প্ৰাচীন ইস্ৰায়েলীসকলৰ বাবে সাংগঠনিক ব্যৱস্থাৰ প্ৰয়োজন আছিল। লাখ লাখ ইস্ৰায়েলীয়ে জনবসতিহীন ঠাইৰ মাজেদি যাত্ৰা কৰোঁতে তেওঁলোকক অকলে পৰিচালনা কৰিবলৈ মোচিৰ বাবে অসুবিধা হৈছিল। এই সমস্যাৰ সমাধান কৰিবলৈ তেওঁ কি কৰিছিল? মোচিয়ে “সমুদায় ইস্ৰায়েলৰ মাজৰ পৰা কৰ্ম্ম-নিপূণ মানুহবিলাকক মনোনীত কৰি, লোকবিলাকৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এই এই প্ৰধান লোক নিযুক্ত কৰিলে।”—যাত্ৰাপুস্তক ১৮:২৫.
বৰ্তমান সময়ত সত্য খ্ৰীষ্টান মণ্ডলীতো এনেধৰণৰ সাংগঠনিক ব্যৱস্থাৰ প্ৰয়োজন আছে। সেইবাবে, প্ৰচাৰ সমূহৰ বাবে এজন ওভাৰচিয়াৰ থাকে, এটা মণ্ডলীত প্ৰাচীনসকল থাকে, মণ্ডলীবোৰ চোৱা-চিতা কৰিবলৈ চাৰ্কিট ওভাৰচিয়াৰ থাকে আৰু এখন দেশৰ কাৰ্য্যবোৰ পৰিচালনা কৰিবলৈ কাণ্ট্ৰি সমিতি বা শাখা সমিতি থাকে। এই সাংগঠনিক ব্যৱস্থা থকাৰ বাবে প্ৰতিজন ভায়ে এজন ভেড়াৰখীয়া হিচাপে যিহোৱা ঈশ্বৰৰ ভেড়াসকলক ভালদৰে চোৱা-চিতা কৰিবলৈ সহজ হয়। এই ভেড়াৰখীয়াসকলে যিহোৱা ঈশ্বৰ আৰু যীচুক তেওঁলোকৰ কাৰ্য্যৰ বাবে কৈফিয়ৎ দিব লাগিব।—পাঁচনিৰ কৰ্ম্ম ২০:২৮.
এই সাংগঠনিক ব্যৱস্থাৰ প্ৰতি আমি সকলোৱে আজ্ঞাকাৰী হৈ অধীনতা দেখুৱা উচিত। আমি কেতিয়াও দিয়ত্ৰিফিয়ৰ দৰে হোৱা উচিত নহয়। তেওঁ মণ্ডলীৰ পৰিচালনা কৰা লোকসকলক সন্মান কৰা নাছিল। (৩ যোহন ৯, ১০) ইয়াৰ পৰিৱৰ্তে, পাঁচনি পৌলে কোৱা কথাষাৰ আমি পালন কৰিব পাৰোঁ। তেওঁ লিখিছিল: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা; কিয়নো হিচাব দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।” (ইব্ৰী ১৩:১৭) কিছুমান লোকে মণ্ডলীৰ পৰিচালনা কৰা লোকসকলৰপৰা অহা নিৰ্দেশনা তেতিয়া পালন কৰে, যেতিয়া তেওঁলোক সন্মত হয়। কিন্তু যেতিয়া তেওঁলোকে নিৰ্দেশনা ভাল নাপায় বা নিৰ্দেশনা বুজি নাপায়, তেতিয়া তেওঁলোকে অধীনতা দেখুৱাবলৈ অমান্তি হয়। কিন্তু মনত ৰখা উচিত যে অনিচ্ছা সত্ত্বেও আমাক পৰিচালনা কৰা লোকসকলৰ নিৰ্দেশনা পালন কৰা আৱশ্যক। সেইবাবে, আমি সকলোৱে নিজকে নিজে সুধিব পাৰোঁ ‘মই মণ্ডলীৰ পৰিচালনা কৰা লোকসকলৰ আজ্ঞা পালন কৰোঁনে আৰু তেওঁলোকৰ অধীনত থাকোঁনে?’
নিঃসন্দেহ, মণ্ডলীৰ প্ৰতিটো ব্যৱস্থা বা কাৰ্য্য-প্ৰণালীৰ বিষয়ে বাইবেলত বিতংভাৱে উল্লেখ কৰা নাই। কিন্তু বাইবেলত এইটো নিশ্চয় উল্লেখ আছে: “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।” (১ কৰিন্থীয়া ১৪:৪০) প্ৰশাসন গোষ্ঠীয়ে এই নিৰ্দেশনা পালন কৰাৰ যোগেদি মণ্ডলীৰ কাম-কাজবোৰ শৃংখলাবদ্ধভাৱে পৰিচালিত হʼবলৈ বিভিন্ন ধৰণৰ কাৰ্য্য-প্ৰণালী আৰু নিৰ্দেশনাবোৰৰ ব্যৱস্থা কৰে। মণ্ডলীৰ ব্যৱস্থাৰ বাবে দিয়া নিৰ্দেশনাবোৰ পালন কৰাৰ যোগেদি, নিযুক্ত প্ৰাচীন আৰু পৰিচাৰকসকলে আজ্ঞা পালন কৰাৰ ভাল উদাহৰণ ৰাখে। তেওঁলোক ‘ক্ষান্তস্বভাৱী’ হয় আৰু পৰিচালনা কৰা লোকসকলৰ আজ্ঞা পালন কৰিবলৈ সদায় সাজু থাকে। (যাকোব ৩:১৭) সেইবাবে, প্ৰতিটো গোট, মণ্ডলী, চাৰ্কিট আৰু দেশৰ কাম-কাজবোৰ চাবলৈ এটা সমূহৰ ব্যৱস্থা কৰা হৈছে আৰু এই সমূহৰ বিশ্বাসী লোকসকলে ঈশ্বৰৰ গুণবোৰ প্ৰতিফলিত কৰে।—১ কৰিন্থীয়া ১৪:৩৩; ১ তীমথিয় ১:১১.
আনহাতে, পৌলে ইব্ৰী ১৩:১৭ পদত উল্লেখ কৰিছে যে আজ্ঞা উলংঘন কৰা কিয় হানিকাৰক। দায়িত্বত থকা লোকসকলে হয়তো “আৰ্ত্তস্বৰেৰে” অৰ্থাৎ হতাশাৰে নিজৰ দায়িত্ব পালন কৰিব। যেতিয়া এজন ভাইয়ে মণ্ডলীৰ দায়িত্বত থকা লোকসকলক সমৰ্থন নকৰি বিদ্ৰোহ কৰে, তেতিয়া দায়িত্বত থকা লোকসকলৰ বাবে সেই পবিত্ৰ সেৱা এক গধুৰ বোজা হৈ পৰিব পাৰে। ইয়াৰ পৰিণামস্বৰূপে “তোমালোকৰ একো হিত নহব” অৰ্থাৎ গোটেই মণ্ডলীৰ ক্ষতি হʼব। নিঃসন্দেহ, যেতিয়া মণ্ডলীৰ কোনো এজন সদস্যই ঈশ্বৰশাসিত নিৰ্দেশনা পালন কৰিবলৈ অমান্তি হয়, তেতিয়া আন এক ধৰণৰ ক্ষতি হয়। যেতিয়া তেওঁ নিজৰ অহংকাৰৰ বাবে নিৰ্দেশনা পালন কৰিবলৈ অমান্তি হয়, তেতিয়া যিহোৱা ঈশ্বৰৰ লগত থকা তেওঁৰ সম্পৰ্কত ব্যাঘাত জন্মে। (গীতমালা ১৩৮:৬) আহক আমি সকলোৱে আজ্ঞাকাৰী হʼবলৈ আৰু অধীনত থাকিবলৈ দৃঢ়সংকল্প লওঁ।