খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঈশ্বৰীয় ভক্তি আৰু শাৰীৰিক প্ৰশিক্ষণ
শাৰীৰিক প্ৰশিক্ষণ আমাৰ বাবে লাভজনক হয়। কিন্তু আধ্যাত্মিক প্ৰশিক্ষণৰ তুলনাত নিচেই কম। (১তীম ৪:৮) সেইবাবে, সত্য খ্ৰীষ্টানসকলে খেল-ধেমালি কৰাৰ ক্ষেত্ৰত ভাৰসাম্যতা বজাই ৰাখে।
খেল-ধেমালিৰ বিষয়ে আপুনি কি জনা উচিত? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বনখন চাওক তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
১. খেল-ধেমালিৰপৰা আমি কি দক্ষতা লাভ কৰিব পাৰোঁ?
২. কিছুমান খেল-ধেমালি কৰাটো আমাৰ বাবে ভাল নে বেয়া, তাৰ বিষয়ে নিৰ্ণয় লʼবলৈ কি তিনিটা বিষয়ে সহায় কৰিব?
৩. কেনেধৰণৰ খেল-ধেমালি চোৱা বা খেলা উচিত, তাৰ বিষয়ে নিৰ্ণয় লʼবলৈ গীতমালা ১১:৫ পদে আমাক কেনেকৈ সহায় কৰিব?
৪. ফিলিপীয়া ২:৩ আৰু হিতোপদেশ ১৬:১৮ পদটোক আমি খেল-ধেমালি কৰাৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?
৫. ফিলিপীয়া ১:৯, ১০ পদে, আমাক খেল-ধেমালি চোৱা বা খেলাত বেছিকৈ সময় অতিবাহিত কৰাৰপৰা বিৰত থাকিবলৈ কেনেকৈ সহায় কৰিব পাৰে?