ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ১৭
  • যীচুৰ কি কি গুণ আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ কি কি গুণ আছে?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • যীচু কোন হয়?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচুৱে পৃথিৱীত কি কি কাম কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “মই তোমালোকক বন্ধু বুলিলোঁ”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ১৭
পাঠ ১৭. যীচুৱে এজন বেমাৰী ব্যক্তিক সুস্থ কৰিছে।

পাঠ ১৭

যীচুৰ কি কি গুণ আছে?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

পৃথিৱীলৈ আহি যীচুৱে যিবোৰ কথা কৈছিল আৰু যিদৰে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, তাৰপৰা আমি জানিব পাৰোঁ তেওঁৰ কি কি গুণ আছে। ইয়ে আমাক যীচু আৰু যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ সহায় কৰে। যীচুৰ কি কি গুণ আছে আৰু সেই গুণবোৰ আমি কেনেকৈ বঢ়াব পাৰোঁ? আহক চাওঁ।

১. যীচু কেনেকৈ নিজৰ পিতৃৰ দৰে হয়?

যীচুৱে কোটি কোটি বছৰ ধৰি নিজৰ পিতৃৰ লগত স্বৰ্গত আছিল। তাত তেওঁ নিজৰ পিতৃৰপৰা বহুতো কথা শিকিছে। তেওঁ নিজৰ পিতৃৰ দৰে চিন্তা কৰে আৰু লোকসকলৰ লগত ব্যৱহাৰ কৰে। (যোহন ৫:১৯ পঢ়ক।) সেইবাবে, তেওঁ এইদৰে কৈছিল, “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহন ১৪:৯) আমি যীচুৰ বিষয়ে যিমানেই জানিম, সিমানেই যিহোৱাৰ বিষয়ে ভালদৰে জানিব পাৰিম। উদাহৰণস্বৰূপে, যীচুৱে লোকসকলৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। গতিকে আমি কʼব পাৰোঁ যে যিহোৱাও আমাক প্ৰেম কৰে আৰু আমাৰ বিষয়ে চিন্তা কৰে।

২. যীচুৱে কেনেকৈ দেখুৱালে যে তেওঁ যিহোৱাক প্ৰেম কৰে?

যীচুৱে এইদৰে কৈছিল, “মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক আজ্ঞা দিয়াৰ দৰে যে কৰ্ম্ম কৰোঁ, ইয়াকে জগতে” জানিব পাৰে। (যোহন ১৪:৩১) যীচুৱে নিজৰ পিতৃক প্ৰেম কৰিছিল, সেইবাবে কঠিন হোৱাৰ সত্ত্বেও তেওঁৰ আজ্ঞা পালন কৰিছিল। যীচুৱে লোকসকলক যিহোৱাৰ বিষয়ে জনাই ভাল পাইছিল আৰু যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ তেওঁ লোকসকলক সহায় কৰিছিল।—যোহন ১৪:২৩.

৩. যীচুৱে কেনেকৈ দেখুৱালে যে তেওঁ লোকসকলক প্ৰেম কৰে?

বাইবেলত উল্লেখ আছে যে যীচুৱে লোকসকলক প্ৰেম কৰে। (হিতোপদেশ ৮:৩১) তেওঁ কি কি কামৰ যোগেদি প্ৰমাণ কৰিলে যে তেওঁ লোকসকলক প্ৰেম কৰে? তেওঁ লোকসকলক উৎসাহিত কৰিছিল, নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰিছিল আৰু তেওঁলোকক সহায় কৰিছিল। তেওঁ কেৱল নিজৰ শক্তি দেখুৱাবলৈ আচৰিত কাম কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ লোকসকলৰ দুখ-কষ্ট বুজি পাইছিল, সেইবাবে তেওঁ বহুতো আচৰিত কাম কৰিছিল। (মাৰ্ক ১:৪০-৪২) তেওঁ লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল আৰু কাৰো লগত পক্ষপাত কৰা নাছিল। তেওঁ লোকসকলক শান্ত্বনা আৰু আশা দিছিল। যীচুৱে লোকসকলক প্ৰেম কৰাৰ বাবে নিজৰ জীৱন বলিদান দিলে। যিসকলে তেওঁৰ শিক্ষা পালন কৰে, তেওঁলোকক যীচু আজিও প্ৰেম কৰে।—যোহন ১৫:১৩, ১৪ পঢ়ক।

গভীৰভাৱে ধ্যান কৰক

যীচুৰ আৰু কি কি গুণ আছে? আমি যীচুৰ দৰে লোকসকলক কেনেকৈ প্ৰেম কৰিব পাৰোঁ আৰু তেওঁলোকক সহায় কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যীচুৱে নিজৰ পিতৃক প্ৰেম কৰে

আমি লোকসকলক কেনেকৈ প্ৰেম কৰিব পাৰোঁ, এই বিষয়ে আমি যীচুৰপৰা শিকিব পাৰোঁ। লূক ৬:১২ আৰু যোহন ১৫:১০; ১৭:২৬ পঢ়ক। প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যীচুৰ দৰে যদি যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম থাকে, তেনেহʼলে আমি কি কৰিম?

যীচুৱে প্ৰাৰ্থনা কৰিছে।

যীচুৱে নিজৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু সদায় তেওঁলৈ প্ৰাৰ্থনা কৰিছিল

৫. যীচুৱে লোকসকলৰ বিষয়ে চিন্তা কৰে

যীচুৱে নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ ভাগৰি পৰাৰ সত্ত্বেও আনৰ বাবে সময় উলিয়াইছিল আৰু তেওঁলোকক সহায় কৰিছিল। মাৰ্ক ৬:৩০-৪৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যীচুৱে লোকসকলক প্ৰেম কৰিছিল বুলি কি কি উপায়েৰে দেখুৱাইছিল?—পদ ৩১, ৩৪, ৪১ আৰু ৪২ চাওক।

  • যীচুৱে লোকসকলক কিয় সহায় কৰিছিল?—পদ ৩৪ চাওক।

  • যিহোৱাৰ গুণবোৰ যীচুৰ মাজতো আছে, তেনেহʼলে ইয়াৰপৰা আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

  • যীচুৰ দৰে আমিও আনৰ বিষয়ে কেনেকৈ চিন্তা কৰিব পাৰোঁ?

যীচুৱে আচৰিত কাম কৰি পাঁচখন ৰুটি আৰু দুটা মাছেৰে হাজাৰ হাজাৰ লোকক খাবলৈ দিছে। তেওঁৰ শিষ্যসকলে পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীৰ মাজত ভগাই দিছে।

৬. যীচুৱে দান কৰি ভাল পাইছিল

যীচু ইমান ধনী নাছিল, তথাপিও তেওঁৰ ওচৰত যি আছিল, সেইবোৰ তেওঁ আনকো দি সহায় কৰিছিল। যীচুৱে আমাকো এইদৰে কৰিবলৈ উৎসাহিত কৰিছে। পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি কি কৰিলে আনন্দিত হʼম?

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য”—এক আভাস (৪:০০)

  • আমাৰ ওচৰত বেছি বস্তু নাথাকিলেও আমি কি কি উপায়েৰে আনক সহায় কৰিব পাৰোঁ?

আপুনি জানেনে?

বাইবেলত উল্লেখ আছে যে আমি যীচুৰ নামেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। (যোহন ১৬:২৩, ২৪ পঢ়ক।) যীচুৱে আমাৰ বাবে বহুতো কাম কৰিছে যাতে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ। যীচুৰ নামেৰে প্ৰাৰ্থনা কৰি আমি দেখুৱাওঁ যে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ।

কিছুমান লোকে কয়: “ঈশ্বৰে আমাৰ বিষয়ে চিন্তাই নকৰে।”

  • যীচু নিজৰ পিতৃৰ দৰে হয়। গতিকে তেওঁ আমাৰ বাবে যি কৰিলে, তাৰপৰা আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ?

আমি কি শিকিলোঁ

যিহোৱা আৰু লোকসকলক যীচুৱে প্ৰেম কৰে। তেওঁ নিজৰ পিতৃৰ দৰে হয়। সেইবাবে, যিমানেই আমি যীচুৰ বিষয়ে জানিম, সিমানেই আমি যিহোৱাৰ বিষয়ে জানিব পাৰিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৰ দৰে যদি যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম থাকে, তেনেহʼলে আমি কি কৰিম?

  • আমি যীচুৰ দৰে লোকসকলক কেনেকৈ প্ৰেম কৰিব পাৰোঁ?

  • যীচুৰ কোনটো গুণ আপোনাক বেছিকৈ ভাল লাগে?

লক্ষ্য

বেছিকৈ জানক

যীচুৰ এনে কিছুমান গুণৰ বিষয়ে জানক, যিবোৰ গুণ আমি বঢ়াব পাৰোঁ।

“যীচুক অনুকৰণ কৰক” (যীচু—পথ, সত্য আৰু জীৱন, পৃষ্ঠা ৩১৭)

যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমি যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত। আহক চাওঁ।

“আমি যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?” (প্ৰহৰীদুৰ্গ লেখ)

যীচু দেখাত কেনেকুৱা আছিল, তাৰ বিষয়ে বাইবেলত লিখা আছেনে?

“যীচু দেখাত কেনেকুৱা আছিল?” (ৱেবছাইটত দিয়া লেখ)

যীচুৱে তিৰোতাসকলক সন্মান কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

“ঈশ্বৰে তিৰোতাসকলক সন্মান কৰে” (প্ৰহৰীদুৰ্গ লেখ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক