-
সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!প্ৰহৰীবুৰুজ—২০০৪ | জুন ১
-
-
পাৰে। ঈশ্বৰ যে বুদ্ধিসম্পন্ন আৰু সকলোতকৈ শক্তিশালী এই জীৱন্ত প্ৰমাণসমূহে স্পষ্টকৈ নেদেখুৱাইনে বাৰু!
১৮. সমুদ্ৰৰ পানীত কেনেকৈ যিহোৱা ঈশ্বৰৰ বুদ্ধি দেখিবলৈ পোৱা যায়?
১৮ আনকি সমুদ্ৰৰ পানীতো যিহোৱাৰ বুদ্ধি দেখিবলৈ পোৱা যায়। এই বিষয়ে চাইন্টিফিক্ আমেৰিকানাই, এইদৰে কয়: “সমুদ্ৰৰ ১০০ মিটাৰ ওপৰিভাগত থকা পানীৰ প্ৰত্যেকটো টুপালত হাজাৰ হাজাৰ অণুবীক্ষণিক উদ্ভিদ অৰ্থাৎ উদ্ভিদপ্লৱক উপঙি থাকে।” এই “অদৃশ্য অৰণ্যই” আমাৰ বায়ুৰ পৰা কোটি কোটি টন এঙ্গাৰ গেছ (কাৰ্বণ ডাই-অক্সাইড্) গ্ৰহণ কৰি বায়ু পৰিষ্কাৰ কৰে। উদ্ভিদপ্লৱকে আমি উশাহ লোৱা আধাতকৈ অধিক মাত্ৰত অক্সিজেন উৎপন্ন কৰে।
১৯. অগ্নি আৰু হিমে কেনেকৈ যিহোৱাৰ উদ্দেশ্য সম্পন্ন কৰে?
১৯ গীত ১৪৮:৮ পদত এইদৰে কৈছে: “হে আগ্নি আৰু শিলাবৃষ্টি, হিম আৰু ভাপ, যিহোৱাৰ বাক্য সিদ্ধ কৰোঁতা হে ধুমুহা বতাহ।” দৰাচলতে যিহোৱাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ নিষ্প্ৰাণ প্ৰকৃতিক শক্তিবোৰৰো ব্যৱহাৰ কৰে। অগ্নিৰ বিষয়ে বিবেচনা কৰক। পিছৰ দশকবোৰক অৰণ্যত হোৱা অগ্নিকাণ্ডক কেৱল ধ্বংসাত্মক বুলি দৃষ্টি কৰা হৈছিল। কিন্তু এতিয়াৰ সময়ৰ অনুসন্ধানকাৰীসকলে বিশ্বাস কৰে যে জুয়ে মৰি যোৱা পুৰণি গছ-গছনিক ভষ্মভূত, বহুতো নতুন বীজৰ অঙ্কুৰণ, পুষ্টিকসাধক দ্ৰব্যক পুনৰাই ঘূৰাই অনা আৰু বন জুইৰ বিপদতাক হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক ভূমিকা আদায় কৰে। হিম পৰাটো অতি আৱশ্যক, কিয়নো ইয়াৰ ফলত ভূমিয়ে পানী পায় উৰ্বৰতা বৃদ্ধি, নদীৰ পানী বাঢ়ে, গছ-গছনি আৰু জীৱ-জন্তু অত্যন্ত চেঁচাৰ পৰা ৰক্ষা পায়।
২০. পৰ্ব্বত আৰু গছ-গছনি মানুহৰ বাবে কেনেকৈ লাভজনক?
২০ গীত ১৪৮:৯ পদত এইদৰে বৰ্ণনা কৰিছে: “হে গিৰি আৰু পৰ্ব্বতবিলাক, হে ফলৱতী গছ আৰু এৰচ গছবিলাক।” ওখ পৰ্ব্বতবোৰে যিহোৱাৰ অসীম শক্তিৰ প্ৰমাণ দিয়ে। (গীত ৬৫:৫) কিন্তু সেইবোৰকো কাৰ্য্যকাৰী উদ্দেশ্য সম্পন্ন কৰিবলৈ সৃষ্টি কৰা হʼল। ছুইজাৰলেণ্ডৰ বাৰ্ন চহৰত থকা ভৌগোলিক প্ৰতিষ্ঠানৰ পৰা পোৱা এটা ৰিপোৰ্টত এইদৰে কোৱা হয়: “পৃথিৱীৰ সকলো প্ৰমুখ নদীবোৰ পৰ্ব্বতবোৰৰ পৰা আৰম্ভ হৈছে। মানুহৰ আৱশ্যক হোৱা ৫০ শতাংশতকৈ অধিক বিশুদ্ধ পানী পৰ্ব্বতবোৰত জমা হৈ আছে। . . . এই ‘জমা পানীৰ পুংবোৰ’ মানুহৰ হিতৰ বাবে অতি আৱশ্যক।” আনকি সাধাৰণতে পোৱা গছ-গছনিবোৰেও ইয়াৰ সৃষ্টিকৰ্ত্তাজনক মহিমা কৰে। যুক্তৰাষ্ট্ৰৰ পাৰিপাৰ্শ্বিক কাৰ্য্যক্ৰমে কৈছে যে গছ-গছনিবোৰ “সকলো দেশত থকা মানুহৰ হিতৰ বাবে অতি আৱশ্যক। . . . গছ-গছনিৰ বহুতো প্ৰজাতিয়ে কাঠ, ফল-মুল, একবীজপত্ৰী, ধুনা আৰু এঠা উৎপন্ন কৰি প্ৰমুখ অৰ্থনৈতিক লাভ কঢ়িয়াই আনিছে। বিশ্বজুৰি ২০০ কোটি লোকে ৰন্ধা আৰু ইন্ধনৰ বাবে খৰিৰ ওপৰত নিৰ্ভৰ কৰে।”
২১. বৰ্ণনা কৰক যে এখিলা গছৰ পাতে কেনেকৈ সৃষ্টিকৰ্ত্তাৰ প্ৰমাণ দিয়ে।
২১ গছ-গছনিৰ গঠনে স্পষ্টকৈ সৃষ্টিকৰ্ত্তাজনৰ বুদ্ধিমতাৰ প্ৰমাণ দিয়ে। উদাহৰণস্বৰূপে, এখিলা সাধাৰণ পাতৰ বিষয়ে বিবেচনা কৰক। পাতখিলা শুকাই নাযাবলৈ ইয়াৰ ওপৰিভাগত মম বাব তেল জাতিয় প্ৰলেপ থাকে। সেই প্ৰলেপৰ ঠিক তলত থকা কোষৰ আভৰণৰ ওপৰি অংশক ক্লʼৰʼপ্লষ্টচ্ থাকে। ইয়াত থকা হৰিৎকণাই পোহৰ শক্তি শুহিঁ লয়। এই প্ৰক্ৰিয়াটোক সালোক-সংশ্লেষণ বুলি কোৱা হয় আৰু পাতবোৰ “খাদ্য উৎপাদনৰ কাৰখানা” হৈ পৰে। শিপাৰ সহায়েৰে উদ্ভিদে মাটিৰ পৰা এক জটিল “প্লাম্বিং প্ৰণালীৰে” পানী পাতবোৰলৈ কঢ়িয়াই নিয়ে। এখিলা পাতৰ তলৰ ভাগত থকা হাজাৰ হাজাৰ ক্ষুদ্ৰ “ছিদ্ৰ” থাকে, (ৰন্ধ্ৰ বুলি কোৱা হয়) এইবোৰ খোলা আৰু বন্ধ হয় আৰু লগতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড গ্ৰহণ কৰে। সূৰ্য্যৰ পোহৰে পানী আৰু কাৰ্বন ডাই-অক্সাইডক সংযোগ কৰি কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। গছজোপাই তৈয়াৰ কৰা খাদ্য এতিয়া খাবৰ বাবে উপযোগী। তথাপিও ইয়াৰ “খাদ্য উৎপাদনৰ কাৰখানা” মৌন আৰু অতি সুন্দৰ। এজোপা গছে পৰিৱেশ দূষিত কৰাৰ পৰিৱৰ্তে অক্সিজেন উৎপাদন কৰাটো এটা আগ্ৰহজনক বিষয় নহয়নে বাৰু!
২২, ২৩. (ক) কিছুমান চৰাই আৰু জীৱ-জন্তুত আমি কেনেকৈ উল্লেখনীয় পাৰ্গতা দেখিবলৈ পাওঁ? (খ) পৰৱৰ্তী লেখত কেনে প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম?
২২ গীতমালা ১৪৮:১০ পদত এইদৰে কৈছে: “হে বনৰীয়া আৰু ঘৰচীয়া পশুবিলাক, হে বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীবিলাক।” বহুতো দেশত থকা জীৱ-জন্তু আৰু উৰণীয়া পক্ষীবোৰে আশ্চৰ্য্যজনক পাৰ্গতালি প্ৰকাশ কৰিছে। লেইজান এলবেট্ৰছ নামৰ এজাতি সামুদ্ৰিক চৰায়ে অতি দূৰত্বলৈ উৰিব পাৰে (এটা উপলক্ষ্যত এই চৰায়ে কেৱল ৯০ দিনৰ ভিতৰত ৪০,০০০ কিলোমিটাৰ অতিক্ৰম কৰে)। ব্লেক পʼল ৱাৰব্লেৰ নামৰ গায়ক পক্ষীয়ে উত্তৰ আমেৰিকাৰ পৰা দক্ষিণ আমেৰিকালৈ একেৰাহে ৮০ ঘন্টা পৰ্য্যন্ত উৰি অতিক্ৰম কৰিব পাৰে। এটা উটে পূৰ্বতে অনুমান কৰাৰ দৰে কুজত নহয় কিন্তু তাৰ পাচক প্ৰণালীত পানী জমা কৰি ৰাখিব পাৰে, যাৰ বাবে দীৰ্ঘ সময় ধৰি দেহত জলশূন্য নহয়। সেয়েহে অভিযন্তাসকলে কোনো যন্ত্ৰ আৰু নতুন উৎপাদন নিৰ্ম্মাণ কৰাৰ সময়ত অতি মনোযোগেৰে জীৱজগতক নিৰীক্ষণ কৰাত আচৰিত হোৱাৰ কোনো আৱশ্যক নাই। এই বিষয়ে গেল্ ক্লেৰ নামৰ লিখকজনে এইদৰে কৈছে যে, “যদি আপুনি ভালদৰে কাৰ্য্য . . . আৰু পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ কোনো এটা বস্তু নিৰ্ম্মাণ কৰিব বিচাৰিছে, তেনেহʼলে প্ৰকৃতিত উপলব্ধ থকা এনে কোনো বস্তু বিচাৰি পাব যাক আপুনি নকল কৰিব পাৰে।”
২৩ দৰাচলতে সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে! তৰাময় আকাশ-মণ্ডলৰ পৰা লৈ জীৱজগতত থকা সকলোৱে নিজ নিজ পদ্ধতিৰে সৃষ্টিকৰ্ত্তাৰ স্তুতি কৰে। কিন্তু মানুহৰ বিষয়ে কি কʼব পাৰি? প্ৰকৃতিৰ দৰে আমি কেনেকৈ ঈশ্বৰৰ স্তুতি কৰিব পাৰোঁ? (w04 6/1)
-
-
ঈশ্বৰক মহিমা কৰা সকল ধন্যপ্ৰহৰীবুৰুজ—২০০৪ | জুন ১
-
-
ঈশ্বৰক মহিমা কৰা সকল ধন্য
‘তোমাৰ আগত প্ৰণিপাত কৰিব আৰু তোমাৰ নাম গৌৰৱান্বিত কৰিব।’—গীত ৮৬:৯.
১. যিহোৱাৰ মহিমা কৰাৰ ক্ষেত্ৰত আমি মানৱে কিয় নিৰ্জীৱ বস্তুতকৈ শ্ৰেষ্ঠ?
স্ব ৰ্গত আৰু পৃথিৱীত থকা সকলোবোৰ সৃষ্টি কৰাৰ বাবে যিহোৱাই একমাত্ৰ সকলোৰে মহিমা পোৱাৰ যোগ্য। সকলো নিৰ্জীৱ বস্তুৱে মৌনভাৱে তেওঁৰ মহিমা কৰিছে। আনহাতে মানৱে যুক্তি দৰ্শন, উপলব্ধি, প্ৰশংসা আৰু উপাসনা কৰাৰ ক্ষমতা আছে। সেয়েহে আমাক অভিপ্ৰায় কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “হে গোটেই পৃথিবীৰ লোকবিলাক, তোমালোকে ঈশ্বৰৰ উদ্দেশে আনন্দ-ধ্বনি কৰা। তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ প্ৰশংসাক গৌৰৱান্বিত কৰা।”—গীত ৬৬:১, ২.
২. ঈশ্বৰৰ মহিমা কৰিবলৈ কোনসকলে আগবাঢ়ি আহিছে আৰু কিয়?
২ বেছিভাগ লোকে আজি ঈশ্বৰৰ বিষয়ে জানিবলৈ বা মহিমা কৰিবলৈ অগ্ৰাহ্য কৰিছে। বৰ্তমান সময়ত ৬০ লাখতকৈ অধিক যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত জগতৰ সৃষ্টিবোৰত দেখা ঈশ্বৰৰ “অদৃশ্য গুণবোৰ” আৰু নিৰ্জীৱ বস্তুৱে মৌনভাৱে কোৱা কথা ‘শুনাৰ’ বিষয়ে প্ৰচাৰ কৰিছে। (ৰোমীয়া ১:২০; গীত ১৯:২, ৩) তদুপৰি বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ বিষয়ে জনা আৰু তেওঁক প্ৰেম কৰাৰ বিষয়েও জানিব পাৰিছে। এই সম্পৰ্কে গীত ৮৬:৯, ১০ পদত এইদৰে কৈছে: “হে প্ৰভু, তুমি উৎপন্ন কৰা সকলো জাতিবিলাকে আহি তোমাৰ আগত প্ৰণিপাত কৰিব। আৰু তোমাৰ নাম গৌৰৱান্বিত কৰিব। কিয়নো তুমি মহান আৰু আচৰিত কৰ্ম্ম কৰোঁতা। অকল তুমিয়েই ঈশ্বৰ।”
৩. কেনেকৈ ‘এক বৰ লোকসমূহে দিনে-ৰাতিয়ে যিহোৱাৰ আৰাধনা কৰিছে’?
৩ প্ৰকাশিত বাক্য ৭:৯, ১৫ পদত বৰ্ণনা কৰিছে যে, ‘এক বৰ লোকসমূহে দিনে ৰাতিয়ে ঈশ্বৰৰ মন্দিৰত তেওঁৰ আৰাধনা কৰিছে।’ ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে তেওঁলোকক তেনেদৰে কৰিবলৈ বাধ্য কৰিছে। কিন্তু তেওঁলোকে বিশ্বব্যাপী সংগঠনৰ সদস্য হোৱাৰ বাবে দিনে-ৰাতিয়ে তেওঁৰ আৰাধনা কৰিছে। তেওঁলোকে কেনেকৈ দিনে-ৰাতিয়ে আৰাধনা কৰিছে? যেতিয়া পৃথিৱীৰ পশ্চিমফালে ৰাতি হয় তেতিয়া পূবফালে দিনৰ ভাগত যিহোৱাৰ উপাসকসকলে প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকে। গতিকে তেওঁলোকৰ বাবে সূৰ্য্য কেতিয়াও অস্ত নহয় বুলি কʼব পাৰি। এনে এক সময় অতি শীঘ্ৰেই আহিবলগীয়া আছে, যʼত “নিশ্বাস থকা সকলোৱেই” যিহোৱাৰ মহিমা কৰিব। (গীত ১৫০:৬) কিন্তু বৰ্তমান সময়ত আমি ব্যক্তিগতভাৱে ঈশ্বৰক মহিমা কৰিবলৈ কি কৰিব পাৰোঁ? আমি কেনে ধৰণৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সৈতে সম্মুখীন হʼব পাৰোঁ? ঈশ্বৰক মহিমা কৰোঁতাসকলে ভৱিষ্যতে কেনে আশীৰ্ব্বাদ পাব? আঁহক আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ গাদ নামৰ এটা ইস্ৰায়েলী জাতিৰ বিষয়ে বিবেচনা কৰোঁহঁক।
-