ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 আগষ্ট পৃষ্ঠা ১-৯
  • আগষ্ট—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • আগষ্ট ৫-১১
  • আগষ্ট ১২-১৮
  • আগষ্ট ১৯-২৫
  • আগষ্ট ২৬–চেপ্টেম্বৰ ১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 আগষ্ট পৃষ্ঠা ১-৯

আগষ্ট—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আগষ্ট ৫-১১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ তীমথিয় ১-৪

“‘ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই”

(২ তীমথিয় ১:৭) কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তি প্ৰেম, আৰু সুবুদ্ধিৰ আত্মা দিলে।

w০৯ ৫/১৫ ১৫ ¶৯

যুৱক-যুৱতীসকল—আপোনাৰ উন্নতি প্ৰকাশ কৰক

৯ তীমথিয়ক সহায় কৰিবলৈ পৌলে আগলৈ তেওঁক মনত পেলাই দিছিল: “ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তি প্ৰেম, আৰু সুবুদ্ধি আত্মা দিলে।” (২ তীম. ১:৭) “সুবুদ্ধি আত্মা” ৰখাৰ অৰ্থ হৈছে, চিন্তা-চৰ্চ্চা আৰু বুদ্ধিমতাৰে কাম কৰাৰ সামৰ্থ। ইয়াৰ লগত জড়িত আছে আপুনি যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱা, যদিও সেই পৰিস্থিতি আপুনি আশা কৰা অনুসৰি নহয়। কিছুমান যুৱক-যুৱতীয়ে চিন্তাৰপৰা হাত সাৰিবলৈ, নিজৰ সকলো সময় শুৱা বা টি ভি চোৱাত অতিবাহিত কৰে আৰু কিছুমানে ড্ৰাগছ বা মদৰ সহায় লয় অথবা পাৰ্টিৰ আনন্দ উপভোগ কৰে বা যৌন অনৈতিক কাৰ্য্যত লিপ্ত হয়। এনে কৰাৰ যোগেদি দেখুৱায় যে তেওঁ ভয়াতুৰ আৰু পৰিস্থিতিৰ সন্মুখীন হʼবলৈ তাৰ সাহস নাই। কিন্তু খ্ৰীষ্টানসকলক স্পষ্টৰূপে নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকে “ভক্তি-লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে এই বৰ্ত্তমান সংসাৰত যেন জীৱন যাপন” কৰক।—তীত ২:১২.

(২ তীমথিয় ১:৮) এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে, আৰু তেওঁৰ অৰ্থে বন্দীয়াৰ হোৱা যি মই, মোৰো বিষয়ে তুমি লজ্জিত নহবা; কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবাৰ্ত্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা।

w০৩ ৩/১ ৯ ¶৭

‘নিৰ্ভয় আৰু সাহিয়াল হোৱা’

৭ পাঁচনি পৌলে তীমথিয়লৈ লিখা পত্ৰত এইদৰে লিখিছিল: “ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তি, প্ৰেম, আৰু সুবুদ্ধিৰ আত্মা দিলে। . . . এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে, . . . তুমি লজ্জিত নহবা।” (২ তীমথিয় ১:৭, ৮; মাৰ্ক ৮:৩৮) সেই বাক্যবোৰ পঢ়াৰ পিছত আমি নিজকে এনেদৰে সুধিব পাৰোঁ: ‘মই নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে লজ্জিত হওঁনে, নে মই সাহিয়াল বুলি প্ৰমাণ দিছোঁ? কৰ্মস্থলত (বা স্কুললৈ যোৱাৰ সময়ত) লগ পোৱা ব্যক্তিসকলক জনাওঁনে যে মই এজন যিহোৱাৰ সাক্ষী হওঁ, নে মই এই পৰিচয়টো লুকুৱাব বিচাৰোঁ? মই আনতকৈ পৃথক বুলি লজ্জিত অনুভৱ কৰোঁ নেকি, নে যিহোৱাৰ লগত থকা সম্বন্ধই মোক আনতকৈ পৃথক কৰি ৰাখিছে, তাক লৈ গৌৰৱ অনুভৱ কৰোঁ?’ যদি কোনোবাই শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ অথবা বহুতোলোকে ভাল নোপোৱা কোনো বিশ্বাসৰ বিষয়ে কʼবলৈ ভয় কৰে, তেন্তে তেওঁ যিহোচূৱাক দিয়া যিহোৱাৰ এই পৰামৰ্শক মনত পেলোৱা উচিত: “বলৱান আৰু সাহিয়াল হোৱা।” সদায় মনত ৰাখক যে এই বাক্যশাৰী আমাৰ কোনো সহপাঠী বা সহকৰ্ম্মীৰ পৰা অহা নাই, কিন্তু যিহোৱা আৰু যীচুৰপৰাহে আহিছে।—গালাতীয়া ১:১০.

আধ্যাত্মিক ৰত্ন বিচাৰক

(২ তীমথিয় ২:৩, ৪) খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈন্যৰ দৰে, তুমি মোৰে সৈতে ক্লেশ সহন কৰা। ৪ চিপাহী কামত থাকোঁতে, কোনো জনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায়-পাশত বন্ধ হবলৈ নিদিয়ে; কিন্তু যি জনে তেওঁক চিপাহী-কামত ভৰ্ত্তি কৰিলে, তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।

w১৭.০৭ ১০ ¶১৩

প্ৰকৃত ধন-সম্পত্তি বিচৰাত লাগি থাকক

১৩ তীমথিয় এজন বিশ্বাসী ব্যক্তি আছিল। পৌলে তেওঁক ‘খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈন্য’ বুলি কৈছিল আৰু তেওঁক এইদৰে পৰামৰ্শ দিছিল: “চিপাহী কামত থাকোঁতে, কোনো জনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায়-পাশত বন্ধ হবলৈ নিদিয়ে; কিন্তু যি জনে তেওঁক চিপাহী-কামত ভৰ্ত্তি কৰিলে, তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।”(২ তীম. ২:৩, ৪) আজি যীচুৰ সকলো শিষ্য প্ৰায় ১০ লাখতকৈ অধিক পূৰ্ণ সময়ৰ সেৱাত জড়িত আছে আৰু পৌলৰ এই পৰামৰ্শ পালন কৰিবলৈ চেষ্টা কৰে। এই লুভীয়া জগতে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ যোগেদি তেওঁলোকক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে, কিন্তু শিষ্যসকলে ইয়াৰপৰা আঁতৰি থাকে। তেওঁলোকে এই সিদ্ধান্ত মনত ৰাখে: “ধৰুৱা ধাৰ দিওঁতাৰ দাস হয়।” (হিতো. ২২:৭) চয়তানে বিচাৰে যে আমাৰ সকলো সময় আৰু পৰিশ্ৰম জগতৰ টকা-পইচা অৰ্জন কৰা আৰু সা-সম্পত্তি গোটোৱাত লগাই দিয়া। কেতিয়াবা কেতিয়াবা কিছুমান লোকে উচ্চ শিক্ষা, গাড়ী, ঘৰ আৰু বিয়া-বাৰু কৰিবলৈ অতিপাত লোণ লয়। যদি আমি সাৱধান নহওঁ, তেন্তে আমিও এনে প্ৰলোভনত পৰিব পাৰোঁ, যাৰ পৰিশোধ কৰিবলৈ হয়তো আমাক বহু বছৰ লাগিব পাৰে। যদি আমি সহজ-সৰল জীৱন-যাপন অতিবাহিত কৰোঁ, লোণ নলওঁ আৰু খৰচ-পাতি কম কৰোঁ, তেন্তে আমি বুদ্ধিমতাৰে কাম কৰিছোঁ বুলি কʼব পাৰোঁ। এইদৰে আমি চয়তানৰ লুভীয়া জগতৰ দাস হোৱাৰপৰা আঁতৰি থাকিব পাৰিম আৰু আমি যিহোৱাৰ সেৱা কৰিবলৈ স্বাধীনতা লাভ কৰিম।—১ তীম. ৬:১০.

(২ তীমথিয় ২:২৩) কিন্তু মূঢ় আৰু অশিষ্ট বাদ-বিচাৰবোৰে যে বিৰোধ জন্মায়, ইয়াকে জানি, সেইবোৰত মন নিদিবা।

w১৪ ৭/১৫ ১৪ ¶১০

যিহোৱাৰ লোকসকল “অধাৰ্ম্মিকতাৰ পৰা দূৰ” হওক

১০ বৰ্তমান সময়ত মণ্ডলীত সত্য খ্ৰীষ্টানৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলক সাধাৰণতে দেখিবলৈ পোৱা নাযায়। তথাপিও আমি এনে শিক্ষাৰ সন্মুখীন হওঁ, যি বাইবেল শিক্ষাৰ বিৰুদ্ধে হয়। এনে শিক্ষা যʼৰপৰাই নহওক কিয়, আমি সেইবোৰ অস্বীকাৰ কৰিবলৈ থিৰাং কৰা উচিত। সত্য খ্ৰীষ্টান ধৰ্ম্মৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলৰ লগত আমি মিলা-মিচা অথবা কথা-বতৰা নাইবা ইণ্টাৰনেটৰ দ্বাৰা বা অন্য কোনো উপায়ে যোগাযোগ কৰাৰপৰা আঁতৰি থকাটো আমাৰ বাবে বুদ্ধিমানৰ কাম হʼব। হয়তো এনেকুৱা হʼব পাৰে যে এনে এজন ব্যক্তিক সহায় কৰাৰ উদ্দেশ্যে তেওঁৰ লগত কথা-বতৰা হয়। কিন্তু এনে কৰিলে আমি যিহোৱাৰ আজ্ঞা উলংঘন কৰা হʼব। যিহোৱা ঈশ্বৰে আমাক আজ্ঞা দিছে যে আমি এনেধৰণৰ শিক্ষাক ত্যাগ কৰা উচিত অৰ্থাৎ সম্পূৰ্ণৰূপে দূৰৈত থকা উচিত।

বাইবেল পাঠ

(২ তীমথিয় ১:১-১৮) খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞাৰ দৰে, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট্‌ যীচুৰ নিযুক্ত পাঁচনি পৌল,—প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ। ২ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট্‌ যীচুৰ পৰা অনুগ্ৰহ, দয়া, আৰু শান্তি তোমালৈ হওক। ৩ যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মাৰা লোয়ীৰ আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, আৰু নিশ্চয় বোধ কৰোঁ, তোমাৰ অন্তৰতো বাস কৰিছে, তোমাত থকা সেই অকল্পিত বিশ্বাসৰ কথা পুনৰায় মনত পৰাত, ৪ মোৰ নিবেদনত নিৰন্তৰে তোমাক সোঁৱৰণ কৰোঁতে, ওপৰ-পুৰুষসকলৰে পৰা শুচি বিবেকেৰে যি ঈশ্বৰৰ আৰাধনা কৰোঁ, তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰোঁ; ৫ আৰু তোমাৰ চকুলো সোঁৱৰণ কৰি, আনন্দেৰে পূৰ হবৰ কাৰণে, তোমাক দেখিবলৈ ৰাতিয়ে-দিনে বৰ ইচ্ছা কৰোঁ। ৬ এই কাৰণে মোৰ হতা দিয়াৰ দ্বাৰাই ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ তোমাত আছে, তাক উজ্জ্বল কৰিবলৈ মই তোমাক সোঁৱৰণ কৰাইছোঁ। ৭ কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি, শক্তি, প্ৰেম, আৰু সুবুদ্ধিৰ আত্মা দিলে। ৮ এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে, আৰু তেওঁৰ অৰ্থে বন্দীয়াৰ হোৱা যি মই, মোৰো বিষয়ে তুমি লজ্জিত নহবা; কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবাৰ্ত্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা; ৯ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে, আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে; আমাৰ কৰ্ম্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে; সেই অনুগ্ৰহ অনাদি কালৰ পূৰ্ব্বে খ্ৰীষ্ট্‌ যীচুত আমাক দিয়া আছিল, ১০ কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্ত্তা খ্ৰীষ্ট্‌ যীচুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হল; তেওঁ মৃত্যুক লুপ্ত কৰি, শুভবাৰ্ত্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; ১১ সেই শুভবাৰ্ত্তাৰ নিমিত্তে মই ঘোষণাকাৰী, পাঁচনি, আৰু শিক্ষক নিযুক্ত হলোঁ। ১২ এই কাৰণে মই এইবোৰ দুখভোগো কৰিছোঁ; তথাপি লজ্জিত নহওঁ; কিয়নো মই যি জনাক বিশ্বাস কৰিলোঁ, তেওঁক জানো; আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ, তাকে তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। ১৩ মোৰ পৰা যি যি শুনিলা, তাক নিৰাময় বাক্যৰ আৰ্হি বুলি খ্ৰীষ্ট্‌ যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। ১৪ যি উত্তম দান তোমাত গতাই দিয়া হৈছে, তাক আমাত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখা। ১৫ ফুগিল্ল আৰু হৰ্ম্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমুখ হল, ইয়াক তুমি জানিছা। ১৬ অনীচিফৰৰ ঘৰৰবিলাকক প্ৰভুৱে দয়া কৰক; কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল, আৰু মোৰ শিকলিত লাজ নাপাইছিল; ১৭ বৰং ৰোম নগৰত থাকোঁতে, তেওঁ যত্নৰেহে মোক বিচাৰি পাইছিল;— ১৮ তেওঁ যাতে সেই দিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক;—আৰু ইফিচতো তেওঁ কিমান সেৱা-শুশ্ৰূষা কৰিছিল, তাক তুমিও ভালকৈ জানি আছা।

আগষ্ট ১২-১৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | তীত ১–ফিলীমন

“‘বৃদ্ধলোকসকলৰ নিযুক্তি’”

(তীত ১:৫-৯) অসম্পূৰ্ণ কাৰ্য্যবোৰ সম্পূৰ্ণ কৰিবলৈ, আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে বৃদ্ধলোকক নিযুক্ত কৰিবলৈকো, ক্ৰীতি দ্বীপত মই তোমাক থৈ আহিলোঁ। ৬ কোনো মানুহ যদি নিৰ্দ্দোষী, এজনী তিৰোতাৰ স্বামী আৰু তেওঁৰ সন্তানবিলাক বিশ্বাসকাৰী, নষ্টামি-দোষত অপবাদিত বা অবাধ্য নহয়, তেন্তে তেনে মানুহ সেই বাবৰ যোগ্য। ৭ কিয়নো অধ্যক্ষ ঈশ্বৰৰ ঘৰগিৰীৰ দৰে নিৰ্দ্দোষী হব লাগে; আৰু নিজ ইচ্ছাৰে চলোঁতা, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক, আৰু কুচ্ছিত লাভ বিচৰা নহৈ, ৮ অতিথি-সেৱক, সাধুক স্নেহ কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ, পৰিমিত ভোগী, আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ, ৯ আৰু আপত্তিকাৰীবিলাকক অনুযোগ কৰিবলৈ সমৰ্থ হবৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।

w১৪ ১১/১৫ ২৮-২৯

পাঠকসকলৰ প্ৰশ্ন

প্ৰথম শতিকাত ভাইসকলক কেনেকৈ দায়িত্বত নিযুক্ত কৰা হৈছিল, তাৰ বিষয়ে বাইবেলত বিতংভাৱে বৰ্ণনা কৰা হোৱা নাই, কিন্তু বাইবেলৰ কিছুমান পদৰপৰা বুজিব পাৰি যে এনে নিৰ্ণয় কেনেকৈ লোৱা হৈছিল। উদাহৰণস্বৰূপে, পৌল আৰু বাৰ্ণব্বাই তেওঁলোকৰ প্ৰথম মিছনেৰী যাত্ৰাৰ পাছত ঘৰলৈ উভতি যোৱাৰ বিষয়ে বাইবেলে এইদৰে উল্লেখ কৰিছে: “তেওঁবিলাকৰ নিমিত্তে প্ৰত্যেক মণ্ডলীত বৃদ্ধলোকক নিযুক্ত কৰি থৈ, প্ৰাৰ্থনা কৰি আৰু লঘোন দি, যি প্ৰভুত তেওঁবিলাকে বিশ্বাস কৰিছিল, তেওঁত তেওঁবিলাকক সমৰ্পণ কৰি দিলে।” (পাঁচ. ১৪:২৩) ইয়াৰ কেইবছৰমানৰ পাছত পৌলে তীতলৈ এইদৰে লিখিছিল: “অসম্পূৰ্ণ কাৰ্য্যবোৰ সম্পূৰ্ণ কৰিবলৈ, আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে বৃদ্ধলোকক নিযুক্ত কৰিবলৈকো, ক্ৰীতি দ্বীপত মই তোমাক থৈ আহিলোঁ।” (তীত ১:৫) ঠিক সেইদৰে, অনুমান কৰা হৈছে যে তীমথিয়কো এনে অধিকাৰ দিয়া হৈছিল আৰু তেওঁ পৌলৰ লগত বহুতো যাত্ৰা কৰিছিল। (১ তীম. ৫:২২) ইয়াৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে ভাইসকলক দায়িত্ব পদত নিযুক্ত কৰাৰ কাম যিৰূচালেৰ পাঁচনি আৰু প্ৰাচীনসকলে নহয়, কিন্তু চাৰ্কিট ওভাৰচিয়াৰে কৰিছিল।

বাইবেলত দিয়া এই আৰ্হি অনুকৰণ কৰি যিহোৱা সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীয়ে প্ৰাচীন আৰু পৰিচাৰকক নিযুক্তি কৰাৰ পদ্ধতিক সাল-সলনি কৰিছে। ২০১৪ চনৰ চেপ্টেম্বৰৰপৰা ভাইসকলক দায়িত্ব পদত এইদৰে নিযুক্ত কৰা হৈছে: প্ৰত্যেক চাৰ্কিট ওভাৰচিয়াৰে নিজৰ চাৰ্কিটত কৰা প্ৰস্তাৱক গভীৰভাৱে চালি-জাৰি চোৱা উচিত। মণ্ডলীত সাক্ষাৎ কৰাৰ সময়ত প্ৰস্তাৱ দিয়া ভাইসকলৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰিব, সম্ভৱ হʼলে তেওঁৰ লগত প্ৰচাৰ কাৰ্য্যত ভাগ লʼব। প্ৰস্তাৱ দিয়া ভাইসকলৰ বিষয়ে প্ৰাচীন গোষ্ঠীৰ লগত আলোচনা কৰাৰ পাছত, চাৰ্কিট ওভাৰচিয়াৰে নিজৰ চাৰ্কিটৰ মণ্ডলীত প্ৰাচীন আৰু পৰিচাৰকসকলক দায়িত্বত নিযুক্ত কৰিব। এইদৰে ভাইসকলক দায়িত্ব পদত নিযুক্ত কৰাৰ ব্যৱস্থা প্ৰথম শতিকাৰ ব্যৱস্থাৰ লগত মিল আছে।

গতিকে, এই ব্যৱস্থাত কাৰ কাৰ ভূমিকা আছে? আগৰ দৰে ঘৰৰ কৰ্ম্মচাৰীৰ বাবে আধ্যাত্মিক ভোজনৰ ব্যৱস্থা কৰাৰ প্ৰধান দায়িত্ব ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ হয়। (মথি ২৪:৪৫-৪৭) এই দাসে পবিত্ৰ আত্মাৰ সহায়ত বাইবেলৰপৰা অনুসন্ধান কৰে, যাতে বাইবেলৰ সিদ্ধান্তবোৰ ব্যৱহাৰিক পদ্ধতিৰে পালন কৰিবলৈ তেওঁলোকে নিৰ্দেশনা দিব পাৰে। এই নিৰ্দেশনাই বিশ্বজুৰি সকলো মণ্ডলীক সঠিকভাৱে কাম কৰিবলৈ সহায় কৰে। বিশ্বাসী বুদ্ধিমান দাসে, চাৰ্কিট ওভাৰচিয়াৰ আৰু শাখা সমিতিৰ সদস্যসকলকো নিযুক্ত কৰে। শাখা কাৰ্য্যালয়ে, তেওঁলোকৰ অধীনত থকা মণ্ডলীবোৰক প্ৰশাসন গোষ্ঠীয়ে দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ সহায় কৰে। প্ৰাচীনৰ সকলো গোষ্ঠীৰ এক গভীৰ দায়িত্ব আছে। তেওঁলোকে ঈশ্বৰৰ মণ্ডলীত ভাইসকলক দায়িত্ব পদত নিযুক্তি কৰিবলৈ প্ৰস্তাৱ দিয়াৰ সময়ত, ভাইসকলৰ বাবে বাইবেলত দিয়া যোগ্যতাবোৰৰ ওপৰত ভালদৰে বিচাৰ কৰা উচিত। ইয়াৰ উপৰিও, প্ৰত্যেক চাৰ্কিট ওভাৰচিয়াৰৰ গভীৰ দায়িত্ব আছে যে তেওঁ প্ৰাচীনৰ যোগেদি কৰা প্ৰস্তাৱক ভালদৰে বিচাৰ কৰা আৰু ইয়াৰ বিষয়ে প্ৰাৰ্থনা কৰা। তাৰ পাছত যোগ্যতা থকা ভাইসকলক দায়িত্ব পদত নিযুক্ত কৰা।

আধ্যাত্মিক ৰত্ন বিচাৰক

(তীত ১:১২) তেওঁবিলাকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, ক্ৰীতীৰ মানুহবিলাক সদায় মিছলীয়া, হিংসুক জন্তু, আৰু এলেহুৱা ভাত ভাৰী।

w৮৯ ৫/১৫ ৩১ ¶৫

পাঠকসকলৰ প্ৰশ্ন

ক্ৰীতিৰ মানুহবিলাকৰ গোটেই জাতিৰ বিষয়ে যি অপমানজনক কথা কোৱা কৈছিল, তাৰ ওপৰত পৌলে সন্মত নাছিল। আমি এই কথা সম্পূৰ্ণ বিশ্বাসেৰে এই কাৰণে কʼব পাৰোঁ, কিয়নো পৌলে ভালদৰে জানিছিল যে ক্ৰীতত এনে খ্ৰীষ্টানসকল আছিল, যিসকলৰ প্ৰতি যিহোৱাই আনন্দিত হৈছিল আৰু পবিত্ৰ আত্মাৰে তেওঁলোকক অভিষিক্ত কৰা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:৫, ১১, ৩৩) তাত বহুতো খ্ৰীষ্টান থকাৰ বাবে “নগৰে নগৰে” মণ্ডলী আছিল। এয়া সত্য যে তেওঁলোকে পৰিপূৰ্ণ খ্ৰীষ্টান নাছিল। কিন্তু আমি কʼব পাৰোঁ যে তেওঁলোক মিছলীয়া, এলেহুৱা আৰু লুভীয়া নাছিল, নহʼলে তেওঁলোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ নাথাকিলেহেঁতেন। (ফিলিপীয়া ৩:১৮, ১৯; প্ৰকাশিত বাক্য ২১:৮) ক্ৰীতিত হয়তো এনে কিছুমান নম্ৰ ব্যক্তি আছিল, যিসকলে তাত হৈ থকা ব্যভিচাৰ বা বেয়া কাৰ্য্যবোৰ দেখি বেজাৰ কৰিছিল আৰু খ্ৰীষ্টৰ বাৰ্ত্তা শুনিবলৈ সাজু আছিল। এনেধৰণৰ নম্ৰ ব্যক্তি আজিও সকলো দেশতে পোৱা যায়।—যিহিষ্কেল ৯:৪; পাঁচনিৰ কৰ্ম্ম ১৩:৪৮ পদৰ লগত তুলনা কৰক।

(ফিলীমন ১৫, ১৬) কাৰণ কিজানি তুমি তেওঁক সদাকাললৈকে পাবৰ কাৰণেহে, তাক কিছু কাললৈ পৃথক কৰা হৈছিল; ১৬ পালেও, দাসৰ দৰে আৰু নহৈ, দাসতকৈ শ্ৰেষ্ঠ প্ৰিয় ভাই যেন হয়; তেওঁ মোলৈ অধিক প্ৰিয়, কিন্তু তাতকৈ মাংস আৰু প্ৰভু, এই উভয়ৰ সম্বন্ধে তোমালৈ কিমান অধিক প্ৰিয়!

w০৮ ১০/১৫ ৩১ ¶৪

তীত, ফিলীমন আৰু ইব্ৰী চিঠিখনৰ আলোকপাত

১৫, ১৬—উনীচিমক দাসত্বৰপৰা মুক্ত কৰিবলৈ পৌলে কিয় ফিলীমনক কোৱা নাছিল? পৌলে নিজৰ সম্পূৰ্ণ ধ্যান নিজৰ কামত দিব বিচাৰিছিল আৰু তেওঁৰ কাম আছিল, ‘ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে উপদেশ দিয়া।’ সেইবাবে, তেওঁ এনেধৰণৰ দাসত্ব বন্ধ কৰা সামাজিক বিষয়বোৰৰ পৰা আঁতিৰ আছিল।—পাঁচ. ২৮:৩১.

বাইবেল পাঠ

(তীত ৩:১-১৫) আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হবলৈ, আজ্ঞা মানিবলৈ, সকলো সত্‌কৰ্ম্মত যুগুত হবলৈ, ২ আৰু কাৰো নিন্দা নকৰি, নিৰ্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ, সকলো মানুহৰ প্ৰতি মৃদুভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা। ৩ কিয়নো পূৰ্ব্বে আমিও নিৰ্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানাবিধ অভিলাষ আৰু সুখভোগৰ দাস্যকৰ্ম্ম কৰা, হিংসা আৰু অসুয়াত কাল নিওৱা, ঘৃণনীয়, আৰু পৰস্পেৰ ঘৃণাকাৰী আছিলোঁ। ৪ কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ মধুৰ স্বভাৱ, আৰু মনুষ্যজাতিলৈ প্ৰেম প্ৰকাশিত হল, তেতিয়া আমি কৰা ধৰ্ম্ম-কৰ্ম্মৰ কাৰণে নহয়, ৫ কিন্তু তেওঁ নিজ দয়া-অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে; ৬ আৰু যাতে যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আমি ধাৰ্ম্মিক বুলি গণিত হৈ, অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হব পাৰোঁ, ৭ তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে। এই কথা বিশ্বাসযোগ্য। ৮ আৰু ঈশ্বৰত বিশ্বাস কৰাবিলাকে যাতে সত্‌কৰ্ম্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে এইবোৰ বিষয়ত তুমি দৃঢ় নিশ্চয়ৰ কথা কবলৈ মই তোমাক আজ্ঞা দিছোঁ। এইবোৰ কথা মানুহবিলাকৰ পক্ষে উত্তম আৰু লাভজনক। ৯ কিন্তু মূঢ় বাদ-বিচাৰ, বংশাৱলি, বিবাদ, আৰু বিধানৰ বিষয়ে বাগ্‌যুদ্ধ, এই সকলোৰ পৰা তুমি পৃথক হোৱা; কিয়নো এইবোৰ অনুপকাৰী আৰু অমৰ্থক। ১০ দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত, অগ্ৰাহ্য কৰা; ১১ কিয়নো তেনে মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ, পাপ কৰে, তাক তুমি জানা। ১২ মই তোমাৰ তালৈ আৰ্ত্তিমা বা তুখিকক পঠালে, নীকপলিত মোৰ তালৈ আহিবলৈ তুমি যত্ন কৰা; কিয়নো মই সেই ঠাইতে জাৰকাল কটাবলৈ নিশ্চয় কৰিলোঁ। ১৩ বিধান পণ্ডিত চীনাক আৰু আপল্লোক এনে যত্নৰে পঠাবা, যাতে তেওঁলোকৰ একৰো অভাৱ নহয়। ১৪ আৰু আমাৰ মানুহবিলাকো যেন নিষ্ফল নহয়, তাৰ কাৰণে প্ৰয়োজনীয় অভাৱ দূৰ কৰিবৰ কাৰণে তেওঁবিলাকে সত্‌কৰ্ম্মত লাগি থাকিবলৈ শিকক। ১৫ মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসৰ অধীনে আমাক প্ৰীতি কৰাবিলাকক মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক।

আগষ্ট ১৯-২৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ১-৩

‘ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক’

(ইব্ৰী ১:৮) কিন্তু পুত্ৰৰ উদ্দেশে হলে কয়, হে ঈশ্বৰ, তোমাৰ সিংহাসন সদাকালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ দণ্ড।

w১৪ ২/১৫ ৫ ¶৮

মহান ৰজা খ্ৰীষ্টৰ মহিমা কৰক!

৮ যিহোৱা ঈশ্বৰে ১৯১৪ চনত নিজৰ সন্তানক মচীহৰ ৰাজ্যৰ ৰজা পাতে। যীচুৰ “ৰাজদণ্ড সৰলতাৰ দণ্ড।” সেইবাবে, আমি ভৰসা কৰিব পাৰোঁ যে তেওঁৰ শাসনৰ সয়মত কোনো পক্ষপাত নহʼব আৰু তেওঁ সদায় যিহোৱা ঈশ্বৰৰ মানদণ্ডৰ অনুসৰি ন্যায় কৰিব। তেওঁ ৰজা হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিয়নো ঈশ্বৰ “সিংহাসন,” অৰ্থাৎ যিহোৱাই তেওঁক ৰজা হিচাপে নিযুক্ত কৰিছে আৰু যীচুৰ শাসন “সদাকালস্থায়ী।” যিহোৱাই নিযুক্ত কৰা ৰজাৰ অধীনত থাকি তেওঁৰ সেৱা কৰাটো আমাৰ বাবে এক গৌৰৱৰ বিষয়।

(ইব্ৰী ১:৯) তুমি ধৰ্ম্মক প্ৰেম কৰিলা আৰু অধৰ্ম্মক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গীবিলাকতকৈ তোমাক অধিক আমোদৰূপ তেলেৰে অভিষিক্ত কৰিলে।

w১৪ ২/১৫ ৪-৫ ¶৭

মহান ৰজা যীচু খ্ৰীষ্টৰ মহিমা কৰক

৭ গীতমালা ৪৫:৬, ৭ পঢ়ক। যীচুৱে ধাৰ্মিকতাক প্ৰেম কৰিছিল আৰু তেওঁৰ পিতৃক অনাদৰ কৰা বিষয়বোৰক ঘিণ কৰিছিল। সেইবাবে, যিহোৱা ঈশ্বৰে তেওঁক মচীহৰ ৰাজ্যৰ ৰজা হিচাপে অভিষিক্ত কৰিছিল। ঈশ্বৰে যীচুৰ “সঙ্গীবিলাকতকৈ” অৰ্থাৎ দায়ূদৰ বংশৰপৰা অহা যিহূদাৰ আন ৰজাসকলতকৈ যীচুক “আমোদৰূপ তেলেৰে” অভিষিক্ত কৰিছিল। এয়া কেনেকৈ? প্ৰথমে, যিহোৱা নিজেই যীচুক অভিষিক্ত কৰিছিল। দ্বিতীয়তে, যিহোৱা ঈশ্বৰে তেওঁক ৰজা আৰু মহা-পুৰোহিত হিচাপে অভিষিক্তি কৰিছিল। (গীত. ২:২; ইব্ৰী ৫:৫, ৬) তৃতীয়তে, যীচুক তেলেৰে নহয়, কিন্তু পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছিল। ইয়াৰ উপৰিও, যীচুৱে এই পৃথিৱীৰপৰা নহয়, কিন্তু স্বৰ্গৰপৰা শাসন কৰিব।

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ১:৩) সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্ত্বৰ ছাব, আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্ত্তা হৈ, পাপৰ মোচন কৰি উৰ্দ্ধলোকত মহামহিমৰ সোঁহাতে বহিব;

it-১ ১১৮৫ ¶১

প্ৰতিবিম্ব

যীচুৱে আৰম্ভণিৰপৰাই নিজৰ পিতৃৰ প্ৰতিবিম্ব আছিল নেকি? যিহোৱা ঈশ্বৰৰ প্ৰথমজাত পুত্ৰ, যাক পাছলৈ যীচু বুলি কোৱা হৈছিল, তেওঁ পিতৃৰ প্ৰতিবিম্ব আছিল। (২কৰি ৪:৪) ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ সময়ত নিশ্চয় এই কথা যীচুক কৈছিল: ‘আমি নিজৰ প্ৰতিমূৰ্ত্তিৰ দৰে মানুহ নিৰ্ম্মাণ কৰোঁহক।’ (আদি ১:২৬; যোহ ১:১-৩; কল ১:১৫, ১৬) এই সন্তানৰ সৃষ্টি হোৱাৰ সময়ৰেইপৰাই তেওঁ নিজৰ পিতৃৰ প্ৰতিবিম্ব আছিল। যেতিয়া এজন সিদ্ধ ব্যক্তি হিচাপে তেওঁ পৃথিৱীলৈ আহে, তেতিয়া তেওঁৰ গুণ আৰু স্বভাৱ নিজৰ পিতৃৰ দৰে আছিল। এজন ব্যক্তি হিচাপে তেওঁ নিজৰ পিতৃৰ গুণবোৰ যিমান পাৰে, সিমান বিকশিত কৰিছিল। সেইবাবে, তেওঁ এইদৰে কʼব পাৰিছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহ ১৪:৯; ৫:১৭, ১৯, ৩০, ৩৬; ৮:২৮, ৩৮, ৪২) কিন্তু যেতিয়া যীচুক দুবাৰ জীৱন দি স্বৰ্গত এক অদৃশ্য শৰীৰ দিয়া হয় আৰু তেওঁৰ পিতৃয়ে তেওঁক “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা” দিয়ে, তেতিয়াৰপৰা তেওঁ আগতকৈ আৰু বেছি পিতৃৰ প্ৰতিবিম্ব হৈ পৰে। (১পিত ৩:১৮; মথি ২৮:১৮) সেই সময়ত ঈশ্বৰে যীচুক আগতকৈ “অতি ওখ পদ” দি তেওঁক মহান কৰিলে। সেইবাবে, যীচুৱে আগতকৈ বেছি ঈশ্বৰৰ মহিমা প্ৰতিফলিত কৰে। এই পৃথিৱীলৈ আহোঁতে যিমান প্ৰতিফলিত কৰিছিল, তাতকৈ বহুগুণে ঈশ্বৰৰ মহিমা প্ৰতিফলিত কৰে। (ফিলি ২:৯; ইব্ৰী ২:৯) সেইবাবে, আমি কʼব পাৰোঁ যে আজি যীচুৱে “ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব” হয়।—ইব্ৰী ১:২-৪.

(ইব্ৰী ১:১০-১২) আৰু হে প্ৰভু, তুমি আদিতে পৃথিবীৰ মূল স্থাপন কৰিলা; আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম্ম; ১১ এই দুয়ো বিনষ্ট হব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব, ১২ তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰক সলাই থোৱা হব; কিন্তু তুমি একে হৈয়েই আছা, আৰু তোমাৰ বছৰৰ শেষ নহব।

it-১ ১০৬৩ ¶৭

স্বৰ্গ

গীতমালা ১০২:২৫, ২৬ পদৰ বাক্য যিহোৱা ঈশ্বৰৰ ওপৰত প্ৰযোজ্য হয়। কিন্তু পাঁচনি পৌলে এই বাক্যশাৰী যীচুৰ ওপৰত ব্যৱহাৰ কৰিছিল। কিয়নো ঈশ্বৰৰ একমাত্ৰ পুত্ৰই তেওঁৰ লগত একেলগে আকাশ আৰু পৃথিৱীৰ সৃষ্টি কৰিছিল। পৌলে কৈছিল যে আকাশ আৰু পৃথিৱী হয়তো এদিন নাইকিয়া হʼব পাৰে, কিন্তু যীচু সদায় দিনৰ বাবে থাকিব। ঈশ্বৰে ইচ্ছা কৰিলে আকাশ আৰু পৃথিৱীখনক ‘চাদৰৰ দৰে নুৰিয়াই’ ৰাখিব পাৰে।—ইব্ৰী ১:১, ২, ৮, ১০-১২; ১পিত ২:৩ পদৰ লগত তুলনা কৰক।

বাইবেল পাঠ

(ইব্ৰী ১:১-১৪) পূৰ্ব্বকালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাববাদীসকলৰ দ্বাৰাই ওপৰ-পুৰুষসকলক কথা কলত, ২ এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা কলে; সেই পুত্ৰকেই তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে, আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্ম্মাণো কৰালে; ৩ সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্ত্বৰ ছাব, আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্ত্তা হৈ, পাপৰ মোচন কৰি উৰ্দ্ধলোকত মহামহিমৰ সোঁহাতে বহিল; ৪ আৰু স্বৰ্গদূতবিলাতকৈ তেওঁ যিমান উত্তম নামৰ অধিকাৰ পালে, তেওঁবিলাতকৈ সিমান শ্ৰেষ্ঠ হল। ৫ কিয়নো, তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলোঁ; আকৌ আন ঠাইত মই তেওঁৰ পিতৃ হম, আৰু তেওঁৰ মোৰ পুত্ৰ হব; এই বুলি, ঈশ্বৰে সেই দূতবিলাকৰ মাজৰ কোন জনক কেতিয়া কলে? ৬ কিন্তু যেতিয়া তেওঁ সেই প্ৰথমে জন্মা জনাক জগতলৈ পুনৰায় আনিব, তেতিয়ালৈ চাই তেওঁ কয়, ঈশ্বৰৰ সকলো দূতে তেওঁক প্ৰণিপাত কৰক। ৭ দূতবিলাকৰ উদ্দেশে হলে, তেওঁ কয়, তেওঁ নিজ দূতবিলাকক বায়ুস্বৰূপ, আৰু নিজ সেৱকবিলাকক অগ্নি-শিখাস্বৰূপ কৰে, ৮ কিন্তু পুত্ৰৰ উদ্দেশে হলে কয়, হে ঈশ্বৰ, তোমাৰ সিংহাসন সদাকালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ দণ্ড; ৯ তুমি ধৰ্ম্মক প্ৰেম কৰিলা আৰু অধৰ্ম্মক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গীবিলাকতকৈ তোমাক অধিক আমোদৰূপ তেলেৰে অভিষিক্ত কৰিলে। ১০ আৰু হে প্ৰভু, তুমি আদিতে পৃথিবীৰ মূল স্থাপন কৰিলা; আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম্ম; ১১ এই দুয়ো বিনষ্ট হব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব, ১২ তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰক সলাই থোৱা হব; কিন্তু তুমি একে হৈয়েই আছা, আৰু তোমাৰ বছৰৰ শেষ নহব। ১৩ কিন্তু তেওঁ দূতবিলাকৰ মাজৰ কোন জনক কেতিয়া কলে, বোলে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীৰা নকৰোঁমানে, মোৰ সোঁহাতে বহি থাকা? ১৪ সেয়ে সকলো দূত, পৰিত্ৰাণৰ অধিকাৰী হবলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্য্যাৰ অৰ্থে পঠোৱা সেৱা-শুশ্ৰূষাকাৰী আত্মা নহয় জানো?

আগষ্ট ২৬–চেপ্টেম্বৰ ১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ৪-৬

“আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক”

(ইব্ৰী ৪:১) এতেকে আমি ভয়েৰে থাকোঁহঁক; কাৰণ তেওঁৰ বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা থাকিলেও, কিজানি কেনেবাকৈ তোমালোকৰ কোনোক তাৰ পৰা বঞ্চিত হোৱা যেন দেখা যায়।

(ইব্ৰী ৪:৪) কিয়নো এঠাইত তেওঁ সপ্তম দিনৰ বিষয়ে কৈছে বোলে, আৰু সপ্তম দিনা ঈশ্বৰে তেওঁৰ সকলো কৰ্ম্মৰ পৰা বিশ্ৰাম কৰিলে।

w১১ ৭/১৫ ২৪-২৫ ¶৩-৫

ঈশ্বৰৰ বিশ্ৰাম দিন বুলিলে কি বুজায়?

৩ দুটা প্ৰমাণৰ আধাৰত আমি এই মীমাংসাত উপনিত হʼব পাৰোঁ যে সপ্তম দিন প্ৰথম শতিকালৈকে চলি আছিল। প্ৰথমে আমি বিৰোধীবিলাকক কোৱা যীচুৰ বাক্যৰ ওপৰত ধ্যান দিম আৰু এই লোকসকলে বিশ্ৰামৰ দিনাখন সুস্থ কৰাৰ বাবে যীচুক নিন্দা কৰিছিল। তেওঁলোকৰ মতে সুস্থ কৰাটো এটা কাম আছিল। প্ৰভু যীচুৱে তেওঁলোকক কৈছিল: “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম্ম কৰি আছে, ময়ো কৰি আছোঁ।” (যোহ. ৫:১৬, ১৭) যীচুৱে কি কʼব বিচাৰিছিল? বিশ্ৰামৰ দিনত যীচুৱে কাম কৰিছে বুলি যি অভিযোগ কৰিছিল, তাৰ উত্তৰ যীচুৱে এইদৰে দিছিল: “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম্ম কৰি আছে।” আন এক অৰ্থত যীচুৱে এইদৰে কৈছিল: ‘মই আৰু মোৰ পিতৃ আমি দুয়ো একেধৰণৰ কাম কৰি আছোঁ। যদি মোৰ পিতৃয়ে হাজাৰ বছৰৰ দীঘলীয়া বিশ্ৰামৰ সময়ত কাম কৰি আছে, তেনেহʼলে বিশ্ৰামৰ দিনা কাম কৰাটো কিয় ভুল হয়।’ এইদৰে যীচুৱে দেখুৱালে যে পৃথিৱীৰ বিষয়ে ঈশ্বৰৰ মহান বিশ্ৰাম দিন অৰ্থাৎ সপ্তম দিন যীচুৰ সময়ত শেষ হোৱা নাছিল।

৪ দ্বিতীয় প্ৰমাণ আমি পাঁচনি পৌলৰপৰা লাভ কৰোঁ। তেওঁ ঈশ্বৰৰ বিশ্ৰামৰ বিষয়ে আদিপুস্তক ২:২ পদৰ উদ্ধৃতি দি এইদৰে লিখিছিল: “বিশ্বাস কৰা যি আমি, আমি সেই বিশ্ৰামত সোমাবলৈ পাওঁ।” (ইব্ৰী ৪:৩, ৪, ৬, ৯) ইয়াৰপৰা বুজিব পাৰি যে সপ্তম দিন পৌলৰ সময়লৈকে চলি আছিল। সেই দিন আৰু কিমান দীঘলীয়া আছিল?

৫ দ্বিতীয় প্ৰশ্নৰ উত্তৰ জনাৰ আগতে আমি সপ্তম দিনৰ উদ্দেশ্যৰ বিষয়ে মনত ৰখা উচিত। আদিপুস্তক ২:৩ পদত সেই উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰিছে: “ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে।” সেই দিনক ‘পবিত্ৰ কৰাৰ’ অৰ্থ হৈছে যিহোৱাৰ যোগেদি সেই দিনক শুচি কৰিলে বা আছুতীয়াকৈ ৰাখিলে যাতে তেওঁৰ উদ্দেশ্য পূৰ কৰিব পাৰে। এই উদ্দেশ্য আছিল, আজ্ঞাকাৰী পুৰুষ আৰু তিৰোতাই পৃথিৱীখনক চোৱা-চিতা কৰিব আৰু তাত অনন্ত কালৰ বাবে বাস কৰিব। (আদিপুস্তক ১:২৮) এই উদ্দেশ্যক পূৰ কৰিবলৈ যিহোৱা ঈশ্বৰ আৰু “বিশ্ৰামবাৰৰ অধিপতি” যীচু দুয়োজনে “এতিয়ালৈকে কৰ্ম্ম কৰি আছে।” (মথি ১২:৮) যেতিয়ালৈকে মচীহৰ হাজাৰ বছৰৰ শাসন সম্পূৰ্ণ নহʼব, তেতিয়ালৈকে ঈশ্বৰৰ বিশ্ৰাম দিন চলি থাকিব।

(ইব্ৰী ৪:৬) এতেকে, তাত কোনোবা কোনোবাই যে যেনে হলেও সোমাব, এই সোমোৱাটো বাকী থকাত, আৰু যিবিলাকৰ আগত শুভবাৰ্ত্তা আগেয়ে প্ৰচাৰিত হৈছিল, তেওঁবিলাকে অবিশ্বাসৰ কাৰণে সোমাবলৈ নোপোৱাত।

w১১ ৭/১৫ ২৫ ¶৬

ঈশ্বৰৰ বিশ্ৰাম দিন বুলিলে কি বুজায়?

৬ আদম আৰু হৱাক ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে ভালদৰে বুজোৱা হৈছিল। তথাপিও তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে। আদম আৰু হৱা, এনে প্ৰথম পুৰুষ আৰু তিৰোতা আছিল, যিসকলে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল। কিন্তু ইয়াৰ পাছতো লাখ লাখ লোক তেওঁলোকৰ দৰেই কৰিলে। ইয়াৰ উপৰিও, নিযুক্ত কৰা ইস্ৰায়েল জাতিয়ো তেওঁলোকৰ দৰে জীৱন-যাপন কৰিলে। পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক সতৰ্ক কৰিছিল যে তেওঁলোকেও ইস্ৰায়েলীসকলৰ দৰে হʼব পাৰে। পৌলে লিখিছিল: “এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এই কাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহঁক।” (ইব্ৰী ৪:১১) মন কৰক পৌলে আজ্ঞা উলংঘন কৰা বিষয়ক ঈশ্বৰৰ বিশ্ৰাম দিনত প্ৰৱেশ কৰাৰ লগত জড়িত কৰিছে। ইয়ে আমাৰ বাবে কি অৰ্থ ৰাখে? ইয়াৰ অৰ্থ এইটো নেকি যে যদি আমি ঈশ্বৰৰ উদ্দেশ্যৰ বিৰুদ্ধে কাম কৰোঁ, তেন্তে আমি ঈশ্বৰৰ বিশ্ৰাম দিনত প্ৰৱেশ কৰিব নোৱাৰিম? এই প্ৰশ্নবোৰৰ উত্তৰ জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, যাৰ বিষয়ে আমি আগলৈ শিকিম। আহক আমি চাওঁ যে ইস্ৰায়েলীসকলৰ বেয়া উদাহৰণৰপৰা আমি ঈশ্বৰৰ বিশ্ৰাম দিনত প্ৰৱেশ কৰাৰ বিষয়ে আৰু কি শিকিব পাৰোঁ।

(ইব্ৰী ৪:৯-১১) এতেকে ঈশ্বৰৰ লোকৰ কাৰণে বিশ্ৰাম-বাৰৰ ভোগ বাকী আছে। ১০ কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম্মৰ পৰা বিশ্ৰাম কৰিলে, তেনেকৈ যি জনে তেওঁৰ বিশ্ৰামত সোমাল, সেই জনেও নিজৰ কৰ্ম্মৰ পৰা বিশ্ৰাম কৰিলে। ১১ এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এই কাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহঁক।

w১১ ৭/১৫ ২৮ ¶১৬-১৭

ঈশ্বৰৰ বিশ্ৰাম দিন বুলিলে কি বুজায়?

১৬ আজি উদ্ধাৰ পাবলৈ কোনো খ্ৰীষ্টানে মোচিৰ কোনো নিয়ম পালন কৰিবলৈ জোৰ নকৰে। পৌলে ঈশ্বৰৰ প্ৰেৰণাৰে ইফিচীয়া খ্ৰীষ্টানসকললৈ স্পষ্টৰূপে এইদৰে লিখিছিল: “অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; সেয়ে তোমালোকৰ পৰা নহয়; ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্ম্মৰ পৰাও নহয়।” (ইফি. ২:৮, ৯) তেনেহʼলে খ্ৰীষ্টানসকলে ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰাৰ অৰ্থ কি? যিহোৱাই সপ্তম দিন অৰ্থাৎ নিজৰ বিশ্ৰাম দিন পৃথিৱীৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ আছুতীয়াকৈ ৰাখিছিল। আজি যিহোৱাই নিজৰ সংগঠনৰ যোগেদি নিজৰ উদ্দেশ্য প্ৰকাশ কৰিছে। যদি আমি তেওঁৰ উদ্দেশ্যৰ অনুসৰি কাম কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ বিশ্ৰামত প্ৰেৱশ কৰিব পাৰিম।

১৭ যদি আমি বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি দিয়া বাইবেলৰ নিৰ্দেশনাবোৰ আওকাণ কৰোঁ আৰু আমি নিজৰ ইচ্ছা অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আমি যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে কাম কৰা হʼব। এনে কৰিলে যিহোৱাৰ লগত আমাৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। পৰৱৰ্তী লেখত আমি এনে কিছুমান পৰিস্থিতিৰ ওপৰত ধ্যান দিম, যাৰ প্ৰভাৱ ঈশ্বৰৰ সেৱকসকলৰ ওপৰত পৰিছে আৰু আলোচনা কৰিম যে এই বিষয়ত আমি যি নিৰ্ণয় লওঁ, ইয়ে কেনেকৈ প্ৰমাণ কৰিব যে আমি সঁচাকৈ ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিছোঁ নে, নাই।

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ৪:১২) কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।

w১৬.০৯ ১৩

পাঠকসকলৰ প্ৰশ্ন

ইব্ৰী ৪:১২ পদৰ অনুসৰি “ঈশ্বৰৰ বাক্য” বুলিলে কি বুজায়, যি “জীয়া, আৰু কাৰ্য্য-সাধক”?

▪ ওচৰে-পাঁজৰে থকা শাস্ত্ৰপদবোৰে প্ৰমাণ কৰে যে পাঁচনি পৌলে বাইবেলত উল্লেখ কৰা ঈশ্বৰৰ বাৰ্ত্তা বা তেওঁৰ উদ্দেশ্যৰ বিষয়ে কৈছে।

আমাৰ প্ৰকাশন আৰু আলোচনীবোৰত ইব্ৰী ৪:১২ পদৰ উদ্ধৃতি দি বৰ্ণনা কৰে যে বাইবেল হৈছে ঈশ্বৰৰ বাক্য আৰু ইয়ে মানুহৰ জীৱন পৰিৱৰ্তন কৰাৰ ক্ষমতা ৰাখে। এই পদক এইদৰে বুজোৱাটো সঠিক হয়। কিন্তু ইব্ৰী ৪:১২ পদৰ ওচৰে-পাঁজৰে থকা পদৰপৰা বুজিব পাৰি যে “ঈশ্বৰৰ বাক্য” বাইবেল নহয়, কিন্তু ঈশ্বৰৰ উদ্দেশ্যহে হয়। পৌলে ইব্ৰী খ্ৰীষ্টানসকলক ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি কাম কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ কিছুমান উদ্দেশ্য পবিত্ৰ শাস্ত্ৰত দিয়া আছে। পৌলে মিচৰ দেশৰ দাসত্বৰপৰা মুক্ত কৰা ইস্ৰায়েলীসকলৰ উদাহৰণ দিছিল। তেওঁলোক প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ এক ভাল সুযোগ আছিল, যʼত “গাখীৰ মৌ-জোল” বৈছিল। সঁচাকৈ, তেওঁলোকে সেই ঠাইত প্ৰকৃত আনন্দ লাভ কৰিব পাৰিলেহেঁতেন।—যাত্ৰা. ৩:৮; দ্বিতী. ১২:৯, ১০.

এয়া আছিল ঈশ্বৰৰ উদ্দেশ্য। কিন্তু আগলৈ ইস্ৰায়েলীসকলে নিজৰ হৃদয় নিষ্ঠুৰ কৰি লʼলে আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিলে। সেইবাবে, তেওঁলোকৰ মাজৰ বেছিভাগ লোকে এই বিশ্ৰামত প্ৰৱেশ কৰিব নোৱাৰিলে। (গণ. ১৪:৩০; যিহো. ১৪:৬-১০) কিন্তু পৌলে আগলৈ কয় “তেওঁৰ [ঈশ্বৰ] বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা” এতিয়ালৈকে চলি আছে। (ইব্ৰী ৩:১৬-১৯; ৪:১) সেই “প্ৰতিজ্ঞা” ঈশ্বৰৰ উদ্দেশ্যৰ এক ভাগ হয়। ইব্ৰী খ্ৰীষ্টানসকলৰ দৰে আমিও সেই উদ্দেশ্যৰ বিষয়ে শিকিব পাৰোঁ আৰু তাৰ অনুসৰি কাম কৰিব পাৰোঁ। এই প্ৰতিজ্ঞা শাস্ত্ৰৰ ওপৰত আধাৰিত। এই কথাৰ ওপৰত জোৰ দিবলৈ পৌলে আদিপুস্তক ২:২ আৰু গীতমালা ৯৫:১১ পদৰপৰা কিছুমান কথা জনায়।

“তেওঁৰ [ঈশ্বৰ] বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা” এতিয়ালৈকে চলি আছে। ইয়ে আমাৰ হৃদয় স্পৰ্শ নকৰেনে? আমি ঈশ্বৰৰ বিশ্ৰাম দিনত প্ৰৱেশ কৰিব পাৰিম বুলি বাইবেলৰ এই আশাৰ ওপৰত ভৰসা কৰিব পাৰোঁ আৰু ইয়াৰ বাবে আমি পদক্ষেপ লৈছোঁ। কি পদক্ষেপ? এই পদক্ষেপ মোচিৰ নিয়ম পালন কৰি বা আন কোনো কাম কৰি যিহোৱাৰ অনুমোদন লাভ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে নিজৰ উদ্দেশ্যৰ বিষয়ে যি কৈছে, সেই অনুসৰি আমি সম্পূৰ্ণ বিশ্বাসেৰে কাম কৰিছোঁ আৰু আগলৈও কৰি থাকিম। ইয়াৰ উপৰিও, এই লেখৰ আৰম্ভণিতে উল্লেখ কৰা হৈছে যে গোটেই পৃথিৱীৰ হাজাৰ হাজাৰ লোকে বাইবেল অধ্যয়ন কৰি আছে আৰু ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে শিকি আছে। ইয়াৰে কিছুমানৰ ওপৰত ইমানেই প্ৰভাৱ পৰিছে যে তেওঁলোকে বিশ্বাস কৰি নিজৰ জীৱন পৰিৱৰ্তন কৰিছে আৰু বাপ্তিষ্মা লৈ খ্ৰীষ্টান হৈ পৰিছে। এই কথাই স্পষ্টৰূপে প্ৰমাণ কৰে যে “ঈশ্বৰৰ বাক্য, জীয়া আৰু কাৰ্য্য-সাধক।” বাইবেলত উল্লেখ কৰা ঈশ্বৰৰ উদ্দেশ্য আমাৰ জীৱনত আগতেই প্ৰভাৱ পৰিছে আৰু আগলৈও প্ৰভাৱ পৰি থাকিব।

(ইব্ৰী ৬:১৭, ১৮) সেইদৰে ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীবিলাকক তেওঁৰ আলচৰ অলৰতা বাহুল্যৰূপে দেখুৱাবৰ মনেৰে, শপতক মধ্যস্থ কৰিলে; ১৮ যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য, এনে অলৰ দুই বিষয়ৰ দ্বাৰাই, আমাৰ আগত থকা আশা অৱলম্বন কৰিবৰ কাৰণে আশ্ৰয়লৈ পলোৱা যি আমি, আমি যেন দঢ় আশ্বাস পাওঁ, তাৰ কাৰণে কৰিলে।

it-১ ১১৩৯ ¶২

আশা

মানৱজাতিৰ বাবে অনন্ত জীৱনৰ আশা আছে আৰু যিসকল লোকে ‘স্বৰ্গীয় আমন্ত্ৰণ’ লাভ কৰিছে, তেওঁলোকৰ কোনো অক্ষয়তা নাই। (ইব্ৰী ৩:১) এই আশা নিশ্চিত আৰু দুটা কাৰণৰ বাবে ইয়াৰ ওপৰত ভৰসা কৰিব পাৰি। এই দুটা বিষয়ত ঈশ্বৰে মিছা কোৱাটো অসম্ভৱ। এই দুটা বিষয় হৈছে ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু তেওঁৰ প্ৰতিশ্ৰুতি। এই আশা খ্ৰীষ্টৰ বাবে সম্ভৱ হʼল, যিয়ে এতিয়া স্বৰ্গত অমৰ জীৱন লাভ কৰিছে। সেইবাবে কʼব পাৰি যে “আমি পোৱা সেই আশা আত্মাৰ লঙ্গৰস্বৰূপ; সেয়ে নিশ্চয়, দৃঢ়, আঁৰ-কাপোৰৰ ভিতৰ ফাললৈকে সোমোৱা; সেই ঠাইত যীচু অগ্ৰগামী হৈ, মল্কীচেকদৰ ৰীতি অনুসাৰে নিত্য মহা-পুৰোহিত হৈ, আমাৰ নিমিত্তে সোমাল।”—ইব্ৰী ৬:১৭-২০.

বাইবেলৰ পাঠ

(ইব্ৰী ৫:১-১৪) কিয়নো প্ৰতিজন মহা-পুৰোহিত মানুহবিলাকৰ মাজৰ পৰা লোৱা হৈ, পাপৰ নিমিত্তে উপহাৰ আৰু বলিদান উত্‌সৰ্গ কৰিবলৈ, মানুহৰ অৰ্থে ঈশ্বৰোদ্দেশ্য কাৰ্য্যত নিযুক্ত; ২ আৰু অজ্ঞান আৰু ভ্ৰান্তবিলাকৰ প্ৰতি কোমল ব্যৱহাৰ কৰিবলৈ সমৰ্থ; কিয়নো তেওঁ নিজে দুৰ্ব্বলতাৰে আবৃত; ৩ আৰু তাৰ কাৰণেই মানুহবিলাকৰ কাৰণে যেনেকৈ নিজৰ নিমিত্তেও তেনেকৈ, পাপৰ অৰ্থে উত্‌সৰ্গ কৰা তেওঁৰ আৱশ্যক। ৪ আৰু কোনেও নিজৰ কাৰণে সেই সমাদৰ নিজে নলয়; কিন্তু ঈশ্বৰৰ দ্বাৰাই আমন্ত্ৰিত হলেহে তাক পায়; হাৰোণেও তেনেকৈয়েহে পাইছিল। ৫ সেই দৰে খ্ৰীষ্টেও মহা-পুৰোহিত হবলৈ নিজকে নিজে গৌৰৱান্বিত নকৰিলে; কিন্তু যি জনাই তেওঁক কলে, তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলোঁ; সেই জনাইহে তেওঁক গৌৰৱান্বিত কৰিলে। ৬ সেই দৰে আন ঠাইতো কৈছে, মল্কীচেদকৰ ৰীতি-অনুসাৰে, তুমি নিত্য পুৰোহিত হৈছা। ৭ তেওঁ নিজ শৰীৰত প্ৰবাস কৰা কালত, মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা জনাৰ আগত অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন আৰু সাধ্যসাধনা উত্‌সৰ্গ কৰি, ভক্তিভাৱৰ কাৰণে উত্তৰ পাই, ৮ পুত্ৰ হৈয়ো, দুখভোগৰ দ্বাৰাই আজ্ঞাধীন হবলৈ শিক্ষা পালে; ৯ আৰু তেওঁ সিদ্ধ হৈ, তেওঁৰ সকলো আজ্ঞাধীনবিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্ত্তা হল; ১০ আৰু মল্কীচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হল। ১১ সেই জনাৰ বিষয়ে আমাৰ অনেক কথা কবলৈ আছে; কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাত, তাক বুজাবলৈ টান। ১২ কিয়নো যি স্থলত ইমান দিনে তোমালোক শিক্ষক হব লাগিছিল, এনে স্থলত, কোনোৱে যেন পুনৰায় তোমালোকক ঈশ্বৰৰ বচনসমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, তোমালোকৰ এনে প্ৰয়োজন হল; আৰু তোমালোক এনেকুৱা মানুহ হলা যে, টান আহাৰ নহয়, গাখীৰ তোমালোকৰ প্ৰয়োজন হল। ১৩ কিয়নো যাৰ আহাৰ গাখীৰ, ধৰ্ম্ম-বাক্যত তাৰ অভ্যাস নাই; কাৰণ তেওঁ শিশু। ১৪ কিন্তু টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক