ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh পৃষ্ঠা ৩-৭
  • এইবোৰেই ঈশ্বৰৰ উদ্দেশ্য আছিল নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এইবোৰেই ঈশ্বৰৰ উদ্দেশ্য আছিল নেকি?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰে এই পৃথিৱীত পৰিৱৰ্তন আনিব আৰু তেওঁ এইদৰে কৰিব।
  • বাইবেলৰ শিক্ষাৰপৰা লাভৱান হওক
বাইবেলে প্ৰকৃততে কি শিকায়?
bh পৃষ্ঠা ৩-৭

এইবোৰেই ঈশ্বৰৰ উদ্দেশ্য আছিল নেকি?

আজি আপুনি যিকোনো বাতৰি কাকতত, ৰেডিঅ’ বা টিভিত বিশেষকৈ অপৰাধ, যুদ্ধ আৰু সন্ত্ৰাসবাদ আদিৰ বাতৰি শুনিবলৈ পাব। আপুনি নিজৰ সমস্যাবোৰৰ বিষয়েও খন্তেক চিন্তা কৰক। হয়তো, আপোনাৰ বেমাৰ-আজাৰ বা আপোনজনাৰ মৃত্যুত আপুনি দুখ অনুভৱ কৰিছে। বাইবেলত উল্লেখ কৰা ইয়োব নামৰ ব্যক্তিজনৰ লগত আপুনিও নিশ্চয় সন্মত হʼব। তেওঁ কৈছিল, “মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”—ইয়োব ৩:২৬.

আপুনি নিজকে এইদৰে সুধিব পাৰে:

  • গোটেই মানৱ জাতি আৰু মোৰ বাবে ঈশ্বৰৰ এয়ে উদ্দেশ্য আছিল নেকি?

  • মই সন্মুখীন হোৱা সমস্যাবোৰৰ সমাধান কʼত বিচাৰি পাম?

  • এই অশান্ত পৃথিৱীত আমি কেতিয়াবা শান্তিৰ বাবে আশা কৰিব পাৰোঁনে?

এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ বাইবেলত পোৱা যায় আৰু ইয়ে আপোনাৰ মনলৈ শান্তনা কঢ়িয়াই আনিব।

বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰে এই পৃথিৱীত পৰিৱৰ্তন আনিব আৰু তেওঁ এইদৰে কৰিব।

“তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৪

“খোৰাই হৰিণীৰ দৰে ডেও দিব।”—যিচয়া ৩৫:৬

“অন্ধবিলাকৰ চকু খোলা হব।”—যিচয়া ৩৫:৫

“মৈদামত থকা সকলোৱে . . . ওলাব।”—যোহন ৫:২৮, ২৯

“মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”—যিচয়া ৩৩:২৪

“পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”—গীতমালা ৭২:১৬

ঈশ্বৰৰ উদশ্য অনুসৰি পৃথিৱীজুৰি পৰিৱৰ্তন: বৃদ্ধলোকসকল ডেকা হ’ব, ৰোগীসকল সুথ হ’ব আৰু অধ লোকসকলে চকুৰে দেখিব, মৃত লোকসকলৰ পুনৰুত্থান হ’ব, পচুৰ পৰিমাণে খাদ্য শস্য উৎপন্ন হ’ব

বাইবেলৰ শিক্ষাৰপৰা লাভৱান হওক

আগৰ পৃষ্ঠাবোৰত উল্লেখ কৰা বিষয়বোৰ মাত্ৰ কাল্পনিক বুলি সহজে বাদ নিদিব। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ এই পৰিৱৰ্তন আনিব আৰু তেওঁ ইয়াক কেনেকৈ কৰিব, তাৰ বিষয়ে বাইবেলে বৰ্ণনা কৰিছে।

দুজন ব্যক্তিয়ে বাইবেলে শিকায় কিতাপখন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন কৰিছ

ইয়াৰ উপৰিও, বাইবেলে আৰু বহুতো বিষয় উল্লেখ কৰিছে। আজি আপুনি জীৱনত প্ৰকৃত আনন্দ কেনেকৈ লাভ কৰিব পাৰে, তাৰ বিষয়ে জানিবলৈ সহায় কৰে। খন্তেক আপোনাৰ ব্যক্তিগত সমস্যা আৰু দুখ-কষ্টৰ বিষয়ে চিন্তা কৰকচোন। উদাহৰণস্বৰূপে, আৰ্থিক বা পৰিয়ালৰ সমস্যা, বেমাৰ-আজাৰ আৰু আপোনজনাৰ মৃত্যু আদি। আজি সন্মুখীন হোৱা এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব লাগে, তাৰ বিষয়ে বাইবেলে আপোনাক সহায় কৰিব পাৰে আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰে আপোনাক শান্তনা দিব।

  • আমি কিয় দুখ-কষ্ট ভুগিবলগীয়া হৈছে?

  • আমি কেনেকৈ আমাৰ জীৱনৰ দুৰ্ভাৱনা বা দুশ্চিন্তাৰ সন্মুখীন হʼব পাৰোঁ?

  • আমাৰ পাৰিবাৰিক জীৱন আমি কেনেকৈ সুখী কৰি তুলিব পাৰোঁ?

  • মৃত্যু হʼলে আমাৰ কি হয়?

  • মৃত লোকসকলক আমি পুনৰ দেখিবলৈ পামনে?

  • আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে তেওঁৰ সকলো প্ৰতিজ্ঞা ভৱিষ্যতে পূৰ কৰিব?

আপুনি এই কিতাপখন পঢ়াৰ দ্বাৰা দেখুৱায় যে বাইবেলে কি শিকায়, তাৰ বিষয়ে জানিবলৈ আপুনি আগ্ৰহী। এই কিতাপখনে আপোনাক সহায় কৰিব। অনুগ্ৰহ কৰি লক্ষ্য কৰক যে অনুচ্ছেদৰ লগত সম্বন্ধ থকা প্ৰশ্নবোৰ দিয়া আছে। আজি কোটি কোটি লোকে প্ৰশ্ন-উত্তৰৰ মাধ্যমেৰে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিছে। আমি আশা কৰোঁ যে আপুনিও এনে ধৰণৰ বাইবেল অধ্যয়নৰ দ্বাৰা আনন্দিত হʼব। যেনেকৈ আপুনি এই কিতাপখনৰপৰা বাইবেলে প্ৰকৃততে কি শিকায় তাৰ বিষয়ে শিকি থাকিব, আমাৰ প্ৰাৰ্থনা যে ঈশ্বৰে যাতে আপোনাক আশীৰ্ব্বাদ কৰে। এই অধ্যয়ন কৰোঁতে আমি নিশ্চিত যে আপুনি ইয়াৰ দ্বাৰা ৰোমাঞ্চিত আৰু সন্তোষজনক অভিজ্ঞতা লাভ কৰিব।

আপুনি বাইবেলখনৰ বিষয়ে ভালদৰে জানক

বাইবেলখন সৰু সৰু কিতাপ আৰু কিছুমান পত্ৰৰ দ্বাৰা গঠিত। ইয়াত সৰ্ব্বমুঠ ৬৬ খন কিতাপ আছে। সহজতে বিচাৰি পাবলৈ ইয়াক বিভিন্ন অধ্যায় আৰু পদত বিভাজিত কৰা হৈছে। শাস্ত্ৰপদবোৰ এই কিতাপখনত উল্লেখ কৰাৰ সময়ত কিতাপৰ নামৰ পাছত যি সংখ্যা প্ৰথমে উল্লেখ কৰা হয়, সেয়া হৈছে কিতাপ বা পত্ৰখনৰ অধ্যায় আৰু দ্বিতীয় সংখ্যাটো হৈছে পদ। উদাহৰণস্বৰূপে, ২ তীমথিয় ৩:১৬-ৰ অৰ্থ হৈছে, তীমথিয়ৰ দ্বিতীয় পত্ৰ, ৩ অধ্যায় আৰু ১৬ পদ।

এই কিতাপত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ বাইবেলৰপৰা চাই থাকিলে আপুনি অতি সোনকালে বাইবেলৰ লগত পৰিচিত হৈ পৰিব। ইয়াৰ বাবে আপুনি প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰম্ভ নকৰে কিয়? যদি আপুনি প্ৰতিদিনে তিনিৰ পৰা পাঁচ অধ্যায় পঢ়ে, তেনেহʼলে সম্পূৰ্ণ বাইবেলখন এবছৰৰ ভিতৰত পঢ়ি শেষ কৰিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক