ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৫০
  • টেটুৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • টেটুৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৫০

টেটুৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলৰ লেবীয়া পুস্তক ১৯:২৮ পদত কেৱল এবাৰেই টেটুৰ বিষয়ে বৰ্ণনা কৰা দেখিবলৈ পোৱা যায়। ইয়াত এইদৰে উল্লেখ আছে: “তোমালোকে নিজ গা কাটকুট নকৰিবা, আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা।” ঈশ্বৰে ইস্ৰায়েলীসকলক এইদৰে আজ্ঞা দিয়াৰ যোগেদি ওচৰত থকা আন আন জাতিৰ লোকসকলৰপৰা পৃথকে ৰাখিছিল। এই জাতিবিলাকে নিজৰ শৰীৰত তেওঁলোকৰ দেৱতাৰ নাম অথবা দেৱতাৰ চিনবোৰ আঁকি লৈছিল। (দ্বিতীয় বিবৰণ ১৪:২) ইস্ৰায়েলীসকলক দিয়া এই আজ্ঞাবোৰ যদিও সত্য খ্ৰীষ্টানসকলৰ বাবে প্ৰযোজ্য নহয়, কিন্তু ইয়াৰ সিদ্ধান্তবোৰ আমি গুৰুত্বসহকাৰে বিবেচনা কৰাটো উচিত হʼব।

এজন সত্য খ্ৰীষ্টানে নিজৰ শৰীৰত টেটু বনোৱা বা শৰীৰত চিত্ৰ অঁকা উচিতনে?

নিম্নলিখিত বাইবেলৰ পদবোৰে আপোনাক এই বিষয়ে বিবেচনা কৰিবলৈ সহায় কৰিব:

  • “তিৰোতাবিলাকে . . . সুবোধেৰে সৈতে . . . নিজক ভূষিত কৰক।” (১ তীমথিয় ২:৯) এই শাস্ত্ৰপদত দিয়া সিদ্ধান্ত পুৰুষ আৰু তিৰোতা উভয়ৰে ওপৰত প্ৰযোজ্য। আমি নিজকে আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাতকৈ, আনৰ মনোভাবৰ প্ৰতি সন্মান দেখুৱা উচিত।

  • কিছুমান লোকে শৰীৰত টেটু বনোৱাৰ যোগেদি নিজৰ পৰিচয় অথবা তেওঁ যে কাৰো অধীনত নাই, সেয়া প্ৰকাশ কৰিব বিচাৰে। আন কিছুমান লোকে টেটু বনোৱাৰ যোগেদি প্ৰমাণ কৰিব বিচাৰে যে তেওঁলোকৰ শৰীৰৰ ওপৰত কেৱল, তেওঁলোকৰেই অধিকাৰ আছে। কিন্তু বাইবেলে সত্য খ্ৰীষ্টানসকলক এইদৰে উৎসাহিত কৰে: “তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।” (ৰোমীয়া ১২:১) আপুনি কিয় টেটু বনাব বিচাৰে, তাৰ বিষয়ে ‘যুক্তি’ ব্যৱহাৰ কৰি বিবেচনা কৰক। যদি আপুনি অলপ সময়ৰ বাবে প্ৰচলিত কোনো প্ৰৱনতা অথবা কোনো নিৰ্দিষ্ট দলৰ সদস্য হয় বুলি প্ৰমাণ কৰিবলৈ টেটু বনাব বিচাৰে, তেনেহʼলে মনত ৰাখক যে টেটু স্থায়ী হয় কিন্তু আপোনাৰ মন পাছলৈ পৰিৱৰ্তন হʼব পাৰে। আপুনি কিয় টেটু বনাব বিচাৰে, তাৰ বিষয়ে চালি-জাৰি চাওক আৰু ইয়ে আপোনাক সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিব।—হিতোপদেশ ৪:৭.

  • “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়; কিন্তু খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।” (হিতোপদেশ ২১:৫) নিজৰ শৰীৰত টেটু বনোৱাৰ নিৰ্ণয় প্ৰায়ে খৰ-খেদাকৈ লোৱা হয়। কিন্তু ইয়ে এজনে-আনজনৰ মাজত থকা সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰটো প্ৰভাৱ পেলাব পাৰে। টেটু গুচাবলৈ বহুতো টকা-পইচাৰ খৰচ হয় আৰু ই বৰ বেদনাদায়ক হয়। বৰ্তমান সময়ত টেটু আঁতৰোৱা ব্যৱসায় দিনক দিনে বৃদ্ধি পাইছে। অনুসন্ধানে প্ৰমাণ কৰে যে নিজৰ শৰীৰত টেটু বনোৱা বহুতোলোকে এনে কাৰ্য্য কৰাৰ বাবে অনুসূচনা কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক