ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০১ পৃষ্ঠা ৭
  • যিহোৱাৰ আচৰিত কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ আচৰিত কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ দিয়ক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সহায়ত আনন্দত থাকিব পাৰোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিসকলে পোহৰৰ পথক বাঁছনি কৰে তেওঁলোকৰ বাবে উদ্ধাৰ
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০১ পৃষ্ঠা ৭

যিহোৱাৰ আচৰিত কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ দিয়ক

১ “ঈশ্বৰৰ বাক্য পালন কৰোঁতা হোৱা” তিনিদিনীয়া জিলা অধিৱেশনত আমি সকলোৱে একত্ৰিত হৈছিলোঁ। দৈনন্দিন জীৱনৰ কাৰ্য্যৰ পৰা আমি নিজৰ মন ঘুৰাই যিহোৱাৰ আচৰিত কাৰ্য্যবোৰত মনোযোগ দিছিলোঁ। সেই অধিৱেশনৰ কাৰ্য্যক্ৰমে আমাক ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি বিশ্বাসক বৃদ্ধি, তেওঁৰ সৈতে আমাৰ সম্বন্ধক শক্তিশালী কৰিবলৈ আৰু প্ৰচাৰ কাৰ্য্য উৎসাহেৰে ভাগ লʼবলৈ উৎসাহিত কৰে। এতেকে অধিৱেশনত আমি যিবোৰ শিকিলোঁ সেইবোৰৰ পৰা আমি কেনেকৈ লাভৱান হৈছোঁ?​—⁠যোহ. ১৩:⁠১৭.

২ পৰিয়ালে ঈশ্বৰৰ বাক্যৰ প্ৰতি আজ্ঞাকাৰীতা হোৱা: “ঈশ্বৰৰ বাক্যৰ প্ৰতি আজ্ঞাকাৰী হোৱা” বিষয়টোৱে আমাক নিজৰ আৰু পৰিয়ালৰ আধ্যাত্মিক স্থিতিক পৰীক্ষা কৰিবলৈ সহায় কৰিলে। শিশুবিলাকেও ঈশ্বৰৰ বাক্যক শিকিবলৈ ভাল পায়। সেইবাবে, ঈশ্বৰীয় পিতৃ-মাতৃসকলক নিজ-নিজ পৰিয়ালক আধ্যাত্মিকত শক্তিশালী কৰিবলৈ বাইবেল অধ্যয়নক আধাৰশিলা বনোৱাৰ বাবে উৎসাহিত কৰা হয়। কিয়নো এই আধাৰশিলাই তেওঁলোকক যিহোৱাৰ সৈতে এক আনন্দদায়ক আৰু নিৰ্ভয়যুক্ত সম্বন্ধ গঢ়ি তুলিবলৈ সহায় কৰিব। এতেকে পিতৃ-মাতৃসকলক কোৱা হৈছে যে নিজৰ লʼৰা-ছোৱালীবিলাকে ঈশ্বৰৰ অনুভূতিবোৰৰ প্ৰতি কেনেকৈ মনোযোগ দিব পাৰে তাক শিকাওঁক। যিহোৱা আৰু তেওঁৰ কাৰ্য্যবোৰৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰকাশ কৰক। (গীত. ১০৩:⁠২) ইয়াৰ বাবে আধ্যাত্মিক লক্ষ্য ৰাখক আৰু সেই লক্ষ্যত উপনীত হʼবলৈ একেলগে যিহোৱাৰ সেৱাত সম্পূৰ্ণকৈ লাগি থাকক।

৩ ঈশ্বৰৰ বাক্যই হৈছে আমাৰ পথৰ বাবে দীপ্তিস্বৰূপ: যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ এই নতুন কিতাপখন পাই আমি সকলোৱে আনন্দিত হৈছোঁ। যিচয়াৰ ভৱিষ্যতবাণী নামৰ কিতপখনৰ প্ৰথম ভাগটোক আপুনি কিমানলৈকে পঢ়িলে? এই কিতাপখনত উল্লেখ কৰা ভৱিষ্যতবাণীত কৈছে যে ভক্তিহীন মানুহৰ ওপৰত এক ভয়ঙ্কৰ ন্যায় আহিব আৰু ঈশ্বৰৰ লোকসকলে ৰাজ্যৰ উজ্জ্বল আশীৰ্ব্বাদসমূহৰ ভাগী হʼব। (যিচ. ৩৪:⁠২; ৩৫:⁠১০) ইয়াৰ ওপৰিও এই কিতাপখনে যিহোৱা আৰু তেওঁৰ কাৰ্য্যবোৰৰ প্ৰতি আমাৰ বিশ্বাস আৰু ভৰসা বৃদ্ধি কৰে।​—⁠যিচ. ১২:⁠২-​৫.

৪ যেতিয়া আপুনি যিচয়াৰ ভৱিষ্যতবাণী, ভাগ ১ পঢ়িব, তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে যিচয়াৰ চাৰিওফালে দুষ্টতা থকাৰ স্বত্ত্বেও তেওঁ কেনেকৈ যিহোৱাৰ প্ৰতি নিষ্ঠা বজাই ৰাখিছিল। যেতিয়া ঈশ্বৰৰ বাৰ্ত্তাবাহক হʼবলৈ যিচয়াই এক গুৰুত্বপূৰ্ণ নিমন্ত্ৰণ পাইছিল সেই সময়ত তেওঁ এইদৰে উত্তৰ দিছিল: “মই আছোঁ, মোকে পঠাওক।” (যিচ. ৬:⁠৮) তেওঁ স্বইচ্ছাৰে ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ আগবাঢ়ি অহাটো সঁচাকৈ অতুলনীয়। তেওঁৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰাই আপুনি শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত একেৰাহে লাগি থাকি “সকলো জাতিলৈ সাক্ষ্য” দিবলৈ উৎসাহিত হʼব।​—⁠মথি ২৪:⁠১৪.

৫ আমি যিহোৱাৰ কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ দি তেওঁৰ মহানতাক প্ৰকাশ কৰিব পাৰিম। সেইবাবে ঈশ্বৰৰ বাক্যক পালন কৰাৰ বিশেষ অধিকাৰৰ প্ৰতি মুল্যাঙ্কন কৰাৰ উচিত!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক