ফুটনোট
a যিহোৱা আমাৰ সকলোতকৈ ভাল বন্ধু হয় আৰু যিহোৱাৰ লগত থকা বন্ধুত্বক আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আমি তেওঁৰ কাষত থাকিব বিচাৰোঁ আৰু তেওঁক আৰু ভালদৰে জানিব বিচাৰোঁ। কাৰোবাক জানিবলৈ সময়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে যিহোৱাক জানিবলৈও সময়ৰ প্ৰয়োজন হয়। কিন্তু ব্যস্ততাৰ এই জীৱনত আমি যিহোৱাক জানিবলৈ সময় কেনেকৈ উলিয়াব পাৰোঁ আৰু এইদৰে কৰিলে আমাৰ কি লাভ হʼব?