অধ্যায় ১৬
উৎসাহজনক আৰু ইতিবাচক
ইয়োব ১৬:৫
সাৰাংশ: সেই বিষয়বোৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক, যিয়ে পৰিস্থিতি উন্নতি কৰিব আৰু শ্ৰোতাসকলে বেছিকৈ কৰিবলৈ অনুপ্ৰাণিত হʼব।
ইয়াক কেনেকৈ কৰিব:
শ্ৰোতাসকলৰ ইতিবাচক দিশবোৰ চাবলৈ চেষ্টা কৰক। আপোনাৰ সংগী বিশ্বাসীসকলেও যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে বুলি ভৰসা ৰাখক। কেতিয়াবা কেতিয়াবা পৰামৰ্শ আগবঢ়োৱাৰ প্ৰয়োজন আছে, কিন্তু যিমান সম্ভৱ হয়, হৃদয়ৰপৰা প্ৰশংসা কৰক।
নেতিবাচক বিষয়বোৰ কম কৰক। যদি নেতিবাচক বিষয়ে এক উদ্দেশ্য পূৰ কৰাত সহায় কৰে, কেৱল তেতিয়াহে ব্যৱহাৰ কৰক। গোটেই সময়ছোৱাত আপুনি আগবঢ়োৱা ভাষণটো ইতিবাচক হোৱা উচিত।
ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক। যিহোৱা ঈশ্বৰে মানৱজাতিৰ বাবে কি কৰিলে, কি কৰিছে আৰু ভৱিষ্যতে কি কৰিব, তাৰ ওপৰত ধ্যান আকৰ্ষণ কৰাওক। শ্ৰোতাসকলক আশা দিয়ক আৰু সাহস প্ৰদান কৰক।