ্থ এয়া নেকি যে আমি নিজৰ সমস্যাবোৰ ঈশ্বৰক জনাব পাৰোঁ? হয় পাৰোঁ। বাইবেলত এয়াও কোৱা হৈছে যে “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।”—গীতমালা ৫৫:২২

এয়া সঁচা যে আপুনি ঈশ্বৰক কেৱল নিজৰ সমস্যা জনোৱা উচিত নহয়। ছন্তেল নামৰ এজনী যুৱতীয়ে এইদৰে কয় “যদি যিহোৱাৰপৰা কেৱল সহায় বিচাৰি থাকোঁ, তেনেহʼলে তেওঁৰ ভাল বন্ধু হয় মই বুলি কʼব নোৱাৰিম। মই ভাবোঁ যে প্ৰাৰ্থনা কৰাৰ সময়ত আমি প্ৰথমে তেওঁক ধন্যবাদ জনোৱা উচিত। কেৱল কিছু কথাৰ বাবে নহয়, কিন্তু বহুতো কথাৰ বাবে ধন্যবাদ জনোৱা উচিত।”

চিন্তা কৰক: আপুনি কি কি কথাৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ? আপুনি এনে তিনিটা বিষয়ে চিন্তা কৰিব পাৰেনে, যাৰ বাবে আপুনি আজি যিহোৱাক ধন্যবাদ জনাব বিচাৰে?

“সৰু সৰু কথাৰ বাবে, যেনে সুন্দৰ ফুল দেখিলেও যিহোৱাক ধন্যবাদ জনাবলৈ আমাৰ ইচ্ছা হʼব পাৰে।”—অনিতা।

“যদি বাইবেলৰ কোনো পদে আপোনাৰ হৃদয় স্পৰ্শ কৰে বা প্ৰকৃতিৰ কোনো সুন্দৰ বস্তু আপোনাক ভাল লাগে, তেনেহʼলে তাৰ বিষয়ে চিন্তা কৰক আৰু যিহোৱাক ধন্যবাদ জনাওক।”—ব্ৰাইন।

যুৱক-যুৱতীসকলে কি কয়

ময়জিচ

“যিদৰে গাঁততকৈ বেছি গভীৰতা সাগৰত থাকে, ঠিক সেইদৰে প্ৰাৰ্থনা কেৱল নামৰ কাৰণে কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা উচিত। যদিও যিহোৱাই জানে যে আমাক কি বস্তুৰ প্ৰয়োজন আছে, তথাপি আমি তেওঁক মনৰ কথা জনোৱা আৰু তেওঁৰ ওপৰত ভৰসা কৰোঁ বুলি প্ৰকাশ কৰাটো তেওঁ বিচাৰে।”—ময়জিচ।

মাৰাণ্ডা

“মোৰ বাবে প্ৰাৰ্থনা এডাল ৰছীৰ দৰে হয়, যাৰ এটা মূৰ যিহোৱাৰ হাতত আছে আৰু আনটো মোৰ হাতত। যেতিয়া মই নিজৰ মনৰ কথা তেওঁক জনাওঁ, তেতিয়া মোৰ প্ৰাৰ্থনা বেছিকৈ গভীৰ হৈ পৰে আৰু এনে লাগে যেন মই ৰছীডাল জোৰকৈ ধৰিছোঁ। যেতিয়া যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে, তেতিয়া আমাৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰে।”—মাৰাণ্ডা।

জেৰমী

“যদি আমি ধ্যান নিদিওঁ, তেনেহʼলে হয়তো প্ৰাৰ্থনাত আমি কেৱল বিচাৰিয়ে থাকিম। কিন্তু যিহোৱাক ধন্যবাদ জনাবলৈ যদি আমি অভ্যাস কৰোঁ, তেনেহʼলে তেওঁ আমাক দিয়া বস্তুবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাম। আমি কেৱল নিজৰ বিষয়ে নহয়, কিন্তু আনৰ প্ৰয়োজনীয়তাৰ বিষয়েও প্ৰাৰ্থনা কৰিম।”—জেৰমী।

চেলবী

“আমি যিমানেই যিহোৱাক ধন্যবাদ দিওঁ, সিমানেই আমি অনুভৱ কৰোঁ যে তেওঁ আমাৰ বাবে কি কি কৰিছে। যেতিয়া আমি যিহোৱাক ধন্যবাদ জনাওঁ, তেতিয়া আমি নিজৰ সমস্যাৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে যিহোৱাই দিয়া আশীৰ্বাদৰ ওপৰত ধ্যান দিওঁ।”—চেলবী।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক