আমাৰ বিশ্বাসে আমাক সৎকৰ্ম্ম কৰিবলৈ প্ৰেৰিত কৰে
১ বিশ্বাসে নোহ, মোচি আৰু ৰাহবক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিলে। নোহে জাহাজ নিৰ্ম্মাণ কৰিছিল। মোচিয়ে ৰজা ফৌৰণৰ দেশত অল্পকালীন সুখৰ জীৱন-যাপনক ত্যাগ দিছিল। ৰাহবে ইস্ৰায়েলৰ দুজন চোৰাংচোৱাক লুকাবলৈ স্থান দি আৰু তেওঁলোকৰ পৰামৰ্শ পালন কৰি নিজৰ ঘৰখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিল। (ইব্ৰী ১১:৭, ২৪-২৬, ৩১) তেনেহʼলে আজিৰ সময়ত বিশ্বাসে আমাক কেনে সৎকৰ্ম্ম কৰিবলৈ প্ৰেৰিত কৰে?
২ সাক্ষী দিয়া কাৰ্য্য: বিশ্বাসে আমাক যিহোৱা আৰু তেওঁ আচৰ্য্যজনকভাৱে প্ৰবন্ধ কৰা চিৰস্থায়ী আনন্দৰ বাবে কʼবলৈ প্ৰেৰিত কৰে। (২ কৰি. ৪:১৩) কেতিয়াবা হয়তো আমি সাক্ষী দিবলৈ কুণ্ঠাবোধ কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি ‘যিহোৱাক সদায় নিজৰ সম্মুখত ৰাখোঁ’ তেতিয়া শক্তিশালী আৰু নিৰ্ভয় হওঁ। (গীত. ১৬:৮) তাৰ পিছত বিশ্বাসে আমাক প্ৰত্যেক সুযোগতে সম্বন্ধীয়া লোক, ওচৰ-চুবুৰীয়া, সহকৰ্ম্মী, সহপাঠী আৰু অন্য লোকসকলৰ সৈতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে।—ৰোমী. ১:১৪-১৬.
৩ সভাত একত্ৰিত হোৱা: নিয়মিতৰূপে সভাত উপস্থিত হোৱাটো হৈছে বিশ্বাসেৰে প্ৰেৰিত হৈ কৰা আন এটা সৎকৰ্ম্ম। সেইটো কেনেকৈ? আমি সভাত উপস্থিত হোৱাৰ যোগেদি যীচুৱে পবিত্ৰ আত্মাৰ দ্বাৰা খ্ৰীষ্টান সভাবোৰত উপস্থিত থাকে বুলি কৰা বিশ্বাসৰ প্ৰমাণ দিওঁ। (মথি ১৮:২০) ইয়ে “মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে” তাৰ প্ৰতি কাণ দিবলৈ আমাক আগ্ৰহী কৰি তুলে। (প্ৰকা. ৩:৬) আমাৰ বিশ্বাসৰ চকুৰে নিৰ্দ্দেশনা প্ৰদান কৰা মহান উপদেষ্টা ঈশ্বৰ যিহোৱাক দেখিবলৈ পোৱাৰ বাবে, মণ্ডলীত প্ৰদান কৰা নিৰ্দ্দেশনাসমূহ আমি গম্ভীৰভাৱে গ্ৰহণ কৰোঁ।—যিচ. ৩০:২০.
৪ আমি কৰা বাছনিবোৰ: অদৃশ্য বস্তুবোৰৰ বাস্তৱিকতাৰ প্ৰতি থকা দৃঢ় বিশ্বাসে আমাক আধ্যাত্মিক বিষয়বোৰক জীৱনত প্ৰথমস্থান দিবলৈ প্ৰেৰিত কৰে। (ইব্ৰী ১১:১) ইয়াত সদায়ে ভৌতিক বস্তুৰে কৰা সাহাৰ্য্য সন্মিলিত আছে। উদাহৰণস্বৰূপে, এজন প্ৰাচীনে তেওঁৰ অগ্ৰগামী সেৱা ত্যাগ নকৰিবলৈ, পৰিয়ালৰ পৰা আঁতৰত নাযাবলৈ, সভাত অনুপস্থিত হোৱাৰ পৰা বিৰত থাকিবলৈ অধিক আৰ্জন কৰিব পৰা চাকৰিৰ আমন্ত্ৰণক অস্বীকাৰ কৰিছিল। ঠিক সেইদৰে আঁহক আমি বাইবেলত উল্লেখ কৰা আশ্বাসৰ প্ৰতি সম্পূৰ্ণ হৃদয়েৰে ভাৰসা কৰোহঁক যে যিসকলে “প্ৰথমতে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰে” তেওঁলোকৰ আৱশ্যকতাক যিহোৱাই অৱশ্যেই পূৰণ কৰিব।—মথি ৬:৩৩.
৫ বিশ্বাসে আমাৰ জীৱনত যে এক শক্তিশালী প্ৰভাৱ পেলাইছে তাৰ প্ৰতি আনে ধ্যান নিদিয়াকৈ থকা নাই। দৰাচলতে, এই বিশ্বাসৰ বিষয়ে গোটেই পৃথিৱীয়ে জানিব পাৰিছে। (ৰোমী. ১:৮) গতিকে আঁহক আমি সৎকৰ্ম্মত উদ্যোগী হৈ কাৰ্য্য কৰাৰ দ্বাৰা প্ৰকাশ কৰোঁ যে আমাৰ বিশ্বাস জীৱন্ত।—যাকো. ২:২৬.