ফুটনোট
c যিহুদীসকলৰ ইতিহাস লেখক গ্ৰেটচে এইদৰে কৈছে যে মাজে সময়ে ৰোমীয়াসকলে এদিনত ৫০০ জন বন্দীক শূলত দিছিল। বন্দী কৰা অন্য যিহুদীসকলক তেওঁলোকৰ হাত দুখন কাটি নিজৰ নগৰলৈ ঘূৰাই পঠিয়াইছিল। নগৰখন কি অৱস্থাত আছিল? “ধন-সম্পত্তিৰ কোনো মূল্য নাছিল কিয়নো তাৰ দ্বাৰা খাদ্য কিনিব পৰা নগৈছিল। সকলোতকৈ জঘন্য আৰু ঘৃণনীয় ভোজন, এমুঠি খেৰ, চামৰাৰ টুকুৰা বা কুকুৰক দিয়া খাদ্যৰ বাবে তেওঁবিলাকে কুকুৰ-মেকুৰীৰ দৰে যুঁজ কৰিছিল। . . . বহুতো মৰাশ এনেই পৰি আছিল, যাৰবাবে গ্ৰীষ্ম দিনৰ বতাহ বিষাক্ত হৈ পৰিল আৰু তাত থকা লোকবিলাকে ৰোগগ্ৰস্ত, আকাল আৰু তৰোৱালৰ দ্বাৰা মৃত্যুবৰণ কৰিবলগীয়া হʼল।”