ফুটনোট
a যেতিয়া উইলিয়াম টিডেলে বাইবেলৰ প্ৰথম পাঁচখন কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছিল, তেতিয়া তেওঁ ঈশ্বৰৰ নাম “য়েওৱা” বুলি লিখিছিল। সময়ৰ লগে লগে ইংৰাজী ভাষা সলনি হʼবলৈ ধৰিলে আৰু ঈশ্বৰৰ নাম যিদৰে লিখা হৈছিল, সেয়াও সলনি হʼল। যেনে, ১৬১২ চনত হেনৰী আইন্সৱৰ্থে গীতমালা কিতাপৰ অনুবাদত সকলো ঠাইত “য়েহুৱা” বুলি লিখিছিল। কিন্তু ১৬৩৯ চনত তেওঁ যেতিয়া নিজৰ অনুবাদৰ নতুন সংস্কৰণ উলিয়াইছিল, তেতিয়া তেওঁ “যেহুৱা” বুলি লিখিছিল। ১৯০১ চনত যেতিয়া আমেৰিকান ষ্টেনদাৰ্ড ভাৰচন্ বাইবেল প্ৰকাশ কৰা হৈছিল, তেতিয়া অনুবাদকসকলে সেই সকলো ঠাইত “যেহুৱা” নামটো লিখিছিল, যʼত হীব্ৰু পাঠত ঈশ্বৰৰ নামটো পোৱা গৈছিল।