ফুটনোট
a সম্ভৱতঃ পৌলে হিব্ৰু খ্ৰীষ্টানসকললৈ লিখা পত্ৰখন সা.যু. ৬১ চনত লিখিছিল। তাৰ ঠিক পাঁচ বছৰৰ পিছত ছেচটিয়াচ গালাছৰ নেতৃত্বত অহা ৰোমান সেনাই যিৰূচালেম চহৰখন চাৰিওফালৰ পৰা ঘেৰি ধৰে। কিন্তু কোনো কাৰণ নোহোৱাকৈ সেই সৈন্যবাহিনী তাৰ পৰা আঁতৰি গৈছিল আৰু এই ঘটনাই সতৰ্ক হৈ থকা প্ৰাচীন খ্ৰীষ্টানসকলক যিৰূচালেমৰ পৰা পলাই যাবলৈ সুযোগ দিছিল। ঠিক চাৰি বছৰৰ পিছত সেনাপতি টাইটাচৰ নেতৃত্বত অহা ৰোমান সৈন্যই যিৰূচালেম চহৰক সম্পূৰ্ণৰূপে ধ্বংস কৰে।