ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩২
  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • বাইবেলত কৰা ভৱিষ্যতবাণীৰ এক গুৰুত্বপূৰ্ণ বছৰ—১৯১৪ চন
    বাইবেলে প্ৰকৃততে কি শিকায়?
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩২
পাঠ ৩২. যীচু খ্ৰীষ্টৰ হাতত এটা ৰাজদণ্ড আছে আৰু তেওঁ স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিছে।

পাঠ ৩২

ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্য স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। সেইসময়ৰপৰা মানুহৰ শাসনৰ শেষ-কাল আৰম্ভ হʼল। এয়া আমি কিয় কʼব পাৰোঁ? ইয়াৰ উত্তৰ জানিবলৈ আহক আমি বাইবেলৰ ভৱিষ্যতবাণী আৰু ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি আৰু মানুহৰ মনোবৃত্তি বা স্বভাৱ-চৰিত্ৰৰ ওপৰত ধ্যান দিওঁ।

১. বাইবেলত কি ভৱিষ্যতবাণী কৰা হৈছিল?

বাইবেলত দানিয়েল নামৰ কিতাপত ভৱিষ্যতবাণী কৰা হৈছিল যে “সাত কাল” শেষ হোৱাৰ পাছত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼব। (দানিয়েল ৪:১৬, ১৭) বহুবছৰৰ পাছত যীচুৱে এই সময়ছোৱাক “পৰজাতি মানুহৰ কাল” বুলি কৈছিল। এই সময়ছোৱা যীচুৰ সময়তো চলি আছিল বুলি তেওঁ শিকাইছিল। (লূক ২১:২৪) কিন্তু এই সাত কাল ১৯১৪ চনত শেষ হʼল। এই বিষয়ে আমি আগলৈ বেছিকৈ শিকিম।

২. ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি আৰু লোকসকলৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কি পৰিৱৰ্তন হৈছে?

যীচুৰ শিষ্যসকলে তেওঁক সুধিছিল যে “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) তেতিয়া যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হোৱাৰ পাছত পৃথিৱীত কি কি ঘটনা ঘটিব। যেনে, যুদ্ধ, আকাল আৰু ভূমিকম্প হʼব বুলি তেওঁ কৈছিল। (মথি ২৪:৭ পঢ়ক।) বাইবেলত এয়াও ভৱিষ্যতবাণী কৰা হৈছিল যে “শেষ-কালত” এনে লোকসকলক দেখিবলৈ পোৱা যাব, যিসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিব। (২ তীমথিয় ৩:১-৫) ১৯১৪ চনৰপৰা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে পৃথিৱীৰ পৰিস্থিতি আৰু লোকসকলৰ স্বভাৱ-চৰিত্ৰ পৰিৱৰ্তন হৈছে।

৩. স্বৰ্গত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হোৱাৰেপৰা পৃথিৱীৰ পৰিস্থিতি কিয় ইমান বেয়ালৈ ঢাল খাইছে?

ৰজা হোৱাৰ পাছত যীচুৱে স্বৰ্গত চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ লগত যুদ্ধ কৰিছিল। এই যুদ্ধত চয়তান পৰাজিত হৈছিল। বাইবেলত লিখা আছে যে চয়তানক পৃথিৱীলৈ “পেলোৱা হল; আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হল।” (প্ৰকাশিত বাক্য ১২:৯, ১০, ১২) চয়তান বহুত খঙত আছে, কিয়নো চয়তানে জানে যে তাক ধ্বংস কৰা হʼব। সেইবাবে, সি গোটেই পৃথিৱীত হুলস্থুল কৰিছে আৰু লোকসকলক কষ্ট দিছে। চয়তানৰ কাৰণে পৃথিৱীৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু অতি সোনকালে ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি এই সকলো সমস্যা দূৰ কৰিব।

গভীৰভাৱে ধ্যান কৰক

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্য স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে বুলি আমি কিয় কʼব পাৰোঁ? এয়া জানি আমি কি কৰা উচিত? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. বাইবেলৰ ভৱিষ্যতবাণীৰ অনুসৰি ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল

ভিডিঅʼখন চাওক।

ভিডিঅʼ: ১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্য শাসন কৰিছে (৫:০২)

প্ৰাচীন সময়ত বাবিলৰ ৰজা নবূখদনেচৰক ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে এটা সপোন দেখুৱাইছিল। দানিয়েলে সেই সপোন আৰু তাৰ অৰ্থ নবূখদনেচৰক জনালে। ইয়াৰপৰা বুজিব পাৰি যে এই সপোনৰ কথা দুবাৰ পূৰ হʼবলগীয়া আছিল, এবাৰ নবূখদনেচৰৰ শাসনৰ ওপৰত আৰু দ্বিতীয়বাৰ ঈশ্বৰৰ ৰাজ্যৰ ওপৰত।—দানিয়েল ৪:১৭ পঢ়ক।a

দানিয়েল ৪:২০-২৬ পঢ়ক, তাৰ পাছত তালিকাখন চাই নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • (ক) নবূখদনেচৰে সপোনত কি দেখিছিল?—পদ ২০ আৰু ২১ চাওক।

  • (খ) সপোনত দেখুৱা গছজোপাৰ কি হʼল?—পদ ২৩ চাওক।

  • (গ) “সাত কাল” পাৰ হোৱাৰ পাছত কি হʼলহেঁতেন?—পদ ২৬ চাওক।

গছৰ বিষয়ে দেখা সপোনটো ঈশ্বৰৰ ৰাজ্যৰ লগত কেনেকৈ জড়িত আছে?

ভৱিষ্যতবাণী (দানিয়েল ৪:২০-৩৬)

শাসন

(ক) এজোপা ডাঙৰ গছ

এজোপা ওখ গছ।

শাসন ৰখি গʼল

(খ) “গছজোপা কাটি পেলাই নষ্ট কৰা” আৰু “সাত কাল” যাবলৈ দিয়া

গছৰ মুঢ়াটো লোহা আৰু শিকলিৰে বান্ধি দিয়া হʼল।

শাসন পুনৰ আৰম্ভ হʼল

(গ) “আপোনাৰ হাতত আপোনাৰ ৰাজ্য থিৰ হব”

এজোপা ওখ গছ।

প্ৰথমবাৰ এই ভৱিষ্যতবাণী কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?

  • (ঘ) গছজোপাই কিহক চিত্ৰিত কৰিছিল?—পদ ২২ চাওক।

  • (ঙ) তেওঁৰ শাসন কিয় ৰখি গʼল?—দানিয়েল ৪:২৯-৩৩ পঢ়ক।

  • (চ) “সাত কাল” শেষ হোৱাৰ পাছত নবূখদনেচৰৰ কি হʼল?—দানিয়েল ৪:৩৪-৩৬ পঢ়ক।

প্ৰথমবাৰ কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?

শাসন

(ঘ) বাবিলৰ ৰজা নবূখদনেচৰ

নবূখদনেচৰ অহংকাৰী হৈ থিয় হৈ আছে।

শাসন ৰখি গʼল

(ঙ) খ্ৰীষ্টপূৰ্ব ৬০৬-ৰ পাছত নবূখদনেচৰ পগলা হৈ গৈছিল আৰু তেওঁ সাত বছৰলৈকে শাসন কৰিব নোৱাৰিলে

নবূখদনেচৰে জন্তুৰ দৰে ঘাঁহ খাইছে।

শাসন পুনৰ আৰম্ভ হʼল

(চ) নবূখদনেচৰ ভাল হৈ যায় আৰু পুনৰ শাসন কৰিবলৈ আৰম্ভ কৰে

নবূখদনেচৰে হাত দুখন দাঙি আকাশলৈ চাইছে।

দ্বিতীয়বাৰ এই ভৱিষ্যতবাণী কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?

  • (ছ) গছজোপাই কিহক চিত্ৰিত কৰিছিল?—১ বংশাৱলি ২৯:২৩ পঢ়ক।

  • (জ) তেওঁৰ শাসন কিয় ৰখি গৈছিল? যীচুৱে পৃথিৱীত থকাৰ সময়তো এই শাসন ৰখি আছিল বুলি আমি কিয় কʼব পাৰোঁ?—লূক ২১:২৪ পঢ়ক।

  • (ঝ) এই শাসন কʼত আৰু কেতিয়া পুনৰ আৰম্ভ হʼল?

দ্বিতীয়বাৰ কেতিয়া আৰু কেনেকৈ পূৰ হৈছিল?

শাসন

(ছ) ঈশ্বৰৰ ফালৰপৰা শাসন কৰা ইস্ৰায়েলী ৰজা

এজনৰ পাছত এজন অহা ইস্ৰায়েলী ৰজাসকলে সিংহাসনত বহি আছে আৰু তেওঁলোকৰ ওপৰত পোহৰ জিলিকি আছে।

শাসন ৰখি গʼল

(জ) যিৰূচালেম ধ্বংস হʼল আৰু ইস্ৰায়েলী ৰজাবিলাকৰ শাসন ২,৫২০ বছৰৰ বাবে ৰখি গৈছিল

খ্ৰীষ্টপূৰ্ব ৬০৭-ত যিৰূচালেম ধ্বংস হʼল আৰু তাক সম্পূৰ্ণৰূপে জ্বলাই দিয়া হʼল। ইয়াৰ পাছত ২,৫২০ বছৰ পাৰ হʼল।

শাসন পুনৰ আৰম্ভ হʼল

(ঝ) যীচুৱে স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয় আৰু শাসন কৰিবলৈ ধৰে

১৯১৪ চনৰপৰা যীচুৱে স্বৰ্গত শাসন কৰিছে। পোহৰৰ ৰশ্মি তেওঁৰ ওপৰত পৰিছে।

সাত কাল কিমান দীঘলীয়া?

বাইবেলৰ কিছুমান পদ বুজিবলৈ আন পদবোৰে আমাক সহায় কৰে। যেনে, প্ৰকাশিত বাক্য কিতাপত কোৱা হৈছে যে চাৰে তিনি কাল ১,২৬০ দিনৰ সমান হয়। (প্ৰকাশিত বাক্য ১২:৬, ১৪) গতিকে, চাৰে তিনি বছৰৰ দুগুণ সাত কাল অৰ্থাৎ ২,৫২০ দিন। বাইবেলত কিছুমান ভৱিষ্যতবাণী এদিনক এবছৰৰ সমান বুলি কৈছে। (যিহিষ্কেল ৪:৬) সেইবাবে, দানিয়েল কিতাপত কোৱা সাত কালটো ২,৫২০ বছৰ দীঘলীয়া হয়।

৫. পৃথিৱীৰ পৰিস্থিতি ১৯১৪ চনৰপৰা সলনি হʼল

ভিডিঅʼখন চাওক।

ভিডিঅʼ: ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল (১:১০)

যীচুৱে ৰজা হোৱাৰ পাছত এই পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব, তাৰ বিষয়ে তেওঁ আগতেই কৈছিল। লূক ২১:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদবোৰত কোৱা কোনটো পৰিস্থিতি আপুনি দেখিবলৈ বা শুনিবলৈ পাইছে?

পাঁচনি পৌলে কৈছিল যে মানুহৰ শাসনৰ শেষ-কালত কেনেধৰণৰ লোকসকলক দেখিবলৈ পোৱা যাব। ২ তীমথিয় ৩:১-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদবোৰত কোৱা কোনবোৰ বেয়া গুণ আপুনি মানুহৰ মাজত দেখিবলৈ পাইছে?

ছবি: শেষ-কালৰ পৃথিৱীৰ পৰিস্থিতি আৰু লোকসকলৰ মনোবৃত্তি। ১. সেনাৰ এজন অফিচাৰে ষ্টেজত থিয় হৈ আছে আৰু হাও-ভাও কৰি চিঞৰি আছে। ২. ভূমিকম্পৰ ফলত অট্টালিকা ভাঙি গৈছে। ৩. সেনাৰ জাহাজ। ৪. লোকসকলে মাক্স পিন্ধি গৈ আছে। ৫. সন্ত্ৰাসবাদীয়ে নিউয়ৰ্কৰ টবিন টাৱাৰবোৰ জ্বলাই দিছে। ৬. এজন ব্যক্তিয়ে ড্ৰাগছ সেৱন কৰিছে। ৭. এজন স্বামীয়ে নিজৰ পত্নীক মাৰিবলৈ হাত উঠাইছে আৰু গালি পাৰিছে। ৮. বিভিন্ন ধৰণৰ ড্ৰাগছ আৰু মদৰ বটল। ৯. ফেশ্ব্যনত চলি থকা কাপোৰ আৰু সোণ-ৰূপ পিন্ধি দুগৰাকী তিৰোতাই চেল্ফি লৈছে। ১০. এখন কনছাৰ্টত এজন ডিজেই গান বজাইছে। ১১. প্ৰতিবাদ কৰা এজন ব্যক্তিয়ে পেট্ৰল বম দলিয়াইছে।

৬. ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি আপুনি কেনেকৈ দেখুৱাব পাৰে?

মথি ২৪:৩, ১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি কোনটো গুৰুত্বপূৰ্ণ কামে প্ৰকাশ কৰিছে?

  • এই কামক আপুনি কেনেকৈ সমৰ্থন কৰিব পাৰে?

ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিছে আৰু অতি সোনকালে গোটেই পৃথিৱীতো শাসন কৰিব। ইব্ৰী ১০:২৪, ২৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি দিন যিমান ওচৰ হোৱা দেখোঁ, সিমানেই কি কৰা উচিত?

ছবি: ১. এজন বাইবেল বিদ্যাৰ্থীয়ে যিহোৱাৰ সাক্ষীসকলৰ সভালৈ আহিছে। ২. সেই বিদ্যাৰ্থীজনে নিজৰ চিনাকি লোকক প্ৰচাৰ কৰিছে।

আপুনি এনে এটা কথা জানিলে, যিয়ে আনক সহায় কৰিব পাৰে আৰু আনৰ জীৱন বচাব পাৰে, তেনেহʼলে আপুনি কি কৰিব?

কোনোবাই সুধিব পাৰে: “যিহোৱাৰ সাক্ষীসকলে ১৯১৪ চনৰ বিষয়ে কিয় ইমান কথা পাতি থাকে?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

বাইবেলৰ ভৱিষ্যতবাণী আৰু পৃথিৱীৰ পৰিস্থিতিৰপৰা বুজিব পাৰি যে ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। আমিও এই কথাৰ ওপৰত বিশ্বাস কৰোঁ, সেইবাবে আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ আৰু মণ্ডলীৰ সভাবোৰত উপস্থিত হওঁ।

আপুনি কেনেকৈ উত্তৰ দিব

  • দানিয়েলৰ ভৱিষ্যতবাণীৰ সাত কাল পাৰ হোৱাৰ পাছত কি হʼল?

  • ঈশ্বৰৰ ৰাজ্য ১৯১৪ চনত আৰম্ভ হʼল বুলি আপুনি কিয় বিশ্বাস কৰে?

  • যদি আপুনি ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি বিশ্বাস কৰে, তেনেহʼলে আপুনি কি কৰিব বিচাৰে?

লক্ষ্য

বেছিকৈ জানক

১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি কেনেকৈ সলনি হৈছে, ইয়াৰ বিষয়ে বুৰঞ্জীবিদ আৰু আন লোকসকলে কি কয়, আহক চাওঁ।

“নৈতিক মানদণ্ড বেয়ালৈ ঢাল খাবলৈ কেতিয়াৰপৰা আৰম্ভ হʼল?”(সচেতন থাকক!-হিন্দী, জুলাই-চেপ্টেম্বৰ, ২০০৭)

মথি ২৪:১৪ পদৰ ভৱিষ্যতবাণীয়ে এজন ব্যক্তিৰ ওপৰত কেনে প্ৰভাৱ পেলালে, আহক তেওঁৰ জীৱন কাহিনী পঢ়োঁ।

“মই বেচবল খেলি বহুত ভাল পাইছিলোঁ!” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ৩, ২০১৭)

দানিয়েল ৪ অধ্যায়ৰ ভৱিষ্যতবাণী ঈশ্বৰৰ ৰাজ্যৰ বাবে কৰা হৈছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?

“১৯১৪ চনটো যিহোৱাৰ সাক্ষীসকলৰ বাবে কিয় এক বিশেষ বছৰ?” (ভাগ ১) (প্ৰহৰীদুৰ্গ-হিন্দী, জানুৱাৰী-মাৰ্চ, ২০১৫)

দানিয়েল ৪ অধ্যায়ত উল্লেখ কৰা “সাত কাল” ১৯১৪ চনত শেষ হʼল বুলি আমি কেনেকৈ জানিব পাৰোঁ?

“১৯১৪ চনটো যিহোৱাৰ সাক্ষীসকলৰ বাবে কিয় এক বিশেষ বছৰ?” (ভাগ ২) (প্ৰহৰীদুৰ্গ-হিন্দী, এপ্ৰিল-জুন, ২০১৫)

a এই পাঠৰ বেছিকৈ জানক ভাগত দিয়া শেষৰ দুটা লেখ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক