ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 জানুৱাৰী পৃষ্ঠা ১-১১
  • জানুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • জানুৱাৰী ৭-১৩
  • জানুৱাৰী ১৪-২০
  • জানুৱাৰী ২১-২৭
  • জানুৱাৰী ২৮–ফেব্ৰুৱাৰী ৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 জানুৱাৰী পৃষ্ঠা ১-১১

জানুৱাৰী—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

জানুৱাৰী ৭-১৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২১-২২

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

(পাঁচনিৰ কৰ্ম্ম ২১:৮-১২) পাছদিনা আমি তাৰ পৰা ওলাই গৈ, কৈচৰিয়া পাই, সাত জনৰ মাজৰ শুভবাৰ্ত্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত সোমাই, তেওঁৰ লগত থাকিলোঁ। ৯ সেই জনৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰি জনী অবিবাহিতা জীয়েক আছিল। ১০ সেই ঠাইতে আমি কেইদিনমান থাকোঁতে, যিহূদিয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল। ১১ তেওঁ আমাৰ ওচৰলৈ আহি, পৌলৰ টঙালি লৈ, নিজৰ হাত ভৰি বান্ধি কলে, পবিত্ৰ আত্মাই এই কথা কৈছে, যাৰে এই টঙালি, সেই মানুহক যিৰূচালেমত যিহূদীবিলাকে এইদৰে বান্ধি, পৰজাতিবিলাকৰ হাতত শোধাই দিব। ১২ এই কথা শুনি, তাত থকাবিলাকে আৰু আমিও পৌলক যিৰূচালেমলৈ নাযাবলৈ মিনতি কৰিলোঁ।

bt ১৭৭-১৭৮ ¶১৫-১৬

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

১৫ যেতিয়া পৌলে ফিলিপৰ ঘৰত আছিল, তেতিয়া তাত আৰু এজন সন্মানীয় ব্যক্তি আহে আৰু তেওঁৰ নাম হৈছে আগাব। ফিলিপৰ ঘৰত একত্ৰিত হোৱা সকলোৱে জানিছিল যে তেওঁ এজন ভাববাদী। তেওঁ ভৱিষ্যতবাণী কৰিছিল যে সম্ৰাট ক্লৌদিয়ৰ শাসন কালত এক বৰ আকাল হʼব আৰু সেইদৰেই হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৭, ২৮) সেইবাবে, সকলোৱে হয়তো ভাবিছিল: ‘আগাব ইয়ালৈ কিয় আহিছে? তেওঁ আমাৰ বাবে কি বাৰ্ত্তা আনিছে?’ তেওঁলোকে একেৰাহে চাই থাকিল। তেওঁ পৌলৰ টঙালি লʼলে। টঙালি হৈছে এনে এখন কাপোৰ, যাক লোকসকলে নিজৰ কঁকালত বান্ধে আৰু ইয়াত মুদ্ৰা বা আন বস্তুবোৰ ৰাখে। আগাবে এই টঙালিৰে নিজৰ হাত আৰু ভৰি বান্ধে। তাৰ পাছত তেওঁ কʼবলৈ আৰম্ভ কৰে। তেওঁৰ বাৰ্ত্তা গুৰুত্বপূৰ্ণ আছিল। তেওঁ এইদৰে কয়: “পবিত্ৰ আত্মাই এই কথা কৈছে, যাৰে এই টঙালি, সেই মানুহক যিৰূচালেমত যিহূদীবিলাকে এইদৰে বান্ধি, পৰজাতিবিলাকৰ হাতত শোধাই দিব।”—পাঁচনিৰ কৰ্ম্ম ২১:১১.

১৬ এই ভৱিষ্যতবাণীয়ে স্পষ্ট কৰে যে পৌলে যিৰূচালেমলৈ যাব আৰু তাত তেওঁ যেতিয়া যিহূদীসকলক ঘোষণা কৰিব, তেতিয়া তেওঁলোকে পৌলক “পৰজাতিবিলাকৰ হাতত শোধাই দিব।” এই ভৱিষ্যতবাণী শুনাৰ পাছত তাত উপস্থিত থকা ভাই-ভনীসকল বাৰুকৈয়ে প্ৰভাৱিত হয়। লূকে এইদৰে বৰ্ণনা কৰিছে: “এই কথা শুনি, তাত থকাবিলাকে আৰু আমিও পৌলক যিৰূচালেমলৈ নাযাবলৈ মিনতি কৰিলোঁ। তেতিয়া তেওঁ উত্তৰ দিলে, তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিছা? কিয়নো প্ৰভু যীচুৰ নামৰ কাৰণে, মই যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”—পাঁচ. ২১:১২, ১৩.

(পাঁচনিৰ কৰ্ম্ম ২১:১৩) তেতিয়া তেওঁ উত্তৰ দিলে, তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিছা? কিয়নো প্ৰভু যীচুৰ নামৰ কাৰণে, মই যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।

bt ১৭৮ ¶১৭

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

১৭ এই দৃশ্যটো কল্পনা কৰক। লূক আৰু আন ভাইসকলে পৌলক যিৰূচালেমলৈ নাযাবলৈ বাৰে বাৰে মিনতি কৰিছিল। কিছুমান লোকে কান্দিছিল। তেওঁৰ প্ৰতি ভাইসকলৰ প্ৰেম আৰু চিন্তা দেখি পৌলে মৰমেৰে কয় যে তেওঁলোকে তেওঁৰ ‘হৃদয় বিদাৰিছে’ অথবা কিছুমান অনুবাদৰ অনুসৰি তেওঁলোকে পৌলৰ “হৃদয় ভাঙিছে।” কিন্তু পৌলৰ সংকল্প দৃঢ় আছিল। সেইবাবে, ভাইসকলৰ মিনতি আৰু চকুলোৱেও তেওঁৰ নিৰ্ণয়ক সলনি কৰিব পৰা নাছিল। ঠিক যিদৰে তূৰত থকা ভাইসকলৰ কথাত তেওঁ সন্মত হোৱা নাছিল। পৌলে তেওঁলোকক বৰ্ণনা কৰে যে তেওঁ যিৰূচালেমলৈ যোৱা কিয় ইমান প্ৰয়োজন। সঁচাকৈ, পৌলে সাহস আৰু দৃঢ়সংকল্পৰ বিষয়ে এক সুন্দৰ উদাহৰণ ৰাখিলে! যীচুৰ দৰে পৌলেও যিৰূচালেম যাবলৈ থিৰাং কৰিছিল। (ইব্ৰী ১২:২) ইয়াৰ অৰ্থ এয়া নহয় যে পৌলে শ্বহীদ হʼব বিচাৰিছিল। কিন্তু যীচু খ্ৰীষ্টৰ শিষ্য হিচাপে নিজৰ জীৱন বলিদান দিয়াটো তেওঁ এক সন্মানৰ বিষয় বুলি গণ্য কৰিছিল।

(পাঁচনিৰ কৰ্ম্ম ২১:১৪) তেওঁ আমাৰ কথা নোলোৱাত আমি ক্ষান্ত হৈ কলোঁ, প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।

bt ১৭৮ ¶১৮

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

১৮ ভাইসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায়? মূলতে কʼবলৈ গʼলে তেওঁলোকে তেওঁৰ নিৰ্ণয়ক সন্মান কৰিছিল। আমি এইদৰে পঢ়োঁ: “তেওঁ আমাৰ কথা নোলোৱাত আমি ক্ষান্ত হৈ কলোঁ, প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।” (পাঁচনিৰ কৰ্ম্ম ২১:১৪) যিসকলে পৌলক যিৰূচালেমলৈ নাযাবলৈ মিনতি কৰিছিল, তেওঁলোকে নিজৰ কথাকে ধৰি নাথাকিল। তেওঁলোকে পৌলৰ কথাত মান্তি হয়, যদিও এনে কৰাটো তেওঁলোকৰ বাবে কঠিন আছিল। কিন্তু তেওঁলোকে বুজিব পাৰিছিল এয়া যিহোৱাৰ উদ্দেশ্য হয়। পৌলে এনে পথ নিৰ্বাচন কৰিছিল, যিয়ে তেওঁক মৃত্যুলৈ আগুৱাই লৈ যাব। যদি পৌলক প্ৰেম কৰা লোকসকলে তেওঁৰ উদ্দেশ্যক দুৰ্বল কৰিবলৈ চেষ্টা নকৰে, তেনেহʼলে তেওঁৰ বাবে আগবাঢ়ি যাবলৈ সহজ হʼব।

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ২১:২৩, ২৪) এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰিজন মানুহ আছে; ২৪ তেওঁলোকক লৈ একে-লগে নিজকে শুচি কৰা, আৰু তেওঁলোকৰ মূৰ খুৰাবলৈ তুমি খৰচ দিয়া। তাতে তোমাৰ বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, কিন্তু তুমি নিজে বিধান পালন কৰি নিয়মিতৰূপে চলিছা, তাক সকলোৱে জানিব।

bt ১৮৪-১৮৫ ¶১০-১২

“মই নিজৰ পক্ষে উত্তৰ কৰোঁ, তাক শুনকচোন”

১০ ইয়াৰ উপৰিও, পৌলে সেই লোকসকলক বিবেচনাৰূপে ব্যৱহাৰ কৰিছিল, যিসকলে যিহূদীসকলৰ কিছুমান পৰম্পৰা পালন কৰিছিল। উদাহৰণস্বৰূপে, বিশ্ৰাম-বাৰত কোনো কাম-বন নকৰা অথবা নিৰ্দিষ্ট কিছুমান আহাৰ গ্ৰহণ কৰাৰপৰা বিৰত থকা। (ৰোম. ১৪:১-৬) চুন্নতৰ বিষয়ে তেওঁ কোনো নিয়ম স্থাপন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, যিসকল লোকে তীমথিয়ৰ পিতৃ গ্ৰীক বুলি জানিছিল, তেওঁলোকে যাতে উজুতি নাখায়, তাৰ বাবে পৌলে তীমথিয়ক চুন্নৎ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৬:৩) চুন্নৎ কৰা বা নকৰাৰ বিষয়টো ব্যক্তিগত নিৰ্ণয় আছিল। পৌলে গালাতিয়াৰ লোকসকলক এইদৰে কৈছিল: “খ্ৰীষ্ট যীচুত চুন্নতে একো সাৰ্থক নকৰে, অচুন্নতেও নকৰে; কিন্তু প্ৰেমৰ দ্বাৰাই কাৰ্য্যসাধক বিশ্বাসেহে সাৰ্থক কৰে।” (গালা. ৫:৬) কিন্তু, কোনো এজন ব্যক্তিয়ে যদি মোচিৰ অধীনত থাকিবলৈ অথবা যিহোৱাৰ অনুমোদন লাভ কৰাৰ বাবে চুন্নৎ কৰাৰ প্ৰয়োজন বুলি ভাৱে, তেনেহʼলে তেওঁত বিশ্বাসৰ কমি আছে।

১১ এইটো সঁচা যে পৌলৰ বিষয়ে শুনা উৰা-বাতৰি সকলো মিছা আছিল। কিন্তু ইয়ে বহুতো যিহূদীক আঘাত কৰিছিল। সেইবাবে, যিৰূচালেমত থকা প্ৰাচীনসকলে পৌলক এই নিৰ্দেশনা দিয়ে: “আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰিজন মানুহ আছে; তেওঁলোকক লৈ একে-লগে নিজকে শুচি কৰা, আৰু তেওঁলোকৰ মূৰ খুৰাবলৈ তুমি খৰচ দিয়া। তাতে তোমাৰ বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, কিন্তু তুমি নিজে বিধান পালন কৰি নিয়মিতৰূপে চলিছা, তাক সকলোৱে জানিব।”—পাঁচনিৰ কৰ্ম্ম ২১:২৩, ২৪.

১২ পৌলে হয়তো প্ৰাচীনসকলৰ এই নিৰ্দেশনাৰ ওপৰত আপত্তি কৰিব পাৰিলেহেঁতেন। আচলতে, প্ৰকৃত সমস্যা তেওঁ নাছিল, কিন্তু যিহূদী লোকসকলে মোচিৰ নিয়মৰ প্ৰতি উদ্যমী দেখুৱাৰ বাবেহে সমস্যাৰ সৃষ্টি হৈছিল। তেওঁ প্ৰাচীনসকলৰ নিৰ্দেশনা পালন কৰিবলৈ ইচ্ছা কৰিছিল, কাৰণ তেওঁলোকৰ পৰামৰ্শ ঈশ্বৰৰ সিদ্ধান্তৰ বিৰুদ্ধে নাছিল। ইয়াৰ আগতে তেওঁ এইদৰে লিখিছিল: “নিজে বিধানৰ অধীন নহলেও, বিধানৰ অধীন হোৱাবিলাকক পাবলৈ, বিধানৰ অধীনবিলাকলৈ, বিধানৰ অধীন হোৱা জনৰ নিচিনা হলোঁ।” (১ কৰি. ৯:২০) এই ক্ষেত্ৰত, পৌলে প্ৰাচীনসকলৰ কথা শুনি “বিধানৰ অধীন হোৱা জনৰ নিচিনা” হয়। এইদৰে তেওঁ, আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। আমিও নিজৰ কথা ধৰি নাৰাখি প্ৰাচীনসকলৰ কথা পালন কৰা উচিত।—ইব্ৰী ১৩:১৭.

(পাঁচনিৰ কৰ্ম্ম ২২:১৬) আৰু এতিয়া কিয় পলম কৰিছা? উঠা, আৰু তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা।

পাঁচ ২২:১৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা: অথবা “নিজৰ পাপ ধুই লওক আৰু তেওঁৰ নাম লওক।” যেতিয়া এজন ব্যক্তিয়ে পানীত বাপ্তিষ্মা লয়, তেতিয়া পানীৰে তেওঁৰ পাপ ধুই নাযায়, কিন্তু যীচুৰ নাম লোৱাৰ যোগেদিহে নিজৰ পাপ ধুই পেলোৱা হয়। যীচুৰ নাম লোৱাত জড়িত আছে যীচুৰ ওপৰত বিশ্বাস কৰা আৰু নিজৰ কাৰ্য্যৰ যোগেদি সেই বিশ্বাসৰ প্ৰমাণ দিয়া।—পাঁচ ১০:৪৩; যাকো ২:১৪, ১৮.

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ২১:১-১৯) পাছে আমি তেওঁলোকৰ পৰা লগ এৰাএৰি হৈ, জাহাজেৰে পোন বাটেদি, কো দ্বীপলৈ গৈ, পাছদিনা ৰোদঃ দ্বীপ পালোঁ; ২ আৰু তাৰ পৰা পাতাৰালৈ গৈ, সেই ঠাইতে ফৈনীকিয়ালৈ যোৱা জাহাজ এখন পাই, আমি তাতে উঠি যাত্ৰা কৰিলোঁ। ৩ পাছে কুপ্ৰ দ্বীপ দেখা গলত, তাক বাওঁহাতে এৰি, চিৰিয়া দেশলৈ গৈ, তূৰ নগৰত নামিলোঁ; কিয়নো তাত জাহাজৰ মাল দিব লগীয়া আছিল। ৪ সেই ঠাইৰ শিষ্যবিলাকক বিচাৰি পাই, আমি তাতে সাত দিন থাকিলোঁ; তেওঁলোকে আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ নাযাবলৈ কলে। ৫ সেই কেইটা দিন থাকি আমি ওলাই যাওঁতে, তেওঁলোক লৰা-তিৰোতাই সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগ বঢ়াই থলে; আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় লৈ, আমি জাহাজত উঠিলোঁ; ৬ কিন্তু তেওঁলোক নিজ নিজ ঘৰলৈ উলটি গল। ৭ পাছে আমি তূৰৰ পৰা গৈ, তলিমায়ি পাই, সমুদ্ৰ-যাত্ৰা শেষ কৰিলোঁ; আৰু ভাই-বিলাকক মঙ্গলবাদ কৰি, তেওঁবিলাকৰ লগত এদিন থাকিলোঁ। ৮ পাছদিনা আমি তাৰ পৰা ওলাই গৈ, কৈচৰিয়া পাই, সাত জনৰ মাজৰ শুভবাৰ্ত্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত সোমাই, তেওঁৰ লগত থাকিলোঁ। ৯ সেই জনৰ ভাবোক্তি প্ৰচাৰ কৰা চাৰি জনী অবিবাহিতা জীয়েক আছিল। ১০ সেই ঠাইতে আমি কেইদিনমান থাকোঁতে, যিহূদিয়াৰ পৰা আগাব নামেৰে এজন ভাববাদী আহিল। ১১ তেওঁ আমাৰ ওচৰলৈ আহি, পৌলৰ টঙালি লৈ, নিজৰ হাত ভৰি বান্ধি কলে, পবিত্ৰ আত্মাই এই কথা কৈছে, যাৰে এই টঙালি, সেই মানুহক যিৰূচালেমত যিহূদীবিলাকে এইদৰে বান্ধি, পৰজাতিবিলাকৰ হাতত শোধাই দিব। ১২ এই কথা শুনি, তাত থকাবিলাকে আৰু আমিও পৌলক যিৰূচালেমলৈ নাযাবলৈ মিনতি কৰিলোঁ। ১৩ তেতিয়া তেওঁ উত্তৰ দিলে, তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিছা? কিয়নো প্ৰভু যীচুৰ নামৰ কাৰণে, মই যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ। ১৪ তেওঁ আমাৰ কথা নোলোৱাত আমি ক্ষান্ত হৈ কলোঁ, প্ৰভুৰ যি ইচ্ছা সেয়ে হওক। ১৫ তাৰ পাছত আমাৰ সম্বল গোটাই লৈ, যিৰূচালেমলৈ যাত্ৰা কৰিলোঁ। ১৬ আৰু কৈচৰিয়াৰ পৰা জনচাৰেক শিষ্য আমাৰ লগত আহিল; আৰু ম্নাচোন নামেৰে কুপ্ৰ দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁক লগত লৈ আনিলে। ১৭ আমি যিৰূচালেম পালত, ভাইবিলাকে আনন্দেৰে আমাক গ্ৰহণ কৰিলে। ১৮ পাছদিনা পৌল আমাৰে সৈতে যাকোবৰ তাত সোমাল; আৰু বৃদ্ধলোক সকলোৱেও তাত উপস্থিত আছিল। ১৯ পাছে তেওঁ তেওঁলোকক মঙ্গলবাদ কৰি, ঈশ্বৰে তেওঁৰ পৰিচৰ্য্যাৰ দ্বাৰাই পৰজাতি লোকৰ মাজত যি যি কৰিলে, তাৰ কথা এটা এটাকৈ বৰ্ণনা কৰিলে।

জানুৱাৰী ১৪-২০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৩-২৪

“সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ”

(পাঁচনিৰ কৰ্ম্ম ২৩:১২) পাছে দিন হলত, যিহূদীবিলাকে একপৰামৰ্শ হৈ পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে।

(পাঁচনিৰ কৰ্ম্ম ২৩:১৬) তেতিয়া পৌলৰ ভাগিনিয়েকে তেওঁবিলাকৰ এই খাপ দিয়া কথা শুনি, দুৰ্গত সোমাই পৌলক কলেগৈ।

bt ১৯১ ¶৫-৬

“আমি সাহেৰে কব পাৰোঁ”

৫ পৌলে সঠিক সময়ত উৎসাহ লাভ কৰিছিল। পাছ দিনাখন ৪০ জনতকৈ বেছি যিহূদী পুৰুষে “পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে।” এই ‘শপতে’ দেখুৱায় যে পৌলক বধ কৰিবলৈ যিহূদীসকল কিমান দৃঢ়সংকল্প আছিল। এই ষড়যন্ত্ৰত যদি এই যিহূদী লোকসকলে সফল নহয়, তেনেহʼলে তেওঁলোকে বিশ্বাস কৰিছিল যে পৰিণামস্বৰূপে তেওঁলোকৰ অপকাৰ হʼব। (পাঁচনিৰ কৰ্ম্ম ২৩:১২-১৫) তেওঁলোকৰ ষড়যন্ত্ৰক মহা-পুৰোহিত আৰু বৃদ্ধ লোকসকলে অনুমোদন কৰিছিল। তেওঁলোকে এনে পৰিকল্পনা কৰে যেন তেওঁলোকে পৌলক সোধ-পোছ কৰিবলৈ আৰু তেওঁৰ বিষয়ে বেছিকৈ জানিবলৈ পুনৰ মহা-সভালৈ মাতি পঠাইছে। কিন্তু, প্ৰকৃততে পথৰ দাঁতিত তেওঁলোকে পৌলক আক্ৰমণ কৰি বধ কৰিবলৈ অপেক্ষা কৰি থাকিব।

৬ পৌলৰ ভাগিনিয়েকে সেই ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰে আৰু কোনো পলম নকৰাকৈ পৌলক এই বিষয়ে জনায়। তেতিয়া পৌলে এই ডেকা ব্যক্তিজনক ৰোমান সেনাপতি ক্লৌদিয় লুচিয়ক ইয়াৰ বিষয়ে জনাবলৈ কয়। (পাঁচনিৰ কৰ্ম্ম ২৩:১৬-২২) বাইবেলত পৌলৰ ভাগিনিয়েকৰ নাম উল্লেখ নাই। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱা ঈশ্বৰে এনে ডেকাসকলক প্ৰেম কৰে, যিসকলে নিজৰ জীৱনৰ বিষয়ে চিন্তা নকৰি, ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিবলৈ সাহসেৰে কাৰ্য্য কৰে আৰু বিশ্বাসেৰে ৰাজ্যৰ কাম আগবঢ়োৱাত সহযোগ কৰে।

(পাঁচনিৰ কৰ্ম্ম ২৪:২) তাতে পৌলক মাতি আনিলত, তৰ্ত্তল্লে তেওঁৰ অপবাদ দি কবলৈ ধৰিলে, হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ; আৰু আপুনি আগ-পাছ চাই কাৰ্য্য কৰাৰ দ্বাৰাই।

(পাঁচনিৰ কৰ্ম্ম ২৪:৫, ৬) কিয়নো আমি দেখিবলৈ পালোঁ, এই মানুহটো মহামাৰীস্বৰূপ, আৰু গোটেই জগত-নিবাসী যিহূদীবিলাকৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা, আৰু নাচৰতীয়াবিলাকৰ দলৰ অগ্ৰণী; ৬ তাত বাজে, ই ধৰ্ম্মধাম অশুচি কৰিবলৈ চেষ্টা কৰিছিল; তাতে আমি তাক ধৰিলোঁ।

bt ১৯২ ¶১০

“আমি সাহেৰে কব পাৰোঁ”

১০ যেতিয়ালৈকে যিৰূচালেমত পৌলৰ বিচাৰ সম্পূৰ্ণ নহয়, তেতিয়ালৈকে তেওঁক কৈচৰিয়াত “হেৰোদৰ প্ৰিটিৰয়মত ৰাখিবলৈ আজ্ঞা” দিয়া হয়। (পাঁচনিৰ কৰ্ম্ম ২৩:৩৫) পাঁচ দিনৰ পাছত, মহা-পুৰোহিত অননিয়, তৰ্ত্তল্লে নামৰ এজন উকীল আৰু কেইজনমান বৃদ্ধলোক তাত উপস্থিত হয়। ফীলিক্সে যিহূদীসকলৰ বাবে যি কৰিছে, তাৰ বাবে তৰ্ত্তল্লে প্ৰথমে প্ৰশংসা কৰে। আচলতে, তেওঁ ফীলিক্সৰ অনুগ্ৰহ পাবলৈ তোষামোদ কৰিছিল। ইয়াৰ পাছত তেওঁ পৌলৰ ওপৰত অভিযোগ কৰিবলৈ আৰম্ভ কৰে যে “এই মানুহটো মহামাৰীস্বৰূপ, আৰু গোটেই জগত-নিবাসী যিহূদীবিলাকৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা, আৰু নাচৰতীয়াবিলাকৰ দলৰ অগ্ৰণী; তাত বাজে, ই ধৰ্ম্মধাম অশুচি কৰিবলৈ চেষ্টা কৰিছিল; তাতে আমি তাক ধৰিলোঁ।” আন যিহূদীসকলে “যোগ দি কলে, এইবোৰ কথা ঠিক।” (পাঁচনিৰ কৰ্ম্ম ২৪:৫, ৬, ৯) দেশৰ বিৰুদ্ধে বিদ্ৰোহ, এক ভয়ানক দলৰ অধিনায়ক আৰু মন্দিৰক অপবিত্ৰ কৰা আদি অভিযোগবোৰ গভীৰ হয়, যাৰ বাবে এজন ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তিও পাব পাৰে।

(পাঁচনিৰ কৰ্ম্ম ২৪:১০-২১) পাছে দেশাধিপতিয়ে পৌলক কবলৈ সঙ্কেত কৰিলত, তেওঁ এই উত্তৰ দিলে, আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্ত্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ কৰোঁ; ১১ কাৰণ আপুনি জানিব পাৰে যে, মই ভজনা কৰিবলৈ যিৰূচালমলৈ যাবৰ আজি বাৰ দিন মাথোন হৈছে; ১২ তাত বাজে, এওঁবিলাকে ধৰ্ম্মধামত, বা নাম-ঘৰবোৰতো, বা নগৰতেই মোক কাৰোবাৰে সৈতে যে বাদ-বিচাৰ কৰা, বা লোকসমূহ গোটোৱা দেখিলে, সিও নহয়; ১৩ আৰু এতিয়া যি যি অপবাদ মোক দিছে, তাৰো একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে। ১৪ কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধানৰ সকলো কথা, আৰু ভাববাদীসকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰি, যি পথক তেওঁবিলাকে বিধৰ্ম্ম বোলে, সেই পথৰ দৰে মই ওপৰ-পুৰুষসকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ; ১৫ আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে ঈশ্বৰত ময়ো সেই আশা কৰোঁ; ১৬ এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নিৰ্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ। ১৭ আৰু কেইবছৰমানৰ মূৰত মই নিজৰ জাতিক দান আনি দিবলৈ আৰু নৈবেদ্য উৎসৰ্গ কৰিবলৈ আহিছিলোঁ। ১৮ সেই সেই কাৰ্য্যতেই মানুহবিলাকে মোক ধৰ্ম্মধামত শুচীকৃত পালে; মোৰ লগত লোকসমূহো নাই, আৰু একো হুৰামুৰাও নাই; কিন্তু এচিয়াৰ কিছুমান যিহূদী লোকেহে আহি হুৰামুৰা লগালে। ১৯ মোৰ অহিতে যদি তেওঁবিলাকৰ কোনো কথা আছিল, তেন্তে আপোনাৰ ওচৰলৈ আহি তেওঁবিলাকে নিজে গোচৰ কৰিব লাগিছিল। ২০ নতুবা, মই মহা-সভাৰ আগত থিয় হৈ থাকোঁতে, মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে আজি তোমালোকৰ আগত মোৰ সোধ-বিচাৰ হৈছে, এই যি এটি কথা মই তেওঁবিলাকৰ মাজত থিয় হৈ ৰিঙিয়াই কৈছিলোঁ, ২১ তাত বাজে, আৰু কি দোষ পালে, তাক এওঁবিলাকে নিজে কওক।

bt ১৯৩-১৯৪ ¶১৩-১৪

“আমি সাহেৰে কব পাৰোঁ”

১৩ পৌলে আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিছে। যদি কেতিয়াবা উপাসনাৰ বাবে, বিদ্ৰোহী অথবা ভয়ানক “দলৰ অগ্ৰণী” বুলি অভিযোগ কৰি অধিকাৰীসকলৰ সন্মুখত অনা হয়, তেতিয়া আমি পৌলৰ দৰে ব্যৱহাৰ কৰা উচিত। তৰ্ত্তল্লে কৰাৰ দৰে পৌলে ৰাজ্যপালৰ তোষামোদ কৰা নাছিল। পৌলে শান্ত হৈ আছিল আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। তেওঁ কৌশলতাৰে সত্য কথাবোৰ স্পষ্টৰূপে কৈছিল। পৌলে বৰ্ণনা কৰিছিল যে “এচিয়াৰ কিছুমান যিহূদী” লোকে মোৰ ওপৰত মন্দিৰ অপবিত্ৰ কৰাৰ অভিযোগ কৰিছে, কিন্তু অভিযোগ কৰা সেই লোকসকলে মোকৰ্দ্দমাৰ সময়ত ইয়াত উপস্থিত নাই। কিন্তু আইন অনুসৰি তেওঁলোকে ইয়াত উপস্থিত থকা উচিত আৰু মোৰ ওপৰত অভিযোগ কৰা উচিত।—পাঁচনিৰ কৰ্ম্ম ২৪:১৮, ১৯.

১৪ মন কৰিবলগীয়া কথা যে পৌলে নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ পিচ হোঁহোঁকা নাছিল। তেওঁ সাহসেৰে পুনৰুত্থানৰ আশাৰ বিষয়ে বৰ্ণনা কৰিছিল আৰু ইয়াৰ বাবে মহা-সভাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২৩:৬-১০) পৌলে নিজৰ পক্ষে সাক্ষ্য দিবলৈ পুনৰুত্থানৰ বিষয়ে কিয় তুলি ধৰিছিল? কাৰণ পৌলে যীচু খ্ৰীষ্ট আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে সাক্ষ্য দিছিল। কিন্তু পুনৰুত্থানৰ শিক্ষাৰ বিষয়ে তেওঁৰ বিৰোধীসকলে কেতিয়াও গ্ৰহণ কৰা নাছিল। (পাঁচনিৰ কৰ্ম্ম ২৬:৬-৮, ২২, ২৩) আচলতে, পুনৰুত্থানৰ বিষয়টোৱে আছিল মুখ্য বিষয়। আন এক শব্দত কʼবলৈ গʼলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ ওপৰত বিশ্বাস কৰা।

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ২৩:৬) পাছে পৌলে তেওঁবিলাকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহা-সভাত ৰিঙিয়াই কলে, হে ভাইসকল, মই ফৰীচী, আৰু ফৰীচীৰ পুতেক; মৃতবিলাকৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে।

পাঁচ ২৩:৬ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

মই ফৰীচী: মহা-সভাত উপস্থিত থকা কিছুমান লোকে পৌলক জানিছিল। (পাঁচ ২২:৫) পৌলে নিজকে ফৰীচীৰ পুতেক বুলি পৰিচয় দিওঁতে তাত উপস্থিত থকা লোকসকলে বুজিব পাৰে যে পৌলে নিজেই এজন ফৰীচী হয় বুলি সন্মত হৈছে। তেওঁলোকে বুজিব পাৰিছিল যে পৌলে নিজৰ বিষয়ে কোনো ভুল তথ্য দিয়া নাই। কাৰণ মহা-সভাৰ ফৰীচীসকলে জানিছিল যে তেওঁ এজন ফৰীচী আছিল আৰু এতিয়া তেওঁ এজন যীচুৰ অনুগামী হৈ পৰিল। পৌলে ফৰীচীসকলৰ দৰে জানিছিল যে মৃত লোকসকলৰ পুনৰুত্থান হʼব। এই বিষয়ত তেওঁ নিজকে এজন ফৰীচী বুলি কৈছিল। তেওঁ চদ্দূকীসকলৰ দৰে নাছিল, কিয়নো তেওঁলোকে পুনৰুত্থানৰ ওপৰত বিশ্বাস কৰা নাছিল। মৃত লোকসকল পুনৰুত্থান হʼব বুলি বৰ্ণনা কৰাৰ যোগেদি তেওঁ এনে এক বিষয়ৰ ওপৰত কথা পাতিছিল, যাৰ বিষয়ে ফৰীচীসকলে সন্মত আছিল। পৌলে হয়তো ভাবিছিল যে তেওঁ এই বিষয়টো উত্থাপন কৰি মহা-সভাৰ সদস্যসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব। তেওঁ ভবা মতে কাম হʼল। (পাঁচ ২৩:৭-৯) পাছত পৌলে ৰজা আগ্ৰিপ্পৰ সন্মুখত সাক্ষ্য দিয়াৰ বিৱৰণৰ লগত পাঁচনিৰ কৰ্ম্ম ২৩:৬ পদত লিখা কথাখিনি মিল আছে। (পাঁচ ২৬:৫) ৰোমৰপৰা ফিলিপীত থকা খ্ৰীষ্টানসকলক চিঠি লিখাৰ সময়ত, তেওঁ পুনৰ নিজকে ফৰীচী বুলি পৰিচয় দিছিল। (ফিলি ৩:৫) মন কৰিবলগীয়া কথা যে পাঁচনিৰ কৰ্ম্ম ১৫:৫ পদত আন কিছুমান খ্ৰীষ্টানৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যিসকল আগতে ফৰীচী আছিল।—পাঁচ ১৫:৫ পদৰ ওপৰত অধ্যয়নৰ টোকা চাওক।

(পাঁচনিৰ কৰ্ম্ম ২৪:২৪) দিনচাৰেকৰ পাছত ফীলিক্সে, দ্ৰুচিল্লা নামেৰে তেওঁৰ যিহূদী ভাৰ্য্যাই সৈতে আহি, পৌলক মতাই নি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, তাৰ বিষয়ে তেওঁৰ পৰা শুনিলে।

(পাঁচনিৰ কৰ্ম্ম ২৪:২৭) কিন্তু, দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে; তাতে ফীলিক্সে যিহূদীবিলাকৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, পৌলক বান্ধতে থৈ গল।

পাঁচ ২৪:২৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

দ্ৰুচিল্লা: পাঁচনিৰ কৰ্ম্ম ১২:১ পদত বৰ্ণনা কৰা হেৰোদ অৰ্থাৎ হেৰোদ আগ্ৰিপ্প I-ৰ সকলোতকৈ সৰু ছোৱালীজনীৰ নাম আছিল দ্ৰুচিল্লা। তাইৰ জন্ম প্ৰায় ৩৮ খ্ৰীষ্টাব্দত হৈছিল। তাইৰ ককায়েকৰ নাম আগ্ৰিপ্প II আৰু বায়েকৰ নাম বৰ্ণীকী আছিল। (পাঁচ ২৫:১৩ পদৰ ওপৰত অধ্যয়নৰ টোকা আৰু শব্দকোষ, “হেৰোদ” চাওক।) ৰাজ্যপাল ফীলিক্স তাইৰ দ্বিতীয় স্বামী আছিল। তাইৰ বিবাহ প্ৰথমে এমেচাৰ অৰামীয়া ৰজা এজিজুচৰ লগত হৈছিল। কিন্তু দ্ৰুচিল্লাই তেওঁৰ লগত বিবাহ-বিচ্ছেদ কৰে আৰু প্ৰায় ৫৪ খ্ৰীষ্টাব্দত ফীলিক্সৰ লগত বিয়া হয়। সেইসময়ত তাইৰ বয়স ১৬ বছৰমান আছিল। পৌলে, ফীলিক্সক “ধাৰ্ম্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যৎ সোধ-বিচাৰৰ বিষয়ে যুক্তি” দেখুৱাৰ সময়ত তায়ো তাত উপস্থিত আছিল। (পাঁচ ২৪:২৫) ফীষ্টে যেতিয়া ফীলিক্সৰপৰা ৰাজ্যপালৰ পদ লাভ কৰে, তেতিয়া ফীলিক্সে “যিহূদীবিলাকৰ প্ৰিয়পাত্ৰ হবলৈ” পৌলক বন্দীশালতে ৰাখিলে। কিছুমান লোকে বিশ্বাস কৰে যে তেওঁ নিজৰ যিহূদী পত্নীক সন্তুষ্ট কৰিবলৈ এনে কৰিছিল।—পাঁচ ২৪:২৭.

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ২৩:১-১৫) তাতে পৌলে মহা-সভালৈ একেথৰে চাই কলে, হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ। ২ এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকাবিলাকক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে। ৩ তেতিয়া পৌলে তেওঁক কলে, হে বগাকৈ লিপা গড়, ঈশ্বৰে তোমাকেহে আঘাত কৰিবলৈ উদ্যত হৈছে; তুমি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি, সেই বিধান উল্লঙ্গন কৰি, মোক মাৰিবলৈ আজ্ঞা দিছা নে? ৪ তাতে ওচৰত থিয় হৈ থকাবিলাকে কলে, তই ঈশ্বৰৰ মহা-পুৰোহিতক ধিক্কাৰ দিয় নে? ৫ পৌলে কলে, হে ভাইবিলাক, এওঁ যে মহা-পুৰোহিত, তাক মই নাজানিছিলোঁ; কিয়নো লিখা আছে, তুমি স্বজাতীয় লোকৰ শাসনকৰ্ত্তাক কুবাক্য নুবুলিবা। ৬ পাছে পৌলে তেওঁবিলাকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহা-সভাত ৰিঙিয়াই কলে, হে ভাইসকল, মই ফৰীচী, আৰু ফৰীচীৰ পুতেক; মৃতবিলাকৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে। ৭ তেওঁ এই কথা কোৱাত, ফৰীচী আৰু চদ্দূকীবিলাকৰ মাজত বিবাদ লাগিল; আৰু লোকসমূহ দুফাল হল। ৮ কিয়নো চদ্দূকীবিলাকে পুনৰুত্থান, স্বৰ্গদূত আৰু আত্মা, এইবোৰ নাই বুলি কয়; কিন্তু ফৰীচীবিলাকে আটাইকে স্বীকাৰ কৰে। ৯ তাতে বৰ আৰাও হল; আৰু ফৰীচী ফলীয়া অধ্যাপকসকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি কলে, আমি এই মানুহত একো দোষ নাপাওঁ; কিন্তু কোনো আত্মা নাইবা দূতে যদি তেওঁক কথা কলে,— ১০ তাতে অতিশয় বিবাদ হলত, তেওঁবিলাকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবাৰক নামি গৈ তেওঁবিলাকৰ মাজৰ পৰা তেওঁক কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। ১১ পাছে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ কলে, নিৰ্ভয় হোৱা; কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব। ১২ পাছে দিন হলত, যিহূদীবিলাকে একপৰামৰ্শ হৈ পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে। ১৩ সেই চক্ৰান্ত কৰা লোক দুকুৰিতকৈ অধিক আছিল। ১৪ পাছে তেওঁবিলাকে প্ৰধান পুৰোহিতসকল আৰু বৃদ্ধলোকৰ ওচৰলৈ গৈ কলে, আমি পৌলক বধ নকৰালৈকে একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ; ১৫ এই কাৰণে এতিয়া আপোনালোকে মহা-সভাই সৈতে তাৰ বিষয়ে আৰু ভালকৈ জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তাক আনিবলৈ হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব; তাতে সি আপোনালোকৰ ওচৰ নৌ পাওঁতেই, আমি তাক বধ কৰিবলৈ সষ্টম হৈ আছোঁ।

জানুৱাৰী ২১-২৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৫-২৬

“পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে”

(পাঁচনিৰ কৰ্ম্ম ২৫:১১) এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম্ম কৰিলোঁ, তেন্তে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেওঁবিলাকে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেন্তে অনুগ্ৰহৰ ওপৰত তেওঁবিলাকৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই কৈচৰত আপীল কৰোঁ।

bt ১৯৮ ¶৬

“আমি সাহেৰে কব পাৰোঁ”

৬ ফীষ্টে নিজৰ স্বাৰ্থৰ বাবে যিহূদীসকলে কৰা অনুৰোধ পূৰ কৰিব বিচাৰিছিল আৰু পৌলক মৃত্যুৰ মুখলৈ আগবঢ়াই দিছিল। সেইবাবে, পৌলে এজন ৰোমান নাগৰিক হিচাপে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিছিল। তেওঁ ফীষ্টক এইদৰে কৈছিল: “মই কৈচৰৰ সোধৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যিহূদীবিলাকৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালকৈ জানি আছে। . . . মই কৈচৰত আপীল কৰোঁ।” যদি কোনোবাই এনেধৰণৰ আপীল কৰে, তেনেহʼলে তাক বাতিল কৰাটো অসম্ভৱ। সেইবাবে, ফীষ্টে এইদৰে কৈছিল: “তুমি কৈচৰত আপীল কৰিলা; কৈচৰৰ আগলৈ যাবা।” (পাঁচনিৰ কৰ্ম্ম ২৫:১০-১২) উচ্চ অধিকাৰীসকলক আপীল কৰি পৌলে সত্য খ্ৰীষ্টানসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিছে। যেতিয়া বিৰোধীসকলে “বিধি স্থাপন কৰি অপকাৰ” কৰিবলৈ চেষ্টা কৰে, তেতিয়া যিহোৱাৰ সাক্ষীসকলে আইনৰ সহায়ত শুভবাৰ্ত্তা ঘোষণা কৰাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰে।—গীত. ৯৪:২০.

(পাঁচনিৰ কৰ্ম্ম ২৬:১-৩) পাছে আগ্ৰিপ্পই পৌলক কলে, তোমাক নিজৰ পক্ষে কথা কবলৈ অনুমতি দিয়া হৈছে। তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিলে, ২ হে আগ্ৰিপ্প ৰজা, যিহূদীবিলাকে মোক যি সকলো অপবাদ দিছে, সেই সকলোৰ বিষয়ে আপোনাৰ আগত মই আজি নিজৰ পক্ষে উত্তৰ দিবলৈ পাই, মোৰ সৌভাগ্য যেন মানিছোঁ; ৩ বিশেষকৈ যিহূদীবিলাকৰ মাজত যিবিলাক ৰীতি আৰু বাদ-বিচাৰ আছে, সেই সকলোকে আপুনি জানি আছে; এই কাৰণে বিনয় কৰোঁ, আপুনি সহন কৰি মোৰ কথা শুনক।

bt ১৯৮-২০১ ¶১০-১৬

“আমি সাহেৰে কব পাৰোঁ”

১০ পৌলে সন্মানেৰে নিজৰ কথাখিনি বৰ্ণনা কৰে। নিজৰ কথা কʼবলৈ সুযোগ দিয়াৰ বাবে তেওঁ প্ৰথমে ৰজা আগ্ৰিপ্পক ধন্যবাদ জনায়। পৌলে কয় যে যিহূদীসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ মাজত থকা বিবাদবোৰৰ বিষয়ে ৰজা আগ্ৰিপ্পই ভালদৰে জানে। পৌলে নিজৰ অতীতৰ জীৱনৰ বিষয়ে এইদৰে কয়: ‘আমাৰ ধৰ্ম্মৰ যি আটাইতকৈ কঠিন মত, সেই মতৰ দৰে মই ফৰীচী হৈ জীৱন যাপন কৰিছিলোঁ।’ (পাঁচনিৰ কৰ্ম্ম ২৬:৫) এজন ফৰীচী হিচাপে পৌলেও মহীচৰ উপস্থিতিৰ বাবে আশাৰে বাট চাই আছিল। এতিয়া এজন খ্ৰীষ্টান হিচাপে তেওঁ সাহসেৰে বৰ্ণনা কৰে যে যীচুৱেই হৈছে, সেইজন ব্যক্তি, যাক লোকসকলে বহুদিনৰপৰা অপেক্ষা কৰি আছিল। পৌল আৰু অভিযোগকাৰীসকলৰ বিশ্বাসৰ মাজত এটা বিষয়ত মিল আছিল। সেয়া হৈছে, ঈশ্বৰে তেওঁলোকৰ পূৰ্ব্বপুৰুষসকলৰ লগত যি প্ৰতিজ্ঞা কৰিছিল, সেয়া নিশ্চয় পূৰ হʼব আৰু এই কথাৰ ওপৰতেই তেওঁৰ বিৰুদ্ধে মোকৰ্দ্দমা হৈছিল। এই পৰিস্থিতিয়ে আগ্ৰিপ্পক পৌলৰ কথা শুনিবলৈ আগ্ৰহী কৰি তুলিছিল।

১১ ইয়াৰ পাছত পৌলে সেই সময়ৰ বিষয়ে বৰ্ণনা কৰে, যেতিয়া তেওঁ খ্ৰীষ্টানসকলক তাড়না দিছিল। পৌলে এইদৰে কৈছিল: “ময়ো সেই দৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছলোঁ; . . . আৰু তেওঁবিলাকলৈ [খ্ৰীষ্টৰ অনুগামী] অতিশয় ক্ৰুদ্ধ হৈ, আন দেশৰ নগৰলৈকে তাড়না কৰিছিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৬:৯-১১) পৌলে অতিৰঞ্জিতভাৱে কোৱা নাছিল। পৌলে কৰা তাড়নাৰ বিষয়ে বহুতোলোকে জানিছিল। (গালা. ১:১৩, ২৩) আগ্ৰিপ্পই হয়তো ভাবিছিল যে ‘কি কথাই এই ব্যক্তিজনক সলনি কৰিছিল?’

১২ ইয়াৰ উত্তৰ পৌলৰ পৰৱৰ্তী বাক্যৰপৰা জানিব পাৰি। তেওঁ আগলৈ এইদৰে কৈছিল: “এইদৰে প্ৰধান পুৰোহিতসকলৰ পৰা ক্ষমতা আৰু আজ্ঞা-পত্ৰ পাই, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে, হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূৰ্য্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটা পোহৰ আকাশৰ পৰা মোৰ আৰু মোৰ লগত যাত্ৰা কৰাবিলাকৰ চাৰিওফালে প্ৰকাশিত হোৱা দেখিলোঁ। তেতিয়া আমি সকলোৱে মাটিত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান, এই বুলি ইব্ৰী ভাষাৰে মোক কোৱা এক বাণী শুনিলোঁ। তাতে মই সুধিলোঁ, হে প্ৰভু, আপুনি কোন? তেতিয়া প্ৰভুৱে কলে, যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু।”—পাঁচনিৰ কৰ্ম্ম ২৬:১২-১৫.

১৩ এই আচৰিতজনক ঘটনাৰ আগত পৌলে যেন লাক্ষণিকভাৱে “জোঙত লাথি” মাৰিছিল। কোনো এটা জন্তুৱে যদি কোনো কাৰণ নোহোৱাকৈ জোঙত লাথ মাৰি থাকে, তেনেহʼলে সি নিজকে আঘাত কৰি থাকে। ঠিক সেইদৰে, পৌলেও ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰি আধ্যাত্মিকভাৱে নিজকে আঘাত কৰিছিল। দম্মেচক নগৰলৈ যোৱাৰ পথত, পুনৰুত্থান হোৱা যীচুৱে উপস্থিত হৈ নম্ৰ বা ভুল পথলৈ পৰিচালিত হোৱা পৌলক নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ সহায় কৰিছিল।—যোহন ১৬:১, ২.

১৪ পৌলে সঁচাকৈ নিজৰ জীৱনত ডাঙৰ ডাঙৰ পৰিৱৰ্তন কৰিছিল। আগ্ৰিপ্পক উদ্দেশ্য কৰি কৈছিল: “হে আগ্ৰিপ্প ৰজা, মই সেই স্বৰ্গীয় দৰ্শন অমান্য নকৰি, প্ৰথমতে দম্মেচক আৰু যিৰূচালেমত থকাবিলাকৰ আগত, পাছে যিহূদিয়াৰ আটাই অঞ্চলত আৰু পৰজাতিবিলাকৰ আগতো, তেওঁবিলাকে যেন মন পালটাই ঈশ্বৰলৈ ঘূৰি, মন-পালটনৰ যোগ্য কৰ্ম্ম কৰে, এই কাৰণে প্ৰচাৰ কৰিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৬:১৯, ২০) দুপৰীয়াৰ সময়ত দেখুৱা দৰ্শনত যীচুৱে পৌলক যি কাৰ্য্য কৰিবলৈ কৈছিল, সেই কাৰ্য্য তেওঁ বহু বছৰ ধৰি কৰি আহিছিল। ইয়াৰ কি পৰিণাম দেখা গৈছিল? যিসকলে পৌলৰ শুভবাৰ্ত্তাৰ শুনিছিল, তেওঁলোকে নিজৰ অনৈতিক জীৱন আৰু অসৎ কাৰ্য্য ত্যাগ কৰি ঈশ্বৰলৈ উভতি আহিছিল। তেওঁলোকে আইন-কানুন পালন কৰা দেশৰ এজন ভাল নাগৰিক হৈ পৰিছিল।

১৫ কিন্তু পৌলক বিৰোধ কৰা যিহূদীসকলৰ বাবে এইবোৰৰ কোনো অৰ্থ নাছিল। পৌলে এইদৰে কৈছিল: “যিহূদীবিলাকে ধৰ্ম্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল। এনেতে ঈশ্বৰৰ পৰা উপকাৰ পাই, আজিলৈকে থিৰে আছোঁ।”—পাঁচনিৰ কৰ্ম্ম ২৬:২১, ২২.

১৬ সত্য খ্ৰীষ্টান হিচাপে আমি সদায় “নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম” থকা উচিত। (১ পিত. ৩:১৫) পৌলে আগ্ৰিপ্প আৰু ফীষ্টৰ লগত সন্মানেৰে কথা-বতৰা হৈছিল। যেতিয়া আমি কোনো বিচাৰক বা অধিকাৰীৰ আগত আমাৰ বিশ্বাসৰ বিষয়ে কোৱাৰ সুযোগ পাওঁ, তেনেহʼলে আমিও পৌলৰ দৰে কোৱা উচিত। বাইবেলৰ সত্যতাই আমাৰ ব্যক্তিগত জীৱন তথা যিসকল লোকে এই শুভবাৰ্ত্তা শুনিছে, তেওঁলোকৰ জীৱনত কেনেকৈ পৰিৱৰ্তন আনিছে, তাৰ বিষয়ে আমি সন্মানেৰে বৰ্ণনা কৰিব পাৰোঁ। এনে কৰাৰ যোগেদি আমি অধিকাৰীসকলৰ মন জয় কৰিব পাৰোঁ।

(পাঁচনিৰ কৰ্ম্ম ২৬:২৮) তেতিয়া আগ্ৰিপ্পই পৌলক কলে, তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।

bt ২০২ ¶১৮

“আমি সাহেৰে কব পাৰোঁ”

১৮ কিন্তু পৌলে ৰাজ্যপালক এইদৰে উত্তৰ দিয়ে: “হে মহামহিম ফীষ্ট, মই বলীয়া নহওঁ; কিন্তু সত্য আৰু সুবোধৰ কথাহে কৈছোঁ। কিয়নো ৰজায়ো এই বিষয়ে জানে; . . . হে আগ্ৰিপ্প ৰজা, আপুনি ভাববাদীসকলৰ কথা বিশ্বাস কৰে নে? মই জানো, আপুনি বিশ্বাস কৰে।” আগ্ৰিপ্পই উত্তৰ দিয়ে: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।” (পাঁচনিৰ কৰ্ম্ম ২৬:২৫-২৮) আগ্ৰিপ্পৰ এই কথা হৃদয়ৰপৰা আছিল নে নাই আমি নাজানো, কিন্তু পৌলে যিদৰে সাক্ষ্য দিয়ে, তাৰ প্ৰভাৱ নিশ্চয় ৰজাৰ ওপৰত পৰিছিল।

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ২৬:১৪) তেতিয়া আমি সকলোৱে মাটিত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান, এই বুলি ইব্ৰী ভাষাৰে মোক কোৱা এক বাণী শুনিলোঁ।

পাঁচ ২৬:১৪ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

জোঙত লাথি মৰা: জোঙ হৈছে এনে এডাল লাঠি, যাক জীৱ-জন্তুক খেদাবলৈ ব্যৱহাৰ কৰা হয়। (বিচা ৩:৩১) “জোঙত লাথি মৰা” এই বাক্যশাৰী গ্ৰীক সাহিত্যত পোৱা এটা যোজনা। যেতিয়া কোনো এজনী গৰুক জোঙেৰে খুচা হয়, তেতিয়া গৰুজনীয়ে ইয়াক বাধা দিবলৈ জোঙত লাথ মাৰে আৰু পৰিণতিস্বৰূপে গৰুজনীয়ে আঘাত পায়। খ্ৰীষ্টান হোৱাৰ আগতেও চৌলে তেনেধৰণৰ ব্যৱহাৰ কৰিছিল। যীচুৰ অনুগামীসকলৰ ওপৰত যিহোৱা ঈশ্বৰৰ অনুমোদন আছিল আৰু পৌলে সেই লোকসকলক তাড়না দিয়াৰ বাবে নিজৰে ক্ষতি কৰিছিল। (পাঁচ ৫:৩৮, ৩৯; ১তীম ১:১৩, ১৪ তুলনা কৰক।) উপদেশক ১২:১১ পদত উল্লেখ কৰা “কাঁটিস্বৰূপে” শব্দটো লাক্ষণিকভাৱে এজন বুদ্ধিমান ব্যক্তিৰ বাবে ব্যৱহাৰ হয়, যিয়ে নিজৰ কথা-বতৰাৰ যোগেদি শ্ৰোতাসকলক কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰে।

nwt শব্দকোষ

লাথি। এডাল দীঘল লাঠি যাৰ আগ অংশ ধাতুৰে নিৰ্মিত আৰু জোঙা আছিল। লাথি শব্দটো লাক্ষণিকভাৱে এজন বুদ্ধিমান ব্যক্তিৰ বাবে ব্যৱহাৰ হয়, যিয়ে নিজৰ কথা-বতৰাৰ যোগেদি শ্ৰোতাসকলক কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰে। “জোঙত লাথি মৰা” এই বাক্যশাৰী এটা যোজনা। যেতিয়া এজনী গৰুৱে বাধা দিবলৈ জোঙত লাথ মাৰে, তেতিয়া পৰিণতিস্বৰূপে গৰুজনীয়ে আঘাত পায়।—পাঁচ ২৬:১৪; বিচা ৩:৩১.

(পাঁচনিৰ কৰ্ম্ম ২৬:২৭) হে আগ্ৰিপ্প ৰজা, আপুনি ভাববাদীসকলৰ কথা বিশ্বাস কৰে নে? মই জানো, আপুনি বিশ্বাস কৰে।

w০৩ ১১/১৫ ২৫-২৬ ¶১৪

আনক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা গ্ৰহণ কৰাত সহায় কৰক

১৪ পাঁচনি পৌলে জানিছিল যে আগ্ৰিপ্প কেৱল নামতহে এজন ইহুদী ব্যক্তি আছিল। ইহুদী ধৰ্ম্মৰ সম্পৰ্কে থকা আগ্ৰিপ্পৰ জ্ঞানৰ বিষয়ে মনত ৰাখি খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থান সম্বন্ধে কৰা প্ৰচাৰ কাৰ্য্যত “ভাববাদীসকল আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, তাৰ বাহিৰে আন একো কথা কোৱা নাই” বুলি পৌলে যুক্তি দাঙি ধৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৬:২২, ২৩) তেওঁ আগ্ৰিপ্পক এইদৰে সম্বোধিত কৰি কৈছিল: “হে আগ্ৰিপ্প ৰজা, আপুনি ভাববাদীসকলৰ কথা বিশ্বাস কৰে নে?” এই কথা শুনি আগ্ৰিপ্প ৰজাই বিবুধিত পৰিছিল। কিয়নো যদি তেওঁ বিশ্বাস নকৰোঁ বুলি কয় তেন্তে ইহুদী ব্যক্তি বুলি থকা তেওঁৰ সুখ্যাতিক মানহানি কৰা হʼব। কিন্তু যদি পাঁচনি পৌলৰ সৈতে সন্মত হয় তেন্তে তেওঁ খ্ৰীষ্টান হৈ নিজলৈ বিপদ মাতি অনা হʼব। সেই সময়ত পাঁচনি পৌলে বুদ্ধিমানেৰে নিজৰ প্ৰশ্নৰ উত্তৰ দি এইদৰে কৈছিল: “মই জানো, আপুনি বিশ্বাস কৰে।” এই কথাষাৰ শুনি আগ্ৰিপ্পই কি কʼবলৈ প্ৰেৰিত হৈছিল? তেওঁ এইদৰে কৈছিল: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।” (পাঁচনিৰ কৰ্ম্ম ২৬:২৭, ২৮) যদিও তেওঁ পিছলৈ খ্ৰীষ্টান হোৱা নাছিল তথাপিও পাঁচনি পৌলৰ বাৰ্ত্তাই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে।—ইব্ৰী ৪:১২.

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ২৫:১-১২) ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত কৈচৰিয়াৰ পৰা যিৰূচালেমলৈ গল। ২ তাতে প্ৰধান পুৰোহিতসকলে আৰু যিহূদীবিলাকৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে কথা জনালে; ৩ আৰু বাটতে খাপ দি পৌলক বধ কৰিবৰ আশয়েৰে, ফীষ্টে যেন মানুহ পঠাই তেওঁক যিৰূচালেমলৈ অনাব, তেওঁৰ অহিতে এই অনুগ্ৰহ যাচ্‌না কৰি নিবেদন কৰিলে। ৪ কিন্তু ফীষ্টে উত্তৰ দি কলে, পৌলক কৈচৰিয়াত ৰখা হৈছে, আৰু অলপতে মই নিজে তালৈকে যাম। ৫ এতেকে যদি সেই মানুহৰ কোনো দোষ আছে, তেন্তে তোমলোকৰ মাজৰ শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তাৰ ওপৰত গোচৰ কৰক। ৬ পাছে তেওঁবিলাকৰ তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ কৈচৰিয়ালৈ গৈ, পাছদিনা সোধৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে। ৭ পাছে তেওঁ উপস্থিত হলত, যিৰূচালেমৰ পৰা অহা যিহূদীবিলাকে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক অনেক গুৰুতৰ দোষ দিলে, কিন্তু তাৰ একো প্ৰমাণ দেখুৱাব নোৱাৰিলে। ৮ তাতে পৌলে নিজৰ পক্ষে উত্তৰ দি কলে, যিহূদীবিলাকৰ বিধানৰ, বা ধৰ্ম্মধামৰ, বা কৈচৰৰ বিৰুদ্ধে মই একো অপৰাধ কৰা নাই। ৯ কিন্তু ফীষ্টে যিহূদীবিলাকৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, উত্তৰ দি পৌলক কলে, তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে? ১০ কিন্তু পৌলে কলে, মই কৈচৰৰ সোধৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যিহূদীবিলাকৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালকৈ জানি আছে। ১১ এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম্ম কৰিলোঁ, তেন্তে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেওঁবিলাকে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেন্তে অনুগ্ৰহৰ ওপৰত তেওঁবিলাকৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই কৈচৰত আপীল কৰোঁ। ১২ তেতিয়া ফীষ্টে মন্ত্ৰীবিলাকে সৈতে পৰামৰ্শ কৰি পৌলক কলে, তুমি কৈচৰত আপীল কৰিলা; কৈচৰৰ আগলৈ যাবা।

জানুৱাৰী ২৮–ফেব্ৰুৱাৰী ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৭-২৮

“পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে”

(পাঁচনিৰ কৰ্ম্ম ২৭:২৩, ২৪) কাৰণ মই যি ঈশ্বৰৰ লোক, আৰু যি জনাৰ আৰাধনা কৰোঁ, তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ কলে, হে পৌল, ভয় নকৰিবা; ২৪ কৈচৰৰ আগত তুমি থিয় হব লাগিব; আৰু চোৱা তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে।

bt ২০৮ ¶১৫

“তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহব”

১৫ পৌলে জাহাজত যাত্ৰা কৰা সময়ত বহুতোলোকক সাক্ষ্য দিছিল আৰু ভৱিষ্যতৰ “আশাৰ” বিষয়ে বৰ্ণনা কৰিছিল, যাৰ প্ৰতিজ্ঞা ঈশ্বৰে কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৬:৬; কল. ১:৫) যিহেতু এতিয়া জাহাজখন ভাঙিবলৈ গৈ আছিল, তেতিয়া তেওঁ আৰু এটা আশাৰ বিষয়ে জনাইছিল, যি সেই সময়ত তেওঁলোকৰ অতি প্ৰয়োজন আছিল। তেওঁ এইদৰে কৈছিল: “তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ কলে, হে পৌল, ভয় নকৰিবা; কৈচৰৰ আগত তুমি থিয় হব লাগিব; আৰু চোৱা তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে।” পৌলে তেওঁলোকক এইদৰে উৎসাহিত কৰিছিল: “এই কাৰণে, হে মানুহবিলাক, তোমালোকে সাহ কৰা; কিয়নো মোক যেনেকৈ কলে, তেনেকৈ অৱশ্যে ঘটিব, ঈশ্বৰত মোৰ এনে বিশ্বাস আছে। কিন্তু কোনো এটা দ্বীপত আমি পৰিব লাগিব।”—পাঁচনিৰ কৰ্ম্ম ২৭:২৩-২৬.

(পাঁচনিৰ কৰ্ম্ম ২৮:১, ২) আমি ৰক্ষা পালত, সেই দ্বীপৰ নাম মিলিতা বুলি জানিলোঁ। ২ পাছে তাত থকা বৰ্ব্বৰবিলাকে আমাক অধিক অনুগ্ৰহ দেখুৱালে, অৰ্থাৎ তেতিয়াৰ বৰষুণ আৰু জাৰৰ কাৰণে জুই জ্বলাই, আমাক সকলোকে গ্ৰহণ কৰিলে।

bt ২০৯ ¶১৮

“তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহব”

১৮ ৰক্ষা পোৱা লোকসকল চিচিলিৰ দক্ষিণ ফালে অৱস্থিত মিলিতা নামৰ দ্বীপত উপস্থিত হয়। (“মিলিতা কʼত আছিল?” নামৰ বক্সটো চাওক) এই দ্বীপৰ লোকসকলে যদিও বেলেগ ভাষা কৈছিল, তথাপি তেওঁলোকে লোকসকলক “অধিক অনুগ্ৰহ” দেখুৱাইছিল। (পাঁচনিৰ কৰ্ম্ম ২৮:২) বৰষুণ আৰু জাৰত কপি থকা লোকসকলৰ বাবে তেওঁলোকে জুই জ্বলাই দিছিল। ঠাণ্ডা আৰু বৰষুণ হোৱাৰ সত্ত্বেও এই জুইয়ে তেওঁলোকক উম দিছিল। এই জুইয়ে তেওঁলোকক এক আচৰিত কৰ্ম্ম চাবলৈও সুযোগ দিছিল।

bt ২১০ ¶২১

“তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহব”

২১ পুব্লিয় নামৰ এজন ধনী ব্যক্তি সেই ঠাইত বাস কৰিছিল। তেওঁ হয়তো মিলিতাৰ ৰোমান অধিকাৰীসকলৰ ভিতৰত এজন ডাঙৰ বিষয়া আছিল। শুভৱাৰ্ত্তাৰ লেখক লূকে এই ব্যক্তিজনক ‘দ্বীপৰ প্ৰধান মানুহ’ বুলি বৰ্ণনা কৰিছে। মিলিতাত লাভ কৰা দুটা লিখনিৰপৰা এই কথা স্পষ্ট হয় যে তাত এনেধৰণৰ উপাধি ব্যৱহাৰ কৰা হৈছিল। পুব্লিয়ে তিনি দিন ধৰি পৌল আৰু তেওঁৰ লগত থকা লোকসকলক অতিথি-সৎকাৰ দেখুৱাইছিল। কিন্তু সেই সময়ত পুব্লিয়ৰ পিতৃ বেমাৰত পৰিছিল। লূকে এই পৰিস্থিতিৰ বিষয়ে উচিত শব্দেৰে বৰ্ণনা কৰে। তেওঁ লিখিছিল যে পুব্লিয়ৰ পিতৃ “জ্বৰ আৰু গ্ৰহণী ৰোগত” ভুগিছিল। এইদৰে তেওঁ সেই ব্যক্তিজনৰ বেমাৰৰ সঠিক তথ্য তুলি ধৰে। পৌলে ৰোগীজনৰ বাবে প্ৰাৰ্থনা কৰে আৰু তেওঁৰ ওপৰত হাত ৰাখি তেওঁক সুস্থ কৰে। এই আচৰিত কৰ্ম্ম দেখি, তাত থকা লোকসকলে আন বহুতোলোকক সুস্থ কৰিবলৈ পৌলৰ ওচৰলৈ আনে আৰু বহুতো প্ৰয়োজনীয় বস্তু পৌল আৰু তেওঁৰ লগত থকা লোকসকলক দিয়ে।—পাঁচনিৰ কৰ্ম্ম ২৮:৭-১০.

(পাঁচনিৰ কৰ্ম্ম ২৮:১৬, ১৭) পাছে আমি ৰোম নগৰ সোমালত, পৌলে তেওঁক পহৰা দিয়া সেনাই সৈতে সুকীয়াকৈ থাকিবলৈ অনুমতি পালে। ১৭ পাছে তিন দিনৰ মূৰত, তেওঁ যিহূদীবিলাকৰ প্ৰধান লোকসকলক মতাই গোটালে; আৰু তেওঁবিলাক গোট খালত, তেওঁ কলে, হে ভাইসকল, মই মোৰ জাতিৰ নাইবা ওপৰ-পুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ, ৰোমীয়াবিলাকৰ হাতত বন্দীয়াৰস্বৰূপে মই সমৰ্পিত হৈছিলোঁ।

bt ২১৩ ¶১০

তেওঁ ভালদৰে ‘সাক্ষ্য দিয়ে’

১০ যাত্ৰা কৰি কৰি অৱশেষত এই যাত্ৰীসকলে ৰোমত প্ৰৱেশ কৰে। ৰোমত তেওঁ “পহৰা দিয়া সেনাই সৈতে সুকীয়াকৈ থাকিবলৈ অনুমতি পালে।” (পাঁচনিৰ কৰ্ম্ম ২৮:১৬) পৌলৰ হাত এডাল শিকলিৰে, আন এজন সৈনিকৰ হাতৰ সৈতে বান্ধি দিয়া হৈছিল। সাধাৰণতে কোনো এজন ব্যক্তিক গৃহবন্দী কৰাৰ সময়ত এনেধৰণৰ শিকলিৰে বান্ধি ৰখা হয়, যাতে ব্যক্তিজন পলাই যাব নোৱাৰে। কিন্তু এই পৰিস্থিতিতো পৌলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক নোকোৱাকৈ নাথাকিল। যাত্ৰাত ভাগৰি যোৱাৰ বাবে তেওঁ কেৱল তিনি দিন জিৰণি লয় আৰু তাৰ পাছত ৰোমত থকা যিহূদীসকলৰ প্ৰধান লোকসকলক মাতি পঠিয়ায়। পৌলে তেওঁলোকক নিজৰ পৰিচয় দিয়ে আৰু তাৰ পাছত তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষ্য দিবলৈ আৰম্ভ কৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

(পাঁচনিৰ কৰ্ম্ম ২৭:৯) এই দৰে বহু পলম হলত, আৰু উপবাস-পৰ্ব্ব অতীত হোৱাৰ কাৰণে সমুদ্ৰ-যাত্ৰাত শঙ্কা হোৱাত, পৌলে তেওঁবিলাকক পৰামৰ্শ দি কলে।

পাঁচ ২৭:৯ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

প্ৰায়চিত্ত দিনৰ উপবাস-পৰ্ব্ব: অথবা “শৰৎ কালৰ উপবাস।” আক্ষৰিক অৰ্থত “উপবাস।” যি গ্ৰীক শব্দৰ অনুবাদ “উপবাস” কৰা হৈছে, তাৰ অৰ্থ মোচিৰ নিয়মত উল্লেখ কৰা একমাত্ৰ উপবাস হয়। এই উপবাস বছেৰেকীয়া প্ৰায়চিত্তৰ দিনাখন ৰখা হয়। ইয়াক য়ম কিপুৰ বুলিও কোৱা হয় (ইব্ৰী, য়হম হাক্কিপুৰিম, “আচ্ছাদনৰ দিন”)। (লেবী ১৬:২৯-৩১; ২৩:২৬-৩২; গণ ২৯:৭; শব্দকোষ, “প্ৰায়চিত্তৰ দিন” চাওক।) প্ৰায়চিত্তৰ দিনাখন ইস্ৰায়েলীসকলে “দুখ” প্ৰকাশ কৰাৰ প্ৰয়োজন আছিল। ইয়াৰ অৰ্থ বুজিব পাৰি যে তেওঁলোকক বিভিন্ন বিষয় ত্যাগ কৰা আৰু উপবাস ৰখাৰ প্ৰয়োজন আছিল। (লেবী ১৬:২৯) পাঁচনিৰ কৰ্ম্ম ২৭:৯ পদতো “উপবাস” কৰাৰ বিষয়ৰ বৰ্ণনা আছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে প্ৰায়চিত্তৰ দিনাখন লোকসকলক যি ত্যাগ কৰিবলগীয়া হয়, তাৰ লগত উপবাস কৰাও জড়িত আছে। প্ৰায়চিত্তৰ দিন চেপ্তেম্বৰ মাহৰ শেষত অথবা অক্টোবৰ মাহৰ আৰম্ভণিত পৰে।

(পাঁচনিৰ কৰ্ম্ম ২৮:১১) তিনি মাহৰ পাছত, আলেক্‌জান্দ্ৰিয়া নগৰৰ দিয়স্কৰী, অৰ্থাৎ যঁজা লʼৰা চিন থকা যি এখন জাহাজ সেই দ্বীপত জাৰ-কালি আছিল, সেই জাহাজত আমি উঠি যাত্ৰা কৰিলোঁ।

পাঁচ ২৮:১১ পদৰ ওপৰত nwtsty অধ্যয়নৰ টোকা

জ্যুচৰ লʼৰাবিলাক: গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীৰ অনুসৰি “জ্যুচৰ লʼৰাবিলাক” (গ্ৰীক, দিয়চকুৰি) কাষ্টৰ আৰু পৌলুক্স আছিল। তেওঁলোক জ্যুচ (দ্যুপিতৰ দেৱতা) আৰু স্পাৰ্টাৰ ৰাণী লেডাৰ, যঁজা সন্তান আছিল। বিশ্বাস কৰা হৈছিল যে তেওঁলোকে নাৱিকসকলৰ উদ্ধাৰকৰ্ত্তা আছিল আৰু সমুদ্ৰত হোৱা বিপদৰপৰা ৰক্ষা কৰাৰ ক্ষমতা ৰাখিছিল। জাহাজৰ সন্মুখৰফালে খোদিত থকা এই চিনটোৰ বিষয়ে শাস্ত্ৰপদে যি উল্লেখ কৰিছে, ইয়ে প্ৰমাণ কৰে যে এই বিৱৰণ নিজ চকুৰে দেখা কোনো ব্যক্তিয়ে লিখিছিল।

বাইবেল পাঠ

(পাঁচনিৰ কৰ্ম্ম ২৭:১-১২) পাছে আমাৰ ইতালি দেশলৈ জাহাজেৰে যোৱা নিশ্চয় হলত, তেওঁবিলাকে ৰাজাধিৰাজৰ সৈন্যদলৰ যুলিয় নামেৰে এজন এশৰ সেনাপতিৰ হাতত পৌল আৰু আন কেতবোৰ বন্দীয়াৰক শোধাই দিলে। ২ পাছে এচিয়া দেশৰ দাঁতিয়ে দাঁতিয়ে যাবলৈ উদ্যত হোৱা আদ্ৰামুত্তীয়ৰ এখন জাহাজত আমি উঠি, সমুদ্ৰ-পথেদি যাত্ৰা কৰিলোঁ; আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খো আছিল। ৩ পাছদিনা চীদোন নগৰত জাহাজ লগালত, যুলিয়ই পৌলক অনুগ্ৰহ কৰি বন্ধু-বান্ধববিলাকৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ অনুমতি দিলে। ৪ তাৰ পৰা আমি সমুদ্ৰ-পথেদি যাত্ৰা কৰি, সম্মুখে বতাহ হোৱাত, কুপ্ৰ দ্বীপৰ কাষেদি গলোঁ; ৫ পাছে কিলিকিয়া আৰু পাম্ফুলিয়াৰ সম্মুখে থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ মুৰা নগৰ পালোঁ। ৬ সেই ঠাইতে এশৰ সেনাপতিয়ে, ইতালি দেশলৈ যোৱা আলেকজান্দ্ৰীয়া নগৰৰ এখন জাহাজ পাই, আমাক সেই জাহাজত তুলি দিলে। ৭ পাছে বহু দিন লাহে লাহে গৈ, কানো প্ৰকাৰে ক্লীদৰ সন্মুখ হৈ, বতাহে আমাক নিবাৰণ কৰাত, ক্ৰীতী দ্বীপৰ আঁৰে আঁৰে চল্‌মোনীৰ সন্মুখেদি, ৮ কোনো প্ৰকাৰে দ্বীপৰ দাঁতিয়ে দাঁতিয়ে গৈ, সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; তাৰ ওচৰত লাচেয়া নগৰ আছিল। ৯ এই দৰে বহু পলম হলত, আৰু উপবাস-পৰ্ব্ব অতীত হোৱাৰ কাৰণে সমুদ্ৰ-যাত্ৰাত শঙ্কা হোৱাত, পৌলে তেওঁবিলাকক পৰামৰ্শ দি কলে, ১০ হে মানুহবিলাক, মই দেখিছোঁ, এই সমুদ্ৰ-যাত্ৰাত আমাৰ আপদ আৰু অনেক হানি হব; সেয়ে অকল মাল আৰু জাহাজৰ, এনে নহয়; কিন্তু আমাৰ প্ৰাণো সঙ্কটত পৰিব। ১১ কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ, জাহাজৰ চাৰেং আৰু গৰাকীৰ কথা বৰকৈ মানিলে। ১২ আৰু সেই ঘুলিত জাৰ-কালি থাকিবলৈ সুবিধা নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম ফাললৈ মূৰকৈ থকা ক্ৰীতীৰ ফৈনীক ঘুলি যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে জাৰ-কালি থাকিবৰ আশয়েৰে, বেচিভাগে জাহাজ মেলি তালৈকে যাবলৈ মত দিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক