ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 জুলাই পৃষ্ঠা ১-১২
  • জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • জুলাই ১-৭
  • জুলাই ৮-১৪
  • জুলাই ১৫-২১
  • জুলাই ২২-২৮
  • জুলাই ২৯-আগষ্ট ৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 জুলাই পৃষ্ঠা ১-১২

জুলাই—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

জুলাই ১-৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | কলচীয়া ১-৪

“পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক”

(কলচীয়া ৩:৫-৯) এতেকে তোমালোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা, ৬ সেইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহে; ৭ পূৰ্ব্বে যেতিয়া তোমালোকে সেইবোৰত জীৱিত আছিলা, তেতিয়া তোমালোকেও সেইবোৰত চলিছিলা। ৮ কিন্তু এতিয়া ক্ৰোধ, খং, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচনীয় বচন, এই সকলোকে দূৰ কৰা; ৯ ইজনে সিজনক মিছা কথা নকবা; কিয়নো তোমালোকে তাৰ কৰ্ম্মে সৈতে পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই পেলালা,

w১১ ৩/১৫ ১০ ¶১২-১৩

ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰক, জগতৰ মনোবৃত্তি নহয়

১২ মোৰ ব্যক্তিত্বৰ ওপৰত কাৰ প্ৰভাৱ পৰিছে, জগতৰ নে পবিত্ৰ আত্মাৰ? (কলচীয়া ৩:৮-১০, ১৩ পঢ়ক।) জগতৰ আত্মাই শৰীৰৰ কাৰ্য্যবোৰক সমৰ্থন কৰে। (গালা. ৫:১৯-২১) আমাৰ জীৱনত যেতিয়া সকলো ভালেই চলি থাকে, তেতিয়া আমাৰ ওপৰত কি আত্মাই কাম কৰিছে, তাৰ বিষয়ে বুজিব নোৱাৰি। কিন্তু ইয়াৰ পৰিৱৰ্তে, যেতিয়া আমি বেয়া পৰিস্থিতিৰ সন্মুখীন হওঁ, উদাহৰণস্বৰূপে, কোনো ভাই-ভনীয়ে আমাক আওকাণ কৰে, আমাক খং উঠাই বা আমাৰ বিৰুদ্ধে পাপ কৰে, তেতিয়া আমাৰ জীৱনত কি আত্মাই কাম কৰি আছে, তাক ভালদৰে বুজিব পাৰি। ইয়াৰ উপৰিও, ঘৰত অকলে থকাৰ সময়ত প্ৰমাণ হয় যে আমাৰ ওপৰত ঈশ্বৰৰ পবিত্ৰ আত্মাই কাম কৰি আছে, নে জগতৰ মনোবৃত্তি। আমি নিজকে পৰীক্ষা কৰি থকা উচিত। নিজকে সোধক, ‘যোৱা ছমাহৰপৰা মোৰ ব্যক্তিত্ব খ্ৰীষ্টৰ দৰে হৈছেনে অথবা মোৰ কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰত বেয়া অভ্যাসবোৰ পুনৰ দেখিবলৈ পোৱা গৈছে?’

১৩ “পুৰাতন পুৰুষক সোলোকাই” পেলাবলৈ আৰু “নতুন পুৰুষক” পিন্ধিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক সহায় কৰিব। ইয়ে লোকসকলক প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰিবলৈ আমাক সহায় কৰিব। লোকসকলৰ বিৰুদ্ধে গোচৰ দিয়াৰ সঠিক কাৰণ থাকিলেও, আমি তেওঁলোকক অন্তৰৰপৰা ক্ষমা কৰিব পাৰোঁ। যদি আমি অনুভৱ কৰোঁ যে আমাৰ লগত অন্যায় হৈছে, তেতিয়াও আমি “কটু-বাক্য, খং, ক্ৰোধ, দ্বন্দ, নিন্দা” কৰাৰপৰা দূৰে থকা উচিত। ইয়াৰ পৰিৱৰ্তে, আমি “কোমল চিত্তৰ” গুণ দেখুৱাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন।—ইফি. ৪:৩১, ৩২.

(কলচীয়া ৩:১০-১৪) আৰু যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্ত্তিৰ দৰে, তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হব লাগিছে, তাক পিন্ধিলা; ১১ ইয়াতে গ্ৰীক বা যিহূদী, চুন্নৎ বা অচুন্নত, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এইবিলাক হবই নোৱাৰে; কিন্তু সকলোতে, খ্ৰীষ্টই সকলো হৈছে। ১২ এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা; ১৩ তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা; ১৪ সেয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি। আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক।

w১৩ ৯/১৫ ২১ ¶১৮-১৯

আপুনি সম্পূৰ্ণ সলনি হʼলনে?

১৮ যদি আমি বিচাৰোঁ যে ঈশ্বৰৰ বাক্যই আমাৰ জীৱন পৰিৱৰ্তন কৰক, তেনেহʼলে কেৱল ঈশ্বৰৰ বাক্য পঢ়া আৰু জ্ঞান লোৱাই যথেষ্ট নহʼব। পৃথিৱীৰ বহুতোলোকে বাইবেলখন পঢ়ে আৰু ইয়াৰ বিষয়ে তেওঁলোকৰ বহুতো জ্ঞান আছে। হয়তো এনে লোকসকলক আপুনিও প্ৰচাৰ কাৰ্য্যত লগ পাইছে। কিছুমান লোকৰ বাইবেলৰ পদবোৰ মুখস্তও থাকে। কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ ভাৱধাৰা আৰু জীৱন পৰিৱৰ্তন নহয়। কিয় বাৰু? কিয়নো ঈশ্বৰৰ বাক্যই আমাৰ হৃদয় স্পৰ্শ কৰিলেহে, আমি আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিম। (গালা. ৬:৬) সেইবাবে, আমি বাইবেলৰপৰা শিকা কথাবোৰ সময় উলিয়াই ধ্যান কৰাটো অতি আৱশ্যক। আমি নিজকে সোধা উচিত: ‘মই যি শিকিছোঁ, সেয়া কেৱল এক ধাৰ্ম্মিক শিক্ষা নহয়, কিন্তু ইয়াতকৈ উত্তম হয় বুলি বিশ্বাস কৰোঁনে? এই শিক্ষা সত্য বুলি মোৰ জীৱনত কিবা প্ৰমাণ দেখিবলৈ পাইছোঁনে? মই শিকা কথাবোৰ আনক জনোৱাৰ লগতে, মই নিজৰ জীৱনত পালন কৰিবলৈ চেষ্টা কৰিছোঁনে? মই অনুভৱ কৰিছোঁনে যে যিহোৱা ঈশ্বৰে মোৰ লগত ব্যক্তিগতভাৱে কথা পাতিছে?’ এই প্ৰশ্নবোৰৰ ওপৰত ধ্যান কৰিলে আমি যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্ক দৃঢ় হোৱা যেনে অনুভৱ কৰিব পাৰোঁ আৰু তেওঁৰ প্ৰতি আমাৰ প্ৰেম বৃদ্ধি পাব। শিকা কথাবোৰে যেতিয়া আমাৰ হৃদয় স্পৰ্শ কৰে, তেতিয়া আমি যিহোৱা ঈশ্বৰে আনন্দিত হʼব পৰাকৈ জীৱনত পৰিৱৰ্তন কৰিবলৈ উৎসাহিত হওঁ।—হিতো. ৪:২৩; লূক ৬:৪৫.

১৯ যদি আমি প্ৰতিদিনে বাইবেল পঢ়োঁ আৰু ধ্যান কৰোঁ, তেনেহʼলে ইয়ে আমাক আগতে কিছু পৰিমাণে কৰা এই কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিব: ‘তাৰ কৰ্ম্মে সৈতে পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই পেলোৱা, আৰু যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্ত্তিৰ দৰে, তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হব লাগিছে, তাক পিন্ধা।’ (কল. ৩:৯, ১০) যদি আমি ভালদৰে বুজিব পাৰোঁ যে বাইবেলে প্ৰকৃততে কি শিকায় আৰু শিকা কথাবোৰ পালন কৰোঁ, তেনেহʼলে ইয়ে আমাক নতুন ব্যক্তিত্বক পিন্ধিবলৈ উৎসাহিত কৰিব আৰু চয়তানৰ ফান্দৰপৰা দূৰে থাকিবলৈ সহায় কৰিব।

আধ্যাত্মিক ৰত্ন বিচাৰক

(কলচীয়া ১:১৩, ১৪) তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে; ১৪ তেওঁতেইহে আমাৰ মুক্তি, অৰ্থাৎ পাপমোচন আছে।

it-২ ১৬৯ ¶৩-৫

ঈশ্বৰৰ ৰাজ্য

‘নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্য।’ যীচুৱে স্বৰ্গলৈ যোৱা ১০ দিনৰ পাছত অৰ্থাৎ ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা, যেতিয়া তেওঁৰ শিস্যসকলৰ ওপৰত পবিত্ৰ আত্মা আহে, তেতিয়া তেওঁলোকে এই কথাৰ প্ৰমাণ পায় যে যীচুক ‘ঈশ্বৰৰ সোঁ হাতৰ ওখ পদ’ দিয়া হৈছে। (পাঁচ ১:৮, ৯; ২:১-৪, ২৯-৩৩) সেই সময়ৰপৰাই ‘নতুন নিয়ম’ আৰম্ভ হৈছিল আৰু ই এক “পবিত্ৰ জাতি” অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ প্ৰথম সদস্য হৈছিল।—ইব্ৰী ১২:২২-২৪; ১পিত ২:৯, ১০; গালা ৬:১৬.

খ্ৰীষ্টই এতিয়া নিজৰ পিতৃৰ সোঁফালে বহি আছিল আৰু এই নতুন মণ্ডলীৰ মুৰব্বী আছিল। (ইফি ৫:২৩; ইব্ৰী ১:৩; ফিলি ২:৯-১১) বাইবেলৰপৰা বুজিব পাৰি যে ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাৰপৰা যীচুৱে নিজৰ শিস্যসকলৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰে। প্ৰথম শতিকাত পাঁচনি পৌলে কলচীয়ালৈ লিখা পত্ৰখনত এই কথা উল্লেখ কৰিছিল যে যীচু খ্ৰীষ্টৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল। তেওঁ এইদৰে লিখিছিল “[ঈশ্বৰে] আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে।”—কল ১:১৩; পাঁচ ১৭:৬, ৭ পদৰ লগত তুলনা কৰক।

পেন্টাকোষ্ট ৩৩ খ্ৰীষ্টাব্দৰপৰা খ্ৰীষ্টই, ঈশ্বৰৰ ইস্ৰায়েল অৰ্থাৎ যিসকল খ্ৰীষ্টানক ঈশ্বৰৰ পুত্ৰ হʼবলৈ পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছিল, তেওঁলোকৰ ওপৰত শাসন কৰি আছে। (যোহ ৩:৩, ৫, ৬) এই খ্ৰীষ্টানসকলে যেতিয়া স্বৰ্গলৈ যাব, তেতিয়া তেওঁলোকে পৃথিৱীত খ্ৰীষ্টৰ ৰাজ্যৰ প্ৰজা নহʼব। কিয়নো তেওঁলোকে যীচুৰ লগত স্বৰ্গত শাসন কৰিব।—প্ৰকা ৫:৯, ১০.

(কলচীয়া ২:৮) কোনোৱে যেন তোমালোকক দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা; সেয়ে মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ; খ্ৰীষ্টৰ অনুৰূপ নহয়।

w০৮ ৮/১৫ ২৮ ¶৯

গালাতীয়া, ইফিচীয়া, ফিলিপীয়া আৰু কলচীয়া পত্ৰবোৰৰ আলোকপাত

২:৮—পাঁচনি পৌলে সতৰ্ক কৰা “জগতৰ প্ৰাথমিক” বিষয়বোৰ কি? এইবোৰ এনে কিছুমান বস্তু বা সিদ্ধান্ত, যি চয়তানৰ জগতৰ ভাগ হয় আৰু জগতৰ লোকসকলে ইয়াৰ নিৰ্দেশনাৰ অনুসৰি চলে। (১ যোহ. ২:১৬) ইয়াত দৰ্শন, ধন-সম্পত্তিৰ প্ৰতি লোভ আৰু জগতৰ মিছা ধৰ্মবোৰ জড়িত আছে।

বাইবেল পাঠ

(কলচীয়া ১:১-২০) ঈশ্বৰৰ ইচ্ছা দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই, ২ কলচীত থকা পবিত্ৰ আৰু খ্ৰীষ্টত বিশ্বাসী ভাইবিলাকৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ৩ তোমালোকৰ নিমিত্তে স্বৰ্গত সাঁচি থোৱা যি আশা-ধনৰ বিষয়ে, তোমালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্ত্তাৰূপ সত্যতাৰ বাক্যত শুনিলা, ৪ সেই আশা-ধনৰ দ্বাৰাই সকলো পবিত্ৰ লোকলৈ তোমালোকৰ যি প্ৰেম, আৰু খ্ৰীষ্ট যীচুত তোমালোকৰ যি বিশ্বাস, তাকে আমি শুনি, ৫ তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ; ৬ যি দিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰে পৰা সেই শুভবাৰ্ত্তা তোমালোকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে; ৭ সেই সত্যৰূপে তোমালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলা; তেওঁ আমাৰ নিমিত্তে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক; ৮ আৰু পবিত্ৰ আত্মাৰ শুণত তোমালোকৰ যি প্ৰেম আছে, তাক তেৱেঁই আমাক জনালে। ৯ এই কাৰণে, সেই কথা শুনা দিনৰে পৰা, আমি তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ নেৰি, ১০ তোমালোকে যেন সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা, আৰু তেওঁৰ সেই তত্ত্ব-জ্ঞানত বাঢ়ি, সকলো সতকৰ্ম্মত ফলৱন্ত হৈ আৰু আনন্দেৰে সৈতে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, ১১ তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিমন্ত হৈ, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ কৰা, এনে যাচ্‌না কৰি আছোঁ; ১২ আৰু পবিত্ৰবিলাকৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশী হবলৈ, যি পিতৃয়ে আমাক যোগ্য কৰিলে, তেওঁৰ ধন্যবাদ কৰা; ১৩ তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে; ১৪ তেওঁতেইহে আমাৰ মুক্তি, অৰ্থাৎ পাপমোচন আছে। ১৫ তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি আৰু গোটেই সৃষ্টিৰ প্ৰথমজাত; কিয়নো তেওঁতেই সকলো সৃষ্ট হল; ১৬ স্বৰ্গত আৰু পৃথিবীত, দৃশ্য আৰু অদৃশ্য যি যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই স্ৰজা হল; ১৭ আৰু তেওঁ সকলোৰে পূৰ্ব্বৰ পৰা আছে আৰু তেওঁতেই সকলোৰে স্থিতি হৈছে। ১৮ আৰু তেৱেঁই মণ্ডলীৰূপ শৰীৰৰ মূৰ; সকলো বিষয়তে তেওঁ যেন অগ্ৰগণ্য হয়, এই কাৰণে তেওঁ আদি আৰু মৃতবিলাকৰ মাজৰ পৰা প্ৰথমজাত। ১৯ কিয়নো, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰিবলৈ আৰু তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰি, ২০ পৃথিবীত থকা হওক, বা স্বৰ্গত থকা হওক, সকলোকে তেওঁৰ দ্বাৰাইহে তেওঁৰে সৈতে মিলন কৰিবলৈ, ঈশ্বৰে ভাল দেখিলে।

জুলাই ৮-১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ থিচলনীকীয়া ১-৫

“পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা”

(১ থিচলনীকীয়া ৫:১১-১৩) এতেকে তোমালোকে যি দৰে কৰি আছা, সেইদৰে পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা। ১২ হে ভাইবিলাক, বিনয় কৰোঁ, যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে, আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে, আৰু তোমালোকক চেতনায়, তেওঁবিলাকক মান্য কৰা। ১৩ আৰু তেওঁবিলাকৰ কাৰ্য্যৰ কাৰণে, প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা।

w১১ ৬/১৫ ২৬ ¶১২

‘তোমালোকৰ মাজত পৰিশ্ৰম কৰা লোকসকলক মান্য কৰা’

১২ মণ্ডলীৰ ‘তত্বাৱধান’ লোৱাত কেৱল শিকোৱাই নহয়, কিন্তু আৰু দায়িত্ব জড়িত আছে। নিযুক্ত ভাইসকলৰ বিষয়ে প্ৰথম তীমথিয় ৩:৪ পদত পৌলে এইদৰে কৈছে: “নিজৰ ঘৰৰবিলাকক উত্তমৰূপে শাসন কৰা, আৰু সম্পূৰ্ণ ধীৰতাৰে নিজ সন্তানবিলাকক বশত ৰখা লোক হব লাগে।” এই পদৰ অনুসৰি ‘তত্বাৱধান’ লোৱাৰ অৰ্থ কেৱল নিজৰ লʼৰা-ছোৱালীক শিকোৱাই নহয়, কিন্তু পৰিয়ালক চোৱা-চিতা কৰা আৰু নিজৰ লʼৰা-ছোৱালীক অধীনত ৰখাটো জড়িত আছে। সেইবাবে, মণ্ডলীৰ সকলো সদস্যই যাতে যিহোৱা ঈশ্বৰৰ অধীনত থাকে, তাৰ বাবে প্ৰাচীনসকলে পৰিচালনা কৰে।—১ তীম. ৩:৫.

w১১ ৬/১৫ ২৮ ¶১৯

‘তোমালোকৰ মাজত পৰিশ্ৰম কৰা লোকসকলক মান্য কৰা’

১৯ যদি আপুনি এনে এক উপহাৰ লাভ কৰে, যি উপহাৰ বিশেষকৈ আপোনাৰ বাবে তৈয়াৰ কৰা হৈছে, তেতিয়া আপুনি কি কৰিব? আপুনি এই উপহাৰ ব্যৱহাৰ কৰাৰ যোগেদি দিওঁতাজনৰ প্ৰতি কৃতজ্ঞতা নেদেখুওৱাব নে? যিহোৱা ঈশ্বৰে আমাৰ বাবে যীচুৰ যোগদি ‘মানুহৰ ৰূপত উপহাৰ’ দিলে। আমি কেনেকৈ এই উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুওৱাব পাৰোঁ? এটা উপায় হৈছে, প্ৰাচীনে মণ্ডলীত ভাষণ দিয়াৰ সময়ত মনোযোগ দি শুনা আৰু তেওঁ কোৱা কথাবোৰ নিজৰ জীৱনত পালন কৰা। ইয়াৰ উপৰিও, আপুনি সভাৰ সময়ত ভাল উত্তৰ দিয়াৰ যোগেদি কৃতজ্ঞতা দেখুওৱাব পাৰে। প্ৰাচীনে পৰিচালনা কৰা প্ৰচাৰ কাৰ্য্যত, আপুনি ভাগ লোৱাৰ যোগেদিও তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা দেখুওৱাব পাৰে। যদি কোনো এজন প্ৰাচীনে দিয়া পৰামৰ্শৰপৰা আপোনাৰ লাভৱান হৈছে, তেনেহʼলে আপুনি তেওঁক ধন্যবাদ দিছেনে? ইয়াৰ উপৰিও, আপুনি প্ৰাচীনৰ পৰিয়ালৰ লোকসকলৰ বাবেও কৃতজ্ঞতা দেখুৱাইছেনে? আমি মনৰ ৰখা উচিত যে যেতিয়া এজন প্ৰাচীনে মণ্ডলীৰ বাবে কঠিন পৰিশ্ৰম কৰে, তেতিয়া ইয়াত পৰিয়ালৰ ত্যাগ জড়িত থাকে, কিয়নো তেওঁ নিজৰ পৰিয়ালক দিয়া সময়খিনি মণ্ডলীৰ বাবে ব্যৱহাৰ কৰিছে।

(১ থিচলনীকীয়া ৫:১৪) তোমালোক পৰস্পৰ মিলেৰে থাকা। আৰু, হে ভাইবিলাক, মই তোমালোকক বিনয় কৰোঁ যে, অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া অল্প-সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্ব্বল লোকক সাহায্য কৰা, আৰু সকলোলৈকে দীৰ্ঘ-সহিষ্ণু হোৱা।

w১৭.১০ ১০ ¶১৩

“কৰ্ম্ম আৰু সত্যেৰে প্ৰেম কৰোঁহঁক”

১৩ দুৰ্ব্বল লোকসকলক সহায় কৰক। বাইবেলে আমাক আজ্ঞা দিছে যে “দুৰ্ব্বল লোকক সাহায্য কৰা, আৰু সকলোলৈকে দীৰ্ঘ-সহিষ্ণু হোৱা।” (১ থিচ. ৫:১৪) যদি আমাৰ প্ৰকৃত প্ৰেম নাথাকে, তেন্তে আমি এই আজ্ঞা পালন কৰিব নোৱাৰিম। কিছুমান ভাইৰ আৰম্ভণিতে বিশ্বাস দুৰ্ব্বল আছিল আৰু আগলৈ বিশ্বাস দৃঢ় হৈ পৰিল। কিন্তু এনে কিছুমান লোক আছে, যাৰ লগত আমি বেছিকৈ ধৈৰ্য্য দেখুৱা আৰু প্ৰেমেৰে সহায় কৰাৰ প্ৰয়োজন। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? আমি বাইবেলৰপৰা উৎসাহিত কৰিব পাৰোঁ, তেওঁৰ লগত প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰোঁ বা তেওঁৰ কথা মনোযোগেৰে শুনিব পাৰোঁ। সেই ভাইজন “দুৰ্ব্বল” বা মজুবত বুলি ভৱাৰ পৰিৱৰ্তে, আমি স্বীকাৰ কৰা উচিত যে আমাৰ সকলোৰে দুৰ্ব্বলতা আৰু কিছুমান ভাল গুণ আছে। পাঁচনি পৌলে এই কথা স্বীকাৰ কৰিছিল যে তেওঁৰ নিজৰো দুৰ্ব্বলতা আছে। (২ কৰি. ১২:৯, ১০) আমাক সকলোকে উৎসাহ আৰু সহায়ৰ প্ৰয়োজন আছে।

w১৫ ২/১৫ ৯ ¶১৬

যীচুৰ দৰে নম্ৰতা আৰু মৃদুভাৱ দেখুওৱাক

১৬ আমাৰ মৃদু কথা-বতৰা। আমাৰ মৃদুভাৱনাই আমাক “অল্প-সাহসীবিলাকক আশ্বাস” দিবলৈ অনুপ্ৰাণিত কৰে। (১ থিচ. ৫:১৪) এনে লোকসকলক উৎসাহিত কৰিবলৈ আমি কি কৰিব পাৰোঁ? আমি তেওঁক কʼব পাৰোঁ যে আমি তেওঁৰ বিষয়ে চিন্তা কৰোঁ। আমি তেওঁক অন্তৰপৰা প্ৰশংসা কৰিব পাৰোঁ। এনে কৰাৰ যোগেদি আমি তেওঁক বুজিবলৈ সহায় কৰিব পাৰোঁ যে তেওঁৰ কি কি গুণ আৰু দক্ষতা আছে। আমি তেওঁক মনত পেলাই দিব পাৰোঁ যে যদি যিহোৱা ঈশ্বৰে তেওঁক সত্যক অনুসন্ধান কৰিবলৈ সহায় কৰিছে, তেনেহʼলে নিশ্চয় তেওঁ ঈশ্বৰৰ দৃষ্টিত মূল্যৱান হয়। (যোহ. ৬:৪৪) আমি এই কথা আশ্বাস দিয়া উচিত যে যিহোৱা ঈশ্বৰে ‘খেদিত মন’ বা ‘ভগ্ন-চিত্তীয়াবিলাকৰ’ যত্ন লয়। (গীত. ৩৪:১৮) আমাৰ মৃদু কথা-বতৰাই সান্ত্বনাৰ প্ৰয়োজন হোৱা লোকসকলক সুস্থ কৰিব পাৰে।—হিতো. ১৬:২৪.

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ থিচলনীকীয়া ৪:৩-৬) কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা; ৪ আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাষৰ বশৱৰ্ত্তী নহৈ, ৫ পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা; ৬ আৰু অত্যাচাৰ কৰি সেই বিষয়ে নিজ ভাইক যেন নঠগোৱা। কাৰণ, প্ৰভু এই সকলোৰ প্ৰতিফল দিওঁতা; এই বিষয়ে আমি আগেয়ে তোমালোকক কৈছিলোঁ আৰু সাক্ষ্য দিছলোঁ।

it-১ ৮৬৩-৮৬৪

ব্যভিচাৰ

ব্যভিচাৰ এনে এক অপৰাধ, যাৰ বাবে এজন ব্যক্তিক খ্ৰীষ্টান মণ্ডলীৰপৰা বহিষ্কৃত কৰিব পৰা যায়। (১কৰি ৫:৯-১৩; ইব্ৰী ১২:১৫, ১৬) পাঁচনি পৌলে কৈছিল যে যদি এজন খ্ৰীষ্টানে ব্যভিচাৰ কৰে, তেনেহʼলে তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। কিয়নো তেওঁ নিজৰ শৰীৰৰ অংগক অসৎ ব্যৱহাৰ কৰে। ইয়াৰ বাবে ঈশ্বৰৰ লগত থকা তেওঁৰ সম্পৰ্ক দূৰ হয় আৰু ঈশ্বৰৰ মণ্ডলীক অশুচি কৰে আৰু তেওঁৰ যৌন কাৰ্য্যৰ ফলত হোৱা বেমাৰৰ সম্ভাৱনা থাকে। (১কৰি ৬:১৮, ১৯) খ্ৰীষ্টান ভাই-ভনীসকলৰ যি অধিকাৰ আছে, তাক তেওঁ নাইকিয়া কৰে। (১থিচ ৪:৩-৭) কিয়নো (১) তেওঁ মণ্ডলী অশুচি আৰু কলঙ্ক কৰে (ইব্ৰী ১২:১৫, ১৬), (২) তেওঁ যাৰ লগত ব্যভিচাৰ কৰে, তাইৰ শুদ্ধ চৰিত্ৰকো কলঙ্কিত কৰে। যদি তেওঁ কোনো অবিবাহিত ব্যক্তিৰ লগত সম্পৰ্ক ৰাখে, তেন্তে সেই অবিবাহিত ব্যক্তিও কলঙ্কিত হয়, যেনেকৈ তেওঁ বিবাহৰ বন্ধনত আৱদ্ধ হলে শুদ্ধ হৈ নাথাকে। (৩) নিজৰ পৰিয়ালৰ নাম বদনাম কৰে, ইয়াৰ লগতে (৪) যাৰ লগত তেওঁ সম্পৰ্ক ৰাখে, তাইৰ পিতৃ-মাতৃ, জীৱন সংগী বা ভাবী সংগীৰ বিৰুদ্ধে পাপ কৰে। তেওঁ কোনো মানুহৰ নহয়, কিন্তু ঈশ্বৰৰ নিয়মক উলংঘন কৰে। কিয়নো মানুহৰ নিয়মত হয়তো এনে কৰাটো বেয়া নহʼবও পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত এনে পাপ কৰাটো দণ্ড পোৱাৰ যোগ্য।—১থিচ ৪:৮.

(১ থিচলনীকীয়া ৪:১৫-১৭) এই কাৰণে প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কৈছোঁ যে, আমি যিমান জীৱিত লোক প্ৰভুৰ আগমনলৈক অৱশিষ্ট থাকিম, আমি, আমি সেই নিদ্ৰিত লোকবিলাকতকৈ কোনোমতে আগ নহম। ১৬ কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত, আৰু ঈশ্বৰৰ তূৰী-বাদ্য সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব; আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব; ১৭ পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক, আকাশত প্ৰভুৰ লগ লবলৈ, তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হম।

w১৫ ৭/১৫ ১৮-১৯ ¶১৪-১৫

“তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”

১৪ গোগ আৰু মাগোগে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পাছত কি হʼব? বাইবেলত উল্লেখ কৰিছে যে মানুহৰ পুত্ৰই “দূতবিলাকক পঠাই, পৃথিবীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব।” (মাৰ্ক ১৩:২৭; মথি ২৪:৩১) এই পদত একগোট কৰাৰ বিষয়ে যি কথা কৈছে, তাৰ সম্পৰ্ক অভিষিক্ত খ্ৰীষ্টানসকলক প্ৰথমবাৰ বাছনি কৰাৰ লগত নাই অথবা এতিয়া পৃথিৱীত থকা অভিষিক্ত খ্ৰীষ্টানসকলৰ ওপৰত অন্তিম মোহৰ লগোৱাৰ লগতো কোনো সম্পৰ্ক নাই। (মথি ১৩:৩৭, ৩৮) এই লোকসকলৰ ওপৰত মহাক্লেশ আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতে অন্তিম মোহৰ লগোৱা হʼব। (প্ৰকা. ৭:১-৪) তেন্তে ইয়াত একগোট কৰাৰ কথাই কিহক চিত্ৰিত কৰে? এয়া পৃথিৱীত জীয়াই থকা অভিষিক্ত খ্ৰীষ্টানসকলে আশীৰ্ব্বাদ লাভ কৰা আৰু তেওঁলোকে স্বৰ্গলৈ যোৱাক চিত্ৰিত কৰিছে। (১ থিচ. ৪:১৫-১৭; প্ৰকা. ১৪:১) এই ঘটনা গোগ আৰু মাগোগ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত ঘটিব। (যিহি. ৩৮:১১) ইয়াৰ পাছত যীচুৱে কোৱা এই ভৱিষ্যতবাণী পূৰ হʼব: “তেতিয়া ধাৰ্ম্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব।”—মথি ১৩:৪৩.

১৫ ইয়াৰ অৰ্থ এইটো নেকি যে অভিষিক্ত খ্ৰীষ্টানসকলক মানৱীয় শৰীৰে পৃথিৱীৰপৰা স্বৰ্গলৈ তুলি নিয়া হʼব? খ্ৰীষ্টান জগতৰ বহুতোলোকে বিশ্বাস কৰে যে খ্ৰীষ্টানসকলক মানৱীয় শৰীৰে স্বৰ্গলৈ তুলি নিয়া হʼব। তেওঁলোকে ইয়াকো ভাৱে যে যেতিয়া যীচুৱে পৃথিৱীত শাসন কৰিবলৈ আহিব, তেতিয়া তেওঁলোকে যীচুক দেখিবলৈ পাব। কিন্তু বাইবেলে স্পষ্টৰূপে উল্লেখ কৰিছে যে যীচুৰ আগমণৰ সময়ত “আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হব।” (মথি ২৪:৩০) এই দুয়োটা কথাই প্ৰমাণ কৰে যে যীচুৱে পৃথিৱীলৈ অহাৰ সময় অদৃশ্য হৈ থাকিব। বাইবেলত ইয়াকো উল্লেখ কৰিছে যে “মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহয়।” গতিকে, যিসকল লোকক স্বৰ্গলৈ তুলি নিয়া হʼব, তেওঁলোক প্ৰথমে “শেষৰ তূৰী-ধ্বনিত, এক তিলেকত, চকুৰ পচাৰতে ৰূপান্তিৰত” হʼব। (১ কৰিন্থীয়া ১৫:৫০-৫৩ পঢ়ক।) সেইবাবে, আমি তেওঁলোকক মানৱীয় শৰীৰে স্বৰ্গলৈ তুলি নিয়া হʼব বুলি কʼব নোৱাৰোঁ, কিয়নো ই এক মিছা শিক্ষাৰ ভাগ হয়। কিন্তু এই কথা সত্য যে পৃথিৱীত জীয়াই থকা অভিষিক্ত খ্ৰীষ্টানসকলক অতি সোনকালে স্বৰ্গত একগোট কৰা হʼব।

বাইবেল পাঠ

(১ থিচলনীকীয়া ৩:১-১৩) তাৰ কাৰণে আমি আৰু সহিব নোৱাৰি, আথীনী নগৰত অকলেই থাকিবলৈ ভাল দেখি, ২ সেইবোৰ ক্লেশত তোমালোকৰ কোনেও যেন চঞ্চল নহয়, এই কাৰণে তোমালোকক সুস্থিৰ কৰিবলৈ, আৰু তোমালোকৰ বিশ্বাসৰ কথাত তোমালোকক আশ্বাস দিবলৈ, ৩ খ্ৰীষ্টৰ শুভবাৰ্ত্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ ভাই যি তীমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ; কাৰণ আমি ক্লেশৰ নিমিত্তেই নিযুক্ত হৈছোঁ, ইয়াক তোমালোকে নিজে জানা। ৪ কিয়নো আমালৈ ক্লেশ ঘটিব বুলি আগেয়ে আমি তোমালোকৰ লগত থাকোঁতেই কৈছিলোঁ; পাছে সেই দৰেই ঘটিল, আৰু তোমালোকে তাক জানা। ৫ সেই কাৰণেই ময়ো আৰু সহিব নোৱাৰি, কিজানি পৰীক্ষকে তোমালোকৰ পৰীক্ষা কৰাতে আমাৰ পৰিশ্ৰম ব্যৰ্থ হয়, এই কাৰণে তোমালোকৰ বিশ্বাস জানিবলৈ পঠাইছিলোঁ। ৬ কিন্তু এতিয়া তীমথিয়ই তোমালোকৰ তাৰ পৰা আমাৰ ইয়ালৈ আহি, তোমালোকৰ বিশ্বাস আৰু প্ৰেমৰ কথা, আৰু আমি যি দৰে তোমালোকক দেখিবলৈ বৰ ইচ্ছা কৰোঁ, তোমালোকও যে সেই দৰে আমাক দেখিবলৈ বৰ ইচ্ছা কৰি, আমাক সদায় ভাল মতে সুঁৱৰি আছা, ৭ এই সকলোৰ সুসম্বাদ আনিলত, হে ভাইবিলাক, আমি তোমালোকৰ বিশ্বাসৰ দ্বাৰাই আমাৰ সকলো দুখ আৰু ক্লেশত তোমালোকৰ বিষয়ে শান্ত্বনা পালোঁ; ৮ কিয়নো এতিয়া যদি তোমালোকে প্ৰভুত থিৰে আছা, তেনেহলে আমি জীলোঁ। ৯ আমি যেন তোমালোকৰ মুখ দেখিবলৈ পাওঁ আৰু তোমালোকৰ বিশ্বাসৰ অভাৱ যেন পূৰ কৰিব পাৰোঁ, ১০ এই কাৰণে দিনে-ৰাতিয়ে অধিক পৰিমাণে প্ৰাৰ্থানা কৰি কৰি, আমি নিজ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ কাৰণে যি সকলো আনন্দেৰে আনন্দিত হৈছোঁ, সেই সকলো আনন্দৰ প্ৰতিদানস্বৰূপে, তোমালোকৰ কাৰণে ঈশ্বৰক কি ৰূপ ধন্যবাদ দিব পাৰোঁ? ১১ আমাৰ পিতৃ ঈশ্বৰে স্বয়ং আৰু আমাৰ প্ৰভু যীচুৱে তোমালোকলৈ আমাৰ পথ সুগম কৰক। ১২ আৰু আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেওঁৰ সেই আগমনৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত তেওঁ যেন তোমালোকৰ মন পবিত্ৰতাত নিৰ্দ্দোষীৰূপে থিৰ কৰে, ১৩ এই নিমিত্তে তোমালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ, আৰু সকলোলৈকো প্ৰভুৱে তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওক।

জুলাই ১৫-২১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ থিচলনীকীয়া ১-৩

“অধৰ্ম্মী জন প্ৰকাশিত হʼব”

(২ থিচলনীকীয়া ২:৬-৮) আৰু সি তাৰ নিৰূপিত কালত প্ৰকাশিত হবলৈ তাক কিহে নিবাৰণ কৰিছে, তাক তোমালোকে এতিয়া জানা। ৭ কিয়নো অধৰ্ম্মৰ সেই নিগূঢ়-তত্ত্বই এতিয়াও কাৰ্য্য সাধন কৰি আছে; কেৱল সেই বৰ্ত্তমান নিবাৰণকৰ্ত্তা নুগুচেমানেহে গুপুতে সাধন কৰে। ৮ গুচিলে সেই অধৰ্ম্মী জন প্ৰকাশিত হব; কিন্তু তাক প্ৰভু যীচুৱে তেওঁৰ মুখৰ ফুঁৰ দ্বাৰাই সংহাৰ কৰিব, আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব;

it-১ ৯৭২-৯৭৩

ঈশ্বৰীয় ভক্তি

অধৰ্ম্মীৰ কাৰ্য্য, ঈশ্বৰৰ ‘নিগূঢ়-তত্ত্বৰ’ সম্পূৰ্ণ বিৰুদ্ধে হয়। পাঁচনি পৌলৰ সময়ত সত্য খ্ৰীষ্টানসকলৰ বাবে ই এক নিগূঢ়-তত্ত্ব আছিল। কিয়নো সেইসময়ত এই কথা প্ৰমাণ হোৱা নাছিল যে পৌলে যি ‘অধৰ্ম্মী জনৰ’ বিষয়ে উল্লেখ কৰিছে, সেয়া এক সমূহক চিত্ৰিত কৰে। কিন্তু পাছলৈ যেতিয়া এই অধৰ্ম্মীজনৰ পৰিচয় স্পষ্ট হৈ পৰে, তথাপিও কিছুমান লোকৰ বাবে ই এক নিগূঢ়-তত্ত্ব হৈ আছিল। কিয়নো এই অধৰ্ম্মীজনে ঈশ্বৰীয় ভক্তিৰ আঁৰত বেয়া কাৰ্য্যবোৰ কৰিছিল। তেওঁ ঈশ্বৰীয় ভক্তি কৰাৰ পৰিৱৰ্তে, তাৰ বিৰুদ্ধে কাৰ্য্য কৰিছিল। পৌলে কৈছিল যে তেওঁৰ সময়ৰপৰা এনেধৰণৰ বেয়া কাৰ্য্যবোৰ হʼবলৈ আৰম্ভ হৈছিল। কিয়নো তাৰ বেয়া প্ৰভাৱ খ্ৰীষ্টান মণ্ডলীতো পৰিছিল আৰু আগলৈ সত্য উপাসনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা এক সমূহ ওলায় আহিছিল। কিন্তু যীচুৱে যেতিয়া তেওঁৰ আগমণৰ প্ৰমাণ দিব, তেতিয়া এই অধৰ্ম্মীজনক ধ্বংস কৰিব। এই লোক বিদ্ৰোহী চয়তানৰ ইংগিতত কাৰ্য্য কৰে। সি “ঈশ্বৰ কোৱা সকলোতকৈ আৰু উপাসনাৰ সকলো বস্তুতকৈ নিজকে উত্তম বুলি ভাৱে।” (গ্ৰীক, ছেবাছমা) চয়তানৰ ফালৰপৰা কাৰ্য্য কৰা এই বিদ্ৰোহী, ঈশ্বৰৰ ডাঙৰ বিৰোধী আৰু বিশ্বাসঘাতক হয়। যিসকল লোকে তাৰ প্ৰলোভনত পৰে, তেওঁলোকৰ মৃত্যু অনিবাৰ্য্য। এই অধৰ্ম্মীজন নিজৰ বেয়া কাৰ্য্যত সফল হোৱাৰ কাৰণ হৈছে, সি ঈশ্বৰীয় ভক্তিৰ আঁৰত বেয়া কাৰ্য্যবোৰ কৰে।—২থিচ ২:৩-১২; মথি ৭:১৫, ২১-২৩ পদৰ লগত তুলনা কৰক।

(২ থিচলনীকীয়া ২:৯-১২) চয়তানে কাৰ্য্য সাধন কৰাৰ দৰে, বিনাশৰ পাত্ৰ-বিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত, আৰু অধাৰ্ম্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত; ১০ কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণেই, সত্যতালৈ যি প্ৰেম, তাক গ্ৰাহ্য নকৰিলে। ১১ আৰু সেই কাৰণেই, যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্ম্মতে সন্তুষ্ট হল, ১২ তেওঁবিলাকৰ সোধ-বিচাৰ হবলৈ, তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য্য-সাধন পঠাই দিয়ে।

it-১ ২৪৫ ¶৭

মিছা

যিসকল লোকে মিছা কথা ভাল পায়, “তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য্য-সাধন পঠাই দিয়ে।” (২থিচ ২:৯-১২) প্ৰাচীন সময়ত ইস্ৰায়েলৰ ৰজা আহাবৰ লগত এইদৰেই হৈছিল। মিছা ভৱিষ্যতবক্তাই তেওঁক আশ্বাস দিছিল যে তেওঁ ৰামোৎ-গিলিয়দৰ যুদ্ধত পৰাজয় কৰিব। কিন্তু যিহোৱাৰ ভৱিষ্যতবক্তা মীখাই কৈছিল যে যদি তেওঁ যুদ্ধলৈ যায়, তেন্তে তেওঁৰ বেয়া পৰিণাম হʼব। যিদৰে মীখাই দৰ্শনত দেখিবলৈ পাইছিল যে যিহোৱা ঈশ্বৰৰ অনুমতিত এজন স্বৰ্গদূতে আহাবৰ ভৱিষ্যতবক্তাৰ মুখৰপৰা “মিছা কওঁতা আত্মা” উলিয়ায়। ইয়াৰ অৰ্থ হৈছে সেই স্বৰ্গদূতে ভৱিষ্যতবক্তাৰ ওপৰত এনেদৰে হেঁচা দিয়ে যে তেওঁলোকে সত্য কোৱাৰ পৰিৱৰ্তে সেই কথা কয়, যি স্বৰ্গদূতজনে কʼব বিচাৰিছিল আৰু আহাবে শুনিব বিচাৰিছিল। যদিও আহাবক, মিছা ভৱিষ্যতবক্তাৰ কথাৰ ওপৰত বিশ্বাস নকৰিবলৈ কোৱা হৈছিল, তথাপিও তেওঁ বিশ্বাস কৰিলে আৰু ইয়াৰ পৰিণামস্বৰূপে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।—১ৰাজা ২২:১-৩৮; ২বং ১৮.

আধ্যাত্মিক ৰত্ন বিচাৰক

(২ থিচলনীকীয়া ১:৬, ৭) কিয়নো যি সময়ত প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ, ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, ৭ সেই সময়ত প্ৰতিফলস্বৰূপে, তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ,

it-১ ৮৩৪ ¶৫

জুই

পিতৰে লিখিছিল যে “বৰ্ত্তমান কালৰ আকাশ-মণ্ডল আৰু পৃথিবী, ভক্তিহীন মানুহবিলাকৰ বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ, জুইৰ কাৰণে সঞ্চিত আছে।” পিতৰৰ পত্ৰ আৰু আন পদৰপৰা বুজিব পাৰি যে তেওঁ প্ৰকৃত জুইৰ বিষয়ে কোৱা নাছিল, কিন্তু সদায় দিনৰ বাবে হোৱা ধ্বংসৰ বিষয়ে উল্লেখ কৰিছিল। নোহৰ সয়মত হোৱা জলপ্লাৱনত প্ৰকৃততে আকাশ-মণ্ডল আৰু পৃথিৱীৰ ধ্বংস হোৱা নাছিল, কেৱল দুষ্ট লোকবিলাকৰহে ধ্বংস হৈছিল। ঠিক সেইদৰে, যীচু খ্ৰীষ্টই যেতিয়া নিজৰ শক্তিশালী দূতৰ লগত প্ৰজ্বলিত জুইত প্ৰকট হʼব, তেতিয়া কেৱল দুষ্ট লোকবিলাক আৰু পৃথিৱীৰ দুষ্ট ব্যৱস্থাৰ লগত জড়িত থকা সকলো ধ্বংস হʼব।—২পিত ৩:৫-৭, ১০-১৩; ২থিচ ১:৬-১০; যিচ ৬৬:১৫, ১৬, ২২, ২৪ পদৰ লগত তুলনা কৰক।

(২ থিচলনীকীয়া ২:২) প্ৰভুৰ দিন উপস্থিত হল বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই, নাইবা আমি লিখা বুলি কোৱা কোনো পাত্ৰৰ দ্বাৰাই তোমালোকৰ মন বেগতে অস্থিৰ নহওক, আৰু তোমালোক ব্যাকুলো নহবা।

it-১ ১২০৬ ¶৪

প্ৰেৰিত

প্ৰেৰিত হৈ কোৱা বাক্য—সঁচা আৰু মিছা। পাঁচনিসকলে লিখা কিছুমান কিতাপত গ্ৰীক শব্দ নিওমাৰ এক বিশেষ ধৰণে ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে, ২ থিচলনীকীয়া ২:২ পদত পৌলে থিচলনীকীৰ ভাইসকলক অনুৰোধ কৰিছিল যে যদি “প্ৰভুৰ দিন উপস্থিত হল” বুলি কোনোবাই কয়, তেন্তে ব্যাকুল হৈ নিজৰ বিচাৰ বুদ্ধি নেহেৰুৱাবা, যদিও কোনোবাই দাবী কৰে যে এই কথা ঈশ্বৰৰ প্ৰেৰিত বাক্যৰপৰা জানিব পাৰিলোঁ বা কাৰোবাৰ মুখৰ বাক্য বা চিঠিৰ বাক্য হয় বুলি আমাক লাগিব পাৰে। এই পদৰপৰা বুজিব পাৰি যে পৌলে নিওমা (আত্মা) শব্দ ‘কোনো বাক্য’ বা “পত্ৰৰ” যোগেদি দিয়া বাৰ্ত্তাৰ বাবে ব্যৱহাৰ কৰিছে। সেইবাবে, ২ থিচলনীকীয়া ২:২ পদৰ বিষয়ে পবিত্ৰ শাস্ত্ৰত টিপ্পনী নামৰ কিতাপখনত কৈছে “পাঁচনি পৌলে এনে খবৰৰ বিষয়ে কৈছে, যি শুনিবলৈ ঈশ্বৰৰ ফালৰপৰা যেন লাগিব পাৰে বা ভৱিষ্যতবক্তাৰ বাক্য যেন লাগিব পাৰে, কিন্তু প্ৰকৃততে নহয়।” নতুন নিয়মৰ শব্দৰ অধ্যয়ন (ইংৰাজী) কিতাপত এম. আৰ. বিন্সেটে নিওমা শব্দৰ বিষয়ে এইদৰে লিখিছে, “খ্ৰীষ্টান সভাত কিছুমান লোকে ভৱিষ্যতবাণী কৰিছিল আৰু দাবী কৰিছিল যে ঈশ্বৰে তেওঁলোকক এইবোৰ কথা কৈছে।” সেইবাবে, যদিও কিছুমান বাইবেলত ২ থিচলনীকীয়া ২:২ আৰু এনেধৰণৰ কিছুমান পদত নিওমাৰ অনুবাদ “আত্মা” (এ নিউ হিন্দী ট্ৰনচনেশ্ব্যান) কৰা হৈছে, কিন্তু কিছুমান বাইবেলত ইয়াৰ অনুবাদ “আত্মিক প্ৰকাশন” (হিন্দী-কমন লেংগুয়েজ) বা “ভৱিষ্যতবাণী” (ৱৰ্ল্ড-বুল্কে অনুবাদ) কৰা হৈছে।

বাইবেল পাঠ

(২ থিচলনীকীয়া ১:১-১২) পৌল, চীল, আৰু তীমথিয়,—আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়াবিলাকৰ মণ্ডলীৰ সমীপলৈ। ২ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ৩ হে ভাইবিলাক, তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়া আমাৰ কৰ্ত্তব্য, আৰু এয়ে উপযুক্ত কাৰ্য্য; কিয়নো তোমালোকৰ বিশ্বাস অতিশয়ৰূপে বাঢ়ি বাঢ়ি গৈছে, আৰু এজন এজনকৈ তোমালোক সকলোৰে প্ৰেম পৰস্পৰৰ প্ৰতি উপচি পৰিছে; ৪ তাতে তোমালালোকে যি সকলো তাড়না আৰু ক্লেশ সহন কৰি আছা, সেই সকলোতে তোমালোকৰ যি ধৈৰ্য্য আৰু বিশ্বাস, তাৰ কাৰণে আমি নিজে ঈশ্বৰৰ মণ্ডলীবিলাকত তোমালোকৰ শ্লাঘা কৰিছোঁ। ৫ ঈশ্বৰৰ যি ৰাজ্যৰ নিমিত্তে তোমালোকে দুখভোগ কৰি আছা, তোমালোক সেই ৰাজ্যৰ যোগ্যপাত্ৰ বুলি ঈশ্বৰে যি ন্যায় বিচাৰ কৰিব, তাৰ লক্ষণ সেই ধৈৰ্য্য আৰু বিশ্বাস; ৬ কিয়নো যি সময়ত প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দুতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ, ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, ৭ সেই সময়ত প্ৰতিফলস্বৰূপে, তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ, ৮ আৰু ক্লেশ পোৱা যি তোমালোক, তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই, ঈশ্বৰে দেখাতে ন্যায় কাৰ্য্য; ৯ যেতিয়া, তেওঁ সেই দিনা নিজৰ পবিত্ৰ লোকবিলাকত গৌৰৱান্বিত হবলৈ, আৰু বিশ্বাস কৰা সকলোতে (তোমালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰাতে, তোমালোকতো,) বিস্ময়যুক্ত সমাদৰ পাবলৈ আগমন কৰিব, ১০ তেতিয়া প্ৰভুৰ সম্মুখৰ পৰা আৰু তেওঁৰ শক্তিৰ প্ৰতাপৰ পৰাও, তেওঁবিলাকে অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব। ১১ তালৈ চাই, আমাৰ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে, যাতে তোমালোকত আমাৰ প্ৰভু যীচুৰ নাম গৌৰৱান্বিত হয়, আৰু তোমালোকো তেওঁত গৌৰৱান্বিত হোৱা, ১২ তাৰ কাৰণে আমাৰ ঈশ্বৰে যেন তোমালোকক সেই আমন্ত্ৰণৰ যোগ্যপাত্ৰ বুলি গন্য কৰে, আৰু সদগুণলৈ তোমালোকৰ যি সকলো বাঞ্ছা, আৰু বিশ্বাসৰ কাৰ্য্য, সেই সকলো যেন পৰাক্ৰমেৰে সিদ্ধ কৰে, এই নিমিত্তে তোমালোকৰ অৰ্থে আমি সদায় প্ৰাৰ্থনা কৰি আছোঁ।

জুলাই ২২-২৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ তীমথিয় ১-৩

“সৎকৰ্ম্মৰ বাবে পৰিশ্ৰম কৰক”

(১ তীমথিয় ৩:১) কোনোৱে যদি অধ্যক্ষ-পদলৈ আকাঙ্ক্ষা কৰে, তেন্তে তেওঁ উত্তম কৰ্ম্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য।

w১৬.০৮ ২১ ¶৩

আপুনি আধ্যাত্মিকভাৱে কিয় উন্নতি কৰি থকাৰ প্ৰয়োজন?

৩ প্ৰথম তীমথিয় ৩:১ পঢ়ক। পাঁচনি পৌলে সেই ভাইসকলক প্ৰশংসা কৰিছিল, যিসকলে অধ্যক্ষ হʼবলৈ “ইচ্ছা” কৰিছিল। যদি আমি এনে বস্তু বিচাৰোঁ, যি ঢুকি নাপাওঁ, তেনেহʼলে আমি নিজৰ হাতখন আগবঢ়াব লাগিব আৰু পৰিশ্ৰম কৰিব লাগিব। কল্পনা কৰক যে এজন ভাই মণ্ডলীত পৰিচাৰক হʼবলৈ ভাবিছে। তেওঁ উপলব্ধি কৰিছে যে নিজৰ জীৱনত তেওঁ খ্ৰীষ্টৰ গুণ বৃদ্ধি কৰাৰ আৱশ্যক। পৰিচাৰক হোৱাৰ পাছতো তেওঁ একেলেথাৰিয়ে পৰিশ্ৰম কৰি থাকে, যাতে তেওঁ আগলৈ গৈ এজন অধ্যক্ষ হʼব পাৰে।

(১ তীমথিয় ৩:১৩) কিয়নো উত্তমৰূপে পৰিচাৰকৰ কাৰ্য্য কৰাবিলাকে নিজলৈ উত্তম পদ আৰু খ্ৰীষ্ট্‌ যীচুৰ সম্বন্ধীয় বিশ্বাসত বৰ সাহ লাভ কৰে।

km ৯/৭৮ ৪ ¶৭

যিসকলে ভাল নাম অৰ্জন কৰিব বিচাৰে

৭ পৌলে এনে ভাইসকলৰ বিষয়ে কৈছিল, যিসকলে “উত্তমৰূপে পৰিচাৰক” কাৰ্য্য কৰে আৰু ভাল নাম অৰ্জন কৰে। কিছুমান লোকে কʼব বিচাৰে যে পৌলে সেই লোকসকলৰ বিষয়ে কৈছে, যিসকলে উন্নতি কৰি গীৰ্জাত উচ্চ পদ লাভ কৰে। কিন্তু এয়া সত্য নহয়। প্ৰকৃততে, তেওঁ পৰিচাৰকসকলৰ বিষয়ে কৈছিল, যিসকলে “উত্তমৰূপে” কাৰ্য্য কৰে। এই ভাইসকলে ভৰসা ৰাখিব পাৰে যে তেওঁলোকে নিশ্চয় যিহোৱা ঈশ্বৰ আৰু যীচুৰপৰা আশীৰ্ব্বাদ লাভ কৰিব। মণ্ডলীৰ ভাই-ভনীসকলে তেওঁক আদৰ কৰে আৰু সহযোগ কৰে। সেইবাবে, এই ভাইসকলৰ বিষয়ে কৈছে যে তেওঁলোকে ‘খ্ৰীষ্ট্‌ যীচুৰ সম্বন্ধীয় বিশ্বাসৰ’ বিষয়ে কʼবলৈ “বৰ সাহ লাভ কৰে।” তেওঁলোকে নিজৰ দায়িত্বক ভালদৰে পালন কৰে আৰু সেইবাবে আন লোকসকলে তেওঁলোকক সন্মান আৰু আদৰ কৰে। তেওঁলোকৰ বিশ্বাস দৃঢ় হয় আৰু নিজৰ বিশ্বাসৰ বিষয়ে আনক কোনো সংকোচ নকৰাকৈ জনাব পাৰে। কিয়নো তেওঁলোকৰ এই কথাৰ কোনো ভয় নাথাকে যে তেওঁলোকৰ ওপৰত কোনোবাই প্ৰশ্ন তুলিব পাৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ তীমথিয় ১:৩, ৪) মই মাকিদনিয়ালৈ যাত্ৰা কৰা কালত, তোমাক যেনেকৈ আদেশ দিছিলোঁ, তেনেকৈ এতিয়াও দিছোঁ; তুমি ইফিচত থাকি আমুকাহঁতক এনে আজ্ঞা দিয়া যে, তেওঁবিলাকে যেন বিভিন্ন শিক্ষা নিদিয়ে, আৰু গল্পত আৰু আশে, বংশাৱলিত মনোযোগ নকৰে; ৪ সেইবোৰে বাদ-বিবাৰদ উতপন্ন কৰে, কিন্তু ঈশ্বৰৰ ঘৰগিৰীৰ যি বাব বিশ্বাসসম্বন্ধীয়, তাৰ পক্ষে উপকাৰী নহয়।

it-১ ৯১৪-৯১৫

বংশাৱলি

বংশাৱলিৰ বিষয়ে অধ্যয়ন কৰা আৰু আলোচনা কৰা ব্যৰ্থ আছিল। বিশেষকৈ, পৌলে তীমথিয়লৈ চিঠি লিখাৰ সময়ত বংশাৱলিৰ বিষয়ে আলোচনা কৰাটো অনৰ্থক আছিল। এজন ব্যক্তি কোনটো বংশৰপৰা আহিছে, ইয়াৰ বিষয়ে প্ৰমাণ কৰিবলৈ বংশাৱলিৰ হিচাপ ৰখাটো ব্যৰ্থ আছিল, কিয়নো এতিয়া ঈশ্বৰৰ দৃষ্টিত খ্ৰীষ্টান মণ্ডলীত যিহূদী আৰু অনা-যিহূদীৰ মাজত কোনো পাৰ্থক্য নাই। (গালা ৩:২৮) ইয়াৰ উপৰিও, বংশাৱলিৰপৰা এয়া প্ৰমাণ হৈছিল যে খ্ৰীষ্ট দায়ূদৰ বংশৰ আছিল। কেৱল এয়াই নহয়, পৌলে যেতিয়া তীমথিয়লৈ লিখা চিঠিত পৰামৰ্শ দিছিল, তেতিয়া কিছু সময়ৰ পাছতে যেৰূচালেম ধ্বংস হʼবলগীয়া আছিল। সেই সময়ত ঈশ্বৰে যিহূদীৰ বংশাৱলিৰ নথি-পত্ৰক ধ্বংশৰপৰা ৰক্ষা কৰা নাছিল। পৌলে চিন্তা কৰিছিল যে তীমথিয় আৰু আন ভাই-ভনীসকলে নিজৰ বংশাৱলিৰ বিষয়ে অনুসন্ধান কৰা আৰু তাৰ বিষয়ত তৰ্ক-বিতৰ্ক কৰাত সময় অতিবাহিত নকৰে। কিয়নো নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ এই বিষয়বোৰৰ প্ৰয়োজন নাছিল। বাইবেলত খ্ৰীষ্টৰ বংশাৱলিৰ প্ৰমাণ কৰিবলৈ যি লিখা হৈছিল, সেয়াই যথেষ্ট আছিল আৰু খ্ৰীষ্টানসকলৰ বাবে সেই তথ্যবোৰেই প্ৰয়োজন আছিল। বাইবেলত উল্লেখ কৰা আন বংশাৱলিৰপৰাও প্ৰমাণ হয় যে শাস্ত্ৰত লিখা সকলো কথা এক সত্য ইতিহাস।

(১ তীমথিয় ১:১৭) এতিয়া চিৰস্থায়ী ৰজালৈ, অৰ্থাৎ অক্ষয়, অদৃশ্য, আৰু একমাত্ৰ ঈশ্বৰলৈ মৰ্য্যাদা আৰু গৌৰব সদা-সৰ্ব্বদায় হওক। আমেন।

cl ১২ ¶১৫

“চোৱা, এৱেঁই আমাৰ ঈশ্বৰ”

১৫ “চিৰস্থায়ী ৰজা” হৈছে এক উপাধি, যি কেৱল যিহোৱা ঈশ্বৰৰ বাবে ব্যৱহাৰ হয়। (১ তীমথিয় ১:১৭; প্ৰকাশিত বাক্য ১৫:৩) ইয়াৰ অৰ্থ কি? সীমিত শক্তিৰ বাবে আমাৰ মগজুৱে এই কথা বুজাটো সহজ নহয়। কিন্তু এয়া সত্য যে যিহোৱা হৈছে চিৰস্থায়ী ঈশ্বৰ অৰ্থাৎ তেওঁ অতীত আৰু ভৱিষ্যত এই দুয়োটা কালতে যুগ যুগ ধৰি আছে আৰু যুগ যুগ ধৰি থাকিব। গীতমালা ৯০:২-ত উল্লেখ আছে: “অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” গতিকে, যিহোৱা ঈশ্বৰৰ কোনো আৰম্ভণি নাই আৰু তেওঁ সদায় অস্তিত্বত আছে। সেইবাবে তেওঁক “অনাদি কালৰ” বুলি কোৱা হৈছে আৰু এয়া সত্য। এই জগতত কোনো বস্তু বা কোনো ব্যক্তি জন্ম হোৱাৰ বহু আগতে তেওঁ অস্তিত্বত আছিল। (দানিয়েল ৭:৯, ১৩, ২২) গতিকে, যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ অধিকাৰৰ ওপৰত কোনে প্ৰশ্ন তুলিবলৈ সাহ কৰিব পাৰে?

বাইবেল পাঠ

(১ তীমথিয় ২:১-১৫) মই প্ৰথমতে এই আদেশ দিছোঁ যে, সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ, আমি যেন সকলো ভক্তি আৰু ধীৰতাত, নিৰ্ব্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, ২ তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ, আৰু ধন্যবাদ কৰা হওক। ৩ এয়ে আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়; ৪ তেওঁৰ ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। ৫ কাৰণ ঈশ্বৰ এজনা, আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট্‌ যীচু; ৬ তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে; ৭ এই সাক্ষ্য ঠিক ঠিক সময়ত দিব লগীয়া; তাৰ কাৰণে মই ঘোষণাকাৰী, আৰু পাঁচনি, (ইয়াক মই সত্য কৈছোঁ, মিছা নকওঁ;) বিশ্বাসত আৰু সত্যত পৰজাতিবিলাকৰ শিক্ষক নিযুক্ত হলোঁ। ৮ এতেকে পুৰুষবিলাকে, ক্ৰোধ আৰু বাদ-বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা; ৯ সেই দৰে তিৰোতাবিলাকে সুলাজ আৰু সুবোধেৰে সৈতে, পৰিপাটি পোচাকেৰে নিজক ভূষিত কৰক; ১০ চেলা বটা চুলি, সোণ, মুকুতা, আৰু বহুমূল্য বস্ত্ৰেৰে নহয়, কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্ম্মেৰে ভুষিত কৰক। ১১ তিৰোতা মানুহে সকলো ভাৱে বশৱৰ্ত্তী হৈ, শান্তভাবে শিক্ষা লওক। ১২ শিক্ষা দিবলৈ, বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ, মই তিৰোতাক অনুমতি নিদিওঁ; ১৩ কিন্তু শান্তভাবে থাকিবলৈ দিওঁ। কিয়নো প্ৰথমে আদম, পাছতেহে হৱাক নিৰ্ম্মাণ কৰা হৈছিল; ১৪ আৰু আদমক ভুলুউৱা নহল, কিন্তু তিৰোতাক ভুলুউৱা হলত, অপৰাধত পৰিল; ১৫ তথাপি তেওঁ সন্তান-প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব; কিন্তু সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম, আৰু পবিত্ৰতাত থাকিলেহে পাব।

জুলাই ২৯-আগষ্ট ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ তীমথিয় ৪-৬

“ঈশ্বৰীয় ভক্তি কৰা আৰু ধনৱন্ত হোৱাৰ মাজত পাৰ্থক্য”

(১ তীমথিয় ৬:৬-৮) কিন্তু সন্তোষৰ সহিত ভক্তি মহা-লাভৰ উপায় হয়; ৭ কিয়নো এই জগতলৈ আমি একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ; ৮ কিন্তু আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।

w০৩ ৬/১ ৯ ¶১-২

সন্তুষ্টি পোৱাৰ ৰহস্য শিকক

পৌলে আনন্দত থকাৰ ৰহস্য হৈছে সন্তুষ্টিৰ ভাৱনা। কিন্তু সন্তুষ্টিৰ ভাৱনাৰ অৰ্থ কি? সাধাৰণ শব্দত কʼবলৈ গʼলে, ইয়াৰ অৰ্থ হৈছে মৌলিক বস্তুবোৰকলৈ সন্তুষ্টি থকা। এই বিষয়ে পৌলে তীমথিয়ক এইদৰে কৈছিল: “সন্তোষৰ সহিত ভক্তি মহা-লাভৰ উপায় হয়। কিয়নো এই জগতলৈ আমি একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ; কিন্তু আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।”—১ তীমথিয় ৬:৬-৮.

মন কৰক যে পৌলে সন্তুষ্টিক, ঈশ্বৰীয় ভক্তিৰ লগত যোগ কৰিছে। তেওঁ বুজিব পাৰিলে যে প্ৰকৃত আনন্দ কেৱল ঈশ্বৰীয় ভক্তিৰ যোগেদি লাভ কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে আমি ভৌতিক বস্তু বা ধন-সম্পত্তিক প্ৰথম স্থান দিয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ সেৱাক প্ৰথম স্থান দিয়া উচিত। পৌলৰ ওচৰত কেৱল “অন্ন-বস্ত্ৰ” এই মৌলিক বস্তুবোৰ আছিল। সেইবাবে, তেওঁ নিজৰ লক্ষ্যত উপনিত হʼবলৈ সক্ষম হৈছিল অৰ্থাৎ ঈশ্বৰীয় ভক্তি কৰি থাকিব পাৰিছিল। সেইবাবে পৌলৰ পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁৰ সন্তুষ্টি লাভ কৰাৰ ৰহস্য হৈছে যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰখা।

(১ তীমথিয় ৬:৯) কিন্তু যিবিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল।

g ৬/০৭ ৬ ¶২

যিকোনো প্ৰকাৰে ধনী হʼবলৈ ইচ্ছা কৰাৰ পৰিণাম কি হʼব পাৰে?

এয়া সত্য যে ধন-সম্পত্তিৰ পিছত দৌৰি থাকিলে বেছিভাগ লোকৰ মৃত্যু নহয়। কিন্তু যিসকলে এনে কৰে, তেওঁলোকৰ গোটেই জীৱন এইবোৰৰ পিচতেই পাৰ হৈ যায়। তেওঁলোকৰ শান্তি নাইকিয়া হয়। কিয়নো কামৰ বিষয়ে চিন্তা থাকে বা টকা-পইচাৰ বাবে হোৱা চিন্তাই হঠাতে মনত উগুল-থুগুল কৰে, টোপনি নহয়, সদায় মূৰৰ বিষ হয়। এনেধৰণৰ বেমাৰৰ বাবে ব্যক্তিজনে অকালতে মৃত্যুক আকোৱালি লয়। যেতিয়া এজন ব্যক্তিয়ে উপলব্ধি কৰে যে তেওঁ জীৱনত আন বিষয়কো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, তেতিয়ালৈকে বহুত দেৰি হৈ যায়। তেওঁ নিজৰ সংগীৰ ভৰসা হেৰুৱাই পেলায়, লʼৰা-ছোৱালীৰ লগত ভাল সম্পৰ্ক নাথাকে আৰু তেওঁৰ শৰীৰো অসুস্থ হৈ পৰে। হয়তো ইয়াৰ কিছুমান সমস্যা সমাধান কৰিব পৰা যায়, কিন্তু কঠিন পৰিশ্ৰমৰ প্ৰয়োজন হয়। এনে লোকসকলে “যাতনাৰূপ শলাৰে নিজকেই শালিলে।”—১ তীমথিয় ৬:১০.

(১ তীমথিয় ৬:১০) তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।

g ১১/০৮ ৬ ¶৪-৬

প্ৰকৃত সফলতা লাভ কৰাৰ ছয়টা উপায়

আমি আৰম্ভণিৰ লেখত আলোচনা কৰিছিলোঁ যে বহুতোলোকে ভাৱে যে প্ৰচুৰ পৰিমাণে ধন-সম্পত্তি থকাটো এক সফলতাৰ চিন। কিন্তু প্ৰকৃততে ধন-সম্পত্তি হৈছে এক বিশ্বাসঘাতক। ইয়াৰ পিচে পিচে দৌৰিলে সফলতাৰ পৰিৱৰ্তে বিফলতাহে হয় আৰু দুখৰ চকুপানী টুকিবলগীয়া হয়। উদাহৰণস্বৰূপে, লোকসকলে ধনৰ দেৱতাৰ বেদীত নিজৰ সকলো সম্বন্ধীয় আৰু বন্ধু-বান্ধৱক বলিদান দি দিয়ে। কিছুমানৰ নিজৰ কাম বা চিন্তাৰ বাবে ৰাতিৰ ভাগত টোপনি নাহে। বাইবেলৰ এখন কিতাপ উপদেশক ৫:১২ পদত এইদৰে কৈছে: “বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও, তাৰ টোপনি সন্তোষজনক; কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে।”

টকা-পইচাই কেৱল নিষ্ঠুৰ গৰাকী নহয়, কিন্তু এক বিশ্বাসঘাতক। যীচুৱেও ‘ধনৰ মায়াৰ’ বিষয়ে উল্লেখ কৰিছিল। (মাৰ্ক ৪:১৯) হয়তো আমি ভাৱিব পাৰোঁ যে ধন-সম্পত্তিয়ে আমাক আনন্দ দিব, কিন্তু এনে কেতিয়াও নহয়। ইয়াৰ পৰিৱৰ্তে ইয়ে ধন-সম্পত্তিৰ প্ৰতি লোভ বৃদ্ধিহে কৰে। উপদেশক ৫:১০ পদত এইদৰে উল্লেখ আছে: “যি মানুহে অধিক ধন-সম্পত্তি ভাল পায়, সি আয়ত তৃপ্ত নহয়।

মূলতে কʼবলৈ গʼলে, টকা-পইচাৰ প্ৰতি লোভ কৰাৰ অৰ্থ হৈছে, নিজৰ বিপদ নিজে মাতি অনা। ইয়াৰপৰা নিৰাশা আৰু বিফলতাৰ বাহিৰে একো পোৱা নাযায়। হয়তো এজন ব্যক্তিক অপৰাধী কৰি তুলিব পাৰে। (হিতোপদেশ ২৮:২০) কিন্তু প্ৰকৃত আনন্দ আৰু সফলতা প্ৰেম, উদাৰশীল, আনক ক্ষমা কৰা মনোভাৱ, শুদ্ধ চৰিত্ৰ আৰু ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

(১ তীমথিয় ৪:২) যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হল, এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এয়ে ঘটিব।

lv ২৫ ¶১৭

আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম

১৭ পাঁচনি পিতৰে এইদৰে কৈছিল: “উত্তম বিবেকো ৰাখিবা।” (১ পিতৰ ৩:১৬) যিহোৱা ঈশ্বৰৰ দৃষ্টিত শুদ্ধ বিবেক বজাই ৰখাটো এক ডাঙৰ আশীৰ্বাদ। বৰ্তমান সময়ত বহুতোলোকৰ শুদ্ধ বিবেক নাই। তেওঁলোকৰ “বিবেক তপত লোৰে দাগ দিয়া হল” বুলি পৌলে উল্লেখ কৰিছে। (১ তীমথিয় ৪:২) যদি এটুকুৰা তপত লোহে আমাৰ শৰীৰৰ কোনো অংশ পুৰে তেনেহʼলে সেই ঠাইত দাগ বহে আৰু সেইখিনি চেতনাহীন হৈ যায়। ঠিক সেইদৰে, আজি বহুতোলোকৰ বিবেক থকাৰ সত্ত্বেও চেতনাহীন হৈ আছে। সেইবাবে, তেওঁলোকৰ বিবেকে কোনো সতৰ্ক, বিৰোধ বা কিবা ভুল কৰাৰ বাবে লাজ অনুভৱ নকৰে। আজি বহুতোলোকে নিজৰ বিবেকৰ কথা নুশুনি আনন্দিত হয়।

(১ তীমথিয় ৪:১৩) মই নাযাওঁমানে তুমি পঢ়াত, উদগণিত, আৰু শিক্ষা দিয়াত মনোযোগ কৰা।

it-২ ৭১৪ ¶১-২

লোকসকলৰ মাজত পঢ়ক

খ্ৰীষ্টান মণ্ডলীত। প্ৰথম শতিকাৰ বহুত কম সংখ্যক লোকৰ ওচৰত বাইবেলৰ নুৰা আছিল। সেইবাবে লোকসকলৰ সন্মুখত থিয় হৈ নুৰাখন পঢ়াৰ প্ৰয়োজন আছিল। পাঁচনি পৌলে কৈছিল যে তেওঁ মণ্ডলীলৈ লিখা পত্ৰবোৰ সকলোৰে আগত পঢ়া উচিত। তেওঁ ইয়াকো কৈছিল যে এখন মণ্ডলীলৈ লিখা পত্ৰ, আন মণ্ডলীলৈ পঠাওক যাতে তেওঁলোকে সেই পত্ৰ পঢ়িব পাৰে। (কল ৪:১৬; ১থিচ ৫:২৭) খ্ৰীষ্টানসকলৰ তত্ত্বাৱধান লোৱা তীমথিয়ক “পঢ়াত, উদগণিত, আৰু শিক্ষা দিয়াত” মনোযোগ দিবলৈ পৌলে পৰামৰ্শ দিছিল।—১তীম ৪:১৩.

এজন ব্যক্তিয়ে সকলোৰে আগত পঢ়োতে স্পষ্টভাৱে পঢ়া উচিত। (হব ২:২) তেওঁ এনেদৰে পঢ়া উচিত যাতে লোকসকলে তাৰপৰা কিবা শিকিব পাৰে। সেইবাবে তেওঁ ভালদৰে বুজি লোৱাৰ প্ৰয়োজন যে তেওঁ কি পঢ়িছে আৰু সেই কথাবোৰ কি উদ্দেশ্যেৰে লিখা হৈছে। লোকসকলে যাতে ভুল নুবুজে, তাৰ বাবে তেওঁ মনোযোগেৰে পঢ়া উচিত। প্ৰকাশিত বাক্য ১:৩ পদৰ অনুসৰি যিসকলে প্ৰকাশিত বাক্য কিতাপৰ ভৱিষ্যতবাণীবোৰ পঢ়ি শুনায় আৰু যিসকলে শুনে আৰু সেই অনুসৰি চলে, তেওঁলোকে আনন্দিত হয়।

বাইবেল পাঠ

(১ তীমথিয় ৪:১-১৬) কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, উত্তৰকালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব; ভ্ৰান্তিজনক আত্মাত, আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব; ২ যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হল, এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এয়ে ঘটিব। ৩ সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে, আৰু বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে ধন্যবাদেৰে সৈতে গ্ৰাহ্য কৰিবলৈ, যি যি খোৱা দ্ৰব্য ঈশ্বৰে স্ৰজিলে, তাৰ পৰা পৃথকে থাকিবলৈ আজ্ঞা দিয়ে। ৪ কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম; ধন্যবাদেৰে গ্ৰাহ্য কৰিলে, বাক্য একোৱেই অগ্ৰাহ্য নহয়; ৫ কিয়নো ঈশ্বৰৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। ৬ এই সকলো কথা ভাইবিলাকৰ মনত লগালে, তুমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা, তাৰ বাক্যেৰ প্ৰতিপালিত হৈ, খ্ৰীষ্ট্‌ যীচুৰ উত্তম পৰিচাৰক হবা। ৭ কিন্তু ধৰ্ম্মনিন্দাযুক্ত আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰা। ৮ কিয়নো শাৰীৰিক নিপুণতাৰ অভ্যাস অলপ বিষয়ত লাভজনক, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক; কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যৎ জীৱনৰো প্ৰতিজ্ঞাযুক্ত। ৯ এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। ১০ কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণো কৰোঁ। কাৰণ যি ঈশ্বৰ সকলো মানুহৰ, বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্ত্তা হয়, আমি সেই জীৱনময় ঈশ্বৰত ভাৰসা কৰিলোঁ। ১১ তুমি এইবোৰ কথা আজ্ঞা দিয়া, আৰু শিকোৱা। ১২ তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত, আৰু শুদ্ধতাত, বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা। ১৩ মই নাযাওঁমানে তুমি পঢ়াত, উগণিত, আৰু শিক্ষা দিয়াত মনোযোগ কৰা। ১৪ বৃদ্ধলোক-সমাজে হাত দিওঁতে, তাৰে সৈতে ভাববাণীৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ তোমাক দিয়া হল, তোমাৰ অন্তৰত থকা সেই বৰ অৱহেলা নকৰিবা। ১৫ আৰু সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা। ১৬ নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা; কিয়নো ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক