ফুটনোট
a পাঁচনি পৌলে কোৱা “প্ৰেমে অনেক দিন সহে আৰু মৰমো কৰে” বাক্যশাৰীৰ ওপৰত মন্তব্য দি গৰ্ডন ডি. ফি. নামৰ এজন বাইবেল বিদ্ধানে এইদৰে লিখিছে: “পৌলৰ ধৰ্ম্মতত্ত্বত সেইবোৰে [চিৰসহিষ্ণুতা আৰু ধৈৰ্য্য] ঈশ্বৰে মানুহৰ প্ৰতি দেখুৱা দুই ধৰণৰ মনোবৃত্তিক নিৰ্দ্দেশিত কৰিছে (ৰোমীয়া ২:৪ পদটো তুলনা কৰক)। প্ৰথমটোত বিদ্ৰোহ মানৱৰ বিৰোদ্ধে ঈশ্বৰে প্ৰকোপ নকৰি, তেওঁলোকৰ প্ৰতি প্ৰেমময় সহনশীলতা প্ৰকাশ কৰিলে; দ্বিতীয়তে তেওঁৰ দয়াত হাজাৰ প্ৰকাৰৰ কৰুণাৰ বিবৃতি পোৱা যায়। সেইবাবে পৌলে ঈশ্বৰৰ প্ৰেমক দুই প্ৰকাৰৰ অভিব্যক্তিৰ যোগেদি প্ৰকাশ কৰিছিল, কিয়নো তেওঁ নিজেই যীচু খ্ৰীষ্টৰ দ্বাৰা ক্ষমা পাইছিল আৰু ঈশ্বৰৰ দণ্ডজ্ঞা পাবলগীয়া সকলকো যিহোৱাই দয়া দেখুৱাইছিল।”