ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ২৬ পৃষ্ঠা ৩০
  • পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হʼল!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হʼল!
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰকাশিত বাক্যত আমাৰ ভৱিষ্যতৰ বাবে আশা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ২৬ পৃষ্ঠা ৩০
ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে যীচুৱে সিংহাসনত বহিছ

অধ্যায় ২৬

পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হʼল!

যীচু খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম পবিত্ৰ কৰিব, তেওঁৰ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰিব আৰু সকলো দুষ্টতাক নাইকিয়া কৰিব

বাইবেলৰ শেষৰ কিতাপখনৰ নাম হৈছে প্ৰকাশিত বাক্য। এই কিতাপখনে সকলো মানৱৰ বাবে আশা কঢ়িয়াই আনে। এই কিতাপখনৰ লেখক হৈছে পাঁচনি যোহন আৰু ইয়াত যিহোৱাৰ উদ্দেশ্যত পূৰ হʼবলগীয়া কিছুমান দৰ্শনৰ বিষয়ে বৰ্ণনা আছে।

প্ৰথম দৰ্শনত, পুনৰুত্থান হোৱা যীচু খ্ৰীষ্টই বহুতো মণ্ডলীক প্ৰশংসা আৰু সংশোধন কৰে। দ্বিতীয় দৰ্শনত, ঈশ্বৰৰ সিংহাসন আৰু আত্মিক প্ৰাণীবিলাকে ঈশ্বৰক প্ৰশংসা কৰি থকা দেখা যায়।

যেতিয়া ঈশ্বৰৰ উদ্দেশ্য পূৰ হোৱাৰ সময় আহি পৰে, তেতিয়া মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্টক এখন পুথি দিয়া হয়। সাতটা ছাবেৰে এই পুথিখন বন্ধ আছিল। প্ৰথম চাৰিটা ছাব খোলাত কেইজনমান অশ্বাৰোহীক দেখা গʼল। প্ৰথম অশ্বাৰোহীজন হৈছে যীচু খ্ৰীষ্ট আৰু তেওঁৰ মূৰত এটা মুকুট আছে। যীচুৰ পাছত বেলেগ বেলেগ ৰঙৰ ঘোঁৰাৰ ওপৰত কেইজন অশ্বাৰোহীক দেখা গʼল। এইবিলাকে যুদ্ধ, আকাল আৰু মহামাৰীক চিত্ৰিত কৰে। এই পৃথিৱীৰ দুষ্ট ব্যৱস্থাৰ অন্তিম সময়ত এইবোৰ হʼবলগীয়া আছিল। যেতিয়া সাত নম্বৰ ছাবটো খোলা হয়, তেতিয়া সাতটা তূৰী বজোৱা হয়। এই সাতোটা তূৰী বজোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ ন্যায়ৰ দিন ঘোষণা কৰা। ইয়াৰ পাছত সাতটা মহামাৰী হোৱা দেখা যায়। ইয়াৰ অৰ্থ হৈছে বিভিন্ন ধৰণে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ।

এক নৱজাত পুত্ৰ-সন্তানৰ লগত ঈশ্বৰৰ ৰাজ্যৰ তুলনা কৰা হৈছে। এই ৰাজ্যখন স্বৰ্গত স্থাপিত। স্বৰ্গত হোৱা যুদ্ধৰ পৰিণামস্বৰূপে, চয়তান আৰু তাক অনুকৰণ কৰা সকলো দুষ্ট স্বৰ্গদূতক এই পৃথিৱীলৈ পেলাই দিয়া হয়। ইয়াৰ পাছত এক বৰ মাত শুনা গʼল, “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।”—প্ৰকাশিত বাক্য ১২:১২.

পাঁচনি যোহনে এতিয়া মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্ট আৰু তেওঁৰ লগত ১,৪৪,০০০ জন লোকক স্বৰ্গত দেখিছে। এই লোকসকলক পৃথিৱীৰপৰা নিৰ্ব্বাচন কৰা হৈছে আৰু তেওঁলোকে যীচু খ্ৰীষ্টৰ সৈতে “ৰাজত্ব কৰিব।” প্ৰকাশিত বাক্য কিতাপখনে প্ৰতিজ্ঞা কৰা বংশৰ দ্বিতীয় অংশৰ বিষয়েও বিতংভাৱে প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ সংখ্যা ১,৪৪,০০০ জন।—প্ৰকাশিত বাক্য ১৪:১; ২০:৬.

এই পৃথিৱীৰ শাসকসকলে হৰমাগিদোন অৰ্থাৎ “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ” একত্ৰিত হʼব। আগতে বৰ্ণনা কৰা অনুসৰি সেই বগা ঘোঁৰাটোৰ ওপৰত বহা জনা অৰ্থাৎ যীচু খ্ৰীষ্টই স্বৰ্গীয় বাহিনীৰ নেতৃত্ব কৰিব আৰু এই পৃথিৱীৰ শাসকসকলৰ লগত যুদ্ধ কৰিব। এই যুদ্ধত পৃথিৱীৰ সকলো শাসকক সম্পূৰ্ণৰূপে ধ্বংস কৰা হʼব। ইয়াৰ পাছত চয়তানক বন্দী কৰি, যীচু আৰু ১,৪৪,০০০ জনে “এহেজাৰ বছৰ” পৃথিৱীৰ ওপৰত শাসন কৰিব। এহেজাৰ বছৰৰ অন্তত চয়তানক ধ্বংস কৰা হʼব।—প্ৰকাশিত বাক্য ১৬:১৪; ২০:৪.

এহেজাৰ বছৰজোৰা এই শাসনে আজ্ঞাকাৰী মানৱ জাতিৰ বাবে কি লাভ কঢ়িয়াই আনিব? ইয়াৰ উত্তৰ পাঁচনি যোহনে এইদৰে দিয়ে, “[যিহোৱাই] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:৪) সৰ্বশেষত, গোটেই পৃথিৱীখন প্ৰমোদবনলৈ পৰিণত হʼব।

প্ৰকাশিত বাক্যৰ কিতাপে খুব সুন্দৰকৈ বাইবেলৰ যি বাৰ্ত্তা তাক সম্পূৰ্ণ কৰি তুলিছে। মচীহৰ ৰাজ্যৰ যোগেদি যিহোৱা ঈশ্বৰৰ নাম পবিত্ৰ কৰা হʼব আৰু গোটেই মানৱ জাতিক শাসন কৰাৰ যে মাত্ৰ তেওঁৰ অধিকাৰ আছে তাক প্ৰমাণ কৰা হʼব।

—এই অংশ প্ৰকাশিত বাক্য কিতাপৰ আধাৰত।

  • অশ্বাৰোহী কেইজনে কি চিত্ৰিত কৰে?

  • ঈশ্বৰৰ উদ্দেশ্য পূৰ হʼবলৈ আৰম্ভ হোৱাত, কি ঘটনা ঘটিবলৈ ধৰিলে?

  • হৰমাগিদোন কি হয়, আৰু ইয়াৰ পৰিণাম কি হʼব?

“মহা-বাবিল”

প্ৰকাশিত বাক্য নামৰ কিতাপখনত সত্য ঈশ্বৰৰ বিৰুদ্ধে থিয় দিয়া সকলো মিছা ধৰ্ম্মক, “মহা-বাবিল” বুলি কোৱা হৈছে। এই মহা-বাবিলক “মহা-বেশ্যা” বুলিও কোৱা হৈছে। তাইক কিয় মহা-বেশ্যা বুলি কোৱা হৈছে? কিয়নো তাই এই পৃথিৱীৰ ৰাজনৈতিক শক্তিৰ লগত ব্যভিচাৰ কৰিছে। প্ৰকাশিত বাক্যই উল্লেখ কৰিছে যে যিহোৱা ঈশ্বৰে নিৰ্দ্ধাৰণ কৰা সময়ত, পৃথিৱীৰ ৰাজনৈতিক শক্তিয়ে এই মহা-বেশ্যাৰ ওপৰত আক্ৰমণ চলাব আৰু তাইক সম্পূৰ্ণৰূপে ধ্বংস কৰিব।—প্ৰকাশিত বাক্য ১৭:১-৫, ১৬, ১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক