ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
    • ইয়োবৰ গোটেই শৰীৰত বিহফোঁহোৰা বা খহু হৈছে আৰু তিনিজন ব্যক্তিয়ে তেওঁক চাবলৈ আহিছে

      পাঠ ১৬

      ইয়োব কোন আছিল?

      ঊচ দেশত ইয়োব নামৰ এজন ব্যক্তি আছিল, তেওঁ যিহোৱাৰ উপাসনা কৰিছিল। তেওঁ বহুত ধনী আছিল আৰু তেওঁৰ এটা ডাঙৰ পৰিয়াল আছিল। তেওঁ এজন ভাল মানুহ আছিল, যিজনে দুখীয়া আৰু এনে তিৰোতাসকলক সহায় কৰিছিল, যিসকলৰ স্বামী ঢুকাই গৈছিল। তেওঁ এনে লʼৰা-ছোৱালীকো সহায় কৰিছিল, যিসকলৰ মা-দেউতা নাই। সদায় সঠিক কাম কৰাৰ কাৰণে তেওঁৰ ওপৰত কেতিয়াও কোনো সমস্যা অহা নাছিল নে?

      চয়তান

      চয়তানে ইয়োবক চাই আছিল, কিন্তু এই কথা ইয়োবে জনা নাছিল। যিহোৱাই চয়তানক কʼলে, ‘তই মোৰ সেৱক ইয়োবলৈ ধ্যান দিছ নে? তাৰ নিচিনা এই পৃথিৱীত কোনো নাই। তেওঁ মোৰ কথা শুনে আৰু সঠিক কাম কৰে।’ চয়তানে যিহোৱাক কʼলে, ‘সি এনেই আপোনাৰ কথা কিয় শুনিব? আপুনিতো তাক বচাইছে আৰু আশীৰ্বাদ দিছে আৰু আপুনি তাক মাটি-বাৰী আৰু বহুতো জীৱ-জন্তু দিছে। সেইবোৰ লৈ লওক, তাৰ পাছত চাব! সি আপোনাৰ সেৱা কৰিবলৈ এৰি দিব।’ যিহোৱাই কʼলে, ‘তই ইয়োবৰ পৰীক্ষা লʼব পাৰ, কিন্তু তাৰ জীৱন নʼলবি।’ যিহোৱাই চয়তানক ইয়োবৰ পৰীক্ষা লʼবলৈ কিয় দিলে? কিয়নো তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে ইয়োবে তেওঁৰ সেৱা কৰিবলৈ কেতিয়াও নেৰিব।

      চয়তানে ইয়োবৰ পৰীক্ষা লʼবলৈ তাৰ ওপৰত বহুতো সমস্যা আনিলে। প্ৰথমে চয়তানে চিবায়ীয়াসকলক পঠিয়ালে, যিসকলে ইয়োবৰ গৰু আৰু গাধবোৰ চুৰ কৰি নিলে। তাৰ পাছত ওপৰৰ পৰা জুই পৰাৰ কাৰণে তেওঁৰ ভেড়াবোৰ মৰি থাকিল। ইয়াৰ পাছত কলদীয়াসকলে তেওঁৰ উটবোৰ চুৰ কৰি লৈ গʼল আৰু সেই জন্তুবোৰ চোৱা-চিতা কৰা সেৱকসকলকো মাৰি পেলোৱা হʼল। তাৰ পাছত ইয়োবৰ ওপৰত বহুত ডাঙৰ সমস্যা আহি পৰিল। তেওঁৰ লʼৰা-ছোৱালীবিলাকে যিখন ঘৰত খোৱা-বোৱা কৰিছিল, সেই ঘৰখন তেওঁলোকৰ ওপৰত পৰি গʼল, যাৰ বাবে তেওঁলোক মৰি গʼল। ইয়োবৰ বহুত দুখ লাগিল, তথাপিও তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ নেৰিলে।

      চয়তানে ইয়োবক আৰু দুখ দিব বিচাৰিছিল, সেইবাবে তেওঁৰ গোটেই শৰীৰত বিহফোঁহোৰা বা খহু দিলে। ইয়াৰ বাবে ইয়োবে বহুত কষ্ট ভুগিব লগা হʼল। ইয়োবে জনা নাছিল যে তেওঁৰ লগত এইদৰে কিয় হৈ আছে। তথাপিও তেওঁ যিহোৱাৰ সেৱা কৰি থাকিল। এয়া দেখি ঈশ্বৰে ইয়োবৰ পৰা বহুত আনন্দিত হʼল।

      ইয়াৰ পাছত চয়তানে ইয়োবৰ পৰীক্ষা লʼবলৈ তেওঁৰ ওচৰলৈ তিনিজন মানুহ পঠিয়ালে। তেওঁলোকে ইয়োবক কʼলে, ‘তুমি নিশ্চয় লুকাই লুকাই কিবা পাপ কৰিছা, যাৰ কাৰণে ঈশ্বৰে তোমাক শাস্তি দি আছে।’ কিন্তু ইয়োবে কʼলে, ‘মই একো ভুল কাম কৰা নাই।’ তাৰ পাছত ইয়োবে ভাবিবলৈ ধৰিলে যে যিহোৱাই তেওঁৰ ওপৰত এইসমস্যাবোৰ আনিছে আৰু তেওঁ কʼলে ঈশ্বৰে মোৰ লগত অন্যায় কৰি আছে।

      ইলীহূ নামৰ এজন ডেকাই তেওঁলোকৰ কথা মনে মনে শুনি আছিল। তাৰ পাছত ইলীহূৱে কʼলে, ‘তোমালোকে যি কৈছা, সেই সকলো ভুল হয়। যিহোৱা মহান হয়। তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। তেওঁ সকলো চাই আছে আৰু লোকসকলক দুখ-কষ্ট সহন কৰিবলৈ সহায় কৰে।’

      ইয়োব আৰু তেওঁৰ পত্নী আৰু তেওঁলোকৰ ওচৰত এজন সৰু লʼৰা আছে

      তাৰ পাছত যিহোৱাই ইয়োবৰ লগত কথা পাতিলে। যিহোৱাই কʼলে, ‘মই আকাশ আৰু পৃথিৱী বনাওঁতে তুমি কʼত আছিলা? তুমি কিয় কৈ আছা মই তোমাৰ লগত অন্যায় কৰিছোঁ? এইবোৰ কিয় হৈ আছে তুমি নাজানা, তথাপিও তুমি কৈ আছা।’ তেতিয়া ইয়োবে কʼলে, ‘মই যি কʼলোঁ, সেয়া ভুল হয়। মই তোমাৰ বিষয়ে শুনিছিলোঁ, কিন্তু এতিয়া মই সঁচাকৈ তোমাৰ বিষয়ে জানিব পাৰিলোঁ। তুমি যি বিচাৰা, সেয়া কৰিব পাৰা। মই যি কʼলোঁ, তাৰ কাৰণে মোক ক্ষমা কৰি দিয়া।’

      যেতিয়া ইয়োবৰ পৰীক্ষা শেষ হʼল, তেতিয়া যিহোৱাই তেওঁৰ বেমাৰ ভাল কৰিলে আৰু তেওঁৰ ওচৰত আগতে যি আছিল, তাতকৈ বহুত বেছি তেওঁক দিলে। তেওঁ বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁ জীৱনত বহুত আনন্দ পালে। ইয়োবে সমস্যাৰ সময়তো যিহোৱাৰ কথা শুনিলে। সেইবাবে, যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। জীৱনত যিয়েই দুখ-কষ্ট সহন কৰিবলগীয়া নহওক কিয়, তুমিও ইয়োবৰ দৰে যিহোৱাৰ উপাসনা কৰি থাকিবা নে?

      “তোমালোকে শুনিছা যে ইয়োবে কেনেকৈ ধৈৰ্য ধৰিছিল আৰু যিহোৱাই তেওঁক কি পুৰস্কাৰ দিছিল।”—যাকোব ৫:১১

      প্ৰশ্ন: চয়তানে ইয়োবৰ পৰীক্ষা কেনেকৈ লʼলে? যিহোৱাই ইয়োবক কি কি আশীৰ্বাদ দিলে?

      ইয়োব ১:১–৩:২৬; ৪:৭; ৩২:১-৫; ৩৪:৫, ২১; ৩৫:২; ৩৬:১৫, ২৬; ৩৮:১-৭; ৪০:৮; ৪২:১-১৭

  • মোচিয়ে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলে
    বাইবেলৰ পৰা শিকোঁ আহা
    • ফৰৌণৰ ছোৱালীয়ে কেঁচুৱা মোচিক পালে আৰু মিৰিয়মে থিয় হৈ ওচৰৰ পৰা চাই আছে

      পাঠ ১৭

      মোচিয়ে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলে

      মিচৰ দেশত যাকোবৰ পৰিয়ালক ইস্ৰায়েলী বুলি কোৱা হৈছিল। যাকোব আৰু যোচেফৰ মৃত্যুৰ পাছত মিচৰ দেশত নতুন ফৰৌণে শাসন কৰিবলৈ ধৰিলে। মিচৰৰ লোকসকলতকৈ ইস্ৰায়েলীসকল শক্তিশালী হʼব বুলি ফৰৌণৰ ভয় আছিল। সেইবাবে, তেওঁ ইস্ৰায়েলীসকলক দাস বনাই লʼলে। তেওঁ ইস্ৰায়েলীসকলক জোৰ কৰি ইটা বনোৱাৰ কাম কৰালে আৰু খেতিত বহুত পৰিশ্ৰম কৰালে। মিচৰৰ লোকসকলে ইস্ৰায়েলীসকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, তথাপি ইস্ৰায়েলীসকলৰ সংখ্যা বাঢ়ি গৈ থাকিল। ফৰৌণক এই কথা ভাল নালাগিল, সেইবাবে এতিয়াৰ পৰা ইস্ৰায়েলীসকলৰ জন্ম হোৱা সকলো লʼৰা সন্তানক মাৰি পেলাবলৈ ফৰৌণে আদেশ দিলে। তুমি ভাবি চোৱাচোন এই কথা শুনি ইস্ৰায়েলীসকলৰ কিমান ভয় লাগিল?

      যোকেবদ নামৰ এগৰাকী ইস্ৰায়েলী তিৰোতাৰ এটি লʼৰা জন্ম হʼল, সেই লʼৰাটি বহুত ধুনীয়া আছিল। তেওঁ নিজৰ লʼৰাটিক বচাবলৈ তাক এটা টুকুৰীত ভৰাই দিলে আৰু টুকুৰীটো নীল নদীৰ নলখাগৰি অৰ্থাৎ দীঘল দীঘল ঘাঁহৰ মাজত লুকুৱাই থʼলে। কেঁচুৱাটিৰ লগত কি হʼব, সেয়া জানিবলৈ তাৰ বায়েক মিৰিয়মে ওচৰতে থিয় হৈ আছিল।

      ফৰৌণৰ ছোৱালীজনীয়ে তাত গা ধুবলৈ আহিলে আৰু টুকুৰীটো দেখা পালে। টুকুৰীটোত তাই দেখিলে যে এটি কেঁচুৱাই কান্দি আছে। কেঁচুৱাটিক দেখি তাইৰ দয়া লাগিল। মিৰিয়মে তাইক সুধিলে, ‘মই ইয়াৰ কাৰণে এগৰাকী তিৰোতাক মাতি আনিম নে, যিগৰাকীয়ে ইয়াক গাখীৰ খুৱাই ইয়াৰ চোৱা-চিতা কৰিব?’ ফৰৌণৰ ছোৱালীজনীয়ে কʼলে, ‘ঠিক আছে।’ মিৰিয়ম গʼল আৰু নিজৰ মা যোকেবদক মাতি আনিলে। ফৰৌণৰ ছোৱালীজনীয়ে যোকেবদক কʼলে, ‘তুমি এই কেঁচুৱাটিক লৈ যোৱা আৰু গাখীৰ খুৱাই ইয়াৰ চোৱা-চিতা কৰা। মই তোমাক ইয়াৰ দৰমহা দিম।’

      মোচিয়ে পলাই আছে

      লʼৰাজন ডাঙৰ হোৱাৰ পাছত যোকেবদে তাক ফৰৌণৰ ছোৱালীৰ ওচৰলৈ লৈ গʼল। ফৰৌণৰ ছোৱালীজনীয়ে তাৰ নাম মোচি ৰাখিলে আৰু নিজৰ লʼৰাৰ দৰে ডাঙৰ-দীঘল কৰিলে। মোচি, ৰাজকোঁৱৰৰ দৰে ডাঙৰ-দীঘল হʼল। তেওঁ যি বিচাৰে, সেই সকলো পালেহেঁতেন। কিন্তু মোচিয়ে যিহোৱাক কেতিয়াও পাহৰি নগʼল। তেওঁ জানিছিল যে তেওঁ এজন মিচৰীয়া নহয়, ইয়াৰ পৰিৱৰ্তে ইস্ৰায়েলী হয়। সেইবাবে, তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে।

      যেতিয়া মোচি ৪০ বছৰৰ হʼল, তেতিয়া তেওঁ ভাবিলে যে তেওঁ নিজৰ লোকসকলক সহায় কৰিব। যেতিয়া মোচিয়ে এজন মিচৰীয়া মানুহে এজন ইস্ৰায়েলী দাসক মাৰি থকা দেখিলে, তেতিয়া তেওঁ সেই মিচৰীয়াজনক ইমানেই জোৰকৈ মাৰিলে যে তেওঁ মৰি থাকিল। মোচিয়ে তাৰ মৃতদেহ বালিত লুকুৱাই থʼলে। এই কথা ফৰৌণে গʼম পালে আৰু মোচিক মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু মোচিয়ে তাৰ পৰা পলাই মিদিয়ন দেশলৈ গুচি গʼল। তাত যিহোৱাই তেওঁৰ চোৱা-চিতা কৰিলে।

      “বিশ্বাসৰ কাৰণেই মোচিয়ে . . . ফৰৌণৰ ছোৱালীৰ লʼৰা বুলি পৰিচিত হʼবলৈ অস্বীকাৰ কৰিলে। আৰু . . . ঈশ্বৰৰ লোকসকলৰ লগত দুখভোগ কৰিবলৈ বাছনি কৰিলে।”—ইব্ৰী ১১:২৪, ২৫

      প্ৰশ্ন: মিচৰ দেশত ইস্ৰায়েলীসকলৰ লগত কি হʼল? মোচিয়ে মিচৰৰ পৰা কিয় পলাই গʼল?

      আদিপুস্তক ৪৯:৩৩; যাত্ৰাপুস্তক ১:১-১৪, ২২; ২:১-১৫; পাঁচনিৰ কৰ্ম্ম ৭:১৭-২৯; ইব্ৰী ১১:২৩-২৭

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক