ফুটনোট
a ইয়োব যিহোৱাৰ বহুত বিশ্বাসী আছিল। মন কৰক, যেতিয়া তেওঁৰ লʼৰা-ছোৱালীৰ মৃত্যু হʼল আৰু তেওঁৰ ধন-সম্পত্তি কাঢ়ি লোৱা হʼল, তেতিয়া “ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।” (ইয়ো. ১:২২; ২:১০) কিন্তু এসময়ত তেওঁ নিজৰ বিষয়ে বেছিকৈ ভাবিবলৈ ধৰিলে। যেতিয়া তেওঁৰ তিনিজন বন্ধুৱে তেওঁৰ ওপৰত মিছা অভিযোগ লগালে আৰু তেওঁৰ নাম বদনাম কৰিলে, তেতিয়া তেওঁ “অবিবেচনাযুক্ত” কথা কʼবলৈ ধৰিলে। যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু তেওঁৰ পক্ষে থিয় হোৱাৰ পৰিৱৰ্তে ইয়োবে নিজৰ নাম আৰু সন্মানৰ বিষয়ে ভাবিবলৈ ধৰিলে।—ইয়ো. ৬:৩; ১৩:৪, ৫; ৩২:২; ৩৪:৫.