ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
    প্ৰহৰীবুৰুজ—২০০১ | ছেপ্টেম্বৰ ১
    • ইমান মান-সন্মান লাভ কৰিব পৰা নাই। (যিচয়া ৪৩:১০; ২ কৰিন্থীয়া ৪:৭; ১ পিতৰ ২:৯) এতেকে ডেকা বা বৃদ্ধ, পুৰুষ অথবা স্ত্ৰীয়েই নহওঁক কিয়, ঈশ্বৰক সেৱা কৰিবলৈ ইচ্ছা ৰখা সকলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সুযোগ দিয়া হৈছে। আপুনি এই বহুমূল্য উপহাৰ অৰ্থাৎ আনক শুভবাৰ্ত্তাৰ বিষয়ে কয় নে? কিছুমানে হয়তো নিজকে অযোগ্য বুলি ভাবি প্ৰচাৰকাৰ্য্যত ভাগ নলবও পাৰে। কিন্তু মনত ৰাখক যে যিসকলে যিহোৱাক সেৱা কৰে তেওঁ তেওঁলোকক নিজৰ পবিত্ৰ আত্মা প্ৰদান কৰে আৰু সেই শক্তিয়ে তেওঁলোকক শক্তিশালী কৰি তুলে।—যিৰিমিয়া ১:৬-৮; ২০:১.

      ১৮ যিহোৱাই এই প্ৰচাৰ কাৰ্য্যৰ বাবে অহঙ্কাৰী আৰু বলৱান লোকৰ পৰিৱৰ্তে নম্ৰ ব্যক্তিসকলক নিযুক্ত কৰিছে। (১ কৰিন্থীয়া ১:২০, ২৬-২৯) কিয়নো এনে নম্ৰমনৰ লোকসকলে প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ নিজৰ বাহুবলৰ ওপৰত নহয় কিন্তু যিহোৱাৰ সহায়ৰ ওপৰত নৰ্ভৰ কৰে। তদুপৰি, তেওঁলোকে যিহোৱাই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি প্ৰবন্ধ কৰা আধ্যাত্মিক সহায়ক মূল্যাঙ্কণ কৰে।—লূক ১২:৪২-৪৪; হিতোপদেশ ২২:৪.

      সুখী পৰিয়ালৰ জীৱন হৈছে এক উত্তম উপহাৰ

      ১৯. নিজ লʼৰা-ছোৱলীক উত্তমৰূপে প্ৰতিপালন কৰাত সফলতা লাভ কৰিবলৈ কি কাৰণসমূহে আমাক সহায় কৰিব পাৰে?

      ১৯ বিবাহ আৰু এক সুখী পৰিয়ালৰ জীৱন হৈছে ঈশ্বৰৰ পৰা পোৱা এক অত্যুত্তম উপহাৰ। (ৰূথ ১:৯; ইফিচীয়া ৩:১৪, ১৫) তদুপৰি, জন্ম হোৱা লʼৰা-ছোৱালীবিলাকো হৈছে “যিহোৱাই দিয়া আধিপত্য” আৰু যিসকল পিতৃ-মাতৃয়ে নিজ লʼৰা-ছোৱালীক ঈশ্বৰীয় শিক্ষাৰে প্ৰতিপালন কৰে, পাছলৈ সেই সন্তানে পিতৃ-মাতৃসকললৈ গৌৰৱ কঢ়িয়াই আনে। (গীতমালা ১২৭:৩) যদি আপুনি এজন পিতৃ বা মাতৃ, তেন্তে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়ক যাতে আপুনিও নিজৰ লʼৰা-ছোৱালীক তেওঁৰ শিক্ষাৰ অনুসাৰে প্ৰতিপালন কৰিব পাৰে। যিসকল পিতৃ-মাতৃয়ে তেনে কৰে তেওঁলোকে নিশ্চয়ে যিহোৱাৰ সমৰ্থন আৰু মহান আশীৰ্ব্বাদ লাভ কৰিব।—হিতোপদেশ ৩:৫, ৬; ২২:৬; ইফিচীয়া ৬:১-৪.

      ২০. যিসকল পিতৃ-মাতৃৰ লʼৰা-ছোৱালীয়ে সত্যৰ পথত চলিবলৈ ত্যাগ দিছে, তেনে পিতৃ-মাতৃসকলে কেনেধৰণৰ সমৰ্থন আশা কৰিব পাৰে?

      ২০ পিতৃ-মাতৃয়ে ঈশ্বৰীয় শিক্ষাৰ অনুসাৰে প্ৰতিপালন কৰাৰ স্বত্ত্বেও কিছুমান লʼৰা-ছোৱীলেয়ে ডেকা হোৱাৰ পাছত সত্য উপাসনা কৰিবলৈ ত্যাগ দিয়ে। (আদিপুস্তক ২৬:৩৪, ৩৫) এনে কাৰ্য্যই পিতৃ-মাতৃসকলকৰ মনত হয়তো অতিশয়ৰূপে আঘাট দিব পাৰে। (হিতোপদেশ ১৭:২১, ২৫) এনে অৱস্থাত নিৰুৎসাহিত বা আশাহীন হৈ পৰাৰ পৰিৱৰ্তে পিতৃ-মাতৃসকলে যীচুৱে দিয়া অবাধ্য পুত্ৰৰ দৃষ্টান্তৰ বিষয়ে বিবেচনা কৰিলে উত্তম হʼব। তেওঁৰ দৃষ্টান্তৰ অনুসাৰে যদিও সেই অবাধ্য পুত্ৰই ঘৰ এৰি নিজৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰে। কিন্তু পাছলৈ যেতিয়া সি মনপালটন কৰি পুনৰাই পিতৃৰ ঘৰলৈ উভটি আহে, পিতৃয়ে তেওঁক অতি আনন্দ আৰু প্ৰেমেৰে গ্ৰহণ কৰে। (লূক ১৫:১১-৩২) গতিকে যিয়েই নহওঁক কিয়, বিশ্বাসী খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিশ্চিত হʼব পাৰে যে যিহোৱাই তেওঁলোকে কৰা প্ৰেমময় প্ৰাতিপালনক বুজি পাই আৰু তেওঁ সমৰ্থন আগবঢ়োৱাত কেতিয়াও বিফল নহয়।—গীতমালা ১৪৫:১৪.

      ২১. আমি কাৰ প্ৰতি কাণ দিয়া উচিত আৰু কিয়?

      ২১ সেইবাবে আঁহক আমি সকলোৱে আমাৰ জীৱনত আৱশ্যক হোৱা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি তাক নিশ্চিত কৰোঁহঁক। আমি ভৌতিক বস্তু লাভ কৰাৰ প্ৰতি ইমানেই আগুৱাই গৈছোঁনে, যিয়ে আমাৰ আৰু নিজৰ পৰিয়ালৰ বাবে হানিকাৰক হʼব পাৰে? অথবা আমি “উত্তম দান আৰু সিদ্ধ বৰ” পাবলৈ আগবাঢ়িছোঁনে যি “জ্যোতিঃবিলাকৰ পিতৃৰ পৰা” আহে? (যাকোব ১:১৭) আনহাতে চয়তান অৰ্থাৎ ‘মিছলীয়াৰ পিতৃয়ে’ আমাক ভৌতিক বস্তুৰ ফান্দত পেলাবলৈ চেষ্টা কৰে যাতে আমি আমাৰ সুখ আৰু জীৱন দুয়োকে হেৰুৱাই পেলাওঁ। (যোহন ৮:৪৪; লূক ১২:১৫) কিন্তু যিহোৱা হৈছে আমাৰ উত্তম আৰু হিতৰ বাবে আগ্ৰহী। (যিচয়া ৪৮:১৭, ১৮) সেইবাবে আমি সকলোৱে তেওঁৰ বাক্যৰ প্ৰতি কাণ দি “যিহোৱাত হৰ্ষ” কৰোঁহঁক। (গীতমালা ৩৭:৪) যদি আমি তেনে ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেতিহʼলে যিহোৱাই আমাক প্ৰচুৰমাত্ৰাত বহুমূলীয়া উপহাৰৰ দ্বাৰা আশীৰ্ব্বাদ কৰিব, যʼত কোনো দুখ বা বেদনা নাই। (w01 9/15)

  • হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল
    প্ৰহৰীবুৰুজ—২০০১ | ছেপ্টেম্বৰ ১
    • হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল

      চয়তানে দাবী কৰি কৈছিল যে সি সমস্ত মানৱজাতিক ঈশ্বৰৰ বিপক্ষে পৰিচালিত কৰিব। এসময়ত তাৰ কথা সঁচা যেন অনুমান হৈছিল। হেবলৰ মৃত্যু হোৱাৰ প্ৰায় পাঁচ শতাব্দীৰ পাছত সকলোৱে পাহৰি গʼল যে তেওঁ এজন ঈশ্বৰৰ বিশ্বাসী সেৱক আছিল। আনহাতে পৃথিৱীৰ চাৰিওফালে পাপময় কাৰ্য্য আৰু ভক্তিহীন আচাৰ-ব্যৱহাৰ দেখা দিবলৈ ধৰিলে।

      তেনে ঘোৰ অন্ধকাৰময় পৰিস্থিতিত হানোক নামৰ এজন ব্যক্তিৰ জন্ম হয়। বাইবেলৰ ঘটনাতালিকাৰ অনুসাৰে তেওঁৰ জন্ম সা.যু.পূ. ৩৪০৪ চনত হৈছিল। কিন্তু তেওঁ সেই সময়ৰ লোকসকলৰ আচাৰ-ব্যৱহাৰৰ দৰে জীৱন যাপন নকৰি, যিহোৱাৰ এজন সত্য উপাসক হোৱাৰ পৰিচয় দিলে। সেইবাবে পাঁচনি পৌলে তেওঁক আন বিশ্বাসী খ্ৰীষ্টানসকলে প্ৰস্তুত কৰা উত্তম আৰ্হিৰ সৈতে তেওঁৰ উদাহৰণকো সন্মিলিত কৰিলে। কিন্তু হানোক কোন আছিল? তেওঁ কেনেধৰণৰ বাধাৰ সম্মুখীন হʼবলগীয়া হৈছিল? সেই বাধাবোৰৰ প্ৰতি তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? আমি তেওঁ দেখুৱা নিষ্ঠাৰ পৰা কি শিকিব পাৰোঁ?

      হানোক জন্ম হোৱা প্ৰায় চাৰি শতাব্দীৰ আগেই অৰ্থাৎ ইনোচৰ সময়ত “লোকবিলাকে যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ” ধৰিছিল। (আদিপুস্তক ৪:২৬) মানৱ ইতিহাসৰ আৰম্ভণীৰে পৰাই ঈশ্বৰৰ সেই মহান নাম ব্যৱহাৰ হৈ আহিছে। ইনোচ জীয়াই থকা সময়ছোৱাত লোকসকলে বিশ্বাস আৰু সত্য উপাসনাৰ বাবে যিহোৱাৰ নামক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এনে নহয়। এই সন্দৰ্ভত কিছুমান ইহুদী বিদ্বানে মন্তব্য দি এইদৰে কৈছিল, আদিপুস্তক ৪:২৬ পদত আমি এইদৰে পঢ়া উচিত যে লোকসকলে যিহোৱাৰ নাম “অপবিত্ৰৰূপে” বা “অশুদ্ধৰূপে” ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। লোকসকলে নিজৰ নামৰ সৈতে যিহোৱাৰ নাম বা আনক এই নাম দি সত্য উপাসনা কৰাৰ দাবী কৰিছিল। অথবা তেওঁলোকে প্ৰতিমাবোৰকো তেওঁৰ নাম দিছিল।

      ‘হানোক সত্য ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল’

      হানোক ভক্তিহীনলোকৰ মাজত জীয়াই থকাৰ স্বত্ত্বেও “ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল।” ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ পূৰ্ব্বপূৰুষ অৰ্থাৎ চেথ, ইনোচ, কৈনন, মহললেল আৰু যেৰদ আদিয়ে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলা নাছিল। কিন্তু তেওঁলোকে হানোকৰ তুল্য কাৰ্য্য কৰা নাছিল, দৰাচলতে তেওঁলোকৰ জীৱন আৰু হানোকৰ জীৱনৰ মাজত বহুত পাৰ্থক্য আছিল। তাকে ইয়াত দাঙি ধৰা হৈছে।—আদিপুস্তক ৫:৩-২৭.

      ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাৰ অৰ্থ হৈছে তেওঁৰ সৈতে ভালদৰে পৰিচিত আৰু নিবিড় সম্পৰ্ক গঢ়ি উঠা। সম্ভৱত হানোকৰ ক্ষেত্ৰত এইটো সঁচা বুলি কব পাৰি। সেইহেতুকে যিহোৱাই তেওঁৰ ভক্তিক স্বীকাৰ কৰিছিল। প্ৰকৃততে গ্ৰীক চেপ্টুৱেজেইন্টে কৈছে যে “হানোকে ঈশ্বৰক সন্তুষ্ট কৰিলে” আৰু সেই একেইধৰণে পাঁচনি পৌলেও বৰ্ণনা কৰিছিল।—আদিপুস্তক ৫:২২; ইব্ৰী ১১:৫.

      ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বজাই ৰাখিবলৈ হানোকৰ বিশ্বাসে এক মুখ্য ভূমিকা আদায় কৰিলে। ইয়াৰ বাবে তেওঁক নিশ্চয়ে ঈশ্বৰৰ ‘নাৰীৰ’ প্ৰতিজ্ঞাত ‘বংশক’ বিশ্বাস কৰিব লাগিছিল। যদি হানোকে ব্যক্তিগতভাৱে আদমৰ সৈতে পৰিচিত আছিল, তেতিয়াহʼলে ইয়ে তেওঁক প্ৰথম মানৱ দম্পতীৰ সৈতে ঈশ্বৰে কৰা আচৰণৰ বিষয়ে জানিবলৈ সহায় কৰিছিল। সেই জ্ঞানে হানোকক ‘তেওঁক বিচাৰিবলৈ’ সহায় কৰিলে—আদিপুস্তক ৩:১৫; ইব্ৰী ১১:৬, ১৩.

      হানোক আৰু আমাৰ ক্ষেত্ৰত, কেৱল জ্ঞানে যে ঈশ্বৰৰ সৈতে এক ঘনিষ্ঠ সম্বন্ধ গঢ়ি তুলিব পাৰি এনে নহয়। যদি আমি কোনো এজন ব্যক্তিৰ সৈতে থকা নিবিড় সম্বন্ধক গভীৰভাৱে মূল্যাঙ্কণ কৰোঁ, তেতিয়াহʼলে এইটো সঁচা নহʼব নে যে সেই মূল্যাঙ্কণে আমাৰ বিচাৰ-ধাৰা আৰু কাৰ্য্যত প্ৰভাৱিত কৰিব?

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক