মে’—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
মে’ ৬-১২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ৪-৬
“আমি নিৰুৎসাহ নহওঁ”
(২ কৰিন্থীয়া ৪:১৬) এই কাৰণে আমি নিৰুৎসাহ নহওঁ; কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে।
ভাগৰুৱা কিন্তু ক্লান্ত হৈ নপৰা
১৬ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি আমি যত্ন লোৱাতো অতি আৱশ্যক। আমি হয়তো শাৰীৰিকভাৱে ক্লান্ত হৈ পৰিব পাৰোঁ, কিন্তু যদি যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখোঁ, তেন্তে তেওঁক উপাসনা কৰি কেতিয়াও ক্লান্ত হৈ নপৰিম। কিয়নো তেওঁ “ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে।” (যিচয়া ৪০:২৮, ২৯) এই বাক্যবোৰৰ সত্যতাক অনুভৱ কৰা পাঁচনি পৌলে এইদৰে কৈছিল: “আমি নিৰুৎসাহ নহওঁ; কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে।”—২ কৰিন্থীয়া ৪:১৬.
১৭ পাঁচনি পৌলে “দিনে দিনে” বুলি উল্লেখ কৰা উক্তিটোৰ বিষয়ে লক্ষ্য কৰক। ইয়াৰ অৰ্থ হৈছে যিহোৱাই দৈনন্দিনভাৱে প্ৰবন্ধ কৰা ব্যৱস্থাৰ দ্বাৰা লাভৱান হোৱা। ৪৩ বছৰ ধৰি মিছনাৰী সেৱাত ভাগ লোৱা এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক। যদিও ভনীগৰাকীয়ে বহুবাৰ নিৰুৎসাহী আৰু শাৰীৰিকৰূপে ভাগৰি পৰা অনুভৱ কৰিছিল, তথাপিও ক্লান্ত হোৱা নাছিল। ভনীগৰাকীয়ে এইদৰে কয়: “কোনো কাম আৰম্ভ কৰাৰ আগেয়ে মই ৰাতিপূৱা সোনকালে উঠি বাইবেলখন পঢ়িবলৈ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াওঁ। এনে ধৰণে কৰা নিয়মীয়া অভ্যাসে মোক আজিলৈকে পৰীক্ষাৰ সৈতে সন্মুখীন হʼবলৈ সহায় আগবঢ়াই আহিছে।” যদি আমি “দিনে দিনে” অৰ্থাৎ নিতৌ প্ৰাৰ্থনা কৰোঁ, তেওঁৰ উল্লেখনীয় গুণ আৰু প্ৰতিজ্ঞাবোৰৰ ওপৰত ধ্যান দিওঁ, তেন্তে নিশ্চয়ে শক্তি লাভ কৰিম।
(২ কৰিন্থীয়া ৪:১৮) এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে, আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে।
it-১ ৭২৪-৭২৫
সহনশীলতা
খ্ৰীষ্টান হিচাপে আমি সিদ্ধ ব্যক্তি হৈ অনন্ত জীৱন জীয়াই থকাৰ বাবে যি আশা ৰাখোঁ, তাৰপৰা আমি কেতিয়াও অন্যমনস্ক হোৱা উচিত নহয়। বিৰোধীসকলে আমাক হত্যা কৰিলেও আমাৰ আশা নিশ্চয় পূৰ হʼব। (ৰোম ৫:৪, ৫; ১থিচ ১:৩; প্ৰকা ২:১০) যেতিয়া আমাৰ এই আশা পূৰ হʼব, তেতিয়া আমি বৰ্তমান সময়ত ভুগী দুখ-কষ্টবোৰ পাহৰি যাম। (ৰোম ৮:১৮-২৫) সেই সময়ত লাভ কৰা আশীৰ্ব্বাদবোৰ সদায় দিনৰ কাৰণে থাকিব। আমি ভুগী থকা দুখ-কষ্টবোৰ যিমানেই ডাঙৰ নহওক কিয়, কিন্তু আহিবলগীয়া আশীৰ্ব্বাদবোৰৰ তুলনাত এই দুখ-কষ্টবোৰ “খন্তেকীয়া।” (২কৰি ৪:১৬-১৮) যদি এজন খ্ৰীষ্টানে মনত ৰাখে যে আজি ভুগী থকা দুখ-কষ্টবোৰ অলপ দিনৰ বাবে হয় আৰু তেওঁৰ আশাক দৃঢ় কৰি ৰাখে, তেনেহʼলে তেওঁ কেতিয়াও হতাশ নহʼব আৰু যিহোৱা ঈশ্বৰৰপৰা কেতিয়াও দূৰ নহʼব।
(২ কৰিন্থীয়া ৪:১৭, ১৮) দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্ত-কলীয়া; ১৮ এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে, আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(২ কৰিন্থীয়া ৪:৭) কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে;
w১২ ২/১ ২৮-২৯
“যিহোৱাৰ মুখত হাঁহি কঢ়িয়াই আনক”
প্ৰশাসন গোষ্ঠীৰ ভাই ডেবিদ স্প্লেইনে ২ কৰিন্থীয়া ৪:৭ পদৰ আধাৰত এটা ভাষণ দিয়ে। ভাইজনে সোধে যে এই পদত উল্লেখ কৰা “ধন” কি? ইয়াৰ অৰ্থ জ্ঞান অথবা বুদ্ধি নেকি? ভাইজনে উত্তৰ দিয়ে “নহয়, পাঁচনি পৌলে যি ধনৰ বিষয়ে কৈছিল, সেয়া লোকসকলক ‘সত্যতা প্ৰকাশ’ কৰাৰ দায়িত্ব হয়।” (২ কৰিন্থীয়া ৪:১, ২, ৫) ভাই স্প্লেইনে বিদ্যাৰ্থীসকলক মনত পেলাই দিয়ে যে তেওঁলোকে পাঁচ মাহ ধৰি যি অধ্যয়ন কৰিছে, সেয়া এক বিশেষ সেৱাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ দৰে হয়। আন লোকসকলক সত্য জনোৱাটো এনে এক দায়িত্ব, যাক তেওঁলোকে মূল্যৱান বুলি গণ্য কৰা উচিত।
ভাইজনে বুজায় যে “মাটিৰ পাত্ৰ” হৈছে আমাৰ শৰীৰ। তেওঁলোকে কৈছিল যে মাটিৰ পাত্ৰ আৰু সোণৰ পাত্ৰৰ মাজত কি পাৰ্থক্য আছে। সোণৰ পাত্ৰ বেছিকৈ ব্যৱহাৰ কৰা নহয়। কিন্তু মাটিৰ পাত্ৰ সদায় ব্যৱহাৰ কৰা হয়। যদি ধন সোণৰ কোনো পাত্ৰত থোৱা হয়, তেনেহʼলে আমাৰ ধ্যান কেৱল ধনত নহয়, কিন্তু পাত্ৰতো পৰিব। ভাইজনে কৈছিল, “আপোনালোক, বিদ্যাৰ্থীসকলে ধ্যান দিয়া উচিত যে মিছনাৰী সেৱাত আপোনালোকে আনক নিজৰ প্ৰতি ধ্যান আকৰ্ষিত নকৰিব। আপোনালোকে তেওঁলোকৰ ধ্যান যিহোৱালৈ কৰা উচিত। আপোনালোকে নম্ৰ মাটিৰ পাত্ৰ।”
(২ কৰিন্থীয়া ৬:১৩) কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ, (সন্তানবোৰক কোৱাৰ দৰে কৈছোঁ,) তোমালোকৰ হৃদয় বহল হওক।
w০৯ ১১/১৫ ২১ ¶৭
ভাতৃত্ব প্ৰেমত আগবাঢ়ি যাওক
৭ আমাৰ বিষয়ে কি? ভাতৃত্ব প্ৰেম দেখুৱাবলৈ আমি কেনেকৈ আমাৰ “হৃদয় বহল” কৰিব পাৰোঁ? প্ৰায়ে দেখা গৈছে যে যিসকলে একে বয়সৰ হয় অথবা একেটা পৃষ্ঠভূমিৰপৰা হয়, তেওঁলোকে এজনে-আনজনৰ প্ৰতি সহজে আকৰ্ষিত হয়। ইয়াৰ উপৰিও, যিসকলৰ ৰুচি-অভিৰুচি একে হয়, তেওঁলোকেও প্ৰায়েই একেলগে সময় অতিবাহিত কৰে। কিন্তু, যদি আমাৰ ক্ষেত্ৰতো এইদৰে হয়, তেনেহʼলে আমি আমাৰ “হৃদয় বহল কৰাৰ প্ৰয়োজন।” নিজকে সোধক: ‘আন ভাই-ভনীসকলৰ লগত ঘোষণা কৰা, ফুৰিবলৈ যোৱা আৰু আন আন উপলক্ষ্যত সংগতি কৰিবলৈ মই কেতিয়াবা কেতিয়াবা সময় অতিবাহিত কৰোঁনে? ৰাজ্যগৃহত নতুনকৈ অহা লোকসকলৰ লগত মই কমকৈ লগ কৰোঁনে, কিয়নো মই ভাবোঁ যে প্ৰথমে তেওঁলোকে মোৰ বন্ধু হোৱাৰ যোগ্য হোৱা উচিত। মণ্ডলীৰ বয়সস্থ আৰু ডেকা সকলোকে মই সম্ভাষণ জনাওঁনে?’
বাইবেল পাঠ
(২ কৰিন্থীয়া ৪:১-১৫) এতেকে আমি এই পৰিচৰ্য্যা-পদ পোৱাত, যি দৰে দয়া পালোঁ, সেই দৰে নিৰুৎসাহ নহওঁ; ২ কিন্তু লাজৰ গুপুত কাৰ্য্য ত্যাগ কৰি, ধূৰ্ত্তাচাৰী নহৈ, আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ সাক্ষাতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্যপাত্ৰ দেখুৱাইছোঁ। ৩ কিন্তু আমাৰ শুভবাৰ্ত্তা যদি ঢকা হয়, তেন্তে বিনাশৰ পাত্ৰবিলাকলৈহে ঢকা হয়; ৪ ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে, এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান-চকু অন্ধ কৰিলে। ৫ কাৰণ আমি নিজক নহয়, কিন্তু খ্ৰীষ্ট যীচুক প্ৰভু, আৰু যীচুৰ নিমিত্তে নিজক তোমালোকৰ দাস বুলি প্ৰচাৰ কৰোঁ। ৬ কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হব বুলি যি ঈশ্বৰে কলে, যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰব প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। ৭ কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে; ৮ আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদ্বিগ্ন হৈয়ো, নিৰাশ নহওঁ; ৯ তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ; ১০ যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হবলৈ, আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ। ১১ কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হবলৈ, আমি যীচুৰ নিমিত্তে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ। ১২ এই দৰে মৃত্যুৱে আমাত, কিন্তু জীৱনে তেমালোকত, নিজ কাৰ্য্য সাধন কৰিছে। ১৩ কিন্তু যেনেকৈ লিখা আছে, বোলে, মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা কলোঁ; তেনেকৈ আমিও বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ; ১৪ কাৰণ যি জনাই প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব, আৰু তোমালোকে সৈতে আমাকো উপস্থিত কৰিব, তাক আমি জানো। ১৫ কিয়নো এই সকলো তোমালোকৰ কাৰণেহে হৈছে, যেন অনেকৰ দ্বাৰাই বাহুল্য হোৱা অনুগ্ৰহে ঈশ্বৰৰ গৌৰবৰ অৰ্থে, ধন্যবাদ উপচি পৰিবলৈ দিয়ে।
মে’ ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ৭-১০
“আমাৰ সাহাৰ্য্য সেৱা”
(২ কৰিন্থীয়া ৮:১-৩) হে ভাইবিলাক, মাকিদনিয়া দেশৰ মণ্ডলীবিলাকক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই তোমালোকক জনাওঁ যে, ২ ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁবিলাকৰ আনন্দ অধিক হল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশিলতাৰূপ ধনত উপচি পৰিল। ৩ কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁবিলাকে শক্তি অনুসাৰে, এনে কি, শক্তিৰ অতিৰিক্ত পৰিমানে নিজ ইচ্ছাৰে, অনেক মিনতিৰে,
w৯৮ ১১/১ ২৫ ¶১
“হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে”
প্ৰথমতে, পাঁচনি পৌলে কৰিন্থৰ ভাই-ভনীসকলক মাকিদনিয়াৰ ভাই-ভনীসকলৰ বিষয়ে কৈছিল, যিসকলে সাহাৰ্য্য সেৱাৰ ক্ষেত্ৰত এক ভাল উদাহৰণ ৰাখিছিল। পৌলে কৈছিল, “ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁবিলাকৰ আনন্দ অধিক হল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশিলতাৰূপ ধনত উপচি পৰিল।” মাকিদনিয়াৰ ভাই-ভনীসকলক উদাৰতা দেখুৱাবলৈ বাৰে বাৰে কোৱাৰ প্ৰয়োজন নহʼল। ইয়াৰ পৰিৱৰ্তে, পৌলে কৈছিল যে তেওঁলোকে “উপকাৰ কৰা কাৰ্য্যৰ সহভাগী হবলৈ . . . আমাৰ আগত যাচনা” কৰিছিল। মাকিদনিয়াৰ ভাই-ভনীসকলে হৰ্ষিত মনেৰে আগবঢ়োৱা দানৰ বিষয়টো মন কৰিবলগীয়া, কিয়নো যদি আমি চালি-জাৰি চাওঁ, তেনেহʼলে তেওঁলোকে নিজেই ‘দৰিদ্ৰতাত’ ভুগিছিল।—২ কৰিন্থীয়া ৮:২-৪.
kr ২০৯ ¶১
সাহাৰ্য্য সেৱা
প্ৰায় ৪৬ খ্ৰীষ্টাব্দৰ কথা। গোটেই যিহূদিয়া ৰাজ্যত আকালে দেখা দিছিল। যি কম বেছি শস্য আছিল, তাৰ দাম অতিমাত্ৰা বাঢ়ি গৈছিল। তাত থকা যিহূদী ভাই-ভনীসকলৰ ওচৰত ইমান টকা-পইচা নাছিল যে তেওঁলোকে সেইবোৰ কিনিব পাৰে। ভোকত থকাৰ বাবে তেওঁলোকৰ অৱস্থা কঠিন হৈ পৰিছিল। কিন্তু তেওঁলোকে অতি সোনকালে যিহোৱাৰ হাতৰপৰা এনে এক অনুভৱৰ সন্মুখীন হʼবলগীয়া আছিল, যি ইয়াৰ আগতে খ্ৰীষ্টৰ সেৱকসকলৰ কেতিয়াও হোৱা নাছিল। এনে কি হʼবলগীয়া আছিল?
(২ কৰিন্থীয়া ৮:৪) পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্য্যৰ সহভাগী হবলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি, কেৱল আমাৰ আশাৰ দৰে দিলে, এনে নহয়।
kr ২০৯-২১০ ¶৪-৬
সাহাৰ্য্য সেৱা
৪ কৰিন্থলৈ লিখা দ্বিতীয় পত্ৰত পাঁচনি পৌলে বুজায় যে আমাৰ খ্ৰীষ্টান ভাই-ভনীসকলৰ সেৱাৰ দুটা দিশ আছে। যদিও পাঁচনি পৌলে এই চিঠিখন অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে লিখিছিল, কিন্তু তেওঁৰ পৰামৰ্শ আজি খ্ৰীষ্টৰ ‘অন্য মেৰৰ’ ওপৰত প্ৰযোজ্য হয়। (যোহ. ১০:১৬) আমাৰ সেৱাৰ এটা দিশ হৈছে “মিলনৰ পৰিচৰ্য্যা-পদ,” অৰ্থাৎ প্ৰচাৰ কৰা আৰু শিকোৱাৰ কাম। (২ কৰি. ৫:১৮-২০; ১ তীম. ২:৩-৬) দ্বিতীয় দিশ হৈছে নিজৰ ভাই-ভনীসকলক সহায় কৰা। পাঁচনি পৌলে বিশেষকৈ কঠিন পৰিস্থিতিত তেওঁলোকক “উপকাৰ” কৰাৰ কথা কৈছিল। (২ কৰি. ৮:৪) সেৱাৰ এই দুয়োটা দিশৰ বাবে গ্ৰীক ভাষাত একেটা শব্দ দিয়া-ক-নিʼয়া ব্যৱহাৰ কৰা হৈছে। এয়া কিয় মন কৰিবলগীয়া বিষয়?
৫ পাঁচনি পৌলে এই দুয়োটা দিশত একেটা গ্ৰীক শব্দ ব্যৱহাৰ কৰি দেখুৱাইছিল যে সাহাৰ্য্য সেৱাও সিমানেই গুৰুত্বপূৰ্ণ হয়, যিমান খ্ৰীষ্টান মণ্ডলীত কৰা বাকীবোৰ কাম হয়। তেওঁ আগতেই এইদৰে কৈছে: “পৰিচৰ্য্যা অনেক বিধ, কিন্তু প্ৰভু একে; কৰ্ম্মসাধক গুণো অনেক বিধ, কিন্তু . . . তেওঁ সকলোতে সকলো কৰ্ম্মৰ সাধনকৰ্ত্তা।” (১ কৰি. ১২:৪-৬, ১১) পাঁচনি পৌলে মণ্ডলীৰ সকলো ধৰণৰ কাৰ্য্যক “পবিত্ৰ” সেৱা বুলি কৈছিল। (ৰোম. ১২:১, ৬-৮) সেইবাবে তেওঁ নিজৰ কিছু সময় “পবিত্ৰ লোকৰ পৰিচাৰ্য্যাৰ অৰ্থে” ব্যৱহাৰ কৰা উচিত বুলি ভাবিছিল।—ৰোম. ১৫:২৫, ২৬.
৬ সাহাৰ্য্য সেৱা কিয় ঘোষণা কাৰ্য্য আৰু উপাসনাৰ এটা ভাগ হয়, এই বিষয়ে বুজিবলৈ কৰিন্থৰ ভাই-ভনীসকলক পৌলে সহায় কৰিছিল। তেওঁৰ যুক্তিবোৰলৈ মন কৰক: খ্ৰীষ্টানসকলে “খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ বিষয়ে স্বীকাৰ” কৰে আৰু সেইবাবে তেওঁলোকে সাহাৰ্য্য সেৱা আগবঢ়োৱা কাৰ্য্যত ভাগ লয়। (২ কৰি. ৯:১৩) তেওঁলোকে যীচুৰ শিক্ষাক অনুকৰণ কৰে আৰু সেইবাবে সংগী ভাই-ভনীসকলক সহায় কৰে। পৌলে কৈছিল যে যেতিয়া আমি এইদৰে আনক সহায় কৰোঁ, তেতিয়া আমি “ঈশ্বৰৰ যি মহৎ অনুগ্ৰহ” তাক প্ৰকাশ কৰোঁ। (২ কৰি. ৯:১৪; ১ পিত. ৪:১০) সেইবাবে, ১৯৭৫ চনৰ ১ ডিচেম্বৰৰ প্ৰহৰীবুৰুজ আলোচনীত উল্লেখ কৰা অনুসৰি সহায়ৰ প্ৰয়োজন হোৱা ভাইসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সাহাৰ্য্য সেৱা বিভাগো জড়িত আছে। ইয়াৰ বিষয়ে এইদৰে কৈছে: “যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই এনেধৰণৰ সেৱা কাৰ্য্যত যে মহত্ব দিয়ে, এই বিষয়ত আমি কেতিয়াও সন্দেহ কৰা উচিত নহয়।” সঁচাকৈ, সাহাৰ্য্য সেৱা হৈছে পবিত্ৰ সেৱাৰ এটা ভাগ।—ৰোম. ১২:১, ৭; ২ কৰি. ৮:৭; ইব্ৰী ১৩:১৬.
(২ কৰিন্থীয়া ৯:৭) প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
kr ১৯৬ ¶১০
ৰাজ্যৰ কামবোৰৰ খৰচ-পাতি কেনেকৈ বহন কৰা হয়
১০ প্ৰথমে, আমি স্ব-ইচ্ছাৰে দান-বৰঙণি আগবঢ়াও, কিয়নো আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰোঁ আৰু “তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক,” তাকে কৰিব বিচাৰোঁ। (১ যোহ. ৩:২২) যিসকলে সম্পূৰ্ণ হৃদয়েৰে দান কৰে, সেই লোকসকলক যিহোৱা ঈশ্বৰে প্ৰেম কৰে। মন কৰক যে পাঁচনি পৌলে খ্ৰীষ্টানসকলক দান কৰাৰ বিষয়ে কি কৈছিল। (২ কৰিন্থীয়া ৯:৭ পঢ়ক।) এজন সত্য খ্ৰীষ্টানে দান-বৰঙণি আগবঢ়াবলৈ সঙ্কোচ নকৰে নাইবা তেওঁক দান দিবলৈ জোৰ কৰিবও নালাগে। তেওঁ দান দিয়ে, কিয়নো তেওঁ এনে কৰাৰ বাবে ‘নিজৰ হৃদয়ত ঠাৱৰ কৰিলে।’ অৰ্থাৎ তেওঁ মন কৰে যে দান দিয়া প্ৰয়োজন আছে। তেওঁ কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে বিবেচনা কৰে আৰু তাৰ পাছত দান-বৰঙণি আগবঢ়ায়। এনে লোকসকলক যিহোৱা ঈশ্বৰে প্ৰেম কৰে, কিয়নো বাইবেলে বৰ্ণনা কৰে যে “হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।”
আধ্যাত্মিক ৰত্ন বিচাৰক
(২ কৰিন্থীয়া ৯:১৫) ঈশ্বৰৰ বৰ্ণনাতীত দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক।
w১৬.০১ ১২-১৩ ¶২
ঈশ্বৰৰ ‘বৰ্ণনাতীত দানে’ আপোনাক বাধ্য কৰাই নে?
২ পাঁচনি পৌলে জানিছিল যে যীচুৰ বলিদানে ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা পূৰ হʼব বুলি আশ্বাস দিয়ে। (২ কৰিন্থীয়া ১:২০ পঢ়ক।) তেনেহʼলে, ঈশ্বৰৰ ‘বৰ্ণনাতীত দানত’ কেৱল যীচুৰ বলিদান জড়িত আছে নেকি? এনে নহয়। ঈশ্বৰে কৰা সেই সকলো উপকাৰ আৰু যীচুৰ যোগেদি আমাৰ প্ৰতি দেখুৱা তেওঁৰ প্ৰেমো জড়িত আছে। প্ৰকৃততে এই বহুমূলীয়া উপহাৰৰ বিষয়ে মানুহৰ ভাষাৰে বুজোৱাটো অসম্ভৱ। কিন্তু এতিয়া প্ৰশ্ন হয় যে এই বিশেষ উপহাৰে আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত? এই বছৰত প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰিবলৈ প্ৰস্তুত কৰাৰ সময়ত এই উপহাৰে আমাক কি কৰিবলৈ উৎসাহিত কৰা উচিত? এই বছৰ প্ৰভুৰ সন্ধ্যা ভোজ ২৩ মাৰ্চ, ২০১৬-ত পালন কৰা হʼব।
(২ কৰিন্থীয়া ১০:১৭) কিন্তু যি জনে শ্লাঘা কৰে, তেওঁ প্ৰভুতেই শ্লাঘা কৰক।
g৯৯ ৮/৮ ২০-২১
অহংকাৰ কৰাটো ভুল হয়নে?
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত কাওকেয়ʼমাই ক্ৰিয়া পদক “অহংকাৰ কৰা, শ্লাঘা কৰা, গৰ্ব কৰা” হিচাপে অনুবাদ কৰা হৈছে। ইয়াক ভাল আৰু বেয়া দুয়োটা অৰ্থতেই ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, পাঁচনি পৌলে কৈছিল: “যি জনে শ্লাঘা কৰে, তেওঁ প্ৰভুতেই শ্লাঘা কৰক।” (ৰোমীয়া ৫:২; ২ কৰিন্থীয়া ১০:১৭) ইয়াৰ অৰ্থ হৈছে আমি যিহোৱাক আমাৰ ঈশ্বৰ বুলি অহংকাৰ কৰা উচিত। ই এনে এক ভাৱনা যিয়ে আমাক তেওঁৰ ভাল কাম আৰু সুনামৰ বাবে আনন্দ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে।
বাইবেল পাঠ
(২ কৰিন্থীয়া ৭:১-১২) এই হেতুকে, হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক। ২ আমাক তোমালোকৰ হৃদয়ত ঠাই দিয়া; আমি কাৰো অন্যায় কৰা নাই, কাকো নষ্ট কৰা নাই, কাকো ঠগোৱা নাই। ৩ মই তোমালোকৰ দোষ ধৰিবলৈ এই কথা কৈছোঁ, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীবলৈকো তোমালোক আমাৰ হৃদয়ত আছা বুলি আগেয়েই কৈছিলোঁ। ৪ তোমালোকলৈ মোৰ সাহ অধিকষ তোমালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক; তাতে আমাৰ সকলো ক্লেশত, মই শান্ত্বনাৰে পূৰ হৈছোঁ, আৰু অনন্দত একেবাৰে উপচি পৰিছোঁ। ৫ কিয়নো আমি মাকিদনিয়া দেশলৈ আহিলতো, আমাৰ মাংসৰ একো শান্তি নাছিল কিন্ত্ত সকলো পিলে ক্লেশ পাইছিলোঁ; বাহিৰত বিৰোধ, অন্তৰত ভয় আছিল। ৬ কিন্তু নম্ৰবিলাকৰ শান্ত্বনাকৰ্ত্তা ঈশ্বৰে তীতৰ আগমনৰ দ্বাৰাই আমাক শান্ত্বনা কৰিলে; ৭ অকল তেওঁৰ আগমনৰ দ্বাৰায়ো নহয়, কিন্তু তোমালোকৰ হাবিয়াহ, তোমালোকৰ শোক আৰু আমাৰ নিমিত্তে তোমালোকৰ উৎসাহৰ কথা কওঁতে, তোমালোকৰ কথাত তেওঁ পোৱা শান্ত্বনাৰেও আমাক এনে শান্ত্বনা কৰিলে যে, মই অধিক আনন্দ কৰিলোঁ। ৮ কিয়নো যদিও মই সেই পত্ৰৰ দ্বাৰাই তোমালোকক দুঃখিত কেৰাৱাত, খেদ কৰিছিলোঁ, তথাপি এতিয়া আৰু খেদ নকৰোঁ; কিয়নো দেখিবলৈ পাইছোঁ যে, সেই পত্ৰই অলপ কাল মাথোন তোমালোকৰ দুখ জন্মাইছিল। ৯ তোমালোক দুঃখিত হোৱাৰ নিমিত্তে নহয়, কিন্তু দুঃখিত হোৱাৰ দ্বাৰাই যি তোমালোকৰ মন পৰিবৰ্ত্তিত হল, তাৰ নিমিত্তেহে এতিয়া আনন্দ কৰিছোঁ; কিয়নো যাতে আমাৰ দ্বাৰাই তোমালোকৰ একো হানি নহয়, তাৰ নিমিত্তে তোমালোক ঈশ্বৰৰ ইচ্ছাৰ দৰে দুঃখিত হৈছিলা। ১০ কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, পালটিব নলগা পৰিত্ৰাণলৈ মন পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে, মৃত্যু সাধন কৰে। ১১ কিয়নো, চোৱা, ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই তোমালোকৰ অন্তৰত কেনে যত্ন, কেনে দোষ-খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াহ, কেনে উৎসাহ, কেনে প্ৰতিকাৰ সাধন কৰিলে! সেই কথাত তোমালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দ্দোষী দেখুৱাইছিলা। ১২ যদিও মই তোমালোকলৈ লিখিছিলোঁ, তথাপি অপকাৰ কৰা জনৰ নিমিত্তে, বা অপকাৰ পোৱা জনৰ নিমিত্তে নহয়, কিন্তু আমাৰ অৰ্থে তোমালোকৰ যি যত্ন, সেয়ে যেন ঈশ্বৰে দেখাতে তোমালোকলৈ প্ৰকাশিত হয়, এই নিমিত্তেহে লিখিছিলোঁ।
মে’ ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ১১-১৩
“পৌলৰ ‘শৰীৰত এটা কাঁইট’”
(২ কৰিন্থীয়া ১২:৭) আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ, এই নিমিত্তে শৰীৰত এটা কাঁইট, অৰ্থাৎ, মই অতিশয় দৰ্প নকৰিবলৈ, মোক ভুকুৱাবলৈ চয়তানৰ এক দূত দিয়া হল।
w০৮ ৬/১৫ ৩-৪
দুৰ্ব্বল কিন্তু সাহস নেৰে
আন এজন বিশ্বাসী সেৱকে ‘শৰীৰৰ কাঁইট’ নাইকিয়া কৰিবলৈ যিহোৱা ঈশ্বৰক অনুৰোধ কৰিছিল, যি কাঁইটে তেওঁক অশান্তি কৰি তুলিছিল। পাঁচনি পৌলে এই পৰীক্ষা আঁতৰাই দিবলৈ যিহোৱা ঈশ্বৰক তিনিবাৰ কাকূতি-মিনতি কৰিছিল। পৌলৰ যিয়েই পৰীক্ষা নাছিল কিয়, কিন্তু এটা কথা সঁচা যে ইয়ে তেওঁক কাঁইটৰ দৰে খুচিছিল, যাৰ বাবে ঈশ্বৰৰ সেৱাত তেওঁৰ আনন্দ নাইকিয়া হৈ পৰিছিল। পৌলে ইয়াক একেৰাহে মাৰি থকা থাপৰৰ লগত তুলনা কৰিছে। তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ যিহোৱা ঈশ্বৰে এইদৰে দিছিল: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” যিহোৱা ঈশ্বৰে সেই কাঁইট উলিয়াই দিয়া নাছিল। পৌলে আগলৈয়ো ইয়াৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হৈছিল। তথাপি তেওঁ এইদৰে কৈছিল: “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰি. ১২:৭-১০) পৌলে কি কʼব বিচাৰিছিল?
(২ কৰিন্থীয়া ১২:৮, ৯) সি মোৰ পৰা যেন দূৰ হয়, এই নিমিত্তে প্ৰভুৰ আগত তাৰ বিষয়ে মই তিনিবাৰ নিবেদন কৰিলোঁ। ৯ তাতে তেওঁ মোক কলে, মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম।
w০৭ ১/১ ১৬-১৭ ¶১৭-১৮
যিহোৱা ঈশ্বৰে “খোজাবিলাকক পবিত্ৰ আত্মা” দিয়ে
১৭ পৌলৰ প্ৰাৰ্থনাৰ উত্তৰত যিহোৱা ঈশ্বৰে তেওঁক এইদৰে কৈছিল: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” তাৰ পাছত পৌলে কৈছিল: “এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম।” (২ কৰিন্থীয়া ১২:৯; গীতমালা ১৪৭:৫) পাঁচনি পৌলে অনুভৱ কৰে যে যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ যোগেদি তেওঁক তম্বুৰ দৰে সুৰক্ষা দিছে। বৰ্তমান সময়তো যিহোৱা ঈশ্বৰে এইদৰে আমাৰ প্ৰাৰ্থনা শুনে। তম্বু তৰাৰ দৰে তেওঁ নিজৰ সেৱকসকলৰ সুৰক্ষা দিয়ে।
১৮ এয়া সঁচা যে তম্বুৱে বৰষুণ পৰা বা বতাহ-ধুমুহা হোৱা বন্ধ কৰিব নোৱাৰে। কিন্তু ইয়ে কম বেছি পৰিমাণে নিশ্চয় আমাক ৰক্ষা কৰিব পাৰে। ঠিক সেইদৰে, ‘খ্ৰীষ্টৰ শক্তিৰ’ নিচিনা তম্বুৱে আমাৰ ওপৰত অহা সকলো ধৰণৰ সমস্যা বা দুখ-কষ্টৰপৰা ৰক্ষা নকৰে। কিন্তু ইয়ে আমাক আধ্যাত্মিকভাৱে জগতৰ লোক, তেওঁলোকৰ মনোবৃত্তি আৰু আচাৰ-ব্যৱহাৰৰপৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও, ইয়ে আমাক জগতৰ শাসক আৰু চয়তানৰ আক্ৰমণৰপৰাও ৰক্ষা কৰে। (প্ৰকাশিত বাক্য ৭:৯, ১৫, ১৬) সেইবাবে, যদি আপুনি এনে পৰীক্ষাৰ মাজেৰে পাৰ হৈছে, যি শেষ হʼবলৈ নামেই লোৱা নাই, তেনেহʼলে আপুনি নিশ্চিত হওক যে যিহোৱা ঈশ্বৰে আপুনি কৰা প্ৰচেষ্টাৰ প্ৰতি ধ্যান দিয়ে। ইয়াৰ উপৰিও, তেওঁ আপোনাৰ “কাতৰোক্তিৰ শব্দ শুনি” তাৰ উত্তৰ দিয়ে। (যিচয়া ৩০:১৯; ২ কৰিন্থীয়া ১:৩, ৪) পাঁচনি পৌলে এইদৰে লিখিছিল: “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।”—১ কৰিন্থীয়া ১০:১৩; ফিলিপীয়া ৪:৬, ৭.
(২ কৰিন্থীয়া ১২:১০) এই হেতুকে খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়ানা, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।
w১৮.০১ ৯ ¶৮-৯
“তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে”
৮ যিচয়া ৪০:৩০ পঢ়ক। আমাৰ দক্ষতা যিমানেই নহওক কিয়, তথাপি আমাৰ কিছুমান সীমা আছে। আমি সকলো কাম নিজৰ শক্তিৰে কেতিয়াও কৰিব নোৱাৰোঁ আৰু এই কথা আমি সদায় মনত ৰখা উচিত। পাঁচনি পৌল এজন নিপুণ ব্যক্তি আছিল। কিন্তু তেওঁ সকলো কাম নিজৰ শক্তিৰে কৰিব পৰা নাছিল। যেতিয়া তেওঁ যিহোৱা ঈশ্বৰক এই বিষয়ে কৈছিল, তেতিয়া ঈশ্বৰে তেওঁক এইদৰে কৈছিল: “দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” পৌলে যিহোৱাৰ কথা বুজি পাইছিল, সেইবাবে তেওঁ এইদৰে কৈছিল: “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰি. ১২:৭-১০) পৌলে কি কʼব বিচাৰিছিল?
৯ পৌলে উপলব্ধি কৰিব পাৰিছিল যে তেওঁক যিহোৱা ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন, যি তেওঁতকৈ বহুগুণে শক্তিশালী। পৌলে দুৰ্ব্বল থকাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই শক্তি দিছিল। এয়াই নহয়, পবিত্ৰ আত্মাই তেওঁক সেই কাম কৰিবলৈ সহায় কৰিছিল, যি কাম তেওঁ নিজৰ শক্তিৰে কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন। বৰ্তমান সময়তো, যেতিয়া যিহোৱা ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিয়ে, তেতিয়া আমি শক্তিশালী হʼব পাৰোঁ।
আধ্যাত্মিক ৰত্ন বিচাৰক
(২ কৰিন্থীয়া ১২:২-৪) খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো যে, চৌদ্ধ বছৰৰ আগেয়ে,—সশৰীৰেৰে নে নিঃশৰীৰেৰে তাক নাজনো, ঈশ্বৰেহে জানে,—তেওঁক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। ৩ সেইৰূপ মানুহক মই জানো,—সশৰীৰেৰে নে বিনাশৰীৰেৰে তাকহে মই নাজানো, ঈশ্বৰে জানে,— ৪ তেওঁক পৰম-দেশলৈ নিয়া হলত, তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে কব নোপোৱা কথা শুনিবলৈ পাইছিল।
w১৮.১২ ৮ ¶১০-১২
পাঠকসকলৰ প্ৰশ্ন
দ্বিতীয় কৰিন্থীয়া ১২:২ পদত উল্লেখ কৰা ‘তৃতীয় স্বৰ্গই’ হয়তো ঈশ্বৰৰ ৰাজ্যক বুজায়, যাৰ শাসনভাৰ যীচু খ্ৰীষ্ট আৰু ১,৪৪,০০০ জন লোকক দিয়া হৈছে। এই ৰাজ্যক ২ পিতৰ ৩:১৩ পদত “নতুন আকাশ-মণ্ডল” বুলি কোৱা হৈছে।
এই ৰাজ্য সকলোতকৈ শ্ৰেষ্ঠ আৰু উচ্চ মানদণ্ডৰ হয়, সেইবাবে ইয়াক ‘তৃতীয় স্বৰ্গ’ বুলি কোৱা হৈছে।
দৰ্শনত পাঁচনি পৌলক যি ‘পৰম-দেশলৈ’ “নিয়া হৈছিল,” ইয়ে হয়তো এই তিনিটা কথাক চিত্ৰিত কৰে: (১) পৃথিৱীত হʼবলগীয়া প্ৰকৃত প্ৰমোদবন, (২) ভৱিষ্যতে ঈশ্বৰৰ লোকসকলৰ মাজত আৰু বেছিকৈ হʼবলগীয়া শান্তিপূৰ্ণ পৰিৱেশ আৰু (৩) স্বৰ্গত ‘ঈশ্বৰৰ পৰম-দেশ,’ যি নতুন পৃথিৱীত প্ৰকৃত প্ৰমোদবন হৈ থকাৰ সময়ত হʼব।
(২ কৰিন্থীয়া ১৩:১২) পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰা।
it-২ ১৭৭
চুমা
“পবিত্ৰ চুমাৰে।” আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ মাজত ‘পবিত্ৰ চুমা’ বা ‘প্ৰেমৰ চুমা’ এক সাধাৰণ বিষয় আছিল। (ৰোম ১৬:১৬; ১কৰি ১৬:২০; ২কৰি ১৩:১২; ১থিচ ৫:২৬; পিত ৫:১৪) যেতিয়া খ্ৰীষ্টানসকলে এজনে-আনজনক লগ পায়, তেতিয়া হয়তো ভাইসকলে এজনে-আনজনক আৰু ভনীসকলে এজনে-আনজনক চুমা খায়। আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ এই পৰম্পৰা, প্ৰাচীন ইস্ৰায়েলীসকলৰ পৰম্পৰাৰ লগত বহুত মিল আছিল। বাইবেলত ‘পবিত্ৰ চুমা’ বা ‘প্ৰেমৰ চুমাৰ’ বিষয়ে বহুলভাৱে উল্লেখ কৰা নাই। কিন্তু ইয়াৰপৰা এটা কথা ভালদৰে বুজিব পাৰি যে খ্ৰীষ্টান মণ্ডলীত প্ৰেম আৰু একতাৰ এক ভাল পৰিৱেশ আছিল।—যোহ ১৩:৩৪, ৩৫.
বাইবেল পাঠ
(২ কৰিন্থীয়া ১১:১-১৫) মোক যৎকিঞ্চিৎ অজ্ঞানতাৰ প্ৰতি তোমালোকে যেন সহন কৰা, এই মোৰ বাঞ্ছা; বাস্তিৱক তোমালোকে মোৰ প্ৰতি সহন কৰি আছা। ২ কিয়নো ঐশ্বৰিক অন্তৰ্জ্বালাৰে তোমালোকৰ কাৰণে আমাৰ অন্তৰ্জ্বালা হৈছে; কাৰণ খ্ৰীষ্টৰ হাতত সতী কন্যাস্বৰূপে সমৰ্পণ কৰিবৰ অভিপ্ৰায়েৰে, তোমালোকক একমাত্ৰ স্বামীলৈ, অৰ্থাৎ খ্ৰীষ্টলৈ বাগ্দান কৰিলোঁ। ৩ কিন্তু সেই সৰ্পে যেনেকৈ তাৰ ধূৰ্ত্ততাৰে হৱাক ভুলাইছিল, তেনেকৈ, খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা আৰু শুদ্ধতা, তাৰ পৰা তোমালোকৰ মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়, এই মোৰ ভয়। ৪ কিয়নো যি জনৰ কথা আমি ঘোষণা কৰা নাই, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে, বা তোমালোকে যি আত্মা পোৱা নাই, এনে অন্যবিধ আত্মাও যদি পোৱা, নাইবা যি শুভবাৰ্ত্তা তোমালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্ত্তাও যদি গ্ৰহণ কৰা, তেন্তে তোমালোকে ভাল সহন কৰা! ৫ কাৰণ মোৰ মানত, সেই অতি প্ৰধান পাঁচনিবিলাকতকৈ মই অলপো পাছ পৰা নাই। ৬ কিন্তু যদিও মই বক্তৃতাত সামান্য হওঁ, তথাপি জ্ঞানত হলে সামান্য নহওঁ; হওঁ ছাৰি, সকলোৰে মাজত সকলো বিষয়তে আমি তোমালোকত তাক প্ৰকাশ কৰিলোঁ। ৭ তোমালোক বৰ হবলৈ, মই নিজকে সৰু কৰি, বিনামূল্যে ঈশ্বৰৰ শুভাবাৰ্ত্তা তোমালোকৰ আগত প্ৰচাৰ কৰাতে, মই পাপ কৰিলোঁ নে? ৮ তোমালোকৰ পৰিচৰ্য্যা কৰিবলৈ আন মণ্ডলীবিলাকৰ পৰা বেচ লৈ, তেওঁবিলাকৰ ধন অপহৰণ কৰিলোঁ; ৯ আৰু তোমালোকৰ তাত থাকোঁতে, যেতিয়া মোৰ নাটনি আছিল, তেতিয়া মই তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাইবিলাকে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱ দূৰ কৰিলে; আৰু কোনো বিষয়তে তোমালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ, আৰু ৰাখিমো। ১০ খ্ৰীষ্টৰ সত্যতা যদি মোত থাকে, তেন্তে আখায়াৰ সকলো অঞ্চলত মোৰ কথাত হলে এই শ্লাঘা বন্ধ কৰা নাযাব। ১১ কিয়? মই তোমালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে। ১২ কিন্তু যিহকে কৰিছোঁ, ছিদ্ৰ বিচৰা লোকে যি বিষয়ে শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁবিলাক আমাৰেই নিচিনা হৈ, এই নিমিত্তে তেওঁবিলাকৰ ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিবলৈ, তাকে আৰু কৰিম। ১৩ কিয়নো তেনেকুৱা মানুহ ভাঁৰি-কোৱা পাঁচনি, আৰু প্ৰবঞ্চক কাৰ্য্যকাৰী; তেওঁবিলাক খ্ৰীষ্টৰ পাঁচনৰি বেশ ধৰা মানুহ। ১৪ ই আচৰিত নহয়; কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। ১৫ এতেকে তাৰ পৰিচাৰকবিলাকেও ধৰ্ম্মৰ পৰিচাৰকবিলাকৰ বেশ ধৰা, ই বৰ মহৎ বিষয় নহয়; কিন্তু নিজৰ নিজৰ কৰ্ম্মৰ দৰে সিহঁতৰ শেষ হব।
মে’ ২৭–জুন ২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গালাতীয়া ১-৩
“মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ”
(গালাতীয়া ২:১১-১৩) কিন্তু যেতিয়া কৈফা আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ; কাৰণ তেওঁ দোষী হৈছিল। ১২ কিয়নো যাকোবৰ ওচৰৰ পৰা জনচাৰেক লোক অহাৰ আগেয়ে, তেওঁ পৰজাতিবিলাকৰ লগত খোৱা-বোৱা কৰি আছিল; কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱাবিলাকলৈ তেওঁ ভয় কৰি, পাছ হুঁহকি নিজকে পৃথক ৰাখিলে। ১৩ আৰু আন সকলো যিহূদীয়েও তেওঁৰে সৈতে এনে কপট-আচৰণ কৰিলে যে, বাৰ্ণব্বাকো তেওঁলোকৰ কপটতাৰে তেওঁলোকৰ লগলৈ নিয়া হল।
w১৭.০৪ ২৭ ¶১৬
আপুনি যিহোৱাৰ ন্যায়ৰ মানদণ্ড অনুসৰি চলিবনে?
১৬ গালাতীয়া ২:১১-১৪ পঢ়ক। পিতৰে জানিছিল যে যিহোৱা ঈশ্বৰে যিহূদী নোহোৱা লোকসকলৰ বাবে কেনে অনুভৱ কৰে। তথাপি, যেতিয়া চুন্নৎ কৰা কিছুমান যিহূদী যিৰূচালেমলৈ আহে, তেতিয়া পিতৰে মানুহৰ ভয়ৰ ফান্দত পৰিছিল। (হিতো. ২৯:২৫) পিতৰে ভাবিছিল যে যদি তেওঁ যিহূদী নোহোৱা লোকসকলৰ লগত মিলা-মিচা কৰা যিহূদীসকলে দেখে, তেনেহʼলে হয়তো তেওঁক নীচ বুলি গণ্য কৰিব। সেইবাবে, তেওঁ যিহূদী নোহোৱা লোকসকলৰপৰা আঁতৰি আছিল। যেতিয়া পৌলে, পিতৰৰ এই ব্যৱহাৰ দেখে, তেতিয়া তেওঁ তেওঁক কপটী বুলি কয়। কিয় বাৰু? কিয়নো পৌলে ৪৯ খ্ৰীষ্টাব্দত পিতৰক যিহূদী নোহোৱা লোকসকলক শুভবাৰ্ত্তা ঘোষণা কৰা দেখিছিল। (পাঁচ. ১৫:১২; গালা. ২:১৩) পিতৰে আঘাত দিয়া যিহূদী নোহোৱা খ্ৰীষ্টানসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায়? তেওঁলোকে পিতৰৰ ভুলৰ বাবে উজুটি খালেহেতেঁনে? এই ভুলৰ বাবে পিতৰক দিয়া দায়িত্ব লৈ লোৱা হʼব নেকি?
(গালাতীয়া ২:১৪) কিন্তু তেওঁলোক যে শুভবাৰ্ত্তাৰ সত্যৰ দৰে সৰলৰূপে চলা নাই, ইয়াকে দেখি, মই সকলোৰে আগত কৈফাক কলোঁ, তুমি যিহূদী হৈয়ো, যদি যিহূদীবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ নকৰি, পৰজাতিবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ কৰা, তেন্তে পৰজাতিবিলাকক যিহূদীবিলাকৰ ব্যৱহাৰৰ দৰে কিয় আচৰণ কৰাইছা?
w১৩ ৩/১৫ ৫ ¶১২
যিহোৱাক প্ৰেম কৰা লোকসকলে “উজুটি খোৱা কোনো কাৰণ নাই”
১২ পিতৰৰ দুৰ্ব্বলতা আছিল মানুহৰ প্ৰতি ভয়, যাৰ বাবে তেওঁ কেইবাবাৰু উজুটি খাবলগীয়া হৈছিল। কিন্তু তথাপিও তেওঁ যীচু আৰু যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ আছিল। উদাহৰণস্বৰূপে, তেওঁ এবাৰ নহয়, কিন্তু তিনিবাৰ নিজৰ যীচুক জানিবলৈ অস্বীকাৰ কৰিছিল। (লূক ২২:৫৪-৬২) আন এক সময়তো পিতৰে খ্ৰীষ্টান হিচাপে ব্যৱহাৰ কৰাত বিফল হৈছিল। যিহূদী খ্ৰীষ্টানসকলৰ ভয়ৰ বাবে তেওঁ বিশ্বাস দেখুৱা যিহূদী নোহোৱা লোকসকলৰ লগত এনেদৰে ব্যৱহাৰ কৰিছিল যেন তেওঁলোক চুন্নৎ কৰা লোকসকলৰ দৰে ধাৰ্ম্মিক নহয়। কিন্তু পাঁচনি পিতৰে জানিছিল যে মণ্ডলীত এনেধৰণৰ ভেদাভেদ কৰা ভাল নহয়। পিতৰৰ দৃষ্টিভংগী সঠিক নাছিল। পিতৰৰ ব্যৱহাৰৰ বাবে ভাইসকলৰ মাজত থকা বন্ধুত্বভাৱ যাতে নাইকিয়া নপৰে, তাৰ বাবে পৌলে পিতৰক আগতিয়াকৈ প্ৰত্যক্ষভাৱে পৰামৰ্শ দিছিল। (গালা. ২:১১-১৪) ইয়াৰ বাবে পিতৰৰ মনত ইমানেই আঘাত লাগিছিল নেকি যে তেওঁ জীৱনৰ দৌৰত আগবাঢ়ি যোৱা নাছিল? এনে নহয়। তেওঁ পৌলৰ পৰামৰ্শ গভীৰভাৱে লৈছিল, তাক পালন কৰিছিল আৰু জীৱনৰ দৌৰত আগবাঢ়ি গৈছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
(গালাতীয়া ২:২০) মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হলোঁ; মই জীছোঁ বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোত জীছে; কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা, আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ।
w১৪ ৯/১৫ ১৬ ¶২০-২১
‘বহু ক্লেশৰ’ মাজতো যিহোৱা ঈশ্বৰক সেৱা কৰক
২০ ষড়যন্ত্ৰ আক্ৰমণৰ বিষয়ে কি কʼব পাৰি? উদাহৰণস্বৰূপে, আমি নিৰাশাৰ ভাবনাৰপৰা কেনেকৈ ওলাই আহিব পাৰোঁ? ইয়াৰপৰা ওলাই অহাৰ এক উত্তম উপায় হৈছে যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত ধ্যান কৰা। পাঁচনি পৌলেও এইদৰেই কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ বেজাৰ অনুভৱ কৰিছিল। কিন্তু তেওঁ এয়াও জানিছিল যে যীচু খ্ৰীষ্টই সিদ্ধ লোকসকলৰ বাবে নহয়, কিন্তু তেওঁৰ দৰে পাপী লোকৰ বাবে নিজৰ জীৱন বলিদান হিচাপে আগবঢ়াইছিল। আনকি তেওঁ এইদৰে লিখিছিল: “মোক প্ৰেম কৰা, আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ।” (গালা. ২:২০) পাঁচনি পৌলে মুক্তিপণস্বৰূপ বলিদানক গ্ৰহণ কৰিছিল আৰু স্বীকাৰ কৰিছিল যে মুক্তিপণস্বৰূপ বলিদান তেওঁৰ বাবে দিয়া হৈছিল।
২১ যদি আপুনিও মুক্তিপণস্বৰূপ বলিদানক যিহোৱাৰ ফালৰপৰা পোৱা এক ব্যক্তিগত উপহাৰ বুলি ভাবে, তেনেহʼলে ইয়াৰপৰা আপুনিও উপকৃত হʼব পাৰে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এনে কৰিলে নিৰাশা লগে লগে শেষ হৈ যাব। নতুন পৃথিৱী নহালৈকে আমাৰ মাজৰ কিছুমান ভাই-ভনীয়ে কেতিয়াবা কেতিয়াবা নিৰাশাৰ সন্মুখীন হʼবলগীয়া হʼব। কিন্তু মনত ৰাখত যে যিজনে শেষলৈকে ধৈৰ্য্য ধৰি থাকিব, তেওঁহে পুৰস্কাৰ লাভ কৰিব। প্ৰতিটো দিনেই আমাক ঈশ্বৰৰ ৰাজ্যৰ ওচৰ চপাই নিয়ে। যেতিয়া ঈশ্বৰৰ ৰাজ্য হʼব, তেতিয়া পৃথিৱীত শান্তি হʼব আৰু সকলো ব্যক্তি সিদ্ধ হৈ যাব। যদিও আজি বহুতো সমস্যাৰ সন্মুখীন হʼব লগা হৈছে, কিন্তু আপুনি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ থিৰাং কৰক।
(গালাতীয়া ৩:১) হে নিৰ্ব্বোধ গালাতীয়া লোক, যিবিলাকৰ চকুৰ আগত যীচু খ্ৰীষ্ট ক্ৰুচত হত হোৱা প্ৰকাশকৈ দেখুউৱা হল, এনে যি তোমালোক, তোমালোকক নো কোনে মোহিত কৰিলে?
it-১ ৮৮০
গালতীয়া লোকসকলৰ উদ্দেশ্যে চিঠি
এই পত্ৰত পাঁচনি পৌলে আচৰিত হৈ কৈছিল: “হে নিৰ্ব্বোধ গালাতীয়া লোক।” তেওঁ গেলীক প্ৰজাতিৰপৰা অহা গালাতীয়াৰ উত্তৰ দিশত থকা লোকসকলক নিৰ্ব্বোধ বুলি কোৱা নাছিল। (গালা ৩:১) প্ৰকৃততে তেওঁ গালাতীয়া মণ্ডলীৰ কিছুমান লোকক গালি-শপনি পাৰিছিল। তেওঁলোকে এনে কিছুমান যিহূদী ভাইসকলৰ প্ৰলোভনত পৰিছিল, যিসকলে যিহূদী ধৰ্ম্মৰ শিক্ষা পালন কৰিবলৈ উৎসাহিত কৰিছিল। সেই যিহূদী ভাইসকলে নতুন নিয়মৰ আধাৰত “বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি” গণিত হোৱাৰ পৰিৱৰ্তে, মোচিৰ নিয়ম পালন কৰাৰ যোগেদি নিজকে ধাৰ্ম্মিক বুলি গণ্য কৰিব বিচাৰিছিল। (গালা ২:১৫–৩:১৪, ৪:৯, ১০) পাঁচনি পৌলে যি “গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ” চিঠি লিখিছিল, তাত যিহূদী আৰু অন্যজাতিৰ এই দুয়ো ধৰণৰ খ্ৰীষ্টান আছিল। (গালা ১:২) অন্যজাতিৰ খ্ৰীষ্টানসকলৰ মাজত এনে কিছুমান লোক আছিল, যিসকলে চুন্নৎ কৰি যিহূদী ধৰ্ম্ম গ্ৰহণ কৰে আৰু ইয়াৰ ভিতৰত এনে কিছুমান লোক আছিল, যিসকলে কেতিয়াও চুন্নৎ কৰা নাছিল। ইয়াৰ উপৰিও, তাত হয়তো এনে কিছুমান লোক আছিল, যিসকলৰ পূৰ্ব্বপুৰুষ কেল্ট জাতিৰ আছিল। (পাঁচ ১৩:১৪, ৪৩; ১৬:১; গালা ৫:২) পাঁচনি পৌলে চিঠিত এই সকলো খ্ৰীষ্টানক ‘গালাতীয়াৰ লোক’ বুলি কৈছিল, কিয়নো তেওঁলোকে বাস কৰা প্ৰান্তক গালাতীয়া বুলি কোৱা হৈছিল। পৌলে ৰোমীয়া প্ৰান্তৰ দক্ষিণ দিশত থকা লোকসকললৈ এই চিঠি লিখিছিল। সম্পূৰ্ণ চিঠিখনৰপৰা ইয়াকে বুজিব পাৰি যে তেওঁ এনে লোকসকললৈ চিঠি লিখিছিল, যিসকলে তেওঁক ভালদৰে জানিছিল। তেওঁ এই চিঠি উত্তৰ প্ৰান্তত বাস কৰা লোকসকলৰ বাবে লিখা নাছিল, কিয়নো সেই ঠাইলৈ তেওঁ কেতিয়াও যোৱা নাছিল।
বাইবেল পাঠ
(গালাতীয়া ২:১১-২১) কিন্তু যেতিয়া কৈফা আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ; কাৰণ তেওঁ দোষী হৈছিল। ১২ কিয়নো যাকোবৰ ওচৰৰ পৰা জনচাৰেক লোক অহাৰ আগেয়ে, তেওঁ পৰজাতিবিলাকৰ লগত খোৱা-বোৱা কৰি আছিল; কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱাবিলাকলৈ তেওঁ ভয় কৰি, পাছ হুঁহকি নিজকে পৃথক ৰাখিলে। ১৩ আৰু আন সকলো যিহূদীয়েও তেওঁৰে সৈতে এনে কপট-আচৰণ কৰিলে যে, বাৰ্ণব্বাকো তেওঁলোকৰ কপটতাৰে তেওঁলোকৰ লগলৈ নিয়া হল। ১৪ কিন্তু তেওঁলোক যে শুভবাৰ্ত্তাৰ সত্যৰ দৰে সৰলৰূপে চলা নাই ইয়াকে দেখি, মই সকলোৰে আগত কৈফাক কলোঁ, তুমি যিহূদী হৈয়ো, যদি যিহূদীবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ নকৰি, পৰজাতিবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ কৰা, তেন্তে পৰজাতিবিলাকক যিহূদীবিলাকৰ ব্যৱহাৰৰ দৰে কিয় আচৰণ কৰাইছা? ১৫ বিধানৰ কৰ্ম্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে যে, মানুহ ধাৰ্ম্মিক বুলি গণিত হয়, ইয়াকে জানি, পৰজাতি পাপী নহয়, ১৬ কিন্তু জন্মৰে যিহূদী যি আমি, আমিও বিধানৰ কৰ্ম্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট্ যীচুত বিশ্বাস কৰিলোঁ; কিয়নো বিধানৰ কৰ্ম্মৰ দ্বাৰাই কোনো মৰ্ত্ত্য ধাৰ্ম্মিক বুলি গণিত নহব। ১৭ কিন্তু খ্ৰীষ্টত ধাৰ্ম্মিক বুলি গণিত হবলৈ কাৰবাৰ কৰিও যদি নিজে পাপী হৈ পৰিলোঁ, তেন্তে খ্ৰীষ্ট্ পাপৰ পৰিচাৰক নে? এনে নহওক। ১৮ কিয়নো, মই যিহকে ভাঙিলোঁ, তাকে যদি আকৌ সাজোঁ, তেন্তে মই নিজকে নিজে আজ্ঞা-লঙ্ঘনকাৰী বুলি দেখুৱাইছোঁ। ১৯ কাৰণ, মই ঈশ্বৰৰ উদ্দেশে জীবৰ কাৰণে, বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশে মিৰলোঁ। ২০ মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলোঁ; মই জীছোঁ বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোত জীছে; কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা, আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। ২১ মই ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ নকৰোঁ; কিয়নো ধাৰ্ম্মিকতা যদি বিধানৰ দ্বাৰাই হয়, তেন্তে খ্ৰীষ্ট অকাৰণে মৰিল।