জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জানুৱাৰী ৪-১০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১৮-১৯
“আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত”
w১৯.০৬ ২৮ ¶১
চয়তানৰ এক ভয়ানক ফান্দৰপৰা কেনেকৈ ৰক্ষা পাম
যেতিয়া যিহোৱাই আশে-পাশে থকা ৰাষ্ট্ৰবোৰৰ অনৈতিক কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁ ইস্ৰায়েলীসকলক কৈছিল, “মই তোমালোকক যি কনান দেশলৈ লৈ আহিছোঁ, সেই দেশৰ আচাৰৰ দৰেও আচৰণ নকৰিবা। . . . সেই দেশখনো অশুচি হল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰাম।” ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ দৃষ্টিত কনান দেশৰ লোকসকলৰ আচাৰ-ব্যৱহাৰ ঘৃণনীয় আছিল, সেইবাবে সেই দেশখন অশুচি অথবা অশুদ্ধ হৈ পৰিছিল।—লেবী. ১৮:৩, ২৫.
w১৭.০২ ২০ ¶১৩
যিহোৱাই নিজৰ লোকসকলৰ পৰিচালনা কৰে
১৩ আনহাতে আন দেশৰ নায়কসকলে মানুহৰ সীমিত বুদ্ধিৰ অনুসৰি চলিছিল। উদাহৰণস্বৰূপে, কনানীয়া ৰজা আৰু তেওঁৰ লোকসকলে ঘিণ লগা কাৰ্য্য কৰিছিল। তেওঁলোকে সন্তানৰ বলি দিছিল, মূৰ্তি-পূজা কৰিছিল, নিজৰ সম্বন্ধীয় লোক আৰু জীৱ-জন্তুৰ লগত যৌন-সম্পৰ্ক ৰাখিছিল। ইয়াৰ উপৰিও, তাত থকা তিৰোতাসকলে তিৰোতাৰ সৈতে আৰু পুৰুষসকলে পুৰুষৰ সৈতে যৌন-সম্পৰ্ক ৰাখিছিল। (লেবী. ১৮:৬, ২১-২৫) লগতে, বাবিল আৰু মিচৰ দেশৰ নায়কসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সেই নিয়মবোৰ পালন কৰা নাছিল, যিবোৰ ঈশ্বৰৰ লোকসকলে পালন কৰিছিল। (গণ. ১৯:১৩) ঈশ্বৰৰ লোকসকলে তেওঁলোকৰ নায়ক, আন দেশৰ নায়কসকলেতকৈ কেনেকৈ পৃথক আছিল, তাক স্পষ্টকৈ দেখিবলৈ পাইছিল। এই নায়কসকলে তেওঁলোকক শাৰীৰিকভাৱে, নৈতিকভাৱে আৰু উপাসনাৰ ক্ষেত্ৰত শুদ্ধ হৈ থাকিবলৈ উৎসাহিত কৰিছিল। ইয়াৰপৰা স্পষ্টকৈ জানিব পাৰি যে যিহোৱা ঈশ্বৰে তেওঁলোকৰ পৰিচালনা কৰিছিল।
w১৪ ১০/১ ৭ ¶২
ঈশ্বৰে কি পদক্ষেপ লʼব?
কিন্তু, তেওঁলোকৰ কি হʼব, যিসকলে নিজৰ চাল-চলন পৰিৱৰ্তন কৰিব নিবিচাৰে আৰু বেয়া কামত লিপ্ত হৈ থাকে? খন্তেকৰ বাবে এই প্ৰতিজ্ঞালৈ ধ্যান দিয়ক, “সৰল লোকবিলাকে [“পৃথিৱীত,” NW] নিবাস কৰিব, আৰু সিদ্ধ লোকবিলাক তাত অৱশিষ্ট থাকিব। কিন্তু দুষ্টবোৰক [পৃথিৱীৰপৰা] উচ্ছন্ন কৰা হব, আৰু বিশ্বাস-ঘাতকবোৰক [পৃথিৱীৰপৰা] উঘলা যাব।” (হিতোপদেশ ২:২১, ২২) হয় পৃথিৱীত আৰু দুষ্টবিলাকৰ প্ৰভাৱ নপৰিব। সেই শান্তিপূৰ্ণ পৰিৱেশত ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলে, আদমৰপৰা উত্তৰাধিকাৰীৰূপে পোৱা পাপ আৰু অসিদ্ধতাৰপৰা লাহে লাহে মুক্তি লাভ কৰিব।—ৰোমীয়া ৬:১৭, ১৮; ৮:২১.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৭/১ ১৪ ¶১১
“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ।”
১১ মোচিৰ ব্যৱস্থাৰ আন এটা নিয়মে দেখুৱাই যে ঈশ্বৰে নিজৰ লোকসকলৰ বিষয়ে চিন্তা কৰিছিল। এই নিয়ম শস্য বুটলাৰ বিষয়ে আছিল। যিহোৱাই ইস্ৰায়েলী খেতিয়সকলক, নিজৰ ভূমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, এৰি যোৱা শস্যবোৰ দুখীয়াসকলক বুটলিবলৈ অনুমতি দিবলৈ আজ্ঞা দিছিল। খেতিয়কসকলক নিজৰ খেতিৰ চুকত থকা শস্যবোৰ নাদাবলৈ কোৱা হৈছিল, লগতে বাৰীৰ সকলো দ্ৰাক্ষাগুটি আৰু জিতগছত লগা সকলো ফল ছিঙিবলৈ মানা কৰিছিল। ঘেহুঁৰ খেতি দোৱাৰ সময়ত যদি মুঠি এটা পাহৰি এৰি আহে, তেনেহʼলে তাক আনিবলৈ মানা কৰিছিল। এয়া দুখীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে এক প্ৰেমৰ ব্যৱস্থা আছিল। শস্য বুটলিবলৈ এই দৰিদ্ৰসকলক কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল, কিন্তু তেওঁলোকক ভিক্ষা খুজিব লগীয়া নহৈছিল।—লেবীয়া পুস্তক ১৯:৯, ১০; দ্বিতীয় বিবৰণ ২৪:১৯-২২; গীতমালা ৩৭:২৫.
জানুৱাৰী ১১-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ২০-২১
“যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে”
পৰমদেশৰ প্ৰতি থকা আশা ভাৰসাযোগ্যনে?
১২ যিয়ে নহওক, আমি সদায়ে ঈশ্বৰে ইস্ৰায়েলসকলক দিয়া এই আজ্ঞা মনত ৰাখা উচিত, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ পাৰ হৈ যাবা, বলৱান হৈ সেই দেশত সোমাই তাক অধিকাৰ কৰিবলৈ, . . . মই তোমালোকক যি ব্যৱস্থা দিওঁ, তোমালোকে সেই গোটেই ব্যৱস্থা পালন কৰিবা।” (দ্বিতীয় বিবৰণ ১১:৮, ৯) আনকি সেই একেই ভূমিৰ বিষয়ে লেবীয়া পুস্তক ২০:২২, ২৪ পদটো এইদৰে কৈছে: “এই হেতুকে তোমালোকে বাস কৰিবৰ নিমিত্তে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বঁতিয়াই নেপেলায়, এই নিমিত্তে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰিবা, আৰু সেই অনুসাৰে আচৰণ কৰিবা। কিন্তু মই তোমালোকক কলোঁ, তোমালোকেই সিহঁতৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ মৌ-জোল বৈ থকা দেশ দিম।” অৱশ্যে যিহোৱাৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিহে তেওঁবিলাকে সেই দেশখনত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন। যিহেতু তেওঁবিলাকে তেনে কৰাত বিফল হোৱাৰ কাৰণে তেওঁবিলাকক বাবুলীয়াৰ হাতত শোধাই দিলে আৰু তেওঁলোকৰ বসতি স্থানৰ পৰা বহিষ্কাৰ কৰা হʼল।
it-১ ১১৯৯
উত্তৰাধিকাৰ
এজন ব্যক্তিৰ মৃত্যুৰ পাছত, তেওঁৰ ধন-সম্পত্তি, তেওঁৰ পৰিয়াল বা অধিকাৰ থকা আন কোনোবাই লাভ কৰে। এই বস্তুবোৰ উত্তৰাধিকাৰীয়ে পিতৃ-মাতৃৰপৰা অথবা পূৰ্ব্ব-পুৰুষৰপৰা বংশানুক্ৰমে লাভ কৰে। হীব্ৰু ভাষাত উত্তৰাধিকাৰৰ বিষয়ে বিশেষকৈ যি ক্ৰিয়া ব্যৱহাৰ হৈছে, সেয়া হৈছে নাচাল (বিশেষণ পদ নাচালা )। ইয়াৰ অৰ্থ হৈছে পূৰ্ব্ব-পুৰুষৰপৰা কোনো বস্তু উত্তৰাধিকাৰ হিচাপে অথবা বংশগতভাৱে লাভ কৰা। (গণ ২৬:৫৫; যিহি ৪৬:১৮) হীব্ৰু ভাষাত উত্তৰাধিকাৰৰ বাবে আৰু এটা ক্ৰিয়া য়াৰাচ ব্যৱহাৰ কৰা হয়। কিছুমান পদত এই ক্ৰিয়াৰ অৰ্থ, ‘উত্তৰাধিকাৰী হোৱা’ বুজায়। কিন্তু বেছি ভাগ পদত ইয়াৰ অৰ্থ হৈছে, কোনো ধন-সম্পত্তি ‘অধিকাৰ কৰা।’ (আদি ১৫:৩; লেবী ২০:২৪) এই ক্ৰিয়াৰ আন এটা অৰ্থ হৈছে, সৈন্যবিলাকে আক্ৰমণ কৰি কোনো এলেকাক নিজৰ কৰি ‘বাস’ কৰা আৰু তাত থকা লোকসকলৰ “আদিপত্য” লোৱা। (দ্বিতী ২:১২; ৩১:৩) গ্ৰীক ভাষাৰ ক্লেৰচ শব্দটো “উত্তৰাধিকাৰ” বুলি অনুবাদ কৰা হৈছিল।
it-১ ৩১৭ ¶২
পক্ষী
জল-প্লাবনৰ পাছত নোহে জীৱ-জন্তুৰ লগতে, “শুচি পক্ষীৰ পৰাও” বলিদান উৎসৰ্গ কৰিছিল। (আদি ৮:১৮-২০) ইয়াৰ পাছৰেপৰা ঈশ্বৰে মানৱ জাতিক পক্ষীৰ মাংস খাবলৈ অনুমতি দিয়ে। (আদি ৯:১-৪; লেবী ৭:২৬; ১৭:১৩ পদবোৰৰ-পৰা তুলনা কৰক।) ঈশ্বৰে হয়তো কিবা প্ৰকাৰেৰে দেখুৱাইছিল যে তেওঁ কেৱল কিছুমান পক্ষীৰ বলিদানহে গ্ৰহণ কৰিব। সেইবাবে, হয়তো সেইসময়ত কিছুমান পক্ষীক শুচি বুলি কোৱা হৈছে। বাইবেলৰপৰা বুজিব পাৰি যে মোচিৰ ব্যৱস্থা নহালৈকে আহাৰৰ ক্ষেত্ৰত কোনো পক্ষীক অশুচি বুলি কোৱা নাছিল। পাছলৈ মোচিৰ নিয়মত কিছুমান পক্ষীক অশুচি বুলি কোৱা হʼল, যাৰ অৰ্থ আছিল, সেইবোৰ খাবলৈ নিষেদ কৰা হৈছে। (লেবী ১১:১৩-১৯, ৪৬, ৪৭; ২০:২৫; দ্বিতী ১৪:১১-২০) কিন্তু স্পষ্টকৈ উল্লেখ নাই যে কিছুমান পক্ষীক কিয় “অশুচি” বুলি কোৱা হৈছিল। যি পক্ষীবিলাকক অশুচি বুলি কোৱা হৈছিল, তাৰে মাজৰ বেছিভাগ পক্ষী মাংসভোজী আছিল, কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে সেইবাবে এই পক্ষীবোৰক অশুচি বুলি কৈছিল। কিছুমান এনে পক্ষীবোৰকো অশুচি বুলি কৈছিল, যিবোৰ মাংসভোজী নাছিল। যেতিয়া নতুন নিয়ম স্থাপিত কৰা হৈছিল, তেতিয়া অশুচি পক্ষী নোখোৱাৰ যি নিয়ম আছিল, সেই নিয়ম বাতিল কৰা হʼল। ইয়াৰ বিষয়ে পিতৰক এটা দৰ্শনৰ দ্বাৰা ঈশ্বৰে জনাইছিল—পাঁচ ১০:৯-১৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
দ্বিতীয় বিবৰণ কিতাপৰ আলোকপাত
লেবী ১৪:১. নিজৰ অঙ্গছেদন কৰাটো হৈছে মানৱ শৰীৰৰ প্ৰতি অসন্মান দেখুৱা। এনে নিয়ম হয়তো মিছা ধৰ্ম্মৰ সৈতে জড়িত থাকিব পাৰে আৰু সেয়েহে আমি অৱশ্যেই ইয়াক বৰ্জ্জন কৰা উচিত। (১ ৰাজাৱলি ১৮:২৫-২৮) পুনৰুত্থানৰ প্ৰতি থকা আমাৰ আশাই প্ৰকাশ কৰিছে যে মৃতজনাৰ প্ৰতি আমি অতিশয় শোক কৰাটো উপযুক্ত নহয়।
জানুৱাৰী ১৮-২৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ২২-২৩
“ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা”
it-১ ৮২৬-৮২৭
খমীৰ নিদিয়া পিঠাৰ উৎসৱ
খমীৰ নিদিয়া পিঠাৰ উৎসৱৰ প্ৰথম দিনা এক বিশেষ সভা হৈছিল আৰু সেইদিনাখন বিশ্ৰাম-বাৰো আছিল। এই উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ নিচান মাহৰ ১৬ তাৰিখে যৱ ধানৰ প্ৰথমে পকা ফল অৰ্থাৎ শস্যৰ আগ ভাগ এডাঙৰি লৈ পুৰোহিতসকলক দিয়া হৈছিল। ইস্ৰায়েল দেশত বছৰৰ প্ৰথমে যৱ ধানৰ শস্য উৎপন্ন হৈছিল। ইস্ৰায়েলীসকলে এই উৎসৱ পালন কৰাৰ আগতে নতুন শস্যৰ পিঠা আৰু তাৰ ভজা চাউল তেওঁলোকে খাব নোৱাৰিছিল। যেতিয়া পুৰোহিতক যৱ ধানৰ এডাঙৰি দিয়া হৈছিল, তেতিয়া পুৰোহিতে যিহোৱাৰ আগত সেয়া লৈ দোলাইছিল। এইদৰে কৰি সেই এডাঙৰি যিহোৱালৈ উৎসৰ্গ কৰা যেনে হৈছিল। ইয়াৰ উপৰিও, এবছৰীয়া নিঘুণ মতা মেৰ পোৱালি, তেল মিহলোৱা মিহি আটাগুড়ি আৰু সুঘ্ৰাণো উৎসৰ্গ কৰিব লগীয়া হৈছিল। (লেবী ২৩:৬-১৪) আগলৈ পুৰোহিতে যৱ ধান বা আটাগুড়ি বেদিৰ ওপৰত উৎসৰ্গ কৰিবলৈ ধৰিলে, কিন্তু এইদৰে কৰিবলৈ নিয়মত কোৱা নাছিল। পুৰোহিতসকলে যৱৰ ডাঙৰি আৰু আন বলিদান যিহোৱালৈ উৎসৰ্গ কৰিছিল, সেই সকলো গোটেই ৰাষ্ট্ৰৰ ফালৰপৰা আছিল। লগতে, এনে প্ৰতিটো পৰিয়াল আৰু প্ৰতিজন ব্যক্তিয়ে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব লগীয়া হৈছিল, যিসকল ইস্ৰায়েলীয়ে উত্তৰাধিকাৰীৰূপে মাটি আৰু ধন-সম্পত্তি লাভ কৰিছিল।—যাত্ৰা ২৩:১৯; দ্বিতী ২৬:১, ২.
উৎসৱ পালন কৰাৰ কাৰণ। এই উৎসৱত লোকসকলক খমীৰ নিদিয়া পিঠা খাব লগীয়া হৈছিল, কাৰণ যিহোৱাই মোচিৰ যোগেদি এনে কৰিবলৈ নিৰ্দেশনা দিছিল। এই বিষয়ে যাত্ৰাপুস্তক ১২:১৪-২০ পদত উল্লেখ আছে। ১৯ পদত এইদৰে উল্লেখ আছে, “সাদিনলৈকে তোমালোকৰ ঘৰত খমীৰ নেথাকক।” দ্বিতীয় বিবৰণ ১৬:৩ পদত খমীৰ নিদিয়া পিঠাক “দুখৰ পিঠা” বুলি কোৱা হৈছে। প্ৰতিবছৰে যেতিয়া যিহূদীসকলে এই উৎসৱৰ পিঠা খাইছিল, তেতিয়া তেওঁলোকৰ মনত পৰিছিল যে তেওঁলোকে লৰালৰিকৈ মিচৰ দেশৰপৰা ওলাই আহিছিল। (এনে পৰিস্থিতিত তেওঁলোকৰ ওচৰত আটাগুড়িত খমীৰ মিহলোৱাৰ বাবে সময়ো নাছিল। [যাত্ৰা ১২:৩৪]) তেওঁলোকৰ মনত আছিল যে মিচৰ দেশত বন্দী হৈ থকাৰ সময়ত তেওঁলোকে কিমান তাড়নাৰ সন্মুখীন হৈছিল। যিহোৱাই তেওঁলোকক জনাইছিল যে এই উৎসৱ কিয় পালন কৰা উচিত। তেওঁ কৈছিল, “মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন তুমি জীয়াই থাকামানে সোঁৱৰণ কৰিবৰ নিমিত্তে।” যদি ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰিলেহেঁতেন, তেনেহʼলে তেওঁলোক এক স্বাধীন ৰাষ্ট্ৰ হʼলহেঁতেন। তেতিয়া তেওঁলোকক সদায় মনত ৰাখিব লাগিছিল যে যিহোৱাই তেওঁলোকক মুকলি কৰিলে। এই কথাষাৰ মনত ৰাখি তেওঁলোকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিছিল, এয়া ইস্ৰায়েলীসকলৰ তিনিটা ডাঙৰ উৎসৱৰ ভিতৰত প্ৰথম উৎসৱ আছিল।—দ্বিতী ১৬:১৬.
it-২ ৫৯৮ ¶২
পঞ্চাশ-দিনীয়া পৰ্ব্ব
ঘেঁহু আৰু যৱ ধানৰ প্ৰথমে উৎপন্ন হোৱা ফল উৎসৰ্গ কৰাৰ মাজত পাৰ্থক্য আছিল। ঐফাৰ দহ ভাগৰ দুভাগ আটাগুড়িত (৪.৪ লিটাৰ সমান) খমীৰ মিহলাই দুটা পিঠা বনাইছিল আৰু সেইবোৰ তন্দুৰত পুৰা হৈছিল। ইস্ৰায়েলীসকলে “থকা ঠাইৰ পৰা” পিঠা আনি নৈবেদ্য দিব লগীয়া হৈছিল। অৰ্থাৎ তেওঁলোকে সদায় যিদৰে নিজৰ বাবে পিঠা বনাইছিল, ঠিক সেইদৰেই বনাই আনিব লগীয়া হৈছিল। এইবোৰ পবিত্ৰ নৈবেদ্য পিঠাৰ নিচিনা নাছিল, কিন্তু সাধাৰণ পিঠা আছিল। (লেবী ২৩:১৭) তেওঁলোকক পিঠাৰ লগতে, হোম-বলি, এটা পাপাৰ্থক বলি আৰু মঙ্গলাৰ্থক বলিৰ নিমিত্তে দুটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিব লগীয়া হৈছিল। পুৰোহিতে পিঠা আৰু মেৰৰ টুকুৰাবোৰ হাতত লৈ, সেইবোৰ যিহোৱাৰ আগত দোলাইছিল। এইদৰে সেই সকলোবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰা যেন হৈছিল। যেতিয়া এই সকলোবোৰ উৎসৰ্গ কৰা হৈছিল, তেতিয়া পুৰোহিতে সেইবোৰক মঙ্গলাৰ্থক বলি হিচাপে খাব পাৰিছিল।—লেবী ২৩:১৮-২০.
w১৪ ৫/১৫ ২৮-২৯ ¶১১
আপুনি যিহোৱাৰ সংগঠনৰ সৈতে চলিছেনে?
১১ যিহোৱাৰ সংগঠনে আমাক পৌলৰ এই পৰামৰ্শ পালন কৰিবলৈ উৎসাহিত কৰে, “আৰু প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হʼবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে যিহোৱাক উপাসনা কৰিবলৈ আৰু তেওঁৰপৰা শিকিবলৈ নিয়মিতভাৱে একগোট হৈছিল। নহিমিয়াৰ সময়ত পালন কৰা পঁজা-পৰ্ব্ব এনে ধৰণৰ এক আনন্দৰ উৎসৱ আছিল। (যাত্ৰা. ২৩:১৫, ১৬; নহি. ৮:৯-১৮) বৰ্তমান সময়তো সভা, সন্মিলন আৰু অধিৱেশনবোৰ হয়। আমি এই সকলো কাৰ্য্যক্ৰমত উপস্থিত হʼবলৈ চেষ্টা কৰা উচিত, কিয়নো এইবোৰে আমাক যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁৰ সেৱাত আনন্দ লাভ কৰিবলৈ সহায় কৰে।—তীত ২:২.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৯.০২ ৩ ¶৩
নিৰ্দোষী হৈ থাকক!
৩ যিহোৱাৰ দৃষ্টিত নিৰ্দোষী হৈ থাকিবলৈ আমি সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰক প্ৰেম কৰা আৰু যিকোনো পৰিস্থিতিত তেওঁৰ বিশ্বাসী হৈ থকা উচিত। লগতে, আমি সদায় এনেধৰণৰ কাম কৰিম, যাৰ দ্বাৰা যিহোৱাই আনন্দিত হʼব। আহক চাওক যে বাইবেলত “নিৰ্দোষী” শব্দটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে। যি হীব্ৰু শব্দৰ অনুবাদ “নিৰ্দোষী” বুলি কৰা হৈছে, তাৰ মূল অৰ্থ হৈছে, সম্পূৰ্ণ, যʼত কোনো ধৰণৰ খুঁত নাথাকে। উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলে যিহোৱালৈ জীৱ-জন্তুৰ বলি উৎসৰ্গ কৰিছিল। মোচিৰ নিয়মত কোৱা হৈছিল যে বলিদান কৰা জন্তুত কোনো ধৰণৰ খুঁত থাকিব নালাগে। (লেবী. ২২:২১, ২২) ঈশ্বৰৰ লোকসকলক এনেধৰণৰ জীৱ-জন্তু উৎসৰ্গ কৰিব লগীয়া নাছিল, যিবোৰ খোৰা, অসুস্থ অথবা যাৰ এটা চকু বা এখন কাণ নাই। যিহোৱাৰ বাবে বলিদানৰ জন্তুটো সুস্থ আৰু কোনো খুঁত নথকাটো গুৰুত্বপূৰ্ণ। (মলা. ১:৬-৯) আমি যিহোৱাৰ অনুভূতি বুজিব পাৰোঁ। কিয়নো আমি কিবা বস্তু কিনাৰ সময়ত, প্ৰথমতে চাওঁ যে বস্তুটোত কিবা খুঁত আছেনে অথবা বস্তুটোৰ কিবা ভাগ নাইকিয়া হৈছেনে, যদিও সেয়া কিতাপ বা সঁজুলি অথবা ফল-মূলেই নহওক কিয়। আমি সম্পূৰ্ণ আৰু কোনো খুঁত নথকা বস্তু লʼব বিচাৰোঁ। ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু বিশ্বাস সম্পূৰ্ণ হোৱাটো বিচাৰে।
জানুৱাৰী ২৫-৩১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ২৪-২৫
“ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি”
w১৯.১২ ৮ ¶৩
৩ যীচুৱে যি মুকলি হোৱাৰ বিষয়ে কৈছিল, তাক ভালদৰে বুজিবলৈ আহক প্ৰথমতে, মুক্ত হোৱাৰ ব্যৱস্থাৰ বিষয়ে লক্ষ্য কৰোঁ, যি ঈশ্বৰে ইস্ৰায়েলীসকলৰ বাবে কৰিছিল। যিহোৱাই তেওঁলোকক কৈছিল, “তোমালোকে পঞ্চাশ বছৰৰ বছৰ পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীবিলাকলৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ নিমিত্তে যোবেল (অৰ্থাৎ শিঙা বজোৱা বছৰ) হব; আৰু তোমালোকে প্ৰতিজন নিজ নিজ আধিপত্যলৈ উভটি যাবা। আৰু তোমালোক প্ৰতিজন নিজ নিজ গোষ্ঠীৰ ওচৰলৈ উভটি যাবা।” (লেবীয়া পুস্তক ২৫:৮-১২ পঢ়ক।) আগৰ লেখত আমি লক্ষ্য কৰিলোঁ যে ইস্ৰায়েলীসকলে প্ৰতিসপ্তাহে বিশ্ৰাম-বাৰ পালন কৰাৰ বাবে তেওঁলোকৰ লাভ হৈছিল। কিন্তু, যোবেল বছৰৰপৰা তেওঁলোকৰ কি লাভ হৈছিল? ধৰি লওক, এজন ইস্ৰায়েলীয়ে ধৰুৱা হৈ আছে। ধাৰৰ পৰিশোধ কৰিবলৈ উপায় নাপায় নিজৰ মাটি বিক্ৰী কৰিব লগীয়া হৈছিল। কিন্তু, পাছলৈ যোবেল বছৰত তেওঁৰ ‘আদিপত্য’ উভটাই দিয়া হয়। এতিয়া তেওঁ নিজৰ সন্তানসকলৰ বাবে নিজৰ মাটি সাঁচি ৰাখিব পাৰে। আন এটা পৰিস্থিতিলৈ ধ্যান দিয়ক, এজন ইস্ৰায়েলীয়ে ডাঙৰ সমস্যাত পৰিছে। তেওঁ ধৰুৱা হৈ আছে আৰু তাৰ পৰিশোধ কৰিবলৈ তেওঁ নিজে অথবা নিজৰ সন্তানক দাস হিচাপে বিক্ৰী কৰিব লগীয়া হৈছিল। কিন্তু, যোবেল বছৰত সেই দাসজনে “নিজ গোষ্ঠীৰ ওচৰলৈ উভটি” আহিছিল। এই ব্যৱস্থাৰ বাবে কোনেও সদায় কালৰ বাবে দাস হৈ নাথাকিছিল। সঁচাকৈ, যিহোৱাই নিজৰ লোকসকলৰ কিমান যত্ন লয়।
it-১ ১২০০ ¶২
উত্তৰাধিকাৰ
ইস্ৰায়েলত প্ৰত্যেক পৰিয়ালৰ যি মাটি আছিল, সেয়া পুৰুষাণুক্ৰমে তেওঁলোকে লাভ কৰিছিল। সেইবাবে কোনেও সদায় কালৰ বাবে নিজৰ মাটি বিক্ৰী কৰাৰ অধিকাৰ নাছিল। যদি এজন ইস্ৰায়েলীয়ে নিজৰ মাটি বিক্ৰী কৰে, তেনেহʼলে তেওঁ কেৱল পট্টাত দিব পাৰিছিল। অৰ্থাৎ সেই মাটি কেৱল কিছু বছৰৰ বাবেহে কিনা ব্যক্তিজনৰ হৈ থাকিব। সেই মাটিত যোবেল বছৰৰলৈকে যিমান শস্য উৎপন্ন হʼব, সেই শস্যৰ সমমূল্যত তেওঁ নিজৰ মাটি পট্টাত দিব পাৰিছিল। যিসকল ইস্ৰায়েলীয়ে আনৰপৰা মাটি কিনিছিল, সেই লোকসকলৰ মাটি তেওঁলোকে যোবেল বছৰত উভটাই দিবলগীয়া হৈছিল। যদি এজন ইস্ৰায়েলীৰ সামৰ্থ থাকে, তেনেহʼলে তেওঁ যোবেল বছৰ আৰম্ভ হোৱাৰ আগতেই নিজেই সেই মাটি কিনি উভটাই লʼব পাৰিছিল। (লেবী ২৫:১৩, ১৫, ২৩, ২৪) যিসকলৰ ঘৰ গাঁৱত আছিল, যদি তেওঁলোকে নিজৰ ঘৰ বিক্ৰী কৰে, তেনেহʼলে যোবেল বছৰত তেওঁলোকেও নিজৰ ঘৰ উভটাই পাইছিল। কিয়নো গাঁৱত যিবোৰ ঘৰ আছিল, সেয়া খেতিৰ ভাগ বুলি ধৰা হৈছিল। যদি এজন ইস্ৰায়েলীৰ ঘৰ গড়েৰে আবৃত থকা নগৰত থাকে আৰু সেই ঘৰ তেওঁ বিক্ৰী কৰি দিয়ে, তেনেহʼলে নিজৰ ঘৰখন কিনি লʼবলৈ তেওঁৰ ওচৰত এবছৰলৈকে সময় থাকিছিল। যদি সেই ব্যক্তিজনে এবছৰৰ ভিতৰত কিনিব নোৱাৰে, তেনেহʼলে যোবেল বছৰত সেইখন ঘৰ উভাই নাপাইছিল। এই ক্ষেত্ৰত লেবীসকলৰ বাবে নিয়ম অলপ বেলেগ আছিল। লেবীয়াসকলৰ নগৰত যিবোৰ ঘৰ আছিল, যদি তেওঁলোকে তাক বিক্ৰী কৰি দিয়ে, তেনেহʼলে যিকোনো সময়ত তাক কিনিব পাৰিছিল। কিয়নো, ইস্ৰায়েল দেশত তেওঁলোকক উত্তৰাধিকাৰীৰূপে কোনো মাটি দিয়া নহৈছিল।—লেবী ২৫:২৯-৩৪.
it-২ ১২২-১২৩
যোবেল বছৰ
যেতিয়া ইস্ৰায়েলীসকলে যোবেল বছৰৰ বিষয়ে দিয়া ঈশ্বৰৰ নিয়ম পালন কৰিছিল, তেতিয়া তেওঁলোকৰ দেশৰ লাভ হৈছিল। কাৰো কোনো বস্তুৰ অভাৱ হোৱা নাছিল। বৰ্তমান সময়ত কিছুমান দেশত লোকসকল বেছিকৈ ধনী অথবা আন কিছুমান দেশত লোকসকল বেছি দুখীয়া হৈ আছে, কিন্তু যোবেল বছৰৰ নিয়ম পালন কৰাৰ বাবে ইস্ৰায়েলীসকলৰ এনে পৰিস্থিতি হোৱা নাছিল। কোনেও দুখীয়া অথবা কৰ্মহীন হৈ নাথাকিছিল, ইয়াৰ পৰিৱৰ্তে সকলোৰে ওচৰত কাম আছিল। তেওঁলোকৰ পৰিশ্ৰমৰ বাবে দেশখনৰ আৰ্থিক অৱস্থা ভাল হৈ আছিল। যিহোৱাই আশীৰ্বাদ দিয়াৰ কাৰণে প্ৰচুৰ শস্য উৎপন্ন হৈছিল। ইয়াৰ উপৰিও, লোকসকলক ঈশ্বৰৰ নিয়মবোৰ শিকোৱা হৈছিল আৰু যেতিয়া তেওঁলোকে সেই নিময়বোৰ পালন কৰিছিল, তেতিয়া দেশখন আনন্দেৰে ভৰি পৰিছিল। ইস্ৰায়েলত যেতিয়া ঈশ্বৰে বিচৰা অনুসৰি শাসন কৰা হৈছিল, তেতিয়াহে সকলো কাম শৃংখলাৱদ্ধভাৱে আৰু উচিত মতে হৈছিল।—যিচ ৩৩:২২.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১০ ১/১ ১২ ¶৩
যেতিয়া কোনোবাই আপোনাক আঘাত দিয়ে
যদি দুজন ইস্ৰায়েলীৰ মাজত কাজিয়া হোৱাৰ সময়ত এজনে-আনজনৰ চকু ফুটাই দিয়ে, তেনেহʼলে মোচিৰ নিয়মৰ অনুসৰি প্ৰথম ব্যক্তিজনৰো চকু ফুটাই দিয়া হৈছিল। কিন্তু এই পদক্ষেপ আঘাত পোৱা ব্যক্তি বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, মোচিৰ নিয়মৰ অনুসৰি আঘাত পোৱা ব্যক্তিজনে সেই মোকৰ্দ্দমা নিযুক্ত কৰা বিচাৰকৰ্তাসকলৰ ওচৰলৈ লৈ গৈছিল, যাতে তেওঁলোকে সঠিক নিৰ্ণয় লʼব পাৰে। এই উদাহৰণৰপৰা স্পষ্টকৈ বুজিব পাৰি যে লোকসকলে জানিছিল যে যদি তেওঁলোকে জানি-শুনি আনৰ লগত হিংসাত্মক ব্যৱহাৰ কৰে, তেনেহʼলে তেওঁলোকৰ লগতো সেইদৰে হʼব। সেইবাবে তেওঁলোকে অযথা প্ৰতিশোধ লোৱা নাছিল। কিন্তু এই ক্ষেত্ৰত আৰু কিছুমান কথা জড়িত আছিল।
ফেব্ৰুৱাৰী ১-৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ২৬-২৭
“যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?”
w০৮ ৪/১৫ ৪ ¶৮
অৰ্থহীন কথাবোৰ ত্যাগ কৰক
৮ ‘ধন’ কি অৰ্থত আমাৰ বাবে ঈশ্বৰ হʼব পাৰে? এই কথাষাৰ বুজিবলৈ আহক এটা উদাহৰণৰলৈ মন কৰোঁ। প্ৰাচীন সময়ত পথাৰত পৰি থকা এটা শিলেৰে ঘৰ অথবা দেৱাল নিৰ্মাণ কৰা হৈছিল। কিন্তু যদি সেই শিলটোক “সেৱা” কৰা হয়, তেনেহʼলে এয়া যিহোৱাৰ লোকসকলৰ বাবে বিঘিনি জন্মোৱাৰ কাৰণ হʼব। (লেবী. ২৬:১) ঠিক সেইদৰে, টকা-পইচাৰো আমাৰ জীৱনত এখন ঠাই আছে। জীয়াই থাকিবলৈ আমাক টকা-পইচাৰ প্ৰয়োজন। ইয়াৰ উপৰিও, আমি যিহোৱাৰ সেৱাত ইয়াক ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। (উপ. ৭:১২; লূক ১৬:৯) কিন্তু, যদি আমি ঈশ্বৰৰ সেৱাতকৈ বেছি ধন-সম্পত্তি উপাৰ্জন কৰাক গুৰুত্ব দিওঁ, তেনেহʼলে ইয়ে আমাৰ বাবে ঈশ্বৰ হৈ পৰিব পাৰে। (১ তীমথিয় ৬:৯, ১০ পঢ়ক। ) এই জগতত লোকসকলৰ বাবে টকা-পইচাই সকলো হয়, সেইবাবে আমি এই ক্ষেত্ৰত সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত।—১ তীম. ৬:১৭-১৯.
it-১ ২২৩ ¶৩
বিস্ময়
যিহোৱাই মোচিৰ লগত আচৰিত ধৰণে ব্যৱহাৰ কৰিছিল আৰু তেওঁ মোচিক কিছুমান বিশেষ দায়িত্ব দিছিল। সেইবাবে ঈশ্বৰৰ লোকসকলে মোচিক গভীৰ সন্মান (হীব্ৰু, মহৰা ) কৰিছিল। (দ্বিতী ৩৪:১০, ১২; যাত্ৰা ১৯:৯) তেওঁলোকে মোচিৰ অধীনত থাকিছিল, কিয়নো যিহোৱাই মোচিক নিযুক্ত কৰিছে বুলি তেওঁলোকে বিশ্বাস কৰিছিল। তেওঁলোকে জানিছিল যে মোচিৰ যোগেদি যিহোৱাই তেওঁলোকৰ লগত কথা পাতে। ইস্ৰায়েলীসকলক কোৱা হৈছিল যে তেওঁলোকৰ হৃদয়ত যিহোৱাৰ পবিত্ৰ-স্থানৰ প্ৰতি গভীৰ সন্মান থকা উচিত। (লেবী ১৯:৩০; ২৬:২) সেইবাবে তেওঁলোকে যিহোৱাই কোৱাৰ দৰেই উপাসনা কৰিব লগীয়া আছিল। লগতে, তেওঁলোকে যিহোৱাৰ সকলো আজ্ঞা পালন কৰিব লাগিছিল।
w৯২ ১/১ ২০ ¶১০
‘ঈশ্বৰৰ শান্তিয়ে’ আপোনাৰ হৃদয়ক ৰক্ষা কৰিব
১০ যিহোৱাই ইস্ৰায়েলীসকলক কৈছিল, “যদি তোমালোকে মোৰ বিধিনতে চলা, আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য্য কৰা, তেন্তে মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ গছবোৰত গুটি লাগিব। আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেও ভয় নুখুউৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব। আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰিম, তোমালোকৰ ঈশ্বৰ হম, আৰু তোমালোক মোৰ প্ৰজা হবা।” (লেবীয়া পুস্তক ২৬:৩, ৪, ৬, ১২) ইস্ৰায়েল দেশত শান্তি হʼব ইয়াৰ অৰ্থ কি হয়? দেশখনক শত্ৰুয়ে আক্ৰমণ নকৰিব, দেশত যথেষ্ট পৰিমাণে ভৌতিক বস্তুবোৰ থাকিব আৰু লোকসকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক হৈ থাকিব। কিন্তু তেতিয়াহে, যেতিয়া তেওঁলোকে যিহোৱাৰ নিয়ম পালন কৰিলেহেঁতেন।—গীতমালা ১১৯:১৬৫.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৬১৭
বেমাৰ
ঈশ্বৰৰ নিয়ম উলংঘন কৰাৰ বাবে বেমাৰ বিয়পিলে। ইস্ৰায়েল ৰাষ্ট্ৰক আগতিয়াকৈ কোৱা হৈছিল যে যদি তেওঁলোকে জানি-শুনি ঈশ্বৰৰ নিয়ম উলংঘন কৰিব, তেনেহʼলে যিহোৱাই তেওঁলোকৰ ‘মাজলৈ মহামাৰি পঠিয়াব।’ (লেবী ২৬:১৪-১৬, ২৩-২৫; দ্বিতী ২৮:১৫, ২১, ২২) বাইবেলৰ পদবোৰৰপৰা বুজিব পাৰি যে যিহোৱাৰ আশীৰ্বাদৰপৰাহে ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক আৰু সুস্থ শৰীৰ লাভ কৰিব পাৰি। (দ্বিতী ৭:১২, ১৫; গীত ১০৩:১-৩; হিতো ৩:১, ২, ৭, ৮; ৪:২১, ২২; প্ৰকা ২১:১-৪) যদিও পাপ আৰু অসিদ্ধতাৰ বাবে বেমাৰ হয়। (যাত্ৰা ১৫:২৬; দ্বিতী ২৮:৫৮-৬১; যিচ ৫৩:৪, ৫; মথি ৯:২-৬, ১২; যোহ ৫:১৪) এয়া সঁচা যে প্ৰাচীন সময়ত যেতিয়া কিছুমান লোকে ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিছিল, তেতিয়া যিহোৱাই তেওঁলোকক শাস্তি দিবলৈ বেমাৰেৰে আক্ৰান্ত কৰিছিল। যেনে, মিৰিয়ম, উজ্জিয়া আৰু গহেজীক কুষ্ঠৰোগেৰে আক্ৰান্ত কৰিছিল। (গণ ১২:১০; ২বং ২৬:১৬-২১; ২ৰাজা ৫:২৫-২৭) কিন্তু প্ৰায়ে দেখিবলৈ পোৱা গৈছিল যে যেতিয়া লোকসকলৰ মাজত বেমাৰ বিয়পিছিল, তেতিয়া এয়া যিহোৱাৰ ফালৰপৰা শাস্তি নাছিল। বেয়া কাম কৰাৰ বাবেহে বেমাৰ বিয়পিল অথবা তেওঁলোকে নিজে কৰা ভুলৰ বাবে দুখ ভুগিছিল। পাপ কৰাৰ বেয়া প্ৰভাৱ তেওঁলোকৰ শৰীৰত বিয়পিল। এইদৰে তেওঁলোকে যি বয়, তাকে দাইছিল। (গালা ৬:৭, ৮) পাঁচনি পৌলে কৈছিল যে যিসকলে অনৈতিক কাৰ্য্য কৰিছিল, তেওঁলোকক ঈশ্বৰে ‘সিহঁতৰ শৰীৰক অমৰ্য্যাদা কৰিবলৈ, ঈশ্বৰে শোধাই দিলে। . . . আৰু নিজতে নিজৰ ভ্ৰান্তিৰ উচিত প্ৰতিফল পালে।’—ৰোম ১:২৪-২৭.
ফেব্ৰুৱাৰী ৮-১৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গণনা পুস্তক ১-২
“যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে”
w৯৪ ১২/১ ৯ ¶৪
আমাৰ জীৱনত যিহোৱাৰ উপাসনাৰ সঠিক স্থান
৪ যদি আপুনি অৰণ্যত ছাউনি পতা ইস্ৰায়েলসকলক ওপৰৰপৰা দেখা পোৱা হʼলে, আপুনি কি দেখিলেহেঁতেন? তম্বুৰে আৱৰা এখন বিশাল ঠাই, সংগঠিত সমূহ যʼত ৩০ লাখতকৈ অধিক লোক বাস কৰিছিল। তেওঁলোকক তিনিটা-তিনিটা ফৈদ অনুসৰি বিভাজিত কৰি উত্তৰ, দক্ষিণ, পূৰ্ব আৰু পশ্চিমত বসতি দিয়া হৈছিল। যদি আপুনি ওচৰৰপৰা দেখে, তেনেহʼলে ছাউনিত আৰু এটা সমূহ দেখিব পাৰিলেহেঁতেন। এই চাৰিটা সৰু সমূহৰ তম্বুত লেবী ফৈদৰ পৰিয়ালসকলে থাকিছিল। ছাউনিৰ মাজ ভাগত, কাপোৰৰ বেৰেৰে পৃথক কৰা, সেই ঠাইডোখৰ অদ্ধিতীয় ভাৱে সজা আছিল। সেয়া “সাক্ষাৎ কৰা তম্বু” বা আবাস আছিল, যাক ‘জ্ঞানী মনৰ’ ইস্ৰায়েলীসকলে যিহোৱাৰ পৰিকল্পনা অনুসৰি সাজিছিল।—গণনা পুস্তক ১:৫২, ৫৩; ২:৩, ১০, ১৭, ১৮, ২৫; যাত্ৰাপুস্তক ৩৫:১০.
it-১ ৩৯৭ ¶৪
ছাউনি
ইস্ৰায়েলীসকলৰ ছাউনি বহুত ডাঙৰ আছিল। সেনাত যিসকলৰ নাম লিখা হৈছিল, তেওঁলোকৰ সংখ্যা সৰ্বমুঠ ৬,০৩,৫৫০ আছিল। ইয়াৰ উপৰিও, ইস্ৰায়েলীসকলৰ ছাউনিত তিৰোতা, সন্তান, বৃদ্ধ, বিকলাংগ লোক, ২২,০০০ লেবী আৰু অনা ইস্ৰায়েলীসকলৰ ‘নানা জাতিৰ লোকসমূহো’ আছিল। (যাত্ৰা ১২:৩৮, ৪৪; গণ ৩:২১-৩৪, ৩৯) তেনেহʼলে ছাউনিত লোকসকলৰ সৰ্বমুঠ সংখ্যা হয়তো ৩০,০০,০০০ বা ইয়াতকৈ অধিক আছিল। আমি স্পষ্টকৈ কʼব নোৱাৰোঁ যে তেওঁলোকে কিমান ডাঙৰ এলেকাত ছাউনি পাতিছিল। বাইবেলত উল্লেখ আছে যে যেতিয়া তেওঁলোকে যিৰীহোৰ সন্মুখত মোৱাবৰ অৰণ্যত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে “বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে” ছাউনি পাতিলে।—গণ ৩৩:৪৯.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৭৬৪
নাম লিখোৱা
লোকসকলৰ ফৈদ আৰু পৰিয়ালৰ অনুসৰি তেওঁলোকৰ নাম আৰু বংশাৱলি লিখা হৈছিল। ইস্ৰায়েল দেশত নাম লিখোৱাৰ বিষয়ে বাইবেলত পোৱা উল্লেখত কেৱল জনগণনা বা লোকসকলৰ হিচাপ লোৱাৰ বাবে এয়া কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, কৰ তুলিবলৈ, সেনাত ভৰ্তি কৰিবলৈ আৰু পবিত্ৰ-স্থানত লেবী হিচাপে দায়িত্ব দিবলৈ তেওঁলোকৰ নাম লিখোৱা হৈছিল।
ফেব্ৰুৱাৰী ১৫-২১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গণনা পুস্তক ৩-৪
“লেবীয়াসকলৰ কাম”
it-২ ৬৮৩ ¶৩
পুৰোহিত
নিয়ম চুক্তিত। যেতিয়া যিহোৱাই মিচৰত দশম মহামাৰীত আটাই প্ৰথমে জন্মাবিলাকক হত্যা কৰিছিল, তেতিয়া তেওঁ কৈছিল যে ইস্ৰায়েলীসকলৰ আটাই প্ৰথমে জন্মাবিলাকক তেওঁ নিজৰ অৰ্থে পবিত্ৰ কৰিলে। (যাত্ৰা ১২:২৯; গণ ৩:১৩) অৰ্থাৎ ইস্ৰায়েলীসকলৰ প্ৰথমে জন্মাবিলাক যিহোৱাৰ আছিল, সেইবাবে তেওঁলোকক যিহোৱাই নিজৰ সেৱাৰ বাবে নিযুক্ত কৰিলে। যদি ঈশ্বৰে ইচ্ছা কৰা হʼলে, সেই প্ৰথমে জন্মাবিলাকক পবিত্ৰ-স্থানত চোৱা-চিতা কৰিবলৈ আৰু পুৰোহিত হিচাপে তাত সেৱা কৰিবলৈ নিযুক্ত কৰিব পাৰিলেহেঁতেন। কিন্তু, ইয়াৰ পৰিৱৰ্তে তেওঁ লেবী ফৈদৰ সকলো পুৰুষবিলাকক এই বিশেষ সেৱাৰ বাবে নিযুক্ত কৰিলে। সেইবাবে, ইস্ৰায়েলীসকলৰ আন ১২ টা ফৈদৰ প্ৰথমে জন্মা পুৰুষবিলাকৰ ঠাইত, লেবী ফৈদৰ পুৰুষসকলক নিযুক্ত কৰিলে। (যোচেফৰ পুত্ৰ ইফ্ৰয়িম আৰু মনচিৰ বংশ দুটা ফৈদ বুলি জনাজাত।) যেতিয়া গণনা কৰা হৈছিল, তেতিয়া আন ১২ টা ফৈদৰ প্ৰথমে জন্মাবিলাকৰ সংখ্যা লেবী পুৰুষসকলতকৈ ২৭৩ জন অধিক আছিল। সেইবাবে ঈশ্বৰে সেই ২৭৩ জনৰ প্ৰতিজনকে প্ৰায়শ্চিত্তৰ বাবে পাঁচ চেকল ( প্ৰায় ৮০০ টকা) দিবলৈ কৈছিল। এই টকাবোৰ হাৰোণ আৰু তেওঁৰ পুতেকসকলক দিয়া হৈছিল। (গণ ৩:১১-১৬, ৪০-৫১) ঈশ্বৰে এই ব্যৱস্থা কৰাৰ আগতেই, লেবী ফৈদৰ হাৰোণৰ পৰিয়ালৰ পুৰুষসকলক পুৰোহিত হিচাপে সেৱা কৰিবলৈ নিযুক্ত কৰিছিল।—গণ ১:১; ৩:৬-১০.
it-২ ২৪১
লেবী
কাম। লেবীয়াসকলৰ ফৈদ লেবীৰ তিনিজন পুত্ৰৰ পৰিয়ালৰপৰা আহিছিল। সেই তিনিজন পুত্ৰ হৈছে, গেৰ্চোন, (গেৰ্চোম) কহাৎ আৰু মৰাৰী। (আদি ৪৬:১১; ১বং ৬:১, ১৬) অৰণ্যত এই তিনিটা পৰিয়ালক পবিত্ৰ-স্থানৰ ওচৰত ছাউনি পাতিবলৈ কোৱা হৈছিল। কহাতৰ পৰিয়ালৰপৰা হাৰোণে পবিত্ৰ-স্থানৰ ওচৰত অৰ্থাৎ পূব ফালে ছাউনি পাতিছিল। কহাতৰ আন পৰিয়ালসকলে দক্ষিণ ফালে ছাউনি পাতিছিল। গেৰ্চোনৰ বংশই পশ্চিম ফালে আৰু মৰাৰীৰ বংশৰ লোকসকলে উত্তৰ ফালে ছাউনি পাতিছিল। (গণ ৩:২৩, ২৯, ৩৫, ৩৮) সাক্ষাৎ কৰা তম্বু এঠাইৰপৰা আন ঠাইলৈ লৈ যাবলৈ আৰু তম্বুৰ বিভিন্ন ভাগবোৰ খুলি সেইবোৰ বৈ নি পুনৰ তম্বু স্থাপন কৰাৰ কাম লেবীসকলৰ আছিল। যেতিয়া তম্বুটো আন ঠাইলৈ লৈ যোৱা হৈছিল, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ ভাগ আৰু অতি পবিত্ৰ ভাগৰ মাজত থকা পৰ্দ্দাখন আঁতৰাই দিছিল। তাৰ পাছত, তেওঁলোকে নিয়ম-চন্দুক, বেদিবোৰ, আন পবিত্ৰ বস্তুবোৰ আৰু পাত্ৰবোৰ ঢাকি দিছিল। ইয়াৰ পাছত কহাতৰ বংশই এই বস্তুবোৰ বৈ লৈ গৈছিল। গেৰ্চোনৰ বংশই তম্বুৰ আবৰণ, কাপোৰ, পৰ্দ্দা, চোতালৰ আঁৰ-কাপোৰবোৰ আৰু তাৰ আটাই কামৰ ৰছীবোৰ (এই ৰছীবোৰ হয়তো পবিত্ৰ-স্থানৰ বাবে আছিল) উঠাই লৈ গৈছিল। মৰাৰীৰ বংশই তক্তা, চুঙী, তম্বুৰ খুটা আৰু আন ৰছীবোৰ (এই ৰছীবোৰ হয়তো তম্বুৰ চোতালৰ বাবে আছিল) উঠাই লৈ গৈছিল।—গণ ১:৫০, ৫১; ৩:২৫, ২৬, ৩০, ৩১, ৩৬, ৩৭; ৪:৪-৩৩; ৭:৫-৯.
it-২ ২৪১
লেবী
মোচিৰ সময়ত লেবী ফৈদৰ পুৰুষসকলে ৩০ বছৰ বয়সত পবিত্ৰ-স্থানত সেৱা আৰম্ভ কৰিছিল। যেনে, তম্বুৰ ভাগ আৰু তাৰ বস্তুবোৰ এঠাইৰপৰা আন ঠাইলৈ লৈ যোৱাৰ কাম কৰিছিল। (গণ ৪:৪৬-৪৯) তম্বুৰ কিছুমান কাম তেওঁলোকে ২৫ বছৰ বয়সৰপৰা আৰম্ভ কৰিব পাৰিছিল। কিন্তু, এই বয়সত তেওঁলোকে হয়তো গধুৰ কাম কৰিব পৰা নাছিল, যেনে তম্বু বৈ নিয়াৰ কাম। (গণ ৮:২৪) ৰজা দায়ূদৰ সময়ছোৱাত কাম আৰম্ভ কৰাৰ বয়স কম কৰি ২০ বছৰ কৰি দিয়া হৈছিল। দায়ূদে ইয়াৰ কাৰণ উল্লেখ কৰিছিল যে সেইসময়ৰপৰা তম্বুটোক এঠাইৰপৰা আন ঠাইলৈ লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। কিয়নো, বহুত সোনকালে তম্বুৰ ঠাইত মন্দিৰ নিৰ্মাণ হʼবলগীয়া আছিল। লেবীসকলে ৫০ বছৰ বয়সলৈকে সেৱা কৰিছিল। (গণ ৮:২৫, ২৬; ১বং ২৩:২৪-২৬) ৫০ বছৰ বয়সতকৈ বেছি হোৱাৰ সত্ত্বেও, যদি কোনোবাই সেৱা কৰিব বিচাৰে, তেন্তে সেয়া তেওঁৰ নিজৰ নিৰ্ণয় আছিল। নিয়মৰ বিষয়ে সঠিক জ্ঞান থকাটো লেবীসকলৰ বাবে অতি প্ৰয়োজন আছিল। কিয়নো তেওঁলোকক প্ৰায়ে লোকসকলৰ আগত নিয়মৰ বিষয়ে পঢ়ি শুনোৱা আৰু তাৰ বিষয়ে শিকোৱাৰ দায়িত্ব দিয়া হৈছিল।—১বং ১৫:২৭; ২বং ৫:১২; ১৭:৭-৯; নহি ৮:৭-৯.
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ৮/১ ২৪-২৫ ¶১৩
ঈশ্বৰক ভয় কৰি জ্ঞানৱান হওক
১৩ সমস্যাৰ সময়ত দায়ূদে যেতিয়া যিহোৱাৰপৰা সহায় লাভ কৰিলে, তেতিয়া তেওঁ ঈশ্বৰৰ প্ৰতি ভয় ৰাখিলে আৰু তেওঁৰ বিশ্বাস যিহোৱাৰ প্ৰতি দৃঢ় হʼল। (গীতমালা ৩১:২২-২৪) কিন্তু, মন কৰক যে তিনিটা পৰিস্থিতিত দায়ূদে কিছুসময়ৰ বাবে ঈশ্বৰক ভয় কৰা নাছিল আৰু ইয়াৰ বহুত বেয়া পৰিণাম হʼল। প্ৰথমটো হৈছে তেওঁ যিহোৱাৰ নিয়ম-চন্দুক যিৰূচালেমৰপৰা অনাৰ বাবে ৰথ ব্যৱহাৰ কৰিছিল, কিন্তু ঈশ্বৰৰ ব্যৱস্থাত স্পষ্টকৈ উল্লেখ আছিল যে লেবীসকলেহে নিয়ম চন্দুকটো কান্ধত তুলি বৈ নিয়া উচিত। সেইবাবে, উজ্জাই ৰথৰ আগে আগে গৈ থাকোঁতে চন্দুকটো নপৰিবলৈ ধৰিলে, তেতিয়া ঈশ্বৰে “তাৰ ভ্ৰান্তিৰ নিমিত্তে” সেই ঠাইত তাক আঘাত কৰিলে আৰু তাৰ মৃত্যু হʼল। যদিও উজ্জাই ডাঙৰ পাপ কৰিছিল, কিন্তু আচলতে এই দুৰ্ঘটনাৰ বাবে দায়ূদ দায়ী আছিল। তেওঁ ঈশ্বৰৰ নিয়মবোৰ ভালদৰে পালন কৰা নাছিল। ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ অৰ্থ হৈছে, তেওঁ দিয়া নিয়মবোৰ পালন কৰা।—২ চমূৱেল ৬:২-৯; গণনা পুস্তক ৪:১৫; ৭:৯.
ফেব্ৰুৱাৰী ২২-২৮
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গণনা পুস্তক ৫-৬
“নাচৰীয়াৰ দৰে আপোনাৰো উৎসাহ আছেনে?”
গণনা পুস্তক কিতাপৰ আলোকপাত
গণ ৬:১-৭. নাচৰীয়াসকলে দ্ৰাক্ষাৰসৰ উৎপাদন আৰু সকলো প্ৰকাৰৰ ৰাগীয়াল বস্তুৰ পৰা আঁতৰি থাকিবলৈ আত্মত্যাগৰ আৱশ্যক আছিল। তেওঁলোকে নিজকে যিহোৱাৰ অধীন কৰাৰ চিহ্নস্বৰূপে নিজৰ চুলি দীঘল কৰিছিল, যিদৰে স্ত্ৰীয়ে তেওঁলোকৰ স্বামী বা দেউতাকৰ অধীন হয়। নাচৰীয়াসকলে নিজকে মৃতদেহৰ সংশ্পৰ্শলৈ অহাৰ পৰা বিৰত ৰাখিছিল, আনকি সেই মৃত্যুদেহ নিজৰ নিকটৱৰ্তী আত্মীয় লোকেই নহওঁক কিয়। একেইদৰে পূৰ্ণ-সময়ৰ সেৱকসকলে আত্মত্যাগ, যিহোৱা আৰু তেওঁৰ ব্যৱস্থাত অধীন হোৱাৰ ক্ষেত্ৰত স্বাৰ্থত্যাগ মনোবৃত্তি প্ৰকাশ কৰে। তেওঁলোকে লাভ কৰা নিযুক্তিত দূৰত অৱস্থিত থকা অন্য দেশলৈ গৈ প্ৰচাৰ কৰাটো সন্মিলিত আছে, যাৰ বাবে নিজৰ কোনো আত্মীয় লোকৰ মৃত্যুত ঘৰলৈ যোৱাটো কঠিন বা অসম্ভৱ হʼব পাৰে।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৫ ১/১৫ ৩০ ¶২
পাঠসকলৰ প্ৰশ্ন
কিন্তু, চিমচোন আন এক অৰ্থত নাচৰীয়া আছিল। তেওঁৰ জন্ম হোৱাৰ আগতেই, যিহোৱাৰ দূতে তেওঁৰ মাতৃক কৈছিল, “তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মূৰত খুৰ লগোৱা নহব; কিয়নো সেই লৰা গৰ্ভেৰ পৰা ঈশ্বৰৰ উদ্দেশে নাচৰীয়া হব; আৰু পলেষ্টীয়াহঁতৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ সি আৰম্ভ কৰিব।” (বিচাৰকৰ্ত্তাবিলাক ১৩:৫) চিমচোন নিজেই নাচৰীয়াৰ সঙ্কল্প লোৱা নাছিল। ঈশ্বৰে তেওঁক জন্মৰেপৰা নাচৰীয়া হিচাপে নিযুক্ত কৰিছিল আৰু তেওঁ গোটেই জীৱন এইদৰে থাকিব লাগিছিল। মৃতদেহ স্পৰ্শ কৰাৰ নিষেধাজ্ঞা তেওঁৰ ওপৰত প্ৰযোজ্য হোৱা নাছিল। যদি, হৈছিল আৰু অজানিতে কাৰোবাৰ মৃতদেহ স্পৰ্শ কৰি দিয়ে, তেনেহʼলে তেওঁ কেনেকৈ নাচৰীয়াৰ দৰে পুনৰ জীৱন আৰম্ভ কৰিব পাৰিলেহেঁতেন? সম্ভৱত, যিসকলে জন্মৰেপৰা নাচৰীয়া আছিল আৰু যিসকলে নিজেই নাচৰীয়াৰ সঙ্কল্প লৈছিল, তেওঁলোকৰপৰা যি আশা কৰা হৈছিল, তাৰ মাজত কিছুমান পাৰ্থক্য আছিল।