ফুটনোট
a ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিবলৈ যিহোৱাৰ সাক্ষীসকলে কোনো ৰাজনৈতিকত ভাগ নলয় বা স্থানীয় শাসকসকলে কিছুমান দেশত প্ৰতিবন্ধ বা নিৰ্য্যাতনা দিয়াৰ স্বত্ত্বেও বিৰোধ নকৰে। (তীত ৩:১) ইয়াৰ বিপৰীতে তেওঁলোকে যীচুৱে আৰু তেওঁৰ শিষ্যসকলে প্ৰথম শতাব্দীত কৰাৰ দৰে এক সঠিক মনোবৃত্তি ৰাখি আধ্যাত্মিক আৰু অৰাজনৈতিক অৱদান আগবঢ়ায়। যিহোৱাৰ সাক্ষীসকলে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক বাইবেলৰ স্ফুৰ্তিদায়ক ধাৰ্ম্মিকতা যেনে, ঘৰখনত প্ৰেম, সাধুতা, নৈতিক শুদ্ধতা আৰু উত্তম কৰ্ম্ম কৰিবলৈ আগ্ৰহী কৰি তুলে। প্ৰাথমিকতে যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেল সিদ্ধান্তৰ শিক্ষা দিবলৈ চেষ্টা কৰে আৰু মানৱজাতিৰ সমস্যাসমূহক সমাধান কৰাৰ একমাত্ৰ আশা হিচাপে ঈশ্বৰৰ ৰাজ্যলৈ আশাৰে বাট চাই।