-
পাছৰ ছটা বিপত্তিবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ২০
পাছৰ ছটা বিপত্তি
হাৰোণ আৰু মোচিয়ে ঈশ্বৰৰ এই বাৰ্তা ফৰৌণক শুনালে, ‘তুমি যদি মোৰ লোকসকলক যাবলৈ নিদিয়া, তেনেহʼলে মই গোটেই দেশত তেজ খোৱা মাখি পঠাম।’ তাৰ পাছত মিচৰীয়াসকলৰ ধনী-দুখীয়া সকলোৰে ঘৰত জাকে জাকে মাখিৰে ভৰি পৰিল। এইদৰে গোটেই দেশত তেজ খোৱা মাখিৰে ভৰি পৰিল। কিন্তু ইস্ৰায়েলীসকলে থকা গোচন দেশত এজনীও মাখি নাছিল। এই চতুৰ্থ বিপত্তি আৰু ইয়াৰ পাছত যিমান বিপত্তি আহিলে, তাৰ পৰা কেৱল মিচৰীয়াসকলৰেই ক্ষতি হʼল। ফৰৌণে কʼলে, ‘তেজ খোৱা মাখি নাইকিয়া কৰিবলৈ যিহোৱালৈ মিনতি কৰা, তেতিয়াহে তোমালোকে যাব পাৰিবা।’ কিন্তু যেতিয়া যিহোৱাই মাখিবোৰ নাইকিয়া কৰি দিলে, তেতিয়া ফৰৌণে নিজৰ মন আকৌ সলনি কৰিলে। ইয়াৰ পাছতো ফৰৌণে কিবা শিক্ষা শিকিলে নে?
যিহোৱাই কʼলে, ‘যদি ফৰৌণে মোৰ লোকসকলক যাবলৈ নিদিয়ে, তেনেহʼলে মিচৰীয়াবিলাকৰ জীৱ-জন্তুবোৰ বেমাৰ হৈ মৰি যাব।’ আৰু পাছ দিনাখন এইদৰেই হʼল। তেওঁলোকৰ জীৱ-জন্তুবোৰ মৰিবলৈ ধৰিলে, কিন্তু ইস্ৰায়েলীসকলৰ জীৱ-জন্তুবোৰৰ একো নহʼল। তথাপি ফৰৌণে নিজৰ কথাতে লাগি থাকিল।
তাৰ পাছত যিহোৱাই মোচিক আকৌ ফৰৌণৰ ওচৰলৈ পঠালে আৰু তেওঁৰ আগত বতাহত ছাই উৰুৱাবলৈ কʼলে। মোচিয়ে যেতিয়া এইদৰে কৰিলে, তেতিয়া গোটেই ছাই ধূলিলৈ সলনি হʼল আৰু গোটেই মিচৰত বিয়পি গʼল। ইয়াৰ কাৰণে সকলো মিচৰীয়া আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰৰ ঘা হʼবলৈ ধৰিলে আৰু তেওঁলোকৰ বহুত বিষ হʼবলৈ ধৰিলে। ইয়াৰ পাছতো ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ নিদিলে।
যিহোৱাই মোচিক ফৰৌণৰ ওচৰলৈ গৈ এইদৰে কʼবলৈ কʼলে, ‘তুমি এতিয়াও মোৰ লোকসকলক এৰি নিদিয়া নে? সেইবাবে, কাইলৈ এই দেশত ডাঙৰ ডাঙৰ শিল বৰষুণ হʼব।’ পাছ দিনাখন যিহোৱাই গৰ্জনৰ সৈতে ডাঙৰ ডাঙৰ শিল আৰু জুই পেলালে। মিচৰত ইয়াৰ আগতে কেতিয়াও এনে ধৰণৰ ভয়ানক ধুমুহা অহা নাছিল। মিচৰৰ গোটেই গছ আৰু শস্যবোৰ নষ্ট হৈ গʼল। কিন্তু গোচনত শিল বৰষুণ নহʼল। ফৰৌণে কʼলে, ‘এই বিপত্তি বন্ধ হʼবলৈ যিহোৱালৈ মিনতি কৰা! তেতিয়াহে তোমালোকে যাবলৈ পাবা।’ কিন্তু শিল বৰষুণ বন্ধ হোৱাৰ লগে লগে ফৰৌণে নিজৰ কথা সলনি কৰিলে।
মোচিয়ে কʼলে, ‘এতিয়া কাকতী-ফৰিং আহিব আৰু শিল বৰষুণৰ পৰা যিবোৰ গছ বাচি গৈছিল, সেইবোৰ খাই পেলাব।’ লাখ লাখ কাকতী-ফৰিং আহি পথাৰ আৰু গছত যিবোৰ বাচি গৈছিল, সেইবোৰ খাই শেষ কৰি দিলে। ফৰৌণে কʼলে, ‘যিহোৱালৈ মিনতি কৰা যাতে তেওঁ এই কাকতী-ফৰিঙবোৰ নাইকিয়া কৰি দিয়ে।’ যিহোৱাই কাকতী-ফৰিঙবোৰ নাইকিয়া কৰি দিলে। কিন্তু ফৰৌণে নিজৰ কথাতে লাগি থাকিল।
যিহোৱাই মোচিক কʼলে, ‘নিজৰ হাতখন আকাশলৈ আগবঢ়াই দিয়া।’ এইদৰে কৰাৰ লগে লগে অন্ধকাৰ হৈ পৰিল। তিনি দিনলৈকে মিচৰীয়াসকলে একো দেখা পোৱা নাছিল, আনকি এজনে-আনজনকো দেখা পোৱা নাছিল। কেৱল ইস্ৰায়েলীসকলৰ ঘৰত পোহৰ আছিল।
তাৰ পাছত ফৰৌণে মোচিক কʼলে, ‘তুমি আৰু তোমাৰ লোকসকলে যাব পাৰা। কিন্তু নিজৰ জীৱ-জন্তুবোৰক লৈ নাযাবা।’ মোচিয়ে কʼলে, ‘আমি জীৱ-জন্তুবোৰক লৈ যাব লাগিব যাতে আমি নিজৰ ঈশ্বৰক সেইবোৰৰ বলিদান আগবঢ়াব পাৰোঁ।’ এই কথা শুনি ফৰৌণৰ বহুত খং উঠিল আৰু তেওঁ চিঞৰি মোচিক কʼলে, ‘তই ইয়াৰ পৰা গুচি যা! তই যদি মোৰ ওচৰলৈ আকৌ আহ, তেনেহʼলে মই তোক মাৰি পেলাম।’
“তোমালোকে আকৌ এবাৰ কোন ভাল হয় আৰু কোন দুষ্ট, কোনে ঈশ্বৰৰ সেৱা কৰে আৰু কোনে নকৰে, তাৰ পাৰ্থক্য দেখিবলৈ পাবা।”—মলাখী ৩:১৮ NWT
-
-
দশম বিপত্তিবাইবেলৰ পৰা শিকোঁ আহা
-
-
পাঠ ২১
দশম বিপত্তি
মোচিয়ে ফৰৌণক কথা দিলে যে তেওঁ ফৰৌণৰ ওচৰলৈ আকৌ কেতিয়াও নাযাব। কিন্তু মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা যোৱাৰ আগতে তেওঁ এইদৰে কʼলে, ‘আজি মাজৰাতি মিচৰৰ সকলো পৰিয়ালৰ প্ৰথম লʼৰা মৰি যাব। ফৰৌণৰ লʼৰাৰ পৰা লৈ দাসবিলাকৰ লʼৰাও মৰি যাব।’
যিহোৱাই ইস্ৰায়েলীসকলক এক বিশেষ ধৰণৰ আহাৰ খাবলৈ কʼলে। তেওঁ কʼলে, ‘এবছৰীয়া মতা ভেড়া পোৱালি বা এবছৰীয়া ছাগলী কাটিবা আৰু তাৰ তেজ ঘৰৰ চৌকাঠত লগাবা। তাৰ মাংস ভাজি খমিৰ নোহোৱা ৰুটিৰ লগত খাবা। তোমালোকে কাপোৰ আৰু জোতা পিন্ধি সাজু হৈ থাকিবা। আজি ৰাতি মই তোমালোকক মুকলি কৰিম।’ ভাবাচোন, ইস্ৰায়েলীসকলে এই কথা শুনি কিমান আনন্দিত হৈছিল!
মাজৰাতি মিচৰীয়াসকলৰ সকলো ঘৰৰ ওচৰত যিহোৱাৰ এজন স্বৰ্গদূত আহিল আৰু যিবোৰ ঘৰৰ চৌকাঠত তেজ লগোৱা নাছিল, সেইবোৰ ঘৰৰ প্ৰথম লʼৰাটোক স্বৰ্গদূতজনে মাৰি পেলালে। কিন্তু যিবোৰ ঘৰৰ চৌকাঠত তেজ লগোৱা আছিল, সেই পৰিয়ালক স্বৰ্গদূতে একো নকৰিলে। মিচৰীয়াসকলৰ ধনী-দুখীয়া সকলো পৰিয়ালৰ এটাকৈ লʼৰা মৰি গʼল। কিন্তু ইস্ৰায়েলীসকলৰ এটাও লʼৰা নমৰিল।
আনকি ফৰৌণৰ লʼৰাটোও মৰি গʼল। ইয়াৰ পাছত ফৰৌণে মানি লʼলে আৰু তেওঁ লগে লগে মোচি আৰু হাৰোণক কʼলে, ‘তোমালোকে ইয়াৰ পৰা গুচি যোৱা আৰু গৈ নিজৰ ঈশ্বৰৰ উপাসনা কৰা। লগতে নিজৰ জীৱ-জন্তুবোৰকো লৈ যোৱা!’
সেই ৰাতি জোন সম্পূৰ্ণৰূপে ওলাইছিল। তাৰ পোহৰত ইস্ৰায়েলীসকলে মিচৰৰ পৰা ওলাই গʼল। তেওঁলোকে ভাল ব্যৱস্থা কৰিছিল। তেওঁলোক সকলোৱে নিজৰ নিজৰ পৰিয়াল আৰু গোষ্ঠী অৰ্থাৎ সম্বন্ধীয় লোকসকলৰ লগত দল হৈ তাৰ পৰা ওলাই গʼল। ইস্ৰায়েলী পুৰুষসকলৰ সংখ্যা আছিল ৬ লাখ। ইয়াৰ উপৰিও, বহুতো তিৰোতা আৰু লʼৰা-ছোৱালী আছিল। ইস্ৰায়েলীসকলৰ লগত আন বহুতো লোকো গʼল, কিয়নো তেওঁলোকেও যিহোৱাৰ উপাসনা কৰিব বিচাৰিছিল। এইদৰে ইস্ৰায়েলীসকল মুকলি হʼল!
ইস্ৰায়েলীসকলে বছৰত এদিন সেই বিশেষ ধৰণৰ আহাৰ খাইছিল যাতে তেওঁলোকে মনত পেলাব পাৰে যে যিহোৱাই তেওঁলোকক কেনেকৈ বচাইছিল। সেই আহাৰক নিস্তাৰ-পৰ্বৰ আহাৰ বুলি কোৱা হৈছিল।
“মই নিজৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত নিজৰ নাম ঘোষণা কৰিবলৈ তোমাক আজিলৈকে জীয়াই ৰাখিছোঁ।”—ৰোমীয়া ৯:১৭
-