বাইবেলৰ শব্দকোষ
অ আ ই ঈ উ এ ক খ গ চ জ ট ড ত দ ধ ন প ফ ব ভ ম য ৰ ল শ স হ
অ
অগাধ ঠাই:
ইয়াৰ গ্ৰীক শব্দ এবিচʼচ হয়, যাৰ অৰ্থ হৈছে, “বহুত গভীৰ” বা “যাৰ কোনো তলি বা সীমা নাই।” এই শব্দ গ্ৰীক শাস্ত্ৰত বন্দী হৈ থকা অৱস্থা বা এনে ঠাইক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে, যʼত কাৰোবাক বন্দী কৰা হয়। এই শব্দৰ আন এটা অৰ্থ কবৰো হʼব পাৰে।—লূক ৮:৩১; ৰোম ১০:৭; প্ৰকা ২০:৩.
অধ্যক্ষ:
এনে ভাই, যিজনৰ মণ্ডলীৰ ওপৰত দৃষ্টি ৰখা আৰু ৰখীয়াৰ দৰে মণ্ডলীক চোৱা-চিতা কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। ইয়াৰ গ্ৰীক শব্দ এপিস্কʼপʼচৰ অৰ্থ হৈছে কাৰোবাৰ সুৰক্ষাৰ কাৰণে তেওঁৰ ওপৰত দৃষ্টি ৰখা। “অধ্যক্ষ” আৰু “প্ৰাচীন” (প্ৰেচবাইটেৰʼছ) শব্দটো খ্ৰীষ্টান মণ্ডলীত একেটা পদৰ কাৰণে ব্যৱহাৰ হৈছে। “প্ৰাচীন” শব্দৰ পৰা জানিব পাৰি যে সেই ভাইজনক নিযুক্ত কৰাৰ কাৰণ হৈছে তেওঁৰ মাজত এনে খ্ৰীষ্টান গুণ আছে, যিয়ে দেখুৱায় যে তেওঁ এজন পৰিপক্ক হয়। আৰু “অধ্যক্ষ” শব্দৰ পৰা তেওঁৰ দায়িত্ববোৰৰ বিষয়ে জানিব পাৰি।—পাঁচ ২০:২৮; ১তীম ৩:২-৭; ১পিত ৫:২.
অনুতাপ:
বাইবেলৰ অনুসৰি ইয়াৰ অৰ্থ হৈছে নিজৰ মন সলনি কৰা। ইয়াৰ লগতে তেওঁ আগতে কৰা ভুল বা তেওঁ যি কৰাৰ প্ৰয়োজন আছিল, সেয়া নকৰাৰ বাবে হৃদয়ৰ পৰা দুখ কৰা। হৃদয়ৰ পৰা কৰা অনুতাপ কামৰ যোগেদি দেখুৱা হয়: এজন ব্যক্তিয়ে ভুল পথ এৰি সঠিক পথত চলিবলৈ ধৰে।—মথি ৩:৮; পাঁচ ৩:১৯; ২পিত ৩:৯.
অনৈতিক শাৰীৰিক সম্পৰ্ক:
ইয়াৰ গ্ৰীক শব্দ হৈছে, পৰনিয়া। এই শব্দ এনে অনৈতিক শাৰীৰিক সম্পৰ্কৰ কাৰণে ব্যৱহাৰ হয়, যি ঈশ্বৰৰ দৃষ্টিত ভুল হয়। যেনে, ব্যভিচাৰ, বেশ্যাৰ কাম, দুজন অবিবাহিত লোকৰ মাজত শাৰীৰিক সম্পৰ্ক, যিসকলে এজনে-আনজনৰ লগত বিয়া কৰা নাই, সমকামিতা আৰু জীৱ-জন্তুৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা। প্ৰকাশিত বাক্যত এই শব্দ লাক্ষণিকভাৱে ব্যৱহাৰ হৈছে। তাত কোৱা হৈছে যে “মহা-বাবিল” শক্তি আৰু সম্পত্তি পাবলৈ জগতৰ শাসকসকলৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে। (প্ৰকা ১৪:৮; ১৭:২; ১৮:৩; মথি ৫:৩২; পাঁচ ১৫:২৯; গালা ৫:১৯—বেশ্যা চাওক।
অপৰাধ:
নিয়ম ভংগ কৰা। বাইবেলত ইয়াক “পাপ” বুলিও কোৱা হৈছে।—গীত ৫১:৩; ৰোম ৫:১৪.
অভিশাপ:
কাৰোবাক ধমকি দিয়া বা এয়া ঘোষণা কৰা যে তেওঁৰ লগত বা কোনো বস্তুৰ লগত কিবা বেয়া হʼব। ইয়াৰ অৰ্থ গালি পৰা বা খঙত বেয়াকৈ কোৱা নাছিল। অভিশাপ প্ৰায়েই সকলোৰে আগত দিয়া হৈছিল। আৰু যেতিয়া ঈশ্বৰ বা তেওঁ নিযুক্ত কৰা কোনোবাই অভিশাপ দিছিল, তেতিয়া সেয়া এক ভৱিষ্যবাণী হৈ পৰিছিল আৰু সেয়া নিশ্চয় পূৰ হৈছিল।—আদি ১২:৩; গণ ২২:১২; মাৰ্ক ১১:২১; পাঁচ ২৩:১২; ৰোম ১২:১৪; গালা ৩:১০.
অভিষেক:
ইয়াৰ হিব্ৰু শব্দৰ অৰ্থ হৈছে তেল বা কোনো দ্ৰব্য লগোৱা। কোনো মানুহ বা বস্তুৰ ওপৰত তেল ঢলা বা লগোৱা এই কথাৰ চিন আছিল যে তেওঁক কোনো বিশেষ সেৱাৰ কাৰণে পৃথক কৰা হৈছে। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দটো তেতিয়াও ব্যৱহাৰ হৈছে, যেতিয়া স্বৰ্গলৈ যোৱা আশা থকা লোকসকলৰ ওপৰত পবিত্ৰ শক্তি বাকি দিয়া হয়।—যাত্ৰা ২৮:৪১; ১চমূ ১৬:১৩; লূক ৪:১৮; পাঁচ ১০:৩৮; ২কৰি ১:২১.
অৰামী ভাষা:
এয়া হিব্ৰু ভাষাৰ লগত প্ৰায়েই মিল খায় আৰু দুয়োটাৰ বৰ্ণমালাও একেই হয়। আৰম্ভণিতে কেৱল অৰামী লোকসকলে এই ভাষা কৈছিল, কিন্তু পাছলৈ গৈ এয়া অচূৰীয়া আৰু বাবিল সাম্ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় ভাষা হৈ পৰিল, যাক ব্যৱসায় আৰু কথা-বতৰাত ব্যৱহাৰ কৰা হৈছিল। পাৰস্য সাম্ৰাজ্যৰ চৰকাৰী ভাষাও আছিল। (ইজ্ৰা ৪:৭) ইজ্ৰা, যিৰিমিয়া আৰু দানিয়েল কিতাপৰ কিছুমান ভাগো অৰামী ভাষাত লিখা হৈছিল।—ইজ্ৰা ৪:৮–৬:১৮; ৭:১২-২৬; যিৰি ১০:১১; দানি ২:৪খ–৭:২৮; মাৰ্ক ১৪:৩৬; পাঁচ ৯:৩৬.
অশুচি:
ইয়াৰ অৰ্থ শৰীৰৰ লেতেৰা বা নৈতিক নিয়মবোৰক উলংঘন কৰাও হʼব পাৰে। কিন্তু বাইবেলত প্ৰায়েই এই শব্দই মোচিৰ নিয়মৰ অনুসৰি অস্বীকাৰ কৰা কাম বা অশুচি বিষয়বোৰক বুজায়। (লেবী ৫:২; ১৩:৪৫; মথি ১০:১; পাঁচ ১০:১৪; ইফি ৫:৫)—শুচি চাওক।
অস্ত্ৰ-শস্ত্ৰ:
সুৰক্ষাৰ কাৰণে সৈনিকসকলে পিন্ধা কাপোৰ। যেনে, টুপী, বুকুবৰি, পেটী, জোতা আৰু ঢাল।—১চমূ ৩১:৯; ইফি ৬:১৩-১৭.
আ
আখায়া:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত দক্ষিণ গ্ৰীচৰ ৰোমান প্ৰদেশ, যাৰ ৰাজধানী কৰিন্থ আছিল। পেলোপʼনিচৰ গোটেই এলেকা আৰু গ্ৰীচৰ মহাদ্বীপৰ মধ্য ভাগো আখায়াত পৰিছিল।—পাঁচ ১৮:১২.
আগবঢ়োৱা ৰুটি:
দৰ্শন-ৰুটি চাওক।
আঙুৰ পেৰা গাঁত:
সাধাৰণতে ইয়াত দুটা গাঁত আছিল, যি চূণশিল কাটি বনোৱা হৈছিল। এটা গাঁত আনটোতকৈ অলপ ওখ আছিল। দুয়োটা গাঁতৰ মাজত এটা সৰু নলা আছিল। ওখ ঠাইত থকা গাঁতত আঙুৰ পেৰা হৈছিল আৰু তাৰ ৰসবোৰ বৈ তলৰ গাঁতত পৰিছিল। এই শব্দ ঈশ্বৰৰ ফালৰ পৰা পোৱা শাস্তিক চিত্ৰিত কৰিবলৈও ব্যৱহাৰ হৈছে।—প্ৰকা ১৯:১৫.
আচেলʼগেইয়া:
নিৰ্লজ্জভাৱে কৰা পাপ কাম চাওক।
আমেন:
“এইদৰেই হওক” বা “নিশ্চয়।” এই শব্দ হিব্ৰু ভাষাৰ মূল শব্দ এমনৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে, “বিশ্বাসযোগ্য বা ভৰসাযোগ্য হোৱা।” শপত, প্ৰাৰ্থনা বা কোনো এটা কথাৰ শেষত সন্মত হʼবলৈ “আমেন” বুলি কোৱা হৈছিল। প্ৰকাশিত বাক্যত আমেন শব্দটো যীচুৰ উপাধি হিচাপে ব্যৱহাৰ হৈছে।—দ্বিতী ২৭:২৬; ১বং ১৬:৩৬; ৰোম ১:২৫; প্ৰকা ৩:১৪.
আৰেয়পাগ:
আথিনীৰ এখন ওখ পাহাৰ, যি এক্ৰʼপলিচৰ উত্তৰ-পশ্চিমত আছিল। এয়া সেই পৰিষদ (বা আদালতৰ) নামো আছিল, যʼত সভা ৰখা হৈছিল। স্তোয়িকী আৰু ইফিকূৰী দাৰ্শনিকে পৌলক আৰেয়পাগলৈ আনিছিল যাতে তেওঁ নিজৰ বিশ্বাসৰ বিষয়ে জনাব পাৰে।—পাঁচ ১৭:১৯.
আলফা আৰু ওমেগা:
আয়োজনৰ দিন:
বিশ্ৰাম-বাৰৰ আগদিনা, যিদিনা যিহূদীসকলে প্ৰয়োজনীয় আয়োজন কৰিছিল। বৰ্তমান সময়ৰ অনুসৰি এই দিন শুক্ৰবাৰ বেলি মাৰ যোৱাৰ পাছত শেষ হৈছিল আৰু সেই সময়তে বিশ্ৰাম-বাৰৰ দিন আৰম্ভ হৈছিল। যিহূদীসকলে এটা সন্ধিয়াৰ পৰা আনটো সন্ধিয়ালৈকে এদিন বুলি গণনা কৰিছিল।—মাৰ্ক ১৫:৪২; লূক ২৩:৫৪.
ই
ইথিউপিয়া:
প্ৰাচীন সময়ৰ এখন দেশ, যি মিচৰৰ দক্ষিণত আছিল। ইয়াত সেই এলেকাবোৰ পৰিছিল, যিবোৰ বৰ্তমান সময়ৰ মিচৰৰ দক্ষিণ ভাগত আছে। ইয়াৰ উপৰিও, ইয়াত চুদানো জড়িত আছে।—পাঁচ ৮:২৭.
ইফিকূৰী দাৰ্শনিক:
গ্ৰীক দাৰ্শনিক ইফিকূৰচৰ (খ্ৰী.পূ. ৩৪১-২৭০) শিষ্য। তেওঁলোকৰ মতে মানুহে জীয়াই থকাৰ এটাই উদ্দেশ্য হৈছে আনন্দ-ফূৰ্তি কৰা।—পাঁচ ১৭:১৮.
ইব্ৰী; হিব্ৰু:
অব্ৰামেই (অব্ৰাহাম) সেই প্ৰথম ব্যক্তি, যিজনক ‘ইব্ৰী’ বুলি কোৱা হৈছিল যাতে তেওঁৰ আশে-পাশে থকা ইমোৰীয়া লোকসকলৰ পৰা তেওঁক পৃথক কৰিব পাৰি। পাছলৈ এই শব্দ অব্ৰাহামৰ বংশৰ কাৰণে ব্যৱহাৰ হʼল, যি তেওঁৰ নাতি যাকোবৰ পৰা আহিছে। এওঁলোকৰ ভাষা “হিব্ৰু” আছিল। যীচুৰ সময়লৈকে ইয়াত অৰামীৰ বহুতো শব্দ যোগ হৈ গʼল আৰু এই ভাষাই খ্ৰীষ্ট আৰু তেওঁৰ শিষ্যসকলে পাতিছিল।—আদি ১৪:১৩; যাত্ৰা ৫:৩; পাঁচ ২৬:১৪.
ইল্লুৰিয়া:
ইস্ৰায়েল:
ঈশ্বৰে এই নাম যাকোবক দিছিল। আগলৈ গৈ তেওঁৰ সকলো বংশক এটা সমূহ হিচাপে ইস্ৰায়েল বুলি কোৱা হʼল। যাকোবৰ ১২ জন লʼৰাৰ পৰা অহা বংশক প্ৰায়েই ইস্ৰায়েলৰ লʼৰা, ইস্ৰায়েলৰ পৰিয়াল, ইস্ৰায়েলৰ লোক (বা পুৰুষ) বা ইস্ৰায়েলী বুলি কোৱা হৈছিল। উত্তৰৰ দহ গোষ্ঠীৰ ৰাজ্যকো ইস্ৰায়েল বুলি কোৱা হয়, যি দক্ষিণ ৰাজ্যৰ পৰা পৃথক হৈছিল। পাছলৈ অভিষিক্ত খ্ৰীষ্টানসকলো ‘ঈশ্বৰৰ ইস্ৰায়েল’ বুলি কোৱা হʼল।—গালা ৬:১৬; আদি ৩২:২৮; পাঁচ ৪:১০; ৰোম ৯:৬.
ঈ
ঈশ্বৰক বিদ্ৰোহ কৰা:
ইয়াৰ গ্ৰীক শব্দ (অপষ্টেচিয়া) এটা ক্ৰিয়াৰ পৰা ওলাইছে, যাৰ আক্ষৰিক অৰ্থ হৈছে “পৰা দূৰত থিয় হোৱা।” ইয়াৰ বিশেষ্যৰ অৰ্থ হৈছে, “এৰি দিয়া, ত্যাগ কৰা বা বিদ্ৰোহ কৰা।” খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দ সেই লোকসকলৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, যিসকলে সত্য উপাসনা কৰিবলৈ এৰি দিছে।—হিতো ১১:৯; পাঁচ ২১:২১; ২থিচ ২:৩.
ঈশ্বৰৰ দৃষ্টিত যি সঠিক:
বাইবেলে কয় যে ভাল-বেয়াৰ বিষয়ে ঈশ্বৰে যি মানদণ্ড দিছে, তাৰ অনুসৰি যি ভাল হয়।—আদি ১৫:৬; দ্বিতী ৬:২৫; চফ ২:৩; মথি ৬:৩৩.
ঈশ্বৰৰ ভক্তি:
ঈশ্বৰৰ ৰাজ্য:
এই শব্দই বিশেষকৈ খ্ৰীষ্ট যীচুৰ চৰকাৰৰ কাৰণে ব্যৱহাৰ হৈছে, যিয়ে তেওঁৰ পিতৃ যিহোৱাৰ শাসন কৰা অধিকাৰক চিত্ৰিত কৰে।—মথি ১২:২৮; লূক ৪:৪৩; ১কৰি ১৫:৫০.
উ
উপবাস; লঘোন:
নিৰ্ধাৰিত কৰা সময়লৈকে একো নোখোৱাকৈ থকা। ইস্ৰায়েলীসকলে প্ৰায়শ্চিত্তৰ দিনা, কঠিন পৰিস্থিতিত আৰু ঈশ্বৰৰ পৰা নিৰ্দেশনা পাবলৈ উপবাস কৰিছিল। যিহূদীসকলে বছৰত চাৰিবাৰ উপবাস কৰিবলৈ নিয়ম বনাইছিল যাতে তেওঁলোকৰ ওপৰত যিবোৰ বিপত্তি আহিছিল, সেইবোৰ ঘটনা মনত পেলাব পাৰে। খ্ৰীষ্টানসকলে উপবাস কৰাৰ কোনো প্ৰয়োজন নাই।—ইজ্ৰা ৮:২১; যিচ ৫৮:৬; মথি ৪:২; ৯:১৪; লূক ১৮:১২; পাঁচ ১৩:২, ৩; ২৭:৯.
উপস্থিতি:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ কিছুমান পদত এই শব্দৰ অৰ্থ হৈছে, ৰজা হিচাপে যীচু খ্ৰীষ্টৰ উপস্থিতি। স্বৰ্গত যেতিয়া তেওঁ ৰজা হʼল, তেতিয়া তেওঁৰ উপস্থিতি আৰম্ভ হʼল আৰু এতিয়ালৈকে অৰ্থাৎ এই ব্যৱস্থাৰ শেষ সময়লৈকে চলি আছে। খ্ৰীষ্টৰ উপস্থিতিৰ অৰ্থ তেওঁ আহি লগে লগে গুচি যোৱা নহয়, ইয়াৰ পৰিৱৰ্তে এয়া কিছু সময়লৈকে চলি থকা এক বিশেষ সময় হয়।—মথি ২৪:৩.
এ
এচিয়া:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এখন ৰোমান প্ৰদেশৰ নাম। বৰ্তমান সময়ৰ টাৰ্কিৰ পশ্চিম দিশ আৰু পাৰৰ পৰা অলপ দূৰত থকা কিছুমান দ্বীপ, যেনে চামঃ আৰু পাত্ম ইয়াৰ ভিতৰত আছিল। এচিয়া প্ৰদেশৰ ৰাজধানী ইফিচ আছিল। (পাঁচ ২০:১৬; প্ৰকা ১:৪)—অতি. খ১৩ চাওক।
এচোব:
পাতল পাতল ডাঠি আৰু পাত থকা উদ্ভিদ, যি শুচিকৰণ কৰা কামত তেজ বা পানী ছটিয়াবলৈ ব্যৱহাৰ কৰা হৈছিল। বাইবেলত এচোবৰ কাৰণে যি হিব্ৰু আৰু গ্ৰীক শব্দ ব্যৱহাৰ হৈছে, সেইবোৰ বিভিন্ন ধৰণৰ উদ্ভিদ হʼব পাৰে। যোহন ১৯:২৯ পদত ডালবোৰত লগোৱা এচোব হʼব পাৰে বা জোৱাৰৰ (চৰঘম বলগেৰ) এটা প্ৰজাতি, যাৰ ডাঠি দীঘল হয়। সেইবাবে, হয়তো টেঙা দ্ৰাক্ষাৰসত তিয়াই স্পঞ্জৰ টুকুৰাটো ইয়াত লগাই যীচুৰ মুখলৈকে নিবলৈ সহজ হৈছিল।—ইব্ৰী ৯:১৯.
ক
কবৰ:
এনে ঠাই, যʼত মানুহৰ মৃতদেহক পুতি দিয়া হয়। কিন্তু বহুতো পদত ইয়াক এখন লাক্ষণিক ঠাই বুলি কোৱা হৈছে, যʼত বেছিভাগ মানুহ মৃত্যুৰ টোপনিত শুই যায়। এই পদবোৰত কবৰৰ কাৰণে হিব্ৰু ভাষাত “চিয়োল” শব্দ আৰু গ্ৰীক ভাষাত “হেডীজ” শব্দ ব্যৱহাৰ হৈছে।—আদি ৪৭:৩০; উপ ৯:১০; মথি ২৭:৬১; পাঁচ ২:৩১.
কৰ:
কৰূব:
ওখ পদত থকা স্বৰ্গদূত, যিসকলক বিশেষ কাম দিয়া হয়। এওঁলোক চিৰাফবিলাকতকৈ বেলেগ হয়।—আদি ৩:২৪; যাত্ৰা ২৫:২০; যিচ ৩৭:১৬; ইব্ৰী ৯:৫.
কলদীয়াবিলাক:
আৰম্ভণিতে টাইগ্ৰিছ আৰু ফৰাৎ নদীৰ পূব দিশৰ এলেকাবোৰত থকা লোকসকলক কলদীয়া বুলি কোৱা হৈছিল। পাছলৈ এই নাম বাবিল আৰু তাত থকা লোকসকলৰ বাবে ব্যৱহাৰ হʼল। ইয়াৰ উপৰিও, এনে লোকসকলকো “কলদীয়া” বুলি কোৱা হৈছিল, যিসকল বহুত শিক্ষিত আছিল আৰু যিসকলৰ বিজ্ঞান, ইতিহাস, ভাষা আৰু নক্ষত্ৰৰ বিষয়ে ভাল জ্ঞান আছিল। লগতে তেওঁলোকে যাদুবিদ্যা কৰিছিল আৰু জ্যোতিষী আছিল।—পাঁচ ৭:৪.
কাঠ:
এডাল চিধা স্তম্ভ, যʼত কাৰোবাক আঁৰি দিয়া হৈছিল। কিছুমান ৰাষ্ট্ৰত যদি কাৰোবাক মৃত্যুৰ শাস্তি দিয়া হৈছিল, তেনেহʼলে তেওঁক কাঠত আঁৰি দিয়া হৈছিল আৰু তাৰ মৃতদেহ তাতে এৰি দিয়া হৈছিল বা কাৰোবাক হত্যা কৰি তেওঁৰ মৃতদেহ কাঠত আঁৰি দিয়া হৈছিল। এইদৰে কৰাৰ কাৰণ হৈছে যাতে সকলোৰে আগত তেওঁৰ বদনাম হয় আৰু আন লোকসকলে সতৰ্কবাণী পায়। অচূৰীয়াৰ লোকসকল যুদ্ধত হিংস্ৰোক আছিল। তেওঁলোকে বন্দী বনোৱা লোকসকলক জোঙা দণ্ডেৰে পেটত খুঁচি বুকুত উলিয়াইছিল আৰু তেওঁলোকৰ মৃতদেহ তাতে আঁৰি দিবলৈ এৰি দিছিল। কিন্তু যিহূদীসকলৰ নিয়মৰ অনুসৰি যিজনে ঈশ্বৰক নিন্দা কৰিছিল বা মূৰ্তিপূজাৰ দৰে গভীৰ পাপ কৰিছিল, তেওঁক প্ৰথমে শিল দলিয়াই বা আন কোনো বেলেগ উপায়েৰে হত্যা কৰা হৈছিল। তাৰ পাছত তাৰ মৃতদেহ কাঠ বা গছত আঁৰি দিয়া হৈছিল যাতে আন লোকসকলে সতৰ্কবাণী পায়। (দ্বিতী ২১:২২, ২৩; ২চমূ ২১:৬, ৯) ৰোমান লোকসকলে কেতিয়াবা কেতিয়াবা অপৰাধীক কাঠত বান্ধি দিছিল আৰু তেওঁ কেইবাদিন ধৰি বিষত কষ্ট পাইছিল আৰু অৱশেষত ভোক-পিয়াহ আৰু গৰমৰ কাৰণে মৃত্যু হৈছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁলোকে অপৰাধীজনৰ হাত-ভৰি কাঠত গজাল মাৰি দিছিল, যিদৰে তেওঁলোকে যীচুৰ লগত কৰিছিল। (লূক ২৪:২০; যোহ ১৯:১৪-১৬; ২০:২৫; পাঁচ ২:২৩, ৩৬)—যাতনাৰ কাঠ চাওক।
কুমাৰ:
ইয়াৰ হিব্ৰু শব্দৰ আক্ষৰিক অৰ্থ হৈছে, “বনাওঁতা।” কুমাৰ আৰু মাটিৰ উদাহৰণ প্ৰায়েই এয়া দেখুৱাবলৈ দিয়া হয় যে সকলো মানুহ আৰু ৰাষ্ট্ৰৰ ওপৰত শাসন কৰাৰ অধিকাৰ কেৱল যিহোৱাৰ আছে।—যিচ ৬৪:৮; ৰোম ৯:২১.
কুষ্ঠ ৰোগ; কুষ্ঠ ৰোগী:
এটা গম্ভীৰ ছালৰ ৰোগ। বাইবেলত যি কুষ্ঠ ৰোগৰ বিষয়ে উল্লেখ আছে, সেয়া আজিৰ সময়ৰ কুষ্ঠ ৰোগৰ দৰে নহয়। এয়া কেৱল মানুহকে নহয়, কাপোৰ আৰু ঘৰবোৰতো হৈছিল। যিজন মানুহৰ কুষ্ঠ ৰোগ হয়, তেওঁক কুষ্ঠ ৰোগী বুলি কোৱা হয়।—লেবী ১৪:৫৪, ৫৫; লূক ৫:১২.
কৈচৰ:
এটা ৰোমান পৰিয়ালৰ নাম, যি আগলৈ গৈ ৰোমান সম্ৰাটসকলৰ উপাধি হৈ পৰিল। বাইবেলত তিনিজন কৈচৰৰ নাম দিয়া হৈছে: আগস্ত, তিবিৰিয়া আৰু ক্লৌদিয়। নিৰোৰ নাম বাইবেলত নাই, কিন্তু তেওঁকো কৈচৰ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও, খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত “কৈচৰৰ” অৰ্থ চৰকাৰো হʼব পাৰে।—মাৰ্ক ১২:১৪, ফুট.; পাঁচ ২৫:৮, ফুট.
খ
খমিৰ:
আটা বা জুলীয়া পদাৰ্থক খমিৰ কৰিবলৈ মিহলোৱা বস্তু। এয়া বিশেষকৈ থাকি যোৱা পুৰণি আটাৰ লদা আছিল, যি খমিৰ হৈ গৈছিল। বাইবেলত প্ৰায়েই খমিৰক পাপ আৰু ভ্ৰষ্টাচাৰৰ চিন হিচাপে ব্যৱহাৰ কৰা হৈছে। আনৰ দৃষ্টিত নপৰাকৈ লুকাই বৃদ্ধি হোৱাক বুজাবলৈও এই শব্দটো ব্যৱহাৰ কৰা হৈছে।—যাত্ৰা ১২:২০; মথি ১৩:৩৩; গালা ৫:৯.
খমিৰ নোহোৱা ৰুটিৰ উৎসৱ:
ইস্ৰায়েলীসকলৰ তিনিটা উৎসৱৰ ভিতৰত প্ৰথম উৎসৱ, যাক তেওঁলোকে প্ৰতিবছৰে পালন কৰিছিল। এয়া নিস্তাৰ-পৰ্বৰ পিছ দিনাখন নিচান ১৫-ত আৰম্ভ হৈছিল আৰু সাত দিনলৈকে চলিছিল। এয়া মিচৰৰ পৰা ওলাই অহাৰ স্মৰণত পালন কৰিছিল আৰু এই সময়ছোৱাত খমিৰ নোহোৱা ৰুটি খাইছিল।—যাত্ৰা ২৩:১৫; মাৰ্ক ১৪:১.
খ্ৰীষ্ট:
খ্ৰীষ্টৰ বিৰোধী:
ইয়াৰ গ্ৰীক শব্দৰ দুটা অৰ্থ আছে। প্ৰথমটো হৈছে খ্ৰীষ্টৰ বিৰুদ্ধে যোৱা লোক বা তেওঁক বিৰোধ কৰা লোকসকল। দ্বিতীয়টো হৈছে মিছা খ্ৰীষ্টানসকল অৰ্থাৎ যিসকলে খ্ৰীষ্টান হওঁ বুলি দাবী কৰে। সেইবাবে, খ্ৰীষ্টৰ শিষ্য বা মচীহ হওঁ বুলি দাবী কৰা বা খ্ৰীষ্ট আৰু তেওঁৰ শিষ্যসকলৰ বিৰোধ কৰা, সেই সকলো লোক, সংগঠন বা সমূহক খ্ৰীষ্টৰ বিৰোধী বুলি কোৱাটো উচিত হʼব।—১যোহ ২:২২.
খ্ৰীষ্টান:
ঈশ্বৰে এই নাম যীচু খ্ৰীষ্টৰ শিষ্যসকলক দিছে।—পাঁচ ১১:২৬; ২৬:২৮.
গ
গন্ধৰস:
সুগন্ধি এঁঠা, যি বেলেগ বেলেগ কাঁইটীয়া জোপোহা বা কʼমিফʼৰা প্ৰজাতিৰ সৰু সৰু গছৰ পৰা উলিওৱা হৈছিল। অভিষেক কৰাৰ পবিত্ৰ তেল তৈয়াৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। কাপোৰ বা বিছনাৰ পৰা ভাল গোন্ধ আহিবলৈ এয়া ব্যৱহাৰ কৰা হৈছিল। এয়া মালিচৰ তেল আৰু লেপত দিয়া হয়।—যাত্ৰা ৩০:২৩; হিতো ৭:১৭; মাৰ্ক ১৫:২৩; যোহ ১৯:৩৯.
গীত:
ঈশ্বৰৰ প্ৰশংসাত গোৱা গীত। গীতৰ কাৰণে সুৰ তৈয়াৰ কৰা হৈছিল আৰু সেইবোৰ যিহোৱাৰ উপাসকসকলে গাইছিল। যিৰূচালেমৰ মন্দিৰত যেতিয়া লোকসকলে উপাসনাৰ কাৰণে একগোট হৈছিল, তেতিয়াও এই গীত গোৱা হৈছিল।—লূক ২০:৪২; পাঁচ ১৩:৩৩; যাকো ৫:১৩.
গেহেনা:
হিন্নোম উপত্যকাৰ গ্ৰীক নাম। এই উপত্যকা প্ৰাচীন যিৰূচালেমৰ দক্ষিণৰ পৰা লৈ দক্ষিণ-পশ্চিমলৈকে অৱস্থিত আছিল। (যিৰি ৭:৩১) ভৱিষ্যবাণীবোৰত ইয়াক এনে ঠাই বুলি কোৱা হৈছিল, যʼত মৃতদেহ পেলোৱা হয়। (যিৰি ৭:৩২; ১৯:৬) এই কথাৰ কোনো প্ৰমাণ নাই যে গেহেনাত জীৱ-জন্তু বা মানুহক পেলাই দিয়া হৈছিল যাতে সিহঁতক জীয়াই জীয়াই জ্বলোৱা বা শাস্তি দিয়া হয়। সেইবাবে, গেহেনা এনে কোনো অদৃশ্য ঠাই হʼব নোৱাৰে, যʼত মানুহৰ মৃত্যুৰ পাছত সদায়ৰ কাৰণে সঁচাকৈ জুইত শাস্তি দিয়া হয়। ইয়াৰ পৰিৱৰ্তে, যেতিয়া যীচু আৰু তেওঁৰ শিষ্যসকলে গেহেনাৰ বিষয়ে কৈছিল, তেতিয়া তেওঁলোকে কোৱাৰ অৰ্থ আছিল, “দ্বিতীয় মৃত্যু” অৰ্থাৎ সদায় কালৰ কাৰণে নাশ।—প্ৰকা ২০:১৪; মথি ৫:২২ ফুট.; ১০:২৮.
গ্ৰীক:
গ্ৰীচ দেশৰ লোকসকলৰ ভাষা। যিসকলৰ জন্ম গ্ৰীচত হয় বা যিসকলৰ পৰিয়াল গ্ৰীচৰ পৰা হয়, তেওঁলোককো গ্ৰীক বুলি কোৱা হয়। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দৰ ব্যৱহাৰ এনে সকলো লোকৰ কাৰণে কৰা হৈছে, যিসকল যিহূদী নাছিল বা যিসকলৰ ওপৰত গ্ৰীক ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱ পৰিছিল।—যোৱে ৩:৬; যোহ ১২:২০.
চ
চদ্দূকী:
যিহূদী ধৰ্মৰ এক বিখ্যাত ধাৰ্মিক গোট, যি উচ্চ বংশৰ ধনী লোক আৰু পুৰোহিতসকলে মিলি গঠিত হৈছিল। মন্দিৰত হোৱা কামবোৰৰ ওপৰত তেওঁলোকৰেই অধিকাৰ চলিছিল। তেওঁলোকে মৌখিকভাৱে দিয়া নিয়ম অস্বীকাৰ কৰিছিল, যিবোৰ ফৰীচীবিলাকে পালন কৰিছিল। ইয়াৰ উপৰিও, তেওঁলোকে ফৰীচীবিলাকৰ শিক্ষাবোৰো অস্বীকাৰ কৰিছিল। তেওঁলোকে মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে আৰু স্বৰ্গদূতৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰা নাছিল। তেওঁলোকে যীচুৰ বিৰোধ কৰিছিল।—মথি ১৬:১; পাঁচ ২৩:৮.
চমৰীয়া:
প্ৰায় ২০০ বছৰলৈকে উত্তৰ ইস্ৰায়েলৰ দহটা গোষ্ঠীৰ ৰাজ্যৰ ৰাজধানী। সেই ৰাজ্যৰ গোটেই এলেকাকো চমৰীয়া বুলি কোৱা হৈছিল। সেই ৰাজধানী, যিখন পাহাৰত আছিল, তাৰ নামো চমৰীয়া আছিল। যীচুৰ সময়ত চমৰীয়া এখন জিলাৰ নাম আছিল, যাৰ উত্তৰ দিশত গালীল আৰু দক্ষিণ দিশত যিহূদিয়া আছিল। যীচুৱে এই জিলাত প্ৰচাৰ সেৱা কৰা নাছিল, কিন্তু কেতিয়াবা কেতিয়াবা সেই জিলাৰ পৰা পাৰ হওঁতে লোকসকলক সাক্ষ্য দিছিল। যেতিয়া পিতৰে দ্বিতীয় চাবি ব্যৱহাৰ কৰিছিল, তেতিয়া চমৰীয়াৰ লোকসকলে পবিত্ৰ শক্তি লাভ কৰিছিল।—১ৰাজা ১৬:২৪; যোহ ৪:৭; পাঁচ ৮:১৪.
চমৰীয়া লোক:
প্ৰথমে উত্তৰ ইস্ৰায়েলৰ দহটা গোষ্ঠীৰ ৰাজ্যত থকা ইস্ৰায়েলীসকলক চমৰীয়া বুলি কোৱা হৈছিল। কিন্তু যেতিয়া খ্ৰীষ্টপূৰ্ব ৭৪০-ত অচূৰীয়াসকলে চমৰীয়াৰ ওপৰত দখল কৰিছিল, তেতিয়া তেওঁলোকে তাত বহুতো বিদেশীসকলক লৈ আহিছিল আৰু এওঁলোককো চমৰীয়া বুলি মতা হʼল। যীচুৰ সময়ত চমৰীয়া লোক, কোনো জাতি বা ৰাষ্ট্ৰৰ লোকসকলক কোৱা হোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে সেই ধাৰ্মিক গোটক কোৱা হৈছিল, যাৰ লোকসকল প্ৰাচীন চিখিম আৰু চমৰীয়াৰ আশে-পাশে থকা এলেকাবোৰত থাকিছিল। এই গোটৰ লোকসকলৰ কিছুমান শিক্ষা যিহূদী ধৰ্মৰ শিক্ষাতকৈ একেবাৰে বেলেগ আছিল।—যোহ ৮:৪৮.
চমৎকাৰ; শক্তিশালী কাম:
মানুহৰ ক্ষমতাৰ বাহিৰত কৰা কাম বা ঘটনা, যাৰ আঁৰত ঈশ্বৰ বা আন কোনো শক্তি থাকে। বাইবেলত কেতিয়াবা ইয়াৰ সমাৰ্থক শব্দ যেনে: “চিন,” “আচৰিত কাম” শব্দ ব্যৱহাৰ কৰা হৈছে।—মথি ১১:২০; পাঁচ ৪:২২; ইব্ৰী ২:৪.
চলোমনৰ স্তম্ভ থকা বাৰান্দা:
যীচুৰ সময়ত মন্দিৰৰ বাহিৰৰ চোতালৰ পূবত এখন চাদ থকা পথ। এয়া চলোমনৰ মন্দিৰৰ বাকী ভাগ আছিল বুলি বিশ্বাস কৰা হৈছিল। ইয়াতেই যীচুৱে ‘জাৰকালিত’ খোজকাঢ়িছিল আৰু আৰম্ভণিৰ খ্ৰীষ্টানসকলে উপাসনাৰ কাৰণে একগোট হৈছিল।—যোহ ১০:২২, ২৩; পাঁচ ৫:১২.
চয়তান:
এটা হিব্ৰু শব্দ যাৰ অৰ্থ হৈছে, “বিৰোধী।” বাইবেলত সাধাৰণতে এই শব্দ ঈশ্বৰৰ সকলোতকৈ ডাঙৰ শত্ৰু চয়তানৰ কাৰণে ব্যৱহাৰ হৈছে। তাক দিয়াবল বুলিও কোৱা হৈছে।—ইয়ো ১:৬; মথি ৪:১০; প্ৰকা ১২:৯.
চাবুকেৰে কোবোৱা:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ইয়াৰ অৰ্থ হৈছে, এনে চাবুকেৰে কোবোৱা, যʼত বহুতো গাঁঠি আছিল বা যাৰ আগভাগত কাঁইট লগোৱা হৈছিল।—যোহ ১৯:১.
চামৰাৰ নুৰা:
ভেড়া-ছাগলী বা দামুৰীৰ চামৰাক এনেদৰে তৈয়াৰ কৰা হৈছিল যাতে তাত লিখিব পাৰি। এয়া পাপাইৰাছতকৈ বেছিদিনলৈকে থাকিছিল আৰু বাইবেলৰ নুৰাও ইয়াৰ পৰা বনোৱা হৈছিল। পৌলে তীমথিয়ক যি চামৰাৰ নুৰা আনিবলৈ কৈছিল, সেইবোৰ হয়তো হিব্ৰু শাস্ত্ৰৰ কিছুমান অংশ আছিল। মৃত সাগৰৰ ওচৰত পোৱা নুৰাবোৰৰ ভিতৰত কিছুমান চামৰাৰ নুৰাও আছে।—২তীম ৪:১৩.
চিঠি:
নিৰ্ণয় লʼবলৈ ব্যৱহাৰ হোৱা সৰু সৰু পাথৰ বা কাঠৰ টুকুৰা। এইবোৰ কাপোৰ বা এটা বৰ্তনত সুমিয়াই হিলোৱা হৈছিল। যাৰ নামৰ পাথৰ বা কাঠ বাহিৰত পৰিছিল বা উলিওৱা হৈছিল, তেওঁকেই বাছনি কৰা হৈছিল। এই কাম প্ৰাৰ্থনা সহকাৰে কৰা হৈছিল।—মথি ২৭:৩৫; পাঁচ ১:২৬.
চিন:
চিৰিয়া; চিৰিয়াৰ লোক:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত চিৰিয়া আছিল ৰোমানৰ এখন ৰাজ্য আৰু ইয়াৰ ৰাজধানী আছিল আন্তিয়খিয়া। হিব্ৰু শাস্ত্ৰত উল্লেখ পোৱা চিৰিয়াও (যাক অৰাম বুলিও কোৱা হয়) একেটাই এলেকা হয়। গোটেই পেলেষ্টাইনৰ চোৱা-চিতা কৰাৰ অধিকাৰো চিৰিয়াৰ ৰাজ্যপালৰ আছিল।—লূক ২:২; পাঁচ ১৮:১৮; গালা ১:২১.
চিয়োন; চিয়োন পাহাৰ:
যিবূচীয়াৰ দেৱাল থকা যিবূচ চহৰৰ আন এটা নাম। এই চহৰ দক্ষিণ-পূব পাহাৰত আছিল। সেই চহৰক দখল কৰা পাছত দায়ূদে তাত নিজৰ মহল বনালে আৰু সেই চহৰৰ নাম “দায়ূদৰ নগৰ” ৰখা হʼল। (২চমূ ৫:৭, ৯) যেতিয়া দায়ূদে তালৈ চুক্তিৰ চন্দুক আনিছিল, তেতিয়া চিয়োন পাহাৰ যিহোৱাৰ দৃষ্টিত পবিত্ৰ হʼল। পাছলৈ এই চহৰৰ লগতে মোৰিয়া পাহাৰত বনোৱা মন্দিৰ এলেকাকো চিয়োন বুলি কোৱা হʼল। বহুবাৰ গোটেই যিৰূচালেম চহৰক চিয়োন বুলি কোৱা হৈছিল। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত প্ৰায়েই লাক্ষণিকভাৱে ইয়াৰ ব্যৱহাৰ কৰা হৈছে।—গীত ২:৬; ১পিত ২:৬; প্ৰকা ১৪:১.
চুকৰ শিল:
ভৱনৰ দুখন দেৱাল লগ লগাবলৈ ব্যৱহাৰ কৰা চুকৰ শিল। দেৱালবোৰৰ জোৰা লগাবলৈ আৰু মজবুত কৰিবলৈ এই শিলৰ প্ৰয়োজন আছিল। চুকৰ সেই শিল সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল, যি ভিত্তিত দিয়া হৈছিল। সেইবাবে, ৰাজহুৱা ভৱন আৰু চহৰৰ দেৱালবোৰ বনাবলৈ ব্যৱহাৰ কৰাৰ কাৰণে এই শিল মজবুত ধৰণৰ আছিল। এই শব্দ লাক্ষণিকভাৱেও ব্যৱহাৰ হৈছে, যেনে পৃথিৱীৰ ভিত্তি স্থাপন কৰিবলৈ। খ্ৰীষ্টান মণ্ডলীৰ তুলনা ঈশ্বৰৰ ভৱনৰ লগত কৰা হৈছে আৰু যীচুক সেই “ভিত্তিৰ চুকৰ শিল” বুলি কোৱা হৈছে।—ইফি ২:২০; ইয়ো ৩৮:৬.
চুক্তি:
ঈশ্বৰ আৰু মানুহৰ মাজত বা দুজন ব্যক্তিৰ মাজত সন্ধি, যʼত তেওঁলোকে কিবা কৰিবলৈ বা নকৰিবলৈ হয়ভৰ দিয়ে। কেতিয়াবা কেতিয়াবা কেৱল এটা পক্ষৰ চুক্তি মানিবলগীয়া হৈছিল। (অৰ্থাৎ এফলীয়া চুক্তি, যʼত চুক্তি কৰাজনেই কিবা প্ৰতিজ্ঞা কৰিছিল)। কিন্তু বাকী সময়ত দুয়োটা পক্ষই চুক্তিৰ চৰ্ত মানিবলগীয়া হৈছিল। (দুয়ো পক্ষৰ চুক্তি)। বাইবেলত কেৱল সেই চুক্তিবোৰৰ বিষয়েই কোৱা নাই, যিবোৰ ঈশ্বৰে মানুহৰ লগত কৰিছিল। ইয়াত মানুহ, গোষ্ঠী, ৰাষ্ট্ৰ আৰু সমূহৰ মাজত কৰা চুক্তিবোৰৰ বিষয়েও কোৱা হৈছে। কিছুমান চুক্তিৰ প্ৰভাৱ বহু সময়লৈকে আছিল আৰু আগলৈও থাকিব। যেনে, ঈশ্বৰৰ সেই চুক্তি, যি তেওঁ অব্ৰাহাম, দায়ূদ, ইস্ৰায়েল ৰাষ্ট্ৰ (অৰ্থাৎ নিয়মৰ চুক্তি) আৰু ঈশ্বৰৰ ইস্ৰায়েলৰ (অৰ্থাৎ নতুন চুক্তি) লগত কৰিছিল।—আদি ৯:১১; ১৫:১৮; ২১:২৭; যাত্ৰা ২৪:৭; ২বং ২১:৭; লূক ২২:২৯; পাঁচ ৩:২৫; ২কৰি ৩:৬; ইব্ৰী ৮:৬.
চুক্তিৰ চন্দুক:
এয়া চিটীম কাঠেৰে বনোৱা এটা বাকচ আছিল, যাক সোণেৰে মেৰিয়াই থোৱা আছিল। এই চন্দুক পবিত্ৰ তম্বুৰ মহা-পবিত্ৰ ভাগত ৰখা হৈছিল। পাছলৈ যেতিয়া চলোমনে মন্দিৰ বনালে, তেতিয়া সেই চন্দুক তাৰ মহা-পবিত্ৰ ভাগত ৰখা হʼল। চন্দুকৰ ঢাকনি সোণৰ আছিল আৰু তাৰ ওপৰত দুটা কৰূব মুখা-মুখিকৈ বনোৱা আছিল। ইয়াত বিশেষকৈ সেই দুখন ফলি আছিল, যিবোৰত দহ আজ্ঞা লিখা আছিল আৰু যিবোৰক সাক্ষ্যৰ ফলি বুলি কোৱা হৈছিল।—দ্বিতী ৩১:২৬; ১ৰাজা ৬:১৯; ইব্ৰী ৯:৪.
চুৰ্ত্তি:
উত্তৰ আফ্ৰিকাৰ টুনিচীয়া আৰু লিবিয়াৰ পাৰৰ ওচৰত থকা দুখন ডাঙৰ ডাঙৰ কম গভীৰ থকা উপসাগৰ। প্ৰাচীন সময়ত নাবিকসকলে এই ঠাইক ভয় কৰিছিল, কিয়নো ইয়াৰ পানীৰ তলত বালিৰ দলদলি আছিল, যিয়ে ঢৌৰ কাৰণে খহি পৰিছিল।—পাঁচ ২৭:১৭.
চুন্নৎ:
লʼৰা আৰু পুৰুষৰ গুপ্ত অংগৰ ছাল কটা। অব্ৰাহাম আৰু তেওঁৰ বংশক চুন্নৎ কৰিবলগীয়া হৈছিল, কিন্তু খ্ৰীষ্টানসকলৰ ওপৰত এই নিয়ম প্ৰযোজ্য নহয়। বহুতো পদত “চুন্নৎ” শব্দটো লাক্ষণিকভাৱে ব্যৱহাৰ হৈছে।—আদি ১৭:১০; ১কৰি ৭:১৯; ফিলি ৩:৩.
চোতাল:
পবিত্ৰ তম্বুত এখন চোতাল আছিল, যাৰ চাৰিওফালে পৰ্দা লগোৱা আছিল। পাছলৈ মন্দিৰৰ বিশেষ ভৱনৰ চাৰিওফালেও চোতাল বনোৱা হৈছিল। পবিত্ৰ তম্বুৰ চোতালত আৰু মন্দিৰৰ ভিতৰৰ চোতালত হোম-বলিৰ বেদী ৰখা হৈছিল। (অতি. খ১১ চাওক।) বাইবেলত ঘৰ আৰু মহলৰ চোতালৰ বিষয়েও উল্লেখ কৰা হৈছে।—যাত্ৰা ৮:১৩; ২৭:৯; ১ৰাজা ৭:১২; মথি ২৬:৩; মাৰ্ক ১৫:১৬; প্ৰকা ১১:২.
জ
জগতৰ ব্যৱস্থা:
ইয়াৰ গ্ৰীক শব্দ হৈছে আয়ʼন। ইয়াৰ অৰ্থ হৈছে কোনো সময়ছোৱাৰ পৰিস্থিতি বা কিছুমান বিশেষ কথা, যি সেই সময় বা যুগক আন সময় বা যুগৰ পৰা পৃথক কৰে। বাইবেলে এই জগতৰ বিষয়েও উল্লেখ কৰে, যাৰ অৰ্থ হৈছে বৰ্তমান সময়ৰ পৰিস্থিতি আৰু লোকসকলৰ জীৱন-প্ৰণালী। (২তীম ৪:১০) যিহোৱাই নিয়ম চুক্তিৰ যোগেদি এনে ব্যৱস্থাৰ আৰম্ভণি কৰে, যাক ইস্ৰায়েলী বা যিহূদীসকলৰ যুগ বুলিও কʼব পাৰি। কিন্তু পাছলৈ তেওঁ যীচু খ্ৰীষ্টৰ মুক্তিৰ মূল্যৰ যোগেদি আন এটা ব্যৱস্থা কৰিলে, যʼত বিশেষকৈ অভিষিক্ত খ্ৰীষ্টানসকল জড়িত আছে। ইয়াৰ পৰা এক সময়ৰ আৰম্ভণি হʼল আৰু ইয়াত সেই কথাবোৰ পূৰ হʼবলৈ ধৰিলে, যি নিয়মৰ চুক্তিত উল্লেখ কৰা হৈছিল। যি ঠাইত বহুবচনত ‘জগতৰ ব্যৱস্থাবোৰ’ লিখা আছে, তাত ইয়াৰ অৰ্থ হৈছে বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা বা অতীতৰ বা আহিবলগীয়া সময়ৰ পৰিস্থিতি।—মথি ২৪:৩; মাৰ্ক ৪:১৯; ৰোম ১২:২; ১কৰি ১০:১১.
জগতৰ ব্যৱস্থাৰ শেষ সময়:
এনে এটা সময়ছোৱা, যি চয়তানৰ নিয়ন্ত্ৰণত থকা এই জগতৰ ব্যৱস্থা অন্ত হʼলে শেষ হʼব। এই সময়ছোৱাতে খ্ৰীষ্টৰ উপস্থিতিও চলি আছে। যীচুৰ নিৰ্দেশনাত স্বৰ্গদূতে “ভাল মানুহৰ পৰা দুষ্ট লোকসকলক পৃথক কৰিব” আৰু তেওঁলোকক ধ্বংস কৰি দিব। (মথি ১৩:৪০-৪২, ৪৯) যীচুৰ শিষ্যসকলে জানিব বিচাৰিছিল যে ‘শেষ সময়’ কেতিয়া আহিব। (মথি ২৪:৩) স্বৰ্গলৈ উভতি যোৱাৰ আগতে যীচুৱে নিজৰ শিষ্যসকলক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ সেই সময়লৈকে তেওঁলোকৰ লগতে থাকিব।—মথি ২৮:২০.
জটামাংসী:
পাতল ৰঙা ৰঙৰ সুগন্ধি তেল, যি বহুত মূল্যৱান আছিল। এই তেল জটামাংসীৰ (নাৰ্ডʼষ্টেকিচ জটামাংসী) গছৰ পৰা উলিওৱা হৈছিল। এই তেল বহুত দামী আছিল, সেইবাবে প্ৰায়েই ইয়াত সস্তীয়া তেল মিহলোৱা হৈছিল বা ভেজাল জটামাংসীৰ তেলক আচল বুলি কৈ বিক্ৰী কৰা হৈছিল। মন কৰিবলগীয়া কথা এয়া যে মাৰ্ক আৰু যোহন, দুয়োজনে কৈছিল যে যীচুৰ ওপৰত “আচল জটামাংসীৰ” তেল ঢালি দিয়া হৈছিল।—মাৰ্ক ১৪:৩; যোহ ১২:৩.
জাঁত:
এটা ঘূৰণীয়া শিল, যি আৰু এটা ঘূৰণীয়া শিলৰ ওপৰত ৰখা হৈছিল আৰু এয়া শস্য গুড়ি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। তলৰ শিলৰ একেবাৰে মাজত এটা খুঁটি লগোৱা হৈছিল, যি ওপৰৰ শিলৰ লগত যোগ হৈ আছিল আৰু এইদৰে ওপৰৰ শিলটো ঘূৰোৱা হৈছিল। বাইবেলৰ সময়ত বেছিভাগ ঘৰত হাতেৰে চলোৱা জাঁত আছিল, যি তিৰোতাসকলে চলাইছিল। পৰিয়ালৰ প্ৰতিদিনৰ আহাৰ সেই জাঁতৰ ওপৰত নিৰ্ভৰ আছিল। সেইবাবে, মোচিৰ নিয়মত কাৰোবাৰ জাঁত বা তাৰ ওপৰৰ শিলটো বন্ধক হিচাপে লোৱাটো মানা আছিল। হাতেৰে জাঁতৰ দৰে ডাঙৰ ডাঙৰ জাঁতো আছিল, যিবোৰ জীৱ-জন্তুৱে ঘূৰাইছিল।—দ্বিতী ২৪:৬; মাৰ্ক ৯:৪২.
জীউচ:
গ্ৰীকবিলাকৰ বহুতো দেৱী-দেৱতাবোৰৰ ভিতৰত সকলোতকৈ ডাঙৰ দেৱতা। বাৰ্ণব্বা জীউচ হয় বুলি লুস্ত্ৰাৰ লোকসকলে তেওঁৰ বিষয়ে ভুল ধাৰণা ৰাখিছিল। লুস্ত্ৰাৰ আশে-পাশে পোৱা প্ৰাচীন শিলালিপিত এই শব্দ খুদিত আছিল, “জীউচৰ পূজাৰী” আৰু “সূৰ্য দেৱতা জীউচ।” পৌলে মিলিতাৰ পৰা, যিখন জাহাজেৰে যাত্ৰা কৰিছিল, তাৰ আগফালে “জীউচৰ যঁজা লʼৰাৰ” চিন বনোৱা আছিল, যিসকলৰ নাম কাষ্টৰ আৰু পৌলোক্স আছিল।—পাঁচ ১৪:১২; ২৮:১১.
জীৱন:
মূল ভাষাত এনে বহুতো শব্দ আছে, যিবোৰৰ অনুবাদ “জীৱন” কৰা হৈছে। ইয়াৰ ভিতৰত দুটা হৈছে, হিব্ৰু শব্দ নেফেচ আৰু গ্ৰীক শব্দ চাইখী। বাইবেলত এই শব্দবোৰৰ অনুবাদ সাধাৰণতে “জীৱন” কৰা হৈছে। বাইবেলত নেফেচ আৰু চাইখী শব্দক যিদৰে ব্যৱহাৰ কৰা হৈছে, তাক চালি-জাৰি চালে, তাৰ অৰ্থৰ বিষয়ে জানিব পাৰি। সেইবোৰ হৈছে: (১) লোক, (২) জীৱ-জন্তু বা (৩) মানুহ আৰু জীৱ-জন্তুৰ জীৱন। (আদি ১:২০; ২:৭; গণ ৩১:২৮; ১পিত ৩:২০) বাইবেলৰ এই অনুবাদত এই শব্দবোৰৰ অনুবাদ বিষয়টো চাই তাৰ সঠিক অৰ্থবোৰ মনত ৰাখি কৰা হৈছে। যেনে “জীৱন,” “প্ৰাণ,” “জীৱ,” “মানুহ,” “মোৰ মন” বা কেৱল সৰ্বনাম (উদাহৰণস্বৰূপে, “মই”)। কিছুমান পদত নেফেচ আৰু চাইখীৰ অনুবাদ “নিজৰ সম্পূৰ্ণ হৃদয়” কৰা হৈছে, যাৰ অৰ্থ হৈছে মনে-প্ৰাণে কোনো কাম কৰা। (দ্বিতী ৬:৫; মথি ২২:৩৭) আন কিছুমান পদত মূল ভাষাৰ এই শব্দ মানুহৰ ইচ্ছা বা ভোকৰ কাৰণেও ব্যৱহাৰ হৈছে। ইয়াৰ উপৰিও, ইয়াৰ অৰ্থ মৃতদেহো হʼব পাৰে।—গণ ৬:৬; হিতো ২৩:২; যিচ ৫৬:১১; হগ্ ২:১৩.
জীৱনৰ গছ:
এদন বাগিচাত থকা এজোপা গছ। বাইবেলে এয়া নকয় যে সেই গছৰ ফলত জীৱন দিয়াৰ শক্তি আছিল। ইয়াৰ পৰিৱৰ্তে, সেই গছ এই কথাৰ গেৰাণ্টি আছিল যে ঈশ্বৰে যিজনক সেই ফল খাবলৈ দিব তেওঁ অনন্ত জীৱন পাব।—আদি ২:৯; ৩:২২; প্ৰকা ২:৭; ২২:১৯.
জুইৰ হ্ৰদ:
এখন লাক্ষণিক ঠাই, যি “জুই আৰু গন্ধকেৰে জ্বলি” থাকে। ইয়াক “দ্বিতীয় মৃত্যু” বুলিও কোৱা হয়। ইয়াত চয়তান আৰু এনে লোকসকলক পেলাই দিয়া হʼব, যিসকলে নিজৰ পাপৰ কাৰণে অনুতাপ নকৰে। ইয়াত মৃত্যু আৰু কবৰকো (অৰ্থাৎ হেডীজ) পেলাই দিয়া হʼব। এজন অদৃশ্য প্ৰাণী, মৃত্যু আৰু কবৰৰ ওপৰত জুইয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰে। সেইবাবে, জুইৰ হ্ৰদত এইবোৰ পেলাই দিয়াই দেখুৱায় যে ই এনে কোনো ঠাই নহয়, যʼত কাৰোবাক সদায়ৰ কাৰণে তাড়না দিয়া হয়। ইয়াৰ পৰিৱৰ্তে, ইয়ে সদায় কালৰ বিনাশক চিত্ৰিত কৰে।—প্ৰকা ১৯:২০; ২০:১৪, ১৫; ২১:৮.
জোং:
এডাল দীঘল লাঠি, যাৰ আগভাগ ধাতুৰে বনোৱা হৈছিল আৰু জোঙা আছিল। খেতিয়কে ইয়াক লৈ জন্তুক খুঁচিবলৈ ব্যৱহাৰ কৰিছিল। বুদ্ধিমান মানুহৰ কথা জোঙৰ লগত তুলনা কৰা হৈছে, যিয়ে শুনোতাসকলক বুদ্ধিৰে ভৰা পৰামৰ্শৰ অনুসৰি কাম কৰিবলৈ উৎসাহিত কৰে। খেতিয়কে জেদী গৰুক জোঙেৰে বাৰে বাৰে খোচাৰ সময়ত সেই গৰুৱে ‘জোঙত গোৰ বা লাথ মাৰি’ নিজকে আঘাত কৰে। বাইবেলত ব্যৱহাৰ কৰা ‘জোঙত গোৰ বা লাথ মৰা’ অলংকাৰ জেদী গৰুৱে দেখুৱা স্বভাৱৰ পৰা লোৱা হৈছে।—পাঁচ ২৬:১৪; বিচা ৩:৩১.
জ্যোতিষী:
সূৰ্য, চন্দ্ৰ আৰু তৰাৰ গতিৰ বিষয়ে অধ্যয়ন কৰি ভৱিষ্যতৰ ঘটনাৰ বিষয়ে জনোৱা লোক।—মথি ২:১.
ট
টাৰটাৰাচ:
খীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দই নোহৰ সময়ৰ আজ্ঞা পালন নকৰা স্বৰ্গদূতসকলক পেলাই দিয়া বন্দী অৱস্থা বা জেলৰ নিচিনা অৱস্থাক বুজাইছে। ২ পিতৰ ২:৪ পদত ক্ৰিয়া টাৰটাৰু (অৰ্থাৎ “টাৰটাৰাচত পেলাই দিয়া”) ব্যৱহাৰ হৈছে। ইয়াৰ অৰ্থ এয়া নহয় যে ‘যি স্বৰ্গদূতবিলাকে পাপ কৰিছিল,’ সিহঁতক সেই টাৰটাৰাচত পেলাই দিয়া হৈছিল, যাৰ বিষয়ে মিছা ধৰ্মৰ কাহিনীবোৰত কোৱা হৈছে (অৰ্থাৎ মাটিৰ তলৰ বন্দীশাল আৰু আন্ধাৰ কোঠালি, যʼত সৰু-সুৰা দেৱতাবিলাকক বন্দী কৰা হৈছিল)। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ অৰ্থ হৈছে যে ঈশ্বৰে স্বৰ্গত সিহঁতৰ ঠাইৰ পৰা সিহঁতক আঁতৰাই দিছিল, তেওঁলোকৰ দায়িত্ব লৈ লোৱা হʼল আৰু সিহঁতৰ মানসিক অৱস্থাক ঘোৰ অন্ধকাৰত পেলাই দিলে, যাৰ কাৰণে সিহঁতে ঈশ্বৰৰ ভাল উদ্দেশ্যক কেতিয়াও বুজি নাপায়। অন্ধকাৰ এই কথাৰো চিন হয় যে সেই স্বৰ্গদূতবিলাকৰ অৱশেষত কি পৰিণাম হʼবলগীয়া আছে। শাস্ত্ৰই কয় যে সিহঁতক সিহঁতৰ ৰজা চয়তানৰ লগত সদায়ৰ কাৰণে ধ্বংস কৰা হʼব। সেইবাবে, টাৰটাৰাচ সেই বিদ্ৰোহী স্বৰ্গদূতবিলাকৰ একেবাৰে বেয়া অৱস্থাক চিত্ৰিত কৰে। এয়া প্ৰকাশিত বাক্য ২০:১-৩ পদত কোৱা “অগাধ ঠাই” নহয়।
টেলেণ্ট:
ড
ডাঠ কাপোৰ:
এই কাপোৰ শস্য ভৰাবলৈ বস্তা বা মোনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ডাঠ কাপোৰ আচলতে গাঢ় ৰঙৰ ছাগলীৰ নোমৰ পৰা বনোৱা হৈছিল। পৰম্পৰাৰ অনুসৰি শোক কৰাৰ সময়ত ডাঠ কাপোৰ লোৱা হৈছিল।—আদি ৩৭:৩৪; লূক ১০:১৩.
ড্ৰাকমা:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ৰূপৰ গ্ৰীক মুদ্ৰা, যাৰ ওজন সেইসময়ত ৩.৪ গ্ৰাম আছিল।—মথি ১৭:২৪.
ত
তূৰী:
ধাতুৰে বনোৱা এটা বাদ্যযন্ত্ৰ, যাক ফু মাৰি বজোৱা হৈছিল। এয়া সংকেত দিবলৈ বজোৱা হৈছিল আৰু ইয়াক সংগীতৰ কাৰণেও ব্যৱহাৰ কৰা হৈছিল। তূৰীৰ মাত লাক্ষণিকভাৱেও ব্যৱহাৰ হৈছে। যেতিয়া যিহোৱাই নিজৰ নিৰ্ণয় জনায় বা তেওঁৰ ফালৰ পৰা কোনো বিশেষ ঘটনা ঘটে, তেতিয়া তাৰ লগতে তূৰীৰ মাত শুনিবলৈ পোৱা যায়।—১কৰি ১৫:৫২; প্ৰকা ৮:৭–১১:১৫.
দ
দশম ভাগ:
কোনো বস্তুৰ ১০ শতাংশ, যি দান বা আগবঢ়োৱা হিচাপে দিয়া হৈছিল। দশম ভাগ বিশেষকৈ উপাসনাৰ লগত জড়িত কামবোৰৰ কাৰণে দিয়া হৈছিল। (মলা ৩:১০; দ্বিতী ২৬:১২; মথি ২৩:২৩; ইব্ৰী ৭:৫) মোচিৰ নিয়মৰ অনুসৰি প্ৰতিবছৰে ইস্ৰায়েলীসকলে নিজৰ খেতিৰ শস্য আৰু ভেড়া-ছাগলীৰ বৃদ্ধিৰ পৰা দশম ভাগ লেবীসকলক দিব লাগিছিল যাতে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ হয়। আৰু লেবীসকলে এই ভাগৰ পৰা দশম ভাগ হাৰোণৰ পৰিয়ালৰ পুৰোহিতসকলক দিছিল যাতে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ হয়। ইয়াৰ উপৰিও, ইস্ৰায়েলীসকলে আৰু বহু ধৰণৰ দশম ভাগ দিব লাগিছিল। বৰ্তমান সময়ত খ্ৰীষ্টানসকলে দশম ভাগ দিয়াৰ প্ৰয়োজন নাই।
দয়াৰ দান:
এনে দান, যি সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক দিয়া হৈছিল। হিব্ৰু শাস্ত্ৰত এনেধৰণৰ দানৰ পোনপটীয়াকৈ উল্লেখ পোৱা নাযায়, কিন্তু নিয়মত কোৱা হৈছিল যে ইস্ৰায়েলীসকলে কি কি উপায়েৰে দুখীয়াসকলক সহায় কৰিব লাগিছিল।—মথি ৬:২ ফুট.
দায়ূদৰ বংশ:
এই শব্দ প্ৰায়েই যীচুৰ কাৰণে ব্যৱহাৰ হয়। ইয়ে এই কথাক জোৰ দিয়ে যে যীচু, দায়ূদৰ বংশৰ হয় আৰু সেই ৰাজ্যৰ উত্তৰাধিকাৰী হয়, যাৰ চুক্তি ঈশ্বৰে দায়ূদৰ লগত কৰিছিল।—মথি ১২:২৩; ২১:৯.
দিকাপলি:
গ্ৰীচ চহৰৰ সমূহ, যি আৰম্ভণিতে দহটা চহৰ মিলি গঠিত হৈছিল। (এয়া গ্ৰীক শব্দ দিকাৰ পৰা ওলাইছে যাৰ অৰ্থ হৈছে “দহ” আৰু পলি যাৰ অৰ্থ হৈছে “চহৰ।”) ইয়াৰ বেছিভাগ চহৰ গালীল সাগৰ আৰু যৰ্দ্দন নদীৰ পূব দিশত আছিল, সেইবাবে সেই এলেকাৰ নামো দিকাপলি আছিল। এইবোৰ চহৰ গ্ৰীক সংস্কৃতি আৰু ব্যৱসায়ৰ কেন্দ্ৰ আছিল। যীচুৱে এই এলেকাৰ পৰা পাৰ হৈছিল, কিন্তু তেওঁ ইয়াৰ কোনো এখন চহৰত থাকিছিল বুলি উল্লেখ নাই। (মথি ৪:২৫; মাৰ্ক ৫:২০)—অতি. ক৭ চাওক।
দিনৰ তৰা:
ইয়াৰ আৰু ‘ৰাতিপুৱাৰ তৰাৰ’ অৰ্থ একেই হয়। সূৰ্য উদয় হোৱাৰ আগতে পূব দিশত যি শেষৰ তৰা জিকমিকাই থাকে, তাক দিনৰ তৰা বুলি কোৱা হয়। ইয়াক চাই লোকসকলে বুজি পাইছিল যে নতুন দিন আৰম্ভ হʼবলগীয়া আছে।—প্ৰকা ২২:১৬; ২পিত ১:১৯.
দিয়াবল:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত চয়তানক দিয়া এটা নাম, যাৰ অৰ্থ হৈছে “বদনাম কৰোঁতা।” চয়তানক এই নাম দিয়াৰ কাৰণ হৈছে সিয়েই যিহোৱা, তেওঁৰ পবিত্ৰ নাম আৰু তেওঁৰ সত্য বাক্যক বদনাম কৰিবলৈ আৰু মিছা বুলি প্ৰমাণ কৰিবলৈ সকলোতকৈ আগত আছে।—মথি ৪:১; যোহ ৮:৪৪; প্ৰকা ১২:৯.
দীনাৰ:
ৰূপৰ ৰোমান মুদ্ৰা, যাৰ ওজন ৩.৮৫ গ্ৰাম আছিল। ইয়াৰ এফালে কৈচৰৰ ছবি আছিল। এক দীনাৰ এদিনৰ মজুৰি আছিল আৰু ৰোমানসকলে যিহূদীসকলৰ পৰা “কৰ” হিচাপে এক দীনাৰ লৈছিল।—মথি ২২:১৭; লূক ২০:২৪.
দুষ্ট:
দুষ্ট স্বৰ্গদূত:
ইহঁত অদৃশ্য হয় আৰু ইহঁতৰ ওচৰত মানুহতকৈ বেছি শক্তি আছে। আদিপুস্তক ৬:২ পদত ইহঁতক “ঈশ্বৰৰ সন্তানবিলাক” আৰু যিহূদা ৬ পদত “স্বৰ্গদূত” বুলি কোৱা হৈছে। ইহঁত আৰম্ভণিতে দুষ্ট নাছিল। কিন্তু নোহৰ সময়ত এই স্বৰ্গদূতবিলাকে ঈশ্বৰৰৰ আজ্ঞা উলংঘন কৰিলে আৰু চয়তানৰ লগত মিলি যিহোৱাৰ বিৰুদ্ধে হৈ পৰিল। এইদৰে সিহঁতে ঈশ্বৰৰ শত্ৰু হৈ পৰিল।—দ্বিতী ৩২:১৭; লূক ৮:৩০; পাঁচ ১৬:১৬; যাকো ২:১৯.
দ্ৰাক্ষাৰস উৎসৰ্গ:
ইয়াক বেদীৰ ওপৰত ঢালি দিয়া হৈছিল আৰু বেছিভাগ উছৰ্গাৰ লগত দিয়া হৈছিল। পৌলে এই শব্দ লাক্ষণিক অৰ্থত এয়া বুজাবলৈ ব্যৱহাৰ কৰিছে যে তেওঁ কিদৰে নিজকে খ্ৰীষ্টান ভাই-ভনীসকলৰ কাৰণে সম্পূৰ্ণৰূপে দিবলৈ সাজু আছে।—গণ ১৫:৫, ৭; ফিলি ২:১৭.
ধ
ধৰ্মীয় গোট:
এনে লোকসকলৰ সমূহ, যিসকলে কিছুমান বিশেষ শিক্ষা পালন কৰিছিল বা যিসকলে নেতৃত্ব লোৱাজনক অনুকৰণ কৰিছিল আৰু যিসকলৰ নিজৰেই কিছুমান শিক্ষা আছিল। যিহূদী ধৰ্মৰ দুটা মুখ্য দল, ফৰীচী আৰু চদ্দূকীবিলাকক গোট বুলি কোৱা হৈছিল। লোকসকলে খ্ৰীষ্টান ধৰ্মক “গোট” বা ‘নাচৰতীয়াবিলাকৰ দল’ বুলি কৈছিল, কিয়নো এই গোটৰ লোকসকল যিহূদী ধৰ্মৰ পৰা বেলেগ হৈছে বুলি হয়তো তেওঁলোকে ভাবিছিল। কিছু সময়ৰ পাছত খ্ৰীষ্টান মণ্ডলীত বহুতো গোট হʼবলৈ ধৰিলে। প্ৰকাশিত বাক্যত বিশেষকৈ “নীকলায়ৰ গোটৰ” বিষয়ে উল্লেখ পোৱা যায়।—পাঁচ ৫:১৭; ১৫:৫; ২৪:৫; ২৮:২২; প্ৰকা ২:৬; ২পিত ২:১.
ধূনাএঁঠা:
বʼচৱেলিয়া প্ৰজাতিৰ কিছুমান গছ আৰু জোপোহাৰ এঁঠা, যিটো জ্বলোৱাৰ পাছত ধুনীয়া গোন্ধ ওলায়। পবিত্ৰ তম্বু আৰু মন্দিৰত যি ধূপ জ্বলোৱা হৈছিল, তাক তৈয়াৰ কৰিবলৈ ধূনাএঁঠাও মিহলোৱা হৈছিল। এয়া শস্য উছৰ্গাৰ লগত দিয়া হৈছিল আৰু পবিত্ৰ ভাগৰ দৰ্শন-ৰুটিৰ দুটা দʼমৰ ওপৰত ৰখা হৈছিল।—যাত্ৰা ৩০:৩৪-৩৬; লেবী ২:১; ২৪:৭; মথি ২:১১ ফুট.
ধূপ:
সুগন্ধি এঁঠা আৰু বালচাৰ মিশ্ৰণ, যি লাহে লাহে জ্বলে আৰু ধুনীয়া গোন্ধ বিয়পায়। পবিত্ৰ তম্বু আৰু মন্দিৰৰ কাৰণে চাৰিটা বিশেষ মছলাৰ মিশ্ৰণৰ পৰা ধূপ বনোৱা হৈছিল। পবিত্ৰ ভাগত ধূপৰ বেদীত ইয়াক ৰাতিপুৱা-গধূলি জ্বলোৱা হৈছিল আৰু প্ৰায়শ্চিত্তৰ দিনা ইয়াক মহা-পবিত্ৰ ভাগত জ্বলোৱা হৈছিল। ধূপ ঈশ্বৰৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনাৰ চিন আছিল, যি তেওঁ গ্ৰহণ কৰিছিল। খ্ৰীষ্টানসকলে ধূপ জ্বলোৱাৰ প্ৰয়োজন নাই।—যাত্ৰা ৩০:৩৪, ৩৫; লেবী ১৬:১৩; প্ৰকা ৫:৮.
ধূপদানী:
সোণ, ৰূপ আৰু তামেৰে বনোৱা পাত্ৰ, যি তম্বু আৰু মন্দিৰত ধূপ জ্বলাবলৈ ব্যৱহাৰ কৰা হৈছিল। বলিদান আগবঢ়োৱা বেদীৰ পৰা এঙাৰ উলিয়াবলৈ আৰু সোণৰ দীপাধাৰৰ পৰা জ্বলি যোৱা শলিতাবোৰ উলিয়াবলৈ এই পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াক আঙঠা-ধৰা বুলিও কোৱা হয়।—যাত্ৰা ৩৭:২৩; ২বং ২৬:১৯; ইব্ৰী ৯:৪.
ন
নগৰ অধিকাৰী:
ৰোমান নগৰত নগৰ অধিকাৰী চৰকাৰৰ প্ৰশাসক আছিল। তেওঁৰ কাম আছিল ব্যৱস্থা বজাই ৰখা, চৰকাৰৰ পৰা পোৱা টকাৰ খৰচৰ চোৱা-চিতা কৰা, নিয়ম ভংগ কৰা লোকসকলৰ ন্যায় কৰা আৰু তেওঁলোকক শাস্তি দিবলৈ আদেশ দিয়া।—পাঁচ ১৬:২০.
নতুন জোন:
যিহূদী কেলেণ্ডাৰৰ প্ৰতিটো মাহৰ প্ৰথম দিন। এই দিনত সকলোৱে একগোট হৈছিল, ভোজ খাইছিল আৰু বিশেষ বলিদান উৎসৰ্গ কৰিছিল। আগলৈ গৈ এই দিন ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ উৎসৱ হৈ পৰিল আৰু লোকসকলে এই দিনত কোনো কাম কৰা নাছিল।—গণ ১০:১০; ২বং ৮:১৩; কল ২:১৬.
নপুংসক:
এনে পুৰুষ, যাৰ অণ্ডাশয় কাটি দিয়া হয়। এনে পুৰুষসকলক প্ৰায়েই মহলত ৰাণী আৰু উপপত্নীৰ চোৱা-চিতা বা সেৱা কৰিবলৈ ৰখা হৈছিল। এই শব্দ এনে পুৰুষৰ কাৰণেও ব্যৱহাৰ হৈছিল, যিজনৰ অণ্ডাশয় কটা হোৱা নাছিল, কিন্তু তেওঁ ৰাজ ভৱনৰ অধিকাৰী আছিল। এই শব্দ লাক্ষণিকভাৱেও ব্যৱহাৰ হৈছে। এনে লোকসকলক ‘ৰাজ্যৰ কাৰণে নপুংসক’ বুলি কোৱা হৈছে, যিসকলে আত্ম-নিয়ন্ত্ৰণ ৰাখে যাতে তেওঁলোকে ঈশ্বৰৰ সেৱা আৰু বেছিকৈ কৰিব পাৰে।—মথি ১৯:১২; ইষ্টে ২:১৫; পাঁচ ৮:২৭.
নলখাগৰি:
এনে বিভিন্ন ধৰণৰ উদ্ভিদ, যি দ ঠাইত ওলায়। বহুতো পদত এই উদ্ভিদ এৰুণ্ডো ড’নাক্স হয়।—মথি ২৭:২৯; প্ৰকা ১১:১.
নাগদানা:
বহুতো ধৰণৰ উদ্ভিদ, যাৰ ঠাৰি তিতা আছিল। এই উদ্ভিদ বহুত তিতা আছিল আৰু ইয়াৰ পৰা বহুত বেছি গোন্ধ ওলাইছিল। প্ৰকাশিত বাক্য ৮:১১ পদত কোৱা, “নাগদানা” এটা তিতা আৰু বিহ থকা পদাৰ্থ হয়, যাক এবচিন্থ বুলিও কোৱা হয়।
নাচৰতীয়া:
নিচান:
বাবিলৰ দাসত্বৰ পৰা উভতি অহা যিহূদীসকলৰ পবিত্ৰ কেলেণ্ডাৰৰ প্ৰথম মাহ আৰু কৃষি কেলেণ্ডাৰৰ সপ্তম মাহ। ইয়াৰ পুৰণি নাম আছিল আবীব। নিচান মাহটো মাৰ্চ মাহৰ মাজৰ পৰা এপ্ৰিল মাহৰ মাজলৈকে হৈছিল। (নহি ২:১) যিহূদীসকলৰ নিস্তাৰ-পৰ্ব নিচান ১৪-ত পালন কৰা হৈছিল। আৰু যীচু খ্ৰীষ্টও প্ৰভুৰ সন্ধ্যা ভোজ সেই দিনতে আৰম্ভ কৰিছিল। (লূক ২২:১৫, ১৯, ২০) সেই দিনাখনেই যীচুক যাতনাৰ কাঠত হত্যা কৰা হৈছিল।—লূক ২৩:৪৪-৪৬.
নিৰ্লজ্জভাৱে কৰা পাপ কাম:
এয়া কোনো সাধাৰণ বা সৰু-সুৰা ভুল নহয়। ইয়াৰ গ্ৰীক শব্দ হৈছে আচেলʼগেইয়া, যাৰ অৰ্থ হৈছে এনে কাম, যি ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে হয় আৰু এনে মনোবৃত্তি, যাৰ যোগেদি নিৰ্লজ্জতা আৰু ঘোৰ অনাদৰ দেখা পোৱা যায়। নিৰ্লজ্জভাৱে পাপ কাম কৰা লোকসকলে মানুহৰ নিয়ম, মানদণ্ড আৰু অধিকাৰ থকা লোকসকলৰ প্ৰতি কোনো আদৰ নেদেখুৱায়, আনকি তেওঁলোকক তুচ্ছ বুলি ভাবে।—গালা ৫:১৯; ২পিত ২:৭.
নিস্তাৰ-পৰ্ব:
এয়া এক বাৰ্ষিক উৎসৱ আছিল, যি আবীবৰ (নতুন নাম নিচান) ১৪ দিনৰ দিনা পালন কৰা হৈছিল। ইস্ৰায়েলীসকলক মিচৰৰ পৰা কেনেকৈ মুকলি কৰা হৈছিল, সেয়া সুঁৱৰিবলৈ এই উৎসৱ পালন কৰা হৈছিল। এই দিনাখন ভেড়া পোৱালি (বা ছাগলী) কাটি জুইত পোৰা হৈছিল আৰু তিতা শাক আৰু খমিৰ নোহোৱা ৰুটিৰ লগত খোৱা হৈছিল।—যাত্ৰা ১২:২৭; যোহ ৬:৪; ১কৰি ৫:৭.
নিয়ম:
এয়া মোচিৰ নিয়ম হʼব পাৰে, যি যিহোৱাই খ্ৰীষ্টপূৰ্ব ১৫১৩-ত চীনয় অৰণ্যত ইস্ৰায়েলীসকলক দিছিল। বাইবেলৰ প্ৰথম পাঁচখন কিতাপকো প্ৰায়ে নিয়ম বুলি কোৱা হয়। (যিহো ২৩:৬; মথি ৭:১২; লূক ২৪:৪৪; গালা ৩:২৪) ইয়াৰ উপৰিও, নিয়ম মানে মোচিৰ নিয়মৰ এটা নিয়ম বা সিদ্ধান্তও হʼব পাৰে।—গণ ১৫:১৬; দ্বিতী ৪:৮.
নিয়ম শিকোৱা লোক:
নকল বনাওঁতা লোক, যিসকলে হিব্ৰু শাস্ত্ৰৰ নকল প্ৰস্তুত কৰিছিল। যীচুৰ সময়ত এনে লোকসকলক নিয়ম শিকোৱা লোক বুলি কোৱা হৈছিল, যিসকলৰ মোচিৰ নিয়মৰ ভাল জ্ঞান আছিল।—ইজ্ৰা ৭:৬; মাৰ্ক ১২:৩৮, ৩৯; ১৪:১.
নীতিকথা; কথাষাৰ:
বুদ্ধিৰে ভৰা কথা বা এটি চুটি কাহিনী, যʼত এটা শিক্ষা থাকে বা চমুকৈ কোৱা গভীৰ সত্য। বাইবেলত দিয়া নীতিকথা আৰু কথাষাৰ ৰূপক হʼব পাৰে বা এনে কথা যি পোনপটীয়াকৈ বুজি পোৱা নাযায়। নীতিকথা বা কথাষাৰত প্ৰভাৱশালী ভাষা আৰু প্ৰায়েই অলংকাৰ ব্যৱহাৰ কৰি সত্য প্ৰকাশ কৰা হয়। কিছুমান লোকক ঠাট্টা কৰিবলৈ বা তেওঁলোকক তল পেলাবলৈ কিছুমান কথাও আছিল, যিবোৰ ব্যৱহাৰ হʼবলৈ ধৰিলে।—উপ ১২:৯; ২পিত ২:২২.
নুৰা:
চামৰা বা পাপাইৰাছেৰে বনোৱা এক দীঘলীয়া পত্ৰ, যʼত কেৱল এফালে লিখা হয়। ইয়াক সাধাৰণতে এডাল লাঠিত মেৰিয়াই থোৱা হৈছিল। শাস্ত্ৰ লিখিবলৈ আৰু তাৰ নকল প্ৰস্তুত কৰিবলৈ নুৰাৰ ব্যৱহাৰ কৰা হৈছিল। বাইবেলৰ সময়ৰ কিতাপবোৰ এনেধৰণৰ আছিল।—লূক ৪:১৭-২০; ২তীম ৪:১৩.
ন্যায়ৰ আসন:
সাধাৰণতে ওখ ঠাইত বনোৱা এটা স্থান, যি মুকলি ঠাইত বনোৱা হৈছিল। ইয়ালৈ যাবলৈ চিৰি আছিল। এই আসনত এজন অধিকাৰীয়ে বহি ভীৰৰ লগত কথা পাতে আৰু নিৰ্ণয় জনায়। ‘ঈশ্বৰৰ ন্যায়ৰ আসন’ আৰু “খ্ৰীষ্টৰ ন্যায়ৰ আসনৰ” অৰ্থ হৈছে, ঈশ্বৰে মানুহৰ ন্যায় কৰিবলৈ কৰা এক ব্যৱস্থা।—ৰোম ১৪:১০; ২কৰি ৫:১০; যোহ ১৯:১৩.
ন্যায়ৰ দিন:
এটা বিশেষ দিন বা সময় যেতিয়া কোনো সমূহ, ৰাষ্ট্ৰ বা মানুহৰ পৰা হিচাপ লোৱা হয়। এয়া সেই সময়ো হʼব, যেতিয়া মৃত্যুৰ শাস্তি শুনোৱা লোকসকলক শাস্তি দিয়া হয় বা কিছুমান লোকক ৰক্ষা পাবলৈ সুযোগ দিয়া হয়। যীচু খ্ৰীষ্ট আৰু তেওঁৰ পাঁচনিসকলে ভৱিষ্যতে হʼবলগীয়া ‘ন্যায়ৰ দিনৰ’ বিষয়ে কৈছিল, যʼত কেৱল জীয়াই থকা লোকসকলৰে নহয়, কিন্তু মৃতবিলাকৰ ন্যায় কৰা হʼব।—মথি ১২:৩৬.
প
পতান:
শস্যক মৰণা মাৰি ঝৰাৰ পাছত তাৰ পৰা ওলোৱা নষ্ট বীজ। পতানক জতুৱা-ঠাঁচ হিচাপে ব্যৱহাৰ কৰা হৈছে, যিয়ে দেখুৱায় যে কোনো এটা বস্তু ব্যৰ্থ বা বেয়া হয়।—গীত ১:৪; মথি ৩:১২.
পবিত্ৰ ঠাই:
পবিত্ৰ তম্বু আৰু মন্দিৰৰ প্ৰথম আৰু ডাঙৰ কোঠালি, যি ভিতৰৰ কোঠালি অৰ্থাৎ মহা-পবিত্ৰ ভাগতকৈ বেলেগ আছিল। পবিত্ৰ তম্বুৰ পবিত্ৰ ভাগত সোণৰ দীপাধাৰ, ধূপ জ্বলাবলৈ সোণৰ বেদী, দৰ্শন-ৰুটিৰ মেজ আৰু সোণৰ আন বস্তুবোৰ ৰখা হৈছিল। মন্দিৰৰ পবিত্ৰ ভাগত সোণৰ বেদী, সোণৰ দহটা দীপাধাৰ আৰু দৰ্শন-ৰুটিৰ দহটা মেজ ৰখা হৈছিল।—যাত্ৰা ২৬:৩৩; ইব্ৰী ৯:২.
পবিত্ৰ; পবিত্ৰতা:
যিহোৱাক পবিত্ৰ বুলি কোৱা হৈছে, কিয়নো তেওঁ স্বভাৱৰ পৰাই পবিত্ৰ আৰু সকলো বিষয়ত শুদ্ধ হয়। তেওঁ যিয়েই কৰে, সেয়া শুদ্ধ আৰু পবিত্ৰ হয়। (যাত্ৰা ২৮:৩৬; ১চমূ ২:২; যোহ ১৭:১১) যেতিয়া মানুহ (মাৰ্ক ৬:২০; পাঁচ ৩:২১), বস্তু (ৰোম ৭:১২; ১১:১৬; ২তীম ৩:১৫), ঠাই (মথি ৪:৫; পাঁচ ৭:৩৩; ইব্ৰী ৯:১) আৰু কামক (যাত্ৰা ৩৬:৪) “পবিত্ৰ” বুলি কোৱা হয়, তেতিয়া ইয়াৰ মূল হিব্ৰু আৰু গ্ৰীক শব্দৰ অৰ্থ হৈছে পৃথক কৰা, এক বিশেষ উদ্দেশ্যৰ কাৰণে নিযুক্ত কৰা বা পবিত্ৰ ঈশ্বৰৰ কাৰণে পৃথক কৰা; ঈশ্বৰৰ সেৱাৰ কাৰণে সমৰ্পিত হোৱা। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰতো “পবিত্ৰ” আৰু “পবিত্ৰতা”ৰ অৰ্থ হৈছে ঈশ্বৰৰ কাৰণে বেলেগ কৰা হৈছে। এইবোৰ শব্দ এজন মানুহৰ শুদ্ধ আচাৰ-ব্যৱহাৰৰ কাৰণেও ব্যৱহাৰ হৈছে।—২কৰি ৭:১; ১পিত ১:১৫, ১৬.
পবিত্ৰ ৰহস্য:
ঈশ্বৰৰ উদ্দেশ্যৰ এক দিশ। তেওঁ ইয়াক নিৰ্ধাৰিত সময়লৈকে নিজৰ ওচৰতে ৰাখে। তাৰ পাছত তেওঁ এই ৰহস্য সেই লোকসকলৰ আগত প্ৰকাশ কৰে, যিসকলৰ আগত প্ৰকাশ কৰিব বিচাৰে।—মাৰ্ক ৪:১১; কল ১:২৬.
পবিত্ৰ শক্তি:
ঈশ্বৰৰ সেই প্ৰভাৱশালী শক্তি, যিয়ে শক্তিশালী কৰি তোলে আৰু এয়া ব্যৱহাৰ কৰি তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰে। এই শক্তি পবিত্ৰ হয়, কিয়নো এয়া ঈশ্বৰৰ পৰা পোৱা যায়, যিজন সকলোতকৈ বেছি শুদ্ধ আৰু যিজনে যি সঠিক সেয়াই কৰে, লগতে ঈশ্বৰে ইয়াৰ যোগেদি নিজৰ পবিত্ৰ ইচ্ছা পূৰ কৰে সেইবাবেও এই শক্তি পবিত্ৰ হয়।—লূক ১:৩৫; পাঁচ ১:৮.
পবিত্ৰ সেৱা:
সেই সেৱা বা কাম, যি পবিত্ৰ হয় আৰু পোনপটীয়াকৈ ঈশ্বৰৰ সেৱাৰ লগত জড়িত আছে।—ৰোম ১২:১; প্ৰকা ৭:১৫.
পবিত্ৰ-স্থান:
উপাসনাৰ কাৰণে বেলেগ কৰি ৰখা ঠাই। কিন্তু ইয়াৰ অৰ্থ প্ৰায়েই পবিত্ৰ তম্বু বা যিৰূচালেমৰ মন্দিৰ আছিল। স্বৰ্গত ঈশ্বৰে থকা ঠাইকো পবিত্ৰ-স্থান বুলি কোৱা হৈছে।—যাত্ৰা ২৫:৮, ৯; ২ৰাজা ১০:২৫; ১বং ২৮:১০; প্ৰকা ১১:১৯.
পৰনিয়া:
অনৈতিক শাৰীৰিক সম্পৰ্ক চাওক।
পৰ্দা:
ধুনীয়াকৈ বোৱা কাপোৰ, যʼত কৰূব বনোৱা হৈছিল। এই পৰ্দা পবিত্ৰ তম্বু আৰু মন্দিৰ দুয়োটাতে আছিল। পবিত্ৰ ভাগক মহা-পবিত্ৰ ভাগৰ পৰা পৃথক কৰিবলৈ এই পৰ্দা লগোৱা হৈছিল।—যাত্ৰা ২৬:৩১; ২বং ৩:১৪; মথি ২৭:৫১; ইব্ৰী ৯:৩.
পহৰা দিয়া মানুহ:
পহৰা দিয়া লোকসকলে প্ৰায়েই ৰাতি পহৰা দিছিল যাতে লোকসকলৰ বা সম্পত্তিৰ একো ক্ষতি নহয়। যেতিয়া তেওঁ কিবা বিপত্তি অহা দেখে, তেতিয়া তেওঁ লোকসকলক সতৰ্ক কৰিছিল। পহৰা দিয়া মানুহবিলাকে প্ৰায়েই চহৰৰ দেৱালত বা গড়ত পহৰা দিছিল যাতে যদি কোনোৱে চহৰৰ ফালে আগবাঢ়ি আহে, তেনেহʼলে তাক দূৰৰ পৰা চাব পাৰে। সৈন্যৰ পহৰা দিয়া লোকসকলক সাধাৰণতে চন্তৰি বুলি কোৱা হয়।—মথি ২৭:৬৫; ২৮:৪.
পঁজা-পৰ্ব:
ইয়াক গোটোৱাৰ উৎসৱ বুলিও কোৱা হৈছিল, যি এতানীম মাহৰ ১৫-২১ লৈকে চলিছিল। ইস্ৰায়েলত কৃষি-বৰ্ষৰ শেষত যি শস্য দোৱা হৈছিল, তাৰ আনন্দত এই উৎসৱ পালন কৰা হৈছিল। এই উৎসৱত তেওঁলোকে আনন্দ-ফূৰ্তি কৰিছিল আৰু তেওঁলোকৰ খেতিৰ ওপৰত যিহোৱাই আশীৰ্বাদ দিয়াৰ কাৰণে তেওঁলোকে যিহোৱাক ধন্যবাদ দিছিল। এই সময়ছোৱাত লোকসকলে জুপুৰি ঘৰত থাকিছিল, যিয়ে তেওঁলোকক মিচৰৰ পৰা ওলাই অহাৰ ঘটনা মনত পেলাই দিছিল। ইস্ৰায়েলী পুৰুষসকলক যিৰূচালেমলৈ গৈ পালন কৰিবলগীয়া তিনিটা উৎসৱৰ ভিতৰত এয়া এটা উৎসৱ হয়।—লেবী ২৩:৩৪; ইজ্ৰা ৩:৪; যোহ ৭:২.
পাপ-বলি:
অসিদ্ধ হোৱাৰ কাৰণে এজন ব্যক্তি অজানিতে যি পাপ কৰিছিল, তাৰ প্ৰায়শ্চিত্তৰ কাৰণে উছৰ্গা কৰা বলিদান। প্ৰায়শ্চিত্ত কৰাজনে নিজৰ পৰিস্থিতি আৰু সামৰ্থৰ অনুসৰি ষাঁড় গৰুৰ পৰা লৈ পাৰলৈকে যিকোনো জন্তু বা পক্ষী উৎসৰ্গ কৰিব পাৰিছিল।—লেবী ৪:২৭, ২৯; ইব্ৰী ১০:৮.
পাঁচনি:
ইয়াৰ পোনপটীয়া অৰ্থ হৈছে “পঠিওৱা হৈছে।” এই শব্দ যীচু আৰু এনে কিছুমান লোকৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, যিসকলক আনৰ সেৱা কৰিবলৈ পঠিওৱা হৈছিল। সাধাৰণতে এই শব্দ যীচুৱে নিজৰ প্ৰতিনিধি হিচাপে বাছনি কৰা ১২ জন শিষ্যৰ কাৰণে ব্যৱহাৰ কৰা হৈছে।—মাৰ্ক ৩:১৪; পাঁচ ১৪:১৪.
পুৰোহিত:
লোকসকলৰ সেৱা কৰিবলৈ আৰু ঈশ্বৰ আৰু তেওঁৰ নিয়মৰ বিষয়ে শিকাবলৈ ঈশ্বৰে তেওঁলোকক দায়িত্ব দিছিল। ইয়াৰ উপৰিও, পুৰোহিতসকলে লোকসকলৰ ফালৰ পৰা ঈশ্বৰৰ ওচৰলৈ গৈ বলিদান আগবঢ়াইছিল আৰু তেওঁলোকৰ পাপৰ ক্ষমা বিচাৰিছিল। মোচিৰ নিয়ম পোৱাৰ আগতে পৰিয়ালৰ মুৰব্বীজনেই পৰিয়ালৰ কাৰণে পুৰোহিত আছিল। মোচিৰ নিয়মৰ অনুসৰি লেবী গোষ্ঠীৰ পৰা হাৰোণৰ বংশৰ পুৰুষসকলক পুৰোহিত পতা হৈছিল। লেবী গোষ্ঠীৰ বাকী পুৰুষসকলক তেওঁলোকক সহায় কৰিবলৈ নিযুক্ত কৰা হৈছিল। নতুন চুক্তি আৰম্ভ হোৱাৰ পাছত ঈশ্বৰৰ ইস্ৰায়েলীসকলে পুৰোহিতৰ ৰাষ্ট্ৰ হʼল, যিসকলৰ মহা-পুৰোহিত আছিল যীচু খ্ৰীষ্ট।—যাত্ৰা ২৮:৪১; ইব্ৰী ৯:২৪; প্ৰকা ৫:১০.
পেণ্টাকোষ্ট:
তিনিটা ডাঙৰ উৎসৱৰ ভিতৰত এয়া হৈছে দ্বিতীয় উৎসৱ, যাক পালন কৰিবলৈ প্ৰতিজন যিহূদী পুৰুষক যিৰূচালেমলৈ যাব লাগিছিল। পেণ্টাকোষ্টৰ অৰ্থ হৈছে “পঞ্চাচ তম (দিন)।” হিব্ৰু শাস্ত্ৰত যি উৎসৱক শস্য দোৱাৰ উৎসৱ বুলি কোৱা হৈছে, খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সেই উৎসৱক পেণ্টাকোষ্ট বুলি কোৱা হৈছে। ইস্ৰায়েলীসকলে নিচান ১৬-ৰ পৰা ৫০ দিন গণিব লাগিছিল আৰু ৫০তম দিনাখন এই উৎসৱ পালন কৰিব লাগিছিল।—যাত্ৰা ২৩:১৬; ৩৪:২২; পাঁচ ২:১.
প্ৰতিজ্ঞা:
যেতিয়া এজন মানুহে ঈশ্বৰক প্ৰতিশ্ৰুতি কৰে যে তেওঁ কোনো কাম বা বিশেষ সেৱা কৰিব, তেওঁক কিবা উছৰ্গা বা বলিদান দিব বা সেই বস্তুবোৰৰ পৰা দূৰত থাকিব, যি নিয়মৰ অনুসৰি ভুল নহয়, তেতিয়া সেই প্ৰতিশ্ৰুতিক প্ৰতিজ্ঞা বুলি কোৱা হয়। প্ৰতিজ্ঞা কৰা, শপত খোৱাৰ সমান গম্ভীৰ আছিল।—মথি ৫:৩৩.
প্ৰথম ফল:
শস্য দোৱা বতৰৰ সকলোতকৈ প্ৰথম উৎপাদন; মানুহ আৰু জন্তুবোৰৰ প্ৰথম সন্তান। ইস্ৰায়েলীসকলে নিজৰ প্ৰথম ফল যিহোৱাক দিয়াটো তেওঁ বিচাৰিছিল। এক ৰাষ্ট্ৰ হিচাপে ইস্ৰায়েলীসকলে খমিৰ নোহোৱা ৰুটিৰ উৎসৱ আৰু পেণ্টাকোষ্টৰ উৎসৱত নিজৰ প্ৰথম ফল ঈশ্বৰলৈ আগবঢ়াইছিল। খ্ৰীষ্ট আৰু তেওঁৰ অভিষিক্ত শিষ্যসকলক লাক্ষণিক ভাষাত “প্ৰথম ফল” বুলি কোৱা হৈছে।—১কৰি ১৫:২৩; গণ ১৫:২১; হিতো ৩:৯; প্ৰকা ১৪:৪.
প্ৰথম সন্তান:
প্ৰদেশৰ ৰাজ্যপাল:
তেওঁৰ ওচৰত ন্যায় কৰাৰ অধিকাৰ আছিল আৰু সেনাসকলেও তেওঁৰ আজ্ঞাৰ অধীনত আছিল। যদিও তেওঁ নিজৰ কামৰ কাৰণে ৰোমান পৰিষদক উত্তৰ দিবলগীয়া আছিল, তথাপিও গোটেই প্ৰদেশত তেওঁৰেই ওচৰত সকলোতকৈ বেছি অধিকাৰ আছিল।—পাঁচ ১৩:৭; ১৮:১২.
প্ৰধান পুৰোহিত:
হিব্ৰু শাস্ত্ৰত ‘মহা-পুৰোহিতক’ প্ৰধান পুৰোহিত বুলিও কোৱা হৈছে। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত দেখুৱা হৈছে যে ‘প্ৰধান পুৰোহিতক’ পুৰোহিতসমূহৰ ডাঙৰ ডাঙৰ মানুহবিলাকক কোৱা হৈছে। হয়তো ইয়াত সেই মানুহবিলাক আছিল, যিসকলক মহা-পুৰোহিত পদৰ পৰা আঁতৰোৱা হৈছিল আৰু সেই সকলো, যিসকল পুৰোহিতৰ ২৪ টা দলৰ মুৰব্বী আছিল।—২বং ২৬:২০; ইজ্ৰা ৭:৫; মথি ২:৪; মাৰ্ক ৮:৩১.
প্ৰধান স্বৰ্গদূত:
ইয়াৰ অৰ্থ হৈছে “স্বৰ্গদূতবিলাকৰ প্ৰধান।” এই সংজ্ঞা আৰু বাইবেলত ইয়াৰ কাৰণে একবচন ব্যৱহাৰ কৰাটোৱে দেখুৱায় যে প্ৰধান স্বৰ্গদূত কেৱল এজনেই আছে। বাইবেলত এওঁক মীখায়েল নাম দিয়া হৈছে।—দানি ১২:১; যিহূ ৯; প্ৰকা ১২:৭.
প্ৰভুৰ পথ:
বাইবেলত “পথ” শব্দৰ অৰ্থ হৈছে এনে কাম বা আচাৰ-ব্যৱহাৰ, যি যিহোৱাৰ দৃষ্টিত সঠিক হয় বা ভুল হয়। যিসকলে যীচু খীষ্টৰ শিষ্য হʼল, তেওঁলোকক প্ৰভুৰ পথত চলা লোক বুলি কোৱা হʼল অৰ্থাৎ তেওঁলোকে যীচুৰ খোজক অনুকৰণ কৰে আৰু নিজৰ জীৱন-যাপনৰ পৰা দেখুৱালে যে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰে।—পাঁচ ১৯:৯.
প্ৰভুৰ সন্ধ্যা ভোজ:
এনে এটা ভোজ, যʼত খমিৰ নোহোৱা ৰুটি আৰু দ্ৰাক্ষাৰস খোৱা হৈছিল, যিয়ে খ্ৰীষ্টৰ শৰীৰ আৰু তেজক চিত্ৰিত কৰে। এই ভোজ যীচুৰ মৃত্যুৰ স্মৰণত খোৱা হৈছিল। এই উদ্যাপন পালন কৰিবলৈ খ্ৰীষ্টানসকলক বাইবেলত আজ্ঞা দিয়া হৈছে। সেইবাবে, ইয়াক “স্মৰণীয়” বুলিও কোৱা হয়।—১কৰি ১১:২০, ২৩-২৬.
প্ৰমোদবন:
এখন ধুনীয়া বাগিচা। এনেধৰণৰ এখন বাগিচা প্ৰথমে এদনত আছিল, যিখনক যিহোৱাই প্ৰথম মানৱ দম্পতীৰ কাৰণে বনাইছিল। নিজৰ মৃত্যুৰ সময়ত যীচুৱে এজন অপৰাধীক যি কথা কৈছিল, তাৰ পৰা জানিব পাৰি যে এই পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হʼব। ২ কৰিন্থীয়া ১২:৪ পদত ভৱিষ্যতে আহিবলগা প্ৰমোদবনৰ কথা কোৱা হৈছে আৰু প্ৰকাশিত বাক্য ২:৭ পদত স্বৰ্গত প্ৰমোদবনৰ নিচিনা পৰিস্থিতিৰ কথা কোৱা হৈছে।—পৰ ৪:১৩; লূক ২৩:৪৩.
প্ৰাচীন:
এজন পৰিপক্ক ব্যক্তি। কিন্তু বাইবেলত বিশেষকৈ সেই লোকসকলক প্ৰাচীন বুলি কোৱা হৈছে, যিসকলৰ সমাজ বা ৰাষ্ট্ৰত ওখ পদ বা দায়িত্ব আছে। প্ৰকাশিত বাক্য কিতাপত এই শব্দ স্বৰ্গৰ প্ৰাণীবিলাকৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। আৰু যিবোৰ পদত মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে কোৱা হৈছে, তাত গ্ৰীক শব্দ প্ৰেচবাইটেৰʼচৰ অনুবাদ “প্ৰাচীন” বুলি কৰা হৈছে।—যাত্ৰা ৪:২৯; হিতো ৩১:২৩; ১তীম ৫:১৭; প্ৰকা ৪:৪.
প্ৰায়শ্চিত্তৰ ঢাকনি:
চুক্তিৰ চন্দুকৰ ওপৰত থকা ঢাকনি, যাৰ ওচৰত মহা-পুৰোহিতে প্ৰায়শ্চিত্তৰ দিনা পাপ-বলিৰ তেজ ছটিয়াইছিল। ইয়াৰ হিব্ৰু শব্দ, যি মূল ক্ৰিয়াৰ পৰা ওলাইছে, তাৰ অৰ্থ হৈছে “(পাপ) ঢকা,” বা হয়তো “(পাপ) নাইকিয়া কৰা।” এই ঢাকনি সোণেৰে বনোৱা আছিল আৰু ইয়াৰ ওপৰৰ দুয়োফালে দুটা কৰূব বনোৱা আছিল। বহু বাৰ ইয়াক কেৱল ‘ঢাকনি’ বুলি কোৱা হৈছে।—যাত্ৰা ২৫:১৭-২২; ১বং ২৮:১১; ইব্ৰী ৯:৫.
প্ৰায়শ্চিত্তৰ দিন:
ইস্ৰায়েলীসকলৰ আটাইতকৈ বিশেষ আৰু পবিত্ৰ দিন। ইয়াক ইয়ম কিপ্পুৰ বুলিও কোৱা হৈছিল, যি এথানীমৰ দশম দিনা পালন কৰা হৈছিল। (এয়া হিব্ৰু শব্দ ইয়হম হাক্কিপুৰীমৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “ঢকাৰ দিন।”) বছৰত কেৱল এই দিনাখনেই মহা-পুৰোহিতে পবিত্ৰ তম্বুৰ মহা-পবিত্ৰ ভাগত গৈছিল। পাছলৈ যেতিয়া মন্দিৰ বনোৱা হʼল, তেতিয়া তেওঁ তাৰ মহা-পবিত্ৰ ভাগত গৈছিল। তাত তেওঁ নিজৰ পাপ, আন লেবীবিলাকৰ পাপ আৰু লোকসকলৰ পাপৰ কাৰণে বলিদানৰ তেজ উৎসৰ্গ কৰিছিল। এই দিনা পবিত্ৰ সভা আৰু উপবাস ৰখা হৈছিল আৰু বিশ্ৰাম-বাৰো পালন কৰা হৈছিল। সেই দিনা লোকসকলে দৈনন্দিন কাম কৰাটো মানা আছিল।—লেবী ২৩:২৭, ২৮; পাঁচ ২৭:৯; কল ১:২০; ইব্ৰী ৯:১২.
ফ
ফৰাৎ:
এচিয়াৰ দক্ষিণ-পশ্চিম ভাগৰ আটাইতকৈ দীঘল আৰু বিশেষ নদী। এয়া মিচপতামিয়াৰ দুখন ডাঙৰ নদীৰ ভিতৰত এখন হয়। এই নাম প্ৰথমবাৰ আদিপুস্তক ২:১৪ পদত উল্লেখ আছে, যʼত ইয়াক এদনৰ চাৰিখন নদীৰ ভিতৰত এখন বুলি কোৱা হৈছে। ইয়াক প্ৰায়ে “মহা-নদী” বুলি কোৱা হয়। (আদি ৩১:২১) এই নদী ইস্ৰায়েলক দিয়া এলেকাৰ উত্তৰ সীমা আছিল।—আদি ১৫:১৮; প্ৰকা ৯:১৪; ১৬:১২.
ফৰিং:
মোচিৰ নিয়মৰ অনুসৰি ফৰিঙক শুচি বুলি গণ্য কৰা হৈছিল আৰু ইস্ৰায়েলীসকলে এয়া খোৱাৰ অনুমতি আছিল। যেতিয়া ফৰিঙৰ ডাঙৰ জাকে সন্মুখত পোৱা সকলো বস্তুক খাই টকলা কৰি দিয়ে আৰু ধ্বংস কৰি পেলায়, তেতিয়া তাক ফৰিংবিলাকৰ বিপত্তি বুলি কোৱা হৈছিল।—যাত্ৰা ১০:১৪; মথি ৩:৪.
ফৰীচী:
প্ৰথম শতিকাৰ যিহূদী ধৰ্মৰ এটা বিখ্যাত ধাৰ্মিক গোট। তেওঁলোক পুৰোহিতসকলৰ বংশৰ নাছিল, তথাপি তেওঁলোকে মোচিৰ নিয়মত লিখা এটা এটা কথা কঠোৰভাৱে পালন কৰিছিল আৰু মৌখিকভাৱে শিকোৱা পৰম্পৰাকো সিমানেই গুৰুত্ব দিছিল। (মথি ২৩:২৩) তেওঁলোকে গ্ৰীক সংস্কৃতিক বিৰোধ কৰিছিল। নিয়ম আৰু পৰম্পৰাবোৰৰ ভাল জ্ঞান থকাৰ কাৰণে তেওঁলোকে লোকসকলৰ ওপৰত অধিকাৰ চলাইছিল। (মথি ২৩:২-৬) কিছুমান ফৰীচী মহা-সভাৰ সদস্যও আছিল। তেওঁলোকে বহুতো ক্ষেত্ৰত যীচুৰ বিৰোধ কৰিছিল, যেনে, বিশ্ৰাম-বাৰ আৰু পৰম্পৰাবোৰ পালন কৰা আৰু পাপী আৰু কৰতোলা লোকসকলৰ লগত সংগতি কৰাৰ ক্ষেত্ৰত। কিছুমান ফৰীচী খ্ৰীষ্টান হʼল, যিসকলৰ মাজৰ এজন আছিল তাৰ্চত থকা চৌল।—মথি ৯:১১; ১২:১৪; মাৰ্ক ৭:৫; লূক ৬:২; পাঁচ ২৬:৫.
ফৰৌণ:
মিচৰৰ ৰজাবিলাকৰ উপাধি। বাইবেলত পাঁচজন ফৰৌণৰ নাম দিয়া হৈছে (চীচক, চো, তিৰ্হাকা, নখো আৰু হফ্ৰা), কিন্তু বাকীবিলাকৰ নাম দিয়া হোৱা নাই। ইয়াত সেই ফৰৌণসকলো জড়িত আছে, যিসকলৰ বিষয়ে অব্ৰাহাম, মোচি আৰু যোচেফৰ বিৱৰণত পোৱা যায়।—যাত্ৰা ১৫:৪; ৰোম ৯:১৭.
ব
বলিদান:
ঈশ্বৰক ধন্যবাদ দিবলৈ, নিজৰ দোষ প্ৰকাশ কৰিবলৈ আৰু তেওঁৰ লগত আকৌ এবাৰ এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলৈ আগবঢ়োৱা উছৰ্গা। হেবলৰ সময়ৰ পৰা মানুহে নিজ ইচ্ছাৰে বিভিন্ন ধৰণৰ বলিদান আগবঢ়াইছিল, যেনে জীৱ-জন্তুৰ বলিদান। কিন্তু আগলৈ গৈ মোচিৰ নিয়মৰ অনুসৰি এইদৰে কৰাটো এটা নিয়ম হৈ পৰিল। যেতিয়া যীচুৱে নিজৰ সিদ্ধ জীৱনৰ বলিদান দিলে, তেতিয়াৰে পৰা জীৱ-জন্তুৰ বলিদান আগবঢ়োৱাৰ প্ৰয়োজন নহʼল। তথাপিও খ্ৰীষ্টানসকলে ঈশ্বৰক আনন্দিত কৰা কামবোৰ কৰি এক অৰ্থত বলিদান আগবঢ়ায়।—আদি ৪:৪; ইব্ৰী ১৩:১৫, ১৬; ১যোহ ৪:১০.
বাপ্তিষ্মা; বাপ্তিষ্মা দিয়া:
এই ক্ৰিয়াৰ অৰ্থ হৈছে “পানীত ডুবোৱা” বা পানীৰ ভিতৰত ডুবাই উলিয়াই দিয়া। যীচুৱে বিচাৰিছিল যে যিজনে তেওঁৰ শিষ্য হʼব বিচাৰে, তেওঁ বাপ্তিষ্মা লʼব লাগিব। শাস্ত্ৰত কেইবা ধৰণৰ বাপ্তিষ্মাৰ বিষয়ে কোৱা হৈছে। যেনে, যোহনে দিয়া বাপ্তিষ্মা, পবিত্ৰ শক্তিৰে দিয়া বাপ্তিষ্মা আৰু জুইৰে দিয়া বাপ্তিষ্মা।—মথি ৩:১১, ১৬; ২৮:১৯; যোহ ৩:২৩; ১পিত ৩:২১.
বাল দেৱতা:
কনান দেশৰ এজন দেৱতা। তেওঁক আকাশৰ মালিক বুলি বিশ্বাস কৰা হৈছিল, যিজনে বৰষুণ দিয়ে। তেওঁক প্ৰজনন শক্তি আৰু উৎপাদনৰ দেৱতা বুলিও বিশ্বাস কৰা হৈছিল। বেলেগ বেলেগ এলেকাৰ সৰু-সুৰা দেৱতাবিলাককো “বাল” বুলি কোৱা হৈছিল। হিব্ৰু ভাষাত এই শব্দৰ অৰ্থ হৈছে, “মালিক।”—১ৰাজা ১৮:২১; ৰোম ১১:৪.
বিটা:
দীঘল আৰু দূৰত্ব জোখা জোখ-মাখ। বুঢ়া আঙুলিৰ মূৰৰ পৰা কেঞা আঙুলি মূৰলৈকে থকা দূৰত্ব। এখন হাত ৪৪.৫ ছে.মি. (১৭.৫ ইঞ্চি) আছিল, সেই হিচাপত এক বিটা প্ৰায় ২২.২ ছে.মি. (৮.৭৫) হয়।—যাত্ৰা ২৮:১৬; ১চমূ ১৭:৪.
বিশ্ৰাম-বাৰ:
এয়া হিব্ৰু শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “আৰাম কৰা; ৰখি যোৱা।” এয়া যিহূদীসকলৰ সপ্তাহৰ সপ্তম দিন হয় (অৰ্থাৎ শুক্ৰবাৰৰ বেলি মাৰ যোৱাৰ পৰালৈ শনিবাৰ বেলি মাৰ যোৱালৈকে।) বছৰৰ উৎসৱৰ কিছুমান দিনক আৰু সপ্তম আৰু ৫০তম বছৰকো বিশ্ৰাম-বাৰ বুলি কোৱা হৈছিল। বিশ্ৰাম-বাৰে কোনো কাম কৰা হোৱা নাছিল। কেৱল পুৰোহিতসকলে পবিত্ৰ-স্থানত সেৱা কৰিব পাৰিছিল। বিশ্ৰাম-বাৰৰ সময়ছোৱাত খেতিত শস্য দোৱা আৰু চপোৱা কাম কৰিব নালাগিছিল আৰু কোনো ইব্ৰী ভাইক ধাৰ পৰিশোধ কৰিবলৈ হেঁচা দিয়া নহৈছিল। মোচিৰ নিয়মত বিশ্ৰাম-বাৰৰ কাৰণে যিবোৰ কৰিবলৈ নিষেদ কৰা হৈছিল, সেইবোৰ পালন কৰিবলৈ কঠিন নাছিল। কিন্তু ধৰ্মগুৰুসকলে লাহে লাহে তাত বহুতো নিয়ম যোগ কৰিলে আৰু যীচুৰ সময়লৈকে এইবোৰ পালন কৰিবলৈ লোকসকলৰ কাৰণে কঠিন হৈ পৰিল।—যাত্ৰা ২০:৮; লেবী ২৫:৪; লূক ১৩:১৪-১৬; কল ২:১৬.
বেদী:
বলিদান উৎসৰ্গ কৰিবলৈ আৰু ধূপ জ্বলাবলৈ মাটি, শিল, শিলা বা কাঠক ধাতুৰে মেৰিয়াই বনোৱা ওখ দʼম। পবিত্ৰ তম্বু আৰু মন্দিৰৰ প্ৰথম কোঠালিত এখন সৰু “সোণৰ বেদী” আছিল, যʼত ধূপ জ্বলোৱা হৈছিল। সেয়া কাঠেৰে বনোৱা আছিল আৰু তাৰ ওপৰত সোণ মেৰিয়াই থোৱা আছিল। হোম-বলিৰ কাৰণে এখন ডাঙৰ “তামৰ বেদী” বাহিৰৰ চোতালত আছিল।—যাত্ৰা ৩৯:৩৮, ৩৯; ১ৰাজা ৬:২০; মথি ৫:২৩, ২৪; লূক ১:১১; পাঁচ ১৭:২৩.
বেদীৰ শিংবোৰ:
কিছুমান বেদীৰ চাৰিও চোকত উঠি থকা ভাগ, যাক শিঙৰ আকাৰ দিয়া হৈছিল।—লেবী ৮:১৫; ১ৰাজা ২:২৮; প্ৰকা ৯:১৩.
বেল্চবূব:
চয়তানক দিয়া এটা নাম, যিজন দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা হয়। এই নাম হয়তো বাল-জবূব নামৰেই দ্বিতীয় ৰূপ হয়। এই বাল দেৱতাৰ পূজা ইক্ৰোণৰ পলেষ্টীয়াবিলাকে কৰিছিল।—২ৰাজা ১:৩; মথি ১২:২৪.
বেশ্যা:
ইয়াৰ গ্ৰীক শব্দ পʼৰণেৰ অৰ্থ হৈছে “বেচা।” যদিও বেশ্যাৰ কাম প্ৰায়েই তিৰোতাসকলে কৰে, কিন্তু বাইবেলত এনে পুৰুষসকলৰ বিষয়েও কোৱা হৈছে, যিসকলে পুৰুষে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিছিল। মোচিৰ নিয়মত বেশ্যাৰ কামক নিন্দা কৰা হৈছিল। যিহোৱাৰ পবিত্ৰ-স্থানত বেশ্যাই উপাৰ্জন কৰা টকা দান হিচাপে গ্ৰহণ কৰা হোৱা নাছিল, কিন্তু মিছা ধৰ্মৰ মন্দিৰবোৰত বেশ্যাৰ কাম কৰা সকলক ৰখা হৈছিল, কিয়নো তেওঁলোকে পইচা উপাৰ্জন কৰাৰ এক উপায় আছিল। (দ্বিতী ২৩:১৭, ১৮; ১ৰাজা ১৪:২৪) বাইবেলত এনে লোক, ৰাষ্ট্ৰ আৰু সংগঠনবোৰকো লাক্ষণিকভাৱে বেশ্যা বুলি কোৱা হৈছে, যিসকলে ঈশ্বৰৰ উপাসক হওঁ বুলি দাবী কৰাৰ লগতে মূৰ্তিপূজাও কৰিছিল। উদাহৰণস্বৰূপে, জগতত বিয়পি থকা ধৰ্মৰ যি ব্যৱস্থাক “মহা-বাবিল” বুলি কোৱা হৈছে, তাক প্ৰকাশিত বাক্যত বেশ্যা বুলি কোৱা হৈছে, কিয়নো তাই ধন-সম্পত্তি আৰু শক্তিৰ কাৰণে জগতৰ শাসকসকলৰ লগত সম্পৰ্ক ৰাখে।—প্ৰকা ১৭:১-৫; ১৮:৩; ১বং ৫:২৫.
ভ
ভৱিষ্যবাণী:
ঈশ্বৰৰ পৰা পোৱা বাৰ্তা, লাগিলে সেয়া ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰাই হওক বা তাৰ বিষয়ে ঘোষণা কৰা। এয়া ঈশ্বৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা, তেওঁৰ আজ্ঞা, তেওঁৰ নিৰ্ণয় বা ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ খবৰো হʼব পাৰে।—মথি ১৩:১৪; ২পিত ১:২০, ২১.
ভৱিষ্যবাণী কৰাজন:
এনে ব্যক্তি, যিজনে ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰ কৈছোঁ বুলি দাবী কৰে। বাইবেলত ‘ভৱিষ্যবাণী কৰাজনৰ’ অৰ্থ হৈছে যাদুবিদ্যা কৰা পূজাৰী, জ্যোতিষী আৰু এনেধৰণৰ কাম কৰা আন লোকসকল।—লেবী ১৯:৩১; দ্বিতী ১৮:১১; পাঁচ ১৬:১৬.
ম
মচীহ:
এয়া হিব্ৰু শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “অভিষিক্ত” বা “অভিষিক্ত জনা।” “খ্ৰীষ্ট” শব্দটো সেই একেই অৰ্থ বুজোৱা গ্ৰীক শব্দৰ পৰা আহিছে।—দানি ৯:২৫; যোহ ১:৪১.
মণ্ডলী:
লোকসকলৰ এটা সমূহ, যি কোনো বিশেষ উদ্দেশ্য বা কামৰ কাৰণে একগোট হৈছিল। হিব্ৰু শাস্ত্ৰত ইস্ৰায়েল ৰাষ্ট্ৰক “মণ্ডলী” বুলি কোৱা হৈছে। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দ বেলেগ বেলেগ মণ্ডলীৰ কাৰণে ব্যৱহাৰ হৈছে, কিন্তু বেছিভাগ পদত গোটেই খ্ৰীষ্টান মণ্ডলীৰ কাৰণে ব্যৱহাৰ কৰা হৈছে।—১ৰাজা ৮:২২; পাঁচ ৯:৩১; ৰোম ১৬:৫.
মধ্যস্থতা:
দুটা পক্ষক মিল হʼবলৈ সহায় কৰাজন। বাইবেলত নিয়মৰ চুক্তিৰ মধ্যস্থতা হৈছে মোচি আৰু নতুন চুক্তিৰ মধ্যস্থতা হৈছে যীচু।—গালা ৩:১৯; ১তীম ২:৫; ইব্ৰী ১২:২৪.
মন্দিৰ:
যিৰূচামেলত ইস্ৰায়েলীসকলে ঈশ্বৰৰ উপাসনা কৰিবলৈ ব্যৱহাৰ কৰা স্থায়ী ভৱন। ইয়াৰ আগতে তেওঁলোকে পবিত্ৰ তম্বুত উপাসনা কৰিছিল, যাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰিছিল। প্ৰথম মন্দিৰ চলোমনে বনাইছিল কিন্তু বাবিলৰ লোকসকলে তাক ধ্বংস কৰিছিল। যেতিয়া ইস্ৰায়েলীসকলে বাবিলৰ দাসত্বৰ পৰা উভতি আহিছিল, তেতিয়া জৰুব্বাবিলে দ্বিতীয় মন্দিৰ বনাইছিল। পাছলৈ এই মন্দিৰক হেৰোদ মহানে আকৌ বনাইছিল। পাছলৈ ইয়াক “ঘৰ” বুলি কোৱা হʼল।—মথি ২১:১৩; লূক ১১:৫১; ১বং ২৯:১; ২বং ২:৪; মথি ২৪:১.
মহা-কৃপা:
ইয়াৰ গ্ৰীক শব্দৰ মুখ্য অৰ্থ হৈছে কোনো কথা বা বস্তু, যি ভাল হয় আৰু যিয়ে মন জয় কৰে। এই শব্দ প্ৰায়েই আনন্দেৰে দিয়া উপহাৰ বা প্ৰেমেৰে দিয়া উপহাৰৰ কাৰণে ব্যৱহাৰ হয়। যʼত ঈশ্বৰৰ মহা-কৃপাৰ বিষয়ে কোৱা আছে, তাত তাৰ অৰ্থ হৈছে এনে উপহাৰ, যি ঈশ্বৰে উদাৰতাৰে দিয়ে আৰু তাৰ সলনি কিবা পাবলৈ আশা নকৰে। সেইবাবে, “মহা-কৃপা” শব্দৰ পৰা জানিব পাৰি যে ঈশ্বৰে মানুহক যি দিয়ে প্ৰচুৰ পৰিমাণে দিয়ে, তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ ওপৰত কৃপা কৰে। ইয়াৰ গ্ৰীক শব্দৰ অনুবাদ “কৃপা” আৰু “আশীৰ্বাদ” আদি কৰা হৈছে। মহা-কৃপা অৰ্জন কৰিব নোৱাৰি আৰু ইয়াৰ যোগ্য হওঁ বুলি কোনেও দাবী কৰিব নোৱাৰে। এই কৃপা মহা-কৃপা কৰাজনৰ উদাৰতাৰ কাৰণে তেওঁলোকৰ ওপৰত কৰা হয়।—২কৰি ৬:১; ইফি ১:৭.
মহা-পবিত্ৰ ভাগ:
পবিত্ৰ তম্বু আৰু মন্দিৰৰ ভিতৰৰ কোঠা, যʼত চুক্তিৰ চন্দুক ৰখা হৈছিল। মোচিৰ নিয়মৰ অনুসৰি কেৱল মহা-পুৰোহিতক মহা-পবিত্ৰ ভাগত যাবলৈ অনুমতি আছিল। তেওঁ বছৰেকত কেৱল এবাৰ প্ৰায়শ্চিত্তৰ দিনাখন তালৈ যাব পাৰিছিল।—যাত্ৰা ২৬:৩৩; লেবী ১৬:২, ১৭; ১ৰাজা ৬:১৬; ইব্ৰী ৯:৩.
মহা-পুৰোহিত:
মোচিৰ নিয়মৰ অনুসৰি সকলোতকৈ ডাঙৰ পুৰোহিত, যিজনে লোকসকলৰ ফালৰ পৰা ঈশ্বৰৰ ওচৰলৈ গৈছিল আৰু বাকী পুৰোহিতসকলৰ কামবোৰ চোৱা-চিতা কৰিছিল। কেৱল তেৱেঁই পবিত্ৰ তম্বু আৰু পাছত মন্দিৰৰ মহা-পবিত্ৰ ভাগত যাব পাৰিছিল। তেওঁ বছৰেকত কেৱল এবাৰেই অৰ্থাৎ প্ৰায়শ্চিত্তৰ দিনাখন মহা-পবিত্ৰ ভাগত গৈছিল। যীচু খ্ৰীষ্টকো “মহা-পুৰোহিত” বুলি কোৱা হৈছে।—লেবী ১৬:২, ১৭; ২১:১০; মথি ২৬:৩; ইব্ৰী ৪:১৪.
মহামাৰী:
যিকোনো সংক্ৰামক বেমাৰ, যি অতি সোনকালে বহুতো এলেকাত বিয়পিব পাৰে, যাৰ কবলত পৰি বহুতো লোকৰ মৃত্যু হʼব পাৰে।—লূক ২১:১১.
মহা-সভা:
যিৰূচালেমত যিহূদীসকলৰ আটাইতকৈ ডাঙৰ আদালত। যীচুৰ সময়ত মহা-সভা ৭১ জন সদস্যৰে গঠিত হৈছিল। ইয়াত মহা-পুৰোহিত আৰু সেই লোকসকল, যিসকল আগতে মহা-পুৰোহিত আছিল, মহা-পুৰোহিতৰ পৰিয়ালৰ লোক, মুৰব্বী, গোষ্ঠী আৰু পৰিয়ালৰ মুৰব্বী আৰু নিয়ম শিকোৱা লোক জড়িত আছিল।—মাৰ্ক ১৫:১; পাঁচ ৫:৩৪; ২৩:১, ৬.
মহা-সংকট:
যীচুৱে কৈছিল যে যিৰূচালেমত এনে এক “মহা-সংকট” আহিব, যি আগতে কেতিয়াও অহা নাছিল। তেওঁ এয়াও কৈছিল যে ভৱিষ্যতে যেতিয়া তেওঁ ‘মহিমাৰে সৈতে আহিব,’ তেতিয়া গোটেই মানৱজাতিৰ ওপৰত এনেধৰণৰ “মহা-সংকট” আহিব। (মথি ২৪:২১, ২৯-৩১) পৌলে কৈছিল যে ‘যিসকলে ঈশ্বৰক নাজানে আৰু যীচুৰ বিষয়ে শুভবাৰ্তাৰ অনুসৰি নচলে,’ তেওঁলোকৰ ওপৰত এই সংকট আনি ঈশ্বৰে নিজৰ ন্যায়ৰ প্ৰমাণ দিব। (২থিচ ১:৬-৮; প্ৰকা ১৯:১১-২১) প্ৰকাশিত বাক্য ১৯ অধ্যায়ে দেখুৱায় যে যীচুৱে ‘বনৰীয়া জন্তু আৰু পৃথিৱীৰ ৰজা আৰু তেওঁলোকৰ সেনাবিলাকৰ’ যুদ্ধ কৰিবলৈ নিজৰ স্বৰ্গীয় সেনাৰ লগত আহি আছে। (২থিচ ১:৬-৮; প্ৰকা ১৯:১১-২১) এই সংকটৰ পৰা “এটা ডাঙৰ ভীৰ” বাচি ওলাই আহিব। (প্ৰকা ৭:৯, ১৪)—হৰমাগিদোন চাওক।
মাকিদনিয়া:
গ্ৰীচৰ উত্তৰ দিশৰ এখন প্ৰদেশ, যি আলেকজেন্দাৰ মহানৰ শাসনত বিখ্যাত হৈছিল। এয়া এক স্বাধীন প্ৰদেশ আছিল, যি আগলৈ গৈ ৰোমান লোকসকলে ইয়াক দখল কৰিলে। পাঁচনি পৌলে ইউৰোপৰ প্ৰথম যাত্ৰা কৰাৰ সময়ত মাকিদনিয়া এখন ৰোমান প্ৰদেশ আছিল। তেওঁ এই প্ৰদেশত তিনিবাৰ যাত্ৰা কৰিলে।—পাঁচ ১৬:৯.
মাচুল:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত প্ৰতিজন ব্যক্তিয়ে ব্যক্তিগতভাৱে দিয়া কৰক বুজায়।—নহি ৫:৪; ৰোম ১৩:৭.
মাদিয়া:
মাদিয়াৰ লোকসকল যেফতৰ পুত্ৰ মাদয়ৰ বংশৰ আছিল। তেওঁলোকে ইৰানৰ মালভূমিত থাকিবলৈ লʼলে, যি এক পাহাৰীয়া এলেকা আছিল আৰু ইয়াক মাদিয়া দেশ বুলি কোৱা হʼল। ৩৩ খ্ৰীষ্টাব্দৰ পেণ্টাকোষ্টৰ দিনাখন মাদিয়াৰ লোকসকলেও যিৰূচালেমত উপস্থিত আছিল।—পাঁচ ২:৯.
মানুহৰ পুত্ৰ:
শুভবাৰ্তাৰ কিতাপবোৰত এই শব্দ প্ৰায় ৮০ বাৰ আহিছে। এই শব্দ যীচু খ্ৰীষ্টৰ কাৰণে ব্যৱহাৰ হৈছে, যিয়ে দেখুৱায় যে তেওঁ এনে স্বৰ্গদূত নাছিল, যিজনে পৃথিৱীলৈ আহিবলৈ মানৱীয় শৰীৰ ধাৰণ কৰিছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ মানুহৰ ৰূপত জন্ম লৈছিল। এই শব্দই এয়াও দেখুৱায় যে যীচুৱে দানিয়েল ৭:১৩, ১৪ পদত কোৱা ভৱিষ্যবাণী পূৰ কৰিলেহেঁতেন। হিব্ৰু শাস্ত্ৰত এই শব্দ যিহিষ্কেল আৰু দানিয়েলৰ কাৰণেও ব্যৱহাৰ হৈছে যাতে বাৰ্তা শুনোৱা এই বিনাশী মানুহ আৰু বাৰ্তা দিয়া ঈশ্বৰৰ মাজত কিমান পাৰ্থক্য আছে, সেয়া দেখুৱাব পাৰে।—যিহি ৩:১৭; দানি ৮:১৭; মথি ১৯:২৮; ২০:২৮.
মান্না:
অৰণ্যত ৪০ বছৰৰ সময়ছোৱাত ইস্ৰায়েলীসকলৰ মুখ্য আহাৰ আছিল। যিহোৱাই ইয়াক আচৰিতভাৱে দিবলৈ ব্যৱস্থা কৰিছিল। বিশ্ৰাম-বাৰৰ বাহিৰে সদায় ৰাতিপুৱা মান্না মাটিত নিয়ৰৰ দলিচাৰ তলত পৰি থকা পোৱা গৈছিল। যেতিয়া ইস্ৰায়েলীসকলে প্ৰথমবাৰ এয়া দেখিলে, তেতিয়া সুধিলে, “এইয়া কি?” বা হিব্ৰু ভাষাত “মান-হূ?” (যাত্ৰা ১৬:১৩-১৫, ৩৫) যীচুৱেও মান্না শব্দটো লাক্ষণিকভাৱে ব্যৱহাৰ কৰিছিল।—যোহ ৬:৪৯, ৫০.
মীনা:
মুক্তিৰ মূল্য:
বন্দী, শাস্তি, কষ্ট, পাপ বা কোনো দায়িত্বৰ পৰা মুকলি হʼবলৈ দিবলগীয়া মূল্য। এই মূল্য সদায় পইচা দি পৰিশোধ কৰা নহৈছিল। (যিচ ৪৩:৩) বহুতো বেলেগ বেলেগ পৰিস্থিতি আছিল, যʼত মুক্তিৰ মূল্য দিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলৰ সকলো প্ৰথম সন্তান লʼৰা বা তেওঁলোকৰ জীৱ-জন্তুৰ প্ৰথমে জন্ম হোৱা মতা জন্তু যিহোৱাৰ আছিল আৰু সেইবোৰ বিশেষকৈ তেওঁৰ সেৱাৰ কাৰণে পৃথক কৰা হৈছিল। সেইবাবে, সেইবোৰক মুকলি কৰিবলৈ মুক্তিৰ মূল্য দিবলগীয়া হৈছিল। (গণ ৩:৪৫, ৪৬; ১৮:১৫, ১৬) যদি কোনো ভয়ানক ষাঁড় গৰুক বান্ধি ৰখা নহৈছিল আৰু সি কাৰোবাক হত্যা কৰিছিল, তেনেহʼলে তাৰ মালিকক মৃত্যুৰ শাস্তি দিয়া হৈছিল। যদি মালিকে এই শাস্তিৰ পৰা বাচিব বিচাৰিছিল, তেনেহʼলে তেওঁৰ পৰা যিমান মুক্তিৰ মূল্য খোজা হৈছিল, সিমানেই দিবলগীয়া হৈছিল। (যাত্ৰা ২১:২৯, ৩০) কিন্তু জানি-শুনি হত্যা কৰা লোকসকলৰ কাৰণে কোনো মুক্তিৰ মূল্য নাছিল। (গণ ৩৫:৩১) বাইবেলত কৈছে যে আটাইতকৈ ডাঙৰ মুক্তিৰ মূল্য খ্ৰীষ্টই দিছে। তেওঁ আজ্ঞা পালন কৰা লোকসকলক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ নিজৰ জীৱন দিলে।—গীত ৪৯:৭, ৮; মথি ২০:২৮; ইফি ১:৭.
মুখ্য অধিকাৰী:
যীচু খ্ৰীষ্টক দিয়া এটা উপাধি। ইয়াৰ পৰা তেওঁৰ বিশেষ ভূমিকাৰ বিষয়ে জানিব পাৰি যে তেওঁ বিশ্বাসী লোকসকলক পাপৰ ভয়ানক পৰিণামৰ পৰা উদ্ধাৰ কৰিব আৰু অনন্ত জীৱন পোৱাৰ ৰাস্তা দেখুৱাব।—পাঁচ ৩:১৫; ৫:৩১; ইব্ৰী ২:১০; ১২:২.
মূৰ্তি; মূৰ্তিপূজা:
মানুহে উপাসনা কৰিবলৈ বনোৱা কোনো বাস্তৱিক বা কাল্পনিক বস্তুৰ প্ৰতিমা। মূৰ্তিপূজাৰ অৰ্থ হৈছে মূৰ্তিক শ্ৰদ্ধা কৰা, গভীৰ আদৰ আৰু প্ৰেম দেখুৱা আৰু সেই মূৰ্তিক উপাসনা কৰা।—গীত ১১৫:৪; পাঁচ ১৭:১৬; ১কৰি ১০:১৪.
মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা:
ইয়াৰ গ্ৰীক শব্দ আনাষ্টাচিছৰ আক্ষৰিক অৰ্থ হৈছে, “উঠা; থিয় হোৱা।” বাইবেলত এনে নজন লোকৰ বিষয়ে কোৱা হৈছে, যিসকলক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হৈছিল। তেওঁলোকৰ ভিতৰত যীচু এজন আছিল, যিজনক যিহোৱাই জীয়াই তুলিছিল। যদিও বাকী আঠজন লোকক এলিয়া, ইলীচা, যীচু, পিতৰ আৰু পৌলে জীয়াই তুলিছিল, কিন্তু এই কথা স্পষ্ট যে তেওঁলোকে এই চমৎকাৰ ঈশ্বৰৰ শক্তিৰে কৰিছিল। ঈশ্বৰৰ উদ্দেশ্য পূৰ হʼবলৈ “ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক” পৃথিৱীত মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলাটো প্ৰয়োজন। (পাঁচ ২৪:১৫) বাইবেলত এয়াও কোৱা হৈছে যে কিছুমান মৃতলোকক স্বৰ্গত জীয়াই তোলা হʼব আৰু এয়াও কোৱা হৈছে যে যীচুৰ অভিষিক্ত ভাইসকলক “প্ৰথমতে জীয়াই তুলিব।”—ফিলি ৩:১১; প্ৰকা ২০:৫, ৬; যোহ ৫:২৮, ২৯; ১১:২৫.
মোচিৰ নিয়ম:
মোনা:
ইয়াক ভেড়া-ছাগলী বা আন কোনো জন্তুৰ চালেৰে বনোৱা হৈছিল আৰু ইয়াত দ্ৰাক্ষাৰস ৰখা হৈছিল। যেতিয়া দ্ৰাক্ষাৰস খমিৰ হৈছিল, তেতিয়া ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ওলাইছিল, ইয়ে মোনাত চাপ উৎপন্ন কৰিছিল। সেইবাবে, দ্ৰাক্ষাৰস নতুন মোনাত ৰখা হৈছিল, কিয়নো এয়া বহল হৈছিল, কিন্তু পুৰণি মোনা টান হৈছিল আৰু বেছি চাপ উৎপন্ন হোৱাৰ কাৰণে ফাটি গৈছিল।—যিহো ৯:৪; মথি ৯:১৭.
মোলক:
অম্মোনীয়াবিলাকৰ দেৱতা। হয়তো ইয়াক মলকম আৰু মিলকম বুলিও কোৱা হৈছিল।—পাঁচ ৭:৪৩.
মোহৰ:
এনে বস্তু যʼত চাপ মৰা হৈছিল। (এই চাপ সাধাৰণতে মিহি মাটি বা মমত লগোৱা হৈছিল।) কোনো বস্তু, নথি-পত্ৰবোৰত লগোৱা মোহৰে দেখুৱাইছিল যে তাৰ মালিক কোন হয়, সেয়া আচল হয়, নে দুটা পক্ষৰ মাজত চুক্তি কৰা হৈছে। প্ৰাচীন সময়ত মোহৰ টান বস্তুৰে (যেনে শিল, হাতীৰ দাঁত বা কাঠ) বনোৱা হৈছিল, যাৰ ওপৰত আখৰ বা প্ৰতীক ওলোটাকৈ খুদিত কৰা হৈছিল। কোনো কথা সত্য বা ৰহস্য বুজাবলৈও মোহৰক লাক্ষণিক হিচাপে ব্যৱহাৰ কৰা হৈছে। মোহৰ মৰা এয়াও দেখুৱায় যে কাৰ ওপৰত কাৰ অধিকাৰ আছে।—মথি ২৭:৬৬; যোহ ৬:২৭; ইফি ১:১৩; প্ৰকা ৫:১; ৯:৪.
য
যাকোব:
ইচহাক আৰু ৰিবেকাৰ লʼৰা। ঈশ্বৰে তেওঁক পাছলৈ ইস্ৰায়েল নাম দিলে আৰু তেওঁ ইস্ৰায়েল লোকৰ (যিসকলক ইস্ৰায়েলী আৰু আগলৈ গৈ যিহূদী বুলি কোৱা হৈছিল) কুলপিতৃ হʼল। তেওঁৰ ১২ জন লʼৰা আৰু তেওঁৰ বংশই মিলি ইস্ৰায়েল ৰাষ্ট্ৰৰ ১২ গোষ্ঠী হʼল। পাছলৈও ইস্ৰায়েল ৰাষ্ট্ৰ বা তেওঁৰ লোকসকলক যাকোব নামেৰে মতা হৈছিল।—আদি ৩২:২৮; মথি ২২:৩২.
যাতনাৰ কাঠ:
এয়া গ্ৰীক শব্দ ষ্টʼৰছৰ অনুবাদ হয়, ইয়াৰ অৰ্থ হৈছে এডাল চিধা কাঠ বা স্তম্ভ। যীচুক এনেধৰণৰ কাঠত আঁৰি হত্যা কৰা হৈছিল। এই কথাৰ কোনো প্ৰমাণ নাই যে এই গ্ৰীক শব্দৰ অৰ্থ ক্ৰুচ হয়। আচলতে খ্ৰীষ্ট পৃথিৱীলৈ অহাৰ আগতে, বহু শতিকাৰে পৰা মিছা ধৰ্মৰ লোকসকলে ক্ৰুচক এটা ধাৰ্মিক চিন হিচাপে ব্যৱহাৰ কৰিছিল। “যাতনাৰ কাঠ” শব্দটোৱে মূল শব্দৰ সম্পূৰ্ণ অৰ্থ দিয়ে, কিয়নো ষ্টʼৰছ শব্দৰ ব্যৱহাৰ এই কথাৰ কাৰণেও কৰা হয় যে যীচুৰ শিষ্যসকলক যাতনা, দুখ-কষ্ট আৰু লাজৰ সন্মুখীন হʼব লাগিব। (মথি ১৬:২৪; ইব্ৰী ১২:২)—কাঠ চাওক।
যাদুকৰ:
এনে এজন ব্যক্তি, যিজনে দুষ্ট স্বৰ্গদূতৰ সহায় লৈ কাম কৰে।—পাঁচ ১৩:৬.
যাদুবিদ্যা:
লোকসকলে বিশ্বাস কৰে যে মৃত্যুৰ পাছত এজন ব্যক্তিৰ শৰীৰৰ পৰা আত্মা ওলাই যায়, সেইবাবে যাদুবিদ্যা কৰা হয়। তেওঁলোকে এয়াও বিশ্বাস কৰে যে এই আত্মাই জীৱিত মানুহৰ লগত কথা পাতিব পাৰে আৰু কথা পাতেও, বিশেষকৈ সেই মানুহজনৰ যোগেদি, যিজনে মৃতবিলাকৰ লগত কথা পতাৰ দাবী কৰে। “যাদুবিদ্যাৰ” গ্ৰীক শব্দ হৈছে ফাৰমাকিয়া, যাৰ আক্ষৰিক অৰ্থ হৈছে “নিচাজাতীয় দৰব লোৱা।” এই গ্ৰীক শব্দ যাদুবিদ্যাৰ কাৰণেও ব্যৱহাৰ হʼবলৈ ধৰিলে, কিয়নো প্ৰাচীন সময়ত যাদুবিদ্যা কৰিবলৈ নিচাজাতীয় দৰব লোৱা হৈছিল।—গালা ৫:২০; প্ৰকা ২১:৮.
যিহূদা:
যাকোবৰ পত্নী লেয়াৰ চতুৰ্থ লʼৰা। মৃত্যু হোৱাৰ আগতে যাকোবে ভৱিষ্যবাণী কৰিছিল যে যিহূদা বংশৰ পৰা এজন মহান শাসক আহিব, যিজনে সদায় কাললৈকে শাসন কৰিব। মানুহৰ ৰূপত যীচুৰ জন্ম যিহূদাৰ বংশত হʼল। যিহূদা এটা গোষ্ঠীৰ নামো আছিল। আগলৈ গৈ যিহূদা আৰু বিন্যামীন গোষ্ঠীৰ লগত মিলি হোৱা ৰাজ্যৰ নাম যিহূদা হʼল।—আদি ২৯:৩৫; ৪৯:১০; ইব্ৰী ৭:১৪.
যিহূদী:
ইস্ৰায়েলৰ দহ গোষ্ঠীৰ ৰাজ্য ধ্বংস হোৱাৰ পাছত, যিহূদা গোষ্ঠীৰ লোকসকলক যিহূদী বুলি কোৱা হৈছিল। (২ৰাজা ১৬:৬) কিন্তু পাছত বাবিলৰ দাসত্বৰ পৰা উভতি অহা সকলো গোষ্ঠীৰ ইস্ৰায়েলীক যিহূদী বুলি কোৱা হʼল। (ইজ্ৰা ৪:১২) পাছলৈ গৈ এই নাম গোটেই পৃথিৱীত সিঁচৰিত হৈ থকা ইস্ৰায়েলীসকলক যিহূদী নোহোৱা ৰাষ্ট্ৰৰ পৰা পৃথক দেখুৱাবলৈ ব্যৱহাৰ হʼল। (ইষ্টে ৩:৬) পাঁচনি পৌলে এই শব্দ লাক্ষণিকভাৱে ব্যৱহাৰ কৰি এই প্ৰমাণ দিলে যে এজন খ্ৰীষ্টান কোনটো ৰাষ্ট্ৰৰ পৰা হয় এই কথা খ্ৰীষ্টান মণ্ডলীৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।—ৰোম ২:২৮, ২৯; গালা ৩:২৮.
যিহূদী ধৰ্ম গ্ৰহণ কৰা লোকসকল:
বাইবেলত কোৱা হৈছে যে যিহূদী ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ মাজৰ পুৰুষসকলক চুন্নৎ কৰা হৈছিল।—মথি ২৩:১৫; পাঁচ ১৩:৪৩.
যিহোৱা:
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদত যিহোৱাৰ নাম খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সৰ্বমুঠ ২৩৭ বাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ কিছুমান কাৰণ আছে:
১. যীচু আৰু তেওঁৰ পাঁচনিসকলৰ সময়ত হিব্ৰু শাস্ত্ৰৰ নকলবোৰত সেই সকলো ঠাইত ঈশ্বৰৰ নাম (সেয়া হৈছে, হিব্ৰুৰ চাৰিটা আখৰ יהוה) আছিল, যʼত হʼব লাগে।
২. যীচু আৰু তেওঁৰ পাঁচনিসকলৰ সময়ত হিব্ৰু শাস্ত্ৰৰ গ্ৰীক অনুবাদবোৰত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ আছিল।
৩. খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰই কয় যে যীচুৱে প্ৰায়েই ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছিল আৰু আনকো এয়া জনাইছিল।—যোহন ১৭:৬, ১১, ১২, ২৬.
৪. খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰও ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু বাইবেলৰ হিব্ৰু শাস্ত্ৰৰ পাছৰ ভাগ হয়, যদি হিব্ৰু শাস্ত্ৰত ঈশ্বৰৰ নাম আছে, তেনেহʼলে গ্ৰীক শাস্ত্ৰৰ পৰা এই নাম কেনেকৈ নোহোৱা হʼল, এই কথাটো সঠিক যেন লগা নাই।
৫. খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নামৰ সংক্ষিপ্ত ৰূপ ব্যৱহাৰ হৈছে।—প্ৰকাশিত বাক্য ১৯:১, ৩, ৪, ৬.
৬. আৰম্ভণিৰ যিহূদী কিতাপবোৰৰ পৰা জানিব পাৰি যে যিহূদী খ্ৰীষ্টানসকলে নিজৰ কিতাপবোৰত ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছে।
৭. বাইবেলৰ কিছুমান বিদ্বানে স্বীকাৰ কৰে যে ঈশ্বৰৰ নাম খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত হয়তো সেই ঠাইবোৰত আছিল, যʼত হিব্ৰু শাস্ত্ৰৰ উদ্ধৃতি দিয়া হৈছিল।
৮. এশতকৈ বেছি ভাষাত কৰা বাইবেল অনুবাদত ঈশ্বৰৰ নাম খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ব্যৱহাৰ কৰা হৈছে।
ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰৰ নাম ‘যিহোৱা’ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সেই সকলো ঠাইত আকৌ লিখা উচিত, যʼত এয়া আগতে আছিল, কিয়নো এইদৰে কৰাৰ উচিত কাৰণ আছিল। নতুন জগত অনুবাদৰ অনুবাদকসকলে ঠিক এইদৰেই কৰিলে। তেওঁলোকে ঈশ্বৰৰ নামৰ প্ৰতি গভীৰ সন্মান আৰু তেওঁৰ প্ৰতি ভয় ৰাখি বাইবেলৰ পৰা এনে কোনো কথা উলিয়াব নিবিচাৰে, যি মূল পাঠত আছিল।—প্ৰকাশিত বাক্য ২২:১৮, ১৯.
যুঁৱলি:
এজন মানুহৰ কান্ধৰ ওপৰত ৰখা এডাল লাঠি, যাৰ দুয়োফালে ভাৰ ওলোমোৱা হৈছিল। বা বোজা লোৱা দুটা জন্তুৰ (প্ৰায় গৰু) ডিঙিত ৰখা কাঠ, যাৰ যোগেদি হাল নিচিনা কোনো সঁজুলি বা গাড়ী টনা হৈছিল। দাসে প্ৰায়েই গধুৰ বোজা উঠাবলৈ যুঁৱলি ব্যৱহাৰ কৰিছিল। সেইবাবে, যুঁৱলিক দাস বা আনৰ অধীনত থকা আৰু অত্যাচাৰৰ চিন বুলি কোৱা হৈছে। যুঁৱলি আঁতৰোৱা বা ভঙাৰ অৰ্থ আছিল, দাসত্ব আৰু অত্যাচাৰৰ পৰা মুকলি হোৱা।—লেবী ২৬:১৩; মথি ১১:২৯, ৩০.
ৰ
ৰথ:
প্ৰাচীন সময়ত ৰথ যুদ্ধ আৰু যাত্ৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল।—যাত্ৰা ১৪:২৩; বিচা ৪:১৩; পাঁচ ৮:২৮; প্ৰকা ৯:৯.
ৰাজদণ্ড:
লাঠি বা দণ্ড, যি শাসকসকলে হাতত লৈ থাকিছিল আৰু যিয়ে তেওঁলোকৰ শাসন কৰাৰ অধিকাৰক চিত্ৰিত কৰিছিল।—আদি ৪৯:১০; ইব্ৰী ১:৮.
ৰাতিপুৱাৰ তৰা:
দিনৰ তৰা চাওক।
ৰোৱাষ্; নিওমা:
হিব্ৰু শব্দ ৰোৱাষ আৰু গ্ৰীক শব্দ নিওমাৰ অনুবাদ প্ৰায়েই “আত্মা” কৰা হৈছে। কিন্তু এই অনুবাদ সঠিক নহয়, কিয়নো ইয়ে অমৰ আত্মাৰ ভুল শিক্ষাক সমৰ্থন কৰে। (গীত ১৪৬:৪) ৰোৱাষ্ আৰু নিওমাৰ প্ৰকৃত অৰ্থ হৈছে, “উশাহ।” ইয়াৰ উপৰিও, এই শব্দৰ অৰ্থ এইবোৰো হয়: (১) বতাহ, (২) মানুহ আৰু জীৱ-জন্তুৰ জীৱন শক্তি, (৩) মানুহৰ মনৰ প্ৰেৰণা, (৪) ঈশ্বৰ আৰু দুষ্ট স্বৰ্গদূতৰ পৰা পোৱা বাৰ্তা, (৫) স্বৰ্গদূত আৰু (৬) ঈশ্বৰৰ প্ৰভাৱশালী শক্তি অৰ্থাৎ পবিত্ৰ শক্তি। (যাত্ৰা ৩৫:২১; গীত ১০৪:২৯; মথি ১২:৪৩; লূক ১১:১৩) সেইবাবে, এই সংস্কৰণত অৰ্থৰ ওপৰত ধ্যান ৰাখি এই শব্দবোৰ ব্যৱহাৰ কৰা হৈছে।
ল
লেপ্টা:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ লিখাৰ সময়ত এয়া যিহূদীসকলৰ আটাইতকৈ সৰু মুদ্ৰা আছিল, যি তাম আৰু কাঁহৰ আছিল। কিছুমান বাইবেল অনুবাদত ইয়াক “পাই” বুলি কোৱা হৈছে। (মাৰ্ক ১২:৪২, ফুট.; লূক ২১:২ ফুট.)—অতি. খ১৪ চাওক।
লেবী:
যাকোবৰ পত্নী লেয়াৰ তৃতীয় লʼৰা। লেবীৰ পৰা অহা গোষ্ঠীৰো এই নামেই আছিল। আগলৈ গৈ লেবীৰ তিনিজন লʼৰাৰ পৰা লেবীৰ তিনিটা দল হʼল। “লেবী” শব্দটো কেতিয়াবা কেতিয়াবা গোটেই গোষ্ঠীক কোৱা হৈছে, কিন্তু ইয়াত হাৰোণৰ পুৰোহিত পৰিয়াল জড়িত নাছিল। প্ৰতিজ্ঞা কৰা দেশত লেবী গোষ্ঠীয়ে উত্তৰাধিকাৰী হিচাপে কোনো মাটি পোৱা নাছিল। কিন্তু বাকী গোষ্ঠীৰ এলেকাত তেওঁলোকক ৪৮ খন চহৰ দিয়া হৈছিল।—দ্বিতী ১০:৮; ১বং ৬:১; ইব্ৰী ৭:১১.
শ
শপত:
কোনো কথা সঁচা হয় বুলি কʼবলৈ বা কোনো কাম কৰিব বা নকৰিব বুলি প্ৰতিজ্ঞা কৰিবলৈ শপত খোৱা হৈছিল। ই এনে এক প্ৰতিজ্ঞা হয়, যি প্ৰায়েই নিজতকৈ ডাঙৰৰ লগত কৰা হয়, বিশেষকৈ ঈশ্বৰৰ লগত। যিহোৱাই অব্ৰাহামৰ লগত কৰা নিজৰ চুক্তিক নিশ্চিত কৰিবলৈ তেওঁৰ লগত শপত খাই প্ৰতিজ্ঞা কৰিলে।—আদি ১৪:২২; ইব্ৰী ৬:১৬, ১৭.
শস্য মৰা; মৰণা মৰা খলা:
শস্যক ঠাৰি আৰু পতানৰ পৰা বেলেগ কৰাকে শস্য মৰা বুলি কোৱা হৈছিল। লাঠিৰে মাৰি মাৰি শস্যক বেলেগ কৰা হৈছিল। কিন্তু শস্য যদি বেছি থাকে, তেনেহʼলে বিশেষ এটা সঁজুলিৰে শস্য মৰা হৈছিল। যেনে, শস্য মৰা বাহন বা সৰু সৰু চকা, যাক জন্তুৱে টানিছিল। মৰণা মৰা খলাত শস্য পেলোৱা হৈছিল আৰু তাত শস্য মৰা সঁজুলি চলোৱা হৈছিল। শস্য মৰা ঠাইক মৰণা মৰা খলা বুলি কোৱা হৈছিল। মৰণা মৰা খলা প্ৰায় গোলাকাৰ আছিল আৰু ওখ ঠাইত বনোৱা হৈছিল, যʼত বতাহ বলিছিল।—লেবী ২৬:৫; যিচ ৪১:১৫; মথি ৩:১২.
শাস্ত্ৰ:
ঈশ্বৰে যি বাক্য লিখাইছে, তাক শাস্ত্ৰ বুলি কোৱা হয়। এই শব্দ কেৱল খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত পোৱা যায়।—লূক ২৪:২৭; ২তীম ৩:১৬.
শিং:
ইয়াক পি খোৱাৰ বৰ্তন, তেল থোৱাৰ বৰ্তন, চিয়াঁহী থʼবলৈ, কচমেটিকৰ বস্তু থোৱাৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পৰা বাদ্যযন্ত্ৰ বা শিঙাও বনোৱা হৈছিল। (১চমূ ১৬:১, ১৩; ১ৰাজা ১:৩৯; যিহি ৯:২) বাইবেলত “শিং” শব্দটো প্ৰায়েই শক্তি, জয় বা বিজয়ক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।—দ্বিতী ৩৩:১৭; মীখা ৪:১৩; লূক ১:৬৯.
শুচি:
বাইবেলত এই শব্দৰ অৰ্থ কেৱল নিজৰ শৰীৰক পৰিষ্কাৰ ৰখা নুবুজায়, ইয়াৰ পৰিৱৰ্তে নৈতিক দিশত আৰু উপাসনাৰ ক্ষেত্ৰত নিষ্কলংক হৈ থকা বা বিফল হʼলে আকৌ আগৰ অৱস্থালৈ উভতি অহাটোক বুজায়। শুচি হোৱাৰ আন এটা অৰ্থ হৈছে এনে সকলো বিষয়ৰ পৰা আঁতৰি থকা, যিয়ে নৈতিকভাৱে আৰু ঈশ্বৰৰ দৃষ্টিত দুষিত বা ভ্ৰষ্ট কৰিব পাৰে। মোচিৰ নিয়মত “শুচি” হোৱাৰ অৰ্থ আছিল, তেওঁৰ নিয়মৰ অনুসৰি নিজকে শুচি কৰা।—লেবী ১০:১০; গীত ৫১:৭; মথি ৮:২; ১কৰি ৬:১১.
শুভবাৰ্তা:
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা আৰু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে পোৱা উদ্ধাৰৰ শুভবাৰ্তাৰ বিষয়ে কোৱা হৈছে।—লূক ৪:১৮, ৪৩; পাঁচ ৫:৪২; প্ৰকা ১৪:৬.
শেষ-কাল:
এই শব্দ আৰু ইয়াৰ লগত মিল থকা শব্দ, ‘অন্তৰ সময়’ বাইবেলৰ ভৱিষ্যবাণীবোৰত ব্যৱহাৰ হৈছে। ইয়াৰ অৰ্থ হৈছে, ভৱিষ্যবাণীত কোৱা ঈশ্বৰৰ ন্যায়ৰ দিনৰ আগৰ সময়ছোৱা আৰু তাত ঘটিবলগীয়া ঘটনাবোৰ। (যিহি ৩৮:১৬; দানি ১০:১৪; পাঁচ ২:১৭) ভৱিষ্যবাণী কি বিষয়ত আছে, তাৰ ওপৰত নিৰ্ভৰ কৰে যে এই সময়ছোৱা কিছু বছৰৰ কাৰণে হয়, নে বহু বছৰৰ কাৰণে হয়। বাইবেলত দিয়া এই শব্দটো বিশেষকৈ যীচুৰ উপস্থিতিৰ সময়ছোৱাত চলি থকা বৰ্তমান সময়ৰ জগতৰ ব্যৱস্থাৰ ‘শেষ-কালক’ বুজায়।—২তীম ৩:১; যাকো ৫:৩; ২পিত ৩:৩.
শোক কৰা:
কাৰোবাৰ মৃত্যু হʼলে বা কিবা বিপদ ঘটিলে দুখ প্ৰকাশ কৰা। বাইবেলৰ সময়ত বহু দিনলৈকে শোক কৰাটো এটা ৰীতি আছিল। জোৰ জোৰকৈ কন্দাৰ উপৰিও শোক কৰা লোকসকলে বেলেগ ধৰণৰ কাপোৰ পিন্ধিছিল, মূৰত ছাই পেলাইছিল, নিজৰ কাপোৰ ফালিছিল আৰু হিয়া ভুকুৱাইছিল। কেতিয়াবা কেতিয়াবা মৃতলোকক কবৰ দিয়াৰ সময়ত শোক কৰিবলৈ লোকসকলক ভাড়াত মতা হৈছিল। —ইষ্টে ৪:৩; মথি ১১:১৭; মাৰ্ক ৫:৩৮; যোহ ১১:৩৩; প্ৰকা ২১:৪.
স
সভাঘৰ:
ইয়াৰ গ্ৰীক শব্দৰ অৰ্থ হৈছে “একগোট কৰা; সভা।” কিন্তু বেছিভাগ পদত ইয়াৰ অৰ্থ সেই ভৱন বা ঠাই, যʼত যিহূদীসকলে একগোট হৈছিল, শাস্ত্ৰ পঢ়া হৈছিল, নিৰ্দেশনা দিয়া হৈছিল, প্ৰচাৰ কৰা হৈছিল আৰু প্ৰাৰ্থনা কৰা হৈছিল। যীচুৰ সময়ত ইস্ৰায়েলৰ প্ৰতিখন চহৰত এখন সভাঘৰ আছিল আৰু ডাঙৰ ডাঙৰ চহৰত এখনতকৈ বেছি সভাঘৰ আছিল।—লূক ৪:১৬; পাঁচ ১৩:১৪, ১৫.
সমৰ্পণৰ উৎসৱ:
প্ৰতিবছৰে এই উৎসৱ মন্দিৰ শুদ্ধ কৰাৰ স্মৰণত পালন কৰা হৈছিল, যাক এণ্টীঅʼকচ এপিফেনচে অপবিত্ৰ কৰিছিল। এই উৎসৱ কিচ্লেব মাহৰ ২৫-ত আৰম্ভ হৈছিল আৰু আঠ দিনলৈকে চলিছিল।—যোহ ১০:২২.
সম্ৰাটৰ দেহৰক্ষী দল:
ৰোমান সৈনিকৰ এটা দল, যাক ৰোমান সম্ৰাটৰ সুৰক্ষাৰ কাৰণে নিযুক্ত কৰা হৈছে। পাছলৈ এই দল ইমানেই শক্তিশালী হʼল যে সম্ৰাটক সহযোগ কৰা বা সম্ৰাটক পদৰ পৰা আঁতৰোৱাৰ শক্তি তেওঁলোকৰ আছিল।—ফিলি ১:১৩.
সহায়ক সেৱক:
ইয়াৰ গ্ৰীক শব্দ দিয়াকʼনʼছ হয়, যাৰ অনুবাদ প্ৰায় “সেৱক” বুলি কৰা হয়। যিসকলে প্ৰাচীন গোষ্ঠীক সহায় কৰে, তেওঁলোকক “সহায়ক সেৱক” বুলি কোৱা হয়। এই দায়িত্বৰ যোগ্য হʼবলৈ তেওঁ বাইবেলত দিয়া যোগ্যতাবোৰ পূৰ কৰিব লাগিব।—১তীম ৩:৮-১০, ১২.
স্তম্ভ:
কোনো ভৱনক থিয় কৰি ৰাখিবলৈ ব্যৱহাৰ হোৱা স্তম্ভ। চলোমনে যি মন্দিৰ আৰু ৰাজকীয় ভৱন বনাইছিল, তাতো এই স্তম্ভ ব্যৱহাৰ কৰা হৈছিল। ইয়াক খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সহায়কৰ চিন (১তীম ৩:১৫) বা চিৰস্থায়ী পদৰ (প্ৰকা ৩:১২) চিন হিচাপে আক্ষৰিকভাৱে ব্যৱহাৰ কৰা হৈছে।—বিচা ১৬:২৯; ১ৰাজা ৭:২১.
স্তোয়িকী দাৰ্শনিক:
গ্ৰীক দাৰ্শনিকসকলৰ এটা দল, যিসকলে বিশ্বাস কৰিছিল যে যেতিয়া এজন ব্যক্তিয়ে বুদ্ধিমতাৰে কাম কৰে আৰু প্ৰকৃতিৰ নিয়ম অনুসৰি চলে, তেতিয়াহে তেওঁ জীৱনত আনন্দ লাভ কৰিব পাৰে। তেওঁলোকৰ দৃষ্টিত এজন ব্যক্তিক তেতিয়াহে বুদ্ধিমান বুলি ভবা হৈছিল, যেতিয়া সুখ বা দুখে তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাছিল।—পাঁচ ১৭:১৮.
স্বৰ্গদূত:
ইয়াৰ হিব্ৰু শব্দ মলাখ আৰু গ্ৰীক শব্দ এলীগʼচ হয়। দুয়োটা শব্দৰ আক্ষৰিক অৰ্থ হৈছে “দূত।” কিন্তু যেতিয়া স্বৰ্গৰ পৰা অহা দূতৰ বিষয়ে কোৱা হয়, তেতিয়া তেওঁলোকক “স্বৰ্গদূত” বুলি কোৱা হয়। (আদি ১৬:৭; ৩২:৩; যাকো ২:২৫; প্ৰকা ২২:৮) স্বৰ্গদূতবিলাক শক্তিশালী অদৃশ্য প্ৰাণী হয়, যিসকলক ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ বহু আগতেই সৃষ্টি কৰিছিল। বাইবেলত তেওঁলোকক “অযুত অযুত পবিত্ৰবিলাক,” “ঈশ্বৰৰ সন্তানবিলাক” আৰু ‘প্ৰভাতীয় তৰাবোৰ’ বুলি কোৱা হৈছে। (দ্বিতী ৩৩:২; ইয়ো ১:৬; ৩৮:৬; যিহূ ১৪) তেওঁলোকক সন্তান জন্ম দিয়াৰ ক্ষমতাৰ সৈতে সৃষ্টি কৰা হোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে প্ৰতিজন স্বৰ্গদূতক সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ সংখ্যা কোটি কোটি হয়। (দানি ৭:১০) বাইবেলে কয় যে প্ৰতিজন স্বৰ্গদূতৰ এটা নাম আৰু প্ৰতিজনৰে বেলেগ বেলেগ ব্যক্তিত্ব আছে। তথাপিও তেওঁলোক নম্ৰ হয় আৰু যেতিয়া মানুহে তেওঁলোকৰ উপাসনা কৰিবলৈ বিচাৰিছিল, তেতিয়া তেওঁলোকে মানা কৰিলে। বহুতে নিজৰ নামো নজনালে। (আদি ৩২:২৯; লূক ১:২৬; প্ৰকা ২২:৮, ৯) তেওঁলোকৰ বেলেগ বেলেগ পদ আছে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ কাম দিয়া হয়। যেনে, যিহোৱাৰ সিংহাসনৰ ওচৰত সেৱা কৰা, তেওঁৰ বাৰ্তা দিয়া, পৃথিৱীত তেওঁৰ সেৱকসকলক সহায় কৰা, তেওঁৰ ফালৰ পৰা শাস্তি দিয়া আৰু শুভবাৰ্তাৰ কামত সহযোগ কৰা। (২ৰাজা ১৯:৩৫; গীত ৩৪:৭; মথি ৪:১১; লূক ১:৩০, ৩১; প্ৰকা ৫:১১; ১৪:৬) আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধত তেওঁলোকে যীচুৰ লগত মিলি যুদ্ধ কৰিব।—প্ৰকা ১৯:১৪, ১৫.
স্বাধীন মানুহ; স্বাধীন দাস:
ৰোমান শাসনৰ সময়ছোৱাত “স্বাধীন মানুহ” সেইজন আছিল, যিজন জন্মৰে পৰা দাস নাছিল আৰু যিজনৰ ওচৰত ৰোমান নাগৰিক হোৱাৰ সকলো অধিকাৰ আছিল। কিন্তু ‘স্বাধীন দাস’ সেইজন আছিল, যিজনক দাসত্বৰ পৰা স্বাধীন কৰা হৈছে। যদি এই দাসক নিয়মৰ অনুসৰি স্বাধীন কৰা হয়, তেনেহʼলে তেওঁ ৰোমান নাগৰিকতা পালেহেঁতেন কিন্তু তেওঁ ৰাজনীতিত আহিব নোৱাৰিছিল। কিন্তু যদি নিয়মৰ অনুসৰি স্বাধীন কৰা হোৱা নাই, তেনেহʼলে তেওঁ স্বাধীন হʼলেও নাগৰিকতা হোৱাৰ সকলো অধিকাৰ নাপাইছিল।—১কৰি ৭:২২.
স্মৰণীয় কবৰ:
এনে এক কবৰ, যʼত মানুহৰ মৃতদেহ ৰখা হৈছিল। ইয়াৰ গ্ৰীক শব্দ নীমীঅন হয়, যি “মনত পেলাই দিয়া” ক্ৰিয়াৰ পৰা ওলাইছে। ইয়াৰ পৰা জানিব পাৰি যে মৃত লোকসকল এতিয়াও স্মৃতিত আছে।—যোহ ৫:২৮, ২৯.
হ
হৰমাগিদোন:
এয়া হিব্ৰু শব্দ হৰ মঘিদ্দোনৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে “মগিদ্দো পাহাৰ।” এই শব্দ “সৰ্বশক্তিমান ঈশ্বৰৰ মহা-দিনৰ যুদ্ধৰ” লগত জড়িত আছে, যʼত ‘গোটেই জগতৰ ৰজাবিলাকে’ যিহোৱাৰ লগত যুদ্ধ কৰিবলৈ একগোট হʼব। (প্ৰকা ১৬:১৪, ১৬; ১৯:১১-২১)—মহা-সংকট চাওক।
হাত:
দীঘল আৰু দূৰত্ব জোখাৰ জোখ-মাখ। এহাতৰ অৰ্থ আছিল কিলাকুটিৰ পৰা লৈ মাজৰ আঙুলিৰ আগলৈকে থকা দূৰত্ব। সাধাৰণতে ইস্ৰায়েলীসকলে ৪৪.৫ ছেণ্টিমিটাৰক (১৭.৫ ইঞ্চি) এহাত বুলি ভাবিছিল। কিন্তু তেওঁলোকে দীঘল হাতৰ জোখ-মাখো ব্যৱহাৰ কৰিছিল, যি চাৰি আঙুলি দীঘল আছিল, প্ৰায় ৫১.৮ ছে.মি. (২০.৪ ইঞ্চি)। (আদি ৬:১৫; মথি ৬:২৭; লূক ১২:২৫ ফুট.; প্ৰকা ২১:১৭)—অতি. খ১৪ চাওক।
হাত থোৱা:
এজন মানুহৰ ওপৰত হাত থোৱাৰ অৰ্থ আছিল যে সেই মানুহজনক কোনো কামৰ কাৰণে বাছনি কৰা, আশীৰ্বাদ দিয়া, সুস্থ কৰা বা পবিত্ৰ শক্তিৰ কোনো বৰদান দিয়া। কেতিয়াবা কেতিয়াবা কোনো জীৱ-জন্তুক বলিদান দিয়াৰ আগতে সিহঁতৰ ওপৰত হাত থোৱা হৈছিল।—গণ ২৭:১৮; পাঁচ ১৯:৬; ১তীম ৫:২২.
হাৰ্মেচ:
এজন গ্ৰীক দেৱতা, যিজন জীউছৰ পুত্ৰ আছিল। বিশ্বাস কৰা হৈছিল যে তেওঁ দেৱতাবিলাকৰ দূত হয় আৰু কথা পতাত নিপুণ হয়। সেইবাবে, লুস্ত্ৰাত থকা লোকসকলে পৌলক ভুলতে হাৰ্মেচ বুলি ভাবি লৈছিল।—পাঁচ ১৪:১২.
হেডীজ:
এয়া এক গ্ৰীক শব্দ হয়, যাৰ হিব্ৰু শব্দ হৈছে “চিয়োল।” ইয়াৰ অনুবাদ কবৰ বুলি কৰা হৈছে অৰ্থাৎ এখন লাক্ষণিক ঠাই যʼত বেছিভাগ মানুহে মৃত্যুৰ টোপনিত শুই যায়।—কবৰ চাওক।
হেৰোদ:
এটা ৰাজকীয় নাম, যাক ৰোমানে যিহূদীসকলৰ ওপৰত শাসন কৰিবলৈ নিযুক্ত কৰিছিল। হেৰোদ মহানে যিৰূচালেমৰ মন্দিৰ আকৌ বনোৱা আৰু যীচুক হত্যা কৰিবলৈ সৰু লʼৰাবোৰক হত্যা কৰাৰ আদেশ দিয়াৰ বাবে বিখ্যাত আছিল। (মথি ২:১৬; লূক ১:৫) তেওঁৰ লʼৰা হেৰোদ আৰ্খিলা আৰু হেৰোদ আন্তিপাক তেওঁ শাসন কৰা বেলেগ বেলেগ অংশত অধিকাৰ দিয়া হʼল। (মথি ২:২২) আন্তিপা জিলা প্ৰশাসক আছিল, কিন্তু “ৰজা” হিচাপে বিখ্যাত আছিল। তেওঁ যীচুৰ চাৰে তিনি বছৰৰ সেৱাৰ সময়ছোৱা আৰু পাঁচনিৰ কৰ্ম্ম ১২ অধ্যায়ত উল্লেখ থকা ঘটনাবোৰ ঘটালৈকে শাসন কৰিছিল। (মাৰ্ক ৬:১৪-১৭; লূক ৩:১, ১৯, ২০; ১৩:৩১, ৩২; ২৩:৬-১৫; পাঁচ ৪:২৭; ১৩:১) ইয়াৰ পাছত মহান হেৰোদৰ নাতিয়েক হেৰোদ আগ্ৰিপ্প প্ৰথমে শাসন আৰম্ভ কৰিলে। তাৰ কিছু সময়ৰ পাছত ঈশ্বৰৰ স্বৰ্গদূতে তেওঁক মাৰি পেলালে। (পাঁচ ১২:১-৬, ১৮-২৩) তেওঁৰ লʼৰা হেৰোদ আগ্ৰিপ্প দ্বিতীয়ই শাসক হʼল আৰু তেওঁ সেই সময়লৈকে শাসন কৰিলে, যেতিয়া যিহূদীসকলে ৰোমানৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।—পাঁচ ২৩:৩৫; ২৫:১৩, ২২-২৭; ২৬:১, ২, ১৯-৩২.
হেৰোদৰ গোটৰ লোকসকল:
এওঁলোক হেৰোদীয় নামেৰেও জনা গৈছিল। দেশ ভক্তি কৰা লোকসকলৰ এনে দল, যʼত ৰোমান চৰকাৰৰ অধীনত শাসন কৰা বেলেগ বেলেগ হেৰোদৰ ৰাজনৈতিক লক্ষ্যবোৰত সমৰ্থন কৰিলে। কিছুমান চদ্দূকীয়েও হয়তো এই গোটতেই আছিল। যীচুৰ বিৰোধ কৰিবলৈ হেৰোদীয়ই ফৰীচীসকলক সহায় কৰিছিল।—মাৰ্ক ৩:৬.
হোম-বলি:
ঈশ্বৰলৈ আগবঢ়োৱা উছৰ্গা, যʼত সম্পূৰ্ণ জন্তুটো বেদীৰ ওপৰত থৈ জ্বলোৱা হৈছিল। জন্তুৰ (ষাঁড় গৰু, ভেড়া পোৱালি, মতা ছাগলী, কপৌ বা পাৰ পোৱালিৰ) কোনো অংশ বলিদান আগবঢ়োৱা লোকসকলে নিজৰ ওচৰত ৰখা নাছিল।—যাত্ৰা ২৯:১৮; লেবী ৬:৯; মাৰ্ক ১২:৩৩; ইব্ৰী ১০:৬.