ফুটনোট
a যিহোৱাই মানৱজাতিক এক বিশেষ দক্ষতা দিছে, সেয়া হৈছে কথা কোৱাৰ দক্ষতা। কিন্তু দুখৰ বিষয় যে আজি বহুতোলোকে এই দক্ষতাক বেয়াকৈ ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকৰ কথা-বতৰা একেবাৰে বেয়া হৈ পৰিছে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ, যাতে আমাৰ কথা-বতৰা ভালে থাকে আৰু ইয়াৰ পৰা আনে উৎসাহিত হয়? যেতিয়া আমি প্ৰচাৰ কৰোঁ, সভাত থাকোঁ আৰু আনৰ লগত কথা পাতোঁ, তেতিয়া আমি নিজৰ কথা-বতৰাৰ পৰা যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰোঁ? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম।