ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০১ পৃষ্ঠা ৭
  • এই পৃথিৱীখনৰ শেষ সীমালৈকে সাক্ষী দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই পৃথিৱীখনৰ শেষ সীমালৈকে সাক্ষী দিয়া
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০১ পৃষ্ঠা ৭

এই পৃথিৱীখনৰ শেষ সীমালৈকে সাক্ষী দিয়া

এই পৃথিৱীখনৰ শেষ সীমালৈকে, নামৰ ভিডিঅখনক বাৰে বাৰে চাবলৈ কোনে আগ্ৰহী হʼব? যিসকলে মিছনাৰী কাৰ্য্য কৰিবলৈ লক্ষ্য ৰাখিছে তেওঁলোকে বাৰে বাৰে এই ভিডঅখন চাবলৈ আগ্ৰহী হʼব। কিয়? কিয়নো তেওঁলোকে ওৱাচটাৱাৰ বাইবেল গ্লীয়েড স্কুলৰ সৈতে ভালদৰে পৰিচিত হʼব বিচাৰে। এই ভিডিঅখনত, “পৃথিৱীৰ গোটেই সীমাত” প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবৰ অৰ্থে ব্যৱস্থা কৰা এই অদ্বিতীয় স্কুলৰ পঞ্চাশতম বছেৰেকীয়া তিথি সম্পৰ্কে উল্লেখ কৰা হৈছে। (গীত. ২২:⁠২৭) এই ভিডিঅখন চোৱাৰ দ্বাৰা আপুনি সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অধিক মূল্যাঙ্কণ দেখুৱাব আৰু নিজৰ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিব। গতিকে এই প্ৰশ্নসমূহৰ বিষয়ে বিবেচনা কৰক: (১) ১৯৪০ চনৰ আৰম্ভণীতে যিহোৱাৰ সংগঠনে কেনে মুখ্য বিষয়ৰ সম্পৰ্কে বিবেচনা কৰিছিল? (পাঁচ. ১:⁠৮) (২) ১৯৪২ চনত বাইবেলৰ কোনটো ভৱিষ্যতবাণী পূৰ্ণ হʼল আৰু এই জগতৰ সাধাৰণ লোকতকৈ আমাৰ দৃষ্টিভঙ্গী কেনেকৈ ভিন্ন আছিল? (প্ৰকা. ১৭:⁠৮; w৮৯ ৪/১৫ ১৪ পৃ. ১২ অনু.) (৩) দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন হোৱা সময়ছোৱাৰ সুবিধা লৈ কি কাৰ্য্য কৰিবলৈ পৰিকল্পনা হাতত লোৱা হʼল? (jv ৫২২ পৃ. ১-২ অনু.) (৪) প্ৰথম শ্ৰেণীৰ গ্লিয়েড স্কুলৰ বিদ্যাৰ্থীসকলৰ কেনে গুণসমূহক আপুনি প্ৰশংসা কৰিব? (৫) গ্লিয়েড স্কুলৰ প্ৰথম ৫০ বছৰত, কিমান জন বিদ্যাৰ্থীয়ে স্নাতকতা লাভ কৰিলে আৰু তেওঁলোকক কিমানখন বিভিন্ন দেশলৈ পঠোৱা হʼল? (৬) আচলতে এই বিদ্যাৰ্থীসকলে বাইবেলৰ পৰা কিমান পৰিমাণে শিক্ষা লাভ কৰে? (৭) কিহে এজন ব্যক্তিক সফল মিছনাৰী আৰু ঈশ্বৰৰ বাক্যৰ শিক্ষক কৰি তুলে? (৮) মিছনাৰীসকলে কেনেধৰণৰ জীৱন- যাপন পছন্দ কৰে আৰু তেওঁলোকে কেনেধৰণৰ সমস্যাৰ সম্মুখীন হʼবলগীয়া হয়? (৯) মিছনাৰীসকলে তেওঁলোকৰ জীৱন-যাপনৰ বিষয়ে কি বিবেচনা কৰে আৰু তেওঁলোকৰ আত্ম-বলিদানে তেওঁলোকলৈ কেনেধৰণৰ বিশেষ আনন্দ কঢ়িয়াই আনে? (১০) এতিয়ালৈকে হাজাৰ সংখ্যক মিছনাৰীয়ে কি সম্পন্ন কৰিছে? কিছুমান উদাহৰণ দিয়ক। (১১) যিসকল ভাই-ভনীয়ে ‘পৃথিৱীৰ গোটেই সীমালৈকে’ প্ৰচাৰ কৰিবলৈ আগুৱাই গʼল, তেওঁলোকে আপোনাক কিদৰে প্ৰভাৱিত কৰিলে? (১২) মিছনাৰীসকলে ৰখা উত্তম আৰ্হিয়ে আপোনাক কি কৰিবলৈ উৎসাহিত কৰে আৰু কিয়?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক