ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৯ পৃষ্ঠা ২২
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • উৎসাহজনক আৰু ইতিবাচক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • স্নেহ আৰু সহানুভূতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৯ পৃষ্ঠা ২২

অধ্যায় ১৯

হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

শাস্ত্ৰপদ

হিতোপদেশ ৩:১

সাৰাংশ: শিকা বিষয়বোৰৰ প্ৰতি মূল্যাংকন দেখুৱা আৰু সেই অনুসৰি কাৰ্য্য কৰা কিমান প্ৰয়োজন, তাক বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

ইয়াক কেনেকৈ কৰিব:

  • নিজকে পৰীক্ষা কৰিবলৈ শ্ৰোতাসকলক সহায় কৰক। শ্ৰোতাসকলক এনে কিছুমান প্ৰশ্ন সোধক, যিয়ে সেই বিষয়ৰ ওপৰত তেওঁলোকৰ অনুভূতি কি, তাক পৰীক্ষা কৰিবলৈ সহায় কৰে।

  • শ্ৰোতাসকলে কৰা ভাল কাৰ্য্যৰ বাবে প্ৰশংসা কৰক। শ্ৰোতাসকলে কিয় ভাল কাৰ্য্য কৰি আছে, তাৰ কাৰণ পৰীক্ষা কৰিবলৈ তেওঁলোকক উৎসাহিত কৰক। যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম, ভাই-ভনীসকলৰ প্ৰতি প্ৰেম আৰু বাইবেলৰ শিক্ষাৰ প্ৰতি প্ৰেম আৰু বিকশিত কৰিবলৈ তেওঁলোকক সহায় কৰক। শ্ৰোতাসকলৰ লগত যুক্তি কৰক। তেওঁলোকক ভাষণ দি নাথাকিব। লজ্জিত কৰাৰ পৰিৱৰ্তে, ভাষণৰ শেষৰফালে তেওঁলোকক উৎসাহিত আৰু ভাল কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰক।

  • যিহোৱা ঈশ্বৰলৈ ধ্যান আকৰ্ষণ কৰাওক। বাইবেলৰ শিক্ষা, সিদ্ধান্ত আৰু আজ্ঞাবোৰে কেনেকৈ যিহোৱা ঈশ্বৰৰ গুণবোৰ আৰু আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰতিফলিত কৰে, তাৰ বিষয়ে তুলি ধৰক। কোনো এটা বিষয়ৰ ওপৰত যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে, তাৰ বিষয়ে চিন্তা কৰিবলৈ আৰু তেওঁক আনন্দিত কৰা কাৰ্য্যবোৰ কৰিবলৈ শ্ৰোতাসকলক সহায় কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে লোকসকলক আকৰ্ষণ কৰে। শ্ৰোতাসকলক অনুপ্ৰাণিত কৰিবলৈ তেওঁৰ বাক্য ব্যৱহাৰ কৰক।

ঘোষণা কাৰ্য্যত

শ্ৰোতাই প্ৰকৃততে কি বিশ্বাস কৰে, তাক জানিবলৈ যদি সম্ভৱ হয়, তেওঁক কিছুমান প্ৰশ্ন সোধক। তেওঁৰ আঙ্গি-ভঙ্গি আৰু কথাৰ সুৰলৈ ধ্যান দিয়ক, যাতে আপুনি তেওঁৰ মনৰ কথা বুজিব পাৰে। কিন্তু ধৈৰ্য্য ধৰক। শ্ৰোতাই নিজৰ হৃদয়ৰ অনুভূতি প্ৰকাশ কৰাৰ আগতে, তেওঁ আপোনাৰ ওপৰত বিশ্বাস গঢ়ি তুলিবলৈ সহায় কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক