পৰিচয়
ঈশ্বৰ এজন মৰমিয়াল পিতৃৰ দৰে। ১ পিতৰ ৫:৬, ৭
ঈশ্বৰ হৈছে আমাৰ সৃষ্টিকৰ্ত্তা আৰু তেওঁ আমাক যত্ন লয়। এজন বুদ্ধিমান আৰু মৰমিয়াল পিতৃয়ে যেনেকৈ নিজৰ লʼৰা-ছোৱালীবিলাকক শিক্ষা দিয়ে, ঠিক সেইদৰে ঈশ্বৰে পৃথিৱীৰ সকলো লোকক ভালদৰে জীয়াই থাকিবলৈ শিক্ষা দিয়ে।
ঈশ্বৰে প্ৰকাশ কৰা সত্যবোৰে আমাৰ জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনে।
যদি আপুনি ঈশ্বৰৰ বাক্য শুনে, তেনেহʼলে তেওঁ আপোনাক বাট দেখুৱাব, ৰক্ষা কৰিব আৰু যিকোনো সমস্যাক সমাধান কৰিবলৈ সহায় কৰিব।
কিন্তু ইমানেই নহয়—আপুনি অনন্ত জীৱন জীয়াই থাকিব!