মাৰ্চ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
মাৰ্চ ৫-১১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২০-২১
“যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক”
(মথি ২০:৩) নমান বজাত তেওঁ আকৌ ওলাই গৈ, বজাৰ, এনেই থিয় হৈ থকা আনবিলাকক দেখি, সিহঁতক কলে।
nwtsty ভিডিঅ’
বজাৰ
ছবিখনৰ অনুসৰি কিছুমান বজাৰ ৰাস্তাৰ দাঁতিত বহা দেখিবলৈ পোৱা গৈছিল। বেপাৰীসকলে প্ৰায়ে বেচিবলগীয়া বস্তুবোৰ ইমানেই ৰাখিছিল যে ৰাস্তাটো বন্ধ হৈ পৰিছিল। এই বজাৰৰপৰা স্থানীয় লোকসকলে প্ৰয়োজনীয় বস্তু, মাটিৰ পাত্ৰ, কাঁচেৰে নিৰ্মিত মূল্যৱান সামগ্ৰী, শাক-পাচলি আদি বিভিন্ন বস্তু কিনিছিল। সেই সময়ত কোনো ফ্ৰীজ্ নাছিল। সেইবাবে, প্ৰতিদিনে লোকসকলে প্ৰয়োজনীয় বস্তুবোৰৰ বাবে বজাৰলৈ যাবলগীয়া হৈছিল। বজাৰ কৰিবলৈ অহা লোকসকলে, বেপাৰী বা আন লোকসকলৰপৰা খা-খবৰ শুনিবলৈ পাইছিল। লʼৰা-ছোৱালীবিলাকে ইয়াত খেলা-ধূলা কৰিছিল আৰু কিছুমান লোকে কাম পোৱাৰ আশাত অপেক্ষা কৰি আছিল। এনে বজাৰবোৰত যীচুৱে লোকসকলক সুস্থ কৰিছিল আৰু পাঁচনি পৌলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল। (পাঁচ ১৭:১৭) ইয়াৰ বিপৰীতে, অহংকাৰী অধ্যাপক আৰু ফৰীচীসকলে বজাৰত লোকসকলে তেওঁলোকক সম্ভাষণ জনোৱাটো বিচাৰিছিল।
(মথি ২০:২০, ২১) তেতিয়া চিবদিয়ৰ পুতেকহঁতৰ মাকে তেওঁৰ পুতেক দুজনক লগত লৈ, তেওঁৰ ওচৰলৈ আহি, প্ৰণিপাত কৰি, তেওঁৰ পৰা কিবা যাচ্না কৰিলে। ২১ তাতে তেওঁ তেওঁক কলে, তোমাৰ কি ইচ্ছা? তেওঁ তেওঁক কলে, আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁহাতে, আনটোৱে বাওঁহাতে যেন বহিবলৈ পায়, এনে আজ্ঞা দিয়ক।
মথি ২০:২০, ২১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
চিবদিয়ৰ পুত্ৰৰ মাক: অৰ্থাৎ পাঁচনি যাকোব আৰু যোহনৰ মাক। মাৰ্ক কিতাপত বৰ্ণনা কৰা অনুসৰি যাকোব আৰু যোহনে যীচুক এই যাচনা কৰিছিল। ইয়াত কোনো সন্দেহ নাই যে আচলতে এই যাচনাৰ আঁৰত যাকোব আৰু যোহন আছিল। কিন্তু তেওঁলোকে নিজৰ মাক চালোমীৰ যোগেদি কথাষাৰ যীচুক কৈছিল। চালোমী হয়তো যীচুৰ মাহীয়েক আছিল।—মথি ২৭:৫৫, ৫৬; মাৰ্ক ১৫:৪০, ৪১; যোহ ১৯:২৫.
এটাই আপোনাৰ সোঁহাতে, আৰু আনটোৱে বাওঁহাতে: ইয়াত দুয়োফালে বহা স্থানেই সন্মান আৰু অধিকাৰক চিত্ৰিত কৰে। কিন্তু আটাইতকৈ সন্মানীয় স্থান হৈছে সোঁফাল।—গীত ১১০:১; পাঁচ ৭:৫৫, ৫৬; ৰোম ৮:৩৪.
(মথি ২০:২৫-২৮) কিন্তু যীচুৱে তেওঁলোকক ওচৰলৈ মাতি কলে, পৰজাতিৰ শাসনকৰ্ত্তাসকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু ডাঙৰীয়াসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। ২৬ তোমালোকৰ মাজত তেনে নহব; কিন্তু যি দৰে মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল, ২৭ সেইদৰে যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক, ২৮ আৰু যি কোনোৱে তোমালোকৰ মাজত শ্ৰেষ্ঠ হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক।
মথি ২০:২৬, ২৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
পৰিচাৰক: বা “দাস।” বাইবেলত প্ৰায়ে গ্ৰীক শব্দ দিয়াকোনোচ্ এনে লোকৰ বাবে ব্যৱহাৰ কৰা হৈছে, যিসকলে নম্ৰতাৰে আনৰ সেৱা কৰাত ব্যস্ত থাকে। দিয়াকোনোচ্ শব্দটো খ্ৰীষ্ট (ৰোম ১৫:৮), পৰিচাৰক বা খ্ৰীষ্টৰ সেৱক (১কৰি ৩:৫-৭; কল ১:২৩), পৰিচাৰক (ফিলি ১:১; ১তীম ৩:৮), ঘৰত কাম কৰা চাকৰ (যোহ ২:৫, ৯) আৰু চৰকাৰী কৰ্মচাৰীসকলৰ (ৰোম ১৩:৪) বাবে ব্যৱহাৰ কৰা হয়।
সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ: বা “সেৱা পাবলৈ নহয়, সেৱা কৰিবলৈ।”
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২১:৯) আৰু তেওঁৰ আগে-পাছে যোৱা লোকসমূহে ৰিঙিয়াই কলে, জয়! জয়! দায়ূদৰ সন্তান; যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; ঊৰ্দ্ধলোকত জয়ধ্বনি হওক!
মথি ২১:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
জয়! জয়: বা “আমি প্ৰাৰ্থনা কৰোঁ, ৰক্ষা কৰক।” ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “হোচান্না।” এই গ্ৰীক শব্দটো এটা হীব্ৰু শব্দৰপৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে “আমি প্ৰাৰ্থনা কৰোঁ, ৰক্ষা কৰক” অথবা “অনুগ্ৰহ কৰি ৰক্ষা কৰক।” ইয়াত এই শব্দটো উদ্ধাৰ পাবলৈ বা জয়ী হʼবলৈ ঈশ্বৰৰ ওচৰত কাতৰোক্তি কৰাক বুজায়। ইয়াৰ উপৰিও “অনুগ্ৰহ কৰি আমাক উদ্ধাৰ কৰক” বুলিও কʼব পাৰি। কালক্ৰমে এই শব্দটো প্ৰাৰ্থনা আৰু প্ৰশংসাৰ বাবে ব্যৱহাৰ হʼবলৈ ধৰিলে। ইয়াৰ হীব্ৰু শব্দটো গীতমালা ১১৮:২৫ পদত পোৱা যায় আৰু ই নিস্তাৰ-পৰ্ব্বৰ সময়ত গোৱা প্ৰশংসাৰ গীতৰ এক অংশ আছিল। গতিকে, পৰ্ব্বৰ সময়ত এই শব্দবোৰ সহজে মনলৈ আহিছিল। দায়ূদৰ মৃত সন্তানক পুনৰুত্থান কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰে এই প্ৰাৰ্থনাৰ উত্তৰ দিছিল। মথি ২১:৪২ পদত যীচুৱে নিজেই গীতমালা ১১৮:২২, ২৩ পদৰ উদ্ধৃতি দি মচীহৰ ওপৰত প্ৰয়োগ কৰিছিল।
দায়ূদৰ সন্তান: ইয়ে যীচুৰ বংশাৱলি চিনাক্ত কৰিবলৈ সহায় কৰে আৰু প্ৰতীজ্ঞা কৰা মচীহ হিচাপে তেওঁৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰে।
(মথি ২১:১৮-২০) পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁতে, তেওঁৰ ভোক লাগিল; ১৯ এনেতে, বাটৰ কাষত এজোপা ডিমৰু গছ দেখি, ওচৰলৈ গৈ, পাতৰ বাহিৰে একো নাপাই, তাক কলে, এতিয়াৰ পৰা তোত আৰু কেতিয়াও ফল উৎপন্ন নহওক। ২০ তেতিয়াই সেই ডিমৰু গছ জোপা শুকাই গল।
jy ২৪৪ ¶৪-৬
এজোপা ডিমৰু গছৰ দ্বাৰা বিশ্বাসৰ বিষয়ে শিক্ষা
ডিমৰু গছজোপা শুকাই যোৱাৰ কি কাৰণ আছিল? যীচুৱে দিয়া উত্তৰত ইয়াৰ কাৰণ দেখিবলৈ পোৱা যায়: “মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা, তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা, এনে নহয়, কিন্তু এই পৰ্ব্বতটোকো যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, সিও হব। আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি যি খোজা, সকলোকে পাবা।” (মথি ২১:২১, ২২) যীচুৱে আগতে কোৱা কথাষাৰ পুনৰ কৈছিল যে বিশ্বাস থাকিলে এখন পৰ্ব্বতকো এঠাইৰপৰা আন ঠাইলৈ স্থানান্তৰ কৰিব পাৰি।—মথি ১৭:২০.
শুকাই যোৱা গছজোপাৰ যোগেদি যীচুৱে ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰখাৰ ওপৰত এক উত্তম শিক্ষা দিছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেহে পাবা।” (মাৰ্ক ১১:২৪) যীচুক অনুকৰণ কৰা লোকসকলৰ বাবে কি যে এক উত্তম শিক্ষা! বিশেষকৈ এই শিক্ষা পাঁচনিসকলৰ বাবে উপযুক্ত আছিল। কাৰণ তেওঁলোকে অতি সোনকালে কিছুমান ডাঙৰ পৰীক্ষাৰ সন্মুখীন হʼবলগীয়া আছিল। শুকান ডিমৰু গছ আৰু বিশ্বাসৰ মাজত আন এক বিষয়ো জড়িত আছে।
ডিমৰু গছজোপাৰ দৰে, ইস্ৰায়েল ৰাষ্ট্ৰয়ো প্ৰৱঞ্চক আছিল। ঈশ্বৰৰ লগত এই ৰাষ্ট্ৰৰ লোকসকলৰ সম্পৰ্ক এক নিয়মৰ যোগেদি আছিল। বাহিৰৰপৰা এনে লাগিছিল যেন তেওঁলোকে ঈশ্বৰৰ নিয়মবোৰ পালন কৰে। কিন্তু এখন ৰাষ্ট্ৰ হিচাপে তেওঁলোকৰ বিশ্বাস কম আছিল আৰু তেওঁলোকে ভাল ফল বিকশিত কৰিব পৰা নাছিল। আনকি, তেওঁলোকে ঈশ্বৰৰ পুত্ৰকো অস্বীকাৰ কৰিছিল। সেইবাবে, শুকাই যোৱা ডিমৰু গছজোপাৰ যোগেদি যীচুৱে বুজাব বিচাৰিছিল যে ফল নিদিয়া আৰু বিশ্বাস নথকা এই ৰাষ্ট্ৰৰ কি পৰিণাম হʼব।
বাইবেল পাঠ
(মথি ২০:১-১৯) স্বৰ্গৰাজ্য এনে এজন গৃহস্থৰ নিচিনা, যি জনে নিজৰ দ্ৰাক্ষাবাৰীৰ কামত লগাবলৈ অতি ৰাতিপুৱাতে বনুৱাবিলাকক বিচাৰি ওলাই যায়। ২ পাছে, তেওঁ দিনে আধলিকৈ দিবলৈ বনুৱাবিলাকে সৈতে বন্দবস্ত কৰি, সিহঁতক তেওঁৰ দ্ৰাক্ষাবাৰীলৈ পঠিয়ালে। ৩ নমান বজাত তেওঁ আকৌ ওলাই গৈ, বজাৰ, এনেই থিয় হৈ থকা আনবিলাকক দেখি, সিহঁতক কলে, ৪ তহঁতো মোৰ দ্ৰাক্ষাবাৰীলৈ যা; আৰু যি উচিত তাক তহঁতক দিম। তেতিয়া সিহঁত গল। ৫ আকৌ বাৰ আৰু তিনিমান বজাত তেওঁ ওলাই গৈ, সেই একে দৰেই কৰিলে। ৬ পাছে পাঁচমান বজাত তেওঁ ওলাই গৈ, আন কিছুমানকো থিয় হৈ থকা দেখি, সিহঁতক সুধিলে, তহঁতে কি কাৰণে ইয়াত দিনটো এনেই থিয় হৈ আছহঁক? ৭ সিহঁতে তেওঁক কলে, আমাক কোনেও কামত লগোৱা নাই। তাতে তেওঁ সিহঁতক কলে, তহঁতো মোৰ দ্ৰাক্ষাবাৰীলৈ যা। ৮ পাছে গধুলি হলত, সেই বাৰীৰ গৰাকীয়ে নিজৰ ঘৰগিৰীক কলে, বনুৱাবিলাকক মাতি, শেষৰ কেইটাৰ পৰা আৰম্ভ কৰি, প্ৰথমৰ কেইটালৈকে সিহঁকত বেচ দিয়া। ৯ তাতে পাঁচমান বজাত লগোৱাবোৰে আহি আধলিকৈ পালে। ১০ পাছে প্ৰথমে লগোৱাবোৰে আহি ভাবিলে, আমি অধিককৈ পাম; কিন্তু সিহঁতেও আধলিকৈহে পালে। ১১ তাকে পাই, সিহঁতে গৃহস্থৰ অহিতে বোল-মাত কৰি কলে, এই শেষৰবোৰে এঘন্টা মাথোন কাম কৰিলে; ১২ তথাপি ৰʼদৰ তাপ আৰু দিনটোৰ ভাৰ সহন কৰা যি আমি, আমাৰে সৈতে সিহঁতক সমান কৰিলে। ১৩ কিন্তু তেওঁ উত্তৰ দি সিহঁতৰ এটাক কলে, বোপা, মই তোৰ একো অন্যায় কৰা নাই; তই মোৰ লগত এক আধলিকৈ বন্দবস্ত কৰা নাই নে? ১৪ তোৰখিনি তই লৈ যা; এই শেষৰটোক তোৰ সমানেই দিবলৈ মোৰ ইচ্ছা। ১৫ মোৰ নিজৰ বস্তুৰে নিজৰ ইচ্ছামতে কৰিব নাপাওঁ নে? নাইবা মই হিতকাৰী দেখি, তোৰ চকু পুৰিছে নে? ১৬ এইদৰে পাছ হোৱাবিলাক আগ হব, আৰু আগ হোৱাবিলাক পাছ হব। ১৭ পাছে যীচুৱে যিৰূচালেমলৈ যাত্ৰা কৰোঁতে, বাৰ জন শিষ্যক এফলীয়াকৈ নি, তেওঁলোকক বাটতে কলে, ১৮ চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত শোধাই দিয়া হব; আৰু তেওঁবিলাকে তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা দিব; ১৯ আৰু বিদ্ৰূপ কৰি আৰু চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ, পৰজাতিৰ হাতত শোধাই দিব; আৰু তিন দিনৰ দিনা তেওঁক তোলা হব।
মাৰ্চ ১২-১৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২২-২৩
“দুটা প্ৰধান আজ্ঞা পালন কৰক”
(মথি ২২:৩৬-৩৮) হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান? ৩৭ তাতে যীচুৱে তেওঁক কলে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা; ৩৮ এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা।
মথি ২২:৩৭ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
হৃদয়: লাক্ষণিক অৰ্থত এই শব্দটোৱে আন্তৰিক ব্যক্তিজনক বুজায়। যেতিয়া “প্ৰাণ” আৰু “চিত্ত” দুয়োটা শব্দ একেলগে উল্লেখ কৰা থাকে, তেতিয়া ইয়ে এজন ব্যক্তিৰ ভাৱনা, ইচ্ছা আৰু অনুভৱ এক বিশেষ অৰ্থত প্ৰকাশ কৰে। ইয়াত ব্যৱহাৰ হোৱা তিনিটা শব্দই (হৃদয়, প্ৰাণ আৰু চিত্ত) বেলেগ বেলেগ অৰ্থ নুবুজায়। এই তিনিওটা শব্দ এটাৰ লগত আনটোৰ কিবা নহয় কিবা মিল আছে। ঈশ্বৰৰ প্ৰতি থকা আন্তৰিক প্ৰেমক জোৰ দিবলৈ এই শব্দবোৰ ব্যৱহাৰ কৰা হয়।
প্ৰাণ: বা “সম্পূৰ্ণ শৰীৰ।”
চিত্ত: অৰ্থাৎ বোধশক্তি। ঈশ্বৰক জানিবলৈ আৰু তেওঁৰ প্ৰতি প্ৰেম বঢ়াবলৈ এজন ব্যক্তিয়ে নিজৰ বোধশক্তি ব্যৱহাৰ কৰা উচিত। (যোহ ১৭:৩, ৰোম ১২:১) দ্বিতীয় বিবৰণ ৬:৫ পদত মূল হীব্ৰু ভাষাত ‘মন, প্ৰাণ আৰু শক্তি’এই তিনিটা শব্দ ব্যৱহাৰ কৰা হৈছে। কিন্তু মথি কিতাপখন গ্ৰীক ভাষাত লিখা হৈছিল আৰু ইয়াত ‘শক্তি’ শব্দৰ সলনি ‘চিত্ত’ ব্যৱহাৰ কৰা হৈছে। ইয়াত হয়তো বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰাৰ বহুতো কাৰণ হʼব পাৰে। প্ৰথম কাৰণটো হৈছে, ‘চিত্ত’ শব্দৰ বাবে প্ৰাচীন হীব্ৰু ভাষাত কোনো এক নিৰ্দিষ্ট শব্দ নাছিল। এই শব্দটো প্ৰায়ে হীব্ৰু শব্দ ‘হৃদয়ৰ’ লগত জড়িত আছিল। এই শব্দটো লাক্ষণিকভাৱে যেতিয়া আন্তৰিক ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াত এজন ব্যক্তিৰ চিন্তা-ধাৰা, অনুভৱ, মনোভাৱ আৰু অভিপ্ৰায় জড়িত থাকে। (দ্বিতী ২৯:৪; গীত ২৬:২; ৬৪:৬; এই পদত হৃদয় শব্দৰ ওপৰত থকা অধ্যয়নৰ টোকা চাওক।) সেইবাবে, হীব্ৰু শাস্ত্ৰপদত যʼত “হৃদয়” লিখা হৈছে, তাত গ্ৰীক ছেপ্টুৱেজিন্ট্ অনুবাদত প্ৰায়ে ‘চিত্ত’ বুলি বৰ্ণনা কৰিছে। (আদি ৮:২১; ১৭:১৭; হিতো ২:১০; যিচ ১৪:১৩) মথি নামৰ লেখকজনে ‘শক্তি’ শব্দৰ সলনি গ্ৰীক শব্দ ‘চিত্ত’ ব্যৱহাৰ কৰাৰ আৰু এটা কাৰণ আছে। দ্বিতীয় বিবৰণ ৬:৫ পদত ‘শক্তি’ শব্দটো উল্লেখ আছে আৰু ইয়াত শাৰীৰিক শক্তি আৰু মানসিক বা বোধশক্তি জড়িত আছে। যিয়ে কাৰণ নহওক কিয়, এটাৰ লগত আনটোৰ মিল থকা এই হীব্ৰু আৰু গ্ৰীক শব্দবোৰে আমাক বুজিবলৈ সহায় কৰে যে দ্বিতীয় বিবৰণৰ কথা উদ্ধৃতি দিয়াৰ সময়ত শুভবাৰ্ত্তাৰ লেখকে কিয় একেই শব্দ ব্যৱহাৰ কৰা নাছিল।
(মথি ২২:৩৯) তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।
মথি ২২:৩৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
দ্বিতীয়টো: মথি ২২:৩৭ পদত যীচুৱে ফৰীচীসকলক স্পষ্টভাৱে দিয়া উত্তৰ বৰ্ণনা আছে। কিন্তু যীচুৱে মূল প্ৰশ্নটোৰ উত্তৰ দিয়াৰ উপৰিও দ্বিতীয় আজ্ঞাটো উল্লেখ কৰিছে। (লেবী ১৯:১৮) তেওঁ কৈছিল যে দুয়োটা আজ্ঞা ইটোৱে-সিটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু গোটেই বিধান আৰু ভাববাদীসকলৰ বাক্য এই দুটা আজ্ঞাৰ ওপৰত আধাৰিত।—মথি ২২:৪০.
চুবুৰীয়া: “চুবুৰীয়া” শব্দটো গ্ৰীক ভাষাত (আক্ষৰিক অৰ্থত, “ওচৰত থকাজন”) কেৱল একেবাৰে ওচৰত বাস কৰা লোকসকলকেই বুজায় এনে নহয়, কিন্তু সেই লোকসকলকো বুজায়, যাৰ লগত আমি মিলা-মিছা কৰোঁ।—লূক ১০:২৯-৩৭; ৰোম ১৩:৮-১০.
(মথি ২২:৪০) এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাববাদীসকলৰ বাক্য ওলমি আছে।
মথি ২২:৪০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
গোটেই বিধান আৰু ভাববাদীসকলৰ বাক্য: আদিপুস্তকৰপৰা দ্বিতীয় বিবৰণলৈকে বাইবেলৰ এই কিতাপকেইখনক “বিধান” বুলি কোৱা হয়। “ভাববাদীসকলৰ বাক্য” বুলি কওঁতে হীব্ৰু শাস্ত্ৰৰ ভাববাণীৰ কিতাপকেইখনক বুজায়। কিন্তু, যেতিয়া এই দুয়োটা শব্দ একেলগে উল্লেখ থাকে, তেতিয়া ইয়ে গোটেই হীব্ৰু শাস্ত্ৰপদক বুজায়।—মথি ৭:১২; ২২:৪০; লূক ১৬:১৬.
ওলমি আছে: গ্ৰীক ভাষাত “ওলমি আছে” শব্দটোৰ লাক্ষণিক অৰ্থ হৈছে “কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা আৰু কোনো বিষয়ৰ ওপৰত আধাৰিত হোৱা।” গতিকে যীচুৱে উনুকিয়াই দিছিল যে কেৱল দহটা আজ্ঞাই প্ৰেমৰ ওপৰত আধাৰিত নহয়, কিন্তু গোটেই হীব্ৰু শাস্ত্ৰপদ প্ৰেমৰ ওপৰত আধাৰিত।—ৰোম ১৩:৯.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২২:২১) তেতিয়া তেওঁ তেওঁলোকক কলে, তেন্তে যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।
মথি ২২:২১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
যি কৈচৰৰ, তাক কৈচৰক দিয়া: যীচুৱে এই পদত আৰু মাৰ্ক ১২:১৭ তথা লূক ২০:২৫ পদতহে কেৱল ৰোমান সম্ৰাটৰ বিষয়ে উল্লেখ কৰিছে। “যি কৈচৰৰ” বুলি কওঁতে, চৰকাৰৰপৰা লাভ কৰা সুবিধাসমূহৰ বাবে দিবলগীয়া মাচুল, চৰকাৰী অধিকাৰীসকলক সন্মান কৰা আৰু আপেক্ষিকভাৱে তেওঁলোকৰ অধীনত থকা বুজায়।—ৰোম ১৩:১-৭.
যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া: ইয়াত এজন ব্যক্তিয়ে সম্পূৰ্ণ হৃদয়েৰে উপাসনা কৰা, সম্পূৰ্ণ প্ৰাণেৰে প্ৰেম কৰা আৰু সম্পূৰ্ণ নিষ্ঠাৰে আজ্ঞা পালন কৰা জড়িত আছে।—মথি ৪:১০; ২২:৩৭, ৩৮; পাঁচ ৫:২৯; ৰোম ১৪:৮.
(মথি ২৩:২৪) হে অন্ধ পথদৰ্শকবিলাক, তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁক।
মথি ২৩:২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁক: প্ৰাচীন ইস্ৰায়েলীসকলৰ বাবে পোক (চেৰেপা) আটাইতকৈ সৰু জীৱ আৰু উট আটাইতকৈ ডাঙৰ অশুচি জন্তু আছিল। (লেবী ১১:৪, ২১-২৪) যীচুৱে ৰূপকভাৱে কোৱা কথাষাৰ কিছু পৰিমাণে উপহাস কৰা দেখিবলৈ পোৱা যায়। ধৰ্মগুৰুসকলে পানী বা অন্যান্য বস্তু খাওঁতে এখন চাকনিৰে সেইবোৰ ছাকি লৈছিল, যাতে তেওঁলোকে কোনো পোক খাই নিজকে অশুচি নকৰে। কিন্তু তেওঁলোকে বিধানৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ অৱহেলা কৰিছিল। সেইবাবে, যীচুৱে তেওঁলোকক এটা অশুচি উট গিলাৰ লগত তুলনা কৰিছিল।
বাইবেল পাঠ
(মথি ২২:১-২২) পাছে যীচুৱে উত্তৰ দি আকৌ দৃষ্টান্তেৰে তেওঁলোকক কলে যে, ২ স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰিতবিলাকক সেই উৎসৱলৈ মাতিবলৈ ৩ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু তেওঁলোক আহিবলৈ মন নকৰিলে। ৪ পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, নিমন্ত্ৰিতবিলাকক কগৈ, চোৱা, মোৰ ভোজ যুগুত কৰিলোঁ; মোৰ বলদ আদি হৃষ্ট-পুষ্ট পশু মৰা হৈছে, আৰু সকলো যুগুত হল; তোমালোক বিয়াৰ উৎসৱলৈ আহাঁ। ৫ কিন্তু তেওঁলোকে অৱহেলা কৰি গুচি গল, কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহাবেপাৰলৈ। ৬ আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে। ৭ তাতে ৰজাই খং উঠি, তেওঁক সৈন্যবিলাকক পঠাই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰখন পুৰি পেলালে। ৮ তেতিয়া তেওঁৰ দাসবোৰক কলে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল; ৯ এই হেতুকে তহঁতে চাৰিমুনি বাটলৈ গৈ, যিমান মানুহ পাৱ, সেই আটাইবিলাককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ। ১০ তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ, ভাল বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহীবিলাকেৰেই বিয়া-ঘৰ ভৰিল। ১১ কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ আহিলত, বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখি সুধিলে, ১২ হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি নো ইয়াত কেনেকৈ সোমালা? তাতে তেওঁ অবাক হল। ১৩ তেতিয়া ৰজাই তেওঁৰ পৰিচাৰকবোৰক কলে, ইয়াক হাতে-ভৰি বান্ধি বাহিৰৰ আন্ধাৰত পেলাগৈ। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব। ১৪ কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ। ১৫ তেতিয়া ফৰীচীৰিলাকে গৈ, কেনেকৈ তেওঁক বাক্যৰূপ ফান্দত পেলাব পাৰিব, ১৬ এনে মন্ত্ৰণা কৰি, হেৰোদীয়া মানুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে, হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, আৰু কালৈকো ভয় নাৰাখে, ইয়াক আমি জানো; কিয়নো আপুনি মানুহৰ মুখলৈ নাচায়। ১৭ এতেকে কৈচৰক খাজনা দিব পায় নে নাপায়? আপোনাৰ মনে কি ধৰে, আমাক কওক। ১৮ তাতে যীচুৱে তেওঁলোকৰ দুৰ্ম্মতি জানি কলে, হে কপটীয়াবিলাক, কিয় মোক পৰীক্ষা কৰিছা? সেই খাজনাৰ ধন মোক দেখুউৱা। ১৯ তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। ২০ তাতে তেওঁ তেওঁলোকক সুধিলে, এই প্ৰতিমূৰ্ত্তি আৰু নাম কাৰ? তেওঁলোকে তেওঁক কলে, কৈচৰৰ। ২১ তেতিয়া তেওঁ তেওঁলোকক কলে, তেন্তে যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া। ২২ ইয়াকে শুনি তেওঁলোকে বিস্ময় মানি, তেওঁক এৰি গুচি গল।
মাৰ্চ ১৯-২৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৪
“শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক”
(মথি ২৪:১২) আৰু অধৰ্ম্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।
it-2 ২৭৯ ¶৬
প্ৰেম
অনেকৰ প্ৰেম চেঁচা হৈ যাব। যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক এনে এক সময়ৰ বিষয়ৰ বৰ্ণনা কৰিছিল, যেতিয়া ঈশ্বৰৰ বিশ্বাসী বুলি দাবী কৰা লোকসকলৰ প্ৰেম (আগাপে) চেঁচা হৈ যাব। (মথি ২৪:৩, ১২) পাঁচনি পৌলে উনুকিয়াই দিছিল যে লোকসকল “ধন-লুভীয়া” হৈ পৰাটো শেষ-কালৰ এটা চিন হʼব। (২তীম ৩:১, ২) গতিকে ইয়ে স্পষ্ট কৰে যে এজন ব্যক্তিয়ে বাইবেলৰ সিদ্ধান্তবোৰৰপৰা বিচলিত হৈ পৰিব আৰু এসময়ত থকা তেওঁৰ প্ৰেম লাহে লাহে চেঁচা হৈ যাব। ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰাৰ যোগেদি একেৰাহে প্ৰেম দেখুৱাবলৈ আৰু বিকশিত কৰিবলৈ আৰু ঈশ্বৰৰ মানদণ্ড অনুসৰি নিজৰ জীৱন পৰিৱৰ্তন কৰিবলৈ আমাক উৎসাহিত কৰে।—ইফি ৪:১৫, ২২-২৪.
(মথি ২৪:৩৯) আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।
w৯৯ ১১/১৫ ১৯ ¶৫
আমি ঈশ্বৰৰ প্ৰতি থকা আমাৰ দায়িত্ব পালন কৰিছোঁনে?
যীচু খ্ৰীষ্টই শেষ-কালৰ বিষয়ে এইদৰে কৈছিল: “নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব। কিয়নো জলপ্লাবনৰ আগেয়ে নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুহবিলাকে ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি আছিল, আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।” (মথি ২৪:৩৭-৩৯) পৰিমিতভাৱে ভোজন-পান কৰাত কোনো ভুল নাই। আনকি বিয়া কৰাত বা বিয়া দিয়াতো কোনো ভুল নাই, কাৰণ বিবাহৰ আৰম্ভণি ঈশ্বৰে নিজেই কৰিছিল। (আদিপুস্তক ২:২০-২৪) কিন্তু আমি যদি অনুভৱ কৰোঁ যে দৈনন্দিন কাম-কাজে আমাৰ জীৱনত প্ৰথমস্থান লাভ কৰিছে, তেনেহʼলে ইয়াৰ বিষয়ে আমি প্ৰাৰ্থনা কৰা উচিত। যিহোৱা ঈশ্বৰে আমাক তেওঁৰ কামক প্ৰথমস্থান দিবলৈ, যি উচিত তাক কৰিবলৈ আৰু তেওঁৰ প্ৰতি থকা আমাৰ দায়িত্ব পালন কৰিবলৈ সহায় কৰিব।—মথি ৬:৩৩; ৰোমীয়া ১২:১২; ২ কৰিন্থীয়া ১৩:৭.
(মথি ২৪:৪৪) এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।
jy ২৫৯ ¶৫
পাঁচনিসকলে চিনৰ বিষয়ে সুধিছিল
যীচুৱে তেওঁৰ শিষ্যসকলক জাগ্ৰত থাকিবলৈ, পৰ দি থাকিবলৈ আৰু সাজু হৈ থাকিবলৈ উৎসাহিত কৰিছিল। এই সতৰ্কবাণী যে এক গভীৰ বিষয় হয়, তাক বুজিবলৈ যীচুৱে এটা দৃষ্টান্ত দিছিল: “কোন পৰত চোৰ আহিব, তাক গৃহস্থে জনা হলে, পৰ দি থাকি, নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।”—মথি ২৪:৪৩, ৪৪.
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২৪:৮) এই সকলো যাতনাৰ আৰম্ভণহে মাথোন।
মথি ২৪:৮ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
যাতনাৰ আৰম্ভণহে: এই গ্ৰীক শব্দই আক্ষৰিকভাৱে সন্তান প্ৰসৱ কৰাৰ সময়ত হোৱা প্ৰবল বেদনাক বুজায়। যদিও এই শব্দটোৱে সকলো ধৰণৰ অশান্তি, যাতনা আৰু দুখ-কষ্টক চিত্ৰিত কৰে, কিন্তু মথি ২৪:২১ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণীৰ অনুসৰি, মহাক্লেশ আৰম্ভ হোৱাৰ আগত প্ৰসৱ বেদনাৰ দৰে এই দুখ-কষ্ট ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিব।
(মথি ২৪:২০) তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰাম-বাৰে নহয়, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা।
মথি ২৪:২০ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা
জাৰকালি: ধাৰাষাৰে হোৱা বৰষুণ, বানপানী আৰু শীতকালৰ সময়ত যাত্ৰা কৰা, আহাৰ যুগুত কৰা আৰু আশ্ৰয় বিচাৰি পোৱাটো কঠিন হʼব পাৰে।—ইজ্ৰা ১০:৯, ১৩.
বিশ্ৰাম-বাৰে: যিহূদিয়াৰ দৰে এলেকাবোৰত বিশ্ৰাম-বাৰৰ লগত জড়িত থকা নিয়মবোৰৰ বাবে এজন ব্যক্তিয়ে দীঘলীয়া যাত্ৰা কৰা আৰু বয়-বস্তু কঢ়িয়াই লৈ যোৱাটো কঠিন আছিল। ইয়াৰ উপৰিও বিশ্ৰাম-বাৰৰ দিনা নগৰৰ দুৱাৰবোৰ বন্ধ কৰি ৰখা হৈছিল।—পাঁচ ১:১২ আৰু অতিৰিক্ত লেখ B১২.
বাইবেল পাঠ
(মথি ২৪:১-২২) পাছে যীচু ধৰ্ম্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্যবিলাকে তেওঁক ধৰ্ম্মধামৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল। ২ কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক কলে, তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহব। ৩ পাছে তেওঁ জৈতুন পৰ্ব্বতৰ ওপৰত বহাত, শিষ্যবিলাকে গুপুতে তেওঁৰ ওচৰলৈ আহি সুধিলে, এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? তাক আমাক কওক। ৪ তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, কোনেও যেন তোমালোকক নুভুলায়, তালৈ সাৱধান হোৱা। ৫ কিয়নো অনেকে মোৰ নামেৰে আহি, মই খ্ৰীষ্ট্ বুলি অনেকক ভুলাব। ৬ আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা; সাৱধান হোৱা; ব্যাকুল নহবা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নৌ হয়। ৭ জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হব; ৮ এই সকলো যাতনাৰ আৰম্ভণহে মাথোন। ৯ সেই কালত, ক্লেশভোগ কৰিবলৈ, মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা। ১০ তেতিয়া অনেকে বিঘিনি পাব, আৰু ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব, আৰু ইজনে সিজনক ঘিণ কৰিব। ১১ আৰু অনেক ভাঁৰি-কোৱা ভাববাদী ওলাই, অনেকক ভুলাব; ১২ আৰু অধৰ্ম্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব। ১৩ কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। ১৪ আৰু সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব। ১৫ এই হেতুকে যি ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা,—যি জনে পঢ়ে, তেওঁ বুজক;—১৬ তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক; ১৭ ঘৰৰ ওপৰত থকা জনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক; ১৮ আৰু পথাৰত থকা জনে তেওঁৰ কাপোৰখন লবলৈ উলটি নাযাওক। ১৯ কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব। ২০ আৰু তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰাম-বাৰে নহয়, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা। ২১ কিয়নো সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও। ২২ আৰু সেই দিনৰ সংখ্যা কম নকৰা হলে, কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হব।
মাৰ্চ ২৬–এপ্ৰিল ১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৫
“পৰ দি থাকা”
(মথি ২৫:১-৬) তেতিয়া চাকি লৈ, দৰাক আগ বঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হব। ২ তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল। ৩ কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে, লগত তেল নললে; ৪ কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে। ৫ আৰু দৰাই পলম কৰাত, সকলোৱে কল্মটীয়াই টোপনি গল। ৬ কিন্তু মাজনিশা ৰাতি, চোৱা, সৌৱা দৰা! তেওঁক আগ বঢ়াবলৈ ওলোৱাহঁক, এই বুলি ৰিঙিওৱা হল।
(মথি ২৫:৭-১০) তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ চাকি বঢ়ালে। ৮ এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক কলে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে। ৯ কিন্তু সুবুদ্ধি কেইজনী উত্তৰ দি কলে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব; তাতকৈ, বেচোঁতাবিলাকৰ তালৈ গৈ, তোমালোকৰ নিমিত্তে কিনাগৈ। ১০ কিন্তু তেওঁলোকে কিনিবনৈ যাওঁতেই, দৰা আহিল; আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল; আৰু দুৱাৰ বন্ধ কৰা হল।
(মথি ২৫:১১, ১২) পাছে আন কেইজনী কন্যাই আহি কলে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। ১২ কিন্তু তেওঁ উত্তৰ দি কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো।
আধ্যাত্মিক ৰত্ন বিচাৰক
(মথি ২৫:৩১-৩৩) যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ, নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব; ৩২ আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হব; আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি, ৩৩ মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থব।
w১৫ ৩/১৫ ২৬ ¶৭
খ্ৰীষ্টৰ ভাইসকলক নিষ্ঠাৰে সহায় কৰক
বৰ্তমান সময়ত আমি মেৰ আৰু ছাগলীৰ দৃষ্টান্তটো স্পষ্টভাৱে বুজি পাওঁ। এই দৃষ্টান্তত বৰ্ণনা কৰা চৰিত্ৰবোৰৰ পৰিচয় হৈছে এনেধৰণৰ: “মানুহৰ পুত্ৰ” হৈছে ৰজা যীচু। “মোৰ ভাইবিলাক” কথাষাৰে পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত ভাই আৰু ভনীসকলক চিত্ৰিত কৰে। তেওঁলোকে যীচুৰ লগত স্বৰ্গৰপৰা শাসন কৰিব। (ৰোম. ৮:১৬, ১৭) “মেৰ” আৰু ‘ছাগলীয়ে’ পৃথিৱীত বাস কৰা প্ৰতিজন ব্যক্তিক বুজায়। এই লোকসকল পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত নহয়। আহিবলগীয়া বিচাৰৰ সময়ৰ বিষয়ে কি কʼব পাৰি? এই বিচাৰ মহাক্লেশৰ শেষৰ সময়ছোৱাত হʼব। কি কাৰণৰ বাবে লোকসকলক মেৰ বা ছাগলী বুলি বিচাৰ কৰা হʼব? পৃথিৱীত জীয়াই থকা খ্ৰীষ্টৰ ভাইসকলৰ লগত তেওঁলোকে কেনে ব্যৱহাৰ কৰে, তাৰ ওপৰত তেওঁলোকৰ বিচাৰৰ পৰিণাম নিৰ্ভৰ কৰিব। শেষ-কালৰ এই অন্তিম সময়ছোৱাত ক্ৰমান্বয়ে এই দৃষ্টান্তটো আৰু ইয়াৰ লগত জড়িত মথি ২৪ আৰু ২৫ অধ্যায়ৰ দৃষ্টান্তবোৰ আমাক বুজিবলৈ সহায় কৰাৰ বাবে আমি যিহোৱা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত।
(মথি ২৫:৪০) তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক কব, মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা।
w০৯ ১০/১৫ ১৬ ¶১৬-১৮
“তোমালোক মোৰ বন্ধু”
যদি আমি এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ অধীনত থাকিব বিচাৰোঁ, তেনেহʼলে আমি কেনেকৈ খ্ৰীষ্টৰ ভাইসকলৰ প্ৰতি আমাৰ বন্ধুত্ব দেখুৱাব পাৰোঁ? আহক আমি এতিয়া তিনিটা উপায়ৰ বিষয়ে বিবেচনা কৰোঁ। প্ৰথমটো হৈছে, আন্তৰিকতাৰে ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰা। যীচু খ্ৰীষ্টই তেওঁৰ ভাইসকলক পৃথিৱীজুৰি শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ আজ্ঞা দিছিল। (মথি ২৪:১৪) কিন্তু বৰ্তমান সময়ত পৃথিৱীত বাকী থকা খ্ৰীষ্টৰ ভাইসকলে অন্য মেৰৰ সহায় নোলোৱাকৈ, নিজৰ দায়িত্ব পালন কৰাটো কঠিন হʼব। সচাঁকৈ, মেৰ বৰ্গৰ লোকসকলে ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰাৰ যোগেদি খ্ৰীষ্টৰ ভাইসকলক তেওঁলোকৰ পবিত্ৰ কাৰ্য্যত সহায় আগবঢ়ায়। আমি দেখুৱা এই বন্ধুত্বক খ্ৰীষ্টৰ দৰে বিশ্বাসী বুদ্ধিমান দাসে আন্তৰিকভাৱে মূল্যাংকন কৰে।
খ্ৰীষ্টৰ ভাইসকলৰ প্ৰতি অন্য মেৰ বৰ্গৰ লোকসকলে বন্ধুত্ব দেখুৱাৰ দ্বিতীয় উপায় হৈছে ঘোষণা কাৰ্য্যৰ বাবে আৰ্থিকভাৱে সহায়-সহযোগিতা আগবঢ়োৱা। যীচুৱে নিজৰ শিষ্যসকলক “অযথাৰ্থ ধনেৰে” বন্ধুত্ব কৰিবলৈ উৎসাহিত কৰিছিল। (লূক ১৬:৯) ইয়াৰ অৰ্থ এইটো নহয় যে আমি যীচু বা যিহোৱাৰ সৈতে বন্ধুত্ব কিনিব পাৰোঁ। ইয়াৰ বিপৰীতে, ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত কামৰ বাবে আৰ্থিকভাৱে সহায় আগবঢ়াই আমি আমাৰ বন্ধুত্ব আৰু প্ৰেম কেৱল কথাৰেই নহয়, কিন্তু “কৰ্ম্ম আৰু সত্যেৰে” দেখুৱাব পাৰোঁ। (১ যোহন ৩:১৬-১৮) ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰি, সভাগৃহ নিৰ্মাণ তথা তদাৰক কাৰ্য্যৰ বাবে টকা-পইচা দি আৰু বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যৰ বাবে দান-বৰঙণি আগবঢ়োৱাৰ যোগেদি আমি এনেধৰণৰ আৰ্থিক সহায় আগবঢ়াব পাৰোঁ। আমাৰ দান দিয়াৰ পৰিমাণ যিমানেই নহওক কিয়, যদি আমি হৰ্ষিত বা আনন্দিত মনেৰে দান দিওঁ, তেনেহʼলে যিহোৱা ঈশ্বৰ আৰু যীচুৱে নিশ্চয় ইয়াক মূল্যাংকন কৰে।—২ কৰি. ৯:৭.
খ্ৰীষ্টৰ ভাইসকলৰ লগত বন্ধুত্ব কৰাৰ তৃতীয় উপায়টো হৈছে মণ্ডলীৰ প্ৰাচীনসকলে দিয়া নিৰ্দেশনাবোৰ পালন কৰা। এই লোকসকলক খ্ৰীষ্টৰ অধীনত পবিত্ৰ আত্মাৰ যোগেদি নিযুক্ত কৰা হয়। (ইফি. ৫:২৩) ইয়াৰ বিষয়ে পাঁচনি পৌলে এইদৰে বৰ্ণনা কৰিছে: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা।” (ইব্ৰী ১৩:১৭) কেতিয়াবা কেতিয়াবা মণ্ডলীৰ প্ৰাচীনসকলে দিয়া বাইবেল আধাৰিত নিৰ্দেশনাবোৰ পালন কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। আমি তেওঁলোকৰ দুখ-ক্ৰুটিবোৰ জনাৰ বাবে, তেওঁলোকে আগবঢ়োৱা পৰামৰ্শবোৰৰ প্ৰতি আমাৰ উচিত মনোবৃত্তি নাথাকিব পাৰে। কিন্তু মন কৰিবলগীয়া কথা যে তেওঁলোকৰ অসিদ্ধতা থকাৰ সত্বেও, মণ্ডলীৰ মূৰ যীচু খ্ৰীষ্টই তেওঁলোকক ব্যৱহাৰ কৰিবলৈ আনন্দিত। গতিকে, তেওঁলোকৰ অধিকাৰৰ প্ৰতি আমি যিদৰে প্ৰতিক্ৰিয়া দেখুৱাওঁ, ইয়ে যীচুৰ লগত থকা আমাৰ বন্ধুত্বৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। যেতিয়া আমি প্ৰাচীনসকলৰ দুখ-ক্ৰোটিবোৰৰ প্ৰতি মনোযোগ নিদো আৰু আনন্দেৰে তেওঁলোকৰ নিৰ্দেশনা পালন কৰোঁ, তেতিয়া আমি যীচুৰ প্ৰতি আমাৰ প্ৰেম আছে বুলি প্ৰমাণ কৰোঁ।
বাইবেল পাঠ
(মথি ২৫:১-২৩) তেতিয়া চাকি লৈ, দৰাক আগ বঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হব। ২ তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল। ৩ কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে, লগত তেল নললে; ৪ কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকৰি লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে। ৫ আৰু দৰাই পলম কৰাত, সকলোৱে কল্মটীয়াই টোপনি গল। ৬ কিন্তু মাজনিশা ৰাতি, চোৱা, সৌৱা দৰা! তেওঁক আগ বঢ়াবলৈ ওলোৱাহঁক, এই বুলি ৰিঙিওৱা হল। ৭ তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ চাকি বঢ়ালে। ৮ এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক কলে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে। ৯ কিন্তু সুবুদ্ধি কেইজনী উত্তৰ দি কলে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব; তাতকৈ, বেচোঁতাবিলাকৰ তালৈ গৈ, তোমালোকৰ নিমিত্তে কিনাগৈ। ১০ কিন্তু তেওঁলোকে কিনিবনৈ যাওঁতেই, দৰা আহিল; আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল; আৰু দুৱাৰ বন্ধ কৰা হল; ১১ পাছে আন কেইজনী কন্যাই আহি কলে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। ১২ কিন্তু তেওঁ উত্তৰ দি কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো। ১৩ এতেকে পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। ১৪ কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি, নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি, দূৰ দেশলৈ যায়। ১৫ তেওঁ এজনক পাঁচ গাগৰি, এজনক দুগাগৰি, এজনক এগাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে, ধন দি যাত্ৰা কৰিলে। ১৬ তাতে যিজনে পাঁচ গাগৰি পাইছিল, সি তেতিয়াই গৈ, তাৰে সৈতে বেপাৰ কৰি, আৰু পাঁচ গাগৰি লাভ উলিয়ালে। ১৭ সেইদৰে যিজনে দুগাগৰি পাইছিল, সিও আৰু দুগাগৰি লাভ পালে। ১৮ কিন্তু যিজনে এগাগৰি পাইছিল, সি গৈ মাটিত গাঁত খানি, তাৰ প্ৰভুৰ ধন লুকাই থলে। ১৯ বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি, সিহতে সৈতে লেখ-বুজ কৰিলে। ২০ তেতিয়া যিটোৱে পাঁচ গাগৰি পাইছিল, সি আৰু পাঁচ গাগৰি আনি কলে, হে প্ৰভু, আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক, মই আৰু পাঁচ গাগৰি লাভ কৰিলোঁ। ২১ তাৰ প্ৰভুৱে তাক কলে, চাবাইচ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম; তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। ২২ পাছে যিজনে দুগাগৰি পাইছিল, সিও আহি কলে, হে প্ৰভু, আপুনি মোক দুগাগৰি গতাই দিছিল; চাওক, মই আৰু দুগাগৰি লাভ কৰিলোঁ। ২৩ তাৰ প্ৰভুৱে তাক কলে, চাবাইচ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰকী পাতিম; তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা।