ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr19 ছেপ্টেম্বৰ পৃষ্ঠা ১-১২
  • চেপ্টেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
  • উপশীৰ্ষক
  • চেপ্টেম্বৰ ২-৮
  • চেপ্টেম্বৰ ৯-১৫
  • চেপ্টেম্বৰ ১৬-২২
  • চেপ্টেম্বৰ ২৩-২৯
  • চেপ্টেম্বৰ ৩০–অক্টোবৰ ৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০১৯
mwbr19 ছেপ্টেম্বৰ পৃষ্ঠা ১-১২

চেপ্টেম্বৰ—জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

চেপ্টেম্বৰ ২-৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ৭-৮

“মল্কীচেদকৰ ৰীতি-অনুসাৰে, নিত্য পুৰোহিত হোৱা”

(ইব্ৰী ৭:১, ২) কিয়নো সেই যি মল্কীচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল আৰু ৰজাসকলক সংহাৰ কৰি বাটত উলটি অহা অব্ৰাহামক লগ পাই, তেওঁক আশীৰ্ব্বাদ কৰিছিল, ২ আৰু যি জনক অব্ৰাহামে সকলোৰে পৰা দহ ভাগৰ এভাগ দিছিল, (প্ৰথমে তেওঁৰ নামৰ অৰ্থ ধৰ্ম্মৰাজ, পাছত চালেমৰ ৰজা, অৰ্থাৎ শান্তিৰাজ হয়।

it-২ ৩৬৬

মল্কীচেদক

মল্কীচেদক চালেমৰ ৰজা আছিল আৰু “সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত” আছিল। (আদি ১৪:১৮, ২২) বাইবেলত পুৰোহিত হিচাপে প্ৰথমে তেওঁৰ নাম উল্লেখ আছে। তেওঁ খ্ৰীষ্ট পূৰ্ব্ব ১৯৩৩ চনৰ কিছুসময়ৰ আগতে পুৰোহিত হৈছিল। চালেম নামৰ অৰ্থ হৈছে “শান্তি।” সেইবাবে, পাঁচনি পৌলে কৈছিল যে মল্কীচেদক “শান্তিৰাজ” আৰু নিজৰ নামৰ অৰ্থ অনুসৰি “ধৰ্ম্মৰাজ” হয়। (ইব্ৰী ৭:১, ২) বিশ্বাস কৰা হয় যে পুৰণি সময়ত চালেমৰপৰাই আগলৈ যিৰূচালেম চহৰখন উলাইছিল। যিৰূচালেমৰ নাম চালেমৰপৰাই লোৱা হৈছে আৰু ইয়াক “চালেম” বুলিও কোৱা হয়।—গীত ৭৬:২.

এবাৰ অব্ৰামে (অব্ৰাহাম) কদৰ্লায়োমৰ আৰু তেওঁৰ লগত থকা ৰজাসকলক পৰাজয় কৰাৰ পাছত চাবিলৈ গৈছিল, যাক “ৰজাৰ উপত্যকা” বুলিও কোৱা হৈছিল। তাত মল্কীচেদকে “পিঠা আৰু দ্ৰাক্ষাৰস” লৈ তেওঁক লগ কৰিবলৈ আহিলে আৰু তেওঁ অব্ৰামক আশীৰ্ব্বাদ দি কʼলে, “স্বৰ্গ আৰু পৃথিবীৰ অধিকাৰী সৰ্ব্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক; আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰা সৰ্ব্বোপৰি ঈশ্বৰো ধন্য হওক।” তেতিয়া অব্ৰাহামে “সকলো বস্তুৰ দহ ভাগৰ এভাগ” অৰ্থাৎ ‘সকলো ভাগৰ উত্তম ভাগ,’ যি তেওঁ ৰজাক পৰাজয় কৰি লুট কৰি আনিছিল, সেইবোৰ ৰজা আৰু পুৰোহিত মল্কীচেদকক দিছিল।—আদি ১৪:১৭-২০; ইব্ৰী ৭:৪.

(ইব্ৰী ৭:৩) তেওঁৰ পিতৃ, বা বংশাৱলি, বা আয়ুসৰ আদি, বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হল,) তেওঁ সদায় পুৰোহিত হৈ থাকে।

it-২ ৩৬৭ ¶৪

মল্কীচেদক

এয়া কোৱাটো কিয় সত্য হʼব যে মল্কীচেদকৰ “আয়ুসৰ আদি বা জীৱনৰ অন্ত নাই”?

পৌলে মল্কীচেদকৰ বিষয়ে এক আচৰিতজনক কথা কৈছিল: “তেওঁৰ পিতৃ, বা বংশাৱলি, বা আয়ুসৰ আদি, বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হল,) তেওঁ সদায় পুৰোহিত হৈ থাকে।” (ইব্ৰী ৭:৩) মানুহৰ দৰে মল্কীচেদকৰো জন্ম আৰু মৃত্যু হৈছিল। কিন্তু তেওঁৰ পিতৃ-মাতৃ কোন আছিল, তাৰ বিষয়ে উল্লেখ নাই। ইয়াৰ উপৰিও, তেওঁৰ বংশাৱলি বা আহিবলগীয়া বংশধৰৰ বিষয়েও কোনো উল্লেখ কৰা হোৱা নাই আৰু তেওঁলোকৰ জন্ম আৰু মৃত্যুৰ বিষয়েও বাইবেলত উল্লেখ নাই। সেইবাবে, মল্কীচেদক প্ৰকৃততে যীচুক চিত্ৰিত কৰা হয়, যাৰ পুৰোহিত পদ কেতিয়াও অন্ত নহʼব। মল্কীচেদকৰ পদত আগতে কোনো পুৰোহিত নাছিল আৰু পাছতো কোনো নাছিল। ঠিক সেইদৰে, বাইবেলৰ পদৰপৰা বুজিব পাৰি যে খ্ৰীষ্টৰ দৰে মহাপুৰোহিত আগতে কোনো নাছিল আৰু পাছতো কোনো নহʼব। ইমানেই নহয়, যীচুৰ জন্ম যিহূদাৰ বংশত হৈছিল আৰু ৰজা দায়ূদৰ বংশৰপৰা আছিল, কিন্তু ইয়াৰ বাবে তেওঁক মহাপুৰোহিত পদ দিয়া নাছিল, তেওঁৰ বংশাৱলিৰ বাবে তেওঁক মহাপুৰোহিত আৰু ৰজা বনোৱা নাছিল। তেওঁৰ বিষয়ে যিহোৱা ঈশ্বৰে নিজেই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ৰজা আৰু মহাপুৰোহিত হʼব।

(ইব্ৰী ৭:১৭) কিয়নো এই সাক্ষ্য দিয়া হৈছে যে, মল্কীচেদকৰ ৰীতি অনুসাৰে, তুমি নিত্য পুৰোহিত হৈছা।

it-২ ৩৬৬

মল্কীচেদক

মল্কীচেদকৰ পুৰোহিত পদে, যীচুৰ পুৰোহিত পদক চিত্ৰিত কৰে। খ্ৰীষ্টৰ বিষয়ে কৰা এটা ভৱিষ্যতবাণীত কোৱা হৈছিল যে যিহোৱাই নিজেই দায়ূদৰ “প্ৰভুক” প্ৰতিজ্ঞা কৰিছিল, “মল্কীচেদকৰ ৰীতি অনুসাৰে, তুমি নিত্য পুৰোহিত হোৱা।”(গীত ১১০:১, ৪) ঈশ্বৰৰ প্ৰেৰণাৰে লিখা গীতমালাৰ এই পদৰপৰা ইব্ৰী লোকসকলে বুজিব পাৰিলে যে প্ৰতিজ্ঞা কৰা মচীহ মহাপুৰোহিত আৰু ৰজা এই দুয়োটাই হʼব। পাঁচনি পৌলেও ইব্ৰী খ্ৰীষ্টানসকললৈ লিখা পত্ৰত মচীহৰ বিষয়ে স্পষ্টৰূপে কৈছিল যে “যীচু অগ্ৰগামী হৈ মল্কীচেদকৰ ৰীতি অনুসাৰে নিত্য মহা-পুৰোহিত” হৈছিল।—ইব্ৰী ৬:২০; ৫:১০; চুক্তি চাওক।

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ৮:৩) কিয়নো প্ৰত্যেক মহাপুৰোহিত উপহাৰ আৰু বলিদান উত্‌সৰ্গ কৰিবলৈ নিযুক্ত হৈছে; এতেকে তেৱোঁ যিহক উত্‌সৰ্গ কৰিব পাৰে, তেওঁৰ এনে কিবা থাকিবৰ আৱশ্যক।

w০০ ৮/১৫ ১৪ ¶১১

ঈশ্বৰে আনন্দ হোৱা বলিদান

১১ পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰত্যেক মহাপুৰোহিত উপহাৰ আৰু বলিদান উত্‌সৰ্গ কৰিবলৈ নিযুক্ত হৈছে।” (ইব্ৰী ৮:৩) মোচিৰ নিয়ম অনুসৰি ইস্ৰায়েলৰ মহাপুৰোহিতে “উপহাৰ” দিছিল আৰু “বলিদান” বা ‘পাপৰ বলিদান’ দিছিল। (ইব্ৰী ৫:১) যেতিয়া কোনোবাই কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব বিচাৰে, আদৰ দেখুৱাব বিচাৰে, ভাল সম্পৰ্ক ৰাখিব বিচাৰে বা সুখী কৰিব বিচাৰে, তেতিয়া তেওঁ উপহাৰ দিছিল। (আদিপুস্তক ৩২:২০; হিতোপদেশ ১৮:১৬) ঠিকে সেইদৰে, ইস্ৰায়েলীসকলে ঈশ্বৰৰ প্ৰতি প্ৰেম দেখুৱাবলৈ আৰু তেওঁৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ “উপহাৰ” দিছিল। কিন্তু যেতিয়া কোনোবা ইস্ৰায়েলীয়ে নিয়ম উলংঘা কৰি পাপ কৰে, তেতিয়া তেওঁৰ অনুতাপৰ বাবে ‘পাপৰ বলিদান’ উৎসৰ্গ কৰিবলগীয়া হৈছিল। নিয়ম ব্যৱস্থাত কি কি বলিদান উৎসৰ্গ কৰিবলৈ আজ্ঞা দিয়া হৈছিল, ইয়াৰ বিষয়ে আদিপুস্তক কিতাপৰপৰা দ্বিতীয় বিবৰণ কিতাপলৈকে, বিশেষকৈ যাত্ৰাপুস্তক, লেবীয়া পুস্তক আৰু গণনা পুস্তক কিতাপত বিতংভাৱে উল্লেখ কৰা আছে। যদিও এই বিৱৰণ মনত ৰাখিবলৈ আমাৰ বাবে অসুবিধা হয়, তথাপিও ইয়াৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন।

(ইব্ৰী ৮:১৩) এই নিয়মটো তেওঁ নতুন বোলাত, প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি আৰু জীৰ্ণপ্ৰায়, সেয়ে দৃষ্টিৰ অগোচৰ হবলৈ উদ্যত হৈছে।

it-১ ৫২৩ ¶৫

নিয়ম

নিয়ম চুক্তি কেনেকৈ “জীৰ্ণপ্ৰায়” হৈছিল?

যিহোৱা ঈশ্বৰে যেতিয়া ভৱিষ্যতবক্তা যিৰিমিয়াৰ যোগেদি নতুন নিয়ম চুক্তি দিয়া হʼব বুলি ঘোষণা কৰিছিল, তেতিয়া নিয়ম চুক্তি “জীৰ্ণপ্ৰায়” হৈ পৰিছিল। (যিৰি ৩১:৩১-৩৪; ইব্ৰী ৮:১৩) ৩৩ খ্ৰীষ্টাব্দত যেতিয়া যীচুক যাতনা-স্তম্ভত মৃত্যুদণ্ড দিয়া হৈছিল, তেতিয়া নিয়ম চুক্তি বাতিল কৰা হৈছিল। (কল ২:১৪) এই নিয়মৰ বিপৰীতে নতুন নিয়ম স্থাপন কৰা হৈছিল।—ইব্ৰী ৭:১২; ৯:১৫; পাঁচ ২:১-৪.

বাইবেল পাঠ

(ইব্ৰী ৭:১-১৭) কিয়নো সেই যি মল্কীচেদক চালেমৰ ৰজা আৰু সৰ্ব্বপৰি ঈশ্বৰৰ পুৰোহিত আছিল, আৰু ৰজাসকলক সংহাৰ কৰি বাটত উলটি অহা অব্ৰাহামক লগ পাই, তেওঁক আশীৰ্ব্বাদ কৰিছিল, ২ আৰু যি জনক অব্ৰাহামে সকলোৰে পৰা দহ ভাগৰ এভাগ দিছিল, (প্ৰথমে তেওঁৰৰ নামৰ অৰ্থ ধৰ্ম্মৰাজ, পাছত চালেমৰ ৰজা, অৰ্থাৎ শান্তিৰাজ হয়; ৩ তেওঁৰ পিতৃ, বা বংশাৱলি, বা আয়ুসৰ আদি, বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সাদৃশ্য কৰা হল,) তেওঁ সদায় পুৰোহিত হৈ থাকে। ৪ বিবেচনা কৰি চোৱা, যি জনাক আমাৰ পিতৃ-কুলপতি অব্ৰাহামে লুট কৰা বস্তুৰ দহ ভাগৰ এভাগ দিলে, তেওঁ কেনে মহান। ৫ আৰু লেবীৰ সন্তানবিলাকৰ মাজৰ যিবিলাকে পুৰোহিত-বাব পালে, তেওঁবিলাকে বিধান অনুসাৰে মানুহবিলাকৰ পৰা, অৰ্থাৎ অব্ৰাহামৰ কটিৰ পৰা ওলোৱা নিজ ভাইবিলাকৰ পৰা দশম ভাগ লবলৈ আদেশ পালে; ৬ কিন্তু যি জনৰ বংশাৱলি তেওঁবিলাকৰ মাজৰ পৰা গণিত হোৱা নাই, সেই জনে অব্ৰাহামৰ পৰা দশম ভাগ লৈ, প্ৰতিজ্ঞাবোৰৰ অধিকাৰীকেই আশীৰ্ব্বাদ কৰিছিল। ৭ আৰু সৰু লোকে বৰৰ পৰাহে আশীৰ্ব্বাদ পোৱা হয়, ইয়াত সংশয় নাই। ৮ আৰু ইটোত হলে, যিবিলাকে দশম ভাগ পায়, তেওঁবিলাক মৃত্যুৰ অধীন মানুহ; কিন্তু সিটোত, যি জনে দহ ভাগৰ এভাগ পায়, তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে। ৯ আৰু দহ ভাগৰ এভাগ পোৱা যি লেবী, তেওঁ নিজেই অব্ৰাহামৰ দ্বাৰাই দহ ভাগৰ এভাগ দিলে, ইয়াকো কলে কব পাৰি; ১০ কিয়নো মল্কীচেদকে যেতিয়া তেওঁৰ পিতৃক লগ পালে, তেতিয়া লেবী তেওঁৰ কটিৰ ভিতৰতে আছিল। ১১ এতেকে সেই লেবীয়া পৌৰোহিত্যৰ দ্বাৰাই সম্পূৰ্ণতা হোৱা হলে,-কিয়নো তাৰ সম্পৰ্কে মানুহবিলাকে বিধান পালে;- হাৰোণৰ ৰীতি অনুসাৰে গণিত নহৈ, মল্কীচেদকৰ ৰীতি অনুসাৰে আন ৰকম পুৰোহিত উত্‌পন্ন হবৰ আৰু কি প্ৰয়োজন? ১২ কিয়নো পৌৰোহিত্য সলনি হোৱাত, বিধানো সলনি হোৱা আৱশ্যক। ১৩ কাৰণ যি জনৰ বিষয়ে কোৱা গৈছে, তেওঁ অন্য ফৈদৰ; সেই ফৈদৰ মাজৰ কোনেও যজ্ঞ-বেদিৰ কৰ্ম্ম কৰা নাই। ১৪ কিয়নো আমাৰ প্ৰভু যে যিহূদা ফৈদৰ পৰা উত্‌পন্ন হয়, এয়ে সুপষ্ট; কিন্তু সেই ফৈদৰ কথাত মোচিয়ে পুৰোহিতসকলৰ বিষয়ে একো কোৱা নাই। ১৫ আৰু, যি জনা মাংসিক আদেশৰ বিধান অনুসাৰে নহৈ, অলোপ্য জীৱনৰ শক্তি অনুসাৰে হল, ১৬ মল্কীচেদকৰ সাদৃশ্যৰ দৰে এনে আন ৰকমৰ এজনা পুৰোহিত যদি উত্‌পন্ন হয়, তেন্তে আমাৰ কথা আৰু অধিককৈ সপ্ৰমাণ হয়। ১৭ কিয়নো এই সাক্ষ্য দিয়া হৈছে যে, মল্কীচেদকৰ ৰীতি অনুসাৰে, তুমি নিত্য পুৰোহিত হৈছা।

চেপ্টেম্বৰ ৯-১৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ৯-১০

“ভাবী মঙ্গলৰ ছায়াবিশিষ্ট”

(ইব্ৰী ৯:১২-১৪) ছাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, একেবাৰতে পবিত্ৰস্থানত সোমাই, অনন্ত কালস্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। ১৩ কিয়নো ছাগৰ আৰু ভতৰাৰ তেজে, আৰু অশুচিবিলাকক শান্তি কৰা চেঁউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ শুচিতাৰ অৰ্থে পবিত্ৰ কৰে, ১৪ তেন্তে যি জনাই অনন্ত আত্মাৰে, নিষ্কলঙ্ক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশে উত্‌সৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্ম্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব!

it-১ ৮৬২ ¶১

ক্ষমা

যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া নিয়ম অনুসৰি যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ বা সংগী ভাই-ভনীৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁ নিজৰ পাপৰ ক্ষমা পাবলৈ আৰু পাপৰ শুধৰণি কৰিবলৈ নিয়মত দিয়া পৰামৰ্শ পালন কৰাৰ প্ৰয়োজন আছিল। বহুতো বিষয়ত জীৱ-জন্তুৰ তেজৰ বলিদান দিবলগীয়া হৈছিল। (লেবী ৫:৫–৬:৭) ইয়াৰ আঁৰত থকা সিদ্ধান্তৰ বিষয়ে পৌলে কৈছিল, “বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; আৰু তেজ উলিওৱা নহলে, পাপ মোচন নহয়।” (ইব্ৰী ৯:২২) কিন্তু বলি দিয়া জীৱ-জন্তুৰ তেজেৰে মানুহৰ পাপ মোচন কৰিব নোৱাৰি অথবা তেওঁলোকক শুদ্ধ বিবেকো দিব নোৱাৰি। (ইব্ৰী ১০:১-৪; ৯:৯, ১৩, ১৪) নতুন নিয়মৰ বাবেহে সম্পূৰ্ণৰূপে ক্ষমা পোৱাটো সম্ভৱ হʼল আৰু এই বলিদান যীচুৰ মুক্তিপণৰ আধাৰত দিয়া হৈছিল। (যিৰি ৩১:৩৩, ৩৪; মথি ২৬:২৮; ১কৰি ১১:২৫; ইফি ১:৭) ইয়াৰ উপৰিও, যীচুৱে পৃথিৱীত থাকোঁতে, এজন জঠৰ ৰোগীক সুস্থ কৰাৰ যোগেদি দেখুৱালে যে তেওঁৰ ওচৰত পাপ ক্ষমা কৰাৰ অধিকাৰ আছে।—মথি ৯:২-৭.

(ইব্ৰী ৯:২৪-২৬) কিয়নো প্ৰকৃতৰ প্ৰতিৰূপমাত্ৰ যি হাতে কৰা পবিত্ৰস্থান, তাত খ্ৰীষ্ট্‌নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতেই সোমাল। ২৫ কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ, বছৰে বছৰে পবিত্ৰস্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উত্‌সৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়; ২৬ সেয়ে হোৱা হলে, জগত-স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলেহেঁতেন ; কিন্তু এতিয়া তেওঁ আত্মা-বলিৰ দ্বাৰাই পাপ-নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হল।

cf ১৮৩ ¶৪

“মোৰ পাছে পাছে আহাঁ”

৪ স্বৰ্গলৈ যোৱাৰ সময়ত যীচুক কিদৰে আদৰণি জনোৱা হৈছিল আৰু যীচুৱে নিজৰ পিতৃক পুনৰ লগ পাই কেনে অনুভৱ কৰিছিল, এই বিষয়ে বাইবেলত উল্লেখ নাই। কিন্তু বাইবেলত এই বিষয়ে স্পষ্টৰূপে উল্লেখ কৰা হৈছিল যে যীচুৱে স্বৰ্গলৈ যোৱাৰ পাছত তাত কি হʼব। ১,৫০০ বছৰতকৈ অধিক সময় যিহূদীসকলে এক পবিত্ৰ উৎসৱ পালন কৰি আহিছিল। বছৰত এবাৰ মহাপুৰোহিতে মন্দিৰৰ পৰম-পবিত্ৰ স্থানলৈ গৈছিল আৰু প্ৰায়শ্চিতৰ দিনত আগবঢ়োৱা বলিদানৰ তেজ নিয়ম চন্দুকৰ ওচৰত চটিয়াই দিছিল। সেই দিনটো মহাপুৰোহিত মচীহক চিত্ৰিত কৰিছিল। এই উৎসৱ পালন কৰাৰ উদ্দেশ্য আছিল পাপৰ ক্ষমা কৰা। কিন্তু যীচুৱে একেবাৰতে সদায় দিনৰ বাবে লোকসকলৰ পাপৰ ক্ষমাৰ মূল্য পৰিশোধ কৰে। স্বৰ্গত থকা সকলো সৃষ্টিকৰ্ত্তাৰ ৰজা যিহোৱা ঈশ্বৰৰ ওচৰত তেওঁ উপস্থিত হয়, যি গোটেই বিশ্বৰ পৰম-পবিত্ৰ স্থান হয় আৰু পিতৃৰ ওচৰত নিজৰ মুক্তিপণ বলিদানৰ মূল্য আগবঢ়ায়। (ইব্ৰী ৯:১১, ১২, ২৪) যিহোৱা ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলেনে?

(ইব্ৰী ১০:১-৪) কিয়নো বিধান ভাবী মঙ্গলৰ ছায়া বিশিষ্ট হৈ, সেইবোৰ বিষয়ত প্ৰকৃত মূৰ্ত্তিবিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উত্‌সৰ্গ কৰে, সেইবোৰৰ দ্বাৰাই সেই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। ২ পৰা হলে, উত্‌সৰ্গ কৰা স্থগিত হলহেঁতেন নহয় নে? কিয়নো আৰাধনাকাৰীবিলাক এবাৰ শুচিকৃত হোৱা হলে, তেওঁবিলাকৰ কোনো পাপ-বিবেক আৰু নাথাকিলেহেঁতেন। ৩ কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে। ৪ কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগৰ তেজৰ সাধ্য নাই।

it-২ ৬০২-৬০৩

সিদ্ধতা

মোচিৰ নিয়মৰ সিদ্ধতা। মোচিৰ নিয়মৰ আধাৰত পুৰোহিতসকলক নিযুক্ত কৰা হৈছিল আৰু বেলেগ বেলেগ জীৱ-জন্তুৰ বলিদান দিয়া হৈছিল। যিহোৱাক দিয়াৰ বাবে এই নিয়ম সিদ্ধ আছিল। কিন্তু নিয়ম, পুৰোহিত পদ আৰু বলিদানৰ দ্বাৰা ইয়াৰ অধীনত থকা লোকসকলে সিদ্ধ নহʼল। এয়া আমি ঈশ্বৰৰ প্ৰেৰণাৰে লিখা পাঁচনি পৌলৰ কথাৰপৰা বুজিব পাৰোঁ। (ইব্ৰী ৭:১১, ১৯; ১০:১) পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰাৰ পৰিৱৰ্তে এই নিয়মে লোকসকলক মনত পেলাই দিয়ে যে তেওঁলোক পাপী হয়। (ৰোম ৩:২০; ৭:৭-১৩) কিন্তু যিহোৱা ঈশ্বৰে কৰা এই ব্যৱস্থাৰপৰা তেওঁৰ এটা উদ্দেশ্য পূৰ হʼল। সেয়া হৈছে, এই নিয়মে লোকসকলক মচীহৰ ওচৰলৈ লৈ যাবলৈ সহায় কৰে আৰু এইদৰে ই “ভাবী মঙ্গলৰ ছায়া বিশিষ্ট” হয়। (গালা ৩:১৯-২৫; ইব্ৰী ১০:১) সেইবাবে, পৌলে যেতিয়া কৈছিল, “মাংসৰ দৰে নহয়, আত্মাৰ দৰে চলা যি আমি, আমাত যেন বিধানৰ বিধি সিদ্ধ কৰা হয়।” (ৰোম ৮:৩) তেওঁ কোৱাৰ অৰ্থ এয়া আছিল যে যিহূদী মহাপুৰোহিতে (যাক নিয়মৰ আধাৰত বলিদানৰ লগত জড়িত ব্যৱস্থাবোৰ চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰা হৈছিল আৰু যি প্ৰায়শ্চিত্ত দিনত বলিদান কৰা জীৱ-জন্তুৰ তেজ লৈ পৰম-পবিত্ৰ ভাগত প্ৰৱেশ কৰিছিল) সেই লোকসকলক ‘সদাকালৰ অৰ্থে পৰিত্ৰাণ’ কৰিব পৰা নাছিল, যিসকলে তেওঁৰ ওচৰত বলিদান দিবলৈ আহিছিল, যেনেকৈ ইব্ৰী ৭:১১ আৰু ১৮-২৮ পদত বৰ্ণনা কৰা হৈছে। যদিও হাৰোণে মহাপুৰোহিত পদৰ যোগেদি উৎসৰ্গ কৰা বলিদানৰ বাবে লোকসকলে ঈশ্বৰৰ দৃষ্টিত ধাৰ্ম্মিক বুলি গণিত হৈছিল, কিন্তু এই নিয়মে তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে দূৰ কৰিব পৰা নাছিল। ইয়াৰ পৰিৱৰ্তে এই বলিদানৰ যোগেদি লোকসকলে বুজিব পাৰিছিল যে তেওঁলোক পাপী হয়। এই বিষয়ে পৌলে কৈছিল যে প্ৰায়শ্চিত্তৰ বলিদানে “চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে।” অৰ্থাৎ তেওঁলোকক সম্পূৰ্ণৰূপে শুদ্ধ বিবেক দিব নোৱাৰে। (ইব্ৰী ১০:১-৪; ইব্ৰী ৯:৯ পদৰ লগত তুলনা কৰক।) পাপৰপৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবলৈ মুক্তিপণৰ মূল্য ইমানেই বেছি আছিল যে মহাপুৰোহিতে ইয়াক পৰিশোধ কৰিব নোৱাৰিলে। এয়া একমাত্ৰ আমাৰ পুৰোহিত মচীহৰ সেৱা আৰু তেওঁৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদিহে সম্ভৱ হʼল।—ইব্ৰী ৯:১৪; ১০:১২-২২.

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ৯:১৬, ১৭) কিয়নো যʼত নিয়ম-পত্ৰ হয়, তাত নিয়ম কৰা জনৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক। ১৭ কাৰণ মৃত্যু ঘটিলেহে নিয়ম-পত্ৰ থিৰ হয়; এতেকে নিয়ম কৰা জন জীয়াই থাকেমানে, সেয়ে জানো সাৰ্থক হব পাৰে?

w৯২ ৩/১ ৩১ ¶৪-৬

পাঠকসকলৰ প্ৰশ্ন

পৌলে কৈছিল যে ঈশ্বৰ আৰু মানুহৰ মাজত কৰা চুক্তিক নিশ্চিত কৰিবলৈ তেজ দিয়াৰ প্ৰয়োজন আছিল। এই কথা আমি নিয়ম চুক্তিৰপৰা বুজিব পাৰোঁ। এই চুক্তি ঈশ্বৰ আৰু ইস্ৰায়েলীসকলৰ মাজত কৰা হৈছিল আৰু মোচিয়ে মধ্যস্থতা হৈ এই নিয়ম পালন কৰিছিল। সেইবাবে, মোচিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইস্ৰায়েলীসকলৰ লগত এই নিয়ম চুক্তি কৰাৰ সময়ত মোচিয়ে তেওঁলোকৰ হৈ কথা পাতিছিল। সেইবাবে, মোচিক এজন নিয়ম চুক্তি কৰোঁতা ব্যক্তি হিচাপে জনা যায়। মোচিক এই নিয়ম পালন কৰিবলৈ নিজৰ প্ৰাণ দিবলগীয়া হৈছিলনে? নিশ্চয় নহয়। মোচিৰ প্ৰাণৰ সলনি জীৱ-জন্তুৰ বলিদান দিয়া হৈছিল আৰু তেজ দিয়া হৈছিল।—ইব্ৰী ৯:১৮-২২.

যিহোৱা ঈশ্বৰ আৰু ইস্ৰায়েলীসকলৰ মাজত কৰা নতুন নিয়ম চুক্তিৰ বিষয়ে কি কʼব পাৰি? যীচু খ্ৰীষ্ট হৈছে এই নতুন নিয়ম চুক্তিৰ মধ্যস্থতা। যদিও যিহোৱা ঈশ্বৰে এই চুক্তি কৰিছে, কিন্তু যীচুৰ বাবেহে এয়া প্ৰযোজ্য হʼল। যীচু কেৱল এই চুক্তিৰ মধ্যস্থতাই নহয়, কিন্তু তেওঁ পৃথিৱীত থকাৰ সময়ত সেই লোকসকলৰ লগত সময় অতিবাহিত কৰিছিল, যিসকলৰ লগত সৰ্ব্বপ্ৰথমে এই চুক্তি কৰা হৈছিল। (লূক ২২:২০, ২৮, ২৯) ইয়াৰ উপৰিও, কেৱল যীচুৰ বলিদানৰ যোগেদি এই নিয়ম চুক্তি নিশ্চিত কৰিব পৰা গʼলহেঁতেন। কিয়নো ইয়াৰ বাবে জীৱ-জন্তুৰ বলিদানৰ পৰিৱৰ্তে এজন সিদ্ধ ব্যক্তিৰ বলিদান দিয়াৰ প্ৰয়োজন আছিল। সেইবাবে পৌলে, যীচুক নিয়ম চুক্তি কৰোঁতা ব্যক্তি বুলি কৈছিল। যীচুৱে ‘আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতেই সোমোৱাৰ’ পাছত এই নতুন নিয়ম আৰম্ভ হৈছিল।—ইব্ৰী ৯:১২-১৪, ২৪.

যদিও পৌলে যীচু আৰু মোচিক নিয়ম চুক্তি কৰোঁতা ব্যক্তি বুলি কৈছিল, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে এই চুক্তি কৰিছিল। প্ৰকৃততে এই চুক্তি যিহোৱা ঈশ্বৰে কৰিছিল। মোচি আৰু যীচুৱে মধ্যস্থতা হিচাপে মুখ্য ভূমিকা পালন কৰিছিল। দুয়োটা নিয়ম পালন কৰাৰ আগতে নিয়ম চুক্তি কৰোঁতা ব্যক্তিকেইজনৰ মৃত্যু হোৱাৰ প্ৰয়োজন আছিল। মোচিৰ প্ৰাণৰ সলনি জীৱ-জন্তুৰ বলিদান দিয়া হৈছিল আৰু নতুন নিয়মত জড়িত থকা লোকসকলৰ বাবে যীচুৱে নিজৰ প্ৰাণ দিছিল।

(ইব্ৰী ১০:৫-৭) এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা; ৬ হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা; ৭ তেতিয়া মই কলোঁ, চোৱা মই আহিলোঁ, (পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে,) হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।

it-২ ২৪৯-২৫০

বাপ্তিষ্মা

লূকে লিখিছিল যে যীচুৱে নিজৰ বাপ্তিষ্মাৰ সময়ত প্ৰাৰ্থনা কৰিছিল। (লূক ৩:২১) ইয়াৰ উপৰিও, ইব্ৰীসকলক পত্ৰ লিখোঁতাসকলে কৈছিল যে যীচুৱে “জগতত সোমোৱা কালত” (এই ঘটনা সেই সয়মত ঘটিছিল, যেতিয়া যীচুৱে নিজে বাপ্তিষ্মা লʼবলৈ নিজকে সাজু কৰিছিল আৰু নিজৰ সেৱা আৰম্ভ কৰিছিল, তেওঁ জন্ম হোৱাৰ সময়ত নহয়। কিয়নো সেই সময়ত তেওঁ এই বাক্য পঢ়িব পৰা নাছিল।) গীতমালা ৪০:৬-৮ পদৰ উদ্ধৃতি দি তেওঁ এইদৰে কৈছিল: “তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; . . . তুমি হোম-বলি আৰু পাপাৰ্থক বলি খোজা নাই। . . . চোৱা, মই আহিলোঁ, পুস্তকখনিত মোক আদেশ দিয়া হৈছে। হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে” আহিলোঁ। (ইব্ৰী ১০:৫-৯) যীচু জন্মৰেপৰাই যিহূদী ৰাষ্ট্ৰৰ সদস্য আছিল আৰু এই ৰাষ্ট্ৰৰ লগত ঈশ্বৰে এক চুক্তি কৰিছিল, যাক নিয়ম চুক্তি বুলি কোৱা হৈছে। (যাত্ৰা ১৯:৫-৯; গালা ৪:৪) সেইবাবে, যীচুৱে বাপ্তিষ্মা লʼবলৈ যোহনৰ ওচৰলৈ গৈছিল, কিন্তু ইয়াৰ আগতেই তেওঁ যিহোৱা ঈশ্বৰৰ লগত এক চুক্তিত জড়িত আছিল। সেই সময়ত তেওঁ নিয়মত যি কৰিবলৈ কোৱা হৈছিল, তাতকৈ বেছি তেওঁ কৰিছিল। তেওঁ নিজৰ পিতৃৰ “ইচ্ছা” পূৰ কৰিবলৈ প্ৰয়োজন আছিল নিজৰ শৰীৰ বলিদান হিচাপে আগবঢ়োৱা। ইয়াৰ যোগেদি পাছলৈ জীৱ-জন্তু বলিদান কৰাৰ ব্যৱস্থা একেবাৰে বন্ধ হৈ গʼলহেঁতেন। এই বিষয়ে পৌলে কৈছিল, “সেই ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ নৈবদ্যস্বৰূপে একেবাৰে উত্‌সৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰকৃত হলোঁ।” (ইব্ৰী ১০:১০) নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰাত জড়িত আছিল যীচুৱে ৰাজ্যৰ লগত জড়িত থকা কাৰ্য্যবোৰ কৰা। এয়া আৰু এটা কাৰণ আছিল যে যীচুৱে নিজকে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে। (লূক ৪:৪৩; ১৭:২০, ২১) যীচুৱে যেতিয়া নিজকে সমৰ্পণ কৰিলে, তেতিয়া যিহোৱা ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে আৰু পবিত্ৰ আত্মাৰে তেওঁক অভিষিক্ত কৰিলে আৰু কʼলে, “তুমি মোৰ প্ৰিয় পুত্ৰ; তোমাত মই পৰম সন্তুষ্ট।”—মাৰ্ক ১:৯-১১; লূক ৩:২১-২৩; মথি ৩:১৩-১৭.

বাইবেল পাঠ

(ইব্ৰী ৯:১-১৪) বাৰু, প্ৰথম নিয়মৰ আৰাধনাৰ নানা ধৰ্ম্ম-বিধি আৰু এটি পুণ্য-ধাম, অৰ্থাত্‌জগত সম্বন্ধীয় পুণ্য-ধাম আছিল। ২ কিয়নো যি তম্বু নিৰ্ম্মিত হৈছিল, আৰু প্ৰথম কোঁঠালিত দীপাধাৰ, মেজ, আৰু দৰ্শন-পিঠা আছিল তাকে পবিত্ৰস্থান বোলা হয়। ৩ আৰু দ্বিতীয় আঁৰ-কাপোৰৰ ভিতৰ ফালে তম্বুৰ যি কোঁঠালি আছিল, তাক অতি পবিত্ৰস্থান বোলা হয়; ৪ তাৰ ভিতৰত সোণৰ ধূপাধাৰ, আৰু চাৰিওফালে সোণৰ পতা মৰোৱা নিয়ম-চন্দুক আছিল; সেই চন্দুকৰ ভিতৰত মান্না থকা সোণৰ ঘট, হাৰোণৰ কুঁহি ওলোৱা লাখুটি, আৰু নিয়মৰ দুখন শিলৰ ফলি আছিল; ৫ আৰু সেই চন্দুকৰ ওপৰত পাপাবৰণক ছাঁ কৰি ধৰা প্ৰতাপৰ দুই কৰূব আছিল; এই সকলোৰ বিষয়ে ভাঙি কবলৈ এতিয়া প্ৰয়োজন নাই। ৬ এইদৰে সেইবোৰ নিৰ্ম্মিত হলত, পুৰোহিতসকলে আৰাধনাৰ কাৰ্য্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়; ৭ কিন্তু দ্বিতীয়টোত হলে, কেৱল মহা-পুৰোহিতে বছৰেকত এবাৰ সোমায়; কিন্তু যি তেজ নিজৰ নিমিত্তে, আৰু মানুহবিলাকে নাজানি কৰা পাপৰ নিমিত্তে উত্‌সৰ্গ কৰে, সেই তেজ নোলোৱাকৈ নোসোমায়। ৮ ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে, তম্বুৰ প্ৰথম কোঁঠালি স্থাপিত থাকেমানে, অতি পবিত্ৰ স্থানৰ ভিতৰলৈ সোমোৱা পথ অথন প্ৰকাশিত নহয়। ৯ সেয়ে তেতিয়াৰ উপস্থিত কালৰ নিমিত্তে দৃষ্টান্তস্বৰূপ আছিল; সেই অনুসাৰে, আৰাধনাকাৰীক বিবেকৰ কথাত সিদ্ধ কৰিব নোৱাৰা নানা উপহাৰ আৰু বলিদান উত্‌সৰ্গ কৰা হৈছিল, ১০ এই সকলো (আহাৰ, পেয়, দ্ৰব্য, আৰু নানাবিধ বাপ্তিস্মৰ সহিত,) সংশোধনৰ সময়লৈকে পালনীয় মাংসিক ধৰ্ম্ম-বিধি মাত্ৰ। ১১ কিন্তু খ্ৰীষ্টে, ভাবী মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে উপস্থিত হৈ, হাতে নকৰা, অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা সেই মহত্ত্বৰ আৰু সিদ্ধতৰ তম্বুৱেদি গমন কৰি, ১২ ছাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, একেবাৰতে পবিত্ৰস্থানত সোমাই, অনন্ত কালস্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। ১৩ কিয়নো ছাগ আৰু ভতৰাৰ তেজে, আৰু অশুচিবিলাকক শান্তি কৰা চেঁউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ শুচিতাৰ অৰ্থে পবিত্ৰ কৰে, ১৪ তেন্তে যি জনাই অনন্ত আত্মাৰে, নিষ্কলঙ্ক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশে উত্‌সৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্ম্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব!

চেপ্টেম্বৰ ১৬-২২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ১১

“বিশ্বাসৰ গুৰুত্বতা”

(ইব্ৰী ১১:১) বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ, প্ৰমাণ-প্ৰাপ্তি।

w১৬.১০ ২৭ ¶৬

যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰক

৬ বাইবেলৰ ইব্ৰী ১১:১ পদত বিশ্বাসৰ বিষয়ে বুজোৱা হৈছে। (পঢ়ক।) ইয়াত দুটা কথা জড়িত আছে: (১) বিশ্বাস “আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান।” “আশা কৰা বিষয়ৰ” লগত ভৱিষ্যতৰ বাবে কৰা ঈশ্বৰৰ প্ৰতিজ্ঞা জড়িত আছে। উদাহৰণস্বৰূপে, আমাৰ সম্পূৰ্ণ ভৰসা আছে যে সকলো দুষ্টতা নাইকিয়া হʼব আৰু নতুন পৃথিৱী আহিব। (২) বিশ্বাস “অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি।” যদিও আমি যিহোৱা ঈশ্বৰ, যীচু খ্ৰীষ্ট, স্বৰ্গদূত আৰু ঈশ্বৰৰ ৰাজ্যক দেখা নাপাওঁ, তথাপিও আমি এই সকলোবোৰ বাস্তৱত আছে বুলি আমি জানোঁ। (ইব্ৰী ১১:৩) ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু অদৃশ্য বিষয়বোৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ? আমি নিজৰ জীৱন-প্ৰণালী, কাম-কাজ আৰু কথা-বতৰাৰ যোগেদি বিশ্বাস আছে বুলি দেখুৱাব পাৰোঁ।

(ইব্ৰী ১১:৬) কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।

w১৩ ১১/১ ১১ ¶২-৫

“তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা”

যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত? পৌলে লিখিছিল, “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” মন কৰক যে পৌলে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰাটো কঠিন হয় বুলি কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে পৌলে এনে কৰিবলৈ অসম্ভৱ বুলি কৈছিল। ইয়াৰপৰা বুজিব পাৰি যে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ বিশ্বাস থকাটো অতি প্ৰয়োজন।

ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কেনে বিশ্বাসৰ প্ৰয়োজন? ইয়াত দুটা কথা জড়িত আছে। প্ৰথমতে, “ঈশ্বৰ যে আছে,” তাক আমি “বিশ্বাস কৰিব” লাগিব। আন এক অনুবাদত এইদৰে লিখিছে: “বিশ্বাস কৰক যে ঈশ্বৰ অস্তিত্বত আছে।” যদি আমি ঈশ্বৰৰ অস্তিত্বৰ ওপৰত সন্দেহ কৰোঁ, তেন্তে আমি কেনেকৈ তেওঁক সন্তুষ্ট কৰিব পাৰিম? কিন্তু ঈশ্বৰ অস্তিত্বত আছে বুলি আমি বিশ্বাস কৰাটোৱেই যথেষ্ট নহয়, কিয়নো দুষ্ট স্বৰ্গদূতবিলাকেও ঈশ্বৰ আছে বুলি বিশ্বাস কৰে। (যাকোব ২:১৯) যদি আমাৰ বিশ্বাস সত্য হয়, তেনেহʼলে আমি তেওঁৰ অনুসৰি কাম কৰিম আৰু তেওঁক সন্তুষ্ট কৰা জীৱন অতিবাহিত কৰিম।—যাকোব ২:২০, ২৬.

দ্বিতীয়তে, আমি ভৰসা কৰা উচিত যে ঈশ্বৰে লোকসকলক “পুৰস্কাৰ” দিয়ে। যিজন ব্যক্তিৰ বিশ্বাস সত্য হয়, তেওঁৰ সম্পূৰ্ণ ভৰসা আছে যে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ তেওঁ যি পৰিশ্ৰম কৰিছে, তাৰ পুৰস্কাৰ তেওঁ নিশ্চয় লাভ কৰিব। (১ কৰিন্থীয়া ১৫:৫৮) কিন্তু, যদি আমি ভাবিম যে যিহোৱাৰ পুৰস্কাৰ দিয়াৰ ক্ষমতা নাই বা তেওঁ আমাক পুৰস্কাৰ দিব নিবিচাৰে, তেনেহʼলে আমি তেওঁক কেনেকৈ সন্তুষ্ট কৰিব পাৰিম? (যাকোব ১:১৭; ১ পিতৰ ৫:৭) যদি এজন ব্যক্তিয়ে ভাবে যে ঈশ্বৰে লোকসকলৰ যত্ন বা আদৰ নকৰে আৰু তেওঁ দয়ালু নহয়, তেন্তে তেওঁ সত্য ঈশ্বৰক ভালদৰে নাজানে।

যিহোৱা ঈশ্বৰে কেনে লোকক পুৰস্কাৰ দিয়ে? পৌলে এইদৰে কৈছিল: “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা” ঈশ্বৰ হয়। বাইবেলৰ অনুবাদৰ বিষয়ে এখন কিতাপে এইদৰে লিখিছে: “বিচৰা” শব্দৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ হৈছে, তাৰ অৰ্থ “বিচাৰিবলৈ যোৱা” নহয়, কিন্তু ইয়াৰ অৰ্থ হৈছে “উপাসনা কৰিবলৈ” ঈশ্বৰৰ ওচৰলৈ যোৱা। আৰু এখন কিতাপে বৰ্ণনা কৰে যে ইয়াত যি গ্ৰীক ক্ৰিয়পদ ব্যৱহাৰ হৈছে, তাৰ অৰ্থ হৈছে, উদ্যম আৰু একাগ্ৰতা। সঁচাকৈ, যিহোৱা ঈশ্বৰে সেই লোকসকলক পুৰস্কাৰ দিয়ে, যিসকলে সম্পূৰ্ণ মনেৰে আৰু উদ্যমেৰে তেওঁৰ উপাসনা কৰে।—মথি ২২:৩৭.

(ইব্ৰী ১১:৩৩-৩৮) তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধৰ্ম্ম-কৰ্ম্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, ৩৪ তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্ব্বলতাৰ পৰাও বলৱন্ত হল, যুদ্ধত পৰাক্ৰমী হল, অন্য জাতীয়বিলাকৰ সৈন্যবোৰক হৰুৱালে। ৩৫ তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আনবিলাকে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হবৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল। ৩৬ আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, এনে কি, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; ৩৭ তেওঁবিলাকক শিল দলিয়াই মৰা হল, কৰতেৰে ফলা হল, তেওঁবিলাক নানা ৰকমে পৰীক্ষিত হল, তেওঁবিলাকক তৰোৱালেৰে বধ কৰা হল; তেওঁবিলাকে দীনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্ত হৈ, মেৰ আৰু ছাগৰ ছাল পিন্ধি ফুৰিছিল; ৩৮ (এই জগত তেওঁবিলাকৰ যোগ্য নাছিল;) তেওঁবিলাক নিৰ্জন ঠাইত, পৰ্ব্বতত, গুহাত, আৰু পৃথিবীৰ গহ্বৰত ফুৰিছিল;

w১৬.১০ ২৩ ¶১০-১১

আশা কৰা বিষয়বোৰত নিজৰ বিশ্বাস দৃঢ় কৰক

১০ ইব্ৰী ১১ অধ্যায়ত পৌলে কৈছিল: “তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আনবিলাকে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হবৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল।” (ইব্ৰী ১১:৩৫) এই সকলো লোকে পৰীক্ষাৰ সময়ত ধৈৰ্য্য ধৰিলে আৰু ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল, কিয়নো তেওঁলোকে পুনৰুত্থানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিছিল। তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে ভৱিষ্যতে যিহোৱা ঈশ্বৰে তেওঁলোকক পুনৰুত্থান কৰিব আৰু তেওঁলোকে সদায় কালৰ বাবে এই পৃথিৱীত বাস কৰিব। নাবোত আৰু জখৰিয়াৰ বিষয়ে চিন্তা কৰক। যিহোৱাৰ আজ্ঞা পালন কৰাৰ বাবে তেওঁলোকক শিল দলিয়াই হত্যা কৰা হৈছিল। (১ ৰাজা. ২১:৩, ১৫; ২ বং ২৪:২০, ২১) দানিয়েলক সিংহৰ গাতত সুমোৱাই দিয়া হৈছিল আৰু তেওঁৰ বন্ধুসকলক অগ্নিকুণ্ডত পেলাই দিয়া হৈছিল। মিছা দেৱতাক উপাসনা কৰাৰ পৰিৱৰ্তে তেওঁলোকে মৃত্যুক আকোঁৱালি লʼবলৈ সাজু আছিল। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱা ঈশ্বৰে তেওঁলোকক নিজৰ পবিত্ৰ শক্তি দিব আৰু সেই তাড়নাবোৰ সহন কৰিবলৈ শক্তি দিব।—ইব্ৰী ১১:৩৩, ৩৪; দানি. ৩:১৬-১৮, ২০, ২৮; ৬:১৩, ১৬, ২১-২৩.

১১ বিশ্বাসৰ বাবে মীখা আৰু যিৰিমিয়াৰ দৰে ভৱিষ্যতবক্তাসকলে “বিদ্ৰূপ আৰু . . . বন্দীশালৰ” সন্মুখীন হৈছিল। এলিয়াৰ দৰে ভৱিষ্যতবক্তাসকলে “নিৰ্জন ঠাইত, পৰ্ব্বতত, গুহাত, আৰু পৃথিবীৰ গহ্বৰত ফুৰিছিল।”—ইব্ৰী ১১:১, ৩৬-৩৮; ১ ৰাজা. ১৮:১৩; ২২:২৪-২৭; যিৰি. ২০:১, ২; ২৮:১০, ১১; ৩২:২.

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ১১:৪) বিশ্বাসৰ গুণে, হেবলে ঈশ্বৰৰ উদ্দেশে কয়িনতকৈ উত্তম বলিদান উত্‌সৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্ম্মিক, ইয়াৰ সাক্ষ্য পালে; অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই, তেওঁ মৃত হৈয়ো, এতিয়ালৈকে কথা কৈ আছে।

it-১ ৮০৪ ¶৫

বিশ্বাস

প্ৰাচীন সময়ৰ বিশ্বাসৰ উদাহৰণ। ‘ইমান মেঘৰূপ সাক্ষীৰ’ মাজত পাঁচনি পৌলে যি লোকসকলৰ বিষয়ে উল্লেখ কৰিছিল, তেওঁলোকৰ বিশ্বাস প্ৰকৃত প্ৰমাণৰ ওপৰত আধাৰিত আছিল। (ইব্ৰী ১২:১) উদাহৰণস্বৰূপে, হেবলে ঈশ্বৰৰ এই প্ৰতিজ্ঞাৰ বিষয়ে ভালদৰে জানিছিল যে এটা ‘বংশ’ উৎপন্ন হʼব আৰু “সাপৰ” মূৰ গুড়ি কৰিব। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে তেওঁৰ পিতৃ-মাতৃক এদন বাগিছাত যি শাস্তি দিছিল, তাক আখৰে আখৰে পূৰ হোৱা তেওঁ দেখিবলৈ পাইছিল। এদন বাগিছাৰপৰা বাহিৰ হোৱাৰ পাছত আদম আৰু তেওঁৰ পৰিয়ালে আহাৰৰ বাবে শৰীৰৰ ঘাঁম পেলাবলগীয়া হৈছিল। কিয়নো মাটিক শাও দিয়া হৈছিল আৰু তাত ঘাঁহ-বন গজিছিল। হেবলে হয়তো এইটোও দেখিছিল যে কিদৰে হৱাই আদমৰ সংগ পাবলৈ ইচ্ছা কৰিছিল আৰু আদমে তেওঁৰ ওপৰত অধিকাৰ চলাইছিল। হৱাই নিশ্চয় হেবলক কৈছিল যে তেওঁৰ ভাই-ভনীসকলক জন্ম দিয়াৰ সময়ত কেনেকৈ কষ্ট ভোগ কৰিছিল। ইয়াৰ উপৰিও, হেবলে দেখিছিল যে কৰূবে এদন বাগিছাৰ বাহিৰত সুৰক্ষা দি আছিল আৰু কিদৰে এখন জলন্তময় তৰোৱাল চাৰিওফালে ঘূৰি আছিল। (আদি ৩:১৪-১৯, ২৪) এইবোৰ কথা স্পষ্ট “প্ৰমাণ” আছিল, যাৰ দ্বাৰা হেবলৰ ভৰসা দৃঢ় হয় যে কেৱল প্ৰতিজ্ঞা কৰা বংশৰ যোগেদিহে মানৱজাতিয়ে উদ্ধাৰ লাভ কৰিব। সেইবাবে, নিজৰ বিশ্বাস প্ৰকাশ কৰি তেওঁ “ঈশ্বৰৰ উদ্দেশে কয়িনতকৈ উত্তম বলিদান উত্‌সৰ্গ কৰিলে।”—ইব্ৰী ১১:১, ৪.

(ইব্ৰী ১১:৫) বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল; তাতে তেওঁক পোৱা নগল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকাৰন্তলৈ নিয়াৰ পূৰ্ব্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।

wp১৭.১ ১২-১৩

‘তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিলে’

কি অৰ্থত “হনোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল”? যিহোৱাই হনোকক হয়তো এইদৰে মৃত্যুৰ টোপনিত পেলাই দিছিল, যাতে শত্ৰুবোৰৰ হাতত মৃত্যু নহয়। কিন্তু তাৰ আগত হনোকে “ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।” কেনেকৈ? হʼব পাৰে তেওঁৰ মৃত্যুৰ হোৱাৰ আগত তেওঁ ঈশ্বৰৰ ফালৰপৰা দৰ্শন দেখিছিল, যʼত এই পৃথিৱীটো ধুনীয়া বাগিছাৰ নিচিনা হোৱা দেখিছিল। এনেদৰে হনোকক ভৱিষ্যতৰ এক আভাস দেখাই ঈশ্বৰে প্ৰকাশ কৰিলে যে তেওঁ হনোকৰ সেৱাৰপৰা সন্তুষ্ট আছে। তাৰ পাছত হনোকৰ মৃত্যু হʼল। পৌলে হনোক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা কিছুমান স্ত্ৰী-পুৰুষৰ বিষয়ে এইদৰে কৈছিল: “সেই সকলো বিশ্বাসত মৰিল।” (ইব্ৰী ১১:১৩) এই ঘটনাৰ পাছত হয়তো হনোকৰ শত্ৰুবিলাকে তেওঁৰ শৰীৰক বিচাৰিলে, কিন্তু “তেওঁক পোৱা নগল।” যিহোৱাই তেওঁৰ শৰীৰক লুকুৱাই দিলে, যাতে লোকসকলে তেওঁৰ অনাদৰ কৰিব নোৱাৰে অথবা তেওঁক যাতে পূজা নকৰে।

বাইবেল পাঠ

(ইব্ৰী ১১:১-১৬) বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি। ২ কিয়নো তাতেই বৃদ্ধলোকসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰাই আমি বুজিছোঁ যে, ৩ সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হল; তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উত্‌পন্ন কৰা হল, এনে নহয়। ৪ বিশ্বাসৰ গুণে, হেবলে ঈশ্বৰৰ উদ্দেশে কয়িনতকৈ উত্তম বলিদান উত্‌সৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্ম্মিক, ইয়াৰে সাক্ষ্য পালে; অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই, তেওঁ মৃত হৈয়ো, এতিয়ালৈকে কথা কৈ আছে। ৫ বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল; তাতে তেওঁক পোৱা নগল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকাৰন্তলৈ নিয়াৰ পূৰ্ব্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে। ৬ কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। ৭ বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্ম্মিকতাৰ অধিকাৰী হল। ৮ বিশ্বাসৰ গুণে অব্ৰাহাম আমন্ত্ৰিত হলত, অধিকাৰৰ অৰ্থে যি ঠাই পাবৰ আগন্তুক আছে, তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে; আৰু কʼলৈ যায়, তাক নাজানিও ওলাই গল। ৯ বিশ্বাসৰ গুণে, তেওঁ বিদেশৰ দৰে, প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ, সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচ্‌হাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল; ১০ কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল। ১১ বিশ্বাসৰ গুণে, চাৰায়ো অতিৰিক্ত বয়সত বংশ-উত্‌পাদনৰ শক্তি পালে ; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনাক বিশ্বাসী বুলি জ্ঞান কৰিছিল। ১২ এই হেতুকে এজনৰ পৰা, অৰ্থাৎ মৃত্যুতুল্য জনাৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উত্‌পন্ন হল। ১৩ সেই সকলো বিশ্বাসত মৰিল; তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিবীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল। ১৪ কিয়নো যিবিলাকে এনেকূৱা কথা কয়, তেওঁবিলাকে যে নিজ দেশ বিচাৰিছে, ইয়াক প্ৰকাশ কৰে। ১৫ তেওঁবিলাকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হলে, অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন। ১৬ কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম, অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাঙ্ক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ লাজ নাপায়; কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।

চেপ্টেম্বৰ ২৩-২৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ১২-১৩

“অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ”

(ইব্ৰী ১২:৫) আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি তোমালোকৰ লগত কথাবাৰ্ত্তা কৰিছে, বোলে, হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা;

w১২ ৩/১৫ ২৯ ¶১৮

“পাছফাললৈ” ঘূৰি নাচাব

১৮ পৰামৰ্শ পোৱাৰ কষ্ট। যদি কেতিয়াবা আমি পৰামৰ্শ লাভ কৰিছোঁ আৰু তাৰ বিষয়ে চিন্তা কৰি কৰি দুখি বা নিৰাশ হৈ পৰোঁ, তেনেহʼলে আমি হয়তো “ক্লান্ত” হৈ যাব পাৰোঁ। (ইব্ৰী ১২:৫) হয়তো আমি পৰামৰ্শক “হেয়জ্ঞান” কৰিব পাৰোঁ বা প্ৰথমতে পৰামৰ্শ গ্ৰহণ কৰি পাছত যদি আমি “ক্লান্ত” হৈ যাওঁ, তেনেহʼলে পৰিণাম একেই হʼব। পৰামৰ্শপৰা আমাৰ একো লাভ নহʼব। সেইবাবে, আমি চলোমনৰ কথাত মন দিয়া উচিত: “শিক্ষাক দৃঢ়ৰূপে ধৰা, এৰি নিদিবা; তেওঁক ধৰি ৰাখা, কিয়নো তেৱেঁই তোমাৰ জীৱনস্বৰূপ।” (হিতো. ৪:১৩) যেনেকৈ গাড়ী চালকে ৰাস্তা কাষত দিয়া নিৰ্দেশনাবোৰ পালন কৰি আগবাঢ়ি যায়, ঠিক সেইদৰে আমিও পৰামৰ্শবোৰ গ্ৰহণ কৰা উচিত, পালন কৰা উচিত আৰু আগবাঢ়ি যোৱা উচিত।—হিতো. ৪:২৬, ২৭; ইব্ৰী ১২:১২, ১৩ পঢ়ক।

(ইব্ৰী ১২:৬, ৭) কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰাস্য কৰা প্ৰতিজন পুত্ৰক কোবায়; ইয়াক তোমালোকে পাহৰিলা। ৭ তোমালোকে যি সহন কৰিছা, সেয়ে তোমালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি যেনেকৈ, তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া, এনে কোন পুত্ৰ আছে?

w১২ ৭/১ ২১ ¶৩

“তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে কোৱা, হে পিতৃ”

এজন মৰমিয়াল পিতৃয়ে নিজৰ লʼৰা-ছোৱালীক শিকোৱাৰ লগতে অনুশাসন দিয়ে। কিয়নো তেওঁ লʼৰা-ছোৱালীৰ বিষয়ে চিন্তা কৰে আৰু তেওঁলোকে ডাঙৰ হৈ এজন ভাল ব্যক্তি হোৱাটো তেওঁ বিচাৰে। (ইফিচীয়া ৬:৪) কিছুমান পিতৃ হয়তো দৃঢ় হʼব পাৰে, কিন্তু তেওঁ নিজৰ লʼৰা-ছোৱালীক শুধৰণি কৰিবলৈ কেতিয়াও কঠোৰতাৰে ব্যৱহাৰ নকৰে। ঠিক সেইদৰে, আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক সময়ে সময়ে অনুশাসন দিয়াটো প্ৰয়োজন হʼব পাৰে। কিন্তু ঈশ্বৰৰ অনুশাসন সদায় প্ৰেমেৰে দিয়া হয় আৰু ই কেতিয়াও আনক নিন্দা নকৰে। যীচুৰ শিষ্যসকলক শুধৰণিৰ প্ৰয়োজন হোৱাৰ সময়ত তেওঁলোকে যেতিয়া লগে লগে অনুশাসন গ্ৰহণ কৰা নাছিল, তেতিয়া যীচুয়ে তেওঁলোকৰ লগত নিষ্ঠুৰতাৰে ব্যৱহাৰ কৰা নাছিল।—মথি ২০:২০-২৮; লূক ২২:২৪-৩০.

(ইব্ৰী ১২:১১) সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত, তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক, ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।

w১৮.০৩ ৩২ ¶১৮

“শিক্ষা মানি জ্ঞানৱান হোৱা”

১৮ যেতিয়া কাৰোবাক অনুশাসন দিয়া হয়, তেতিয়া তেওঁক দুখ লাগিব পাৰে, কিন্তু যিয়ে ঈশ্বৰৰ অনুশাসন গ্ৰহণ নকৰে, তেওঁক তাতকৈ বেছি দুখ ভোগ কৰিবলগীয়া হয়। (ইব্ৰী ১২:১১) আমি দুটা উদাহৰণ চাব পাৰোঁ—কয়িন আৰু ৰজা চিদিকিয়া। যেতিয়া ঈশ্বৰে দেখিলে যে কয়িনে নিজৰ ভায়েক হেবলক হিংসা কৰিছে আৰু তেওঁৰ হত্যা কৰিব বিচাৰিছে, তেতিয়া যিহোৱাই কয়িনক সাৱধান কৰিলে। তেওঁ কʼলে: “কিয় ক্ৰোধ কৰিছা? আৰু তোমাৰ মুখ বা কিয় আমন-জিমন কৰিছা? তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহব? যদি ভাল নকৰা, তেন্তে পাপ দুৱাৰ-মুখত খাপ দি আছে; আৰু তোমালৈ তাৰ ইচ্ছা, কিন্তু তুমি তাক দমন কৰিব লাগে।” (আদি. ৪:৬, ৭) কয়িনে যিহোৱাৰ অনুশাসন গ্ৰহণ নকৰিলে আৰু নিজৰ ভায়েকক হত্যা কৰিলে। কয়িনক গোটেই জীৱনটো ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছিল। (আদি. ৪:১১, ১২) যদি কয়িনে যিহোৱাৰ কথা মানিলেহেতেন, তেনেহʼলে তেওঁক এইটো দুখ ভুগিবলগীয়া নহʼলহেঁতেন।

আধ্যাত্মিক ৰত্ন বিচাৰক

(ইব্ৰী ১২:১) এতেকে ইমান মেঘৰূপ সাক্ষীয়ে আমাক বেৰি থকা দেখি, আহাঁ, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক,

w১১ ৯/১৫ ১৭-১৮ ¶১১

ধৈৰ্য্যেৰে দৌৰি থাকক

১১ ‘ইমান মেঘৰূপ সাক্ষীৰ’ মাজত যাৰ বিষয়ে উল্লেখ কৰা হৈছে, তেওঁ কেৱল দৰ্শক নাছিল, যিজনে নিজৰ পছন্দৰ খেলুৱৈ বা দলক জয়লাভ কৰাটো চাব বিচাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ এই দৌৰত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ ধৈৰ্য্যেৰে দৌৰি সফল হৈছিল। যদিও তেওঁৰ এতিয়া মৃত্যু হৈছে, কিন্তু তেওঁৰ তুলনা অভিজ্ঞ খেলুৱৈৰ লগত কৰা হয় আৰু তেওঁৰপৰা নতুন খেলুৱৈসকলে প্ৰেৰণা লাভ কৰে। কল্পনা কৰক যে যদি এজন খেলুৱৈয়ে জানিব পাৰে যে তেওঁক সফলতা লাভ কৰা দৌৰবীৰে চাই আছে, তেনেহʼলে তেওঁক কেনেকুৱা লাগিব। তেওঁ আৰু বেছি ভাল কৰিবলৈ অনুপ্ৰাণীত নহʼবনে? তেওঁলোকে প্ৰমাণ কৰে যে যিমানেই সমস্যা নহওক কিয়, জয়লাভ কৰিব পাৰি। সেইবাবে, ‘ইমান মেঘৰূপ সাক্ষীৰ’ কথা মনত ৰখাৰ বাবে প্ৰথম শতিকাৰ ইব্ৰী খ্ৰীষ্টানসকলে উৎসাহ লাভ কৰিলে আৰু তেওঁলোকে ‘ধৈৰ্য্যেৰে দৌৰি’ থাকিব পাৰিলে। আজি আমিও এইদৰে কৰিব পাৰোঁ।

(ইব্ৰী ১৩:৯) তোমালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহবা; কিয়নো যি আহাৰ, তাক ব্যৱহাৰ কৰাবিলাকৰ হিতজনক নহল,

w৯০ ১/১ ২২ ¶১০

এনে বলিদান আগবঢ়াওক যিয়ে ঈশ্বৰক আনন্দিত কৰে

১০ ইব্ৰীসকলে যিহূদীবাদীসকলৰ “নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত” হোৱা উচিত নাছিল। (গালাতীয়া ৫:১-৬) এনে শিক্ষাৰ দ্বাৰা নহয়, কিন্তু ‘ঈশ্বৰৰ অনুগ্ৰহেৰে হৃদয়ক দৃঢ় কৰা উচিত’ যাতে তেওঁলোকে সত্যত থিৰে থাকিব পাৰে। কিছুমান লোকে খোৱা বস্তু আৰু বলিদানৰ বিষয়ে তৰ্ক কৰিছিল। কিয়নো পৌলে হৃদয়ক দৃঢ় কৰিবলৈ কৈছিল, কোনো “খোৱা বস্তুৰপৰা, যিসকলে তাৰপৰা নিজকে ভৰণ-পোষণ দিয়ে, তেওঁলোকক খোৱা বস্তুৰপৰা একো লাভ নহʼল।” আধ্যাত্মিক লাভ আহিছে ঈশ্বৰীয় ভক্তি আৰু মুক্তিপণৰ বাবে থকা মূল্যাংকনৰপৰা, কোনো খোৱা বস্তু আৰু কোনো নিৰ্দিষ্ট দিনক পালন কৰাৰ অযথা চিন্তাৰে নহয়। (ৰোমীয়া ১৪:৫-৯) ইয়াৰ উপৰিও, খ্ৰীষ্টৰ বলিদানে লেবীয়াসকলৰ বলিদানক অৰ্থহীন কৰি তোলে।—ইব্ৰী ৯:৯-১৪; ১০:৫-১০.

বাইবেল পাঠ

(ইব্ৰী ১২:১-১৭) এতেকে ইমান মেঘৰূপ সাক্ষীয়ে আমাক বেৰি থকা দেখি, আহাঁ, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক, ২ আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। ৩ এতেকে তোমালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নোহোৱা, এই কাৰণে যি জনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰাহঁক। ৪ তোমালোকে পাপৰ লগত যুদ্ধ কৰি, এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই; ৫ আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি তোমালোকৰ লগত কথাবাৰ্ত্তা কৰিছে, বোলে, হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা; ৬ কিয়নো প্ৰভুৱে যাক প্ৰেম কেৰ তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰাস্য কৰা প্ৰতিজন পুত্ৰক কোবায়; ইয়াক তোমালোকে পাহৰিলা। ৭ তোমালোকে যি সহন কৰিছা, সেয়ে তোমালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি যেনেকৈ, তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া, এনে কোন পুত্ৰ আছে? ৮ কিন্তু সকলোৱে যি শাসনৰ ভাগী হল, তোমালোক যদি তাৰ ভাগী নোহোৱা, তেন্তে তোমালোক জাৰজহে, পুত্ৰ নোহোৱা। ৯ তাত বাজে আমাৰ মাংসিক পিতৃসকল শাসনকৰ্ত্তা আছিল, আৰু আমি তেওঁবিলাকক সমাদৰ কৰিছিলোঁ; পাছে তাতকৈ, যি জনা আত্মাবিলাকৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে? ১০ তেওঁবিলাকে হলে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল; কিন্তু তেওঁ হলে, আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। ১১ সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত, তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক, ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। ১২ এই কাৰণে তোমালোকে, ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰা; ১৩ আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰিলৈ পোন বাট কৰা। ১৪ সকলোৰে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ বিনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যোৱা; ১৫ পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই তোমালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়; ১৬ বা এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্ম্ম-নিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে চাবা। ১৭ কিয়নো তোমালোকে জানা যে, এচৌৱে পাছত সেই আশীৰ্ব্বাদৰ অধিকাৰী হবলৈ ইচ্ছা কৰি, তাক চকু-লোৰে সযত্ন বিচাৰিলতো, অগ্ৰাহ্য হল; কাৰণ তেওঁ মন পালটাবলৈ ঠাই নাপালে।

চেপ্টেম্বৰ ৩০–অক্টোবৰ ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাকোব ১-২

“পাপ আৰু মৃত্যুৰ পথ”

(যাকোব ১:১৪) কিন্তু প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।

g১৭.৪ ১৪

প্ৰলোভিত কৰা

প্ৰলোভিত হোৱাৰ অৰ্থ হৈছে কোনো বেয়া কাম কৰিবলৈ ইচ্ছা কৰা। এই বিষয়ে চিন্তা কৰক। আপুনি বজাৰলৈ গৈছে আৰু আপোনাক এটা বস্তু পছন্দ হৈছে। ইয়াক চুৰ কৰিবলৈ আপোনাৰ মনে কৈছে আৰু আপোনাক হয়তো লাগিব পাৰে আপুনি ধৰা নপৰিব। কিন্তু আপোনাৰ বিবেকে কৈছে যে এয়া সঠিক নহয়। আপুনি লগে লগে মনৰপৰা সেই ইচ্ছা উলিয়াই পেলায় আৰু আগবাঢ়ি যায়। এই ক্ষেত্ৰত আপুনি প্ৰলোভিত হৈছে, কিন্ত বেয়া কাম কৰা নাই। আপুনি জয়লাভ কৰিছে।

পবিত্ৰ শাস্ত্ৰই কি কয়?

প্ৰলোভিত হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি এজন বেয়া ব্যক্তি। পবিত্ৰ শাস্ত্ৰ বাইবেলত লিখা আছে যে সকলোৰে ওপৰত পৰীক্ষা আহে। (১ কৰিন্থীয়া ১০:১৩) প্ৰলোভিত হʼলে আপুনি কি কৰে, সেয়াহে গুৰুত্বপূৰ্ণ বিষয়। কিছুমান লোকে বেয়া চিন্তা মনত থাকিবলৈ দিয়ে আৰু এদিন নহয় এদিন তেওঁ বেয়া কাম কৰি পেলায়। আন কিছুমান লোকে তাক লগে লগে মনৰপৰা উলিয়াই পেলায়।

প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।—যাকোব ১:১৪.

(যাকোব ১:১৫) তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি, পাপ প্ৰসৱ কৰে; পাছে পাপ সম্পূৰ্ণ হলে, মৰণ জন্মায়।

g১৭.৪ ১৪

প্ৰলোভিত কৰা

পবিত্ৰ শাস্ত্ৰ বাইবেলত উল্লেখ কৰা হৈছ যে কিদৰে এজন ব্যক্তিয়ে বেয়া কাম কৰি পেলায়। যাকোব ১:১৫ পদত এইদৰে লিখা আছে: “কু-অভিলাষে গৰ্ভধাৰণ কৰি, পাপ প্ৰসৱ কৰে।” ইয়াৰ অৰ্থ হৈছে, কু-অভিলাষৰ বিষয়ে চিন্তা কৰি থাকিলে, আমাৰ মনত বেয়া কাম কৰিবলৈ ইচ্ছা বাঢ়ি যায়। এই ইচ্ছা ইমান প্ৰভাৱশালী হʼব পাৰে যে আমি বেয়া কাম কৰাটো নিশ্চিত, যেনেকৈ গৰ্ভধাৰণ কৰা তিৰোতাই সন্তান প্ৰসৱ কৰাটো নিশ্চিত। কিন্তু আমি বেয়া ইচ্ছাৰ দাস হোৱাৰপৰা আঁতৰি থাকিব পাৰোঁ। আমি সেইবোৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ।

আধ্যাত্মিক ৰত্ন বিচাৰক

(যাকোব ১:১৭) সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যি জনাৰ অৱস্থান্তৰ আৰু পৰিবৰ্ত্তনৰ ছাঁও নাই, জ্যোতিঃবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে।

it-২ ২৫৩-২৫৪

পোহৰ

যিহোৱা হৈছে ‘জ্যোতিঃবিলাকৰ পিতৃ।’ (যাকো ১:১৭) তেওঁ “দিনৰ পোহৰৰ নিমিত্তে সূৰ্য্য, আৰু ৰাতিৰ পোহৰৰ নিমিত্তে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে।” (যিৰি ৩১:৩৫) ইয়াৰ উপৰিও, সত্যৰ পোহৰো তেৱেঁই প্ৰকাশ কৰিছে। (২কৰি ৪:৬) তেওঁৰ নিয়ম, ন্যায়-সিদ্ধান্ত আৰু তেওঁৰ বাক্যই আমাক পোহৰৰ দৰে পথ দেখুৱাইছে। (গীত ৪৩:৩; ১১৯:১০৫; হিতো ৬:২৩; যিচ ৫১:৪) গীতৰচকে এইদৰে লিখিছিল: “তোমাৰ দীপ্তিতে আমি দীপ্তি পাম।” (গীত ৩৬:৯; গীত ২৭:১; ৪৩:৩ পদৰ লগত তুলনা কৰক।) যিদৰে সূৰ্য্যৰ পোহৰে ‘দুপৰলৈকে ক্ৰমে বৃদ্ধি পায়,’ ঠিক সেইদৰে, ধাৰ্ম্মিক লোকৰ পথ ঈশ্বৰৰ বুদ্ধিৰে প্ৰকাশিত হয়। (হিতো ৪:১৮) যদি আমি যিহোৱাই কোৱা পথত চলি থাকিম, তেনেহʼলে আমি তেওঁৰ পোহৰত চলাৰ দৰে হʼব। (যিচ ২:৩-৫) আনহাতে, যদি এজন ব্যক্তিয়ে কোনো এটা বস্তুক বেয়া দৃষ্টিৰে বা বেয়া উদ্দেশ্যৰে চায়, তেনেহʼলে তেওঁ সত্যৰ পোহৰত নহয়, কিন্তু অন্ধকাৰত থকাৰ দৰে হয়। যীচুৱে কৈছিল, “তোমাৰ চকু যদি বেয়া হয়, তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়, তেন্তে সেই আন্ধাৰেই কিমান গভীৰ!”—মথি ৬:২৩; দ্বিতী ১৫:৯ পদৰ লগত তুলনা কৰক; ২৮:৫৪-৫৭; হিতো ২৮:২২; ২পিত ২:১৪.

(যাকোব ২:৮) কিন্তু, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, শাস্ত্ৰৰ এই ৰাজকীয় ব্যৱস্থা যদি তোমালোকে সিদ্ধ কৰা, তেন্তে ভাল কৰিছা;

it-২ ২২২ ¶৪

নিয়ম

“ৰাজকীয় ব্যৱস্থা।” যিদৰে এজন ৰজাক লোকসকলৰ মাজত বেছিকৈ মান-সন্মান দিয়া হয়, তেনেকৈ মানৱীয় সম্পৰ্কৰ ক্ষেত্ৰত দিয়া নিয়মবোৰতকৈ “ৰাজকীয় ব্যৱস্থাৰ” গুৰুত্ব বেছি আৰু সকলোতকৈ শ্ৰেষ্ঠ হয়। (যাকো ২:৮) নিয়মৰ ব্যৱস্থা প্ৰেমৰ ওপৰত আধাৰিত আছিল আৰু এই নিয়মত দ্বিতীয় আজ্ঞা আছিল, “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা” (এয়া ৰাজকীয় নিয়ম হয়)। ইয়াৰ আৰু ইয়াৰ লগত জড়িত থকা প্ৰথম আজ্ঞাটোৰ ওপৰত ভাববাদীসকলৰ বাক্য ওলমি আছে। (মথি ২২:৩৭-৪০) এইটো সঁচা যে খ্ৰীষ্টানসকলে নিয়ম চুক্তিৰ অধীনত নাই, কিন্তু নতুন চুক্তিৰ আধাৰত তেওঁলোকে নিজৰ ৰজা যিহোৱা আৰু তেওঁৰ পুত্ৰ আৰু ৰজা যীচু খ্ৰীষ্টৰ নিয়মৰ অধীনত আছে।

বাইবেল পাঠ

(যাকোব ২:১০-২৬) কিয়নো যি কোনোৱে সকলো আজ্ঞা পালন কৰে, কিন্তু এটাত তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দোষী হল। ১১ কিয়নো, তুমি ব্যভিচাৰ নকৰিবা, ইয়াক যি জনাই কলে। তুমি নৰ-বধ নকৰিবা, তাকো সেই জনায়েই কলে। এই হেতুকে তুমি ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰা, তেন্তে বিধান-লঙ্ঘনকাৰী হলা। ১২ সিবিলাকৰ সোধ-বিচাৰ স্বাধীনতাস্বৰূপ বিধানৰ দ্বাৰাই হব, তোমালোকে নিজকেই তেনেকুৱা লোক জানি কথাও কোৱা, কৰ্ম্মকো কৰা। ১৩ কিয়নো যি জনে দয়া নকৰিলে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দ্দয় হয়; দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কেৰ। ১৪ হে মোৰ ভাইবিলাক, কোনোৱে যদি কয়, মোৰ বিশ্বাস আছে, কিন্ত তেওঁৰ যদি কৰ্ম্ম নাথাকে, তেন্তে কি লাভ? সেই বিশ্বাসে তেওঁৰ পৰিত্ৰাণ কৰিব পাৰে নে ? ১৫ কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰ নোপোৱাকৈ থাকিলে, ১৬ তোমালোকৰ মাজৰ কোনোৱে যদি তেওঁবিলাকক কয়, তোমালোকে উম লগাই তৃপ্ত হৈ কুশলে যোৱা; কিন্তু তেওঁবিলাকক শৰীৰৰ প্ৰয়োজনীয় বস্তু নিদিয়া, তেন্তে কি লাভ? ১৭ সেই দৰে বিশ্বাসো; যদি তাৰ কৰ্ম্ম নাথাকে, তেন্তে সি অকলে মৰা। ১৮ কিন্তু কোনোৱে কব, তোমাৰ বিশ্বাস আছে, আৰু মোৰ কৰ্ম্ম আছে। বাৰু, তেন্তে বিনাকৰ্ম্মেৰে তোমাৰ বিশ্বাস মোক দেখুউৱা, আৰু মই মোৰ কৰ্ম্মৰ দ্বাৰাই তোমাক বিশ্বাস দেখুৱাম। ১৯ ঈশ্বৰ এজনা বুলি তুমি বিশ্বাস কৰিছা; ভাল কৰিছা; ভূতবোৰেও বিশ্বাস কেৰ, আৰু ভয়ত চিঞৰে। ২০ কিন্তু, হে ভোদা মানুহ, বিনাকৰ্ম্মেৰে বিশ্বাস যে ব্যৰ্থ, ইয়াক তুমি জানিবলৈ ইচ্ছা কৰা নে? ২১ আমাৰ পিতৃ অব্ৰাহামে যজ্ঞা-বেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উত্‌সৰ্গ কৰিলত, সেই কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত নহল নে? ২২ তুমি দেখিছা যে, বিশ্বাস তেওঁৰ কৰ্ম্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হল। ২৩ আৰু, অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হল, এই শাস্ত্ৰীয় বচন সিদ্ধ হল; আৰু তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হল। ২৪ তোমালোকে দেখিছা যে, কৰ্ম্মৰ দ্বাৰাই মানুহ ধাৰ্ম্মিক বুলি গণিত হয়, অকল বিশ্বাসৰ দ্বাৰাই নহয়। ২৫ সেই দৰে ৰাহব বেশ্যায়ো দূতবিলাকক আলহীকৈ ৰাখি, পাছে আন বাটেদি পঠাই দিলত, তেওঁ সেই কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত নহল নে? ২৬ কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্ম্ম-বিহীন বিশ্বাসো মৰা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক