ফুটনোট
a আজি পৃথিৱীত পৰামৰ্শ দিওঁতাসকলৰ কোনো অভাৱ নাই। কিন্তু তেওঁলোকে যি পৰামৰ্শ দিয়ে, তাতকৈ যিহোৱাৰ পৰামৰ্শ বহুত ভাল হয়। হিতোপদেশ কিতাপত এটা বহুত ভাল কথা কোৱা হৈছে। তাত এইদৰে কোৱা আছে প্ৰকৃত বুদ্ধিয়ে আলিত ৰিঙিয়াই থাকে। এই লেখত আমি শিকিম যে ইয়াৰ অৰ্থ কি, আমি কেনেকৈ বুদ্ধিমান হʼব পাৰোঁ, কিছুমান লোকে যিহোৱাৰ পৰামৰ্শৰ ওপৰত কিয় ধ্যান নিদিয়ে আৰু যিহোৱাৰ কথাৰ প্ৰতি ধ্যান দিলে আমাৰ কি লাভ হʼব।