জুন—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জুন ৩-৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গালাতীয়া ৪-৬
“এক ‘ভাবাৰ্থ’ কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে”
(গালাতীয়া ৪:২৪, ২৫) এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই নিয়ম হৈছে; এক নিয়ম চীনয় পৰ্ব্বতৰ পৰা হোৱা আৰু বন্দী-অৱস্থাৰ অৰ্থে প্ৰসৱ কৰোঁতা; সেয়ে হৈছে, হাগাৰ; ২৫ (কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্ব্বত;) আৰু বৰ্ত্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী-অৱস্থাত আছে।
it-১ ১০১৮ ¶২
হাগাৰ
পাঁচনি পৌলে ভাবাৰ্থ কাহিনীত উল্লেখ কৰা হাগাৰে ইস্ৰায়েল ৰাষ্ট্ৰক চিত্ৰিত কৰিছিল, যাক যিহোৱা ঈশ্বৰে চীনয় পৰ্ব্বতত মোচিৰ নিয়ম দিছিল আৰু যাৰ লগত তেওঁ নিয়ম চুক্তি কৰিছিল। এই চুক্তিয়ে “বন্দী-অৱস্থাৰ অৰ্থে [সন্তান] প্ৰসৱ” কৰিব। পাপৰ বাবে ইস্ৰায়েলীসকলে এই নিয়মৰ চুক্তি ৰাখিব নোৱাৰিলে। ইয়াৰপৰা ইস্ৰায়েলীসকলে মুকলি নহʼল, কিন্তু তেওঁলোকে ইয়াক অনুভৱ কৰিলে যে তেওঁলোক পাপী আৰু এদিন মৃত্যু হʼব। (যোহ ৮:৩৪; ৰোম ৮:১-৩) হাগাৰ, পৌলৰ সময়ৰ যিৰূচালেমৰ নিচিনা আছিল, কাৰণ যিৰূচালেম ইস্ৰায়েল দেশৰ ৰাজধানী আছিল আৰু তেওঁলোক আৰু তেওঁলোকৰ সন্তান বন্দী-অৱস্থাত আছিল। কিন্তু অভিষিক্ত খ্ৰীষ্টানসকল “উৰ্দ্ধলোকত থকা যিৰূচালেম” অৰ্থাৎ ঈশ্বৰৰ লাক্ষণিক পত্নীৰ সন্তান। এই যিৰূচালেম চাৰাৰ দৰে কেতিয়াও বন্দী-অৱস্থাত নাছিল। কিন্তু যিদৰে ইশ্মায়েলে ইচহাকৰ ওপৰত তাড়না দিছিল, ঠিক সেইদৰে ‘উৰ্দ্ধলোকত থকা যিৰূচালেমৰ’ সন্তানসকলৰ ওপৰত যাক পুত্ৰই মুকলি কৰিছিল, বন্দী-অৱস্থাত থকা ইস্ৰায়েলৰ সন্তানসকলে তাড়না দিছিল। কিন্তু হাগাৰ আৰু তাইৰ পুত্ৰক ঘৰৰপৰা বাহিৰ কৰা হৈছিল, যিয়ে দেখুৱাই যে যিহোৱা ঈশ্বৰে ইস্ৰায়েল দেশক ত্যাগ কৰিব।—গালা ৪:২১-৩১; আৰু যোহ ৮:৩১-৪০ চাওক।
(গালাতীয়া ৪:২৬, ২৭) কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীনা; সেয়ে হৈছে আমাৰ মাতৃ। ২৭ কিয়নো লিখাও আছে: হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা; হে প্ৰসৱ-বেদনাহীন স্ত্ৰী, বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো সধৱা জনীতকৈ অনাথা জনীৰ সন্তান অধিক।
w১৪ ১০/১৫ ১০ ¶১১
ঈশ্বৰৰ ৰাজ্যৰ ওপৰত দৃঢ় বিশ্বাস ৰাখক
১১ অব্ৰাহামৰ লগত ঈশ্বৰে চুক্তিৰ যোগেদি এক প্ৰতিজ্ঞা কৰিছিল। অব্ৰাহামৰ বংশ যেতিয়া প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰে, তেতিয়া এই প্ৰতিজ্ঞা প্ৰথমবাৰৰ বাবে পূৰ হয়। কিন্তু বাইবেলে উল্লেখ কৰিছে যে এই প্ৰতিজ্ঞা আধ্যাত্মিকভাৱেও পূৰ হʼব। (গালা. ৪:২২-২৫) পাঁচনি পৌলে উল্লেখ কৰে যে এই বৃহৎভাৱে হʼবলগীয়া পূৰ্ণতাত অব্ৰাহামৰ বংশৰ প্ৰধান অংশ হৈছে যীচু খ্ৰীষ্ট আৰু বংশৰ দ্বিতীয় অংশ হৈছে ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টান। (গালা. ৩:১৬, ২৯; প্ৰকা. ৫:৯, ১০; ১৪:১, ৪) এদন বাগিচাত কৰা প্ৰতিজ্ঞাৰ তিৰোতাই যিহোৱাৰ সংগঠনৰ স্বৰ্গীয় ভাগক চিত্ৰিত কৰে। এই তিৰোতাগৰাকীক “উৰ্দ্ধলোকত থকা যিৰূচালেম” বুলি উল্লেখ কৰা হৈছে আৰু এয়া বিশ্বাসী আত্মিক প্ৰাণীৰে গঠিত। (গালা. ৪:২৬, ৩১) অব্ৰাহামৰ লগত কৰা চুক্তিত প্ৰতিজ্ঞা কৰা হৈছিল যে তিৰোতাৰ বংশই গোটেই মানৱজাতিৰ বাবে আশীৰ্ব্বাদ আনিব।
(গালাতীয়া ৪:২৮-৩১) হে ভাইবিলাক, ইচ্হাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ; ২৯ কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিলে, তেনেকৈ এতিয়াও হৈছে। ৩০ কিন্তু শাস্ত্ৰই কি কয়? বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীনা জনীৰ পুতেকে সৈতে, বেটীৰ পুতেক উত্তৰাধিকাৰী নহব। ৩১ এতেকে হে ভাইবিলাক, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীনা জনীৰ সন্তান হওঁ।
আধ্যাত্মিক ৰত্ন বিচাৰক
(গালাতীয়া ৪:৬) আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে; সেই আত্মাই, আব্বা, পিতৃ এই বুলি মাতে।
w০৯ ৪/১ ১৩
আপুনি জানেনে?
যীচুৱে প্ৰাৰ্থনা কৰাৰ সময়ত যিহোৱাক “আব্বা, পিতৃ” বুলি কিয় কৈছিল?
অৰামী শব্দ আব্বাৰ অৰ্থ হৈছে, “পিতৃ, হে পিতৃ।” শাস্ত্ৰত এই শব্দ তিনিবাৰ উল্লেখ কৰা হৈছে আৰু প্ৰতিবাৰে এই শব্দ প্ৰাৰ্থনা কৰাৰ সময়ত যিহোৱাৰ বাবে ব্যৱহাৰ হৈছে। এই শব্দৰ তাৎপৰ্য্যতা কি?
দ্যা ইণ্টাৰনেশ্ব্যনেল ষ্টেনডাৰ্ড বাইবেল এনচাইক্লপেডিয়াৰ অনুসৰি যীচুৰ সময়ত লʼৰা-ছোৱালীবিলাকে নিজৰ পিতৃক আব্বা বুলি সম্বোধন কৰিছিল। এই শব্দৰ যোগেদি প্ৰেম আৰু সন্মান প্ৰকাশ পাইছিল। এই শব্দ সেই শব্দবিলাকৰ মাজৰ এটা আছিল, যিটো লʼৰা-ছোৱালীয়ে প্ৰথমে কʼবলৈ শিকে। যীচুৱে নিজৰ পিতৃক আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাৰ সময়ত এই শব্দ ব্যৱহাৰ কৰিছিল। নিজৰ মৃত্যুৰ কিছু সময়ৰ আগত গেৎচিমানী বাগিচাত যীচুৱে প্ৰাৰ্থনা কৰাৰ সময়ত নিজৰ পিতৃক “আব্বা, পিতা” বুলি সম্বোধন কৰিছিল।—মাৰ্ক ১৪:৩৬.
এই এনচাইক্লপেডিয়াত এয়াও উল্লেখ কৰা হৈছে যে গ্ৰীক আৰু ৰোমান শাসনৰ সময়ছোৱাত যিহূদী সাহিত্যসমূহত সাধাৰণতে ঈশ্বৰৰ বাবে আব্বা শব্দ ব্যৱহাৰ কৰা নহৈছিল। কিয়নো তেওঁলোকে হয়তো ভাবিছিল যে এনে কৰি ঈশ্বৰক অনাদৰ কৰা হʼব। কিন্তু যীচুৱে প্ৰাৰ্থনা কৰাৰ সময়ত এই শব্দ ব্যৱহাৰ কৰিছিল। ইয়ে দেখুৱায় যে ঈশ্বৰৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল, যিদৰে তেওঁ দাবী কৰিছিল। শাস্ত্ৰত আৰু দুটা ঠাইত “আব্বা” শব্দ ব্যৱহাৰ কৰা হৈছে। দুয়োবাৰে পাঁচনি পৌলে নিজৰ চিঠিত এই শব্দ ব্যৱহাৰ কৰিছে। ইয়াৰপৰা বুজিব পাৰি যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰক আব্বা বুলি সম্বোধন কৰিছিল।—ৰোমীয়া ৮:১৫; গালাতীয়া ৪:৬.
(গালাতীয়া ৬:১৭) এতিয়াৰ পৰা কোনেও মোক দিগ নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰিছোঁ।
w১০ ১১/১ ১৫
আপুনি জানেনে?
পাঁচনি পৌলে হয়তো কি অৰ্থত “যীচুৰ নানা চিন লৈ ফুৰিছোঁ” বুলি কৈছিল?—গালাতীয়া ৬:১৭.
▪ পৌলৰ এই বাক্য শুনি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মনলৈ হয়তো বহুতো কথা আহে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত যুদ্ধৰ কয়দী, মন্দিৰ লুট কৰোঁতা আৰু পলাই যোৱা দাসসকলক চিনাক্ত কৰিবলৈ গৰম লোৰে দাগ দিছিল। যেতিয়া তেওঁলোকক এইদৰে দাগ দিয়া হৈছিল, তেতিয়া তেওঁলোকক অনাদৰ বুলি গণ্য কৰিছিল।
কিন্তু এনেধৰণৰ দাগ থকাটো সদায় অনাদৰৰ বিষয় নাছিল। প্ৰাচীন সময়ত লোকসকলে কোনো এক নিৰ্দিষ্ট জাতি বা ধৰ্ম্মৰ লোক বুলি চিনাক্ত কৰিবলৈ নিজৰ শৰীৰত দাগ দিছিল। থিয়লজিকেল ডিক্সনেৰী অৱ দ্যা নিউ টেষ্টামেন্টৰ অনুসৰি চিৰিয়াৰ লোকসকলে যেতিয়া হদদ দেৱতা আৰু আটাৰগাটীচ দেবীৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ ডিঙি বা হাতত ইয়াৰ এক চিন দাগ দিছিল। দীয়ʼনাইচচ দেৱতাৰ ভক্তসকলে নিজৰ শৰীৰত আইবি পাতৰ দাগ দিছিল।
বৰ্তমান সময়ৰ বহুতো মন্তব্যকাৰীয়ে বিশ্বাস কৰে যে পৌলে নিজৰ মিচনাৰী যাত্ৰাৰ সময়ত তাড়নাৰ বাবে পোৱা চিনৰ বিষয়ে উল্লেখ কৰিছিল। (২ কৰিন্থীয়া ১১:২৩-২৭) কিন্তু পৌলে হয়তো কʼব বিচাৰিছিল যে কোনো দাগে নহয়, কিন্তু তেওঁৰ জীৱন-প্ৰণালীয়ে তেওঁক খ্ৰীষ্টান হিচাপে পৰিচয় দিছিল।
বাইবেল পাঠ
(গালাতীয়া ৪:১-২০) কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশু হৈ থাকেমানে, সৰ্ব্বস্বৰ গৰাকী হলেও, তাত আৰু দাসত একো প্ৰভেদ নাই; ২ কিন্তু পিতৃৰ নিৰূপিত কাললৈকে সি ৰখীয়া-শিক্ষক ঘৰগিৰীবিলাকৰ অধীনত থাকে। ৩ তেনেকৈ আমিও শিশু-কালত জগতৰ প্ৰাথমিক বিধিৰ অধীনত দাস আছিলোঁ; ৪ কিন্তু পাছে কাল সম্পূৰ্ণ হলত, বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ, আৰু আমি তোলনীয়া পুত্ৰৰ বাব পাবলৈ, ৫ তিৰোতত জন্ম পোৱা, আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। ৬ আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে; সেই আত্মাই, আব্বা, পিতৃ এই বুলি মাতে। ৭ এই কাৰণে তুমি আৰু দাস নহৈ, পুত্ৰ হৈছা; আৰু যদি পুত্ৰ হৈছা, তেন্তে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকৰীও হৈছা। ৮ যি হওক, পূৰ্ব্বে যেতিয়া তোমালোকে ঈশ্বৰক নাজানিছিলা, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ দাস্যকৰ্ম্ম কৰিছিলা। ৯ কিন্তু এতিয়া তোমালোকে ঈশ্বৰৰ পৰিচয় পালা, এনে কি, ঈশ্বৰৰ দ্বাৰাই পৰিচিত হলা; এনে স্থলত কেনেকৈ পুনৰায় সেই দুৰ্ব্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি, আকৌ নতুনকৈ তাৰ দাস্যকৰ্ম্ম কৰিবলৈ ইচ্ছা কৰিছা? ১০ তোমালোকে বিশেষ দিন, মাহ, তিথি, আৰু বছৰ, এইবোৰ মানিছা। ১১ তোমালোকৰ নিমিত্তে মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানি কেনেবাকৈ ব্যৰ্থ হয়, তোমালোকৰ অৰ্থে মোৰ এই ভয় আছে। ১২ হে ভাইবিলাক, বিনয় কৰি কৈছোঁ, তোমালোক মোৰ নিচিনা হোৱা; কিয়নো ময়ো তোমালোকৰ নিচিনা হৈছোঁ। তোমালোকে মোৰ একো অপকাৰ কৰা নাছিলা। ১৩ মোৰ শৰীৰৰ দুৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথমবাৰ তোমালোকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিলোঁ, তাক তোমালোকে জানা। ১৪ আৰু মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল, তাক তোমালোকে হেয়জ্ঞান আৰু ঘৃণাবোধো কৰা নাছিলা; বৰং ঈশ্বৰৰ এক দূত, এনে কি, খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰাহ্য কৰিছিলা। ১৫ তেন্তে তোমালোকৰ তেতিয়াৰ সেই আত্ম-ধন্যবাদ এতিয়া কʼতা? কিয়নো তোমালোকৰ পক্ষে মই এই সাক্ষ্য দিছোঁ যে, সাধ্য হোৱা হলে, তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন। ১৬ তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোঁ নে? ১৭ সেই লোকে যে উত্তমৰূপে তোমালোকৰ তত্ত্ব লৈছে, এনে নহয়; কিন্তু তোমালোকে যেন তেওঁবিলাকৰহে তত্ত্ব লোৱা, এই আশয়েৰে, তোমালোকক পৃথক ৰাখিবলৈ ইচ্ছা কৰিহে লৈছে। কিন্তু সদায় উত্তম বিষয়ত তত্ত্ব-প্ৰাপ্ত হোৱা ভাল; ১৮ অকল মই তোমালোকৰ তাত উপস্থিত থাকোঁতেহে, এনে নহয়, কিন্তু সদায় ভাল। ১৯ হে মোৰ বোপাহঁত, যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে আকৌ প্ৰসৱ-বেদনা ভোগ কৰিছোঁ; ২০ আৰু তোমালোকৰ তাত এতিয়া উপস্থিত হৈ, আন মাতেৰে কথা কবলৈ ইচ্ছা যায়; কিয়নো তোমালোকৰ বিষয়ে মোৰ সংশয় হৈছে।
জুন ১০-১৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইফিচীয়া ১-৩
“যিহোৱা ঈশ্বৰৰ ব্যৱস্থা আৰু কাৰ্য্য প্ৰণালী”
(ইফিচীয়া ১:৮-১০) সেই অনুগ্ৰহৰূপ ধন তেওঁ আমালৈ সকলোবিধ জ্ঞান আৰু বিবেকত উপচি পৰিবলৈ দিলে; ৯ কিয়নো স্বৰ্গত থকা আৰু পৃথিবীত থকা সকলোকে খ্ৰীষ্টত গোট খুৱাবৰ যি হিত-সঙ্কল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্য্য-সাধনৰ অৰ্থে, নিজতে থিৰ কৰিলে, ১০ সেই অনুসাৰে নিজ ইচ্ছাৰ নিগূঢ়-তত্ত্ব আমাক জনালে।
it-২ ৮৩৭ ¶৪
নিগূঢ়-তত্ত্ব
মচীহৰ ৰাজ্য। পাঁচনি পৌলে নিজৰ চিঠিত উল্লেখ কৰিছে যে নিগূঢ়-তত্ত্বত কি কি জড়িত আছে। ইফিচীয়া ১:৯-১১ পদত তেওঁ কৈছে যে ঈশ্বৰে নিজৰ উদ্দেশ্যৰ “নিগূঢ়-তত্ত্ব” আমাক জনায়। পৌলে এইদৰে কয়: “কিয়নো স্বৰ্গত থকা আৰু পৃথিবীত থকা সকলোকে খ্ৰীষ্টত গোট খুৱাবৰ যি হিত-সঙ্কল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্য্য-সাধনৰ অৰ্থে, নিজকে থিৰ কৰিলে, সেই অনুসাৰে নিজ ইচ্ছাৰ নিগূঢ়-তত্ত্ব আমাক জনালে। আৰু খ্ৰীষ্টত ভাৰসা কৰি যি আমি, আমাৰ পৰাই যেন তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে, এই কাৰণে যি জনাই নিজ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলোকে সাধন কৰে, তেওঁৰ অভিপ্ৰায়ৰ দৰে পূৰ্ব্বেই নিৰূপিত হৈ, আমি সেই খ্ৰীষ্টতেই ঈশ্বৰৰ উত্তৰাধিকাৰ হলোঁ।” “নিগূঢ়-তত্ত্ব” প্ৰকৃততে এক চৰকাৰ অৰ্থাৎ মচীহৰ ৰাজ্যৰ বিষয়ে আছিল আৰু ইয়াৰ ব্যৱস্থা ঈশ্বৰে কৰিছে। পৌলে উল্লেখ কৰা “স্বৰ্গত থকা” লোকসকল এই ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তেওঁলোকে যীচু খ্ৰীষ্টৰ লগত স্বৰ্গৰপৰা শাসন কৰিব। “পৃথিবীত থকা” লোকসকল এই ৰাজ্যৰ প্ৰজা অৰ্থাৎ তেওঁলোক পৃথিৱীত বাস কৰিব। যেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে,” তেতিয়া তেওঁ তেওঁলোকক প্ৰকাশ কৰিছিল যে নিগূঢ়-তত্ত্ব এই ৰাজ্যৰ লগত জড়িত হৈ আছে।—মাৰ্ক ৪:১১.
(ইফিচীয়া ১:১২) এই কাৰণে যি জনাই নিজ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলোকে সাধন কৰে, তেওঁৰ অভিপ্ৰায়ৰ দৰে পূৰ্ব্বেই নিৰূপিত হৈ, আমি সেই খ্ৰীষ্টতেই ঈশ্বৰৰ উত্তৰাধিকাৰ হলোঁ।
w১২ ৭/১৫ ২৭-২৮ ¶৩-৪
“একমাত্ৰ যিহোৱা” ঈশ্বৰে নিজৰ পৰিয়ালক একত্ৰিত কৰিছে
৩ মোচীয়ে ইস্ৰায়েলীসকলক এইদৰে কৈছিল: “আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা।” (দ্বিতী. ৬:৪) যিহোৱা ঈশ্বৰে সকলো কাৰ্য্য নিজৰ উদ্দেশ্য অনুসৰি কৰে। সেইবাবে, নিৰূপিত “কালৰ সম্পূৰ্ণতাৰ” সময়ত যিহোৱা ঈশ্বৰে স্বৰ্গত আৰু পৃথিৱীত থকা সকলো লোকক একতাৰ বন্ধোনত বান্ধিবলৈ এক ব্যৱস্থাৰ আৰম্ভণি কৰে। (ইফিচীয়া ১:৮-১২ পঢ়ক।) এই ব্যৱস্থাৰ দুটা ভাগ আছে। প্ৰথম ভাগত ঈশ্বৰে স্বৰ্গত যীচুৰ অধীনত কাম কৰিবলৈ লোকসকলক প্ৰস্তুত কৰিছে। যেতিয়া ৩৩ খ্ৰীষ্টাব্দত যিহোৱা ঈশ্বৰে স্বৰ্গত শাসন কৰিবলৈ লোকসকলক অভিষিক্ত কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া এই ভাগৰ আৰম্ভণি হৈছিল। (পাঁচ. ২:১-৪) যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত অভিষিক্ত লোকসকলে স্বীকাৰ কৰে যে তেওঁলোকক “ঈশ্বৰৰ সন্তান” হিচাপে গ্ৰহণ কৰা হৈছে।—ৰোম. ৩:২৩, ২৪; ৫:১; ৮:১৫-১৭.
৫ এই ব্যৱস্থাৰ দ্বিতীয় ভাগত যিহোৱা ঈশ্বৰে মচীহৰ ৰাজ্যৰ অধীনত পৃথিৱীত বাস কৰিবলৈ লোকসকলক প্ৰস্তুত কৰে। “বৰ লোকসমূহ” হৈছে এই ভাগৰ প্ৰথম লোক। (প্ৰকা. ৭:৯, ১৩-১৭; ২১:১-৫) হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত পুনৰুত্থান হোৱা লোকসকলে এই লোকসকলৰ লগত যোগ দিব। (প্ৰকা. ২০:১২, ১৩) কল্পনা কৰক যে পুনৰুত্থানৰ পাছত লোকসকলে একতা প্ৰকাশ কৰিবলৈ কি যে সুযোগ লাভ কৰিব! হাজাৰ বছৰৰ শেষত “পৃথিবীত থকা” লোকসকলে অন্তিম পৰীক্ষাৰ সন্মুখীন হʼব। যিসকলে এই পৰীক্ষাত বিশ্বাসী হৈ থাকিব, তেওঁলোকক পৃথিৱীত “ঈশ্বৰৰ সন্তান” হিচাপে গ্ৰহণ কৰা হʼব।—ৰোম. ৮:২১; প্ৰকা. ২০:৭, ৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
(ইফিচীয়া ৩:১৩) এতেকে মোৰ নিবেদন এই, তোমালোকৰ কাৰণে মোৰ যি সকলো ক্লেশ হৈছে, তাৰে যেন নিৰুৎসাহ নোহোৱা; সেই সকলো তোমালোকৰ গৌৰব।
w১৩ ২/১৫ ২৮ ¶১৫
কোনো কথাই আমাক প্ৰশংসা পাবলৈ বাধা দিব নোৱাৰে
১৫ ঈশ্বৰক মহিমাম্বিত কৰিবলৈ আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ? ইফিচৰ মণ্ডলীলৈ পৌলে এইদৰে লিখিছিল: “মোৰ নিবেদন এই, তোমালোকৰ কাৰণে মোৰ যি সকলো ক্লেশ হৈছে, তাৰে যেন নিৰুৎসাহ নোহোৱা; সেই সকলো তোমালোকৰ গৌৰব।” (ইফি. ৩:১৩) পৌলৰ ক্লেশ কেনেকৈ ইফিচৰ ভাইসকলৰ বাবে ‘গৌৰৱৰ’ বিষয় আছিল? সমস্যাৰ মাজতো পৌলে ভাইসকলৰ বাবে সেৱা কৰাৰ যোগেদি দেখুৱায় যে খ্ৰীষ্টানসকলৰ বাবে যিহোৱাক সেৱা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। যদি পৌলে এনে পৰিস্থিতিত নিৰুৎসাহ হোৱাহেঁতেন, ভাইসকলে হয়তো ভাবিলেহেঁতেন যে যিহোৱাৰ সেৱা কৰা, তেওঁৰ লগত সম্পৰ্ক আৰু যি আশা আছে, সেয়া কোনো গুৰুত্বপূৰ্ণ নহয়। ধৈৰ্য্য ধৰাৰ এটা ভাল উদাহৰণ ৰখাৰ যোগেদি পৌলে নিজৰ ভাইসকলক দেখুৱায় যে খ্ৰীষ্টৰ শিষ্য হোৱা কোনো ত্যাগতকৈ কম নহয়।
(ইফিচীয়া ৩:১৯) আৰু জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম, তাক যেন জানিবলৈ পোৱা, এই কাৰণে তোমালোকক প্ৰেমত শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক।
cl ২৯৯ ¶২১
“যি খ্ৰীষ্টৰ প্ৰেম, তাক যেন জানিবলৈ পোৱা”
২১ যি গ্ৰীক শব্দৰ অনুবাদ ‘জনা’ বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে, “ব্যৱহাৰিকভাৱে, অনুভৱৰ যোগেদি।” যেতিয়া আমি যীচুৰ দৰে প্ৰেম দেখুৱাম, নিঃস্বাৰ্থভাৱে আনক দয়া দেখুৱাম, সহানুভূতি দেখুৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি কাম কৰিম, অন্তৰৰপৰা ক্ষমা কৰিম, তেতিয়াহে আমি প্ৰকৃততে তেওঁলোকৰ অনুভূতিৰ বিষয়ে বুজিব পাৰিম। এনে অনুভৱৰ যোগেদি আমি ‘জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম, তাক জানিব’ পাৰিম। আমি যিমানেই খ্ৰীষ্টৰ দৰে হʼবলৈ চেষ্টা কৰিম, সিমানেই আমি মৰমিয়াল ঈশ্বৰ যিহোৱাৰ কাষ চাপিব পাৰিম। কিয়নো খ্ৰীষ্ট পিতৃৰ প্ৰতিবিম্ব।
বাইবেল পাঠ
(ইফিচীয়া ১:১-১৪) ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট্ যীচুৰ নিযুক্ত পাঁচনি পৌল, ইফিচত থকা পবিত্ৰ, আৰু খ্ৰীষ্ট্ যীচুতে বিশ্বাসী লোকবিলাকৰ সমীপলৈ। ২ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য; আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে, ৪ আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্ব্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্ব্বাদো কৰিলে; ৫ তেওঁ যি অনুগ্ৰহ প্ৰিয় জনাত আমাক দান কৰিলে, সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে, নিজ মনোবাঞ্ছাৰ দৰে, ৬ যীচু খ্ৰীষ্টৰ দ্বাৰাই তোলনীয়া পুত্ৰৰ বাবৰ অৰ্থে, তেওঁলৈ আমাক পূৰ্ব্বৰে পৰা নিৰূপণ কৰিলে; ৭ সেই প্ৰিয় জনাত আমি, তেওঁৰ তেজৰ দ্বাৰাই, মুক্তি, অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালোঁ; ৮ সেই অনুগ্ৰহৰূপ ধন তেওঁ আমালৈ সকলোবিধ জ্ঞান আৰু বিবেকত উপচি পৰিবলৈ দিলে; ৯ কিয়নো স্বৰ্গত থকা আৰু পৃথিবীত থকা সকলোকে খ্ৰীষ্টত গোট খুৱাবৰ যি হিত-সঙ্কল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্য্য-সাধনৰ অৰ্থে, নিজকে থিৰ কৰিলে, ১০ সেই অনুসাৰে নিজ ইচ্ছাৰ নিগূঢ়-তত্ত্ব আমাক জনালে। ১১ আৰু খ্ৰীষ্টত আগেয়ে ভাৰসা কৰা যি আমি, আমাৰ পৰাই যেন তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে, ১২ এই কাৰণে যি জনাই নিজ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলোকে সাধন কৰে, তেওঁৰ অভিপ্ৰায়ৰ দৰে পূৰ্ব্বেই নিৰূপিত হৈ, আমি সেই খ্ৰীষ্টতেই ঈশ্বৰৰ উত্তৰাধিকাৰ হলোঁ। ১৩ তেওঁতেই তোমালোকেও সত্যতাৰ বাক্য, অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ শুভবাৰ্ত্তা শুনিবলৈ পাই, তেওঁতেই বিশ্বাসো কৰি অঙ্গীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা; ১৪ ঈশ্বৰৰ নিজস্বৰ মুক্তিৰ অপেক্ষাৰে, তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে, সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনাস্বৰূপ হৈছে।
জুন ১৭-২৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইফিচীয়া ৪-৬
“ঈশ্বৰৰ আটাই সাজ পিন্ধা”
(ইফিচীয়া ৬:১১-১৩) চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই সাজ পিন্ধা। ১২ কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। ১৩ এই হেতুকে, তোমালোকে মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ, আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই অস্ত্ৰ-শস্ত্ৰ লোৱা।
w১৮.০৫ ২৭ ¶১
কিশোৰ-কিশোৰীসকল চয়তানক বিৰোধ কৰা
পাঁচনি পৌলে খ্ৰীষ্টানসকলক সৈনিকৰ লগত তুলনা কৰিছে। আমাৰ যুদ্ধ মানুহৰ লগত নহয়, কিন্তু চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলৰ লগত হৈছে। এই শত্ৰুবিলাকে হাজাৰ হাজাৰ বছৰ ধৰি যুদ্ধ কৰি আছে আৰু যুদ্ধত তেওঁলোক পাৰ্গত। আমি এনে ভাবিব পাৰোঁ যে এই স্বৰ্গদূতবিলাকৰপৰা জয়লাভ কৰা অসম্ভৱ, বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে। সেইবাবে, প্ৰশ্ন হʼব পাৰে যে কিশোৰ-কিশোৰীসকলে এই শত্ৰুৰপৰা জয়লাভ কৰিবলৈ সক্ষম হʼব নে? নিশ্চয় হʼব। যিহোৱাৰ সহায়ত বহুতো কিশোৰ-কিশোৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও, এজন পাৰ্গত যুঁজাৰুৰ দৰে তেওঁলোকে ‘ঈশ্বৰৰ আটাই সাজ পিন্ধিব’ পাৰে।—ইফিচীয়া ৬:১০-১২ পঢ়ক।
(ইফিচীয়া ৬:১৪, ১৫) এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধি, ১৫ শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰ জোতা ভৰিত পিন্ধি থিৰে থাকা।
w১৮.০৫ ২৮-২৯ ¶৪, ৭, ১০
কিশোৰ-কিশোৰীসকল চয়তানক বিৰোধ কৰা
৪ যিদৰে সৈনিকৰ টঙালিয়ে তেওঁক সুৰক্ষা দিয়ে, ঠিক সেইদৰে ঈশ্বৰৰ বাক্যত উল্লেখ কৰা সত্যতাই মিচা শিক্ষাৰপৰা আমাক ৰক্ষা কৰে। (যোহ. ৮:৩১, ৩২; ১ যোহ. ৪:১) আমি যিমানেই সত্যক প্ৰেম কৰিম, সিমানেই “বুকুবৰি” পিন্ধিবলৈ অৰ্থাৎ যিহোৱাৰ মানদণ্ডৰ অনুসৰি চলিবলৈ আমাৰ সহজ হʼব। (গীত. ১১১:৭, ৮; ১ যোহ. ৫:৩) ইয়াৰ উপৰিও, যেতিয়া আমি সত্যক ভালদৰে বুজিব পাৰিম, তেতিয়া সাহসেৰে বিৰোধীসকলক বিৰোধ কৰিব পাৰিম।—১ পিত. ৩:১৫.
৭ সেই বুকুবৰিৰ দৰে যিহোৱা ঈশ্বৰৰ ধাৰ্মিক মানদণ্ডবোৰে আমাৰ “হৃদয়ক” অৰ্থাৎ আমাৰ আন্তৰিক মনুষ্যত্বক সুৰক্ষা দিয়ে। (হিতো. ৪:২৩) এজন সৈনিকে লোহেৰে নিৰ্মিত বুকুবৰি খুলি, কম দামৰ ধাতুৰে নিৰ্মিত বুকুবৰি কেতিয়াও নিপিন্ধিব। সেইদৰে, আমিও যিহোৱা ঈশ্বৰৰ নৈতিক মানদণ্ডবোৰ ত্যাগ কৰি নিজৰ মানদণ্ড অনুসৰি নচলিম। আমি নিজৰ বুদ্ধিৰে কেতিয়াও আমাৰ হৃদয় ৰক্ষা কৰিব নোৱাৰোঁ। (হিতো. ৩:৫, ৬) সেইবাবে, আমি পৰীক্ষা কৰা উচিত যে আমাৰ “বুকুবৰি” আমাৰ হৃদয়ক ৰক্ষা কৰিছে নে?
১০ ৰোমান সৈনিকসকলে জুতা পিন্ধি যুদ্ধ কৰিবলৈ গৈছিল, কিন্তু খ্ৰীষ্টানসকলে লাক্ষণিক জুতা পিন্ধি “শান্তিৰ শুভবাৰ্ত্তা” ঘোষণা কৰে। (যিচ. ৫২:৭; ৰোম. ১০:১৫) শুভৱাৰ্ত্তা ঘোষণা কৰিবলৈ কেতিয়াবা কেতিয়াবা সাহসৰ প্ৰয়োজন হয়। ৰʼবট’ নামৰ এজন ভাই, যাৰ বয়স ২০ বছৰ, তেওঁ এইদৰে কয়, “মই নিজৰ ক্লাচত সাক্ষ্য দিবলৈ সংকোচ কৰোঁ। হয়তো মোক লাজ লাগে। কিন্তু আজি, মই যেতিয়া সেই বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই অনুভৱ কৰোঁ যে ইয়াৰ বিষয়ে লাজ কৰাৰ একো কাৰণ নাই। এতিয়া মই আনন্দেৰে নিজৰ সমনীয়াক শুভৱাৰ্ত্তা ঘোষণা কৰোঁ।”
(ইফিচীয়া ৬:১৬, ১৭) তাত বাজে যিহেৰে তোমালোকে পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা। ১৭ আৰু পৰিত্ৰাণৰ টকয়া, আৰু আত্মাৰ তৰোৱাল, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা।
w১৮.০৫ ২৯-৩১ ¶১৩, ১৬, ২০
কিশোৰ-কিশোৰীসকল চয়তানক বিৰোধ কৰা
১৩ চয়তানে কিশোৰ-কিশোৰীসকলৰ ওপৰত কোনবোৰ অগ্নি-শৰ ব্যৱহাৰ কৰে? যিহোৱাই আপোনাক প্ৰেম নকৰে বুলি সি হয়তো যিহোৱাৰ বিষয়ে মিছা কথা কʼব পাৰে। ঊনৈশ বছৰৰ আইডাই এইদৰে কয়, “মোৰ প্ৰায়ে অনুভৱ হয় যে যিহোৱা ঈশ্বৰ মোৰ কাষত নাই আৰু তেওঁ মোৰ বন্ধু হʼব নিবিচাৰে।” আইডাই চয়তানৰ এই বিৰোধক কেনেকৈ সন্মুখীন হʼল? তাই কয়, “সভাত মোৰ বিশ্বাস দৃঢ় হয়। প্ৰথমতে মই সভাত মনে মনে বহি আছিলোঁ, কোনো টিপ্পনী দিয়া নাছিলোঁ। মই ভাবিছিলোঁ মোৰ টিপ্পনী কোনেও শুনিব নিবিচাৰে। কিন্তু এতিয়া মই সভাৰ বাবে প্ৰস্তুতি কৰোঁ, দুটা বা তাতোতকৈ অধিক উত্তৰ দিবলৈ চেষ্টা কৰোঁ। মোৰ বাবে এনে কৰাটো সহজ নহয়, কিন্তু এনে কৰাৰ পাছত মই আনন্দ অনুভৱ কৰিছোঁ। ভাই-ভনীসকলেও মোক উৎসাহিত কৰে। প্ৰতিটো সভাৰ পাছত মোৰ বিশ্বাস হয় যে যিহোৱা ঈশ্বৰে মোক প্ৰেম কৰে।”
১৬ এজন সৈনিকৰ টকয়া যেনেকৈ তেওঁৰ মূৰ ৰক্ষা কৰে, সেইদৰে “পৰিত্ৰাণৰ আশাৰূপ টকয়া” পিন্ধিলে আমাৰ চিন্তা-ভাৱনাৰ ৰক্ষা পৰে। (১ থিচ. ৫:৮; হিতো. ৩:২১) এই আশাই আমাক যিহোৱা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত ধ্যান দিবলৈ আৰু সমস্যাৰ সময়ত নিৰাশ নহʼবলৈ সহায় কৰে। (গীত. ২৭:১, ১৪; পাঁচ. ২৪:১৫) আমি ৰক্ষা পাবলৈ এই আশাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰা উচিত। আমি সদায় আমাৰ টকয়া হাতত লোৱাৰ পৰিৱৰ্তে, মূৰত পিন্ধা উচিত।
২০ পাঁচনি পৌলে ঈশ্বৰৰ বাক্যৰ তুলনা তৰোৱালৰ লগত কৰিছিল। যিহোৱা ঈশ্বৰে আমাক তেওঁৰ বাক্য দিছে। কিন্তু আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰা উচিত যাতে আমি নিজৰ বিশ্বাসক ৰক্ষা কৰিব পাৰোঁ আৰু আমাৰ চিন্তা-ভাৱনা সাল-সলনি কৰিব পাৰোঁ। (২ কৰি. ১০:৪, ৫; ২ তীম. ২:১৫) আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ? একৈশ বছৰৰ চেবাষ্টিয়ানে কয়, “যেতিয়া মই বাইবেল অধ্যয়ন কৰোঁ, তেতিয়া প্ৰতিটো অধ্যায়ৰপৰা এটা পদ লিখি লওঁ। এইদৰে মই নিজৰ ভাল লগা পদবোৰৰ এখন তালিকা প্ৰস্তুত কৰিছোঁ।” চিবাষ্টিয়ানে অনুভৱ কৰে যে এইদৰে কৰাৰ যোগেদি তেওঁ যিহোৱাৰ দৃষ্টিভংগীক ভালদৰে বুজিব পাৰিছে। দেনিয়েল যাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছে, এইদৰে কয়, “বাইবেল অধ্যয়ন কৰাৰ সময়ত মই এনে পদবোৰ বাছনি কৰোঁ, যাৰ দ্বাৰা ঘোষণা কাৰ্য্যত লোকসকলক সহায় কৰিব পাৰি। যেতিয়া আমি উৎসাহেৰে বাইবল পদ দেখুৱাও আৰু লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া তেওঁলোকে ভালদৰে শুনে।”
আধ্যাত্মিক ৰত্ন বিচাৰক
(ইফিচীয়া ৪:৩০) আৰু ঈশ্বৰৰ যি পবিত্ৰ আত্মাত মুক্তি-দিনৰ কাৰণে মোহৰ মৰা হলা, তেওঁক অসন্তুষ্ট নকৰিবা।
it-১ ১১২৮ ¶৩
পবিত্ৰতা
পবিত্ৰ আত্মা। পবিত্ৰ আত্মা যিহোৱা ঈশ্বৰৰ অধীনত আছে আৰু নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ তেওঁ ইয়াক ব্যৱহাৰ কৰে। এই শক্তি শুদ্ধ, নিষ্কলংক আৰু পবিত্ৰ হয়। ঈশ্বৰে ইয়াক ভাল কাম কৰিবলৈ পৃথকে ৰাখিছে। সেইবাবে, ইয়াক “পবিত্ৰ আত্মা” বা ‘পবিত্ৰতাৰ আত্মা’ বুলি কোৱা হয়। (গীত ৫১:১১; লূক ১১:১৩; ৰোম ১:৪; ইফি ১:১৩) যেতিয়া পবিত্ৰ আত্মাই কোনো ব্যক্তিৰ ওপৰত কাম কৰে, তেতিয়া তেওঁক পবিত্ৰ হৈ থাকিবলৈ উৎসাহিত কৰে। যদি কোনো ব্যক্তি অসিদ্ধ বা বেয়া কাৰ্য্য কৰে, তেতিয়া তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিৰুদ্ধে কাৰ্য্য কৰে আৰু তেওঁ ঈশ্বৰক “অসন্তুষ্ট” কৰে। (ইফি ৪:৩০) যদিও পবিত্ৰ আত্মা কোনো ব্যক্তি নহয়, তথাপিও এজন ব্যক্তিয়ে পবিত্ৰ আত্মাক “অসন্তুষ্ট” কৰে। এয়া কেনেকৈ? পবিত্ৰ আত্মাই সদায় ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কাৰ্য্য কৰে। সেইবাবে, যদি আমি ঈশ্বৰৰ বিৰুদ্ধে কাম কৰোঁ, তেতিয়া আমি পবিত্ৰ আত্মাৰ বিৰুদ্ধে কাম কৰাৰ দৰে হয়। কিয়নো পবিত্ৰ আত্মাৰ উৎস যিহোৱা ঈশ্বৰে এনে কামৰ বাবে অসন্তুষ্ট হয়। যেতিয়া কোনো এজন ব্যক্তিয়ে এনে কাৰ্য্য কৰে তেওঁ “পবিত্ৰ আত্মাক” বাধা দিছে। (১ থিচ ৫:১৯) কিন্তু যদি তেওঁ বেয়া কাৰ্য্য কৰিবলৈ অভ্যস্থ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মাক “অসন্তুষ্ট” কৰে। এইদৰে বিৰোধ কৰা লোকসকলে ঈশ্বৰক নিজৰ শত্ৰু কৰি লয়। (যিচ ৬৩:১০) যি জন ব্যক্তিয়ে পবিত্ৰ আত্মাক অসন্তুষ্ট কৰে, তেওঁ পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কʼব পাৰে। যীচুৱে কৈছিল যে যি কোনোৱে এনে পাপ কৰে, তেওঁক এই পৃথিৱীত নাইবা আহিবলগীয়া নতুন পৃথিৱীতো ক্ষমা কৰা নহʼব। —মথি ১২:৩১, ৩২; মাৰ্ক ৩:২৮-৩০; আত্মা চাওক।
(ইফিচীয়া ৫:৫) বৰং ধন্যবাদ হওক। কিয়নো খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত যে কোনো ব্যভিচাৰীৰ বা অশুচি লোকৰ, বা লুভীয়া, অৰ্থাৎ দেৱপূজকৰ অধিকাৰ নাই, তাক তোমালোকে নিশ্চয়কৈ জানা।
it-১ ১০০৬ ¶২
লোভ
কাৰ্য্যৰ দ্বাৰা প্ৰকাশ পায়। যদি এজন ব্যক্তি লুভীয়া, তেনেহʼলে তেওঁ নিজৰ কাৰ্য্যৰ দ্বাৰা ইয়াক প্ৰকাশ কৰে। তেওঁৰ কাৰ্য্যৰ দ্বাৰা এয়া স্পষ্ট হয় যে তেওঁৰ কোনো বেয়া অভিলাষ আছে। বাইবেলৰ লেখক যাকোবে কৈছিল যে কু-অভিলাষ যেতিয়া গৰ্ভধাৰণ কৰে, তেতিয়া পাপ প্ৰসৱ কৰে। (যাকো ১:১৪, ১৫) গতিকে, এজন ব্যক্তিৰ কাৰ্য্যৰপৰা তেওঁৰ মনত লুকাই থকা লোভ প্ৰকাশ পায়। পাঁচনি পৌলে কৈছিল যে এজন লুভীয়া ব্যক্তি মূৰ্ত্তিপূজা কৰাৰ সমতুল্য হয়। (ইফি ৫:৫) এজন লুভীয়া ব্যক্তিয়ে যি বস্তুৰ বাবে অভিলাষ কৰে, সেয়া তেওঁৰ বাবে ঈশ্বৰ হৈ পৰে আৰু সৃষ্টিকৰ্ত্তাৰ উপাসনাতকৈ উচ্চ স্থানত ৰাখে।—ৰোম ১:২৪, ২৫.
বাইবেল পাঠ
(ইফিচীয়া ৪:১৭-৩২) এতেকে মই ইয়াকে কৈছোঁ, আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে, পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা; ১৮ কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাক, নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তিৰক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল; ১৯ আৰু তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে সাৰ নাইকিয়া হৈ, অতি লোভেৰে সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে। ২০ কিন্তু তোমালোকে হলে সেইদৰে খ্ৰীষ্টক শিকা নাই; ২১ তোমালোকতো তেওঁৰ কথা শুনিলা আৰু যীচুত থকা সত্যতাৰ দৰে তেওঁত শিক্ষা পালা, ২২ অৰ্থাৎ প্ৰবঞ্চনাৰ কু-অভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্ব্বকালৰ আচাৰৰ কথাত সলাই থৈ, ২৩ নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ, ২৪ সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। ২৫ এতেকে তোমালোকে মিছা এৰিৰ, প্ৰতিজনে নিজ-নিজ ওচৰ চুবুৰীয়াই সৈতে আলাপ কৰা; কিয়নো আমি ইজনে সিজনৰ অঙ্গ-প্ৰত্যেঙ্গ হৈ আছে। ২৬ তোমালোকে ক্ৰোধ হৈ পাপ নকৰিবা; বেলি মাৰ নৌ যাওঁতেই তোমালোকৰ কোপ শান্তি হওঁক; আৰু চয়তানক ঠাই নিদিবা। ২৭ যি জনে চুৰ কৰে, সি আৰু চুৰ নকৰক; ২৮ কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সদ্ব্যৱসায়ত পৰিশ্ৰম কৰক। ২৯ তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাবিলাকক অনুগ্ৰহ দান কৰিবলৈ, প্ৰয়োজনমতে ধৰ্ম্মত বৃদ্ধি কৰিবলৈ ভাল কথা ওলাওক। ৩০ আৰু যি পবিত্ৰ আত্মাত মুক্তি-দিনৰ কাৰণে মোহৰ মৰা হলা, তেওঁক অসন্তুষ্ট নকৰিবা। ৩১ সকলো কটু-বাক্য, খং, ক্ৰোধ, দ্বন্দ, নিন্দা এই সকলো, আটাই হিংসাই সৈতে তোমালোকৰ পৰা দূৰ হওক; ৩২ আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ, ঈশ্বেৰ তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা।
জুন ২৪-৩০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ফিলিপীয়া ১-৪
“তোমালোকে একোলৈ চিন্তা নকৰিবা”
(ফিলিপীয়া ৪:৬) তোমালোকে একোলৈ চিন্তা নকৰিবা; কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক।
w১৭.০৮ ১০ ¶১০
‘সকলো বুদ্ধিতকৈ উত্তম ঈশ্বৰৰ শান্তি’
১০ কোনো বিষয়ত চিন্তা নকৰিবলৈ আৰু “ঈশ্বৰৰ শান্তি” লাভ কৰিবলৈ আমাক কিহে সহায় কৰিব পাৰে? ফিলিপীয়া মণ্ডলীলৈ লিখা চিঠিখনত পৌলে চিন্তা দূৰ কৰাৰ উপায়ৰ বিষয়ে উল্লেখ কৰিছে। সেয়া হৈছে প্ৰাৰ্থনা। সেইবাবে, আমি যেতিয়া কিবা এটা সমস্যাৰ বাবে চিন্তিত হওঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰিব লাগে। (১ পিতৰ ৫:৬, ৭ পঢ়ক।) যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখক যে তেওঁ আপোনাৰ বিষয়ে চিন্তা কৰে। যিহোৱা ঈশ্বৰে দিয়া সকলো আশীৰ্ব্বাদৰ বাবে তেওঁক ধন্যবাদ কৰক। আমি মনত ৰখা উচিত যে তেওঁ “আমাৰ যাচ্নাৰ আৰু বুদ্ধিৰ অতি অতিৰিক্ত কৰ্ম্ম কৰিব পাৰে।”—ইফি. ৩:২০.
(ফিলিপীয়া ৪:৭) তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।
w১৭.০৮ ১০ ¶৭
‘সকলো বুদ্ধিতকৈ উত্তম ঈশ্বৰৰ শান্তি’
৭ যেতিয়া ফিলিপীৰ ভাইসকলে পৌলৰ চিঠি পঢ়ে, তেতিয়া তেওঁলোকৰ মনলৈ কি কথা আহে? পৌল আৰু চীলে জেলত বন্দী হৈ থকাৰ সময়ত যিহোৱা ঈশ্বৰে আচৰিতভাৱে ৰক্ষা কৰাৰ ঘটনাটো নিশ্চয় তেওঁলোকৰ মনলৈ আহে। যিহোৱাই এইদৰে সহায় কৰিব বুলি তেওঁলোকে আশাই কৰা নাছিল। চিঠিৰ যোগেদি পৌলে তেওঁলোকক কি শিক্ষা দিছিল? পৌলে শিকাইছিল যে চিন্তা নকৰিবা। প্ৰাৰ্থনা কৰা, তেতিয়া তোমালোকে “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি,” তাক লাভ কৰিবা। ইয়াৰ অৰ্থ কি বাৰু? কিছুমান বাইবেলত এই বাক্যক এইদৰে অনুবাদ কৰা হৈছে: “আমাৰ সকলো কল্পনাতকৈ উত্তম” বা “মানুহৰ সকলো পৰিকল্পনাতকৈ উত্তম।” গতিকে, পৌলে কʼব বিচাৰিছিল যে “ঈশ্বৰৰ শান্তি” ইমানেই আচৰিতজনক যে ইয়াক কল্পনাই কৰিব নোৱাৰি। এয়া সঁচা যে কেতিয়াবা কেতিয়াবা কোনো সমস্যাৰ সমাধান আমি নাজানোঁ, কিন্তু যিহোৱাই তাৰ সমাধান জানে আৰু তেওঁ এনে কিবা কৰিব পাৰে, যাৰ বাবে আমি কেতিয়াও আশাই কৰা নাই।—২ পিতৰ ২:৯ পঢ়ক।
w১৭.০৮ ১২ ¶১৬
‘সকলো বুদ্ধিতকৈ উত্তম ঈশ্বৰৰ শান্তি’
১৬ বাইবেলে উল্লেখ কৰিছে যে যেতিয়া আমি “ঈশ্বৰৰ শান্তি” লাভ কৰোঁ, তেতিয়া এই শান্তিয়ে আমাৰ হৃদয় আৰু মতিক “পহৰা” দিয়ে। (ফিলি. ৪:৭) ইয়াত পহৰা দিয়াৰ যি কথা উল্লেখ কৰা হৈছে, সেয়া মূল ভাষাত এখন চহৰৰ পহৰা দিয়া সৈনিকৰ দলৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ফিলিপীও এনে এখন চহৰ আছিল। তাত থকা লোকসকলে শান্তিৰে শুব পাৰিছিল, কিয়নো তেওঁলোকে জানিছিল যে সৈনিকসকলে পহৰা দি আছে। ঠিক সেইদৰে, যেতিয়া আমি “ঈশ্বৰৰ শান্তি” লাভ কৰোঁ, তেতিয়া আমাৰ হৃদয় আৰু মতিও শান্তিত থাকে, কিয়নো আমি জানো যে যিহোৱা ঈশ্বৰে আমাৰ যত্ন লয় আৰু আমাৰ লগত আছে। (১ পিত. ৫:১০) এই অনুভৱে আমাক চিন্তা আৰু নিৰাশাত ডুব যোৱাৰপৰা ৰক্ষা কৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
(ফিলিপীয়া ২:১৭) কিন্তু তোমালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্য্যত, যদিও মই নৈবেদ্যস্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ, আৰু তোমালোক সকলোৰে সৈতেও আনন্দ কৰোঁ;
it-২ ৫২৮ ¶৫
বলিদান
নৈবেদ্য। নৈবেদ্য প্ৰায়ে বলিদানৰ লগত আগবঢ়োৱা হয় আৰু এয়া সেইসময়ত হৈছিল, যেতিয়া ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত থাকিবলৈ লৈছিল। (গণ ১৫:২, ৫, ৮-১০) এই নৈবেদ্য দ্ৰাক্ষাৰসৰ আছিল আৰু ইয়াক বেদীত ঢালি দিয়া হৈছিল। (গণ ২৮:৭, ১৪; যাত্ৰা ৩০:৯; লগত গণ ১৫:১০ তুলনা কৰক।) পাঁচনি পৌলে ফিলিপীত থকা ভাই-ভনীসকলক এইদৰে লিখিছিল: “তোমালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্য্যত, যদিও মই নৈবেদ্যস্বৰূপে ঢলা যাওঁ তথাপি মই আনন্দ কৰোঁ, আৰু তোমালোক সকলোৰে সৈতেও আনন্দ কৰোঁ।” পাঁচনি পৌলে নৈবেদ্যক লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰিছে। ইয়াৰ যোগেদি পৌলে কʼব বিচাৰিছিল যে তেওঁ ভাই-ভনীসকলৰ বাবে নিজকে দিবলৈ প্ৰস্তুত আছে। (ফিলি ২:১৭) তেওঁৰ মৃত্যুৰ কিছুসময়ৰ আগত পৌলে তীমথিয়ক এইদৰে লিখিছিল: “সম্প্ৰতি মই নৈবেদ্যস্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।”—২তীম ৪:৬.
(ফিলিপীয়া ১:২২, ২৩) কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্ম্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেন্তে কোনটো মনোনীত কৰিম, তাক নাজানো; কিন্তু এই দুটাৰ চেপত সোমাই আছোঁ; ২৩ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম;
w০৮ ৮/১৫ ২৮ ¶২
গালাতীয়া, ইফিচীয়া, ফিলিপীয়া আৰু কলচীয়া কিতাপখনৰ আলোকপাত
২ পৌলে কি ‘দুটা’ হেঁচাৰ সন্মুখীন হৈছিল আৰু তেওঁ অন্তৰৰপৰা কি ইচ্ছা কৰিছিল? পৌলে যি পৰিস্থিতিত আছিল, তেওঁৰ সন্মুখত কেৱল দুটা ৰাস্তা আছিল। এটা জীৱনৰ আৰু আনটো মৃত্যুৰ। (ফিলি. ১:২১) ইয়াৰ মাজত তেওঁ কোনটো পথ বাছনি কৰিব, তাৰ বিষয়ে উল্লেখ কৰা নাই। কিন্তু তেওঁ কৈছিল যে ‘খ্ৰীষ্টৰ লগত থকাৰ’ তেওঁৰ ইচ্ছা আছে। (ফিলি. ৩:২০; ১ থিচ. ৪:১৬) খ্ৰীষ্টৰ উপস্থিতিত যেতিয়া পৌলে যিহোৱাৰপৰা পুৰস্কাৰ লাভ কৰে, তেতিয়া তেওঁৰ এই ইচ্ছা পূৰ হৈছিল।—মথি ২৪:৩.
বাইবেল পাঠ
(ফিলিপীয়া ৪:১০-২৩) এতিয়া ইমান দিনৰ মূৰত, মোৰ উপকাৰৰ অৰ্থে তোমালোকৰ চিন্তা যে পুনৰ্জীৱিত হল, ইয়াতে মই প্ৰভুত অতিশয় আনন্দ কৰিলোঁ; তাৰ কাৰণে তোমালোকে চিন্তা কৰিছিলা হয়, কিন্তু তেতিয়া শুভ-সময় পোৱা নাছিলা। ১১ নাটনিৰ বিষয়ে যে মই এই কথা কৈছোঁ, সেয়ে নহয়; কিয়নো যি কোনো অৱস্থাতে নাথাকোঁ, মই তাতেই সন্তুষ্ট হে থাকিবলৈ শিকিলোঁ। ১২ মই সৰু হৈ থাকিবলৈ জানো; এক এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হবলৈ আৰু ক্ষুধিত হবলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হলোঁ। ১৩ মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ। ১৪ তথাপি তোমালোক যে মোৰ ক্লেশত সহভাগী হলা, বৰ ভাল কৰিলা। ১৫ হে ফিলিপীয়াবিলাক, তোমালোকে নিজেও জানা যে, শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ অৰম্ভণত যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলী, দান দিয়া দান লোৱাৰ কথাত, মোৰ সহভাগী নহল; কেৱল তোমালোকেইহে হৈছিলা; ১৬ এনে কি, মই থিচলনীকীত থাকোঁতেও, তোমালোকে দুই এবাৰ মোৰ প্ৰয়োজনীয় উপকাৰ পঠাইছিলো। ১৭ মই যে দান বিচাৰিছো, সেয়ে নহয়, কিন্তু মোৰ সকলো আছে, এনে কি, উপচি পৰিছে; ১৮ তোমালোকৰ পৰা সুগন্ধৰ আঘ্ৰাণস্বৰূপ, আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞস্বৰূপ, যি উহাৰ মই ইপাফ্ৰদিতৰ দ্বাৰাই পালোঁ, তাৰেই সম্পূৰ্ণ হলোঁ। ১৯ আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট্ যীচুত পূৰ্ণ কৰিব। ২০ এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা সদা-সৰ্ব্বদায় হওক। আমেন। ২১ খ্ৰীষ্ট্ যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিবা। মোৰ লগৰ ভাইবিলাকে তোমালোকক মঙ্গলবাদ কৰিছে। ২২ সকলো পবিত্ৰ লোকে, বিশেষকৈ কৈচৰৰ ঘৰৰবিলাকে তোমালোকক মঙ্গলবাদ কৰিছে। ২৩ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক।