ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শনিবাৰ, ৩০ আগষ্ট

লোকসকলক সেই শান্ত্বনা দিবা, যি আমি ঈশ্বৰৰ পৰা পাওঁ। —২ কৰি. ১:৪.

যিহোৱাই দুখত বা নিৰাশাত থকা লোকসকলক শান্ত্বনা দিয়ে আৰু ইয়াৰ পৰা তেওঁলোকে সতেজতা অনুভৱ কৰে। যিহোৱাৰ দৰেই লোকসকলৰ প্ৰতি আমাৰ অন্তৰত কৰুণা থকা উচিত যাতে আমি তেওঁলোকক শান্ত্বনা দিব পাৰোঁ। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে আমাৰ অন্তৰত এনে গুণবোৰ বঢ়োৱা, যাৰ বাবে আনক শান্ত্বনা দিবলৈ আমাৰ মন যাব। সেই গুণবোৰনো কি? এজনে-আনজনক প্ৰেম কৰিবলৈ আৰু ‘পৰস্পৰক শান্ত্বনা দি থাকিবলৈ’ আমি কি কৰিব লাগিব? (১ থিচ. ৪:১৮) আমি এজনে-আনজনৰ দুখ অনুভৱ কৰিব লাগিব, ভাইৰ নিচিনা প্ৰেম কৰিব লাগিব, কৃপা কৰিব লাগিব আৰু আনৰ বাবে নিজৰ অন্তৰত কৰুণা অনুভৱ কৰিব লাগিব। (কল. ৩:১২; ১ পিত. ৩:৮) যেতিয়া এইদৰে কৰাটো আমাৰ অভ্যাস হৈ পৰিব, তেতিয়া ভাই-ভনীসকলক দুখত দেখিলে আমি লগে লগে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আৰু তেওঁলোকক শান্ত্বনা দিম। যীচুৱে এইদৰে কৈছিল, “হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে।” (মথি ১২:৩৪, ৩৫) দুখত থকা ভাই-ভনীসকলক শান্ত্বনা দিয়াটো অতি প্ৰয়োজন। এইদৰে কৰিলে তেওঁলোকে জানিব পাৰিব যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ। w২৩.১১ ১০-১১ ¶১০-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ৩১ আগষ্ট

জ্ঞানী লোকবিলাকেহে বুজিব। —দানি. ১২:১০.

বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ আমাক আনৰ সহায়ৰ প্ৰয়োজন হʼব পাৰে। এটা উদাহৰণলৈ মন কৰক। আপুনি এনে এটা ঠাইত ফুৰিবলৈ গৈছে, যাৰ বিষয়ে আপুনি বেছিকৈ নাজানে। কিন্তু আপোনাৰ বন্ধু আপোনাৰ লগত আছে। তেওঁ সেই ঠাইৰ বিষয়ে বৰ ভালকৈ জানে আৰু তেওঁ এয়াও জানে যে আপুনি কোনটো ঠাইত আছে আৰু কোনটো বাটেৰে গৈ আছে। আপুনি কিমান আনন্দিত হʼব যে আপোনাৰ বন্ধু আপোনাৰ লগত আছে। যিহোৱাও ঠিক সেই বন্ধুৰ দৰে হয়। তেওঁ জানে আমি কোনটো সময়ত জীয়াই আছোঁ, কোনটো বাটেৰে গৈ আছোঁ আৰু কʼলৈ গৈ আছোঁ বা আন কথাত কʼবলৈ গʼলে আমাৰ ভৱিষ্যত কেনেকুৱা হʼব। সেইবাবে, আমাক বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ নম্ৰতাৰে যিহোৱাৰ সহায় লোৱা উচিত। (দানি. ২:২৮; ২ পিত. ১:১৯, ২০) নিজৰ সন্তান সুখত থকা আৰু তেওঁলোকৰ ভৱিষ্যত ভাল হোৱাটো সকলো মা-দেউতাই বিচাৰে। যিহোৱাও নিজৰ সকলো সন্তানৰ বাবে এয়াই বিচাৰে। (যিৰি. ২৯:১১) মা-দেউতাসকলে এয়া নাজানে যে ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ জীৱন কেনেকুৱা হʼব, কিন্তু যিহোৱাই ভালদৰে জানে। তেওঁ সঠিকভাৱে কʼব পাৰে যে ভৱিষ্যতে কি হʼব। সেইবাবে, তেওঁ নিজৰ বাক্যত ভৱিষ্যতবাণীবোৰ লিখুৱাইছে, যিবোৰ পঢ়িলে আমি আগতীয়াকৈ জানিব পাৰোঁ যে ভৱিষ্যতে কি কি ঘটনা ঘটিব।—যিচ. ৪৬:১০. w২৩.০৮ ৮ ¶৩-৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

সোমবাৰ, ১ ছেপ্টেম্বৰ

স্বৰ্গৰ পৰা অহা কৰুণা ৰাতিপুৱাৰ পোহৰৰ দৰে হʼব।—লূক ১:৭৮.

যিহোৱাই যীচুক মানুহৰ সকলো সমস্যা দূৰ কৰাৰ শক্তি দিছে। যীচুৱে যি চমৎকাৰ কৰিলে, তাৰ পৰা গম পোৱা যায় যে তেওঁ এনে সমস্যাবোৰো দূৰ কৰিব পাৰে, যিবোৰ মানুহে কেতিয়াও দূৰ কৰিব নোৱাৰে। তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ বেমাৰ আৰু মৃত্যুক একেবাৰে নাইকিয়া কৰিব পাৰে। আনকি সকলো সমস্যাৰ মূল কাৰণ পাপকো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে। (মথি ৯:১-৬; ৰোম. ৫:১২, ১৮, ১৯) যীচুৱে চমৎকাৰ কৰি দেখুৱালে যে তেওঁ ‘সকলো ধৰণৰ’ বেমাৰ দূৰ কৰিব পাৰে আৰু মৃত্যু হোৱা লোকসকলক পুনৰুত্থান কৰিব পাৰে অৰ্থাৎ আকৌ জীয়াই তুলিব পাৰে। (মথি ৪:২৩; যোহ. ১১:৪৩, ৪৪) তেওঁৰ ওচৰত ধুমুহা বতাহকো শান্ত কৰাৰ শক্তি আছে আৰু তেওঁৰ ওচৰত দুষ্ট স্বৰ্গদূতবিলাকেও টিকিব নোৱাৰে। (মাৰ্ক ৪:৩৭-৩৯; লূক ৮:২) যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ইমান কাম কৰিবলৈ শক্তি দিয়া দেখি আমি বৰ উৎসাহিত হওঁ। আমি বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে নিজৰ ৰাজ্যত যি আশীৰ্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছে, সেয়া আমি নিশ্চয় পাম। পৃথিৱীত থকাৰ সময়ত যীচুৱে যি চমৎকাৰ কৰিছিল, তাৰ পৰা গম পোৱা যায় যে ভৱিষ্যতেও তেওঁ এজন ৰজা হিচাপে আৰু বহুতো ডাঙৰ ডাঙৰ কাম কৰিব। w২৩.০৪ ৩-৪ ¶৫-৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক