ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwyp প্ৰৱন্ধ ৭৬
  • আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?
  • যুৱক-যুৱতীসকলে সোধে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ৰাজ্যগৃহত কি হয়?
  • আপুনি তাত কিয় উপস্থিত হোৱা উচিত?
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
যুৱক-যুৱতীসকলে সোধে
ijwyp প্ৰৱন্ধ ৭৬
এজন ডেকাই লোকসকলক ৰাজ্যগৃহলৈ যোৱা লক্ষ্য কৰিছে

যুৱক-যুৱতীসকলে সোধে

আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?

যিহোৱাৰ সাক্ষীসকলে সপ্তাহত দুবাৰকৈ উপাসনাৰ স্থানত সভাৰ বাবে একগোট হয় আৰু এই উপাসনাৰ স্থানক ৰাজ্যগৃহ বুলি কোৱা হয়। এই সভাবোৰত কি হয়? আপুনি তাত উপস্থিত হʼলে কেনেকৈ লাভৱান হʼব পাৰে?

  • ৰাজ্যগৃহত কি হয়?

  • আপুনি তাত কিয় উপস্থিত হোৱা উচিত?

  • যুৱক-যুৱতীসকলে কি কয়

ৰাজ্যগৃহত কি হয়?

ৰাজ্যগৃহ এনে এখন ঠাই, যʼত বাইবেল আধাৰিত ব্যৱহাৰিক শিক্ষাবোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে শিকোৱা হয়। সভাবোৰত উপস্থিত হʼলে:

  • ইশ্বৰৰ বিষয়ে সত্যতা জানিব পাৰিব।

  • বিশ্বজুৰিত ঘটি থকা ঘটনাবোৰৰ কাৰণ জানিব পাৰিব।

  • আপুনি এজন ভাল ব্যক্তি হʼব পাৰিব।

  • আপুনি ভাল বন্ধু বিচাৰি পাব।

আপুনি জানেনে? যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইডোখৰক ৰাজ্যগৃহ বুলি কোৱা হয়। কিয়নো সেই ঠাইত বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আলোচনা কৰা হয়।—মথি ৬:৯, ১০; ২৪:১৪; লূক ৪:৪৩.

আপুনি তাত কিয় উপস্থিত হোৱা উচিত?

ৰাজ্যগৃহত আলোচনা কৰা বিষয়বোৰে আপোনাক সহায় কৰিব পাৰে। যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত আলোচনা কৰা বাইবেল আধাৰিত সিদ্ধান্তবোৰে আপোনাক “প্ৰজ্ঞা উপাৰ্জ্জন” কৰিবলৈ সহায় কৰিব পাৰে। (হিতোপদেশ ৪:৫) ইয়াৰ অৰ্থ হৈছে, জীৱনত সঠিক নিৰ্ণয় লʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও, জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ সহায় কৰিব পাৰে। যেনে:

  • জীৱনৰ উদ্দেশ্য কি?

  • আমি ভুগি থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ীনে?

  • মৃত্যু হʼলে আমাৰ কি হয়?

শনিবাৰ বা দেওবাৰে হোৱা সভাৰ ভাষণৰ কেইটামান বিষয় তলত দিয়া হৈছে:

  • বাইবেলৰপৰা কিয় পৰামৰ্শ লোৱা উচিত?

  • সমস্যাৰ সময়ত আপুনি কʼৰপৰা সহায় লাভ কৰিব পাৰে?

  • ঈশ্বৰৰ ৰাজ্যই এতিয়া আমাৰ বাবে কি কৰিছে।

“এদিনাখন আমাৰ সভালৈ মোৰ এজন সহপাঠী আহিছিল। তেওঁ আমাৰ পৰিয়ালৰ লগত বহিছিল আৰু তাত আলোচনা কৰা কিতাপবোৰ আমি তেওঁক দেখুৱাইছিলোঁ। সভাৰ পাছত তেওঁ মোক কʼলে যে শ্ৰোতাসকলে সভাত যিদৰে টিপ্পনী দিছিল, সেয়া দেখি তেওঁক খুব ভাল লাগিল। তেওঁ আৰু কʼলে যে আমাৰ সভাবোৰত যিদৰে আলোচনা কৰিবলৈ পত্ৰিকা ব্যৱহাৰ কৰা হয়, তেনেদৰে তেওঁলোকৰ গীৰ্জাত এনে কোনো পত্ৰিকা নাই।”—ব্ৰেণ্ডা।

আপুনি জানেনে? ৰাজ্যগৃহত উপস্থিত হʼবলৈ কোনো টকা-পইচা লোৱা নহয় আৰু চান্দাও বিচৰা নহয়।

ৰাজ্যগৃহত একগোট হোৱা লোকসকলৰ লগত সংগতি কৰিলে আপুনি উৎসাহিত হʼব। বাইবেলত কোৱা হৈছে যে সত্য খ্ৰীষ্টানসকলে একগোট হোৱাৰ কাৰণ হৈছে, তেওঁলোকে যাতে ‘পৰস্পৰে উদগাব’ পাৰে। (ইব্ৰী ১০:২৪, ২৫) এই জগতৰ বেছিভাগ লোকে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। কিন্তু নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বিষয়ে আৰু আনৰ বিষয়ে চিন্তা কৰা ব্যক্তিৰ লগত সংগতি কৰিলে আপুনি আনন্দিত হʼব।

“গোটেই দিন কাম কৰি কেতিয়াবা কেতিয়াবা মই নিৰাশ হৈ পৰোঁ আৰু ভাগৰি পৰোঁ। কিন্তু ৰাজ্যগৃহলৈ গৈ লোকসকলৰ লগত সংগতি কৰি মোক ভাল লাগে। সভা শেষ হোৱাৰ পাছত যেতিয়া মই ঘৰলৈ উভতি আহোঁ, তেতিয়া মোক বহুত ভাল লাগে আৰু মই অনুভৱ কৰোঁ যে মই কালিৰ বাবে সাজু হৈ আছোঁ।”—এলিছা।

আপুনি জানেনে? বিশ্বজুৰিত যিহোৱাৰ সাক্ষীসকলৰ ১,২০,০০০-তকৈ বেছি মণ্ডলী আছে আৰু ৬০,০০০-তকৈ বেছি ঠাইত সভা চলোৱা হয়। ৰাজ্যগৃহত অহা লোকসকলৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে প্ৰতিবছৰে গড় হিচাপত প্ৰায় ১,৫০০ টা ৰাজ্যগৃহ নিৰ্মাণ কৰা হয়।a

যুৱক-যুৱতীসকলে কি কয়

জেচিকা

“মই হাই স্কুলত পঢ়াৰ সময়ত মোৰ এজনী সহপাঠীয়ে মোৰ লগত সভালৈ আহিছিল। তাইক এয়া দেখি ভাল লাগিল যে ৰাজ্যগৃহত বিভিন্ন বয়সৰ লোকসকলে একেলগে মিলি বাইবেলৰপৰা শিক্ষা লয়। কিছুদিনৰ আগতে মোৰ বʼছ সভালৈ আহিছিল। সভাত সঘনাই বাইবেল ব্যৱহাৰ কৰা দেখি তেওঁ আচৰিত হৈছিল। সভাৰ প্ৰতি মোৰ বʼছৰ কৃতজ্ঞতা দেখি মোৰো কৃতজ্ঞতা বাঢ়িল।”—জেচিকা।

তীমথি

“মই যেতিয়া সভালৈ যাওঁ, তেতিয়া দৈনন্দিন জীৱনৰ চিন্তাৰপৰা আঁতৰি থাকোঁ। সভাত আমি শিকোঁ যে আমি কেনেকৈ এক ভাল জীৱন উপভোগ কৰিব পাৰোঁ, আমি কেনেকৈ এজন ভাল ব্যক্তি হʼব পাৰোঁ আৰু বহুতো বিষয় আলোচনা কৰা হয়। যেতিয়া মই ৰাজ্যগৃহৰপৰা ঘৰলৈ উভতি আহোঁ, তেতিয়া মোক বৰ ভাল লাগে আৰু মই উৎসাহিত হওঁ।”—তীমথি।

Jজেকব

“মই এজন ব্যক্তিক সভাৰ বাবে নিমন্ত্ৰণ কৰিছিলোঁ। সভাৰ পাছত তেওঁ কৈছিল, ‘মই এয়া প্ৰমাণ কৰিবলৈ আপোনালোকৰ সভালৈ আহিছিলোঁ যে আপোনালোকে যি বিশ্বাস কৰে সেয়া ভুল। কিন্তু মই বুজিব পাৰিলোঁ যে মই ভুল ভাবিছিলোঁ।’ যিহোৱাৰ সাক্ষীসকলে সকলোৰে লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰে, সেয়া দেখি তেওঁক বৰ ভাল লাগিল। তেওঁ কৈছিল, ‘মই আপোনালোকক প্ৰথমবাৰ লগ পাইছোঁ, তথাপি আপোনালোকে মোৰ লগত ভালদৰে ব্যৱহাৰ কৰিলে। মোক এনে লাগিছে যেন আপোনালোকে মোক বহু বছৰৰপৰা চিনি পায়।’”—জেকব।

মাদিচন

“কেতিয়াবা কেতিয়াবা মই ভাবোঁ যে ‘সভা শেষ হোৱাৰ লগে লগে মই গুচি যাম।’ কিন্তু সভা চলি থকাৰ সময়ত মোৰ সেই চিন্তা মনৰপৰা আঁতৰি যায়। সভা শেষ হোৱাৰ পাছত মই সকলোৰে লগত কথা পাতোঁ আৰু মনে মনে ভাবোঁ, এতিয়া ভালেই লাগিছে। যদি সভাৰ ব্যৱস্থা নথকা হʼলে, মই কেতিয়াও ইমান ভাল বন্ধু বিচাৰি নাপালোঁহেঁতেন।”—মাদিচন।

a সভাৰ ঠাই বিচাৰিবলৈ “যিহোৱাৰ সাক্ষীসকলৰ সভা” পেইজত ক্লিক কৰক আৰু “আপোনাৰ ওচৰৰ স্থান বিচাৰক” তাত ক্লিক কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক