ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ২ পৃষ্ঠা ৫
  • আলোচনা কৰাৰ পদ্ধতি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনা কৰাৰ পদ্ধতি
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • স্নেহ আৰু সহানুভূতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ২ পৃষ্ঠা ৫

অধ্যায় ২

আলোচনা কৰাৰ পদ্ধতি

শাস্ত্ৰপদ

২ কৰিন্থীয়া ২:১৭

সাৰাংশ: সহজ-সৰল আৰু আন্তৰিকতাৰে কথা-বতৰা হওক, যিয়ে প্ৰকাশ কৰিব যে আপোনাৰ আলোচনাৰ বিষয় আৰু শ্ৰোতাসকলৰ প্ৰতি আপুনি কেনে অনুভৱ কৰে।

ইয়াক কেনেকৈ কৰিব:

  • প্ৰাৰ্থনা আৰু যত্ন সহকাৰে প্ৰস্তুতি কৰক। আপুনি যাতে নিজৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে, বাৰ্ত্তাৰ ওপৰত ধ্যান দিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰক। আগবঢ়াবলগীয়া মূল বিষয়বোৰ আপুনি স্পষ্টভাৱে মনত ৰাখক। বিষয়বোৰ নিজৰ শব্দেৰে প্ৰকাশ কৰক। লিখা কথাবোৰ আখৰে আখৰে পঢ়া উচিত নহʼব।

    ব্যৱহাৰিক পৰামৰ্শ

    যদি আপুনি বাইবেল বা আন কোনো প্ৰকাশনৰপৰা পঢ়াৰ বাবে পৰিকল্পনা কৰিছে, তেনেহʼলে সেই অংশ টুকুৰাৰ লগত ভালদৰে পৰিচিত হওক। এইদৰে কৰিলে আপুনি ভালদৰে পঢ়িবলৈ সক্ষম হʼব। যদি কোনো ব্যক্তিয়ে কোৱা বাক্যৰ উদ্ধৃতি দিয়া হৈছে, তেনেহʼলে নাটকীয় আকাৰে পঢ়াৰ পৰিৱৰ্তে, ভাৱনাৰে সৈতে পঢ়ক।

  • হৃদয়ৰপৰা কওক। আপোনাৰ শ্ৰোতাসকলে বাৰ্ত্তাটো শুনাৰ কিয় প্ৰয়োজন, তাৰ বিষয়ে চিন্তা কৰক। তেওঁলোকৰ ওপৰত মনোযোগ দিয়ক। তেতিয়াহে আপোনাৰ আঙ্গি-ভঙ্গি আৰু আকাৰে-ইঙ্গিতে আন্তৰিকতা আৰু বন্ধুত্বভাব প্ৰকাশ পাব।

    ব্যৱহাৰিক পৰামৰ্শ

    সহজ-সৰল কথা কোৱাৰ অৰ্থ কৌতুক কৰি কথা কোৱা নহয়। স্পষ্টৰূপে কোৱা বাক্য আৰু সঠিক ব্যাকৰণ ব্যৱহাৰ কৰাৰ যোগেদি আপুনি বাৰ্ত্তাৰ মৰ্য্যদা বজাই ৰাখিবলৈ সক্ষম হʼব।

  • আপোনাৰ শ্ৰোতাসকললৈ চাওক। যদি চকুৱে চকুৱে চাই কথা কোৱাটো অসন্মানজনক নহয়, তেনেহʼলে শ্ৰোতাসকলৰ চকুলৈ চাই কথা কওক। ভাষণ দিয়াৰ সময়ত সকলোলৈ চকু ফুৰোৱাৰ পৰিৱৰ্তে, এবাৰত কেৱল এজন ব্যক্তিকহে চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক