খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰভাৱশালীৰূপে প্ৰশ্ন সোধক
কিয় গুৰুত্বপূৰ্ণ: যদি “মানুহৰ মনৰ কল্পনা গভীৰ জলৰ নিচিনা,” তেনেহʼলে প্ৰশ্নবোৰ হৈছে পানী তোলা এটা বাল্টিৰ নিচিনা। (হিতো ২০:৫) শ্ৰোতাসকলক আমাৰ আলোচনাত জড়িত কৰাৰ বাবে প্ৰশ্নই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সঠিকভাৱে নিৰ্ব্বাচন কৰা প্ৰশ্নই প্ৰায়ে সুফল কঢ়িয়াই আনে। যীচুৱে প্ৰভাৱশালীৰূপে প্ৰশ্ন ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত আমি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ?
ইয়াক কেনেকৈ কৰিব:
দৃষ্টিভংগীমূলক প্ৰশ্ন সোধক। নিজৰ শিষ্যসকলৰ মনৰ কথা জানিবলৈ যীচুৱে তেওঁলোকক বহুতো প্ৰশ্ন সুধিছিল। (মথি ১৬:১৩-১৬; be-HI ২৩৮ ¶৩-৫) গৃহস্থৰ মনৰ কথা জানিবলৈ আপুনি কেনেধৰণৰ প্ৰশ্ন সুধিব?
নিৰ্দিষ্ট উত্তৰ পাবলৈ প্ৰশ্ন কৰক। পিতৰৰ চিন্তা-ভাৱনা শুধৰাবলৈ যীচুৱে এনে কিছুমান প্ৰশ্ন সুধিছিল, যাৰ আঁৰত উত্তৰ লুকাই আছিল। ইয়াৰ দ্বাৰা পিতৰে সঠিক মীমাংসাত উপনীত হʼবলৈ সক্ষম হৈছিল। (মথি ১৭:২৪-২৬) আপুনিও এনে কি প্ৰশ্ন কৰিব পাৰে, যাৰ দ্বাৰা শ্ৰোতাসকলে সঠিক মীমাংসাত উপনীত হʼব পাৰে?
শ্ৰোতাক প্ৰশংসা কৰক। যেতিয়া এজন ফৰীচীয়ে “সুবিবেচনাৰে উত্তৰ” দিছিল, তেতিয়া যীচুৱে তেওঁক প্ৰশংসা কৰিছিল। (মাৰ্ক ১২:৩৪) কোনোবাই সঠিক উত্তৰ দিলে আপুনি তেওঁক কেনেকৈ প্ৰশংসা কৰিব?
যীচুৱে কৰা কাৰ্য্যক আপুনিও কৰক—শিকোৱা ভিডিঅʼখনৰ প্ৰথম অংশটো চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
যদিও ভাইজনে কোৱা কথাখিনি সঠিক হয়, কিন্তু তেওঁৰ শিকোৱাৰ পদ্ধতি কিয় সঠিক নহয়?
কোনো এটা বিষয় বিতংভাৱে বৰ্ণনা কৰাৰ পৰিৱৰ্তে আমি আৰু কি কৰিব পাৰোঁ?
ভিডিঅʼখনৰ দ্বিতীয় অংশটো চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভাইজনে কেনেকৈ প্ৰভাৱশালীৰূপে প্ৰশ্নবোৰ ব্যৱহাৰ কৰিছে?
ভাইজনৰ দৰে আমি কি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ?
আমাৰ শিক্ষাই আনৰ ওপৰত কি প্ৰভাৱ পেলোৱা উচিত? (লূক ২৪:৩২)