ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৫ পৃষ্ঠা ৬
  • পৰ দি থাকক! নামৰ ব্ৰচাৰখনৰ পৰা অধ্যয়ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰ দি থাকক! নামৰ ব্ৰচাৰখনৰ পৰা অধ্যয়ন
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মে’ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মে’ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুন ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৫ পৃষ্ঠা ৬

পৰ দি থাকক! নামৰ ব্ৰচাৰখনৰ পৰা অধ্যয়ন

বিশ্বজুৰি থকা মণ্ডলীবোৰত ২০০৫ চনৰ মে’ ২৩ তাৰিখৰ পৰা জুন ২০ তাৰিখলৈকে মণ্ডলীৰ পুস্তক অধ্যয়নত পৰ দি থাকক! নামৰ ব্ৰচাৰখন অধ্যয়ন কৰা হʼব। গতিকে এই ব্ৰচাখনৰ পৰা তৈয়াৰ আৰু অধ্যয়ন পৰিচালনা কৰা সময়ত অনুগ্ৰহ কৰি তলত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰক। অধ্যয়নৰ সময়ত ব্ৰচাৰখনত থকা বিষয়বোৰ আৰু যদি সময়ে অনুমতি দিয়ে, তেন্তে উদ্ধৃত শাস্ত্ৰপদবোৰ পঢ়ক।

মে’ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

▪ ৩-৪ পৃষ্ঠা: ইয়াত উল্লেখ কৰা কোনটো পৰিস্থিতিয়ে বিশেষকৈ আপোনাৰ জীৱনত প্ৰভাৱিত কৰিছে? কিহে দেখুৱাইছে যে এনে ধৰণৰ ঘটনাবোৰ কেৱল স্থানীয় এলেকাতে সীমাবদ্ধ হৈ থকা নাই?

▪ ৫ পৃষ্ঠা: ঈশ্বৰে যে বাস্তৱতে আমাৰ প্ৰতি চিন্তা কৰে বুলি আপুনি কেনেকৈ নিশ্চিত হʼব পাৰে? আমি যে ঈশ্বৰ আৰু তেওঁ কৰি থকা কাৰ্য্যসমূহৰ প্ৰতি আগ্ৰহী, সেই বিষয়ে কিহে নিৰ্দ্দেশিত কৰে?

▪ ৬-৮ পৃষ্ঠা: বৰ্তমান জগতখনৰ অৱস্থাৰ বিষয়ে মথি ২৪:⁠১-৮, ১৪ পদত কি কৈছে? দ্বিতীয় তীমথিয় ৩:⁠১-৫ পদৰ অনুসাৰে আমি কেনে সময়ত বাস কৰিছোঁ? এই শেষকাল কিহৰ বাবে? বাইবেলখন বাস্তৱতে ঈশ্বৰৰ বাক্য বুলি আপোনাক কিহে নিশ্চয়তা প্ৰদান কৰিছে? আমি প্ৰচাৰ কৰা সেই ৰাজ্যখন কি?

▪ ৯-১০ পৃষ্ঠা: আমাৰ দৈনন্দিন জীৱনত লোৱা নিৰ্ণয় আৰু জীৱনৰ প্ৰধানতাৰ প্ৰতি আমি কিয় ধ্যানপূৰ্বকভাৱে বিবেচনা কৰা উচিত? (ৰোমী. ২:⁠৬; গালা. ৬:⁠৭) দহ পৃষ্ঠাত দিয়া প্ৰশ্নবোৰ বিবেচনা কৰা সময়ত আপুনি যি কৰে সেইবোৰত কেনেবোৰ শাস্ত্ৰীয় পদে প্ৰভাৱিত কৰে?

মে’ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

▪ ১১ পৃষ্ঠা: এই পৃষ্ঠাত দিয়া প্ৰশ্নবোৰ আমি কিয় ব্যক্তিগতভাৱে বিবেচনা কৰা উচিত? (১ কৰি. ১০:⁠১২; ইফি. ৬:⁠১০-১৮) এই প্ৰশ্নবোৰৰ উত্তৰে, যীচুৱে মথি ২৪:⁠৪৪ পদত দিয়া পৰামৰ্শক আমি কিমান গুৰুত্বতাৰে লৈছোঁ বুলি প্ৰকাশ কৰে?

▪ ১২-১৪ পৃষ্ঠা: প্ৰকাশিত বাক্য ১৪:⁠৬, ৭ পদত “সোধ-বিচাৰৰ সময় আহিল” বুলি উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ কি? “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ” কৰা কথাশাৰীৰ অৰ্থ কি? মহা-বাবিল কি আৰু ইয়াৰ সৈতে কি ঘটিবলগীয়া আছে? মহা-বাবিলৰ সংক্ৰান্তত বৰ্তমান আমি কেনে পদক্ষেপ লোৱা উচিত? ভৱিষ্যতবাণীত উল্লেখ কৰা ন্যায়-বিচাৰৰ সময়ৰ সৈতে কি কি সন্মিলিত আছে? ঈশ্বৰে কোৱা ভৱিষ্যতবাণীত ন্যায়-বিচাৰৰ “সেই দিন বা সময়ৰ” বিষয়ে নজনাৰ বাবে আমাত কেনে প্ৰভাৱ পৰা উচিত? (মথি ২৫:⁠১৩)

▪ ১৫ পৃষ্ঠা: সাৰ্ব্বভৌমত্বৰ সেই বাদ-বিষয়টো কি আৰু ই ব্যক্তিগতভাৱে আমাক কেনেকৈ প্ৰভাৱিত কৰে?

▪ ১৬-১৯ পৃষ্ঠা: “নতুন আকাশ-মণ্ডল” আৰু ‘নতুন পৃথিৱী’ কি? (২ পিত. ৩:⁠১৩) কোনে এই প্ৰতিজ্ঞা কৰিছে? নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীয়ে কেনে পৰিৱৰ্তন আনিব? আমি ইয়াৰ পৰা ব্যক্তিগতভাৱে লাভৱান হʼমনে?

জুন ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

▪ ২০-২১ পৃষ্ঠা: প্ৰথম শতাব্দীৰ অনুগামীসকলক পলাই যোৱাৰ সম্পৰ্কে কেনে সতৰ্কবাণী দিছিল? (লূক ২১:⁠২০, ২১) সেই পলায়ন কেতিয়া সম্ভৱ হৈছিল? অনতিপলমে কিয় পলাই যোৱাটো গুৰুত্বপূৰ্ণ আছিল? (মথি ২৪:⁠১৬-​১৮, ২১) বহুতে কিয় সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰে? বিশ্বাসনীয় সতৰ্কবাণী শুনি চীন আৰু ফিলিপিন্স দেশৰ হাজাৰ হাজাৰ লোকে কেনেকৈ লাভৱান হʼল? বৰ্তমান জগতৰ ৰীতি-নীতি ধ্বংসৰ সম্পৰ্কে দিয়া সতৰ্কবাণীক শুনাটো কিয় আগতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে? সময়ৰ গুৰুত্বতাৰ বিষয়ে মনত ৰাখি আমি কি কৰাৰ দায়িত্ব আছে? (হিতো. ২৪:⁠১১, ১২)

▪ ২২-২৩ পৃষ্ঠা: ১৯৭৪ চনত অষ্ট্ৰেলিয়া আৰু ১৯৮৫ চনত কলম্বিয়াত বহুতে ধ্বংসৰ বিষয়ে দিয়া সতৰ্কবাণীৰ প্ৰতি কিয় অধিক গুৰুত্ব নিদিলে আৰু ফলত কি ঘটিল? আপুনি এই সতৰ্কবাণীৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন আৰু কিয়? আমি নোহৰ দিনত দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিলোঁ বা নিদিলোঁ বুলি কিহে নিৰ্দ্দেশিত কৰিলেহেঁতেন? চদোম চহৰৰ আশে-পাশে লোকসকলে কিয় বাস কৰিব বিচাৰিছিল? চদোম চহৰৰ সৈতে যি ঘটিল, সেই বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

জুন ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

▪ ২৪-২৭ পৃষ্ঠা: ২৭ পৃষ্ঠাত দিয়া “অধ্যয়নৰ বাবে প্ৰশ্নসমূহ” ব্যৱহাৰ কৰক।

জুন ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

▪ ২৮-৩১ পৃষ্ঠা: ৩১ পৃষ্ঠাত দিয়া “অধ্যয়নৰ বাবে প্ৰশ্নসমূহ” ব্যৱহাৰ কৰক।

“পৰ দি থাকক” নামৰ ব্ৰচাৰখনে আমাক আগতকৈও অধিক সজাগে থকাত সহায় কৰিব। এতেকে আঁহক আমি আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা স্বৰ্গদূতে কৰা ঘোষণাৰ প্ৰতি অধিক গুৰুত্বতা প্ৰকাশ কৰোঁহঁক, যʼত এইদৰে কোৱা হৈছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক; তেওঁৰ সোধ-বিচাৰৰ সময় আহিল।”​—⁠মথি ২৪:⁠৪২, ৪৪; প্ৰকা. ১৪:⁠৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক