ফুটনোট
a ডেনিছ বেলেই নামৰ ভৌগোলিকবিদজনে জিঅগ্ৰেফি অৱ দ্য বাইবেল নামৰ কিতাপখনত কয় যে, “বাইবেলৰ সময়ৰ পৰা সেই দেশখনৰ গছ-গছনি, উদ্ভিদ আদি পতন হʼবলৈ আৰম্ভ হৈছিল।” কিহৰ বাবে তেনে অৱস্থালৈ পৰিণত হʼল বুলি কʼব পাৰি? “মানুহে নিজৰ আৱশ্যকতা পূৰ কৰিবলৈ অৰ্থাৎ ইন্ধন আৰু ঘৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে গছ-গছনিবোৰ কাটিছিল। . . . তেওঁলোকে নিজৰ স্বাৰ্থ পূৰ নোহোৱালৈকে গছ-গছনিবোৰ কাটি থাকিল। পৰিণামস্বৰূপে, বৰষুণৰ পৰিমাণ হ্ৰাস হৈ আহিল . . . ভূমি নিৰ্জনতালৈ পৰিণত হৈ ধ্বংস হʼবলৈ ধৰিলে।”