ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৭
  • যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱাই দেখুৱা পথত চলি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে

এজন ইস্ৰায়েলী পিতৃ আৰু তেওঁৰ সন্তানে দুৱাৰৰ চোকাঠৰ দুই দাঁতিত জন্তুৰ তেজ ছটিয়াছে।

প্ৰথমবাৰৰ নিস্তাৰ-পৰ্ব্ব তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ আছিল। সেই নিশা যেতিয়া ফৰৌণে দেখিলে যে তাৰ প্ৰথম সন্তানৰ মৃত্যু হʼল, তেতিয়া ফৰৌণে, মোচিক এইদৰে কৈছিল, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সন্তানবিলাকো মোৰ প্ৰজাবিলাকৰ মাজৰ পৰা বাহিৰ হৈ যোৱাহঁক; আৰু তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ সেৱা কৰাগৈ।” (যাত্ৰা ১২:৩১) সেইদিনা যিহোৱাই প্ৰমাণ কৰিলে যে তেওঁ নিজৰ লোকসকলৰ লগত সদায় থাকে আৰু তেওঁলোকক ৰক্ষা কৰে।

বৰ্তমান সময়ত যিহোৱাই যিদৰে তেওঁৰ লোকসকলক সহায় কৰিছে, ইয়ে প্ৰমাণ কৰে যে আজিও তেওঁ নিজৰ লোকসকলৰ লগত আছে আৰু তেওঁলোকক সুৰক্ষা দিছে। মুখ্য কাৰ্য্যালয়ৰ “যিহোৱাৰ নামেৰে পৰিচিত লোক” সংগ্ৰহালয়ে ইয়াৰ বিষয়ে জানিবলৈ সহায় কৰিছে।

ৱাৰউইকৰ সংগ্ৰহালয়ৰ ভ্ৰমণ: “যিহোৱাৰ নামেৰে পৰিচিত লোক,” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  •  ‘ফটো ড্ৰামা অৱ ক্ৰিয়েশ্বন’ চলচিত্ৰৰ ছবি আৰু স্লাইড।

    বাইবেল বিদ্যাৰ্থীসকলে ১৯১৪ চনৰ আৰম্ভণিত লোকসকলক বাইবেলৰ ওপৰত বিশ্বাস বঢ়াবলৈ কি নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ যোগেদি কিমান সফলতা লাভ কৰিছিল?

  • ১৯১৮ চনত জেলত বন্দী কৰা ভাইসকলৰ ছবি।

    বাইবেল বিদ্যাৰ্থীসকলে ১৯১৬ আৰু ১৯১৮ চনত কি কি পৰীক্ষাৰ সন্মুখীন হৈছিল আৰু কিহে প্ৰমাণ কৰে যে যিহোৱাই নিজৰ সংগঠনক নিৰ্দেশনা দিছিল?

  • এখন সংগ্ৰহালয়ত বিশ্বাসৰ বাবে বন্দী কৰা ভাইসকলৰ ছবি দেখুৱা হৈছে। কোঠালিৰ দুৱাৰখন খোলি থোৱা হৈছে আৰু তাৰ সন্মুখত প্ৰমোদবনৰ ছবি দেখুৱা হৈছে।

    পৰীক্ষা অহাৰ সত্ত্বেও যিহোৱাৰ সেৱকসকলে কেনেকৈ বিশ্বাসী হৈ থাকিল?

  • সংগ্ৰহালয়ত ১৯৩০ আৰু ১৯৪০ চনৰ প্ৰচাৰত ব্যৱহাৰ হোৱা পদ্ধতি দেখুৱা হৈছে।

    যিহোৱাৰ লোকসকলে ১৯৩৫ চনত কি নতুন কথা বুজিব পাৰিছিল আৰু তেওঁলোকে কি কৰিবলৈ নিৰ্ণয় লৈছিল?

  • যদি আপুনি এই সংগ্ৰহালয় ভ্ৰমণ কৰিছে, তেনেহʼলে আপুনি কি দেখিলে যাৰ বাবে আপোনাৰ বিশ্বাস দৃঢ় হʼল যে যিহোৱাই নিজৰ লোকসকলক সুৰক্ষা আৰু নিৰ্দেশনা দিয়ে?

যদি আপুনি সংগ্ৰহালয় ভ্ৰমণ কৰিব বিচাৰে, তেনেহʼলে আপুনি jw.org® ৱেবছাইটত গৈ আমাৰ বিষয়ে ভাগত ক্লিক কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক