ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১০ পৃষ্ঠা ১৩
  • কণ্ঠস্বৰ উঠা-নমা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কণ্ঠস্বৰ উঠা-নমা
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • আলোচনা কৰাৰ পদ্ধতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১০ পৃষ্ঠা ১৩

অধ্যায় ১০

কণ্ঠস্বৰ উঠা-নমা

শাস্ত্ৰপদ

মথি ১০:২৭

সাৰাংশ: আপোনাৰ ধ্বনি, স্বৰ আৰু কথাৰ গতি পৰিৱৰ্তন কৰাৰ যোগেদি আপুনি মূল বিষয়টো স্পষ্টভাৱে বৰ্ণনা কৰক আৰু শ্ৰোতাসকলৰ ভাৱনা জাগ্ৰত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • প্ৰয়োজন অনুসৰি আপোনাৰ ধ্বনি বঢ়াওক বা কমাওক। এটা মূল বিষয় তুলি ধৰিবলৈ আৰু শ্ৰোতাসকলক উৎসাহিত কৰিবলৈ উচ্চ ধ্বনিৰে কওক। যেতিয়া শাস্ত্ৰৰপৰা যিহোৱাই লোকসকলক দিয়া কোনো ন্যায়দণ্ডৰ বিষয়ে পঢ়া হয়, তেতিয়াও এইদৰে কৰক। আশা, ভয় অথবা চিন্তা প্ৰকাশ কৰাৰ সময়ত আপুনি লাহেকৈ কোৱা উচিত।

    ব্যৱহাৰিক পৰামৰ্শ

    প্ৰায়ে চিঞৰি চিঞৰি কোৱাৰপৰা বিৰত থাকক, যাতে আপুনি ধমকী দিছে বুলি শ্ৰোতাসকলে যেন নাভাবে। যদি আপুনি নিজকে আকৰ্ষণ কৰাৰপৰা বিৰত থাকিব বিচাৰে, তেনেহʼলে আপোনাৰ ভাষণ নাটকীয়ৰূপে প্ৰস্তুত কৰা উচিত নহয়।

  • প্ৰয়োজন অনুসৰি আপোনাৰ স্বৰ বঢ়াওক বা কমাওক। যদি আপোনাৰ ভাষাত উচিত হয়, তেনেহʼলে উৎসাহ প্ৰকাশ কৰিবলৈ, কিবা বস্তুৰ আকাৰ অথবা দূৰত্ব বুজাবলৈ আপুনি জোৰেৰে কʼব পাৰে। দুখ, বেদনা বা চিন্তা আদি প্ৰকাশ কৰিবলৈ আপুনি লাহেকেও কʼব পাৰে।

  • প্ৰয়োজন অনুসৰি আপোনাৰ কথাৰ গতি বঢ়াওক বা কমাওক। উত্তেজনামূলক বিষয় প্ৰকাশ কৰিবলৈ কথাৰ গতি বঢ়াওক। এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰকাশ কৰিবলৈ লাহে লাহে কওক।

    ব্যৱহাৰিক পৰামৰ্শ

    শ্ৰোতাসকলে যাতে ভয় নাখায়, তাৰ বাবে হঠাতে গতি সলনি নকৰিব। আপুনি ইমান বেগেৰে নকʼব যে শ্ৰোতাসকলে আপোনাৰ কথা বুজাত অসুবিধা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক