ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৭ পৃষ্ঠা ১০
  • সঠিক আৰু যুক্তিসংগত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সঠিক আৰু যুক্তিসংগত
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • প্ৰশ্নৰ ব্যৱহাৰ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৭ পৃষ্ঠা ১০

অধ্যায় ৭

সঠিক আৰু যুক্তিসংগত

শাস্ত্ৰপদ

লূক ১:৩

সাৰাংশ: শ্ৰোতাসকলে সঠিক মীমাংসাত উপনীত হʼবলৈ নিৰ্ভৰযোগ্য তথ্য ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • নিৰ্ভৰযোগ্য তথ্য ব্যৱহাৰ কৰক। আপোনাৰ মন্তব্য ঈশ্বৰৰ বাক্যৰ আধাৰত হোৱা উচিত আৰু যদি সম্ভৱ হয়, তেনেহʼলে বাইবেলৰপৰা পোনপটীয়াকৈ পঢ়ক। যদি আপুনি কোনো বিজ্ঞান সম্বন্ধীয় তথ্য, খবৰ, এটা অনুভৱ অথবা আন কোনো প্ৰমাণ তুলি ধৰিব বিচাৰে, তেনেহʼলে সেইবোৰ নিৰ্ভৰযোগ্য আৰু শেহতীয়া হয় নে নহয়, তাৰ বিষয়ে আগতিয়াকৈ পৰীক্ষা কৰক।

  • তথ্যবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক। শাস্ত্ৰপদটো কি প্ৰসঙ্গত কোৱা হৈছে, বাইবেলৰ মূল বাৰ্ত্তা আৰু ‘বিশ্বাসী বুদ্ধিমান দাসে’ আগবঢ়োৱা প্ৰকাশনৰ লগত মিল ৰাখি তথ্যবোৰ বৰ্ণনা কৰক। (মথি ২৪:৪৫) বাইবেলৰ আধাৰত নোহোৱা কোনো তথ্য ব্যৱহাৰ কৰিলে, মূল লিখনিৰপৰা কোনো পৰিৱৰ্তন নকৰাকৈ প্ৰস্তুত কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    তথ্য আৰু সংখ্যা বৰ্ণনা কৰোঁতে অতিৰঞ্জিতভাৱে তুলি ধৰা উচিত নহয়। সতৰ্ক হওক, “কিছুমান লোক” যাতে “বহুতোলোক” নহয়, “কেতিয়াবা কেতিয়াবা” যাতে “সদায়” নহয় আৰু “হয়তো” যাতে “খুব সম্ভৱ” নহয়।

  • প্ৰমাণৰ সৈতে যুক্তি কৰক। কোনো শাস্ত্ৰপদ পঢ়াৰ পাছত অথবা কোনো এটা তথ্য তুলি ধৰাৰ পাছত, শ্ৰোতাসকলক কৌশলতাৰে প্ৰশ্ন সোধক বা বিষয়টো বৰ্ণনা কৰক, যাতে তেওঁলোকে নিজে এটা মন্তব্যত উপনীত হʼব পাৰে।

ঘোষণা কাৰ্য্যত

ঘোষণা কাৰ্য্যৰ বাবে প্ৰস্তুতি কৰাৰ সময়ত আপুনি কিছুমান প্ৰশ্নৰ বিষয়ে চিন্তা কৰক আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব পাৰি, তাৰ বিষয়ে অনুসন্ধান কৰক। যদি গৃহস্থই এনে এটা প্ৰশ্ন সোধে আৰু সেই উত্তৰ আপুনি নাজানে, তেনেহʼলে ইয়াৰ বিষয়ে অনুসন্ধান কৰি পুনৰ আহিম বুলি কওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক