জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জানুৱাৰী ৬-১২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ১-২
“যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে”
it-১ ৫২৭-৫২৮
সৃষ্টিৰ প্ৰথম দিনাখন যিহোৱাই কʼলে, “পোহৰ হওক,” তেতিয়া পোহৰ ডাৱৰৰ মাজেৰে পৃথিৱীত সোমায়। কিন্তু এই পোহৰ কʼৰপৰা আহিছে, ইয়াক পৃথিৱীৰ উপৰিভাগৰপৰা বুজিব নোৱাৰি। এই প্ৰক্ৰিয়া লাহে লাহে হৈছিল। অনুবাদক জে. ডব্লুউ. ৱাট্টচে কয়: “পোহৰ লাহে লাহে অস্তিত্বত আহিল।” (আদি ১:৩, এ ডিচটিনক্টিভ ট্ৰান্চলেশ্ব্যন অফ জেনেচিচ) যিহোৱা ঈশ্বৰে আন্ধাৰক পোহৰৰপৰা পৃথক কৰে। পোহৰক দিন আৰু আন্ধাৰক ৰাতি বুলি কʼলে। ইয়ে দেখুৱায় যে পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘূৰি আছে। সেইবাবে, পূব আৰু পশ্চিম গোলাৰ্ধত পোহৰ আৰু আন্ধাৰ হয়।—আদি ১:৩, ৪.
দ্বিতীয় দিনাখন ঈশ্বৰে জলসমূহক দুটা ভাগত বিভক্ত কৰে। কিছু পানী পৃথিৱীত থাকি যায় আৰু বেছিভাগ পানী পৃথিৱীৰ ওপৰলৈ যায়। এই দুয়োটা ভাগৰ মাজত খালী ঠাই হৈ পৰে আৰু এই খালী ঠাইখিনিৰ নাম ঈশ্বৰে আকাশ দিলে। এই আকাশৰ লগত পৃথিৱীৰ সম্পৰ্ক আছে। ইয়াৰ ওপৰত যিখিনি পানী ৰৈ গৈছে, তাৰ বিষয়ে এইদৰে কʼব নোৱাৰি যে ইয়াৰ ভিতৰতেই গ্ৰহ-নক্ষত্ৰ তৰা বা আন বস্তুবোৰ আছে।—আদি ১:৬-৮.
তৃতীয় দিনাখন ঈশ্বৰে নিজৰ শক্তিৰে পৃথিৱীৰ জলসমূহক একে ঠাইতে জমা কৰিলে আৰু এখন শুকান ভূমি দেখিবলৈ পোৱা যায়। এই শুকান ভূমিক ঈশ্বৰে পৃথিৱী নাম দিলে। সেইদিনাখনেই ঈশ্বৰে পৰমাণু শক্তিৰে তৃণ, গুটি ধৰা বন, আৰু ফল-মূলৰ গছ-গছনি সৃষ্টি কৰে। এই সকলো নিজে নিজে বিৱৰ্তন প্ৰক্ৰিয়াৰে হোৱা নাই। ঈশ্বৰে এই তিনিবিধ উদ্ভিদক এইদৰে সৃষ্টি কৰিছে যাতে এইবোৰে “বিধে বিধে” ফল ধৰিব পাৰে।—আদি ১:৯-১৩.
it-১ ৫২৮ ¶৫-৮
সৃষ্টি
এয়া মন কৰিবলগীয়া বিষয় যে ইব্ৰী ক্ৰিয়া বাৰা, যাৰ অৰ্থ হৈছে “সৃষ্টি কৰা।” এই শব্দটো আদিপুস্তক ১:১৬ পদত ব্যৱহাৰ হোৱা নাই। ইয়াৰ সলনি ইয়াত ইব্ৰী ক্ৰিয়া ‘আছাহ’ ব্যৱহাৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নিৰ্ম্মাণ।” আদিপুস্তক ১:১ পদত উল্লেখ কৰা “আকাশত” সূৰ্য্য, চন্দ্ৰ আৰু তৰা জড়িত আছে। ইয়াৰ সৃষ্টি চতুৰ্থ দিনৰ বহু আগতে কৰা হৈছিল। সৃষ্টিৰ চতুৰ্থ দিনাখন ঈশ্বৰে এই মহাকাশৰ বস্তুবোৰৰ “নিৰ্ম্মাণ” কৰে অৰ্থাৎ এই তৰাবোৰৰ প্ৰভাৱ এতিয়া পৃথিৱীত পৰিলেহেঁতেন। বাইবেলে উল্লেখ কৰিছে যে আকাশৰপৰা “পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ” ঈশ্বৰে তাক নিৰ্ম্মাণ কৰিলে আৰু ইয়াৰ অৰ্থ হৈছে যে এতিয়াৰপৰা এই জ্যোতিবোৰ পৃথিৱীৰ উপৰিভাগৰপৰা দেখিবলৈ পোৱা যাব আৰু সেইবোৰ মুকলি ঠাইত থকা যেন লাগিব। ইয়াৰ উপৰিও, এই জ্যোতিৰ সহায়ত “ঋতু, দিন, আৰু বছৰৰ” বিষয়ে জানিব পাৰি। আগলৈ এই জ্যোতিৰ বাবে মানুহৰ বহুতো উপকাৰ হʼলহেঁতেন।—আদি ১:১৪.
পঞ্চম দিনাখন ঈশ্বৰে পৃথিৱীত প্ৰথমে জীৱ-জন্তুৰ সৃষ্টি কৰিলে। ঈশ্বৰে কেৱল এক প্ৰকাৰৰ জীৱ-জন্তু সৃষ্টি কৰাৰ পৰিৱৰ্তে, বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু সৃষ্টি কৰিছিল, যাতে আগলৈ গৈ ভিন্ন প্ৰকাৰৰ জীৱ-জন্তুৰে পৃথিৱীখন ভৰি পৰে। বাইবেলে এইদৰে উল্লেখ কৰিছে: “তেতিয়া ঈশ্বৰে বৰ বৰ জলজন্তু, আৰু বিধে বিধে জলসমূহত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা উৰগ আদি জীৱজন্তু, আৰু ডেউকা লগা সকলো বিধৰ চৰাই সৃষ্টি কৰিলে।” ঈশ্বৰে নিজে সৃষ্টি কৰা বস্তুবোৰত আনন্দিত হৈ সেইবিলাকক আশীৰ্বাদ দিলে আৰু কʼলে “বাঢ়ি বাঢ়ি” যোৱা। ঈশ্বৰে এই জীৱ-জন্তুবোৰক নিজ নিজ জাতিৰ অনুসৰি “বহু বংশ” হʼবলৈ সামৰ্থ দিয়াৰ বাবে এয়া সম্ভৱ হʼল।—আদি ১:২০-২৩.
সৃষ্টিৰ ষষ্টম দিনাখন “ঈশ্বৰে বিধে বিধে বনৰীয়া জন্তু, বিধে বিধে ঘৰচীয়া পশু, আৰু মাটিত বগাই ফুৰা বিধে বিধে সকলো জন্তুকো নিৰ্ম্মাণ কৰিলে।” আন সৃষ্টিৰ দৰে ঈশ্বৰৰ এই সৃষ্টিও উত্তম আছিল।—আদি ১:২৪, ২৫.
ঈশ্বৰে সৃষ্টিৰ ষষ্ঠম দিনাৰ শেষত, সকলো জীৱ-জন্তুতকৈ শ্ৰেষ্ঠ জীৱ মানুহক সৃষ্টি কৰিলে। কিন্তু মানুহ স্বৰ্গদূতকৈ শ্ৰেষ্ঠ নহয়। ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্ত্তি অৰ্থাৎ তেওঁৰ নিচিনা সৃষ্টি কৰিলে। আদিপুস্তক ১:২৭ পদত কেৱল উল্লেখ আছে যে “তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে।” কিন্তু আদিপুস্তক ২:৭-৯ পদত উল্লেখ কৰিছে যে ঈশ্বৰে ধূলিৰে মানুহ নিৰ্ম্মাণ কৰিলে আৰু তেওঁৰ নাকত ফুঁ দি প্ৰাণ-বায়ু সুমুৱাই দিলে। তাৰ পাছত ই জীৱিত প্ৰাণী হৈ পৰিল। যিহোৱা ঈশ্বৰে প্ৰথম মানুহক এখন সুন্দৰ বাগিচাত ৰাখিছিল আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। আদিপুস্তক কিতাপত উল্লেখ আছে যে মানুহক সৃষ্টি কৰাৰ সময়ত ঈশ্বৰে পৃথিৱীত পোৱা বস্তুবোৰক ব্যৱহাৰ কৰিছিল। ইয়াৰ পাছত যিহোৱা ঈশ্বৰে মানুহৰ কামীহাড়ৰপৰা এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰিলে। (আদি ২:১৮-২৫) স্ত্ৰী নিৰ্ম্মাণ কৰাৰ পাছত মানুহক এটা ‘জাতি’ বুলি কোৱা হয়।—আদি ৫:১, ২.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৫ ৬/১ ৫
বিজ্ঞানে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়
এই পৃথিৱী আৰু বিশ্বব্ৰহ্মাণ্ড কিমান বছৰ পুৰণি
বিজ্ঞানীসকলে অনুমান কৰিছে যে এই পৃথিৱীখন প্ৰায় ৪ কোটি বছৰ পুৰণি আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি প্ৰায় ১৩-ৰপৰা ১৪ কোটি বছৰৰ আগতে হৈছিল। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কেতিয়া হৈছিল, তাৰ বিষয়ে বাইবেলত কʼতো উল্লেখ নাই লগতে এয়াও উল্লেখ নাই যে এই পৃথিৱী মাত্ৰ কিছু বছৰৰ পুৰণি হয়। বাইবেলৰ প্ৰথম কিতাপ আদিপুস্তক ১:১ পদত উল্লেখ কৰিছে যে “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।” এই পদত বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ কোনো তাৰিখ দিয়া নাই। বিজ্ঞানীসকলে কিছুমান যুক্তিসংগত কাৰণৰ আধাৰত অনুমান কৰিছে যে পৃথিৱী আৰু আকাশ-মণ্ডল কেতিয়া অস্তিত্বত আহিলে।
it-২ ৫২
যীচু খ্ৰীষ্ট
যীচু সৃষ্টিকৰ্ত্তা নহয়। যীচুৱে সৃষ্টিৰ কাৰ্য্যত নিজৰ পিতৃক সহায় কৰিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ এজন সৃষ্টিকৰ্ত্তা। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত তেওঁ সৃষ্টি কৰিছিল। (আদি ১:২; গীত ৩৩:৬) যিহোৱাই হৈছে জীৱন দিওঁতা ঈশ্বৰ। সেইবাবে, সকলো দৃশ্য আৰু অদৃশ্য প্ৰাণীৰ জীৱনৰ ওপৰত তেওঁৰ অধিকাৰ আছে। (গীত ৩৬:৯) যীচু সৃষ্টিকৰ্ত্তা হোৱাৰ পৰিৱৰ্তে, কেৱল এক মাধ্যম আছিল, যাৰ যোগেদি আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাই সকলো বস্তু সৃষ্টি কৰিছিল। কিয়নো যীচুৱে নিজেই কৈছিল যে যিহোৱা ঈশ্বৰেই হৈছে সৃষ্টিকৰ্ত্তা আৰু বাইবেলৰ আন পদতো এইদৰে উল্লেখ আছে।—মথি ১৯:৪-৬.
জানুৱাৰী ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩-৫
“প্ৰথম মিছাৰ পৰিণাম হৈছে ধ্বংস”
w১৭.০২ ৫ ¶৯
যিহোৱা ঈশ্বৰৰ উদ্দেশ্য নিশ্চয় পূৰ হʼব!
৯ পিতৃ যিহোৱা ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ চয়তানে এটা সাপৰ যোগেদি হৱাক ভুলাইছিল। (আদিপুস্তক ৩:১-৫ পঢ়ক; প্ৰকা. ১২:৯) ঈশ্বৰে আদম আৰু হৱাক কেৱল এজোপা গছৰ ফল খাবলৈ মানা কৰিছিল। কিন্তু চয়তানে এনেদৰে কথা কৈছিল যেন ঈশ্বৰে তেওঁলোকক “বাৰীৰ গছবোৰৰ ফল” খাবলৈ মানা কৰিছে। চয়তানে যেন এইদৰে কৈছিল, ‘তাৰ মানে তুমি যি কৰিব বিচাৰা, তাক তুমি কৰিব নোৱাৰা।’ চয়তানে পুনৰ হৱাক কৈছিল, “দৰাচলতে তোমালোকে নমৰা।” এয়া প্ৰকৃততে এক মিছা কথা আছিল। ইয়াৰ পাছত চয়তানে হৱাক ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ প্ৰয়োজন নাই বুলি ভুলাবলৈ চেষ্টা কৰিছিল। চয়তানে কৈছিল, “যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” এইদৰে চয়তানে যিহোৱা ঈশ্বৰৰ ওপৰত মিছা অভিযোগ দিছিল। চয়তানে কৈছিল যে সেই ফল খোৱাটো যিহোৱাই নিবিচাৰে, কিয়নো ফলটো খালে তেওঁলোকে বিশেষ জ্ঞান লাভ কৰিব। শেষত চয়তানে মিছা প্ৰতিশ্ৰুতি দিছিল যে “তোমালোকে ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা।”
w০০ ১১/১৫ ২৫-২৬
প্ৰথম মানৱ দম্পতীৰপৰা আমি শিকিব পাৰোঁ
হৱাই এই পাপৰপৰা আঁতৰি থাকিব নোৱাৰিলেহেঁতেনে? নিশ্চয় পাৰিলেহেঁতেন! ক্ষন্তেকৰ বাবে চিন্তা কৰকচোন আপুনি হৱাৰ ঠাইত থকা হʼলে কি কৰিলেহেঁতেন। আপুনি যাক প্ৰেম আৰু বিশ্বাস কৰে, তেওঁৰ বিষয়ে যদি কোনোবা অচিনাকী ব্যক্তিয়ে মিছা কথা কয়, তেতিয়া আপোনাক কেনেকুৱা লাগিব? সাপে যি দাবী কৰিছিল, সেয়া ঈশ্বৰ আৰু আদমৰ কথাৰপৰা সম্পূৰ্ণ বেলেগ আছিল। হৱাই চয়তানৰ এই কথা শুনি চয়তানক ওপৰত ক্ৰোধিত হৈ সেই ঠাইৰপৰা আঁতৰি যাব লাগিছিল আৰু সাপৰ কথা অলপো শুনাৰ প্ৰয়োজন নাছিল। ঈশ্বৰৰ ধাৰ্মিকতা আৰু তাইৰ স্বামীৰ কথাৰ ওপৰত প্ৰশ্ন কৰাৰ অধিকাৰ সাপৰ আছিলনে? পৰিয়ালৰ মুৰব্বীৰ অধিকাৰৰ প্ৰতি অধীনতা দেখুৱাৰ যোগেদি হৱাই যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰথমে নিজৰ স্বামীৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছিল। যদি কেতিয়াবা আমাকো এনেধৰণৰ তথ্য দিয়া হয়, যি ঈশ্বৰৰ আজ্ঞাৰ বিপৰীত হয়, তেতিয়া আমি এনেধৰণৰ কথা শুনাৰপৰা সম্পূৰ্ণৰূপে আঁতৰি থকা উচিত। কিন্তু হৱাই চয়তানৰ কথাত পতিয়ন গৈছিল। ভাল আৰু বেয়াৰ নিৰ্ণয় তাই নিজেই লʼব বিচাৰিছিল। এই বিষয়ে তাই যিমানেই চিন্তা কৰিছিল, তাইক সিমানেই ভাল লাগিছিল। তাই এই ভাৱনাক মনৰপৰা সম্পূৰ্ণভাৱে উলিয়াই দিয়াৰ প্ৰয়োজন আছিল অথবা নিজৰ পৰিয়ালৰ মুৰব্বীৰ লগত এই বিষয়ে আলোচনা কৰিব লাগিছিল। কিন্তু তাই এনে কৰাৰ পৰিৱৰ্তে বেয়া ইচ্ছা মনত ৰাখি এক ডাঙৰ পাপ কৰিলে!—১ কৰিন্থীয়া ১১:৩; যাকোব ১:১৪, ১৫.
আদমে নিজৰ পত্নীৰ কথা শুনে
হৱাই অতি শীঘ্ৰে আদমকো নিজৰ পাপ কাৰ্য্যত লিপ্ত কৰিবলৈ উৎসাহিত কৰে। আদমে কোনো বাধা নিদিয়াকৈ নিজৰ পত্নীৰ কথা কিয় শুনিলে? (আদিপুস্তক ৩:৬, ১৭) আদমে বিশ্বাসৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হয়। তেওঁ সৃষ্টিকৰ্তাৰ আজ্ঞা পালন কৰিব নে, যিজনে তেওঁক সকলো বস্তুৰ লগতে মৰমিয়াল পত্নী, হৱাকো দিলে? তেওঁ কিবা কৰাৰ আগতে যিহোৱাৰপৰা নিৰ্দেশনা বিচাৰিব নে? তেওঁৰ পত্নীয়ে কৰা পাপ কাৰ্য্যত লিপ্ত হʼব নে? আদমে ভালদৰে জানিছিল যে হৱাই ফলটো খোৱাৰ যোগেদি যি পাবলৈ ইচ্ছা কৰিছিল, সেয়া কেৱল এক সপোন আছিল। পাঁচনি পৌলে ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল: “আদমক ভুলুউৱা নহল, কিন্তু তিৰোতাক ভুলুউৱা হলত, অপৰাধত পৰিল।” (১ তীমথিয় ২:১৪) সেইবাবে, আদমে জানি-শুনি যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ নিৰ্ণয় লʼলে। আদমে নিজৰ পত্নীৰপৰা পৃথক হোৱাৰ বাবে ইমানেই ভয় খাইছিল যে তেওঁ এই কথাৰ ওপৰত ভৰসা নাৰাখিলে যে ঈশ্বৰে পৰিস্থিতি সলনি কৰিবলৈ নিশ্চয় কিবা নহয় কিবা উপায় উলিয়ালেহেঁতেন।
w১২ ৯/১ ৪ ¶২
ঈশ্বৰে প্ৰকৃততে তিৰোতাসকলৰ যত্ন লয়নে?
ঈশ্বৰে তিৰোতাসকলক অভিশাপ দিছেনে?
নাই দিয়া। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে চয়তান অৰ্থাৎ ‘মহা নাগ, দিয়াবলক’ “অভিশপ্ত” কৰিছে। (প্ৰকাশিত বাক্য ১২:৯; আদিপুস্তক ৩:১৪) যেতিয়া ঈশ্বৰে কৈছিল যে আদমে নিজৰ পত্নীৰ ওপৰত “অধিকাৰ” চলাব, তেতিয়া ঈশ্বৰে এয়া কোৱা নাছিল যে তেওঁ এই কথাত সন্মত আছিল। (আদিপুস্তক ৩:১৬) ইয়াৰ পৰিৱৰ্তে, তেওঁ কʼব বিচাৰিছিল যে প্ৰথম দম্পতীয়ে কৰা পাপৰ পৰিণাম কি হʼব।
আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১
৩:১৭—কেনেকৈ ভূমি অভিশপ্ত হʼল আৰু কিমান সময়ৰ লৈকে? ভূমিক অভিশাপ দিয়াৰ অৰ্থ হৈছে মাটিত খেতি কৰাটো অতি কষ্টকৰ হোৱা। ভূমিক অভিশাপ দিয়াৰ বাবে কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন হʼল। সেয়েহে আদমৰ বংশজ নোহৰ পিতৃ লেমকে এইদৰে কৈছিল “যিহোৱাই শাও দিয়া ভূমিৰ কাৰণে আমাৰ যি শ্ৰম আৰু হাতৰ ক্লেশ হয়।” (আদিপুস্তক ৫:২৯) জল-প্লাৱনৰ পিছত পৃথিৱীখন পূৰ্ণ কৰাৰ প্ৰতি থকা যিহোৱাই নিজৰ উদ্দেশ্যক সম্পন্ন কৰিবলৈ নোহ আৰু তেওঁৰ পুতেকবোৰক আশীৰ্ব্বাদ দিলে। (আদিপুস্তক ৯:১) প্ৰত্যক্ষভাৱে তেতিয়া ভূমিক দিয়া অভিশাপ যিহোৱাই আঁতৰ কৰিলে।—আদিপুস্তক ১৩:১০.
it-২ ১৮৬
প্ৰসৱ বেদনা
ইয়াত সেই বেদনাৰ বিষয়ে উল্লেখ কৰা হৈছে, যেতিয়া সন্তান জন্ম দিয়াৰ সময়ত হয়। ঈশ্বৰে প্ৰথম তিৰোতা হৱাক কৈছিল যে পাপ কৰাৰ বাবে তাই সন্তান জন্মৰ দিয়াৰ সময়ত বহুত বেদনা অনুভৱ কৰিব। যদি তাই ঈশ্বৰৰ আজ্ঞা পালন কৰা হʼলে তাইৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ থাকিলেহেঁতেন আৰু সন্তান জন্ম দিয়াৰ সময়ত এনেধৰণৰ বেদনা অনুভৱ নকৰিলেহেঁতেন। ইয়াৰ পৰিৱৰ্তে, তাই আনন্দিত হʼলহেঁতেন। সেইবাবে, হিতোপদেশ ১০:২২ পদত উল্লেখ কৰিছে, “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।” কিন্তু অসিদ্ধ হোৱাৰ বাবে আজি আমি বহুতো দুখ-কষ্ট ভুগিবলগীয়া হয়। যিদৰে আদিপুস্তক ৩:১য়্ৰ৬ পদত ঈশ্বৰে কৈছিল, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব, আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব।” (ঈশ্বৰে যেতিয়া কোনো কথাৰ অনুমতি দিয়ে, তেতিয়া ইয়াক এইদৰে কয় যেন তেওঁ নিজেই কৰি আছে।)
it-২ ১৯২ ¶৫
লেমক
লেমকে নিজৰ পত্নীসকলৰ বাবে যি কবিতা ৰচিছিল, তাৰপৰা বুজিব পাৰি যে সেই সময়ত লোকসকল হিংস্ৰ আছিল। (আদি ৪:২৩, ২৪) তেওঁ কবিতাত এইদৰে লিখিছিল, “মোৰ কথা শুনা; হে লেমৰ তিৰোতাবিলাক, মোৰ কথালৈ কাণ কৰা; কিয়নো মোক আঘাত কৰাৰ কাৰণে মই এজন মানুহক, মোক কোবোৱাৰ সাঁচৰ সলনি এজন ডেকাক বধ কৰিলোঁ। যদি কয়িনৰ বধৰ প্ৰতিফল সাত গুণ হয়, তেন্তে অৱশ্যে লেমকৰ সাতসত্তৰ গুণ হব।” এই পদৰ যোগেদি লেমকে নিজৰ বিষয়ে প্ৰমাণ দিছিল যে তেওঁ কয়িনৰ দৰে জানি শুনি তেওঁক আক্ৰমণ কৰা ব্যক্তিজনক বধ কৰা নাছিল। কিন্তু নিজৰ জীৱন ৰক্ষা কৰিবলৈহে তাক বধ কৰিছিল। লেমকে নিজৰ কবিতাৰ যোগেদি অনুৰোধ কৰিছিল যে যিসকলে তেওঁৰ প্ৰতিশোধ লʼবলৈ চিন্তা কৰিছে, তেওঁলোকে যেন তেওঁৰ প্ৰতিশোধ নলয়।
it-১ ৩৩৮ ¶২
ঈশ্বৰ নিন্দক
জল-প্লাৱনৰ পূৰ্বে হনোকৰ সময়ত লোকসকলে “যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ ধৰিলে,” কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁলোকে প্ৰথমবাৰৰ বাবে যিহোৱাৰ নাম লৈছিল। কিয়নো বহু বছৰৰ আগতে হেবলেও নিশ্চয় যিহোৱাৰ নাম লৈছিল। (আদি ৪:২৬; ইব্ৰী ১১:৪) প্ৰকৃততে সেই সময়ৰ লোকসকলে ঈশ্বৰৰ নাম সঠিকভাৱে ব্যৱহাৰ কৰা নাছিল আৰু কিছুমান পণ্ডিতসকলে ইয়াকে বিশ্বাস কৰিছিল। তেওঁলোকৰ অনুসৰি লোকসকলে মানুহ আৰু উপাসনাত ব্যৱহাৰ হোৱা বস্তুবোৰক যিহোৱাৰ নাম দিছিল। যদি এয়া সত্য হয়, তেনেহʼলে এনে কৰাটো ঈশ্বৰক নিন্দা কৰা হʼব।
জানুৱাৰী ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৬-৮
“নোহে সেই দৰে কৰিলে”
w১৮.০২ ৪ ¶৪
নোহ দানিয়েল আৰু ইয়োবৰ দৰে বিশ্বাসী আৰু আজ্ঞাকাৰী হওক
৪ নোহক কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হʼব লগা হৈছিল? নোহৰ ককাৰ দেউতা হনোকৰ সময়লৈকে লোকসকল বৰ দুষ্ট হৈ পৰিছিল। তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে “টান টান” কথা কৈছিল। (যিহূ. ১৪, ১৫) হিংসা বাঢ়ি গৈছিল আৰু নোহৰ সময়লৈকে পৃথিৱীখন “অত্যাচাৰেৰে পৰিপূৰ্ণ” হৈ পৰিছিল। দুষ্ট স্বৰ্গদূতসকলে মানৱীয় শৰীৰ ধাৰণ কৰি তিৰোতাসকলক বিয়া কৰিছিল আৰু তেওঁলোকৰ পৰা যি সন্তান জন্ম হৈছিল, তেওঁলোক বৰ হিংস্ৰ আৰু নিৰ্দয়ী আছিল। (আদি. ৬:২-৪, ১১, ১২) কিন্তু নোহ সেই সময়ৰ লোকসকলৰপৰা একেবাৰে বেলেগ আছিল। বাইবেলে উল্লেখ কৰিছে যে তেওঁ “যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। . . . সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ আছিল; আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল।”—আদি. ৬:৮, ৯.
w১৩ ৪/১ ১৪ ¶১
“ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল”
জাহাজ বনোৱা কামটো কৰিবলৈ কেইবা বছৰো, হয়তো ৪০-ৰপৰা ৫০ বছৰ লাগিছিল। তেওঁলোকক গছ কাটিবলগীয়া আছিল, গছৰ কুণ্ডাবোৰ কঢ়িয়াই লৈ যাবলগীয়া আছিল, সেইবোৰ কাটি আকাৰ দিবলগীয়া আছিল আৰু সেইবোৰ যোৰা দিবলগীয়া আছিল। জাহাজখন তিনি মহলীয়া আছিল। ইয়াৰ বহুতো কোঠালি আৰু দৰ্জা আছিল। ইয়াৰ উপৰিও, জাহজৰ একেবাৰে ওপৰত খিৰিকী আৰু চাদ আছিল আৰু চাদৰ মাজৰ অংশ, অলপ ওখ আছিল, যাতে পানীখিনি তললৈ বৈ আহিব পাৰে।—আদিপুস্তক ৬:১৪-১৬.
w১১ ৯/১৫ ১৮ ¶১৩
ধৈৰ্য্যেৰে দৌৰি থাকক
১৩ যিহোৱাৰ এই সেৱকসকলক ধৈৰ্য্যেৰে দৌৰি থাকিবলৈ আৰু সফল হʼবলৈ কিহে সহায় কৰিছিল? মন কৰক যে পৌলে নোহৰ বিষয়ে কি লিখিছে। (ইব্ৰী ১১:৭ পঢ়ক।) “সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে, . . . পৃথিৱীলৈ জল-প্লাবন” অনাৰ কথা এইদৰে কৈছিল, যিটো নোহে সেই সময়লৈকে দেখা নাছিল। (আদি. ৬:১৭) ইয়াৰ আগতে এইদৰে কেতিয়াও হোৱা নাছিল। কিন্তু নোহে ঈশ্বৰে দিয়া কামটো অসম্ভৱ বুলি আওকাণ কৰা নাছিল। কিয় বাৰু? কিয়নো তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ঈশ্বৰে যি কয়, সেয়া তেওঁ যিকোনো পৰিস্থিতিত পূৰ কৰে। নোহে এয়া কেতিয়াও ভবা নাছিল যে তেওঁক ইমান কঠিন কাম দিছে, তেওঁ এয়া কেনেকৈ পূৰ কৰিব? ইয়াৰ বিপৰীতে “ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।” (আদি. ৬:২২) নোহে যিবোৰ কৰিলে, সেইবোৰৰ ওপৰত ধ্যান দিয়ক। যেনে, জাহাজ বনোৱা, জীৱ-জন্তুক একত্ৰিত কৰা, জাহাজত জীৱ-জন্তু আৰু নিজৰ পৰিয়ালৰ বাবে আহাৰ জমা কৰা, আহিবলগীয়া ধ্বংসৰ বিষয়ে লোকসকলক সতৰ্ক কৰা আৰু নিজৰ পৰিয়ালক আধ্যাত্মিকভাৱে সবল কৰা। নিঃসন্দেহ, “ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই” কৰাটো সহজ নাছিল, কিন্তু নোহৰ বিশ্বাস আৰু ধৈৰ্য্যৰ গুণৰ বাবে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ জীৱন ৰক্ষা পৰিল আৰু বহুতো আশীৰ্ব্বাদ লাভ কৰিলে।
আধ্যাত্মিক ৰত্ন বিচাৰক
আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১
৭:২—শুচি আৰু অশুচি জীৱ-জন্তুৰ মাজত প্ৰভেদ কৰিবলৈ কিহক এটা মুখ্য কাৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল? প্ৰভেদ কৰাৰ সেই মূল কাৰণটো স্পষ্টকৈ উপাসনাৰ বাবে বলিদান কৰিব পাৰি নে নোৱাৰি আৰু তাৰ মঙহ খাবৰ উপযুক্ত হয় নে নহয়, তাৰ ওপৰত আধাৰিত আছিল। জল-প্লাৱনৰ পূৰ্বেই জীৱ-জন্তুৰ মঙহ খাদ্যৰূপে ব্যৱহাৰ হোৱা নাছিল। খাদ্যৰ বাবে আহাৰ “শুচি” আৰু “অশুচি” কেৱল মোচিৰ ব্যৱস্থাতে উল্লেখ কৰা হৈছিল আৰু যেতিয়া মোচিৰ ব্যৱস্থাক বাতিল কৰা হʼল তেতিয়া সেই নিয়মো লুপ্ত হʼল। (পাঁচনিৰ কৰ্ম্ম ১০:৯-১৬; ইফিচীয়া ২:১৫) দৰাচলতে নোহে জানিছিল যে যিহোৱাক উপাসনা কৰাৰ বাবে কেনে জন্তু বলিদান কৰাটো উপযুক্ত। জল-প্লাৱন শেষ হোৱাৰ পিছত যেতিয়া নোহে জাহাজৰ পৰা ওলাই আহিল তেতিয়া তেওঁ “যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি, সকলো শুচি পশুৰ আৰু সকলো শুচি পক্ষীৰ পৰাও কেইটামান লৈ, সেই বেদিৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।”—আদিপুতক ৮:২০.
আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১
৭:১১—জল-প্লাৱনৰ বাবে পানী কʼৰ পৰা আহিল? সৃষ্টিৰ দ্বিতীয় “দিন” অৰ্থাৎ সময়ছোৱাত বায়ুমণ্ডলৰ “বিতান” নিৰ্মাণ কৰি “বিতানৰ তলত থকা জলসমূহৰ পৰা বিতানৰ ওপৰৰ জলসমূহ বেলেগ কৰিলে।” (আদিপুতক ১:৬, ৭) “বিতানৰ” তলত থকা পানীভাগ ইতিমধ্যেই পৃথিৱীত আছিল। “ওপৰৰ” জলভাগ পৃথিৱীৰ উপৰি ভাগত এখন বৃহৎ সেমেকা চাদৰৰদৰে ওলমি থাকি ‘মহাজলৰ ভুমুক’ হৈ থাকিল। নোহৰ সময়ত সেই পানী পৃথিৱীত বৰষুণৰূপে পৰিল।
জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৯-১১
“গোটেইখন পৃথিৱীত এক ভাষা থাকিব”
it-১ ২৩৯
মহা বাবিল
প্ৰাচীন বাবিলৰ চিন। চিনাৰ পৰ্ব্বতত যেতিয়া বাবিল নগৰখন স্থাপন কৰা হৈছিল, তেতিয়া বাবিলৰ আকাশ লঙ্ঘা ঘৰটো নিৰ্ম্মাণ কৰা হৈছিল। (আদি ১১:২-৯) চহৰখন স্থাপন কৰা আৰু ঘৰটো নিৰ্ম্মাণ কৰাৰ উদ্দেশ্য ঈশ্বৰৰ নাম মহিমাম্বিত কৰা নাছিল। কিন্তু ইয়াৰ নিৰ্ম্মাণকৰ্ত্তাসকলে বিচাৰিছিল যে তেওঁলোকৰ “নাম খ্যাতিমন্ত” হওক। প্ৰাচীন বাবিলত ধ্বংসাৱশেষ আৰু মিচপতামিয়াৰ আন আন ঠাইবোৰত ঘৰটোৰ ভগ্নাংশবোৰ পোৱা গৈছে। ইয়াৰপৰা বুজিব পাৰি যে প্ৰাচীন বাবিল যিদৰেই বনোৱা নাছিল কিয়, কিন্তু ইয়াক ধাৰ্ম্মিক উদ্দেশ্যেৰে নিৰ্ম্মাণ কৰা হৈছিল। যিহোৱা ঈশ্বৰে এই ঘৰৰ নিৰ্ম্মাণ কাৰ্য্য বন্ধ কৰিবলৈ যি পদক্ষেপ লৈছিল, তাৰ পৰা বুজিব পাৰি যে ইয়াৰ সম্পৰ্ক মিছা ধৰ্ম্মৰ লগত আছিল। যদিও ইয়াৰ হীব্ৰু নাম বাবিল দিয়া হৈছিল, যাৰ অৰ্থ হৈছে, “ভেদা।” কিন্তু লোকসকলে ইয়াক চুমেৰী (কাডিনগিৰা) আৰু আক্কাদী নাম (বাবিলু) দিলে, যাৰ অৰ্থ হৈছে “ঈশ্বৰৰ ফাটক।” এইদৰে তাত ৰৈ যোৱা নিবাসীসকলে ইয়াৰ নাম সলনি কৰে, যাতে ঈশ্বৰে তেওঁলোকৰ বিদ্ৰোহৰ বাবে দিয়া পুৰণি নামটো মনত নাৰাখে। কিন্তু ইয়াৰ নতুন নামৰপৰাও বুজিব পাৰি ইয়াৰ সম্পৰ্ক মিছা ধৰ্ম্মৰ লগত আছিল।
it-২ ২০২ ¶২
ভাষা
আদিপুস্তক কিতাপত উল্লেখ কৰা হৈছে যে জল-প্লাৱনৰ পাছত যেতিয়া নোহৰ পৰিয়াল বাঢ়িবলৈ ধৰে, তেতিয়া কিছুমান লোকে একগোট হৈ এনে কাম কৰিবলৈ নিৰ্ণয় লয়, যি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে আছিল। নোহ আৰু তেওঁৰ পুত্ৰসকলক “পৃথিৱীখন পৰিপূৰ্ণ” কৰিবলৈ আশীৰ্ব্বাদ দিছিল। (আদি ৯:১) কিন্তু কিছুমান লোকে পৃথিৱীৰ চাৰিওফালে বিয়পি পৰাৰ পৰিৱৰ্তে একে ঠাইতে বাস কৰিবলৈ বিচাৰিছিল আৰু তেওলোকে মিচপতামিয়াৰ চিনাৰৰ সমতলত থাকিবলৈ লৈছিল। আগলৈ গৈ এই ঠাই ধৰ্ম্মৰ কেন্দ্ৰস্থল হৈ পৰে, যʼত মিছা ধৰ্ম্মৰ লগত জড়িত থকা এটা ঘৰ আছিল।—আদি ১১:২-৪.
it-২ ২০২ ¶৩
ভাষা
সৰ্ব্বশক্তিমান ঈশ্বৰে লোকসকলৰ ভাষাত খেলি-মেলি লগায় যাতে লোকসকলে একগোট হৈ থাকিব নোৱাৰে। সেইবাবে, তেওঁলোকৰ নিৰ্ম্মাণ কাৰ্য্য বন্ধ হৈ যায় আৰু তেওঁলোকে গোটেই পৃথিৱীত বিয়পি পৰে। আগলৈ গৈ যদি এই লোকসকলে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ বিচৰে, তেনেহʼলে তেওঁলোকে নিজৰ ভাষা কোৱা লোকসকলৰ বুদ্ধি আৰু শক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হʼলহেঁতেন। ইয়াৰ উপৰিও, নিজৰ অভিজ্ঞতা আৰু অনুসন্ধানৰ যোগেদি তেওঁলোকে যি জ্ঞান আহৰণ কৰিছিল, সেই সকলো তেওঁলোকৰ মাজতে সীমিত আছিল। এজনে-আনজনৰ ভাষা বুজি নোপোৱাৰ বাবে তেওঁলোকে নিজৰ জ্ঞান আনক দিব নোৱাৰে। (উপ ৭:২৯; দ্বিতী ৩২:৫ পদৰ লগত তুলনা কৰক।) ভাষাৰ খেলি-মেলিয়ে যদিও লোকসকলক পৃথক কৰি দিয়ে, কিন্তু ইয়াৰপৰা তেওঁলোকৰেই লাভ হৈছিল। এতিয়া তেওঁলোকে বিপদজনক লক্ষ্য সহজে ৰাখিব নোৱাৰে। (আদি ১১:৫-৯; যিচ ৮:৯, ১০ পদৰ লগত তুলনা কৰক।) বৰ্তমান সময়তো লোকসকলে নিজৰ বুদ্ধি আৰু জ্ঞানক দুৰ্ব্যৱহাৰ কৰি বহুতো ক্ষতি কৰিছে। ঈশ্বৰে আগৰেপৰাই জানিছিল যে বাবিলত যি চলি আছিল, তাৰ পৰিণাম কি হʼব। সেইবাবে, তেওঁ এই কামত বাধা দিছিল।
it-২ ৪৭২
ৰাষ্ট্ৰ
ভাষাত হোৱা খেলি-মেলিৰ বাবে লোকসকলে বেলেগ বেলেগ সমূহত বিভক্ত হৈ যায়। সকলো সমূহে নিজৰ নিজৰ সংস্কৃতি, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু ধৰ্ম্ম স্থাপন কৰে। প্ৰতিজনে বেলেগ বেলেগ ধৰণে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। (লেবী ১৮:৩) তেওঁলোকে ঈশ্বৰৰপৰা আঁতৰি যায় আৰু নিজৰ ইচ্ছা অনুসৰি দেৱতাবোৰৰ মূৰ্তি সাজে।—দ্বিতী ১২:৩০; ২ৰাজা ১৭:২৯, ৩৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ১০২৩ ¶৪
হাম
হয়তো এই ঘটনাত কনান জড়িত আছিল আৰু তেওঁৰ পিতৃ হামে তেওঁক শুধৰণি কৰা নাছিল অথবা নোহে ঈশ্বৰৰ প্ৰেৰণাৰে কৈছিল। কিয়নো তেওঁ জানিছিল যে হামৰ মাজত যি বেয়া মনোবৃত্তি আছিল, সেয়া কনানৰ মাজতো আছিল আৰু কনানৰ বংশতো থাকিলেহেঁতেন। যেতিয়া ইস্ৰায়েলীসকলে কনানীয়াসকলক অধিকাৰ কৰে, তেতিয়া কম বেছি পৰিমাণে নোহে দিয়া এই অভিশাপ পূৰ হয়। যিসকলৰ ধ্বংস হোৱা নাছিল (যেনে, গিবনিসকল) তেওঁলোকে ইস্ৰায়েলীসকলৰ দাস হৈছিল। বহু দশকৰ পাছত, কনানৰ বংশধৰসকলে মাদীয়া-পাৰস্য, গ্ৰীচ আৰু ৰোমৰ দৰে বিশ্ব-শক্তিৰ অধীনত আহে, তেতিয়া এই অভিশাপ সম্পূৰ্ণৰূপে পূৰ হয়।
it-২ ৫০৩
নিম্ৰোদ
নিম্ৰোদৰ ৰাজ্যত চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি, এইবোৰ নগৰ জড়িত আছিল। (আদি ১০:১০) সেইবাবে, বাবিলত এক ঘৰ নিৰ্ম্মাণ কৰাৰ নিৰ্দেশনা নিম্ৰোদৰ আছিল আৰু যিহূদীসকলেও এইদৰেই ভাবিছিল। যোচেফাচে এইদৰে লিখিছে: “[নিম্ৰোদ]” লাহে লাহে এজন অত্যাচাৰকাৰী হৈ পৰে আৰু তেওঁ ভাবিছিল যে লোকসকলৰ মনৰপৰা ঈশ্বৰৰ ভয় নাইকিয়া কৰাৰ এটাই উপায় আছিল আৰু সেয়া হৈছে, লোকসকলে কেৱল তেওঁৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰা। তেওঁ ঈশ্বৰক ভাবুকি দিছে যে যদি তেওঁ পুনৰ পৃথিৱীত জল-প্লাৱন আনে, তেনেহʼলে তেওঁ পানীতকৈ বহু গুণে ওখ ঘৰ নিৰ্ম্মাণ কৰিব আৰু এইদৰে তেওঁ নিজৰ পুৰ্ব্বপুৰুষসকলক ধ্বংস কৰাৰ প্ৰতিশোধ লʼব। লোকসকলে [নিম্ৰোদৰ] এই পৰামৰ্শ পালন কৰিবলৈ ইচ্ছুক আছিল আৰু তেওঁলোকৰ বাবে ঈশ্বৰৰ অধীনত থকাটো তেওঁৰ দাসত্ব কৰাৰ দৰে আছিল। সেইবাবে, তেওঁলোকে ঘৰ নিৰ্ম্মাণ কৰে আৰু এই কাম অতি সোনকালে আগবাঢ়িবলৈ ধৰে।—জিউচ এণ্টিকুয়িটিচ, ১, ১১৪, ১১৫ (iv, ২, ৩).