ঈশ্বৰৰ দয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা
১ পাঁচনি পৌলে খ্ৰীষ্টান হোৱাৰ পূৰ্বেই অতি দুৰ্ঘোৰভাৱে খ্ৰীষ্টান ধৰ্ম্ম প্ৰচাৰ কৰাসকলক বিৰোধ কৰিছিল। যিহেতু তেওঁ অজ্ঞাতে তেনে কৰাৰ বাবে ঈশ্বৰে তেওঁক দয়া কৰিলে। দৰাচলতে যিহোৱা ঈশ্বৰে পৌলক প্ৰচাৰ কৰিবলৈ নিযুক্তি কৰি তেওঁলৈ অতুলনীয় দয়া প্ৰকাশ কৰিলে আৰু পৌলে সেই নিযুক্তিক অধিক মূল্যাঙ্কন কৰিলে। তেওঁ এই বিষয়ে এইদৰে লিখিছিল: “[যীচু খ্ৰীষ্টই] মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্য্যা-পদত, নিযুক্ত কৰিলে।” (পাঁচ. ২৬:৯-১৮; ১ তীম. ১:১২-১৪) যিহোৱাৰ দয়াৰ প্ৰতি থকা কৃতজ্ঞতাই পৌলক অধিককৈ পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ পৰিচালিত কৰিলে।—২ কৰি. ১২:১৫.
২ ঈশ্বৰৰ দয়াৰ প্ৰতীকস্বৰূপে আমাকো পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ নিযুক্তি কৰা হৈছে। (২ কৰি. ৪:১) গতিকে পৌলৰ দৰে আমিও নিজে পৰিশ্ৰমেৰে আনক আধ্যাত্মিকভাৱে উন্নতি কৰাত সহায় কৰি ঈশ্বৰে দেখুউৱা দয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ। আমি এটা বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰাৰ দ্বাৰা এক প্ৰকাৰে ঈশ্বৰৰ নিযুক্তি পৰিচৰ্য্যাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ।
৩ এটা বাইবেল অধ্যয়ন আৰম্ভ কৰা: বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ এটা পদ্ধতি হৈছে আলোচনী প্ৰবাহ স্থাপনা কৰা। কিয়নো যিমানে আলোচনী প্ৰবাহ আৰম্ভ কৰা লোকসকলক সাক্ষাৎ কৰিম সিমানে আমি তেওঁলোকৰ আৱশ্যকতাৰ বিষয়ে জানিব পাৰিম। এটা সময়ত আলোচনীৰ কোনো এটা লেখে হয়তো বিচাৰে ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সহায় কৰিব পাৰে। তাৰ পিছৰ সাক্ষাতত আলোচনী দিয়াৰ সময়ত বিচাৰে ব্ৰচাৰখনৰ পৰা একেৰাহে আলোচনা কৰিব পাৰে।
৪ প্ৰাৰ্থনাপূৰ্বক প্ৰচেষ্টাৰ আৱশ্যক: চেষ্টাৰ লগতে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আমাৰ প্ৰচাৰ কাৰ্য্য অধিক উন্নত হʼব। এটা বাইবেল অধ্যয়ন পৰিচালনা কৰা এগৰাকী ভনীয়ে অধিক বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ নিবেদন কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে। তদুপৰি সেই ভনী গৰাকীয়ে তাইৰ প্ৰাৰ্থনাৰ সামঞ্জস্যত কাৰ্য্য কৰিলে। তাই নিজৰ প্ৰচাৰ কৰা প্ৰণালীক পৰীক্ষা কৰি জানিব পাৰিলে যে পুনৰ সাক্ষাৎ কৰাৰ সময়ত তাই বাইবেল অধ্যয়ন কৰিবলৈ কোনো এজনকে আমন্ত্ৰণ কৰা নাই। শীঘ্ৰেই তাই পুনৰ সাক্ষাৎ কৰা লোকসকলক বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰিলে আৰু ফলস্বৰূপে তাই দুটাকৈ বাইবেল অধ্যয়ন পৰিচালনা কৰাত সক্ষম হʼল।
৫ “ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ” সম্পৰ্কে সাক্ষ্য দিয়াটো আমাৰ বাবে কিমান যে এক বিশেষাধিকাৰৰ বিষয়! (পাঁচ. ২০:২৪) এতেকে আঁহক আমি ঈশ্বৰে প্ৰকাশ কৰা অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা হৈ আনক যিহোৱাৰ মহা অনুগ্ৰহৰ পৰা লাভৱান হʼবলৈ পৰিশ্ৰমেৰে সহায় কৰোঁহঁক।